Saturday, January 28, 2023

We mature more with damage,not with age..! আমি ক্ষতিৰ জৰিয়তে অধিক পৰিপক্ক হওঁ, বয়সৰ জৰিয়তে নহয়..!!

We mature more with damage,not with age..! আমি ক্ষতিৰ জৰিয়তে অধিক পৰিপক্ক হওঁ, বয়সৰ জৰিয়তে নহয়..!!

🙏 ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী গৰাকীৰ নাম কি ?
🌷 জৱাহৰলাল 
🌷 নৰেন্দ্ৰ মোদী
🌷 মহাত্মা গান্ধী  
🌷 অটল বিহাৰী বাজপেয়ী 

🙏🌹কোনজন ব্যক্তিয়ে 'অহিসাই পৰম ধৰ্ম' বুলি কৈছিল ?
 🌻 সৰ্বপল্লীয়ে 
 🌻জৱাহৰলালে 
 🌻মহাত্মা গান্ধী 
 🌻সুভাষচন্দ্ৰই 

🙏 ভাৰতৰ কোনজন বিজ্ঞানীয়ে পৰমাণু বোমা নিৰ্মাণত মুখ্য অৱদান আগবঢ়াইছিল ?
🌷 জিতেন্দ্ৰনাথ 
🌷 আব্দুল কালাম 
🌷 আৰ্যভট্ট
🌷 চন্দ্ৰশেখৰ 

👉 কোনজন বিজ্ঞানীৰ নামত 'ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস' উদযাপন কৰা হয় ? 
🌺 আৰ্যভট্ট
🌺 চন্দ্ৰশেখৰ 
🌺জাহাংগীৰ ভাবা 
🌺 আইনষ্টাইন

🌹ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয়(Dibru-Saikhowa national park) উদ্যান কিহৰ বাবে বিখ্যাত ?
🌴 বগা ঘোঁৰা 
🌴 হাতী 
🌴 বৰটোকোলা 
🌴 ৰাজহাঁহ 

 💐👉বৰ সাপ যায় চিন-চাপ নাই, কি বস্তু তুৰন্তে কোৱাচোন ভাই ? 
 🌷ঢোঁৰাসাপ 
 🌷 চাইকেল 
 🌷নাও 
 🌷উৰাজাহাজ 

👉🌹🌹🌹 পাঠান বোলছবি খনৰ মূখ্য অভিনেত্ৰী গৰাকীৰ নাম কি ? 
🌷 প্ৰিয়ংকা
🌷 দীপিকা 
🌷একতা কৌল 
🌷ডিম্পল কাপড়িয়া

💐 ভাৰতৰ কোন ঠাইত 'LOTUS TEMPLE ' অৱস্থিত ?
🌻 কলকাতা 
🌻 নতুন দিল্লী 
🌻 আগ্ৰা 
🌻 পঞ্জাব

👉🌺🌺 ব্ৰিটিছৰ বিৰুদ্ধে কৃষকসকলে তেওঁলোকৰ প্ৰাপ্য বিচাৰি কৰা আন্দোলনক কি নামেৰে জনা যায় ?
🌷 পথৰুঘাটৰ ৰণ 
🌷 শৰাইঘাটৰ ৰণ
🌷আইন অমান্য আন্দোলন 
🌷এটাও নহয় 

👉🌷🌷 কি মাছ আছে কিন্তু খাব নোৱাৰি ?
🌹বৰলিয়া 
🌹ৰৌ 
🌹 ভকুৱা 
🌹বদমাছ 

🌴🔥 কি প্ৰাণীয়ে মুখেৰে পোৱালি জগায় ?
👩‍🌾 হৰিণা 
👩‍🌾 ঘৰিয়াল 
👩‍🌾 বাদুলি 
👩‍🌾 বগলী 

🌻🌻👉  'হোৱাইট হাউচ' কোন দেশৰ সংসদৰ নাম ?
🥀 জাপানৰ 
🥀 আমেৰিকাৰ 
🥀 পাকিস্তানৰ 
🥀 নেদাৰলেণ্ডৰ 

🔥👉 গোলাপী নগৰ বা Pink city বুলিলে কোনখন ঠাইৰ কথা জনা যায় ?
🌹 নতুন দিল্লী 
🌹 জয়পুৰ 
🌹 বাংগালোৰ
🌹 চেন্নাই 

🥀👉 পাঠান বোলছবি খনৰ মুঠ বাজেট কিমান আছিল ?
👸 ২.৫ বিলিয়ন 
👸 ৩.৫ বিলিয়ন 
👸 ২.৩ বিলিয়ন 
👸 ৩.৩ বিলিয়ন 

💐💐👉 পৃথিৱীত মুঠ কিমান খন দেশ আছে ?
🌹১৯৩ খন 
🌹১৯৪ খন 
🌹১৯৫ খন
🌹১৯৬ খন 

👉🌾 এছিয়া মহাদেশত মুঠ কিমান খন দেশ আছে ?
🌷৪৭ খন 
🌷৪৮ খন
🌷৪৯ খন 
🌷৫০ খন 

🌹👉 ভাৰতত মুঠ কিমান খন জিলা আছে ?
🥀৬৪০ খন 
🥀৬৪১ খন 
🥀৬৪২ খন 
🥀৬৪৩ খন 

👩‍🌾👩‍🌾👉 কলাসোণ কাক কোৱা হয় ?
🌹 কয়লা 
🌹 পেট্ৰল 
🌹 কেৰাচিন 
🌹 ডিজেল 


কুইজৰ উত্তৰ একাদিক্ৰমে:
১🌹 জৱাহৰলাল নেহৰু 
২🌹 মহাত্মা গান্ধী 
৩🌹এ পি জে আব্দুল কালাম।
৪🌹 চন্দ্ৰশেখৰ ভেংকট ৰমণ।
৫🌹বগা ঘোঁৰা 
৬🌹নাও 
৭🌹 দীপিকা পাডুকন 
৮🌹 নতুন দিল্লী 
৯🌹 পথৰুঘাটৰ ৰণ 
১০🌹 বদমাছ 
১১🌹 বাদুলী 
১২🌹 আমেৰিকাৰ 
১৩🌹 জয়পুৰ 
১৪🌹২.৫ বিলিয়ন 
১৫🌹১৯৫ খন 
১৬🌹৪৮ খন 
১৭🌹৬৪০ খন 
১৮🌹 কয়লা 

👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾
পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক:  দুদুল সোণোৱাল।

Sunday, January 22, 2023

পাঁচালী সাহিত্য কি ? মনকৰৰ কাব্যকৃতিৰ সংক্ষিপ্ত পৰিচয়। What is Panchali literature? A brief introduction to Mankar's poetic work.

