মাঘৰ বিহুৰ মেজিৰ জুইত জাহ যাওক অসূয়া অপ্ৰীতি আৰু ভেদভাৱ !! Go to the fire of Maghar Bihu's Meji Unpleasantness and Discrimination .
🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
চাওঁতে চাওঁতে আকৌ আহিল অসমীয়াৰ ভোগালী বিহু। মন প্ৰাণ উগুল-থুগুল। উলাহে নধৰে হিয়া। মাঘ বিহু বুলিলেই মনত আহে ভোগালী দিনৰ কথা। চিৰা, হৰেক ৰকমৰ পিঠা , হৰেক ৰকমৰ আলু , মাছ মাংস, ভঁৰালত ধানৰ ভৰপূৰ অৱয়ব। গতিকে মানুহে আনন্দেৰে এসাঁজ খাবলৈ উধাতু খাই দৌৰে। ব্যস্ত সময়ত অলপ আজৰি। মেজিৰ জুইৰ লেলিহান শিখাই দুখ দুদৰ্শা নাশ, কপট খেয়াল, হিংসা, দ্বেষ আদি নাশ কৰাৰ মানসেৰে মানুহৰ ভগৱানৰ ওচৰত একান্ত প্ৰাৰ্থনা। এয়াই আমাৰ অসমীয়া সমাজৰ তথা অসমৰ মাঘ বিহুৰ সুলভ দৃশ্য। এই পৰম্পৰাৰ গতি অব্যাহত থাকক অনাদি কাললৈ আমাৰ সেয়াই কাম্য।
মাঘ বিহুৰ শুভ ক্ষণত সকলোৱে নিশ্চয় সাজু হৈছে এসাঁজ লগে ভাগে খোৱাৰ। ঘৰৰ আটায়ে একেলগ হোৱাৰ। একেলগে খোৱাৰ মজাই বেলেগ। ইয়াৰ মাজতে বহুতে আকৌ প্ৰীতিৰ বনভোজৰ আয়োজন কৰিব। এনে আয়োজনত আকৌ ঠাই আগুৰিব সাজেও। গতিকে এনে সময়ত বহুতে নিচাত মাতাল হ'ব। খাওক.. খোৱাৰ দিন। সেইবুলি অধিক নাখাব। পৰম্পৰাগত নীতি নিয়ম মানি খাব। নিজেও ভালেৰে দিনটো অতিবাহিত কৰক আৰু আনকো সুকলমে দিন অতিবাহিত কৰিবলৈ সুযোগ দিয়ক। তেতিয়াহে মাঘ বিহুৰ স্বকীয়তা ৰক্ষা পৰিব।
ভেলাঘৰ ৰখীয়া সকলেও অতিৰিক্ত নকৰিব। পৰম্পৰাগত নিয়ম আছে বুলিয়েই আনৰ বাৰীৰ জেওৰা খৰিৰ বাবে ভাঙি অনা অনুচিত। আনৰ বাৰীৰ বস্তু পেলনি যোৱাকৈ তহিলং কৰাও অনুচিত। এনে কৰিলে ভাই ভাইৰ মাজত কাজিয়া পেছাল সূত্ৰপাত হোৱাৰ সম্ভাৱনা থাকে। গতিকে তেনে এটা পৰ্যায় যাতে নাপায় আমাৰ ভেলাঘৰ ৰখীয়া সকল আৰু বনভোজ আয়োজন কৰা ৰাইজে সচেতন হ'ব বুলি আশা ৰাখিলোঁ।
মেজিৰ জুইত উদ্ভাসিত হওঁক জাতিটোৰ জ্যোতিৰ্ময় বৈভৱ। জাতিৰ যি পৰম্পৰা সি আজি প্ৰায় যায় যায় অৱস্থা । চৌদিশে কেৱল শত্ৰুৰ হাতোৰা। বৰ্তমানৰ অনুভূতি হীন ৰঙীন ভাৱৰ প্ৰলেপেৰে তাহানিৰ পৰম্পৰাত বাৰুকৈয়ে কোঠাৰাঘাত কৰিছে। আনকি ভৱিষ্যত প্ৰজন্মই হয়তো এদিন সুতুলী পিঠা, ভাৱত দিয়া পিঠা, চিৰা পিঠা,তিল পিঠা আদি যে আমাৰে সৃষ্টি। এইবোৰ যে অসমীয়া জাতিৰ পৰম্পৰাগত খাদ্য সেই কথা পাহৰিবলৈ বৰ বেছি দিন হয়তো নাই। কাৰণ আজিৰ দিনত মানুহৰ ঘৰত এইবোৰ প্ৰস্তুত কৰিবলৈ কি তিৰোতা কি পুৰুষ সকলোৰে সময়ৰ ভীষণ নাটনি। এই নাটনিয়ে এনে খাদ্য সমূহ প্লাষ্টিকৰ পেকেটৰ ভিতৰলৈ লৈ যোৱাত অৰিহণা যোগালে। অসমীয়া জাতিৰ পৰম্পৰাগত খাদ্যই ব্যৱসায়ৰ পথাৰত বাট বুলিলে এয়া নিশ্চয় ভাল কথা। কিন্তু তাহানিৰ পৰা চলি অহা মাঘৰ বিহুৰ পিঠা-পনা প্ৰস্তুত একেদৰে আমাৰ তিৰোতা সকলে নীতি নিয়ম মানি প্ৰস্তুত কৰি যাওক প্ৰতিটো বছৰে। তেতিয়া অসমীয়াৰ স্বাভিমান ৰব আৰু ভৱিষ্যত প্ৰজন্মই শিকিব পাৰিব।
আপুনিও লক্ষ্য ৰাখিছে নিশ্চয় এই পৰ্যন্ত অসমীয়াৰ ঘৰৰ পৰা এপদ এপদকৈ বহু বস্তু হেৰাব লাগিছে। ঢেঁকী হেৰাল ! বজাৰত গুইআলু , কাঠআলু ম'ৰাআলু পাবলৈ নাই । তাৰমানে গাঁৱতে এইবিলাক বস্তুৰ উৎপাদন হ্ৰাস পালে, বজাৰত কেনেকৈ ওলাব! এয়া আমাৰে দোষ নহয়নে ? আমি নিজৰ পৰম্পৰা ধৰি ৰাখিবলৈ নিজে প্ৰয়াস কৰিব লাগিব। তেহে অসমীয়া অসমত বাচি থাকিব। অসমীয়াৰ কৃষ্টি সংস্কৃতি জীয়াই থাকিব। এতিয়া লাহে লাহে অসমীয়াৰ ঢেঁকীয়ে যাদুঘৰত প্ৰৱেশ কৰিছে। গতিকে অসমীয়াৰ ঘৰত দেখিব পোৱা নাযায়!!
অতীজৰে পৰা অসমীয়া ৰাইজে ভোগালী বিহু পালন কৰি আহিছে। অসমৰ কৃষিজীৱি লোকসকল আঘোণৰ পথাৰৰ সোণগুটি ভঁৰালত সোমোৱাই শকত হৈ থকা সময়। সকলোৰে নদন-বদন অৱস্থা হৈ থকাৰ বাবে সুখেৰে এসাঁজ খোৱা হয়। সেয়ে হয়তো এই বিহুক ভোগালী বিহু বোলা হয়। হাঁহ , পাৰ, মাছ, মাংস উভৈনদী হৈ থাকে এই সময়ত। গ্ৰাম্য সমাজত ভোগালী বিহুৰ পয়োভৰ বেছি। অৱশ্যে অতীজৰে পৰা চলি অহা মতে অসমীয়াৰ তিনিটা বিহুও কৃষিভিত্তিক আৰু সেয়ে গ্ৰাম্য সমাজৰ লগতহে ওতঃপ্ৰোত ভাবে সম্পৰ্ক ।
ই যি কি নহওঁক, অসমীয়াৰ আমঠুস্বৰূপ ভোগালী বিহুৰ উৰুকাৰ দিনটোতে অসমৰ সমূহ শ্ৰদ্ধাৰ জনগণক ভোগালী বিহুৰ হিয়া ভৰা ওলগ জ্ঞাপন কৰিলোঁ। সকলোৰে দুখ দুদৰ্শা আঁতৰাই সুখৰ আবিৰ হানি দিয়ক ভোগালীৰ প্ৰতিটো ক্ষণে। তাৰে আন্তৰিক শুভকামনা।
সংক্ষিপ্ত প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।
🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
No comments:
Post a Comment
dudulsonowal32@gmail.com