ছাত্ৰ আৰু ৰাজনীতি : চমু আলোকপাত। Students and Politics: A Brief Overview.
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
১/ছাত্ৰৰ প্ৰাথমিক কৰ্তব্য কি
ছাত্ৰৰ প্ৰাথমিক কৰ্তব্য হ'ল অধ্যয়ন কৰা। বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণেৰে নিজক সুন্দৰ ভাৱে,জাকত-জিলিকা কৰি গঢ় দিবলৈ কৰা প্ৰয়াসেই হৈছে এজন ছাত্ৰৰ প্ৰাথমিক কৰ্তব্য। সংস্কৃতত কৈছে 'ছাত্ৰানাং অধ্যয়নং তপ:' অৰ্থাৎ ছাত্ৰৰ অধ্যয়ন হ'ব লাগে মুনিৰ তপস্যা সদৃশ ।
যি ছাত্ৰৰ অধ্যয়ন গভীৰ নহয়, সেই ছাত্ৰৰ জ্ঞান আহৰণ প্ৰক্ৰিয়াত শিথিলতা থাকে। অধ্যয়নত মনোযোগ, ধ্যান, ধাউতি, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তীতা আদি গুণসমূহ মানি চলিহে অধ্যয়ন ফলৱৰ্তী হয়।
সাম্প্ৰতিক সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়নৰ নমুনা তেনেই দুখলগা। বিভিন্ন পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল পৰ্যবেক্ষণ কৰিলে আজিৰ ছাত্ৰৰ অধ্যয়নৰ প্ৰকৃত ছবিখন দেখা পাব পাৰি। নহলেনো আজিৰ বহু ছাত্ৰই শিক্ষান্ত পৰীক্ষাৰ দেওনাকে অতিক্ৰম কৰিবলৈ নোৱাৰে অথবা বহু কঠিন বুলি ভাবিবলৈ ধৰেনে ! ইয়াৰ মূলতে হ'ল অধ্যয়ন। গভীৰ ভাবে, পুংখানুপুংখ ভাৱে কোনো এখন কিতাপ পঢ়িবলৈ যেন আজিৰ ছাত্ৰৰ ধৈৰ্য অথবা সময় দুয়োটাই অভাৱ। বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ তেনে বহু ছাত্ৰ-ছাত্ৰী আছে যি পাঠ্যপুথিখন কেৱল স্পৰ্শ কৰে কিন্তু গভীৰ ভাৱে পাঠটো নপঢ়ে। মূৰকত তেওঁলোকে ইয়াৰ পৰিণাম পাই পৰীক্ষাত। কলম কামুৰি, মূৰ খজুৱাই, লগৰজনক আমনি কৰি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হয়। যাৰ পৰিণাম অনুত্তীৰ্ণ।
২/ ৰাজনীতি কি
ৰাজনীতি বুলিলে দেশ বা ৰাষ্ট্ৰ এখনৰ শাসন সম্বন্ধীয় নীতি-নিয়ম, মতবাদ আদিৰ কথাকে বুজা যায়। এটা কথা ধ্ৰুৱসত্য যে দেশৰ কোনো নাগৰিকে কেতিয়াও ৰাজনীতিৰ পৰা আঁতৰি থাকিব নোৱাৰে। সাধাৰণতে কোনো খাম খেয়ালী নোহোৱাকৈ, কোনো জঞ্জাল নোহোৱাকৈ নিজৰ কাম কৰি যোৱা লোকসকলক ৰাজনীতিৰ পৰা আঁতৰি থকা বুলি কোৱা হয়। কিন্তু তেওঁৰ এই নিৰৱতাই চলিত অৱস্থাৰ এখন চৰকাৰক সমৰ্থন কৰাটোকে বুজাই। কথাতে কয় বোলে "জ্বৰে এৰিলেও কৰ্পটিয়ে (প্ৰকৃতিয়ে) নেৰে" । ঠিক একেদৰে আমি ৰাজনীতি এৰিলেও ৰাজনীতিয়ে আমাক কোনো কালে নেৰে। এখন গণতান্ত্ৰিক তথা স্বাধীন দেশৰ নাগৰিকে ৰাজনীতিৰ পৰা কেতিয়াও আঁতৰি আহিব নোৱাৰে।
ৰাজনীতি বুলি কোৱা মাত্ৰকে আমাৰ মনলৈ ভাঁহি আহে এচাম ধূৰন্ধৰ দালাল আৰু দূৰ্নীতিত পোত যোৱা কিছুমান লোকৰ ছবি। যি ছবিয়ে ৰাজনীতিৰ কৰ্দয্য ৰূপৰ প্ৰতিফলন ঘটাই। ৰাজনীতি বৰ ৰাগিয়াল দ্ৰব্য সদৃশ। শথতা,ভণ্ডামি, বৈষম্য, হিংসা, ভেদভাৱ আদিবোৰো ৰাজনীতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত। সেয়ে বহুতো লোকে ৰাজনীতিক লেতেৰা নীতি হিচাপে আখ্যা দিবলৈ কুণ্ঠাবোধ নকৰে। গতিকে এনে লেতেৰা ব্যৱস্থাৰ সৈতে এজন অপৈনত ল'ৰা বা যুৱক অৰ্থাৎ ছাত্ৰই সম্পৰ্ক ৰখাটো কিমান সমীচিন সেয়া সহজে অনুমেয় ।
৩/ ছাত্ৰৰ লগত ৰাজনীতিৰ সম্পৰ্ক:
উচিত নে অনুচিত
ৰাজনীতিৰ লগত ছাত্ৰৰ সম্পৰ্ক হ'ল কলিতে ফুলত বিষঢলা সম্পৰ্ক । যিদৰে কলিতে ফুলত বিষাক্ত ৰাসায়নিক দ্ৰব্য দিলে ফুল অকালতে মৰহি যায়, ঠিক একেদৰে অপৈনত এজন ছাত্ৰই ৰাজনীতিৰ লগত জড়িত হ'লে ছাত্ৰজনৰ ভৱিষ্যত জীৱনো অন্ধকাৰ হোৱা সম্ভাৱনা থাকে। মোৰ মনে ছাত্ৰৰ বয়সত ৰাজনীতিৰ পৰা আঁতৰি থকাটো অত্যন্ত ভাল সিদ্ধান্ত বুলি ক'ব খোজে। কিয়নো ছাত্ৰাৱস্থাত তেওঁলোকৰ বুদ্ধি-বৃত্তি , মন মগজু সম্পূৰ্ণ অপৈনত অৱস্থাত থাকে। তেওঁলোকে কোনটো সিদ্ধান্ত ভাল কোনটো বেয়া তাক তাৎক্ষণিকভাৱে ঠাৱৰ কৰিব অপাৰগ হয়। গতিকে এনে অপৈনত বয়সত ৰাজনীতিৰ মেৰপেচত সোমালে অভিমন্যুৰ দৰে অৱস্থা হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। বিভিন্ন ৰাজনীতিবিদ, শিক্ষাবিদ আৰু বুদ্ধিজীৱী সকলেও ইয়াৰ ওপৰত উচিত সিদ্ধান্ত গ্ৰহণ কৰিব সক্ষম হোৱা নাই যেন লাগে। কিছুমান ৰাজনীতিবিদে ছাত্ৰৰ ৰাজনীতিৰ সম্পৰ্কক সমৰ্থন কৰে কিন্তু আন কিছুমানে নকৰে।
ছাত্ৰ অৱস্থাত প্ৰথমে নিজৰ লক্ষ্যত উপনীত হবলৈ কৰা চেষ্টাক অগ্ৰাধিকাৰ দিয়া উচিত। ইয়াৰ বাবে প্ৰাথমিক কৰ্তব্য হিচাপে অধ্যয়ন অব্যাহত ৰাখিব লাগিব। বিভিন্ন বিষয়ত যেনে ৰাজনীতি বিজ্ঞান,সমাজ বিজ্ঞান, তাত্ত্বিক বিজ্ঞান আদি সম্পূৰ্ণৰূপে আয়ত্ব কৰি ল'ব লাগিব। দেশৰ আভ্যন্তৰীণ ৰাজনীতি কি ঘটিছে, কিমান অন্যায় চলিছে, ক'ত দূৰ্নীতি হৈছে, কেনেকৈ লুণ্ঠনৰাজ চলিছে আদি কথাবোৰ ছাত্ৰ অৱস্থাত অধ্যয়ন কৰা জৰুৰী। তদুপৰি দেশত সুশাসন যাতে ব্ৰৰ্তী থাকে তাৰবাবে সমালোচনা আৰু মাৰ্গ দৰ্শন কৰিবলৈ ছাত্ৰাৱস্থাতে শিকিব লাগে। ইয়াৰোপৰি চৰকাৰৰ লেতেৰা ৰাজনীতিৰ বিৰুদ্ধে সজাগতা অনাৰ বাবে জনমত গঠন কৰিবলৈ পাৰে। এনে কাৰ্যৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে নিজক গঢ় দিব লাগে। অধ্যয়ন শেষ হোৱাৰ পাছতহে ৰাজনীতিত প্ৰৱেশ কৰি জনসেৱা কৰি আমূল পৰিবৰ্তন আনিবলৈ চিন্তা-চৰ্চা কৰা উচিত।
৪/ উপসংহাৰ
প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পিতৃ মাতৃয়ে তেওঁলোকৰ পৰা বহু কিবাকিবি আশা কৰে। সন্তানৰ উজ্জ্বল ভৱিষ্যত, দেশসেৱা আৰু নিজৰ ঠাইখনৰ লগতে দেশলৈ সুনাম কঢ়িয়াই আনক বুলি সকলো পিতৃ মাতৃয়ে আশাপালি থাকে। এনে আশাক নিৰ্বাপিত নকৰাকৈ আগবাঢ়িবলৈ হ'লে ছাত্ৰসমাজ ৰাজনীতিৰ পৰা আঁতৰি থকাটো একান্তই প্ৰয়োজন।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।
আৰৈমূৰীয়া গাওঁ।
🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻
No comments:
Post a Comment
dudulsonowal32@gmail.com