পাঁচালী সাহিত্য কি ? মনকৰৰ কাব্যকৃতিৰ সংক্ষিপ্ত পৰিচয়। What is Panchali literature? A brief introduction to Mankar's poetic work.
    👉 মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সমসাময়িক সময়ত অৰ্থাৎ প্ৰায় পঞ্চদশ শতিকাৰ শেষাৰ্ধৰ পৰা ষোড়শ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত নৱবৈষ্ণৱ যুগৰ ভাৱাদৰ্শৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ, লৌকিক ঠাঁচত কাব্য ৰচনা কৰা মুষ্টিমেয় কেইজনমান সাহিত্যিকৰ জন্ম হৈছিল । উল্লেখ্য যে এই সাহিত্যিক সকলে ৰচনা কৰা বিশেষ ৰচনাৰাজিক পাঁচালী সাহিত্য বা পাঞ্চালী সাহিত্য বোলা হৈছিল। তদুপৰি এই কবিকেইজনকো পাঁচালী কবি বুলিয়েই অভিহিত কৰা হৈছিল।
      নৱ বৈষ্ণৱ যুগত আত্মপ্ৰকাশ কৰিলেও এই পাঁচালী সাহিত্যৰ ৰূপ আন সাহিত্যৰ সৈতে কিছু পাৰ্থক্য আছিল। বিশেষকৈ বৈষ্ণৱ সাহিত্যৰাজিৰ বিষয়বস্তু, ৰচনাশৈলী, ৰূপ, গঠন আৰু আদৰ্শগত পাৰ্থক্য বজাই ৰাখি এক নতুন শৈলীৰে এই সাহিত্য সৃষ্টি হৈছিল। পাঁচালী সাহিত্য বিশেষকৈ লৌকিকতাক প্ৰাধান্য দি ওজাপালিৰ বাবে ৰচনা কৰা এক শ্ৰেণীৰ কাব্যিক সাহিত্য আছিল। উল্লেখ্য যে এই শ্ৰেণীৰ ৰচনা সমূহৰ চৰিত্ৰসমূহত মানুহৰ মানৱীয় সুখ-দুখ, আৱেগ-অনুভূতি, দুৰ্বলতা আদিৰ দ্বাৰা সংপৃক্ত আছিল।
      পাঁচালী সাহিত্যৰ মূল কবিসকল আছিল ক্ৰমে - দুৰ্গাবৰ, মনকৰ, পীতাম্বৰ, সুকৰি নাৰায়ণ দেৱ আৰু ষষ্ঠীবৰ ।
      পাঁচালী সাহিত্যৰ সম্পৰ্কে বিভিন্ন গৰাকী পণ্ডিত তথা লেখকে বিভিন্ন মতামত আগবঢ়োৱা পৰিলক্ষিত হয়। পাঞ্চালিকা মানে পুতলা। পুতলা নাচ যুক্ত গীতেই হ'ল পাঁচালী। পুতলা নাচৰ সৈতে নৃত্য-গীত অভিনয় কৰাকে পঞ্চালিকা বিহাৰ বুলিও কোৱা হয় বুলি পণ্ডিতসকলে ক'ব খোজে। ড° মহেশ্বৰ নেঁওগেও পাঞ্চালিকা বিহাৰ শব্দটোৱে পুতলা নাচ বা পাঁচালী গীতৰ আবৃত্তিৰ কথা ইংগিত কৰে বুলি মন্তব্য আগবঢ়াইছিল। 
      পাঁচালী সাহিত্যক বিষয়বস্তুৰ আধাৰত সাহিত্যিক নবীন চন্দ্ৰ শৰ্মাই তিনিটা ভাগত বিভক্ত কৰিছে। ভাগ কেইটা হৈছে - ১/ মহাকাব্যয়ী পাঁচালী, ২/মনসা বা বিষহৰী পাঁচালী আৰু ৩/ বিবিধ বিষয়ক পাঁচালী।
      থুলমূল বিৱৰণ আগবঢ়োৱা হৈছে -
      ১/ মহাকাব্যয়ী পাঁচালী : সাধাৰণতে যিবোৰ সাহিত্যৰ আধাৰ গ্ৰন্থ মহাভাৰত, ৰামায়ণ, পূৰাণ আদি, সেইবোৰ পাঁচালীক মহাকাব্যয়ী পাঁচালী বোলা হয়। 
      ২/মনসা বা বিষহৰী পাঁচালী : মনসা দেৱীৰ গুণানুকীৰ্তন কৰা পাঁচালী সাহিত্যৰাজিক মনসা বা বিষহৰী পাঁচালী সাহিত্য বোলা হয়। মনকৰ আৰু দুৰ্গাবৰৰ মনসা কাব্য হ'ল এনে সাহিত্যৰ উদাহৰণ।
      ৩/ বিবিধ বিষয়ক পাঁচালী : মহাকাব্যয়ী পাঁচালী আৰু মনসা বা বিষহৰী পাঁচালী সাহিত্যৰ পৰিধিয়ে সামৰি নোলোৱা বা সামৰিব নোৱাৰা পাঁচালী সাহিত্যৰাজিক বিবিধ বিষয়ক পাঁচালী সাহিত্য বোলা হয়।

    মনকৰৰ কাব্যকৃতিৰ সংক্ষিপ্ত পৰিচয়: 
    মনকৰ হ'ল মনসা বা বিষহৰী বিষয়ক পাঁচালী সাহিত্য পৰম্পৰা নিৰ্মাতা। মনকৰ প্ৰকৃততে ৰজা জল্পেশ্বৰৰ ৰাজত্ব কালৰ লোক। তেওঁৰ মাতৃ আছিল কালিন্দ্ৰী। দেউতাকৰ তথ্য অৱশ্যে পোৱা নাযায়। ককাকৰ নাম আছিল কামাখ্যা বন্দো ঢেকেৰীয়া।
    মনকৰ এগৰাকী কবি আছিল। তেওঁ ৰজা বিশ্ব সিংহ দিনৰ কবি আছিল। মনকৰক এজন ওজা বা গীতাল আছিল বুলিও জনা যায়। মনকৰে ৰচনা কৰা একমাত্ৰ পুথিখন হৈছে পদ্মপুৰাণ । এই গ্ৰন্থখনক মনসা পূৰাণ বা মনসা কাব্য বা মনকৰী বুলিও কোৱা হয়। সম্পূৰ্ণ পূৰাণখন বিভিন্ন সময়ত বিভিন্ন কবিৰ দ্বাৰা ৰচিত হৈছিল। অৱশ্যে মনকৰে তেওঁৰ দ্বাৰা ৰচিত মনসা কথা বৃত্তক 'পদুমাইৰ গীত ' বা পাঞ্চালী বা শ্ৰাৱনেৰ গীত বুলি অভিহিত কৰিছিল। বৰ্তমানলৈ মনসা কাব্য সম্পূৰ্ণ ৰূপে ছপা হৈ ওলোৱা নাই। সত্যেন্দ্ৰনাথ শৰ্মা আৰু বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনাত ১৯৫১ চনত প্ৰথম খণ্ড এটা ছপা হৈ ওলাইছিল। এই পুথিখনৰ হেনো হাতে লিখা পাণ্ডুলিপি কামাখ্যা ধামত আৰু বামুন্দি শুৱালকুছিৰ কেইবাটাও পৰিয়ালত বৰ্তমানেও সংৰক্ষিত অৱস্থাত আছে। 






প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।

🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻
       

Saturday, January 21, 2023

ছাত্ৰ আৰু ৰাজনীতি: চমু আলোকপাত। Students and Politics: A Brief Overview.

ছাত্ৰ আৰু ৰাজনীতি : চমু আলোকপাত। Students and Politics: A Brief Overview.

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
১/ছাত্ৰৰ প্ৰাথমিক কৰ্তব্য কি

ছাত্ৰৰ প্ৰাথমিক কৰ্তব্য হ'ল অধ্যয়ন কৰা। বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণেৰে নিজক সুন্দৰ ভাৱে,জাকত-জিলিকা কৰি গঢ় দিবলৈ কৰা প্ৰয়াসেই হৈছে এজন ছাত্ৰৰ প্ৰাথমিক কৰ্তব্য। সংস্কৃতত কৈছে 'ছাত্ৰানাং অধ্যয়নং তপ:' অৰ্থাৎ ছাত্ৰৰ অধ্যয়ন হ'ব লাগে মুনিৰ তপস্যা সদৃশ ।

যি ছাত্ৰৰ অধ্যয়ন গভীৰ নহয়, সেই ছাত্ৰৰ জ্ঞান আহৰণ প্ৰক্ৰিয়াত শিথিলতা থাকে। অধ্যয়নত মনোযোগ, ধ্যান, ধাউতি, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তীতা আদি গুণসমূহ মানি চলিহে অধ্যয়ন ফলৱৰ্তী হয়। 
     সাম্প্ৰতিক সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়নৰ নমুনা তেনেই দুখলগা। বিভিন্ন পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল পৰ্যবেক্ষণ কৰিলে আজিৰ ছাত্ৰৰ অধ্যয়নৰ প্ৰকৃত ছবিখন দেখা পাব পাৰি। নহলেনো আজিৰ বহু ছাত্ৰই শিক্ষান্ত পৰীক্ষাৰ দেওনাকে অতিক্ৰম কৰিবলৈ নোৱাৰে অথবা বহু কঠিন বুলি ভাবিবলৈ ধৰেনে ! ইয়াৰ মূলতে হ'ল অধ্যয়ন। গভীৰ ভাবে, পুংখানুপুংখ ভাৱে কোনো এখন কিতাপ পঢ়িবলৈ যেন আজিৰ ছাত্ৰৰ ধৈৰ্য অথবা সময় দুয়োটাই অভাৱ। বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ তেনে বহু ছাত্ৰ-ছাত্ৰী আছে যি পাঠ্যপুথিখন কেৱল স্পৰ্শ কৰে কিন্তু গভীৰ ভাৱে পাঠটো নপঢ়ে। মূৰকত তেওঁলোকে ইয়াৰ পৰিণাম পাই পৰীক্ষাত। কলম কামুৰি, মূৰ খজুৱাই, লগৰজনক আমনি কৰি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হয়। যাৰ পৰিণাম অনুত্তীৰ্ণ। 

২/ ৰাজনীতি কি
ৰাজনীতি বুলিলে দেশ বা ৰাষ্ট্ৰ এখনৰ শাসন সম্বন্ধীয় নীতি-নিয়ম, মতবাদ আদিৰ কথাকে বুজা যায়। এটা কথা ধ্ৰুৱসত্য যে দেশৰ কোনো নাগৰিকে কেতিয়াও ৰাজনীতিৰ পৰা আঁতৰি থাকিব নোৱাৰে। সাধাৰণতে কোনো খাম খেয়ালী নোহোৱাকৈ, কোনো জঞ্জাল নোহোৱাকৈ নিজৰ কাম কৰি যোৱা লোকসকলক ৰাজনীতিৰ পৰা আঁতৰি থকা বুলি কোৱা হয়। কিন্তু তেওঁৰ এই নিৰৱতাই চলিত অৱস্থাৰ এখন চৰকাৰক সমৰ্থন কৰাটোকে বুজাই। কথাতে কয় বোলে "জ্বৰে এৰিলেও কৰ্পটিয়ে (প্ৰকৃতিয়ে) নেৰে" । ঠিক একেদৰে আমি ৰাজনীতি এৰিলেও ৰাজনীতিয়ে আমাক কোনো কালে নেৰে। এখন গণতান্ত্ৰিক তথা স্বাধীন দেশৰ নাগৰিকে ৰাজনীতিৰ পৰা কেতিয়াও আঁতৰি আহিব নোৱাৰে। 
     ৰাজনীতি বুলি কোৱা মাত্ৰকে আমাৰ মনলৈ ভাঁহি আহে এচাম ধূৰন্ধৰ দালাল আৰু দূৰ্নীতিত পোত যোৱা কিছুমান লোকৰ ছবি। যি ছবিয়ে ৰাজনীতিৰ কৰ্দয্য ৰূপৰ প্ৰতিফলন ঘটাই। ৰাজনীতি বৰ ৰাগিয়াল দ্ৰব্য সদৃশ। শথতা,ভণ্ডামি, বৈষম্য, হিংসা, ভেদভাৱ আদিবোৰো ৰাজনীতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত। সেয়ে বহুতো লোকে ৰাজনীতিক লেতেৰা নীতি হিচাপে আখ্যা দিবলৈ কুণ্ঠাবোধ নকৰে। গতিকে এনে লেতেৰা ব্যৱস্থাৰ সৈতে এজন অপৈনত ল'ৰা বা যুৱক অৰ্থাৎ ছাত্ৰই সম্পৰ্ক ৰখাটো কিমান সমীচিন সেয়া সহজে অনুমেয় । 

৩/ ছাত্ৰৰ লগত ৰাজনীতিৰ সম্পৰ্ক: 
উচিত নে অনুচিত
    ৰাজনীতিৰ লগত ছাত্ৰৰ সম্পৰ্ক হ'ল কলিতে ফুলত বিষঢলা সম্পৰ্ক । যিদৰে কলিতে ফুলত বিষাক্ত ৰাসায়নিক দ্ৰব্য দিলে ফুল অকালতে মৰহি যায়, ঠিক একেদৰে অপৈনত এজন ছাত্ৰই ৰাজনীতিৰ লগত জড়িত হ'লে ছাত্ৰজনৰ ভৱিষ্যত জীৱনো অন্ধকাৰ হোৱা সম্ভাৱনা থাকে। মোৰ মনে ছাত্ৰৰ বয়সত ৰাজনীতিৰ পৰা আঁতৰি থকাটো অত্যন্ত ভাল সিদ্ধান্ত বুলি ক'ব খোজে। কিয়নো ছাত্ৰাৱস্থাত তেওঁলোকৰ বুদ্ধি-বৃত্তি , মন মগজু সম্পূৰ্ণ অপৈনত অৱস্থাত থাকে। তেওঁলোকে কোনটো সিদ্ধান্ত ভাল কোনটো বেয়া তাক তাৎক্ষণিকভাৱে ঠাৱৰ কৰিব অপাৰগ হয়। গতিকে এনে অপৈনত বয়সত ৰাজনীতিৰ মেৰপেচত সোমালে অভিমন্যুৰ দৰে অৱস্থা হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। বিভিন্ন ৰাজনীতিবিদ, শিক্ষাবিদ আৰু বুদ্ধিজীৱী সকলেও ইয়াৰ ওপৰত উচিত সিদ্ধান্ত গ্ৰহণ কৰিব সক্ষম হোৱা নাই যেন লাগে। কিছুমান ৰাজনীতিবিদে ছাত্ৰৰ ৰাজনীতিৰ সম্পৰ্কক সমৰ্থন কৰে কিন্তু আন কিছুমানে নকৰে। 
    ছাত্ৰ অৱস্থাত প্ৰথমে নিজৰ লক্ষ্যত উপনীত হবলৈ কৰা চেষ্টাক অগ্ৰাধিকাৰ দিয়া উচিত। ইয়াৰ বাবে প্ৰাথমিক কৰ্তব্য হিচাপে অধ্যয়ন অব্যাহত ৰাখিব লাগিব। বিভিন্ন বিষয়ত যেনে ৰাজনীতি বিজ্ঞান,সমাজ বিজ্ঞান, তাত্ত্বিক বিজ্ঞান আদি সম্পূৰ্ণৰূপে আয়ত্ব কৰি ল'ব লাগিব। দেশৰ আভ্যন্তৰীণ ৰাজনীতি কি ঘটিছে, কিমান অন্যায় চলিছে, ক'ত দূৰ্নীতি হৈছে, কেনেকৈ লুণ্ঠনৰাজ চলিছে আদি কথাবোৰ ছাত্ৰ অৱস্থাত অধ্যয়ন কৰা জৰুৰী। তদুপৰি দেশত সুশাসন যাতে ব্ৰৰ্তী থাকে তাৰবাবে সমালোচনা আৰু মাৰ্গ দৰ্শন কৰিবলৈ ছাত্ৰাৱস্থাতে শিকিব লাগে। ইয়াৰোপৰি চৰকাৰৰ লেতেৰা ৰাজনীতিৰ বিৰুদ্ধে সজাগতা অনাৰ বাবে জনমত গঠন কৰিবলৈ পাৰে। এনে কাৰ্যৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে নিজক গঢ় দিব লাগে। অধ্যয়ন শেষ হোৱাৰ পাছতহে ৰাজনীতিত প্ৰৱেশ কৰি জনসেৱা কৰি আমূল পৰিবৰ্তন আনিবলৈ চিন্তা-চৰ্চা কৰা উচিত।
৪/ উপসংহাৰ
প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পিতৃ মাতৃয়ে তেওঁলোকৰ পৰা বহু কিবাকিবি আশা কৰে। সন্তানৰ উজ্জ্বল ভৱিষ্যত, দেশসেৱা আৰু নিজৰ ঠাইখনৰ লগতে দেশলৈ সুনাম কঢ়িয়াই আনক বুলি সকলো পিতৃ মাতৃয়ে আশাপালি থাকে। এনে আশাক নিৰ্বাপিত নকৰাকৈ আগবাঢ়িবলৈ হ'লে ছাত্ৰসমাজ ৰাজনীতিৰ পৰা আঁতৰি থকাটো একান্তই প্ৰয়োজন।




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।
আৰৈমূৰীয়া গাওঁ।


🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻

Friday, January 20, 2023

অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ চমু আভাস। A brief glimpse of the history of Assamese literature.

অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ চমু আভাস।A brief glimpse of the history of Assamese literature. অসমীয়া বুৰঞ্জীৰ ভাগ-১/ প্ৰাক্ আহোম যুগৰ বুৰঞ্জী, ২/ আহোম ৰজাৰ বুৰঞ্জী- ইয়াৰ ভিতৰত পৰে পুৰণি অসমীয়া বুৰঞ্জী, বাঁহগৰীয়া বুৰঞ্জী, দেউধাই অসম বুৰঞ্জী ইত্যাদি। ৩/ দাঁতিঅলীয়া বুৰঞ্জী - ইয়াৰ ভিতৰত পৰে ত্ৰিপুৰা বুৰঞ্জী, পাদশ্যাহ বুৰঞ্জী আদি। ৪/ কটকী বুৰঞ্জী, ৫/ চকীয়ালৰ বুৰঞ্জী,৬/ চাৰুং ফুকনৰ বুৰঞ্জী ।  

🌷🌷🌷🌷🌷🌷🌷🌷

👉অসমীয়া সাহিত্যত যি বুৰঞ্জীৰ সন্নিৱিষ্ট হৈছিল সেয়া আহোম সকলৰ মুখ্য অৱদান ৰূপে পৰিগণিত। স্বৰ্গদেউ চুকাফা অসমৰ মাটিত খোজ পেলোৱাৰ পৰৱৰ্তী কালৰ পৰা বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হৈছিল বুলি জনা যায়। আহোম সকলে অসমত ভৰি থৈ প্ৰথমে টাই ভাষাত বুৰঞ্জী ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোকে অসমীয়া সলসলীয়াকৈ ক'ব আৰু লিখিবলৈ পৰা হ'ল তেতিয়াৰ পৰাই অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল। ইতিহাসৰ পমখেদি অধ্যয়ন কৰিলে পৰিলক্ষিত হয় যে অসমীয়া বুৰঞ্জী সাহিত্যক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। ভাগবোৰ হৈছে ক্ৰমে -১/ প্ৰাক্ আহোম যুগৰ বুৰঞ্জী, ২/ আহোম ৰজাৰ বুৰঞ্জী- ইয়াৰ ভিতৰত পৰে পুৰণি অসমীয়া বুৰঞ্জী, বাঁহগৰীয়া বুৰঞ্জী, দেউধাই অসম বুৰঞ্জী ইত্যাদি। ৩/ দাঁতিঅলীয়া বুৰঞ্জী - ইয়াৰ ভিতৰত পৰে ত্ৰিপুৰা বুৰঞ্জী, পাদশ্যাহ বুৰঞ্জী আদি। ৪/ কটকী বুৰঞ্জী, ৫/ চকীয়ালৰ বুৰঞ্জী,৬/ চাৰুং ফুকনৰ বুৰঞ্জী । অসমীয়া বুৰঞ্জীৰ ভাষাৰ মাধূৰ্য্যতা মন কৰিবলগীয়া। ইয়াত কোনো কৃত্ৰিমতা নাই। শুনিবলৈ শুৱলা। সেয়েহে হয়তো সমগ্ৰ ভাৰতৰ আধুনিক ভাষাবোৰৰ ভিতৰতে ই অতুলনীয়।
  
    ১/ প্ৰাক্ আহোম যুগৰ বুৰঞ্জী : প্ৰাক্ আহোম যুগ বুলিলে সাধাৰণতে অষ্টাদশ শতিকাৰ শেষৰ সময়ছোৱাৰ কথাকে বুজায়। উল্লেখ্য যে এই সময়তে আমেৰিকাৰ ব্যপ্তিষ্ট মিছনেৰীসকল অসমলৈ আহি অসমৰ অসমীয়া ভাষা শিকি তেওঁলোকৰ ধৰ্ম প্ৰচাৰ কৰিছিল। আনহাতে ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ ফলত অসম মানৰ হাতৰ পৰা ইংৰাজে অধিকাৰ কৰিছিল এই সময়তে। এই ঘটনাৰ প্ৰভাৱ অসমীয়া ভাষা সাহিত্যত বাৰুকৈয়ে পৰিছিল। ১৮১৩ চনত ড° উইলিয়াম কেৰিয়ে অসমীয়া ভাষাত প্ৰথম ছপাপুঁথি হিচাপে ধৰ্মগ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৩৩ চনত প্ৰকাশ পাইছিল আত্মাৰাম শৰ্মাৰ 'সমস্ত বাইবেল'। ১৮৩৬ চনৰ পৰা ১৮৭২ চনলৈ অসমীয়া ভাষা উত্থানত কিছু যতি পৰিছিল কাৰণ এই সময়ছোৱাত অসমত অসমীয়া ভাষাৰ ঠাইত বাংলা ভাষাই স্থান অধিগ্ৰহণ কৰিছিল। 


    ১৮৩৯ চনত উইলিয়াম ৰবিনচনে প্ৰথম অসমীয়া ভাষাৰ ব্যাকৰণ পুথি ৰচনা কৰি প্ৰকাশ কৰি সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছিল। ইয়াৰ পিছত ১৯৬৭ চনত অসমীয়া অভিধান প্ৰকাশ কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি ইতিহাস সমৃদ্ধ কৰিছিল ড° মাইলছ ব্ৰন্সনে। যাক প্ৰথম অসমীয়া অভিধান বুলি গণ্য কৰা হয়। ১৮৪৬ চনত প্ৰথম অসমীয়া পত্ৰিকা অৰুণোদয় প্ৰকাশ কৰি বুৰঞ্জী সাহিত্য টনকিয়াল কৰিছিল। বোধহয় এই পত্ৰিকা প্ৰকাশৰ লগে লগে আধুনিক যুগৰ সূচনা হৈছিল। এই যুগৰ সাহিত্যকেই অৰুনোদই যুগৰ সাহিত্য বোলা হয়। ইয়াৰ পৰৱৰ্তী সময়ত এ কে গাৰ্ণিৰ 'কামিনীকান্ত' আৰু শ্ৰীমতী গাৰ্ণিৰ 'ফুলমণি আৰু কৰুণা', পদ্মাৱতী দেৱী ফুকননীৰ 'সুধৰ্মাৰ উপাখ্যান', নিধিলিবাই ফাৰৱেলৰ ৰচনা ; আনন্দৰাম ঢেকিয়াল ফুকনৰ- অসমীয়া ল'ৰাৰ মিত্ৰ, a few remarks on Assamese language আদি উপন্যাস প্ৰকাশেৰে অসমীয়া সাহিত্যৰ বীজ অংকুৰিত কৰিছিল। 
     গতিকে দেখা যায় বুৰঞ্জী সাহিত্য উত্থানৰ ক্ষেত্ৰত প্ৰথম অৱদান আগবঢ়াই আহোমসকলে। জোনাকী যুগৰ সাহিত্য, উত্তৰ জোনাকী যুগৰ সাহিত্যৰ ভঁৰাল চহকী হোৱাৰ ক্ষেত্ৰত অৱশ্যে আহোম সকলৰ লগতে আন লোকসকলৰো মুখ্য অৱদান আছে। বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, শৰৎচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, পদ্মনাথ গোহাঞিবৰুৱা, চন্দ্ৰধৰ বৰুৱা, হিতেশ্বৰ বৰবৰুৱা , ৰঘুনাথ চৌধাৰী, অম্বিকাগিৰী ৰায়চৌধুৰী, দুৰ্গেশ্বৰ শৰ্মা, যতীন্দ্ৰ নাথ দুৱৰা , ৰত্নকান্ত বৰকাকতি, দেৱকান্ত বৰুৱা... আদি স্বনামধন্য লেখক সকলৰ অৱদান এই সময়ত আছিল উল্লেখযোগ্য।


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Saturday, January 14, 2023

মাঘৰ বিহুৰ মেজিৰ জুইত জাহ যাওক অসূয়া অপ্ৰীতি আৰু ভেদভাৱ !! Go to the fire of Maghar Bihu's Meji Unpleasantness and Discrimination .

মাঘৰ বিহুৰ মেজিৰ জুইত জাহ যাওক অসূয়া অপ্ৰীতি আৰু ভেদভাৱ !! Go to the fire of Maghar Bihu's Meji  Unpleasantness and Discrimination .

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷

       চাওঁতে চাওঁতে আকৌ আহিল অসমীয়াৰ ভোগালী বিহু। মন প্ৰাণ উগুল-থুগুল। উলাহে নধৰে হিয়া। মাঘ বিহু বুলিলেই মনত আহে ভোগালী দিনৰ কথা। চিৰা, হৰেক ৰকমৰ পিঠা , হৰেক ৰকমৰ আলু , মাছ মাংস, ভঁৰালত ধানৰ ভৰপূৰ অৱয়ব। গতিকে মানুহে আনন্দেৰে এসাঁজ খাবলৈ উধাতু খাই দৌৰে। ব্যস্ত সময়ত অলপ আজৰি। মেজিৰ জুইৰ লেলিহান শিখাই দুখ দুদৰ্শা নাশ, কপট খেয়াল, হিংসা, দ্বেষ আদি নাশ কৰাৰ মানসেৰে মানুহৰ ভগৱানৰ ওচৰত একান্ত প্ৰাৰ্থনা। এয়াই আমাৰ অসমীয়া সমাজৰ তথা অসমৰ মাঘ বিহুৰ সুলভ দৃশ্য। এই পৰম্পৰাৰ গতি অব্যাহত থাকক অনাদি কাললৈ আমাৰ সেয়াই কাম্য। 

       মাঘ বিহুৰ শুভ ক্ষণত সকলোৱে নিশ্চয় সাজু হৈছে এসাঁজ লগে ভাগে খোৱাৰ। ঘৰৰ আটায়ে একেলগ হোৱাৰ। একেলগে খোৱাৰ মজাই বেলেগ। ইয়াৰ মাজতে বহুতে আকৌ প্ৰীতিৰ বনভোজৰ আয়োজন কৰিব। এনে আয়োজনত আকৌ ঠাই আগুৰিব সাজেও। গতিকে এনে সময়ত বহুতে নিচাত মাতাল হ'ব। খাওক.. খোৱাৰ দিন। সেইবুলি অধিক নাখাব। পৰম্পৰাগত নীতি নিয়ম মানি খাব। নিজেও ভালেৰে দিনটো অতিবাহিত কৰক আৰু আনকো সুকলমে দিন অতিবাহিত কৰিবলৈ সুযোগ দিয়ক। তেতিয়াহে মাঘ বিহুৰ স্বকীয়তা ৰক্ষা পৰিব। 
       ভেলাঘৰ ৰখীয়া সকলেও অতিৰিক্ত নকৰিব। পৰম্পৰাগত নিয়ম আছে বুলিয়েই আনৰ বাৰীৰ জেওৰা খৰিৰ বাবে ভাঙি অনা অনুচিত। আনৰ বাৰীৰ বস্তু পেলনি যোৱাকৈ তহিলং কৰাও অনুচিত। এনে কৰিলে ভাই ভাইৰ মাজত কাজিয়া পেছাল সূত্ৰপাত হোৱাৰ সম্ভাৱনা থাকে। গতিকে তেনে এটা পৰ্যায় যাতে নাপায় আমাৰ ভেলাঘৰ ৰখীয়া সকল আৰু বনভোজ আয়োজন কৰা ৰাইজে সচেতন হ'ব বুলি আশা ৰাখিলোঁ। 
       মেজিৰ জুইত উদ্ভাসিত হওঁক জাতিটোৰ জ্যোতিৰ্ময় বৈভৱ। জাতিৰ যি পৰম্পৰা সি আজি প্ৰায় যায় যায় অৱস্থা । চৌদিশে কেৱল শত্ৰুৰ হাতোৰা। বৰ্তমানৰ অনুভূতি হীন ৰঙীন ভাৱৰ প্ৰলেপেৰে তাহানিৰ পৰম্পৰাত বাৰুকৈয়ে কোঠাৰাঘাত কৰিছে। আনকি ভৱিষ্যত প্ৰজন্মই হয়তো এদিন সুতুলী পিঠা, ভাৱত দিয়া পিঠা, চিৰা পিঠা,তিল পিঠা আদি যে আমাৰে সৃষ্টি। এইবোৰ যে অসমীয়া জাতিৰ পৰম্পৰাগত খাদ্য সেই কথা পাহৰিবলৈ বৰ বেছি দিন হয়তো নাই। কাৰণ আজিৰ দিনত মানুহৰ ঘৰত এইবোৰ প্ৰস্তুত কৰিবলৈ কি তিৰোতা কি পুৰুষ সকলোৰে সময়ৰ ভীষণ নাটনি। এই নাটনিয়ে এনে খাদ্য সমূহ প্লাষ্টিকৰ পেকেটৰ ভিতৰলৈ লৈ যোৱাত অৰিহণা যোগালে। অসমীয়া জাতিৰ পৰম্পৰাগত খাদ্যই ব্যৱসায়ৰ পথাৰত বাট বুলিলে এয়া নিশ্চয় ভাল কথা। কিন্তু তাহানিৰ পৰা চলি অহা মাঘৰ বিহুৰ পিঠা-পনা প্ৰস্তুত একেদৰে আমাৰ তিৰোতা সকলে নীতি নিয়ম মানি প্ৰস্তুত কৰি যাওক প্ৰতিটো বছৰে। তেতিয়া অসমীয়াৰ স্বাভিমান ৰব আৰু ভৱিষ্যত প্ৰজন্মই শিকিব পাৰিব।
      আপুনিও লক্ষ্য ৰাখিছে নিশ্চয় এই পৰ্যন্ত অসমীয়াৰ ঘৰৰ পৰা এপদ এপদকৈ বহু বস্তু হেৰাব লাগিছে। ঢেঁকী হেৰাল ! বজাৰত গুইআলু , কাঠআলু ম'ৰাআলু পাবলৈ নাই । তাৰমানে গাঁৱতে এইবিলাক বস্তুৰ উৎপাদন হ্ৰাস পালে, বজাৰত কেনেকৈ ওলাব! এয়া আমাৰে দোষ নহয়নে ? আমি নিজৰ পৰম্পৰা ধৰি ৰাখিবলৈ নিজে প্ৰয়াস কৰিব লাগিব। তেহে অসমীয়া অসমত বাচি থাকিব। অসমীয়াৰ কৃষ্টি সংস্কৃতি জীয়াই থাকিব। এতিয়া লাহে লাহে অসমীয়াৰ ঢেঁকীয়ে যাদুঘৰত প্ৰৱেশ কৰিছে। গতিকে অসমীয়াৰ ঘৰত দেখিব পোৱা নাযায়!! 
      অতীজৰে পৰা অসমীয়া ৰাইজে ভোগালী বিহু পালন কৰি আহিছে। অসমৰ কৃষিজীৱি লোকসকল আঘোণৰ পথাৰৰ সোণগুটি ভঁৰালত সোমোৱাই শকত হৈ থকা সময়। সকলোৰে নদন-বদন অৱস্থা হৈ থকাৰ বাবে সুখেৰে এসাঁজ খোৱা হয়। সেয়ে হয়তো এই বিহুক ভোগালী বিহু বোলা হয়। হাঁহ , পাৰ, মাছ, মাংস উভৈনদী হৈ থাকে এই সময়ত। গ্ৰাম্য সমাজত ভোগালী বিহুৰ পয়োভৰ বেছি। অৱশ্যে অতীজৰে পৰা চলি অহা মতে অসমীয়াৰ তিনিটা বিহুও কৃষিভিত্তিক আৰু সেয়ে গ্ৰাম্য সমাজৰ লগতহে ওতঃপ্ৰোত ভাবে সম্পৰ্ক । 
      ই যি কি নহওঁক, অসমীয়াৰ আমঠুস্বৰূপ ভোগালী বিহুৰ উৰুকাৰ দিনটোতে অসমৰ সমূহ শ্ৰদ্ধাৰ জনগণক ভোগালী বিহুৰ হিয়া ভৰা ওলগ জ্ঞাপন কৰিলোঁ। সকলোৰে দুখ দুদৰ্শা আঁতৰাই সুখৰ আবিৰ হানি দিয়ক ভোগালীৰ প্ৰতিটো ক্ষণে। তাৰে আন্তৰিক শুভকামনা। 



সংক্ষিপ্ত প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।


🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
       
      
       
        

Tuesday, January 10, 2023

থলুৱা জনগোষ্ঠী একোটাৰ পৰম্পৰাগত খাদ্যাভ্যাস আৰু ইয়াৰ স্বাস্থ্যৰ প্ৰতি উপকাৰসমূহ ।The traditional food habits of an indigenous community and its health benefits.

থলুৱা জনগোষ্ঠী একোটাৰ পৰম্পৰাগত খাদ্যাভ্যাস আৰু ইয়াৰ স্বাস্থ্যৰ প্ৰতি উপকাৰসমূহ।The traditional food habits of an indigenous community and its health benefits.

১/ পাতনি
থলুৱা জনগোষ্ঠী একোটাৰ পৰম্পৰাগত খাদ্য বুলিলে সাধাৰণতে পূৰ্বৰ পৰা চলি অহা খাদ্যৰ অভ্যাসকে বুজা যায়। একোটা জনগোষ্ঠীৰ অন্তৰ্গত মানুহবিলাকে বিভিন্ন উপায়েৰে খাদ্য খোৱা দেখা যায়। বয়ল কৰা, পুৰা,পাতত দিয়া আদি উপায়েৰে সাধাৰণতে খাদ্য সম্ভাৰ প্ৰস্তুত কৰা পৰিলক্ষিত হয়। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত এনে খাদ্যাভ্যাস আছে। আহোম, কছাৰী, মৰাণ,মটক, দেউৰী, ৰাভা, কাৰ্বি, মিচিং, লালুং,ৰেংমা,ডিমাচা,... আদি জনগোষ্ঠীৰ মাজত বিভিন্ন খাদ্য সম্ভাৰ দেখা যায়। প্ৰতিটো জনগোষ্ঠীৰে বেলেগ বেলেগ খাদ্যাভ্যাস আছে। বিশেষকৈ অসমত বাস কৰা এই সকল লোকৰ ইচ্ছা, অনিচ্ছা আৰু ৰুচি-অভিৰুচি অনুসৰি খাদ্যভাস গঢ়ি উঠে। আগৰ দিনৰ মানুহবোৰে বয়ল কৰা বেছিকৈ খাইছিল। পাতত দিয়া আৰু খৰিকাত দিয়া খাদ্যবোৰ হৈছে কচু, মাকচি টেঙা, কিছু গোন্ধোৱা মাছ, মাংস, আদিবোৰ পাতত দিয়া হয় আৰু তাজা মাছ, মাংস খৰিকাত দিয়া হয়। আন কিছুমান শাক-পাচলি আছে যি উহুৱাই (Boiled)খালেহে ভাল লাগে। অতি সুস্বাদু হয়। উল্লেখ্য যে পাতত দিয়া আৰু খৰিকাত দিয়া খাদ্য খাবলৈ অতি সুস্বাদু হয়। আগৰ দিনৰ মানুহবোৰ অৰ্থাৎ আজিৰ পৰা ১০০ বছৰৰ আগৰ মানুহে এনে উপায়েৰে খোৱাৰ বাবে হয়তো তেওঁলোক সুদীৰ্ঘ কাল জীয়াই থাকিবলৈ সক্ষম হৈছিল। কিন্তু আধুনিক সমাজৰ মানুহে মিঠাতেল বা অন্য তেলৰ সহায়ত তৈয়াৰ নকৰা খাদ্য খাবলৈ ইচ্ছা নকৰে। অধিক তেল আৰু মা-মচলা জাতীয় খাদ্যহে আজিকালি মানুহৰ প্ৰিয়।যাৰ বাবে মানুহৰ বিভিন্ন ৰোগ হ'বলৈ ধৰিছে।

২/থলুৱা জনগোষ্ঠীৰ বৰ্ণনা আৰু পৰম্পৰাগত খাদ্যাভ্যাস কি
থলুৱা জনগোষ্ঠী বুলিলে অতীজৰে পৰা যিবিলাক জনগোষ্ঠীয়ে অসমত বাস কৰি আহিছে সেইবিলাককে নিশ্চয় বুজোৱা হয়। অসমৰ মাটিৰ লগত এই জাতিবোৰৰ সম্বন্ধ প্ৰগাঢ়। এই জাতিবিলাকে অতীজৰে পৰা নিজৰ ইচ্ছা অনুসৰি আৰু নিজৰ কায়দাৰে খাদ্য খোৱাৰ পৰম্পৰা গঢ়ি তুলিছিল। তেওঁলোকে খাদ্যবোৰ পাতত দিছিল নতুবা কেৱল পানীত উতলাই সিজাই খাইছিল। তদুপৰি আন কিছুমানে আকৌ জুইত সেকি বা পুৰি খাইছিল। সাধাৰণতে তাহানিৰ সেই দিনবোৰত আজিৰ দৰে মিঠাতেলৰ উভয়নৈদী নাছিল। সেয়েহে নিশ্চয় ইয়াৰ ব্যৱহাৰো কম আছিল। গতিকে বিকল্প হিচাপে পোৰা, সেকা, উহুৱা আৰু পাতত দিয়া প্ৰথাৰে বা পদ্ধতিৰে খোৱা খাদ্য প্ৰস্তুত কৰিছিল। জাতি এটাৰ পূৰ্বৰ পৰা চলি অহা এনে অভ্যাসগত খাদ্যাভ্যাসেই হৈছে পৰম্পৰাগত খাদ্যাভ্যাস । 

৩/ পৰম্পৰাগত খাদ্য তালিকা আৰু গুণাগুণৰ বৰ্ণনা
পৰম্পৰাগত খাদ্য ---
ভাত
ভাত হৈছে থলুৱা জনগোষ্ঠী সমূহৰ মূল খাদ্য। বিভিন্ন জাতৰ চাউল জনগোষ্ঠী সমূহে ভাতৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। পৰম্পৰাগত ভাৱে চলি অহা কিছুমান ধানৰ পৰা এনে চাউলৰ উৎপাদন কৰা হয়। বিশেষকৈ পুৰণি ধানৰ জাতবোৰ হৈছে - জহা, ৰূপহী লাহী, পঞ্জাৱ লাহী, দলকচি, কাজিৰঙা, গম্ভীৰ, সুৱাগমণি, লাহীবৰ,মতাবৰ, মানিকীমধুৰী। বৰা ধানৰ ভিতৰত - নলবৰা, বকুল বৰা আদি। উল্লেখ্য যে এনে ধানৰ পৰা চাউল উৎপাদন কৰি থলুৱা জনগোষ্ঠী সমূহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। জহা চাউলৰ ভাত, লাহী চাউলৰ ভাত, বৰ চাউলৰ ভাত, বৰা জলপান অসমীয়া জাতিৰ অন্যতম উৎকৃষ্ট মানৰ খাদ্য হিচাপে পৰিগণিত। ভাৰতৰ আন ঠাইৰ খাদ্য সমূহৰ সৈতে ফেৰ মাৰিব পৰা অসমীয়া সমাজৰ খাদ্য অলপ পৃথক বুলি ক'ব পাৰি। অসমীয়া সমাজত এনে বিভিন্ন জাতৰ চাউলৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰে। যেনে - চিৰা, হুৰুম, সান্দহ, গোটা কৰাই , আখৈ, লাওত দিয়া জলপান, টেকেলি পিঠা, তিল পিঠা, ঘিলা পিঠা , হাতীকান পিঠা, হালোৱা, .. আদি হৰেক ৰকমৰ খাদ্য প্ৰস্তুত কৰা হয়। সুষম আহাৰত থকা সকলোবোৰ উপাদান কম বেছি পৰিমাণে এনে খাদ্যত উপলব্ধ হয়।

বিভিন্ন তৰকাৰী বা আঞ্জাৰ উপকৰণ সমূহ : 
(ক) আলু পিটিকা
(খ) কচু উহুৱা
(গ) উখোৱা চাউলৰ ভাত
(ঘ) বেঙেনা পোৰা
(ঙ)মাছ পুৰি বা খৰিকাত দি পিটিকা কৰা 
(চ) কচু থোৰ পাতত দিয়া 
(ছ) মাংস আৰু লাইজাবৰিৰ বয়ল ( জুলীয়া)
(জ) বাঁহ গাজ উহুৱা 
(ঝ) মাংস খৰিকাত দিয়া 
(ঞ) কণবিলাহী আৰু খুটুৰা শাক বয়ল কৰা।
(ট) মানিমুনি আৰু ভেদাইলতা পাতত দিয়া
(ঠ) কলডিল আৰু কলপচলা ... আদি।

উল্লেখ্য যে এনে খাদ্যত কোনো ভেজাল নাই। এনে খাদ্যত কোনো মা-মচলা মিহলোৱা নহয়। তাৰোপৰি তেল জাতীয় দ্ৰব্য ব্যৱহাৰ কৰা নহয়,য'ত ব্যৱহাৰ কৰে তাতো একেবাৰে কম। সেয়ে এনে খাদ্যই পেটৰ কোনো অপকাৰ নকৰাৰ উপৰিও আমাৰ শৰীৰৰো কোনো হানি বিঘিনি নঘটায়।  খাবলৈ সুস্বাদু হোৱাৰ লগতে পৰম্পৰাগত খাদ্যই শৰীৰত প্ৰয়োজনীয় কেলৰি বা শক্তি যোগান ধৰিবলৈ সক্ষম। আনহাতে থলুৱা ভাৱে প্ৰাপ্ত এনে খাদ্য ঔষধি গুণ যুক্তও হয়।  বৰ্তমান সময়ত অধিক মা-মচলা দি এডোঙা তেলত সিজোৱা খাদ্য খোৱাৰ ফলত দেহত নানানটা ৰোগৰ সৃষ্টি হোৱা দেখা যায়। সেয়ে হয়তো আজিকালি মানুহৰ সজম ক্ষমতা কম আৰু ঘনাই পেটচলা বেমাৰত ভোগিব ধৰে।

৪/ স্বাস্থ্যৰ প্ৰতি উপকাৰী দিশসমূহ 
 # ই দেহত শক্তি বৃদ্ধি ঘটাব পাৰে।
 # ই হজমি শক্তি বৃদ্ধি ঘটোৱাত সহায় কৰে।
 # দেহৰ ৰোগ নিৰাময়ত এনে খাদ্যই সহায় কৰে।
 # পেট চলা, গ্ৰহণী ৰোগ, কৃৰ্মীপেলু হোৱাৰ পৰা ৰক্ষা কৰে।
 # লিভাৰ ভালে ৰখাত এনে খাদ্য উত্তম।
 # বয়ল তৰকাৰী আৰু বয়ল আহাৰ গ্ৰহণ কৰিলে বহু ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

৬/ পৰামৰ্শ আৰু সামৰণি 
বয়ল, পোৰা, সেকা খাদ্য খালে কিছু ক্ষেত্ৰত শৰীৰত অসুবিধা দেখা দিবও পাৰে। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে দেহৰ বাবে পোৰা,সেকা আৰু বয়ল কৰা খাদ্য অতিমাত্ৰা ব্যৱহাৰ কৰা অনুচিত। কাৰণ বয়ল কৰিলে খাদ্য বিধ সম্পূৰ্ণকৈ নিসিজে যাৰ বাবে পেটত অসুখ কৰাৰ সম্ভাৱনা থাকে। কেৱল বয়ল খালে দেহত তেলৰ অভাৱে দেখা দিয়ে। অৰ্থাৎ চৰ্বি দেহে উচিত পৰিমাণত নাপায়। দেহত এই উপাদানৰ পৰিমাণ হ্ৰাস পালে দেহে নানানটা ৰোগৰ সন্মুখীন হোৱা সম্ভাৱনা থাকে।




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ। 


Sunday, January 8, 2023

ব্লগ পোষ্ট লিখাটো সহজ কিন্তু সঠিকভাৱে পৰিচালনা কৰা সহজ নহয় !!Blog posts are easy to write but not easy to manage properly !!

ব্লগ পোষ্ট লিখাটো সহজ কিন্তু সঠিকভাৱে পৰিচালনা কৰা সহজ নহয় !!Blog posts are easy to write but not easy to manage properly !! পোষ্ট লিখাৰ পাছত কি কৰিব,চেটিংচত কি কি থাকে,Google analytics কি ?...আহক জানো।

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

     মই বিগত 2019 চনৰ পৰা ব্লগত পোষ্ট লিখি আছোঁ। ব্লগত লিখিবলৈ সহজ কিন্তু সঠিকভাৱে পৰিচালনা কৰিবলৈ বহু কঠিন। কম্পিউটাৰৰ অ,আ,ক,খ... নজনাকৈ ব্লগৰ আদ্যোপান্ত চম্ভালি লোৱাটো হ'ল লেখকজনৰ এক ডাঙৰ প্ৰত্যাহ্বান। ব্লগত পোষ্ট লিখাৰ পাছত যদি ইয়াৰ পৰা লাভবান হ'বলৈ বিচাৰে তেন্তে লেখকজনে বহু নীতি-নিয়ম মানি চলি আগবাঢ়িব লগা হয়। 
    প্ৰথমে প্ৰৱন্ধটো বা লেখাটো যুগুত কৰি উলিয়াব লাগে। যুগুত কৰা লেখাটো ব্লগলৈ গৈ টাইপ কৰিব লাগে। তাৰপাছত চেটিং কৰিবলগীয়া হয়। চেটিংত ব্লগ পোষ্টটোৰ HTML tags  সৃষ্টি কৰিলেহে ই ব্লগত প্ৰকাশ পাব। 
    বিগত তিনি বছৰত মই যথেষ্ট পৰিমাণে বুজিব পাৰিছো যদিও এতিয়াও শিকিবলৈ মোৰ বাবে বহু বাকী আছে। যেতিয়া প্ৰথমে এই ব্লগত মই পোষ্ট লিখাটো আৰম্ভ কৰিছিলো তেতিয়া মই ভিতৰুৱা কথাবোৰ একেবাৰে বুজা নাছিলোঁ। কাৰণ ব্লগৰ ভিতৰখন কেৱল ইংৰাজী ভাষাৰে পৰিচালনা কৰা হয়। ব্লগত পেইজ লিখা পাছত কি কৰিব লাগে বা কি কৰিব নালাগে সেই সম্পৰ্কে বিশদভাৱে বুজিবলৈ ব্লগাৰৰ হেল্প চেণ্টাৰত প্ৰৱেশ কৰিব লাগে আৰু প্ৰয়োজনীয় বিষয়বস্তু টাইপ কৰি চাৰ্চ কৰিলে সকলো কথা স্পষ্টকৈ বুজিব পৰা যায়। কিন্তু এই সকলোবোৰ ইংৰাজী ভাষাত পোৱা যায়।যাৰ বাবে ইংৰাজী নজনা লোকৰ বাবে ই বৰ কঠিন কাম হিচাপে পৰিগণিত হ'ব পাৰে। অৱশ্যে ইয়াৰ বিকল্প হিচাপে অনুবাদৰ সহায় ল'ব পৰা যায়। কিন্তু ই বৰ সময় খৰচী হ'ব। Google ত বিষয়বস্তু বিচৰা আৰু সেইবোৰ অসমীয়ালৈ অনুবাদ কৰা আৰু পঢ়া আদি কৰোঁতে যথেষ্ট সময় ব্যয় হয়। আচলতে নজনাৰ বাবে এয়া গলগ্ৰহ বাদে আন একো নহয়। যিমান কঠিন হ'লেও কিন্তু মানুহে এই লেখা কাম কৰিবলৈ এৰা নাই। কাৰণ ইয়াত লাভালাভৰ কথা আছে। আমাৰ অৰ্ধশিক্ষিত নিবনুৱা সকলৰ বাবে ব্লগাৰত পেজ লিখাটো অতি ভাল কাম হ'ব বুলি ভাবোঁ। কাৰণ আজিকালি দেখা যায় 15ৰ পৰা 25 বছৰৰ ল'ৰা ছোৱালীয়ে আটাইতকৈ বেছি ফেচবুকত সময় নষ্ট কৰে। তেওঁলোকে যদি সময় সৎ ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰে তেন্তে ব্লগত ব্লগ পোষ্ট লিখিবলৈ আৰম্ভ কৰক। ইয়ে তেওঁলোকক জীৱনত আৰ্থিক আয়ত সহায় কৰিব। ইয়াৰ বাবে গোটেই দিনটোৰ প্ৰয়োজন নাই। অন্ততঃ প্ৰতিদিনে তিনি ঘণ্টা সময় খৰচ কৰিলে ইয়াৰ পৰা সুফল লাভ কৰিব পাৰিব। ব্লগ পোষ্ট লিখাৰ পাছত চেটিং কৰিবলৈ আন পাকৈত লোকৰ সহায় লবও পাৰে। 
   পোষ্ট লিখাৰ পাছত কি কৰিব .....?
   পোষ্টটোৰ শিৰোনাম এটা দিয়ক। মনত ৰাখিব যাতে শিৰোনাম পাঠকৰ আকৰ্ষণীয় হয়। আকৰ্ষণীয় হ'লেহে সকলোৱে পঢ়িবলৈ আগবাঢ়িব । আপোনাৰ ব্লগত গৈ মানুহে পঢ়িব লাগিব আৰু ইয়াৰ পৰা মানুহে লাভৱান হব লাগিব তেতিয়াহে সকলোৱে পঢ়িব। লেখাটোৰ সৈতে সম্পৰ্ক থকা ফটো, ভিডিঅ' যিমান পাৰে সংলগ্ন কৰা উচিত। তেতিয়া পাঠকসকলৰ বাবে লেখাটোৰ অৰ্থ বুজাত সহজ আৰু সুবিধা হয়। লেখাটোত ভাৱ ভাষা সুন্দৰভাৱে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিব লাগে। ভাষা সহজ-সৰল হ'ব লাগে যাতে সকলো লোকে বুজিবলৈ সক্ষম হয়। বিষয় বস্তু বাছনি হৈছে মূল কথা। বিষয়বস্তু মনোগ্ৰাহী আৰু আকৰ্ষণীয় হ'ব লাগে। প্ৰয়োজনীয় বিষয় বস্তু বাছনি কৰা ভাল। লেখাটোৰ জৰিয়তে মানুহ উপকৃত হ'ব লাগে। মানুহৰ কামত আহিব লাগে। তেতিয়াহে লেখকৰ লেখা সাৰ্থক হ'ব। 
      চেটিংত কি কি থাকে..??
1. Level
2. Location
3. Search Description
4. Links
5. Custom robot tax
6. Layout setting
7. Theme
8. Statistics
9. Google search console
10. Google analytics setting

1. Level : লেবেল মানে হৈছে সূচীপত্ৰৰ দৰে কথা। আপোনাৰ ব্লগত কি কি লেখা আছে ব্লগ খুলি সেইবোৰ চাই থাকিবলৈ সকলো মানুহৰে সময় নাথাকে। সেয়ে প্ৰথম সূচীপত্ৰখনহে চাই। প্ৰতিটো ব্লগ পোষ্টৰ কেৱল নাম আৰু লেখাটোৰ সংখ্যা মানুহে বিচাৰে। সেই নামত বুটাম টিপা মাত্ৰকে ৱেবছাইটত সেইটো আহি যাব আৰু মানুহে পঢ়িব। সেয়ে লেবেলৰ প্ৰয়োজন হয়। সৰুতে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী বিলাকে বহীত লগোৱা লেবেলৰ দৰে একে কথা।
2. Location
লেখাটো আপুনি ক'ত ক'ত প্ৰচাৰ কৰিব তাৰ স্থানেই হৈছে লকেশ্বন। আকৌ আপুনি কোন ঠাইৰ পৰা পোষ্ট দিছে তাৰ সম্পৰ্কেও লকেশ্বনে উমান দিয়ে। 
3. Search Description
আপোনাৰ ব্লগত দিয়া পোষ্টটো মানুহে বিচাৰিলে পাব লাগিব। সেয়ে কোনখিনি কথা আপোনাৰ লেখাটোত আটাইতকৈ প্ৰয়োজনীয় সেই কথাখিনি বাছনি কৰি চাৰ্চ ডিচক্ৰিপচনত দিয়া হয়। তেতিয়া সেই কথাখিনি পাঠকে ৱেবছাইটত বিচাৰিলে দেখা পায় আৰু আপোনাৰ লেখাটো পঢ়িবলৈ সম্ভাৱনা থাকে।
4. Links
লেখাটোৰ এটা ঠিকনা থাকে বা সংযোগ থাকে। সেয়াই হৈছে প্ৰকৃততে লিংক। এই লেখাৰ লিংক ব্লগে আপোনা-আপুনি সৃষ্টি কৰে। লিংকটো আপুনি বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিব পাৰে। আপোনাৰ লেখাটো এই সংযোগ বা Link ৰ দ্বাৰা পাঠকে ৱেবছাইটত পঢ়িব সক্ষম হয়।

5. Custom robot tax
ৰবট টেক্স ব্লগত পেইজ লেখাৰ পিছত ব্লগে স্বয়ংক্ৰিয় ভাৱে সৃষ্টি কৰে। কেৱল লেখাটো লিখাৰ পাছত চেটিংত গৈ ডিফাউল্ট অকে কৰিব লাগে।
6. Layout setting
লেখাটো লিখাৰ পাছত লিখাৰ তাৰিখ, বাৰ,সময় আদি সন্নিৱিষ্ট কৰিব লাগে। Layout setting ত এই সকলোবোৰ দিহা থাকে।
7. Theme
লেখাটো প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা পৰ্টেলে হ'ল থীম। আমি থীম মানে বিষয়বস্তু বুলিয়ে বুজো যদিও ইয়াত থীম মানে লেখাটো প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা পৰ্টেলৰ কথাহে বুজা গৈছে। আপোনাৰ লেখাটোৰ আখৰ খিনি কি ৰংৰ পৰ্টেলত থব। ৰঙা, নীলা, গুলপীয়া, হালধীয়া... আদি বিভিন্ন ধৰণৰ ৰংৰ থীম থাকে। থীম নিৰ্বাচন লেখকৰ নিজা পছন্দৰ ওপৰত নিৰ্ভৰ কৰে। থীমে মানুহে আকৰ্ষিত হোৱাকৈ লেখাটো সজাই তোলে।

8. Statistics
ষ্টেটিচটিক হ'ল আপোনাৰ লেখাটো কিমান জন মানুহে পঢ়িলে তাৰ সাংখ্যিক হিচাপ। এইটো ব্লগত আপোনা-আপুনি সৃষ্টি হয়। ব্লগে লেখকক এই সুবিধা প্ৰদান কৰে।

9. Google search console
আপোনাৰ লেখাটো এনেয়ে ৱেবছাইটত উপলব্ধ নহয়। ইয়াৰ বাবে  Google search console য়ে আপোনাক সহায় কৰে। আপোনাৰ লেখাটোৰ লিংকটো ইয়াত পেষ্ট কৰিব লাগিব। তেতিয়া  Google search console য়ে এইটো ৱেবছাইটত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে। মানুহে বিচৰা লগে লগে ৱেবছাইটত এইটো উপলব্ধ হ'ব।

10. Google analytics setting
Google analytics setting ত আপোনাৰ দ্বাৰা লেখাবোৰ কোনে কিমান চালে, কিমান বয়সৰ মানুহে বেছি চাইছে... ইত্যাদি বিৱৰণ দিয়া থাকে। আপোনাৰ লেখাটো হৈছে আপোনাৰ এটা সম্পত্তি। এই সম্পত্তি আনৰ সৈতে ভাগবাটোৱাৰা কৰাত Google এ সহায় কৰে। সেয়ে আপোনাৰ লেখাটোৰ লিংক অনুসৰি গুগলে আপোনাৰ লেখাটোৰ পাঠকৰ সম্পৰ্কে বিশদভাৱে জনাই থাকে। এই ব্যৱস্থাটোৱে হৈছে Google analytics setting।

       আপুনি নিশ্চয় অনুমান কৰিব অলপ হ'লেও পাৰিছে। ব্লগাৰত প্ৰৱেশ কৰ আপোনাৰ একাউণ্ট আজিয়ে খোলক আৰু লিখিবলৈ প্ৰয়াস কৰক। লেখাটো এটা ভাল অভ্যাস। আপুনি যি জানে তাকে লিখিবলৈ যত্ন কৰক। লাজ নকৰিব। বাক্যৰ গাঁঠনি, বানান অশুদ্ধ হয় বুলি বহুতে লিখিবলৈ সাহস নকৰে। আচলতে কাম এটা কৰা আগতে মুঠেও তেনেধৰণৰ নঞৰ্থক ভাৱ মনলৈ অনা উচিত নহয়। শেষত আপুনি চেষ্টা কৰিব বুলি আশা ৰাখিলোঁ।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল। সহ শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts