Monday, June 5, 2023

বিশ্ব পৰিৱেশ দিৱস আৰু আমি। World Environment Day and us. 

🚀বিশ্ব পৰিৱেশ দিৱস আৰু আমি। World Environment Day and us. 


   🖊️ ২০২৩ বৰ্ষৰ বিশ্ব 'পৰিৱেশ দিৱস'ৰ মূল বিষয়বস্তু হৈছে ' Only one earth' অৰ্থাৎ কেৱল এখনেই পৃথিৱী । এই বিষয়বস্তুক লৈ এইবাৰ সমগ্ৰ পৃথিৱীৰ মানুহে পৰিৱেশ দিৱস উদযাপন কৰিব। বিগত ১৯৭৪ চনৰ পৰা সমগ্ৰ পৃথিৱীতে এই দিৱস উদযাপন কৰি অহা হৈছে কেৱল পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে মানুহক মানুহে সজাগ আৰু সচেতন কৰিবলৈ। পৰিৱেশ সংৰক্ষণ নকৰিলে পৃথিৱী নামৰ গ্ৰহটো মানুহৰ বাবে অদূৰ ভবিষ্যতে বাসোপযোগী হৈ নাথাকিব। কাৰণ বিভিন্ন কাৰণত হোৱা পৰিৱেশ বিনষ্টকৰণে প্ৰকৃতিক বাৰুকৈয়ে আঘাত হানিছে। বতৰৰ তাৰতম্য অৱস্থা , উৎকট গৰম আৰু বৰষুণৰ পৰিমাণ হ্ৰাস, ঠাণ্ডা দিনতো অতিপাত গৰম আদি কাৰক সমূহে পৰিৱেশৰ পৰিৱৰ্তনৰ কথাকে সূচায়। 

    জল প্ৰদূষণ, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ, শক্তি প্ৰদূষণ আদি মানুহে লাভালাভৰ বাবে কৰা বিভিন্ন কামৰ ফলত হ'বলৈ ধৰিছে। মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ বনৰ গছ গছনি কাতি তহিলং কৰিব ধৰিছে। বিভিন্ন খেতি খোলা কৰিবলৈ সৰু-বৰ বন কাটি চাফা কৰাত পৰিৱেশত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। পাহাৰত ঝুম খেতি কৰাৰ ফলত প্ৰতি বছৰত গছ গছনি কটা হৈছে। লগতে কটা গছ গছনি জ্বলাই দিয়াৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। মানুহে আচবাব আৰু ঘৰ সাজিবলৈ বিভিন্ন ঠাইত গছ গছনি কাতি ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে। কাৰণ মানুহক স্বাছন্দ্য, আৰু লাহ-বিলাহৰ জীৱনৰ প্ৰয়োজন। ধনীক শ্ৰেণীৰ বাবে যিদৰে কাঠ বিভিন্ন কামৰ বাবে প্ৰয়োজন হৈছে একেদৰে দৰিদ্ৰ শ্ৰেণীৰ বাবে খেতি কৰিবলৈ আৰু জুই জ্বলাবলৈ খৰিৰ প্ৰয়োজন পূৰাবলৈ গছ গছনি কাটিব লগা হৈছে। বৰ্তমান সময়ত মানুহৰ এই কামবোৰে প্ৰকৃতিক বেয়া ধৰণে জুৰুলা কৰি তুলিছে। প্ৰকৃতি প্ৰদূষণৰ ফলত মানুহৰ পৃথিৱীত বাস কৰিবলৈ অসুবিধা হৈ পৰিছে। প্ৰকৃতিক আঘাত হানিব পৰা এনে কাৰ্য অতি সোনকালে বন্ধ হোৱা বৰ প্ৰয়োজন। নহ'লে পৃথিৱী নামৰ এই সুন্দৰ গ্ৰহটোত মানুহৰ বাবে বাস কৰা কঠিন হৈ পৰিব। লগতে বায়ু প্ৰদূষণৰ ফলত বিভিন্ন জীৱ-জন্তুও বিলুপ্ত হ'ব। 
    বৰ্তমান সময়ত মানুহে প্ৰকৃতিক বচাবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছে। বিশ্বৰ সকলো দেশতে পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ বুজি লৈ ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ আগবাঢ়ি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, অষ্ট্ৰেলিয়া, জাপান চীন আদি দেশ বিলাকে পৰিৱেশ সন্তুলন অৱস্থাত ৰাখিবৰ বাবে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে। প্লাষ্টিকৰ ব্যৱহাৰ ৰোধকৰণত নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰত চৰকাৰেও এইক্ষেত্ৰত পিছ পৰি থকা নাই। বৃক্ষৰোপণ কাৰ্যসূচীকে ধৰি কেতবোৰ আন কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কলকাৰখানাৰ পৰা নিৰ্গত ধোঁৱা হ্ৰাস কৰিবলৈ আন বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিবলৈ কোৱা হৈছে। গাড়ী মটৰৰ পৰা নিৰ্গত ধোঁৱা হ্ৰাস কৰিবলৈ চিএনজি CNG পেট্ৰলৰ ব্যৱস্থা কৰা হৈছে। 
    আমি সকলোৱে কেৱল পৰিৱেশ দিৱসৰ ওপৰত নিৰ্ভৰ কৰি বা সংগতি ৰাখি বৃক্ষৰোপণ অৰ্থাৎ গছ পুলি ৰোপণ কাৰ্যসূচী ল'লে পৰিৱেশ বিনষ্ট কৰণৰ সমস্যাটো সমাধান কোনোকালে যে হৈ নুঠিব সেয়া সহজে অনুমেয়। বৃক্ষৰোপণ আমাৰ জীৱনৰ অৰ্থাৎ পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ এটা অভ্যাস হিচাপে গঢ়ি তোলিব লাগিব। ব্যক্তিগত বাৰীৰ উপৰিও অৰণ্যৰ মাজত নিজাকৈ প্ৰতিদিনে এটা গছপুলি ৰোপণ কৰাৰ সংকল্প আমি সকলোৱে ল'ব লাগিব। পথ, বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানত অনুষ্ঠান বা প্ৰতিষ্ঠানৰ মুৰব্বীৰ ওপৰত আশাপালি নাথাকি নিজেই এজোপা প্ৰয়োজনীয় গছ পুলি ৰোৱা উচিত। এই অভ্যাসে প্ৰকৃতি প্ৰদূষণ মুক্ত কৰাত যথেষ্ট পৰিমাণে সকাহ দিব বুলি ক'ব পাৰি।
    
       প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক সৰুৰে পৰাই বৃক্ষৰোপণ কিয় কৰা উচিত (?) ,কিয় প্লাষ্টিক বা অন্যান্য দাহ্য বস্তুবোৰ জ্বলোৱা অনুচিত (?) তাক সময় থাকোঁতেই শিকোৱা প্ৰয়োজন আছে। বায়ুমণ্ডল সুস্থিৰ আৰু প্ৰদূষণ মুক্ত কৰিবলৈ শিকোৱা উচিত। নৱ প্ৰজন্মক প্ৰকৃতিক ভাল পাবলৈ উৎসাহিত কৰিব লাগিব। 
       বিগত কেইটামান বছৰৰ অতিক্ৰমৰ পিছত আজিৰ সময়ত বতৰৰ যে কিমান পাৰ্থক্য হৈছে আমি দেখি অবাক মানিছো। আশী নব্বৈ দশকত ইমান গৰম নাছিল। প্ৰায় বহাগ মাহৰ পিছৰ পৰা বৰষুণ হ'বলৈ ধৰে অৰ্থাৎ মৌচুমী নামি আহে আৰু এই মৌচুমী ভাদৰ শেষলৈ থকা দেখা যায়। অৱশ্যে মাজে মাজে দুই এদিন ৰ'দ নিদিয়াও নহয়। কাৰণ ভগৱানেও জানে অতি লাগতিয়াল ধান, চাউললৈ ৰূপান্তৰিত ঘটাবলৈ কিছু ৰ'দৰ প্ৰয়োজন হয়। সেয়ে সেই সময়ত কৃষকেও সময়ত খেতি কৰিবলৈ সক্ষম হৈছিল। আৰু আবতৰত বৰষুণ নোহোৱাৰ বাবে হয়তো মানুহে ৰবি শস্য আৰু খাৰিফ শস্য সময়ত সুকলমে চপাবলৈ সক্ষম হৈছিল। কিন্তু আজিৰ সময়ত তেনে এটা অনুকুল পৰিৱেশ যে নাই তাক বুজাই কোৱাৰ প্ৰয়োজন নাই। ইয়াৰ মূলতে হ'ল মানুহৰ কিছুমান অমানৱীয় কাৰ্য । উদ্ভিদৰ ধ্বংস কাৰ্যই পৃথিৱীৰ বায়ুমণ্ডলত গ্ৰীণহাউচ গেছৰ পৰিমাণ বৃদ্ধি ঘটাইছে। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ, নাইট্ৰজেন, ধূলিকণা আদিৰ পৰিমাণ বৃদ্ধি ঘটাৰ ফলত বায়ুমণ্ডলত বায়ু দূষিত হৈ পৰিছে আৰু ইয়ে বতৰৰ অৱস্থাত প্ৰভাৱ পেলায়ছে। উল্লেখ্য যে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি ঘটাৰ ফলত বায়ুমণ্ডল গধুৰ হৈ পৰিছে। যাৰফলত সময়ত বৰষুণ নোহোৱা কাৰকে দেখা দিছে। এই সমস্যা আমি এতিয়া স্বচক্ষুৱে দেখিবলৈ পাইছোঁ। ইয়াৰ ফলত পৰিৱেশ অতিপাত গৰমে চানি ধৰিছে। আকৌ আজিকালি মানুহে বতাহ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কংক্ৰিটৰ ঘৰ সাজিবলৈ ধৰিলে। খেৰৰ পৰিৱৰ্তে চালত লগালে ধাতুৰে নিৰ্মিত টিনপাত। যিবোৰৰ ফলত অতি উত্তাপৰ সৃষ্টি হয়। গতিকে এইবিলাকে পোনপটীয়াকৈ বায়ুৰ উত্তাপ বৃদ্ধিত অৰিহণা যোগাইছে। ইফালে গৰমৰ পৰিমাণ যিমানে বৃদ্ধি পাবলৈ ধৰিছে, সিমানে মেৰু অঞ্চলৰ বৰফ গৰমত গলিবলৈ ধৰিছে। যিয়ে প্ৰাণী কুলৰ লগতহে মানুহৰ পৃথিৱীত ভয়াৱহতাৰ সৃষ্টি কৰিছে।
       গতিকে এই ভগৱান প্ৰদত্ত পৃথিৱীখন মানুহেই সজাইছে আৰু এদিন মানুহেই ধ্বংস কৰি নিঃশেষ কৰি তোলিব এয়া ধ্ৰুৱসত্য। সেয়ে এই বছৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু only one earth এইটো গুৰুত্বপূৰ্ণ বিষয় হিছাপে পৰিগণিত হৈছে। আহক আমি সকলোৱে এই পৃথিৱীক বচাও অধিক হাৰত বৃক্ষৰোপণ কৰি আমি জীয়াই থাকিবৰ বাবে। জীৱ-জন্তু জীয়াই থাকিবৰ বাবে। কাৰণ আমাৰ কেৱল এখনেই পৃথিৱী।

-------------------------------------------------------------------
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুগ্ৰহ কৰি তলৰ Comment বাকচটো অকে কৰি এটা মন্তব্য আগবঢ়াই কৃতাৰ্থ কৰিব।

লেখক: দুদুল সোণোৱাল।
শিক্ষক, হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

2 comments:

  1. ভাল লিখিছা। পাঠক সমাজ নিশ্চয় উপকৃত হ'ব।

    ReplyDelete
    Replies
    1. আপোনাৰ বহুমূলীয়া মন্তব্যই আপ্লুত কৰিলে। অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

      Delete

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts