Friday, May 19, 2023

HACKATHON in school wise.

HACKATHON in school wise. বিদ্যালয়ত হেকাথন। সমস্যা সমাধান আৰু নতুন ধাৰণা বিকশিত কৰাৰ বাবে হেকাথনে কাৰিকৰী পৃষ্ঠভূমি থকা লোকসকলক একত্ৰিত কৰে। হেকাথনে অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ তথ্য প্ৰযুক্তিদক্ষতা উন্নত কৰাত, লোকসকলক লগ কৰাত আৰু তেওঁলোকৰ ক্ষেত্ৰত আনৰ সৈতে কাম কৰাত সহায় কৰিব পাৰে।


Hackathon হৈছে বিদ্যালয়ত উদ্ভৱ হোৱা যিকোনো সমস্যাৰ সমাধানাৰ্থে কৰা অধ্যয়ন। ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ সমস্যা এটা নিৰ্বাচন কৰি তাৎক্ষণিকভাৱে অধ্যয়ন কৰি সমস্যাটোৰ সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিব লাগে। সমস্যাটোৰ প্ৰকৃতি অধ্যয়ন কৰি আৰু ইয়াৰ সমাধানৰ পথ মুকলি কৰাটোৱে হ'ল ইয়াৰ ঘাই উদ্দেশ্য। হেকাথনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীল মানসিকতাৰ বিকাশ ঘটে। লগতে সিদ্ধান্ত গ্ৰহণত বিশেষ কৌশল খটুৱাবলৈ সক্ষম হয়। 
    বিদ্যালয়ৰ গণ্ডীৰত ছাত্ৰ-ছাত্ৰী সকলক হেকাথনৰ অধ্যয়নে নতুন জ্ঞান অৰ্জন কৰাত সহায় কৰে আৰু পঢ়াত উৎসাহ যোগোৱাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। ছাত্ৰ ছাত্ৰীৰ মাজত হেকাথনৰ অধ্যয়ন সেয়েহে প্ৰয়োগ কৰা প্ৰয়োজন।
    তলত আমাৰ বিদ্যালয়ত এগৰাকী ছাত্ৰীয়ে অধ্যয়ন কৰা হেকাথনৰ সমস্যাটোৰ সম্পৰ্কে ইয়াত আৰ্হি হিচাপে ডাঙি ধৰা হ'ল।
       
অধ্যয়ন কৰা ছাত্ৰীৰ নাম: শ্ৰী মতী ডেইজী আৰনধৰা। সপ্তম শ্ৰেণী ।

1.নিৰ্বাচিত সমস্যা:
 বিদ্যালয়ত অনাময় ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশত ইয়াৰ প্ৰভাৱ।

২. সাৰাংশ:
হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ দূৰৱস্থাৰ অৱস্থাই ছাত্ৰ ছাত্ৰীসকলক অসুবিধাত পেলোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত কোনো ধৰণৰ উপযুক্ত পানীৰ ব্যৱস্থা এতিয়াও নাই। যাৰ বাবে প্ৰস্ৰাৱাগাৰৰ প্ৰস্ৰাৱৰ গোন্ধ শ্ৰেণী কোঠাৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰু সকলে পাব লগা হয়। তদুপৰি শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত দুৱাৰ খিৰিকী ভাল অৱস্থাত নাই। এইবোৰৰ পুনৰ মেৰামতিৰ প্ৰয়োজন আছে। আৰু পানীৰ টেপ লগোৱাৰ ব্যৱস্থা কৰা প্ৰয়োজন আছে। 
    উপৰোক্ত সমস্যা সমূ্হ সমাধান কৰিব পাৰিলে ছাত্ৰ ছাত্ৰী সকল লাভান্বিত হ'ব।

৩/ সূচীপত্ৰ
-------------------------------------------
বিষয়বস্তু। | পৃষ্ঠা 
                        -------------------------------------------
   ১/ পাতনি |
   ২/ ধাৰণা |
   ৩/ পৰিকল্পনা। |
⬇️
------------------------------------------

৪/ পাতনি:
'আমাৰ বিদ্যালয়ত অনাময় ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশত ইয়াৰ প্ৰভাৱ' শীৰ্ষক সমস্যাটো সমাধানাৰ্থে অধ্যয়ন কৰিবলৈ বিষয়বস্তু হিচাপে বাছনি কৰিলোঁ। আমাৰ বিদ্যালয়ত প্ৰত্যক্ষ হৈছে যে বিদ্যালয়ত বৰ্তমান উপযুক্ত শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ নাই। ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথককৈ প্ৰস্ৰাৱাগাৰ আছে যদিও এইবোৰ উপযুক্ত বুলি গণ্য কৰিব নোৱাৰি। কাৰণ বৰ্তমান থকা এই প্ৰস্ৰাৱাগাৰ বিলাকত পানী ঢলাৰ কোনো উপযুক্ত ব্যৱস্থা নাই।যাৰ বাবে প্ৰস্ৰাৱাগাৰৰ প্ৰস্ৰাৱৰ গোন্ধ বিদ্যালয়ৰ সকলোতে বিয়পি পৰে। যাৰ ফলত শৈক্ষিক পৰিৱেশতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। গতিকে এই সমস্যাটো সহজে কেনেকৈ সমাধান কৰিব পৰা যাব সেই সম্পৰ্কে জানিবলৈ এই সমস্যাটো অধ্যয়ন কৰিবলৈ লোৱা হৈছে। 
    ধাৰণা কৰা হৈছে যে সমস্যাটোৰ সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিব পাৰিলে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকল প্ৰত্যক্ষ ভাৱে লাভাৱান্বিত হ'ব। তদুপৰি শৈক্ষিক পৰিৱেশতো কোনো প্ৰভাৱ নপৰিব। 
    সৰু সৰু ল'ৰা-ছোৱালী বিলাকে দূপৰীয়া আহাৰ গ্ৰহণৰ পিছত বা আগত শৌচ খোলোচা কৰিবলৈ শৌচাগাৰ বিচাৰি কাষৰ মানুহৰ ঘৰত দৌৰা পৰিলক্ষিত হয়। কাৰণ বিদ্যালয়ত উপযুক্ত তথা ব্যৱহাৰৰ উপযোগী পায়খানাৰ অভাৱ। এই অভাৱ দূৰ কৰিবলৈ পূৰণা পায়খানা সমূহ পুন:নিৰ্মাণ কৰা প্ৰয়োজন। পায়খানাৰ দূৱাৰ, খিৰিকী আৰু পানীৰ ব্যৱস্থা কৰিলে এনে উল্লেখিত সমস্যাৰ পৰা হাত সাৰিব পৰা যাব। 
    এই সমস্যাটো সমাধান কৰিবলৈ এটা হ্ৰস্বম্যাদী আঁচনি বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিব লাগিব। প্ৰায় ১৫-২০ দিনৰ ভিতৰত সমস্যাটো সমাধান কৰিবলৈ পৰা যাব। ইয়াৰ বাবে মুঠ আনুমানিক খৰছৰ পৰিমাণ হ'ব প্ৰায় ২০,০০০/- টকা। এই টকা ছাত্ৰ ছাত্ৰী সকলৰ পৰা আধা সংগ্ৰহ কৰি আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষই আধা খৰছৰ ব্যৱস্থা কৰি সমাধান কৰিব পৰা যাব। নতুবা অভিভাৱক অভিভাৱিকা সকলৰ এই ক্ষেত্ৰত সহায় বিচাৰিব পৰা যাব। কাৰণ বহুতো বিদ্যালয়ত তেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি বিদ্যালয়ৰ কিছুমান কাম সমাধা কৰিবলৈ সক্ষম হোৱাৰ উদাহৰণ নথকা নহয়। 
    গতিকে সমস্যাটোৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পটো কৰিবলৈ সেয়ে চমু প্ৰয়াস কৰিছোঁ।

৫/ ধাৰণা:
   ক) সমস্যাটো সমাধান হ'লে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলো উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে।
   খ) শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰৰ দুৱাৰ খিৰিকী ভঙা। লগতে পানীৰ সু-ব্যৱস্থা নাই। এইবোৰৰ সমাধানৰ ব্যৱস্থা কৰিলে ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা পৰিব বুলি আশা কৰা হৈছে।
    
৬/পৰিকল্পনা :
ক) আমাৰ বিদ্যালয়ৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ নিৰীক্ষণ কৰি যাৱতীৱ ব্যৱস্থা প্ৰস্তুত কৰিম।
খ) খোৱা পানীৰ সু-ব্যৱস্থা সম্পৰ্কে অধ্যয়ন কৰি সমস্যাটোৰ সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম।

৭/ তথ্য সংগ্ৰহ আৰু বিশ্লেষণ:
সমস্যা চিনাক্তকৰণৰ কাৰণসমূহ:
ক) সমস্যাটো বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত।
খ) সৰু সৰু ল'ৰা-ছোৱালী বিলাকে শৌচ-প্ৰস্ৰাৱৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা দূৰীকৰণাৰ্থে ।
গ) সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এই দিশত কি অসুবিধা হৈছে তাক জনাৰ মানসেৰে।
ঘ) অনাময় দুব্যৱস্থাই শৈক্ষিক পৰিৱেশত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে তাক জনাৰ কাৰণে। 

সমস্যা চিনাক্তকৰণৰ কাৰণসমূহ:
----------------------------
ক) সমস্যাটো বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত।
খ) সৰু সৰু ল'ৰা-ছোৱালী বিলাকে শৌচ-প্ৰস্ৰাৱৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা দূৰীকৰণাৰ্থে ।
গ) সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এই দিশত কি অসুবিধা হৈছে তাক জনাৰ মানসেৰে।
ঘ) অনাময় দুব্যৱস্থাই শৈক্ষিক পৰিৱেশত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে তাক জনাৰ কাৰণে। 

সম্ভাব্য সমাধান সূত্ৰ:
------------------
ক) অনাময় ব্যৱস্থাৰ উন্নত কৰিবলৈ শৌচাগাৰ নিৰ্মাণ কৰা ।
খ) পৃথককৈ প্ৰস্ৰাৱাগাৰ নিৰ্মাণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা।
গ) প্ৰস্ৰাৱাগাৰৰ টেংকি মাটিৰ তলত আহল-বহলকৈ নিৰ্মাণ কৰা।
ঘ) নলীনাদৰ ব্যৱস্থা উন্নত মানদণ্ডৰ কৰা আৰু শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত টেপ লগোৱাৰ ব্যৱস্থা কৰা।

সমাধান লাভ কৰাৰ ফলত প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব পৰা লক্ষিত গোটসমূহ :
ক) ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকল লাভান্বিত হ'ব।
খ) শৈক্ষিক পৰিৱেশ উন্নত হোৱাত প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব।

সমাধান লাভ কৰা ফলত পৰোক্ষভাৱে লাভান্বিত
হ'ব পৰা লক্ষিত গোটসমূহ:
ক) বিদ্যালয়ৰ সৈতে সম্পৰ্কিত আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ লাভ হ'ব পাৰে।
খ) বিদ্যালয়ৰ সৈতে সম্পৰ্কিত অভিভাৱক অভিভাৱিকা আৰু স্থানীয় ৰাইজ পৰোক্ষভাৱে লাভান্বিত হ'ব।

সমাধানৰ বাবে প্ৰয়োজনীয় সময় সীমা: এই সমস্যাটো সমাধান কৰিবলৈ অতি কমেও পাঁচ ছয়মাহৰ প্ৰয়োজন হ'ব যদিও ইয়াৰ প্ৰাথমিক সমস্যা সমূহ ১৫-২০ দিনৰ ভিতৰতে সমাধান কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

৮/ তুলনামুলক অধ্যয়ন :
      বিদ্যালয়ত যিমান শৌচাগাৰ-প্রস্রাৱগাৰ আছে, সেইবোৰৰ পৰিৱেশ লেতেৰা হ'লে তাত শৌচ-প্রস্রাৱ কৰাটো প্রায় অসম্ভৱ হৈ পৰে। শৌচ-প্রস্রাৱৰ পৰাই নানা ধৰণৰ ৰোগ হয় বুলি জনাৰ পাছতো ছাত্ৰ ছাত্ৰীসকল এইবোৰ চাফ-চিকুণকৈ ৰখাৰ বাবে যত্নপৰ নহ'লে বিদ্যালয়খন কেতিয়াও সুস্থ হৈ নুঠে। যিহেতু যুৱ শক্তিয়েই দেশৰ শক্তি, তেওঁলোকেই সৃষ্টিশীল, নির্মাণকাৰী আৰু ভৱিষ্যতৰ নেতা৷ তেওঁলোকে ভৱিষ্যতক সলনি কৰি পেলাব পাৰে যদিহে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ-সবল হয় আৰু যদিহে তেওঁলোকৰ থাকে সিদ্ধান্ত লোৱাৰ ক্ষমতা৷ যিহেতু স্বাস্থ্যৰ লগত চাফ-চিকুণতাৰ কথা সাঙোৰ খাই থাকে, সেয়ে স্বচছতা অৱিহনে সু-স্বাস্থ্য আশা কৰিব নোৱাৰি৷ সেয়েহে আমি আটায়ে বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ অভ্যাস গঢ়ি তোলিব লাগে। 
     আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল প্ৰায় ভাগ নিম্ন দৰিদ্ৰ সীমাৰেখাৰ অধীনৰ । তেওঁলোকৰ কিছুমানে যতে ততে শৌচ প্ৰস্ৰাৱ কৰাৰ মানসিকতা আছে। এই মানসিকতা আঁতৰোৱাৰ ব্যৱস্থা বিদ্যালয়ত কৰিব লাগিব। ছাত্ৰ ছাত্ৰী সকলক অনাময়ৰ উপকাৰিতা সম্বন্ধে বুজাব লাগিব। সেয়ে ছাত্ৰ ছাত্ৰী সকলক অনাময়ৰ এটা ভাল পৰিৱেশ বিদ্যালয়ৰ কতৃপক্ষই দিব লাগিব। ইয়াৰ বাবে বেয়া হৈ থকা শৌচাগাৰ, প্ৰস্ৰাৱাগাৰ উন্নত কৰি বনোৱাৰ ব্যৱস্থা কৰিব লাগে।
     আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ উত্তৰ দিশত এটা শৌচ-প্ৰস্ৰাৱাগাৰ আছে। কিন্তু ই উন্নত মানদণ্ডৰ নহয়। শ্ৰেণীৰ পাঠদানৰ সময়ত ইয়াৰ পৰা দুৰ্গন্ধ আহি শ্ৰেণীৰ পৰিৱেশ বিনষ্ট কৰি তোলে। ইয়াৰ মূল কাৰণ হৈছে প্ৰস্ৰাৱাগাৰত পানী নঢলা। প্ৰস্ৰাৱাগাৰত পানীৰ ব্যৱস্থা নাই। সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰস্ৰাৱাগাৰত আৰু শৌচাগাৰত পানী টেপৰ সু-ব্যৱস্থা কৰা অত্যন্ত প্ৰয়োজন। এই কাম প্ৰায় সপ্তাহ দিনৰ ভিতৰত সমাপ্ত কৰিব পৰা যাব। টইলেটটো পুনৰ মেৰামতি কৰি পানীৰ ব্যৱস্থা কৰিবলৈ অত্যধিক ২০০০০ টকামান প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে। 
     একেদৰে দক্ষিণ দিশত থকা ছোৱালীৰ প্ৰস্ৰাৱাগাৰো উপযুক্ত নহয়। দশম আৰু নৱম শ্ৰেণীৰ বাবে থকা শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰো বৰ উন্নত মানদণ্ডৰ নহয় আৰু পানীৰ সু-ব্যৱস্থা নাই। গতিকে এই সমস্যাটো জৰুৰী বুলি গণ্য কৰি সমাধানৰ দিহা কৰিব লাগে। বিদ্যালয় কৰ্তৃপক্ষই সমস্যাটো সমাধানাৰ্থে উৰ্দ্ধতন কৰ্তৃপক্ষক জনাব লাগিব। নতুবা অতি কম খৰছত,প্ৰায় ২০০০০/= টকাত সমস্যাটো সমাধান কৰি তুলিব পাৰে।
 
৯/ ফটো : ( ইয়াত অধ্যয়ন কৰা সমস্যাটোৰ সৈতে সামঞ্জস্য থকা ফটো সম্বলিত কৰিব লাগিব।)

১০/ মন্তব্য 
   পৰিষ্কাৰ-পৰিচছন্নতা সু-স্বাস্থ্যৰ মূলমন্ত্র৷ ই বহু ৰোগক নিলগত ৰাখিব পাৰে৷ সেয়ে পৰিষ্কাৰ পৰিৱেশ সভ্য সমাজ গঢ়াৰ প্রথম চর্ত৷ সম্প্রতি চাফ-চিকুণতা এখন বিদ্যালয়ৰ বা এখন ৰাজ্য বা এখন দেশৰ বিষয় হৈ থকা নাই৷ বর্তমান ই এটা আন্তঃৰাষ্ট্রীয় বিষয়৷ ৰাষ্ট্রসংঘই ১৯৮০ৰ পৰা ১৯৯০ চনলৈকে এই দশকটো ‘ইণ্টাৰনেশ্যনেল ডিকেড ফৰ ড্রিংকিং ৱাটাৰ এণ্ড ছেনিটেশ্যন ১৯৮০-৯০’ ঘোষণা কৰে৷ ২০১৪ চনৰ দুই অক্টোবৰৰ পৰা মহাত্মা গান্ধীৰ জন্মদিনটোত ভাৰত চৰকাৰে আৰম্ভ কৰিলে স্বচছ ভাৰত অভিযান৷ কেন্দ্রীয় চৰকাৰে শুভাৰম্ভ কৰা ‘স্বচছ ভাৰত অভিযান’ নিঃসন্দেহে এক অত্যন্ত প্রাসংগিক আৰু গুৰুত্বপূর্ণ আঁচনি৷ মুকলি ঠাইত মলত্যাগ কৰাৰ বদ অভ্যাস বন্ধ কৰা, শৌচালয়ৰ ব্যৱহাৰ আৰু নির্মাণ কার্য নিৰীক্ষণ, শৌচালয় ব্যৱহাৰ সম্পর্কে সজাগতা সৃষ্টি, অনাময় আঁচনিৰ সফলতাৰ বাবে গ্রামাঞ্চলত কর্মৰত গোটৰ দ্বাৰা সেৱা প্রদান আদি হৈছে স্বচছ ভাৰত অভিযানৰ লক্ষ্য। এই আচঁনিৰ সৈতে সংগতি ৰাখি আমাৰ বিদ্যালয়তো অনাময় ব্যৱস্থাৰ উন্নত মানদণ্ডৰ কৰি তোলা উচিত হ'ব। আমাৰ বিদ্যালয়ৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাল শৌচাগাৰ অভাৱৰ বাবে প্ৰস্ৰাৱাগাৰতে মধ্যাহ্ন ভোজনৰ পিছত মল ত্যাগ কৰি দিয়ে।যাৰ বাবে পৰিৱেশটো দূষিত হৈ পৰে। এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰৰ উন্নয়নৰ বাদে গত্যন্তৰ নাই। এই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হ'লে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল লাভান্বিত হোৱাৰ লগতে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ভাল হ'ব।
  
++------++++++------------------++++++---------++




লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 
লেখক: দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹



No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts