ভাৰতৰ তিনি সেনাত ভৰ্তি হ'ব পৰা অগ্নিপথ আঁচনি কি! এই আঁচনিৰ অধীনত কোনে কোনে তিনি সেনাত যোগদান কৰিব পাৰিব আৰু তেওঁলোকৰ দৰমহা কিমান হ'ব!
শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতৰ তিনি সেনাৰ মুৰব্বীয়ে ভাৰতৰ তিনি সেনাত যোগদান কৰিব ইচ্ছা থকা যুৱক সকলৰ বাবে এটা নতুন আঁচনি ঘোষণা কৰে যাৰ নাম 'অগ্নিপথ আঁচনি'। এনে আঁচনি ভাৰতত এইয়ায়ে প্ৰথম। আজিকালি যুদ্ধ-বিগ্ৰহ কেতিয়া আৰু কিয় হৈ যায় আগতীয়াকৈ কোৱা কঠিন। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ইজৰাইল-পেলেষ্টাইন যুদ্ধ, আফগানিস্তান-তালিবান আদি ইয়াৰ উদাহৰণ। বহু দেশত প্ৰত্যেক ঘৰৰ এজন হ'লেও সেনাত যোগদান কৰা বাধ্যতামূলক। কিছু দেশত প্ৰায় নাগৰিককে সেনাৰ প্ৰশিক্ষণ দিয়ে যাতে দেশৰ বিপদৰ সময়ত সক্ৰিয় সেনা কমি আহিলে এই প্ৰশিক্ষিত সকলক ব্যৱহাৰ কৰিব পাৰি। 'অগ্নিপথ আঁচনি'ৰ যোগেদি যোগদান কৰা তিনিও সেনাৰ সৈনিক সকলক 'অগ্নিবীৰ' বুলি কোৱা হ'ব। এই আঁচনিৰ যোগেদি যি সকলে তিনিও সেনাত যোগদান কৰিব তেওঁলোকৰ চাকৰিৰ বয়স হ'ব চাৰি বছৰ। তাৰে ছমাহ প্ৰশিক্ষণ আৰু চাৰে তিনি বছৰ সক্ৰিয় সৈনিকৰ চাকৰি। তাৰ পাছত এই সৈনিক সকলৰ মাজৰ পৰা প্ৰায় ২৫% সৈনিকৰ চাকৰি নিয়মীয়া কৰি দিয়া হ'ব আৰু বাকী ৭৫% সৈনিকক এটা 'সেৱা নিধি' আঁচনিৰ এটা মোটা ধন দি অৱসৰ দিয়া হ'ব।
কোন কোন এই 'অগ্নিবীৰ' হ'ব পাৰিব!
- 'অগ্নিবীৰ' হ'বলৈ পদপ্ৰাৰ্থীৰ বয়স ১৭.৫ বছৰ পৰা ২১ বছৰ হ'ব লাগিব।
- নূন্যতম মেট্ৰিক উত্তীৰ্ণৰ পৰা যোগ্যতা নিৰ্ধাৰণ কৰা হ'ব। হয়তো উচ্চ মাধ্যমিকৰ উত্তীৰ্ণও লব পাৰে। সেই কথা বিজ্ঞাপন ওলালে স্পষ্ট হ'ব।
- সেনাত ভৰ্তি হ'বলৈ যিখিনি শাৰীৰিক, মানসিক আৰু স্বাস্থ্যৰ প্ৰয়োজন সেইখিনি প্ৰাৰ্থীজনৰ থাকিব লাগিব। যেনে উচ্চতা, ওজন, শৰীৰৰ সকলো অংগ সুস্থ আৰু ভাল, দৌৰ বা যি শাৰীৰিক পৰীক্ষা লব উত্তীৰ্ণ হ'ব লাগিব।
'অগ্নিবীৰ' সকলৰ দৰমহা কিমান আৰু অৱসৰৰ পাছত কি লাভ হ'ব!
- 'অগ্নিবীৰ' সকলৰ প্ৰথম বছৰৰ দৰমহা প্ৰতিমাহে ৩০,০০০ টকা হ'ব। তাৰে ২১,০০০ প্ৰতিমাহে তেওঁ পাব আৰু ৯০০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ২৫২,০০০ টকা।
- দ্বিতীয় বছৰৰ দৰমহা প্ৰতিমাহে ৩৩,০০০ টকা হ'ব। তাৰে ২৩,১০০ প্ৰতিমাহে তেওঁ পাব আৰু ৯৯০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ২৭৭,২০০ টকা।
- তৃতীয় বছৰৰ দৰমহা প্ৰতিমাহে ৩৬,৫০০ টকা হ'ব। তাৰে ২৫,৫৮০ প্ৰতিমাহে তেওঁ পাব আৰু ১০৯৫০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ৩০৬,৯৬০ টকা।
- চতুৰ্থ বছৰৰ দৰমহা প্ৰতিমাহে ৪০,০০০ টকা হ'ব। তাৰে ২৮,০০০ প্ৰতিমাহে তেওঁ পাব আৰু ১২,০০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ৩৩৬,৩০০ টকা।
৪ বছৰৰ সৰ্বমুঠ এজন 'অগ্নিবীৰ' সৈনিকে ১১ লাখ ৭২ হাজাৰ ১৬০ টকা নগদ লাভ কৰিব।
এতিয়া চিন্তা এটা হৈছে সকলোৰে যে এই যে প্ৰতিমাহে 'সেৱা নিধি' আঁচনিৰ নামত ৩০% দৰমহা কাটি দিছে সেইটো কি চৰকাৰৰ পুঁজিলৈ যাব নেকি! চিন্তা নকৰিব। নাযায়। সেই টকা ৪ বছৰৰ মূৰত 'অগ্নিবীৰ' জনেই পাব তাকো দুগুণ আৰু সুত সহ। ৪ বছৰত 'সেৱা নিধি' আঁচনিৰ নামত মুঠ ৫০২,২০০ টকা কাটিব কিন্তু ৪ বছৰৰ পাছত অৱসৰ লোৱাৰ পাছত 'অগ্নিবীৰ' সৈনিকজনে প্ৰায় আকৌ ১১ লাখ ৭১ হাজাৰ টকা একেলগে লাভ কৰিব।
মই ইতিমধ্যে কৈছোঁ যে 'অগ্নিপথ আঁচনি'ৰ সকলো 'অগ্নিবীৰ'ক ৪ বছৰৰ পাছত অৱসৰ দিয়া নহয়। ২৫ শতাংশ অগ্নিবীৰ'ৰ চাকৰি নিয়মীয়া হৈ যাব। তেওঁলোকে পাছত সেনাৰ সকলো সুবিধা লাভ কৰিব। বছৰত 'অগ্নিপথ আঁচনি'ৰ অধীনত এই নিযুক্তি দুবাৰ হ'ব প্ৰতি ছমাহৰ মূৰে মূৰে। প্ৰতিবাৰত প্ৰায় ৫০,০০০ 'অগ্নিবীৰ'ক নিৰ্বাচিত কৰা হ'ব। এইবাৰ যিহেতু প্ৰথম সেইবাবে ৪৬,০০০ নিযুক্তি হ'ব। ইয়াৰ ৩০০০ নৌসেনা, ৩০০০ বায়ুসেনা আৰু বাকী ৪০,০০০ সেনালৈ যাব।
- প্ৰতিজন 'অগ্নিবীৰে' বছৰত এমাহ ছুটী পাব। চাকৰি কালত সেনাৰ চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা, কেণ্টিন সুবিধা আদি সকলো পাব।
'অগ্নিবীৰ' হোৱাৰ পাছত ক্ষতি হোৱাৰ সম্ভাৱনা-
- মোৰ দৃষ্টিত বৰ্তমান যি নিবনুৱা সমস্যা বাঢ়িছে আৰু মানুহ আৰ্থিক সংকটত ভুগিছে 'অগ্নিবীৰ' হ'লে ক্ষতিতকৈ লাভ বেছি হ'ব। ক্ষতি এটায়ে হ'ব যিহেতু 'অগ্নিবীৰ'ৰ ভৰ্তি ১৭.৫ বছৰৰ পৰা ২১ বছৰৰ ভিতৰৰ ল'ৰাৰ হ'ব সেইমতে অগ্নিবীৰ' হ'বলৈ আহিলে নিয়মীয়া পঢ়াত অলপ ব্যাঘাত জন্মিব। কিন্তু আজিকালি মুক্ত বিশ্ব বিদ্যালয়ত চাকৰি কৰিও পঢ়িব পাৰি, যদিও তেনেকৈ নপঢ়ে ২১ বছৰত ভৰ্তি হ'লে ল'ৰা এজন ২৫ বছৰত অৱসৰ হ'ব তাৰ পাছত আকৌ পঢ়া আগুৱাই নিব পাৰে। অৱসৰৰ পাছত আৰ্থিক অৱস্থাও অলপ সুচল হ'ব আৰু হাতত অৱসৰৰ পাছত পোৱা মোটা ধনখিনিও থাকিব। এনেও সেনাত ভৰ্তি খুব কম বয়সতে হয়।
'অগ্নিবীৰ' হোৱাৰ পাছত লাভ-
ভাৰতীয় সেনা, ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ু সেনাক তিনিওক একেলগে ভাৰতীয় সশস্ত্ৰ সেনা (Indian Armed Forces) বুলি বা Military Forces বুলিও কোৱা হয়। এনে এটা সন্মানজনক Uniform Service কৰা পাছত তেওঁৰ সেই অভিজ্ঞতাৰ বাবে সকলো ঠাইতে অগ্ৰাধিকাৰ পাই। আনকি বিমানৰ Emergency Exit ৰ XL চিটটোও সেনাৰ মানুহ যাত্ৰা কৰিলে তেওঁক বিনামূলীয়াকৈ দিয়ে কাৰণ কিবা বিমানখনৰ বিপদ হ'লে Emergency Exit দৰ্জা খন এজন সাধাৰণ মানুহতকৈ এজন সেনাৰ মানুহে ভালকৈ আৰু পেচাগত ভাবে খুলিব বুলি বিশ্বাস কৰে। কাৰণ তেওঁৰ সেই চাকৰিৰ অভিজ্ঞতা। সেনাৰ মানুহ মানে সকলো জানে, যি দিয়ে তাকে কৰিব পাৰে। 'নোৱাৰো' শব্দটো সেনাত নাইয়ে বুলিব পাৰি। সেইবাবে অৱসৰৰ পাছতো দ্বিতীয় চাকৰিৰ বাবে গ'লে সেনাৰ মানুহজনক বেছি অগ্ৰাধিকাৰ দিয়া হয়। তাৰোপৰি Discipline, Manners আদিৰ বাবেও সাক্ষাৎকাৰত পইণ্ট পাই। 'অগ্নিবীৰ' সকলক চাকৰিৰ পাছত এখন অভিজ্ঞতা প্ৰমাণ পত্ৰও চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব। যি খন পৰৱৰ্তী সময়ত বিভিন্ন চাকৰিৰ বাবে সুবিধা হ'ব। দ্বিতীয়তে মাত্ৰ ৪ বছৰ চাকৰি কৰি ৪ বছৰৰ পাছত ১১ লাখ ৭০ হাজাৰ টকা একেলগে নিয়াৰ পাছত ইমান মূল ধনেৰে চাকৰি নকৰোঁ বুলি ভাবিলেও নিজে এটা ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰে। ২৫ বছৰৰ একোৱে নহয়। তাৰ পাছত যদি পঢ়িব ইচ্ছা কৰে আকৌ পঢ়ি নিজৰ মন পছন্দৰ চাকৰি বিচাৰিব পাৰে যিটো সময়ত আৰ্থিক দুৰৱস্থাত ভুগি আছিল এতিয়া আৰ্থিক ভাৱে সবল হৈ জীৱনটো আগবঢ়াই নিব পাৰিব।
এই আঁচনিৰ ফলত ভাৰতৰ এইটোৱেই লাভ হ'ব যে বহু সেনা প্ৰশিক্ষিত ভাৰতত থাকিব। কাইলৈ ভগৱানে নকৰক কিবা যুদ্ধ আদি হ'লে ভাৰতৰ Backup force থাকিব।
আৰু একেবাৰে শেষত। এজন 'অগ্নিবীৰ' নামত ৪৮ লাখ টকাৰ Life Insurance কৰা হ'ব লগতে এই চাৰি বছৰত ভগৱানে নকৰক কোনোবা 'অগ্নিবীৰ' দেশৰ বাবে শ্বহীদ হয় তেওঁৰ পৰিয়ালে ৪৪ লাখ টকা লাভ কৰিব।
এই চাকৰিৰ বিজ্ঞাপন খুব সোনকালে ওলাব বুলি গম পোৱা গৈছে। মই যদি আগতীয়াকৈ গম পাওঁ জনাম বাৰু।
দেশৰ বাবে মৰিম বুলি কোনো সেনাত ভৰ্তি নহয়, দেশ ৰক্ষা কৰিম বুলিহে ভৰ্তি হয়। সেনাৰ প্ৰতি আগ্ৰহী যুৱক সকলৰ বাবে সেনাৰ পোছাক পিন্ধা ই এটা ভাল সুযোগ।
অতিথি শিতানত , লেখক :
- লক্ষ্য জ্যোতি নাথ
অতি সুন্দৰ বৰ্ণনা ৷
ReplyDeleteআন্তৰিক ধন্যবাদ জনালো।
Delete