শৈক্ষিক পৰিৱেশ কি ? বিদ্যাৰ্থীৰ লগত ইয়াৰ সম্পৰ্ক কেনে হোৱা উচিত ? What is the academic environment? What should it relate to students ?
১/শৈক্ষিক পৰিৱেশ মানে কি:
শৈক্ষিক পৰিৱেশ বুলিলে শিক্ষাৰ গণ্ডীৰৰ সৈতে সম্পৰ্কিত পৰিৱেশৰ কথাকে সূচায়। কোনো শিক্ষালয় বা শিক্ষাৰে সম্পৰ্কিত অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীৰ আচাৰ-আচৰণ, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সমাজৰ অংশগ্ৰহণ, ছাত্ৰ-ছাত্ৰীৰ আচাৰ আচৰণ, শিক্ষাদান কাৰ্যসূচী অৰ্থাৎ পাঠদান আদি সকলোবোৰ মিলি যি অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ অৰ্থত তাকে শৈক্ষিক পৰিৱেশ বোলা হয়। সুস্থ শৈক্ষিক বাতাবৰণ সুশিক্ষাৰ অন্যতম কাৰক। কোনো এখন ঠাইৰ পৰিৱেশ যদি কোলাহল পূৰ্ণ আৰু বিশৃঙ্খলিত হয় তেন্তে সেই পৰিৱেশ মানৱ সমাজৰ বাবে উপযুক্ত হ'ব নোৱাৰে। একেদৰে এখন শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এই কথাষাৰ ইয়াৰ দুগুণে প্ৰযোজ্য হ'ব। কাৰণ শিক্ষালয় মানেই শিক্ষা আহৰণৰ মুখ্য উৎস হিচাপে বিবেচিত। নকলেও হয় ই সৰু সৰু ল'ৰা-ছোৱালীৰ সৈতে গভীৰ সম্পৰ্ক থকা এটা অনুষ্ঠান। সেয়েহে তেনে কোলাহল পূৰ্ণ আৰু বিশৃঙ্খলিত পৰিৱেশ কেতিয়াও কাম্য হ'ব নোৱাৰে। শিক্ষালয় হোৱা উচিত নিৰৱ নিস্তব্ধ আৰু নিৰিবিলি পৰিৱেশেৰে পৰিৱেষ্টিত।
অতীতৰ তেনে নিৰিবিলি নিজান পৰিৱেশেৰে পৰিৱেষ্টিত অৱস্থাত শিক্ষা প্ৰদান কৰা টোল বিলাকৰ কথা, আশ্ৰম বিলাকৰ কথা নিশ্চয় আপোনালোকৰ মনত আছে। নিৰিবিলি আৰু নিজান পৰিৱেশত শিক্ষা গ্ৰহণ কৰা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বিষয়ে কোনে নাজানে। দৌৰ্ণাচায্যৰ শিক্ষাৰ পৰিৱেশ কেনে আছিল (?) বুলিলে স্বাভাৱিকতে তেনে নিৰিবিলি পৰিৱেশৰ কথাই আমাৰ মনলৈ আহে। নিজান পৰিৱেশ শিক্ষা গ্ৰহণৰ মহৌষধ। নিৰৱ নিস্তব্ধ হ'লে ছাত্ৰ ছাত্ৰীৰ মনত পঢ়োৱাবোৰ সহজে মনত ৰয় । পৰিৱেশ নিজান হ'লে ছাত্ৰ-ছাত্ৰীয়ে ভাবিবলৈ অৱকাশ পাই । তেতিয়া শিক্ষাদান কাৰ্যসূচী ফলপ্ৰসূ আৰু সফলকাম হয়।
বিদ্যাৰ্থীৰ সৈতে যে শৈক্ষিক পৰিৱেশ ওতঃপ্ৰোত ভাবে জড়িত তাৰ ব্যাখ্যাৰ প্ৰয়োজন নাই। যি পৰিৱেশত থাকি ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে, সেই পৰিৱেশৰ সৈতে সামঞ্জস্য থকা শিক্ষাই ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰে। অৰ্থাৎ যদি শৈক্ষিক পৰিৱেশ অতি নিম্ন মানৰ হয়, তেন্তে সেই বিদ্যালয়ৰ শিক্ষাও যে নিম্ন মানৰ হ'ব পাৰে তাক অনুমান কৰিব পাৰি। সেয়েহে শিক্ষানুষ্ঠান এখনৰ পৰিৱেশ সুস্থ আৰু সবল আৰু শক্তিশালী কৰিবলৈ অত্যন্ত চেষ্টা কৰা উচিত। তেতিয়াহে শিক্ষানুষ্ঠান এখনৰ শিক্ষা উন্নত হোৱাৰ পথ প্ৰশস্ত হ'ব।
২/ সমাজ আৰু শিক্ষকৰ ভূমিকা:
