Tuesday, June 7, 2022

কামনাৰ অৰ্থ কি? কিয় সমাজত হত্যা লুণ্ঠন ধৰ্ষণ বৃদ্ধি ঘটিছে ? What does lust mean? Why is there an increase in murder, looting, rape in the society ?

কামনাৰ অৰ্থ কি? কিয় সমাজত হত্যা লুণ্ঠন ধৰ্ষণ আদিৰ দৰে জঘণ্য ঘটনাবোৰ সঘনাই ঘটিবলৈ ধৰিছে ? আহকছোন মনত দ্বিধা ভাৱ নাৰাখি মুকলিকৈ আলোচনা কৰোঁ। What does lust mean? Why is there an increase in murder, looting, rape in the society? Let's talk openly without hesitation in mind.

     প্ৰকৃততে কামনা শব্দটোক বিভিন্ন সময়ত বিভিন্ন কাৰণত ব্যৱহাৰ কৰা হয়। শব্দটোৱে দুইধৰণৰ অৰ্থ প্ৰকাশ কৰে - ভাল আৰু বেয়া। অভিধানিক অৰ্থ হৈছে - আশা কৰা বা প্ৰাৰ্থনা কৰা বা আকাংক্ষা কৰা বা ইচ্ছা প্ৰকাশ কৰা বা আসক্তি জগা ।
     ইচ্ছা বা আশা মানুহৰ জীৱনৰ লগৰী। মানুহৰ মনত কোনো বস্তু পোৱাৰ যি হাবিয়াস সেয়ে হৈছে ইচ্ছা। আনহাতে আশাও একধৰণৰ ইচ্ছা মাথোন য'ত কিবা এটা পোৱাৰ বাবে হাবিয়াস থাকে। এই ইচ্ছা আৰু আশাৰ আন এটা ৰূপ হ'ল কামনা। যেনে - মানুহজন সোনকালে আৰোগ্য হোৱাৰ কামনা কৰিলো, তেওঁক দীৰ্ঘ জীৱি হোৱাৰ কামনা কৰিলো , তেওঁৰ ভ্ৰমণ কাল সুখকৰ হওক তাকেই কামনা কৰিলো ,... আদিৰ দৰে বাক্যবিলাকত কামনা প্ৰকাশ কৰি কোৱা হৈছে। এইক্ষেত্ৰত দেখা গৈছে যে শব্দটোৱে এটা ভাল অৰ্থ প্ৰকাশ কৰিছে। প্ৰতিটো বাক্যৰ জৰিয়তে ইচ্ছা আৰু প্ৰাৰ্থনা মনোভাৱৰ প্ৰকাশ ঘটাইছে।
     কিন্তু শব্দটোৰ এটা বেয়া অৰ্থও আছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। বিভিন্ন বেয়া মনোভাৱ প্ৰকাশ কৰিবলৈও এই শব্দটো ব্যৱহাৰ কৰা হয়। কামনা শব্দটো নিকৃষ্ট কামৰ ক্ষেত্ৰটো ব্যৱহাৰ কৰা হয়। । মানুহৰ দৈহিক ক্ষুধা নিবাৰণৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা দেখা যায়। যেনে- ৰমলা এজন দুৰ্বৃত্তৰ কামনাৰ বলি হ'ব লগা হ'ল। য'ত বাসনা জাগে অৰ্থাৎ স্ত্ৰী পুৰুষৰ মাজত পৰস্পৰ দৈহিক সম্পৰ্ক বা সহবাস কৰিবলৈ ইচ্ছা জাগে তাতেই কামনাৰ উৎপত্তি হয়। 
     হেমকোষৰ মতে ইয়াৰ অৰ্থ হৈছে - বাঞ্ছা, ইচ্ছা, প্ৰাৰ্থনা। কামনা শব্দটো বিশেষ্য পদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ সংস্কৃত ৰূপ - কাম বা বাঞ্ছা কৰা। 
     কামনা শব্দটোৰ উৎপত্তি হৈছে কাম শব্দৰ পৰা। 'কাম' শব্দৰ অৰ্থ হৈছে তিৰোতা আৰু মতাৰ পৰস্পৰৰ সহবাসৰ ইচ্ছা। সংস্কৃতত কম বা বাঞ্ছা কৰাক বুজায়। কামৰ পৰা কামনা শব্দটোৰ উৎপত্তি। কাম + না = কামনা অৰ্থাৎ ইচ্ছাৰ অৰ্থত কাম শব্দটোৰ সৈতে 'আ' প্ৰত্যয় যোগ হৈ কামনা সৃষ্টি হৈছে। 
     

নিচাই মানুহক বিপথে পৰিচালিত কৰে।

নিচাজাতীয় দ্ৰব্য সেৱন কৰিলে কাম মনোভাৱৰ সৃষ্টি হয়। লগতে হিতাহিত জ্ঞান শূণ্য হৈ বিভিন্ন নকৰিবলগীয়া কাম ব্যক্তি এজনে কৰিব পাৰে। তেনে ধৰণৰ নিচাত মাতাল ব্যক্তিৰ জৰিয়তে সমাজত বা ঘৰ এখনত বিভিন্ন খামখেয়ালিৰ সৃষ্টি হোৱা সকলোৱে দেখিবলৈ পাইছে নিশ্চয়। সেয়ে নিচাজাতীয় দ্ৰব্যক সমাজৰ ব্যাধি ৰূপে গণ্য কৰিব পাৰি। এই কথা জানিও কিন্তু সমাজৰ লোকসকলে এনে দ্ৰব্যৰ ব্যৱহাৰৰ পৰা নিজকে আঁতৰাই ৰাখিব অপাৰগ হয়। ইয়াৰ ফলস্বৰূপে সমাজত বিভিন্ন অমানুষিক, অমানৱীয় ঘটনাৰ সংঘটিত হোৱা আমি সকলোৱে দেখা পাইছোঁ। ককাইকে ভাতৃক হত্যা কৰা, পুতেকে মাক বাপেকক হত্যা কৰা বা অত্যাচাৰ কৰা আদিবোৰ আজিৰ সমাজত নিতৌ ঘটিব লাগিছে কেৱল নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত। ভূতৰ ওপৰত দানহ পৰাদি বৰ্তমান সময়ত ভয়ংকৰ ড্ৰাগছ আসক্ত লোকৰ সংখ্যাও দিনক দিনে বাঢ়িব ধৰিছে আৰু সমান্তৰালকৈ ড্ৰাগছৰ কুব্যৱসায় বৃদ্ধিৰ ফলত সমাজত এক ভ‌য়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। 
    উল্লেখনীয় যে এনে নিচাজাতীয় দ্ৰব্য সেৱন কৰা ফলতেই মানুহৰ মনত সৃষ্টি হয় সহবাসৰ। মানুহৰ মনত বিপৰীত লিংগৰ প্ৰতি দূৰ্বল মনোভাৱৰ জন্ম হয়। যাৰফলত সমাজত ধৰ্ষণৰ দৰে ঘটনা ঘটিবলৈ ধৰে। এনে ঘটনা ৰোধ কৰিবলৈ হ'লে সমাজত সজাগতা আনিব পাৰিব লাগিব। দহ বিশ কিলোমিটাৰ নিলগে নিলগে থকা নিচাজাতীয় সামগ্ৰীৰ বিপনী বন্ধ কৰিব লাগিব। গ্ৰাম্য সমাজত চুলাই মদৰ প্ৰচলন বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে মানুহে এনে দ্ৰব্যৰ আসক্তিৰ পৰা মুক্ত হ'ব পাৰিব। 

ভাগৱত গীতা মতে আসক্তিৰ পৰা পৰিত্ৰাণ।

ভাগৱত গীতাই হওক বা আন ধৰ্ম গ্ৰন্থই হওক এইবিলাকৰ মতে নিচাজাতীয় দ্ৰব্য সমাজৰ অন্তৰায় স্বৰূপ। কোনো ধৰ্ম পুথিতেই ইয়াক সমৰ্থন কৰা নাই বৰঞ্চ বাৰণ কৰাৰহে উপদেশ দিছে। কাম,ক্ৰোধ,লোভ মোহ এইবিলাক পৰিত্যাগ কৰি সন্তুলন অৱস্থাত নিজকে ৰাখিব লাগে। অৱশ্যে সৃষ্টিৰ বাবে ব্ৰক্ষ্মচৰ্য জীৱন নলৈ আশ্ৰমী জীৱনৰ বাবে পৰামৰ্শ দিছে। নিজ দৈহিক ৰিপুক সংযম আৰু দমন কৰিলে সমাজত কোনো ব্যভিচাৰৰ সৃষ্টি নহয়।

 “কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশ।
ই সবে বেঢ়িয়া কৰে মহন্তক দ্বেষ॥
এই হেতু গড় বান্ধি যুঝিবে বুলিলা।
তান আজ্ঞা লই সবে বিবাহ কৰিলা ॥”

কামনা যেতিয়া দৈহিক চৰিতাৰ্থ নিবাৰণৰ্থে উদ্ভৱ হয় তেতিয়াই ইয়াৰ অৰ্থ বেয়ালৈ ধাবিত হয়। কামনা লোভ আৰু মোহলৈ পৰিণত হোৱাত কিহে উদ্গনি যোগাইছে ? বৰ্তমান সময়ত এই বিষয়টো অতি চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে । ইয়াৰ বাবে মোবাইল ফোন আৰু নিচাজাতীয় দ্ৰব্যক পোনতে জগৰীয়া কৰিব পাৰি। আজিকালি মোবাইলত ভাল আৰু বেয়া সকলো পোৱা যায়। ল'ৰাৰ পৰা বুঢ়ালৈ সকলোৰে হাতে হাতে স্মাৰ্টফোন। ইণ্টাৰনেটত সহজলভ্য পৰ্ণ ভিডিঅ'ৰ কুৎসিৎ হাৱাই আজিৰ নৱ প্ৰজন্মক মানসিক ভাৱে কোঙা কৰি পেলোৱাত প্ৰত্যক্ষ অৰিহণা আগবঢ়াইছে। যাৰফলত নিত্য নতুন ঘটনা ঘটিবলৈ ধৰিছে। আনকি ভাতৃ-ভগ্নী, পিতৃ-মাতৃ আদি নিচিনাৰ দৰে পৰিৱেশৰো সৃষ্টি হৈছে। 
    এনে পৰিস্থিতি আৰু পৰিৱেশৰ পৰা আঁতৰাই ৰাখিবলৈ আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব। সমাজত লুকঢাক নকৰাকৈ আলোচনা কৰি নতুন প্ৰজন্মৰ লগতে সকলোৰে মাজত সচেতনতা আৰু সজাগতা অনাৰ প্ৰয়াস কৰিব লাগিব।


Please read the topic and leave a fruitful comment in the comments box under the topic. - Author: Dudul Sonowal.

 🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇







     

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts