👉 মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সমসাময়িক সময়ত অৰ্থাৎ প্ৰায় পঞ্চদশ শতিকাৰ শেষাৰ্ধৰ পৰা ষোড়শ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত নৱবৈষ্ণৱ যুগৰ ভাৱাদৰ্শৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ, লৌকিক ঠাঁচত কাব্য ৰচনা কৰা মুষ্টিমেয় কেইজনমান সাহিত্যিকৰ জন্ম হৈছিল । উল্লেখ্য যে এই সাহিত্যিক সকলে ৰচনা কৰা বিশেষ ৰচনাৰাজিক পাঁচালী সাহিত্য বা পাঞ্চালী সাহিত্য বোলা হৈছিল। তদুপৰি এই কবিকেইজনকো পাঁচালী কবি বুলিয়েই অভিহিত কৰা হৈছিল।
নৱ বৈষ্ণৱ যুগত আত্মপ্ৰকাশ কৰিলেও এই পাঁচালী সাহিত্যৰ ৰূপ আন সাহিত্যৰ সৈতে কিছু পাৰ্থক্য আছিল। বিশেষকৈ বৈষ্ণৱ সাহিত্যৰাজিৰ বিষয়বস্তু, ৰচনাশৈলী, ৰূপ, গঠন আৰু আদৰ্শগত পাৰ্থক্য বজাই ৰাখি এক নতুন শৈলীৰে এই সাহিত্য সৃষ্টি হৈছিল। পাঁচালী সাহিত্য বিশেষকৈ লৌকিকতাক প্ৰাধান্য দি ওজাপালিৰ বাবে ৰচনা কৰা এক শ্ৰেণীৰ কাব্যিক সাহিত্য আছিল। উল্লেখ্য যে এই শ্ৰেণীৰ ৰচনা সমূহৰ চৰিত্ৰসমূহত মানুহৰ মানৱীয় সুখ-দুখ, আৱেগ-অনুভূতি, দুৰ্বলতা আদিৰ দ্বাৰা সংপৃক্ত আছিল।
পাঁচালী সাহিত্যৰ মূল কবিসকল আছিল ক্ৰমে - দুৰ্গাবৰ, মনকৰ, পীতাম্বৰ, সুকৰি নাৰায়ণ দেৱ আৰু ষষ্ঠীবৰ ।
পাঁচালী সাহিত্যৰ সম্পৰ্কে বিভিন্ন গৰাকী পণ্ডিত তথা লেখকে বিভিন্ন মতামত আগবঢ়োৱা পৰিলক্ষিত হয়। পাঞ্চালিকা মানে পুতলা। পুতলা নাচ যুক্ত গীতেই হ'ল পাঁচালী। পুতলা নাচৰ সৈতে নৃত্য-গীত অভিনয় কৰাকে পঞ্চালিকা বিহাৰ বুলিও কোৱা হয় বুলি পণ্ডিতসকলে ক'ব খোজে। ড° মহেশ্বৰ নেঁওগেও পাঞ্চালিকা বিহাৰ শব্দটোৱে পুতলা নাচ বা পাঁচালী গীতৰ আবৃত্তিৰ কথা ইংগিত কৰে বুলি মন্তব্য আগবঢ়াইছিল।
পাঁচালী সাহিত্যক বিষয়বস্তুৰ আধাৰত সাহিত্যিক নবীন চন্দ্ৰ শৰ্মাই তিনিটা ভাগত বিভক্ত কৰিছে। ভাগ কেইটা হৈছে - ১/ মহাকাব্যয়ী পাঁচালী, ২/মনসা বা বিষহৰী পাঁচালী আৰু ৩/ বিবিধ বিষয়ক পাঁচালী।
থুলমূল বিৱৰণ আগবঢ়োৱা হৈছে -
১/ মহাকাব্যয়ী পাঁচালী : সাধাৰণতে যিবোৰ সাহিত্যৰ আধাৰ গ্ৰন্থ মহাভাৰত, ৰামায়ণ, পূৰাণ আদি, সেইবোৰ পাঁচালীক মহাকাব্যয়ী পাঁচালী বোলা হয়।
২/মনসা বা বিষহৰী পাঁচালী : মনসা দেৱীৰ গুণানুকীৰ্তন কৰা পাঁচালী সাহিত্যৰাজিক মনসা বা বিষহৰী পাঁচালী সাহিত্য বোলা হয়। মনকৰ আৰু দুৰ্গাবৰৰ মনসা কাব্য হ'ল এনে সাহিত্যৰ উদাহৰণ।
৩/ বিবিধ বিষয়ক পাঁচালী : মহাকাব্যয়ী পাঁচালী আৰু মনসা বা বিষহৰী পাঁচালী সাহিত্যৰ পৰিধিয়ে সামৰি নোলোৱা বা সামৰিব নোৱাৰা পাঁচালী সাহিত্যৰাজিক বিবিধ বিষয়ক পাঁচালী সাহিত্য বোলা হয়।
মনকৰৰ কাব্যকৃতিৰ সংক্ষিপ্ত পৰিচয়:
মনকৰ হ'ল মনসা বা বিষহৰী বিষয়ক পাঁচালী সাহিত্য পৰম্পৰা নিৰ্মাতা। মনকৰ প্ৰকৃততে ৰজা জল্পেশ্বৰৰ ৰাজত্ব কালৰ লোক। তেওঁৰ মাতৃ আছিল কালিন্দ্ৰী। দেউতাকৰ তথ্য অৱশ্যে পোৱা নাযায়। ককাকৰ নাম আছিল কামাখ্যা বন্দো ঢেকেৰীয়া।
মনকৰ এগৰাকী কবি আছিল। তেওঁ ৰজা বিশ্ব সিংহ দিনৰ কবি আছিল। মনকৰক এজন ওজা বা গীতাল আছিল বুলিও জনা যায়। মনকৰে ৰচনা কৰা একমাত্ৰ পুথিখন হৈছে পদ্মপুৰাণ । এই গ্ৰন্থখনক মনসা পূৰাণ বা মনসা কাব্য বা মনকৰী বুলিও কোৱা হয়। সম্পূৰ্ণ পূৰাণখন বিভিন্ন সময়ত বিভিন্ন কবিৰ দ্বাৰা ৰচিত হৈছিল। অৱশ্যে মনকৰে তেওঁৰ দ্বাৰা ৰচিত মনসা কথা বৃত্তক 'পদুমাইৰ গীত ' বা পাঞ্চালী বা শ্ৰাৱনেৰ গীত বুলি অভিহিত কৰিছিল। বৰ্তমানলৈ মনসা কাব্য সম্পূৰ্ণ ৰূপে ছপা হৈ ওলোৱা নাই। সত্যেন্দ্ৰনাথ শৰ্মা আৰু বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনাত ১৯৫১ চনত প্ৰথম খণ্ড এটা ছপা হৈ ওলাইছিল। এই পুথিখনৰ হেনো হাতে লিখা পাণ্ডুলিপি কামাখ্যা ধামত আৰু বামুন্দি শুৱালকুছিৰ কেইবাটাও পৰিয়ালত বৰ্তমানেও সংৰক্ষিত অৱস্থাত আছে।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।
🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻
No comments:
Post a Comment
dudulsonowal32@gmail.com