🏋️🏋️🏋️🏋️🏋️⛹️⛹️⛹️⛹️🚴🚴🚴🚴🤾🤾
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উলালে। ইয়াৰ পিছত টিভি, বাতৰি কাকতত কেৱল আলোচনা, পৰ্যালোচনা । বিষয় -- চৰকাৰী বিদ্যালয়ৰ ফলাফল কিয় নিম্ন হৈছে ? কাৰ দোষ - শিক্ষকৰ নে ছাত্ৰ ছাত্ৰীৰ ? নে অভিভাৱকৰ ?
প্ৰতিটো আলোচনাৰ পৰা অনুভৱ হয় যে ক'ৰবাত নিশ্চয় কিবা ঘটিছে। যাৰ বাবে চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে ? এইবাৰৰ শিক্ষান্ত পৰীক্ষাত আহিছিল পূৰ্বৰ বৰ্ষৰ অৰ্থাৎ কৰণা কালৰ প্ৰশ্ন। কৰণা কালছোৱাত ব্যক্তিগত বিদ্যালয়ত অনলাইন প্ৰক্ৰিয়াৰে সুন্দৰকৈ ক্লাছ চলাই নিয়া পৰিলক্ষিত হৈছিল। কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত অনলাইন প্ৰক্ৰিয়াৰ শিক্ষা সন্তোষজনক নাছিল। ইয়াৰ কাৰণ নথকাও নহয়। চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকল প্ৰায় দৰিদ্ৰ পৰিয়ালৰ সন্তান। এটা মোবাইল ফোন কিনিবলৈ সামৰ্থ্যৰ অভাৱ। যাৰ বাবে অনলাইন প্ৰক্ৰিয়াৰ শিক্ষা গ্ৰহণত ছাত্ৰ ছাত্ৰী সংক্ৰিয় হ'ব নোৱাৰিলে। শিক্ষান্ত পৰীক্ষাত তাৰ কু-প্ৰভাৱ পৰিল এয়া নিশ্চিত। এয়াই কেৱল কাৰণ হ'ব নোৱাৰে আৰু খুচুৰিলে বহু কাৰণ ওলাব বুলি ক'ব পাৰি।
সদ্যহতে মনত উদয় হোৱা প্ৰশ্নবোৰ হ'ল - চৰকাৰী বিদ্যালয়ৰ ফলাফল কিয় ইমান নিম্নলৈ গতি কৰিছে ? চৰকাৰী বিদ্যালয়ত শিক্ষা প্ৰদান সন্তোষজনক নহয় নেকি ? ছাত্ৰ-ছাত্ৰী সকল শিক্ষাৰ ক্ষেত্ৰত কিয় ইমান পিছপৰা বিধৰ?
এইবাৰৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল নিৰীক্ষণ কৰিলে পৰিলক্ষিত হয় যে প্ৰথম দহটা স্থানত চৰকাৰী বিদ্যালয় তথা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য।
অসমীয়া মাধ্যমৰ বিদ্যালয়ত ফলাফল হতাশাজনক হোৱাৰ একমাত্ৰ প্ৰথম কাৰণ হৈছে দৰিদ্ৰ পৰিয়ালৰ সন্তান অৰ্থাৎ অসমীয়া মাধ্যমৰ বিদ্যালয়ত কেৱল আৰ্থিকভাৱে জুৰুলা লোকসকলৰ সন্তানেহে অধ্যয়ন কৰে, যিটো অপ্ৰিয় হ'লেও এশ শতাংশ সত্য । দ্বিতীয়তে চৰকাৰী বিদ্যালয়ত শৈক্ষিক পৰিৱেশ থাকিলেও ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱৰ অভাৱ। তৃতীয়তে, চৰকাৰৰ অপ্ৰয়োজনীয় নীতি নিয়মৰ মাজত অসমীয়া মাধ্যমৰ বিদ্যালয় আৱদ্ধ। চতুৰ্থতে, শিক্ষক সকলৰ নি:স্বাৰ্থ আৰু আন্তৰিক ত্যাগৰ মনোভাৱৰ অভাৱ। পঞ্চমতে, বাৰটা মাহত তেৰটা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী, চৰকাৰী কাৰ্যসূচী আৰু জুনেল সভা যাৰফলত পাঠদানত প্ৰত্যক্ষ ব্যাঘাতৰ প্ৰভাৱ। ষষ্ঠতে, শিক্ষকে প্ৰশ্নোত্তৰ নিজা প্ৰচেষ্টাৰে উচ্চ মানদণ্ডৰে লিখি দিয়া আৰু মনত ৰখাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন। সপ্তমতে, অনুশাসনৰ ক্ষেত্ৰত চৰকাৰৰ অনাৱশ্যক হস্তক্ষেপ । অষ্টমতে, অসমীয়া বিদ্যালয়ৰ অভিভাৱক অসচেতন আৰু সন্তানৰ সৈতে সহযোগ কৰাত অনীহা ভাৱ ।নৱমতে, অসমীয়া বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা শৈক্ষিক পৰিৱেশ তেনেই দুৰ্বল। দশমতে, চৰকাৰী বিদ্যালয় ৰাজনৈতিক মেৰপেচত আৱদ্ধ। একাদশতে, মোবাইল ফোনৰ কু-প্ৰভাৱ, এইক্ষেত্ৰত অভিভাৱক সন্তানৰ প্ৰতি সচেতন আৰু দায়িত্বশীল নহয়। দ্বাদশতে, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল শাৰীৰিক, মানসিক আৰু বৌদ্ধিক ক্ষমতা অতি পিচপৰা। ত্ৰয়োদশতে, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী টিউচনৰ পৰা প্ৰায় মুক্ত। টিউচনৰ ক্ষেত্ৰত চৰকাৰী অপ্ৰয়োজনীয় নিৰ্দেশনা । চতুৰ্দশতে, চৰকাৰী বিদ্যালয়ত মূল্যায়নৰ ক্ষেত্ৰত উত্তীৰ্ণ আৰু অনুত্তীৰ্ণৰ ক্ষেত্ৰত শিথিলতা আৰু কঠোৰ নহয়। পঞ্চদশতে, চৰকাৰী বিদ্যালয়ত শিক্ষকৰ হোম ভিজিটৰ ব্যৱস্থা নাই।
এই ব্যক্তিগত বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক হোৱাৰ কাৰণসমূহ : প্ৰথমতে, ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ধনীক শ্ৰেণীৰ সন্তান। দ্বিতীয়তে, ব্যক্তিগত বিদ্যালয়ৰ অভিভাৱকসকল সন্তানৰ প্ৰতি সচেতন আৰু দায়িত্বশীল। পঞ্চমতে , ছাত্ৰ ছাত্ৰীসকলক প্ৰয়োজন অনুসৰি সময়মতে সন্তানক যিকোনো সামগ্ৰী বা টকা পইচা যোগান ধৰাত সক্ষম। ষষ্ঠতে, বিদ্যালয়ৰ শিক্ষা প্ৰদানত স্বতন্ত্ৰতা। সপ্তমতে, অনুশাসনৰ দিশত কোনো হস্তক্ষেপ নাই। অষ্টমতে, স্বত্বাধিকাৰী বা মালিকৰ কাঢ়া নিৰ্দেশ শিক্ষকে মানি চলিবলৈ বাধ্য। নৱমতে, ৰাজনৈতিক নীতি নিয়মৰ পৰা মুক্ত। দশমতে, শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকলক সুচাৰুৰূপে পাঠদান কৰাৰ বাদে আন চৰকাৰী দায়িত্বৰ পৰা মুক্ত। একাদশতে, মোবাইল ফোন বা ITC ৰ ব্যক্তিগত বিদ্যালয়ত অত্যধিক ব্যৱহাৰ কৰা হয় কিন্তু ভাল বেয়াৰ ক্ষেত্ৰত অভিভাৱক সতৰ্ক আৰু কঠোৰ অনুশাসনৰ ব্যৱস্থা। দ্বাদশতে, ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা মূলক মনোভাৱ বিদ্যমান। ত্ৰয়োদশতে , ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ মানসিক, শাৰীৰিক আৰু বৌদ্ধিক ক্ষমতা উচ্চ পৰ্যায়ৰ। চতুৰ্দশতে, অত্যধিক টিউচনৰ ওপৰত ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নিৰ্ভৰশীল।
উল্লেখিত আলোচনাৰ পৰা দেখা গৈছে যে ফলাফল সন্তোষজনক নোহোৱাৰ কাৰণে কেৱল শিক্ষক সমাজ জগৰীয়া নহয়। ইয়াৰ লগত আছে আন আন আনুসংগিক কাৰকসমূহ। চৰকাৰী বিদ্যালয়ৰ শিক্ষকে একেটা সময়তে বহু কাম কৰিবলগীয়া হয়। লোকপিয়লৰ কাম, এন আৰ চি উন্নীতকৰণৰ কামত নিয়োগ, নিৰ্বাচনৰ কামত নিয়োগ, গুণোৎসৱৰ বাবে পাঠদানত ব্যাহত, অৰুনোদয় আঁচনি মতে ঘৰে ঘৰে যাব লাগে শিক্ষক , মুঠতে ক'ত লগোৱা নাই শিক্ষকক । কেনেকৈ ভাল হ'ব শিক্ষাৰ মানদণ্ড। আনহাতে শিক্ষকৰ অভাৱৰ দিশটো আছেই। কৰবাত যদি চাৰিজন শিক্ষক আছে,আন কৰবাত আছে কেৱল তিনিজন অৰ্থাৎ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ অনুপাত সমতুল্য নহয়। যাৰ বাবে শিক্ষাত ইয়াৰ কু-প্ৰভাৱ পৰিছে।
চৰকাৰী বিদ্যালয়ৰ শিক্ষকক কেৱল শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ পাঠদান কাৰ্যত নিয়োজিত কৰাওক। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বিশেষ শিক্ষাৰ ব্যৱস্থা বিদ্যালয় কতৃপক্ষই কৰক স্বতন্ত্ৰভাৱে। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে 'হোম ভিজিট'ৰ ব্যৱস্থা কৰক। অভাৱ অভিযোগ লিপিবদ্ধ কৰি সমাধানৰ পথ হিচাপে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ঘৰত গৈ বিশেষ ভাৱে পঢ়োৱাৰ ব্যৱস্থা কৰক। কিন্তু মনত ৰাখিব বিদ্যালয়ত পাঠদান কৰিও গৃহ পাঠদান দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ বাবে প্ৰধান শিক্ষক কঠোৰ হোৱাটো বাঞ্ছনীয় হৈ পৰিব। কিন্তু চাব লাগিব যাতে এইক্ষেত্ৰত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। নহ'লে কৰ্মচাৰী বিলাকৰ মাজত সংঘাত আৰু মনোমালিন্য হোৱাৰ সম্ভাৱনা প্ৰকট হ'ব।
সকলো বিভাগৰ কৰ্মচাৰীয়ে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাওক যাতে ফলাফল সন্তোষজনক হয় । IAS, IPS, ACS, মন্ত্ৰী বিধায়কৰ সন্তানসকলকো চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাওক। তেতিয়া চাব চৰকাৰী বিদ্যালয়ৰ ফলাফল কিমান উন্নত হ'ব ?
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক -- দুদুল সোণোৱাল।
🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇
অৱশ্যে চিন্তনীয় বিষয় ৷ বেছ বিতৰ্কিত আৰু বিবেচনাযোগ্য আলোচনা ৷
ReplyDelete