Thursday, June 16, 2022

শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী- চমু আলোকপাত। Academic environment and student - a brief discussion .

🙏 শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী: এক চমু আলোকপাত। Academic environment and Students : a short discussion. শৈক্ষিক পৰিৱেশ মানে কি : সমাজ আৰু অভিভাৱকৰ কৰণীয়: শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ : উপশমৰ উপায় : উপসংহাৰ।

👉 শৈক্ষিক পৰিৱেশ মানে কি আৰু কিয় ?  What is meant by academic environment and why ? 


পৰিৱেশ মানে হৈছে আমাৰ চৌপাশৰ এক অৱস্থা। প্ৰকৃতিৰ বায়ু পানী, মাটি আৰু চৌপাশৰ নদ-নদী, খাল-বিল,পাহাৰ-পৰ্বত,গছ-গছনি, ঘৰ-বাৰী ৰাস্তা-পদূলি.. আদিৰে আৱৰা অৱস্থাই হৈছে পৰিৱেশ। আনহাতে শিক্ষাৰ ক্ষেত্ৰত অনুষ্ঠান এটাত শিক্ষাৰ সৈতে সম্পৰ্ক থকা পৰিবেশেই হৈছে শৈক্ষিক পৰিৱেশ। শিক্ষাৰ বাবে প্ৰয়োজনীয় শান্তি, নিৰৱতা, নিস্তব্ধতা, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তীতা, পৰিষ্কাৰ পৰিচ্ছন্নতা, ছাত্ৰ ছাত্ৰীয়ে সুচাৰুৰূপে কৰ্তব্য পালন কৰা, শিক্ষকৰ দায়িত্বশীল কৰ্তব্য পালন ,শিক্ষাৰ মানদণ্ড, পাঠ আদান-প্ৰদান প্ৰক্ৰিয়া, ,.... আদিৰ অৱস্থাই হৈছে শৈক্ষিক পৰিৱেশ। শৈক্ষিক পৰিৱেশ বুলি কোৱা মাত্ৰকে বিদ্যালয়ৰ কথা আহি যায়। এখন বিদ্যালয়ৰ গণ্ডীৰত সৃষ্টি হোৱা পৰিৱেশ হ'ল শৈক্ষিক পৰিৱেশৰ উদাহৰণ। শৈক্ষিক পৰিৱেশ শিক্ষা গ্ৰহণৰ অনুকুল হোৱা বাঞ্ছনীয়। শৈক্ষিক পৰিৱেশ সৃষ্টিত শিক্ষক, ছাত্ৰ ছাত্ৰী , অভিভাৱক আৰু সমাজৰ ভূমিকা আছে।


👉 সমাজ আৰু অভিভাৱকৰ কৰণীয় :

শৈক্ষিক পৰিৱেশ উন্নতিৰ ক্ষেত্ৰত সমাজৰ কৰণীয় আছে। ইয়াত সমাজ বুলি কওঁতে বিদ্যালয়ৰ সৈতে সম্পৰ্ক থকা বিদ্যালয়ৰ আশে-পাশে বসবাস কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাসস্থানৰ কথাকে সাঙুৰি লোৱা হৈছে। ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক অভিভাৱিকা আৰু সমাজৰ মানৱ সম্পদৰ ভূমিকা ভাল হ'লে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সবল হয়। সুস্থ হয়। এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰী গৰাকীক ৬ ঘণ্টা মানহে সান্নিধ্যত পায়।এই সময়ছোৱাত আটাইতবোৰ শিকোৱা সম্ভৱ নহয়। বিদ্যায়তনিক শিক্ষাৰ পৰা বাহিৰা জ্ঞান প্ৰদানলৈ এক দীঘলীয়া সময়ৰ প্ৰয়োজন। পাঠৰ জ্ঞান প্ৰদানৰ বাহিৰে অন্য দৃষ্টিৰ জ্ঞান প্ৰদান কেতিয়াবা কিছু ক্ষেত্ৰত বাদ পৰি যায়। কিন্তু পিতৃ-মাতৃয়ে বাকী গোটেইখিনি সময়ত সন্তানক কাষত পায়। সেয়ে খোৱাৰ পৰা শোৱালৈ সন্তানৰ সুদায়িত্ব লোৱাটো একান্তই প্ৰয়োজন। পিতৃ-মাতৃৰ এনে প্ৰচেষ্টাই শৈক্ষিক পৰিৱেশত পৰোক্ষভাৱে প্ৰভাৱ পেলায়। শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় বহী,কলম, জ্যামিতিৰ বাকচ, আৰু আনুসংগিক সামগ্ৰীৰ সম্পৰ্কে পিতৃ মাতৃ সদায় সজাগ হোৱা প্ৰয়োজন। দেখা যায় চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ এনে সজুঁলি প্ৰায় ভাগৰে নাথাকে যাৰ বাবে শিক্ষা প্ৰদানত শিক্ষকৰ অসুবিধাৰ সৃষ্টি হয়। আনহাতে ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা পৰিৱেশ যদি সুস্থ নহয় তেন্তে সেই ছাত্ৰ ছাত্ৰীয়ে সুস্থ পৰিৱেশৰ সম্পৰ্কে সজাগ নহয়। ঘৰত যি ল'ৰা ছোৱালীয়ে মাক-দেউতাকৰ কথা নামানে সেই ল'ৰা ছোৱালীয়ে বিদ্যালয়তো শিক্ষকক অনুকৰণ কৰিব নুখুজে। শিক্ষকৰ অবাধ্য হয় । সেয়ে পিতৃ-মাতৃয়ে জ্যেষ্ঠ জনক সন্মান প্ৰদৰ্শন কৰিবলৈ আৰু কণিষ্ঠ জনক মৰম কৰিবলৈ ঘৰতে জ্ঞান দিয়া প্ৰয়োজন। ঘৰতে শিকি আহিলে বা তেনে এটা পৰিৱেশ পাই আহিলে ,বিদ্যালয়তো তেনে পৰিৱেশ গঢ় দিয়াত তেওঁ বাধ্য হ'ব। 

👉 শিক্ষাৰ্থীৰ কৰ্তব্য:

শিক্ষাৰ্থীৰ কৰ্তব্য হ'ল গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰা। গুৰুৱে শিকোৱা প্ৰতিটো বিষয়বস্তু খৰচি মাৰি বুজি লোৱাটো ছাত্ৰ বা ছাত্ৰী এজনৰ মূল কৰ্তব্য। ছাত্ৰ-ছাত্ৰীৰ কামেই হৈছে অধ্যয়ন কৰা। শিক্ষা গুৰুৰৰ বশ্যতা স্বীকাৰ কৰা। শিক্ষা গুৰুৰ উপদেশ আৰু পৰামৰ্শ মানি চলা। সংস্কৃতত এষাৰ কথা আছে- 'ছাত্ৰানং অধ্যনং তপ: ।' অৰ্থাৎ ছাত্ৰৰ মূল কৰ্তব্যই হৈছে অধ্যয়ন কৰা। আৰু এই অধ্যয়ন হোৱা উচিত মুনিৰ তপস্যা সদৃশ। মুনিয়ে যিদৰে মোক্ষ প্ৰাপ্তিৰ বাবে একান্ত ধ্যানত বা তপস্যাত নিমগ্ন হয়, ঠিক একেদৰে ছাত্ৰ এজনেও নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে একান্ত মনোযোগেৰে অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে। তদুপৰি অসমীয়া সমাজত প্ৰবাদ আছে, "পঢ়ায় পঢ়ে,ৰোৱে পান,ই তিনিও নিনিও নিচিন্তে আন।" অৰ্থাৎ যিজনে পঢ়ে সি পঢ়াৰ সলনি আন কথা চিন্তা কৰা অনুচিত। দ্বিতীয়তে যিজনে আনক পঢ়ায়, সি বিষয়বস্তুৰ ওপৰতহে অধিক গুৰুত্ব দিব লাগে আৰু নিয়াৰিকৈ পঢ়াব লাগে। পঢ়োৱা জনে কেতিয়াও পঢ়োৱাৰ সময়ত আন কথা চিন্তা কৰা উচিত নহয়। তৃতীয়তে, যি জনে পান লগায় সেই জনে পানৰ লগতে অনবৰতে ভালদৰে লাগি থাকিব লগীয়া হয়। নহ'লে পানে কেতিয়াও ভাল উৎপাদন নিদিব। পানগছ ভাল হ'বলৈ হ'লে ইয়াৰ যত্ন বা maintenance কৰা অতিকৈ প্ৰয়োজন। এই প্ৰবাদৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ, একান্ত ধ্যান, একাগ্ৰতা, শৃংখলাবদ্ধতা জ্ঞান, নিয়মানুৱৰ্তীতাৰ জ্ঞান অধ্যৱসায় ... আদি আহৰণৰ কথা কোৱা হৈছে।

👉 পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ :
শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ আছে। শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলৰ মাজত সমন্বয়হীনতাই শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত অৰিহণা যোগায়। ছাত্ৰ-ছাত্ৰী,শিক্ষক আৰু অভিভাৱকৰ মাজত সদায় পৰস্পৰ সহযোগিতা, মতামতৰ ঐক্যহীনতা , সমাজৰ মানৱ সম্পদৰ ব্যৱহাৰ, সমাজৰ সৈতে গভীৰ সম্পৰ্ক অটুট ৰখা, আদি কামবোৰ সুচাৰুৰূপে পালন কৰিব লাগে। ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ নীতি নিয়ম মানি নচলিলে, নিৰৱতা ভংগ কৰি কোলাহলৰ সৃষ্টি কৰিলে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হয়। শিক্ষক শিক্ষয়িত্ৰী সকলে নিয়মিতভাৱে পাঠদান কাৰ্যত নিয়োজিত নহ'লে , অবাবত কমন ৰূমত আড্ডা মাৰি থাকিলে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত প্ৰভাৱ পৰে। 

👉 উপশমৰ উপায় :

উপশমৰ উপায় শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ হাতত। 
১/ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ নীতি নিয়ম মানি চলিবলৈ বাধ্য কৰাব লাগিব। 
২/ নিয়মীয়াকৈ পাঠদান কাৰ্যত শিক্ষকসকলে অংশগ্ৰহণ কৰিব লাগিব।
৩/শিক্ষক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত সুসম্পৰ্ক বৰ্তাই ৰখা।
৪/ ছাত্ৰ ছাত্ৰীসকলক নীতি শিক্ষাৰে দীক্ষিত কৰোৱা।
৫/ বিদ্যালয়ত নিৰৱতা, নিস্তব্ধতা, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তীতা, পৰিষ্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ণ ৰাখিবলৈ ছাত্ৰ ছাত্ৰীসকলক অনুশাসনৰ জৰিয়তে বাধ্য কৰোৱা।
৬/ বিদ্যালয়ৰ চৌহদৰ দাঁতি-কাষৰীয়া অঞ্চলত উচ্চ শব্দযুক্ত যন্ত্ৰ বজোৱাত বাধা আৰোপ কৰা। যেনে মাইক।
৭/ বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা।
৮/ জাবৰ জোঁঠৰ জ্বলোৱাৰ পৰা বিৰত থকা।
৯/ চৌহদৰ ভিতৰত পলিথিন ব্যৱহাৰ ৰোধ কৰা।
১০/ শিক্ষক শিক্ষয়িত্ৰীবৃন্দই মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰ হ্ৰাস কৰা ।

👉 উপসংহাৰ : 

ঘাইকৈ শৈক্ষিক পৰিৱেশৰ লগত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী প্ৰত্যক্ষ ভাৱে জড়িত। বিদ্যালয়ৰ প্ৰধান শিক্ষক সেয়ে এই ক্ষেত্ৰত সজাগ হৈ নিজা উদ্যোগত বিদ্যালয়ৰ নীতি নিয়ম প্ৰস্তুত কৰা প্ৰয়োজন। নীতি নিয়ম শিক্ষক আৰু প্ৰধান শিক্ষকে কঠোৰভাৱে পালন কৰিব লাগে। যদি শিক্ষক সকল নিয়মীয়া হয়, কঠোৰ হয়, শৃংখলাবদ্ধ হয়, তেন্তে ছাত্ৰ ছাত্ৰীসকলেও নিয়ম মানি চলিবলৈ বাধ্য হ'ব।


🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄
🙏প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।


👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👧‍👧👨‍👨‍👧‍👧👨‍👨‍👧‍👧👨‍👨‍👧‍👧👨‍👨‍👦‍👦

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts