Saturday, May 27, 2023

পুৰণি অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্য সমূহ। Old Assamese poetry and its features.

পুৰণি অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ। Old Assamese poetry and its features.


💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

   🖊️ পুৰণি অসমীয়া কবিতা বুলিলে অসমীয়া সাহিত্যত চৰ্যাপদৰ সময়ৰ পৰা শংকৰদেৱৰ আগলৈকে বিয়পা সময়খিনিত ৰচনা কৰা কবিতা সমূহৰ সম্পৰ্কে বুজা যায়। উল্লেখযোগ্য যে এই সময়খিনিকে প্ৰাকশংকৰী বা প্ৰাকবৈষ্ণৱ যুগ বুলিও কোৱা হয়। এই সময়ছোৱাত পাঁচজন কবি ক্ৰমে - হেম সৰস্বতী, হৰিহৰ বিপ্ৰ,কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলি আৰু মাধৱ কন্দলিয়ে কাব্য ৰচনা কৰিছিল। এই সময়ৰ শ্ৰেষ্ঠ কবিজন আছিল মাধৱ কন্দলি। মাধৱ কন্দলিয়ে বাল্মিকী ৰামায়ণ খন অসমীয়ালৈ অনুবাদ কৰি 'সপ্তকাণ্ড ৰামায়ণ' ৰচনা কৰিছিল। 

        'কবিতা' সাহিত্যৰ এক অতি প্ৰাচীনতম শাখা। প্ৰাচীন সাহিত্যত 'কবিতা' শব্দটো বেছি প্ৰচলিত নাছিল। ইয়াৰ পৰিৱৰ্তে কবিতাবোৰক 'পদবন্ধ' আৰু 'কাব্য' এই দুটা শব্দৰ দ্বাৰা বুজোৱা হৈছিল। প্ৰাকবৈষ্ণৱ যুগৰ কবি মাধৱ কন্দলিৰ ৰামায়ণত স্পষ্টকৈ 'পদবন্ধ'শব্দটোৰ উল্লেখ পোৱা যায়। পদবন্ধ হৈছে নিৰ্দিষ্ট কিছুমান ছন্দৰ বান্ধোন থকা কবিতা বা কাব্য। পুৰণি দিনবিলাকত কবি সকলে ৰজা মহাৰজা সকলৰ নিৰ্দেশত উৎসাহিত হৈ কবিতা ৰচনা কৰিছিল বুলি জনা যায়। 
       প্ৰাকবৈষ্ণৱ যুগৰ পৰা উত্তৰ বৈষ্ণৱ যুগলৈকে অথবা বৃটিছ আগমনৰ আগলৈকে হোৱা যিখিনি কবিতাৰ বিষয়বস্তু মহাকাব্য মহাভাৰত আৰু ৰামায়ণ, পুৰাণ, ভাগৱত, উপাখ্যান আদিৰ পৰা বিষয়বস্তু সংগ্ৰহ কৰা আৰু ছন্দ, অলংকাৰ,ভাষা,ৰস আদি সুকীয়া কাব্যিক বৈশিষ্ট্যৰে মহিমামণ্ডিত হৈছিল সেইখিনি কবিতাকে পুৰণি অসমীয়া কবিতা বুলি আখ্যা দিয়া হৈছে।

👉 পুৰণি অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ:

    পুৰণি অসমীয়া কবিতা সমূহৰ কিছুমান বিশেষ লক্ষণ বা বৈশিষ্ট্য পৰিস্ফুট হয়। এই সময়ৰ কবিতাবোৰৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে - ১/ ৰাজপৃষ্ঠপোষকতা ২/ অনুবাদৰ ওপৰত গুৰুত্ব ৩/ ছন্দ  ৪/ অলংকাৰ  ৫/ ৰস   ৬/ভাষাৰ প্ৰয়োগ।

🖊️ সংক্ষিপ্ত বিৱৰণ:

১/ৰাজপৃষ্টপোষকতা:

       পুৰণি অসমীয়া কবিতাবোৰ কবিসকলে ৰজাৰ অনুপ্ৰেৰণাত ৰচনা কৰিছিল। ভাৰতৰ বিভিন্ন ঠাইত ৰজা মহাৰজা সকলৰ নিৰ্দেশত কবি সকলে কবিতা ৰচনা কৰাৰ প্ৰমাণ বিভিন্ন সময়ত ৰচিত কবিসকলৰ ৰচনাৰাজিৰ পৰা পোৱা যায়। প্ৰাকশংকৰী যুগৰ কবি মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধক্ৰমে তথা ৰজাৰ উৎসাহত কবিতা ৰচনা কৰিছিল। একেদৰে কবিৰত্ন সৰস্বতীয়ে 'জয়দ্ৰথ বধ' কৰিবলৈ ৰজা দুৰ্লভনাৰায়ণৰ নিৰ্দেশ লাভ কৰাৰ বিপৰীতে ৰুদ্ৰ কন্দলিয়ে 'সাত্যকি প্ৰৱেশ' ৰচনা কৰিবলৈ ৰজা তাম্ৰধ্বজ সিংহৰ নিৰ্দেশ লাভ কৰিছিল। আনকি মহাপুৰুষ শংকৰদেৱেও কোচ ৰজা নৰনাৰায়ণ আৰু ভাতৃ চিলাৰায়ৰ ৰাজপৃষ্টপোষকতা লাভ কৰিছিল।

২/ অনুবাদৰ ওপৰত গুৰুত্ব: 

     পুৰণি অসমীয়া কবিতাবোৰ অনুবাদৰ ওপৰত ভিত্তি কৰি ৰচিত হৈছিল। ৰামায়ণ, মহাভাৰত, ভাগৱত, পুৰাণ আদিৰ পৰা কাব্যৰ বিষয়বস্তু আহৰণ কৰিছিল। উল্লেখ্য যে প্ৰাকবৈষ্ণৱ যুগৰ কবিৰ কবিতাত এই প্ৰভাৱ বেছি পৰা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে মাধৱ কন্দলিয়ে বাল্মিকী ৰামায়ণক 'সপ্তকাণ্ড ৰামায়ণ' হিচাপে অসমীয়ালৈ অনুবাদ কৰিছিল। মহাপুৰুষ মাধৱদেৱে বাল্মিকী ৰামায়ণৰ পৰা 'উত্তৰাকাণ্ড ৰামায়ণ' অনুবাদ কৰিছিল। 

৩/ ছন্দ: 

    পুৰণি অসমীয়া কবিতাৰ আন এটা বৈশিষ্ট্য হৈছে কবিতাত ছন্দৰ ব্যৱহাৰ। পুৰণি অসমীয়া কবিতাবোৰত প্ৰধানকৈ পদ, দুলড়ী, ছবি, ঝুমুৰি আদি ছন্দৰ প্ৰয়োগ কৰা দেখা যায়।

৪/ অলংকাৰ:

      পুৰণি কবিতা সমূহত শব্দালংকাৰ আৰু অৰ্থালংকাৰ ব্যৱহাৰ কৰা হৈছিল। কাব্যক স্পষ্ট, প্ৰভাৱশালী আৰু ৰমণীয় কৰি তুলিবলৈ কবিতাত অলংকাৰৰ প্ৰয়োজন হয়। পুৰণি কবিতা সমূহত প্ৰধানকৈ উপমা,অনুপ্ৰাস, নিৰ্দেশনা, সমাসোক্তি আদি বিভিন্ন অলংকাৰৰ প্ৰয়োগ কৰা হৈছিল।

৫/ ৰস:

      কবিতাত ৰস সৃষ্টি পুৰণি অসমীয়া কবিতা সমূহৰ আন এটা বিশেষ বৈশিষ্ট্য। পুৰণি কবি সকলে ৰসকেই কবিতাৰ আত্মা হিচাপে বিবেচনা কৰিছিল। কাৰণ কবিতাত ৰস সৃষ্টিৰ জৰিয়তে কবিতাবোৰক জনসমাজৰ মাজলৈ সহজে লৈ যাব পাৰি। কাব্যৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিব পাৰি। পুৰণি অসমীয়া কবিতাবোৰত বিশেষকৈ শৃংগাৰ,বীৰ, হাস্য, কৰুণ, শান্ত, ৰৌদ্ৰ, বীভৎস আদি ৰসৰ প্ৰয়োগ ঘটিছে।

৬/ ভাষা:

     ভাষা হৈছে পুৰণি অসমীয়া কবিতাৰ অন্যতম বৈশিষ্ট্য। পুৰণি কবিতা সমূহত অসমীয়া ভাষাৰ প্ৰাচীন ৰূপ সংৰক্ষিত হোৱা বুলি ক'ব পাৰি। বিশেষকৈ মাধৱ কন্দলিৰ কবিতা 'ৰামায়ণ'ত বিভক্তি , কাল, বহুবচনাত্মক প্ৰত্যয়, তৎসম, তদ্ভৱ, অৰ্দ্ধ তৎসম, দেশী-বিদেশী শব্দৰ প্ৰয়োগ ঘটিছে। মহাপুৰুষ শংকৰদেৱৰ বৰগীত সমূহত ব্ৰজাৱলী ভাষাৰ শব্দ আৰু প্ৰাচীন ৰূপ উভয়ে সংৰক্ষিত হৈছে।
        
       গতিকে উপৰোক্ত আলোচনাৰ পৰা ক'ব পাৰি যে পুৰণি অসমীয়া কবিতাবোৰ নিজ নিজ বিশেষ বৈশিষ্ট্যৰে মহিমামণ্ডিত। কবিৰ শ্ৰম আৰু একান্ত সাধনাৰ ফচল হৈছে পুৰণি অসমীয়া কবিতা। যিবোৰ কবিতাই বৰ্তমান সময়তো সাহিত্যৰ ভঁৰাল চহকী কৰি ৰখাত মূল্যৱান অৰিহণা যোগায় আহিছে।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 
       লেখক: দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ।
Teacher of Hahkhati High school.




❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️







2 comments:

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts