🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
এখন হাতৰ পাঁচোটা আঙুলিৰে টিপা মাৰি কাণত স্পৰ্শ কৰাই আনৰ লগত কথা পাতিব পৰা সৰু যন্ত্ৰ বিধেই হৈছে 'মোবাইল ফোন' । এজন ব্যক্তিয়ে আন এজন দূৰৈত অৱস্থান কৰা ব্যক্তিৰ সৈতে ফুচফুচাই মনৰ কথা আলোচনা কৰিব পৰা, গোপন কথাবোৰ আলোচনা কৰিব পৰা এই যন্ত্ৰ বিধক 'ফুচফুচ যন্ত্ৰ' বুলিও কোৱা হয়।। মোবাইল ফোনৰ জৰিয়তে দূৰৈত অৱস্থিত দুজন লোকৰ মাজত সহজে যোগাযোগ অক্ষুণ্ণ ৰাখিব পৰা যায়। অসমীয়া ভাষাত এই মোবাইল ফোনক ভ্ৰাম্যভাষ যন্ত্ৰ বুলি কোৱা হয়।
ইতিহাসৰ পাতত পোৱা যায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰ’লা কোম্পানীত কৰ্মৰত মাৰ্টিন কুপাৰ আৰু জ’ন ফ্ৰাঞ্চিচ মিচেল নামৰ বিজ্ঞানী দুজনে ১৯৭৩ চনত প্ৰথম তাঁৰবিহীন চেলুলাৰ ফোনবিধ নিৰ্মাণ কৰি উলিয়ায়ছিল। পৰৱৰ্তীকালত কেইবাটাও ঢাপ পাৰহৈ ম’বাইল ফোনে স্মাৰ্ট ফোনৰ স্তৰ লাভ কৰিবলৈ সক্ষম হৈছে। একেটা যন্ত্ৰৰে Text Massage, E-Mail, Phone Call, Camera, Compass, Internetৰ সংযোজনেৰে ডাটা Browsing ইত্যাদি অলেখ কাম কৰিব পাৰি বাবেই ইয়াক স্মাৰ্ট ফোন বুলিও কোৱা হয়। বৰ্তমান সময়ত মোবাইল ফোনৰ বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সংবৰ্ধন আৰু কাৰিকৰী মানৰ উন্নীতকৰণৰ কাম সময়ে সময়ে হৈ আহিছে। 2g, 3g , 4g আৰু শেহতীয়াকৈ 5g মোবাইলৰ বিকাশ সাধন কৰা হৈছে।
মোবাইল ফোনৰ উপকাৰী দিশ :
যিকোনো সামগ্ৰীৰে দুটা দিশৰ বৈশিষ্ট্য থাকে। এটা ভাল হ'লে আনটো দিশ বেয়া হয় এয়া সকলোৰে বিদিত। মোবাইলৰো ভাল আৰু বেয়া দুয়োটাই আছে। ইয়াৰ ভাল দিশকেই উপকাৰী দিশ হিচাপে গণ্য কৰা হৈছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱা সময়লৈকে আমাক মোবাইল ফোনৰ প্ৰয়োজন হয়। মোবাইল আমাৰ হাতত থাকে। দেশ-বিদেশৰ বা-বাতৰি অনায়াসে অতি কম সময়ৰ ব্যৱধানত এই প্ৰযুক্তিৰ জড়িয়তে লাভ কৰিব পাৰি। সত্য যুগত ভগৱান সকলে তপ জপৰ জৰিয়তে বিভিন্ন ঠাইত বাস কৰা মানুহৰ বা সমস্ত জগতৰ সম্পৰ্কে জানিব পাৰিছিল ঠিক সেই ক্ষমতা আজি মানুহৰ হাতত বিদ্যমান। এয়া কাল্পনিক নে সত্য সেই কথা আমি নাজানিলেও গীতা, মহাভাৰত, ৰামায়ণ আদিৰ দৰে ধৰ্মগ্ৰন্থ সমূহেও ভগৱানৰ এই মহাত্ম্য গুণ বখানে। ই যি কি নহওঁক,, আধুনিক যুগৰ ভগৱান হ'ল নিৰ্জীৱ প্ৰযুক্তিৰ সৃষ্টি মোবাইল ফোন। মোবাইল ফোনৰ দ্বাৰা কি কৰিব নোৱাৰি ? বিভিন্ন অফিচ কাছাৰীৰ কাম, বিদ্যালয়ৰ সৈতে সম্পৰ্কিত কাম, বেংক বানিজ্যৰে সম্পৰ্কিত কাম, চৰকাৰৰ বিভিন্ন আঁচনিৰ সম্পৰ্কে বিজ্ঞাপনৰ লগতে হিতাধিকাৰীৰ আবেদন গ্ৰহণ, মনোৰঞ্জনৰ কাৰণে বোলছবি প্ৰদৰ্শন, নানা বা-বাতৰি পৰিৱেশন, চাকৰিৰ বিজ্ঞাপন আৰু অনলাইনত আবেদন গ্ৰহণ.. আদি মোবাইল ফোনৰ জৰিয়তে অনায়াসে কৰিব পাৰি। মোবাইল ফোন কম্পিউটাৰৰ আন এটা সংস্কৰণ মাথোঁ।
বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম মোবাইল ফোনৰ মাধ্যমেৰে গ্ৰহণ কৰিব পাৰি। তেনেধৰণৰ শিক্ষাৰ বাবে একোটা এপ থাকে।এপটো ডাউনলড কৰি তাৰ জৰিয়তে সহজে বিষয়বস্তুৰ জ্ঞান আয়ত্ত কৰিব পাৰি। কেইটামান এপৰ নাম পঢ়ুৱৈৰ সুবিধাৰ্থে উল্লেখ কৰা হ'ল। ইচ্ছুক সকলে ব্যৱহাৰ কৰিব পাৰে । Educational.txt । BYJU'S-The Learning app, DIKSHA- platform for school education app, Lurningo- education app, EdApp mobile learning, Duolingo app, Khan academy app, Grammarly app, Cliffs Notes app, Star Chart App, SoloLearn app, EasyBib app, BrainScape app, Coursera app, PhotoMath app, Periodic table app, RealCalc Scientific Calculator app, Flashcards+ app, Google Classroom app, Socrative Students app , Quizizz play to learn app , Praadis Education Learning app আদি হ'ল তেনেধৰণৰ এপ । এই এপবোৰ ব্যৱহাৰকাৰীয়ে Play Store ৰ পৰা ডাউনলড কৰি ল'ব লাগে।। আকৌ বিভিন্ন কেৰিয়াৰৰ বাবে যেনে - IAS, IPS ACS, JEE, CEE আদিৰ বাবে আগতীয়াকৈ ক'ৰ্চিং ক্লাছ মোবাইলৰ জৰিয়তে কৰিব পৰা যায়। ইয়াৰ বাবে অৱশ্যে এপৰ গৰাকীয়ে কিছু ক্ষেত্ৰত কম পৰিমাণৰ মাননি লয়।
আকৌ আজৰি সময় কটোৱাৰ নিমিত্তেও সুন্দৰ ব্যৱস্থা আছে। লুডু খেল, দবা খেল, তাচপাতৰ খেল আৰু মটৰ গাড়ীৰ খেল আদি অসংখ্য খেল সন্নিবিষ্ট কৰি ব্যৱহাৰ কাৰীৰ বাবে সুবিধা কৰি দিয়া হৈছে। মুঠতে মনোৰঞ্জনধৰ্মী সকলো ক্ৰিয়া কলাপ হাতৰ টিপতে পাব পাৰি। এনেবোৰ এপৰ জৰিয়তে নানান বিষয়ৰ শিক্ষা অতি সহজতে ঘৰত বহিয়েই পাব পাৰি একমাত্ৰ মোবাইল ফোনৰ মাধ্যমেৰে।
অৰ্ধসময়ৰ চাকৰি (পাৰ্ট টাইম জব), সম্পূৰ্ণ সময়ৰ চাকৰি (ফুল টাইম জব) অনলাইনত মোবাইলৰ জৰিয়তে কৰিব পাৰি। বানিজ্যৰ দিশটো মোবাইল ফোনে সহায় কৰে। চেয়াৰ ষ্টক মাৰ্কেটত ধন খটুৱাই মানে Invest কৰি মুনাফা অৰ্জন ঘৰৰ পৰাই লাভ কৰিব পাৰি। Phonepe app, Google pay app, Paytm money app আদিৰ জৰিয়তে ধনৰ আদান-প্ৰদানৰ, ধনৰ লেনাদেনাৰ কাম কৰিব পাৰি। আনহাতে আজিকালি বেংক প্ৰতিষ্ঠান সমূহে নিজাকৈ একোটা এপ গঠন কৰি দিছে গ্ৰাহকৰ সুবিধাৰ বাবে যাৰ জৰিয়তে বেংকৰ সকলো কাম ঘৰতে বহি সমাধা কৰিব পৰা যায়। গতিকে মোবাইল ফোনে আমাক বহু উপকাৰ সাধন কৰিছে যিবোৰ বৰ্ণনা কৰি শেষ কৰিবলৈ হ'লে এখন মহাভাৰতৰ সদৃশ হ'বগৈ।
মোবাইল ফোনৰ অপকাৰী দিশ :
অন্য সামগ্ৰীৰ যিদৰে বেয়া দিশ আছে, একেদৰে মোবাইলৰো বেয়া দিশ অৱশ্যে আছে। আপোনাসৱৰ নিশ্চয় সকলোৰে জ্ঞাত যে অত্যধিক মোবাইল ফোনৰ ব্যৱহাৰে আমাৰ চকুৰ দৃষ্টিশক্তি কমাই আনে। ব্যৱহাৰকাৰীৰ শৰীৰ দুৰ্বল আৰু অৱশ কৰি পেলায়। মূৰৰ বিষ , গাৰ বিষ , মূৰ ঘূৰণি আদিৰ দৰে পাৰ্শ্বক্ৰিয়া দেহত দেখা দিয়াৰ সম্ভাৱনা থাকে। ই যি কি নহওঁক, আধুনিক যুগৰ সকলো সুচল থকা এইবিধ আহিলা কিন্তু কোনো লোকেই ব্যৱহাৰ কৰিবলৈ নেৰে।
মোবাইল ফোনত ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন পৰ্ণ'গ্ৰাফী ভিডিঅ'উপলব্ধ। যি সমূহ ভিডিঅ' চাই আজিৰ সমাজত বিভিন্ন sex ৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে। ডেকাৰ পৰা বৃদ্ধলৈ মানুহৰ মানসিকতা এই চাইট সমূহে বেয়া দিশলৈ পৰিৱৰ্তন কৰাৰ নিদৰ্শন আছে। টিভি খুলিলেই তেনেধৰণৰ ঘৃণনীয় সংবাদ পোৱা যায়। ইয়াৰ মূলতে যে মোবাইলৰ কুপ্ৰভাৱ আছে এই বিষয়ে অধ্যয়ন কৰি উপলব্ধি কৰিব পাৰি। এনে ভিডিঅ'ৰ প্ৰতি সহজে সকলোৱে আকৰ্ষিত হয় । কেইদিনমানৰ আগৰ পৰা দেখা গৈছে গুৱাহাটীৰ এটা সংবাদ চেনেলে (Time Guwahati) এনে ঘৃণনীয় সংবাদ সমূহ পৰিৱেশন কৰি আছে। এইবোৰ সকলো ধৰণৰ মানুহে গো-গ্ৰাসে গিলিছে। লাইক,কমেণ্ট,চেয়াৰ লাখৰ ঘৰত উঠিছে। অৰ্থাৎ ইয়াৰ পৰা ক'ব পাৰি যে আমাৰ মানুহবিলাক বেয়াৰ প্ৰতি আকৃষ্ট বেছি।
বিশ্বৰ অৰ্থনৈতিক বজাৰখনত চাইবাৰ অপৰাধৰ সদৃশ অপৰাধ সমূহ মোবাইল ফোনৰ মাধ্যমেৰে হয় বুলি এক সমীক্ষাত প্ৰকাশ কৰা হৈছে। বিশেষকৈ ফেচবুক, টুৱিটাৰ, ইনষ্ট্ৰাগ্ৰাম , ইউটিউব আদিৰ বহুল ব্যৱহাৰে মানুহক মানুহে অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিছে। ফেচবুকত ব্যৱহাৰকাৰীয়ে সংলগ্ন কৰা তথ্য সমূহ অপৰাধীয়ে হৰণলুকী কৰি বিভিন্ন কামত লগোৱাৰ লগতে বেংকৰ একাউণ্টৰ পৰা জমাধন উঠাই নিবলৈ সক্ষম হৈছে। সেয়ে আমি পৰাপক্ষত সামাজিক মাধ্যমসমূহত নিজৰ বায়ডাতা চেয়াৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰা উচিত।
আজিকালি সৰু সৰু কণ কণ ল'ৰা ছোৱালীয়েও মোবাইল অনায়াসে চলাব জানে। কত টিপিলে খেল ওলাই, ক'ত টিপিলে ফটো ওলাই, ক'ত টিপিলে চিনেমা ওলাই সকলোবোৰ সিহঁতৰ আঙুলিৰ মূৰত। এনে হৈছে যে কিছুমান সৰু ল'ৰা-ছোৱালীক নিচুকাবলৈ পিতৃ মাতৃয়ে মোবাইল দিয়াৰ ফলত ই অভ্যাসত পৰিণত হৈছেগৈ। অনবৰতে মোবাইলত গেম, চিনেমা , ভিডিঅ' চোৱাৰ ফলত কিতাপৰ প্ৰতি ধাউতি হ্ৰাস পাইছে। মোবাইলটো নাপালে মাক বাপেকৰ লগত, ককায়েক ভায়েকৰ মাজত কাজিয়া পেচালৰ সৃষ্টি হৈছে। মোবাইলৰ প্ৰতি থকা ৰাপে মানুহৰ মাজত থকা অকৃত্ৰিমতা নাশ কৰিছে। ল'ৰা ছোৱালীৰ মাজত থকা প্ৰকৃত মৰম স্নেহৰ লুপ্ত ঘটিবলৈ ধৰিছে। তদুপৰি মনত হিংসা, ভয়, একাকীত্ব, স্বাৰ্থপৰ মনোভাৱ, এলেহুৱা আদি নেতিবাচক মনোভাবৰ জন্ম দিয়াত মোবাইল ফোনে প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে।
সাম্প্ৰতিক সময়ত মোবাইল ফোনৰ জনপ্ৰিয়তা :
সাম্প্ৰতিক সময়ত মোবাইল ফোনৰ জনপ্ৰিয়তা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। ঘৰত লাগিলে খাবলৈ সংকট হওক, ঋণৰ বোজা যিমানেই বাঢ়ক হ'লেও ঘৰত যেনতেন এটা স্মাৰ্টফোন থাকিবই লাগিব । বৰ্তমান সময়ত সমাজত এনে মানসিকতাৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যে 'স্মাৰ্টফোন' ষ্টেটাচৰ এক অঘোষিত সম্বল। ই যিয়েই নহওঁক, বৰ্তমান সময়ত মোবাইল ফোন মানুহৰ এক অপৰিহাৰ্য্য অংগ হিচাপে বিবেচিত হৈ পৰিছে। অতি সহজে কঢ়িয়াই লৈ ফুৰিব পাৰি, কম মূল্যতে ক্ৰয় কৰিব পাৰি, সহজে বহু দূৰ দূৰণিৰ চিনা-নিচিনা ব্যক্তিৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পৰাৰ লগতে মনৰ বা-বাতৰি ল'ব পাৰি এই স্মাৰ্ট ফোনৰ মাধ্যমেৰে। সেয়ে ইয়াৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।
উপসংহাৰ :
স্মাৰ্ট ফোনৰ সম্পৰ্কে বোধকৰোঁ নজনা মানুহ এই মুলুকত নাই বুলিলেও অত্যুক্তি কৰা নহয়। হ'লেও ব্যৱহাৰকাৰীৰ সুচলতাৰ বাবে ওপৰত উল্লেখিত আলোচনা সমূহ আগবঢ়াবলৈ প্ৰচেষ্টা কৰা হৈছে। আমি স্মাৰ্ট ফোনৰ সম্পৰ্কে যিমান জানো,আকৌ সিমান নাজানোও। গতিকে ইয়াৰ সম্পৰ্কে যৎকিঞ্চিত অধ্যয়ন কৰাটো আমাৰ বাবে নিশ্চয় আদৰণীয় কামেই হ'ব বুলি ভাবোঁ।
স্মাৰ্ট ফোন বাদ নে আশীৰ্বাদ সেইটো স্মাৰ্ট ফোনৰ ব্যৱহাৰৰ ওপৰতে নিৰ্ভৰ কৰে। আপুনি যদি ভালখিনি গ্ৰহণ কৰে তেন্তে আপোনাৰ বাবে ই আৰ্শীবাদস্বৰূপ, যদি বেয়াবোৰ চাই আৰু গ্ৰহণ কৰি সময় অপব্যয় কৰে তেন্তে আপোনাৰ বাবে মোবাইল ফোন বাদ বা গলগ্ৰহলৈ পৰিণত হ'ব। বিশেষকৈ পিতৃ মাতৃয়ে সন্তানক মোবাইল ফোন এৰি দিলে কিছু নজৰ ৰাখিব লাগে।সেয়ে আহক মোবাইলৰ সম্পৰ্কে যৎকিঞ্চিত জানো আৰু ইয়াৰ সঠিক ব্যৱহাৰ কৰি নিজৰ লগতে সমাজৰ উন্নয়নত অৱদান আগবঢ়াও ।
অনুগ্ৰহ কৰি লেখাটো পঢ়ি চেয়াৰ কৰি মোক সহায়ৰ হাত আগবঢ়াব। পাৰিলে এটা কমেণ্ট তলৰ কমেণ্ট বাকচত এৰি যাব। ধন্যবাদেৰে -
লেখক : দুদুল সোণোৱাল।
🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿
Thank you sir .
ReplyDelete