শৈক্ষিক পৰিৱেশ গঢ়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈছে প্ৰধান শিক্ষক আৰু শিক্ষক- শিক্ষয়ত্ৰী সকল। শিক্ষক-শিক্ষয়ত্ৰী সকলে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি পৰিৱেশ ৰচনাত মুখ্য ভূমিকা পালন কৰিব পাৰে। প্ৰতিটো পিৰিয়দৰ অন্তৰ শূণ্যলৈ পৰিৱৰ্তন কৰিলে শিক্ষাৰ পৰিৱেশ নিশ্চয় সুস্থ সবল হ'ব। অৰ্থাৎ এটা শ্ৰেণীৰ পাঠদান সমাপ্ত হোৱাৰ অন্তত ক্ষণিক বিৰাম নিদি পুনৰ পাঠদান চলাই নিলেহে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা হৈ-হাল্লা, চিঞঁৰ বাখৰ আদি সৃষ্টি নহ'ব। অৰ্থাৎ অবিৰত আৰু অবিৰাম শিক্ষাই হৈছে শৈক্ষিক পৰিৱেশ গঢ়াত উত্তম উপায়।
সমাজৰ সহযোগ আৰু সমাজক শিক্ষানুষ্ঠানৰ সৈতে জড়িতকৰণ এক এৰাব নোৱাৰা কাম। যি কোনো উপায়েৰে সমাজক শিক্ষানুষ্ঠানৰ সৈতে জড়িত কৰাবলৈ প্ৰচেষ্টা কৰিব লাগে। যি বিদ্যালয়ত সমাজৰ অংশগ্ৰহণ কম, সেই বিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত কিছু কু-প্ৰভাৱ পৰা পৰিলক্ষিত হয়। বৰ্তমান সময়ত সমাজৰ অধিকাংশ লোকে ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আকৃষ্ট হৈছে। ইয়াৰ প্ৰধান কাৰণ বিদ্যালয়ৰ 'শৈক্ষিক পৰিৱেশ' আৰু আন চৰকাৰী আনুষঙ্গিক নীতি নিয়ম। ব্যক্তিগত বিদ্যালয়ত পঢ়াৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ ধাউতি বঢ়াৰ কাৰণ হৈছে ব্যক্তিগত বিদ্যালয়ত নীতি নিয়মৰ ক্ষেত্ৰত থকা স্বাধীনতা আৰু কঠোৰ অনুশাসনৰ প্ৰয়োভৰতা। কঠোৰ অনুশাসনে ছাত্ৰ ছাত্ৰীক শিক্ষা গ্ৰহণত বাধ্য কৰায়। ইয়াৰ বিপৰীতে চৰকাৰী বিদ্যালয়ত অনুশাসন শূণ্য অৱস্থাই শিক্ষাৰ মানদণ্ডত আঘাত হনা পৰিলক্ষিত হয়। যাৰবাবে প্ৰশিক্ষিত শিক্ষক শিক্ষয়িত্ৰী থকাৰ পাছতো চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মানদণ্ড উন্নত নহয় বুলি বহুতে ক'ব খোজে। অৱশ্যে আন কাৰণ নথকাও নহয়। আন কাৰণ হিচাপে ক'ব পাৰি মেধাৱী আৰু ধনীক শ্ৰেণীৰ ঘৰৰ ল'ৰা ছোৱালী পৰিৱৰ্তে দাল দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালী আগমণ বা নামভৰ্তিকৰণ। এতিয়া যেন চৰকাৰী বিদ্যালয়বোৰ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নহয়, কেৱল দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবেহে , কেতিয়াবা এনে অনুভৱ মনলৈ আহে। বিদ্যালয়ৰ পৰিকাঠামো আৰু শৈক্ষিক পৰিৱেশ উন্নত কৰিব নোৱাৰিলে এদিন হয়তো ছাত্ৰ ছাত্ৰীৰ অভাৱত চৰকাৰী বিদ্যালয়ৰ দুৱাৰত তলা ওলমা সম্ভাৱনাই অধিক। যিটো নামনি অসমত ইতিমধ্যে প্ৰতিফলিত হৈছে।
৩/ বিদ্যাৰ্থীৰ কৰ্তব্য:
STUDENT শব্দৰ প্ৰতিটো আখৰে বহন কৰে এটা নিৰ্দিষ্ট অৰ্থ। প্ৰতিটো আখৰৰ অৰ্থ ফঁহিয়াই চালে এনেধৰণৰ হ'ব পাৰে- S- Study(অধ্যয়ন প্ৰিয়), T- Truthful (সত্যবাদী), U- Unity(একতাৰ মনোভাৱ), D- Discipline(নিয়মানুৱৰ্তীতা/শৃংখলাবদ্ধতা), E- Educative mind (শিক্ষাপ্ৰদ মানসিকতা), N- Neat and clean (পৰিষ্কাৰ-পৰিচ্ছন্ন), T- Trust (বিশ্বাসভাজন) । অৰ্থাৎ প্ৰতিজন ছাত্ৰৰ উল্লেখিত গুণসমূহ থকাটো নিতান্তই প্ৰয়োজন। এজন ছাত্ৰ অধ্যয়ন প্ৰিয়, সত্যবাদী,একতা, নিয়মানুৱৰ্তী , শিক্ষাপ্ৰদ মানসিকতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু শিক্ষকৰ বিশ্বাসভাজন হোৱা প্ৰয়োজন। তেতিয়াহে শিক্ষকৰ প্ৰিয় শিক্ষাৰ্থী হ'ব পৰা যায়।
বিদ্যাৰ্থীৰ মূল কৰ্তব্য হৈছে শিক্ষা আহৰণ কৰা। শিক্ষকক তথা গুৰুক শ্ৰদ্ধা জনায় গুৰুৰ পৰা লাগতিয়াল শিক্ষা গ্ৰহণ কৰিবলৈ ছাত্ৰ ছাত্ৰী সদায় ইচ্ছুক হ'ব লাগিব। সদায় অধ্যয়নপুষ্ট মন এটা কঢ়িয়াই ফুৰিবলৈ প্ৰয়াস কৰিব লাগিব। সংস্কৃতত কৈছে - 'ছাত্ৰানাং অধ্যনং তপ:' । অৰ্থাৎ ছাত্ৰৰ অধ্যয়ন হ'ব লাগে মুনিৰ তপস্যা সদৃশ। তপস্যাৰ বলত যিদৰে মুনিয়ে সমস্ত জ্ঞান লাভ কৰিবলৈ সক্ষম হয়, তেনেদৰে ছাত্ৰ ছাত্ৰীয়েও একান্ত ধ্যানত নিমগ্ন হৈ অধ্যয়ন কৰিলেহে নিজ কিতাপৰ জ্ঞানৰ উপৰিও বহি:জগতৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব।
আজিৰ শিক্ষা জগতত যেন তেনে শিক্ষাৰ্থীৰ বাৰুকৈয়ে অভাৱ ঘটিব ধৰিছে। ধৈৰ্য, মনোযোগ, ধ্যান আদি আজিৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰায় ভাল নোপোৱাৰ দৰে বুলি ক'লেও অত্যুক্তি কৰা নহয়। আকৌ অসমীয়া সমাজত প্ৰবচন আছে যে 'পঢ়ে পঢ়ায় ৰুয়ে পান, ই তিনিও নিচিন্তে আন।' যিজনে পঢ়ে সি আনলৈ মনোযোগ দিলে পঢ়াত ব্যাঘাত জন্মে। একেদৰে আনক পঢ়ুৱাজনে আনফালে মন দিলে পঢ়োৱাত ব্যাঘাত জন্মে। সেইদৰে পান লগাওতা জনে অনবৰতে পানৰ আপদাল বা যত্ন ল'লেহে পানে উৎপাদন সঠিকমতে দিব। গতিকে ছাত্ৰ ছাত্ৰীৰ কৰ্তব্যও তেনেধৰণৰ হোৱা উচিত। তেতিয়াহে ছাত্ৰ ছাত্ৰীয়ে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব।
৪/ পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ :
পৰিৱেশ বিনষ্ট হোৱাৰ মূল কাৰণ সমূহ এনেধৰণৰ হ'ব পাৰে -
# শিক্ষাদান প্ৰক্ৰিয়া অবিৰত নহয়।
# শিক্ষকৰ পাঠদানৰ প্ৰতি অনীহা।
# ছাত্ৰ ছাত্ৰীয়ে শিক্ষানুষ্ঠানৰ নীতি নিয়ম মানি নচলাৰ বাবে পৰিৱেশ বিনষ্ট হয়।
# ছাত্ৰ ছাত্ৰীয়ে কৰা চিঞৰ-বাখৰ আৰু কোলাহল পূৰ্ণ পৰিৱেশৰ বাবে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশত ব্যাঘাত জন্মে।
# বিদ্যালয়ৰ নীতি নিয়ম শিথিল হোৱাৰ বাবে শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত প্ৰভাৱ পৰে।
# শিক্ষক শিক্ষয়িত্ৰীৰ গড় উপস্থিতিৰ পৰিমাণ সেৰেঙা হ'লে শৈক্ষিক পৰিৱেশত ব্যাঘাত জন্মে।
# সুনিৰ্দিষ্ট নীতি নিয়মৰ অভাৱে বিদ্যালয়ত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত অৰিহণা যোগায় ।
# অভিভাৱকে সন্তানৰ প্ৰতি মনোযোগ নিদিলে ইয়াৰ প্ৰভাৱ বিদ্যালয়ত প্ৰত্যক্ষভাৱে পৰে।
৫/ উপসংহাৰ
এখন শিক্ষানুষ্ঠানত উদ্ভৱ হোৱা সমস্যাসমূহ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰি হ্ৰস্বম্যাদী আৰু দীৰ্ঘ ম্যাদী এই দুটা ভাগত বিভক্ত কৰি সমাধানৰ পথ মুকলি কৰিলে নিশ্চয় উপৰোক্ত সমস্যা সমূ্হৰ পৰা উপশম পোৱা যাব।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
আৰৈমূৰীয়া গাওঁ।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
No comments:
Post a Comment
dudulsonowal32@gmail.com