বিহু কেতিয়াও ধৰ্মীয় উৎসৱ হ'ব নোৱাৰে । ই হৈছে লোক উৎসৱ । Bihu can never be a religious festival. This is a folk festival 🎎.
👉 বিহু হৈছে এটা নিৰ্দিষ্ট জাতিৰ পৰম্পৰাগত উৎসৱ । ই হৈছে লোক উৎসৱ। অসমত বসবাস কৰা মংগোলীয় মূলৰ জনগোষ্ঠী সকলৰ আদি কালৰ পৰাই চলি অহা আয়ুসৰেখা। বিহু কেতিয়াও ধৰ্মৰ সৈতে সংলগ্ন হ'ব নোৱাৰে। ই ধৰ্মীয় উৎসৱ হ'ব নোৱাৰে। প্ৰকৃততে বিহু হৈছে ব'হাগ মাহৰ প্ৰথম দিনটোত উদযাপন কৰা অসমীয়াৰ মনৰ আবেগ স্বতস্ফুৰ্ত ভাৱে প্ৰকাশ ঘটা এক কৃষ্টি।
লোককৃষ্টিক ধৰ্মৰ সৈতে সংলগ্ন কৰিলে ইয়াৰ নিজস্বতা লোপ পাব। বিজতৰীয়া হ'ব। যিবিলাক মানুহৰ হাড়ে-হিমজুয়ে বিহুৰ গোন্ধ, বিহুৰ অনুভৱ মিহলি হৈ আছে সেইবিলাক মানুহৰহে বিহুৰ সৈতে সম্পৰ্ক আছে। আন বিলাকে কেৱল ওপৰতে জপৰা আলু খন্দাৰ সদৃশ। বৰবাবু বা বিষয়া সকলে ইয়াৰ মূল অনুভৱ নকৰাটোৱে স্বাভাৱিক। খাটি খোৱা গ্ৰাম্য সমাজৰ লোকৰ মনৰ মাজত বিহু শব্দটোৱে অনবৰতে শিপাই আছে। সেয়ে বিহু অসমীয়াৰ হিয়াৰ আমঠু স্বৰূপ। "বিহু অসমীয়াৰ বাপতি সাহোন, সেয়ে যথেষ্ট। অসমীয়াৰ বিহু সুকীয়া। বিহু পৃথিৱীত কাৰো নহয়, কেৱল অসমীয়াৰ। গতিকে বিহু মৰিলে অসমীয়াও মৰিব।" - কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এইদৰে আমাক সোঁৱৰাই গৈছে।
কিয় ধৰ্মীয় উৎসৱ হ'ব নোৱাৰে ?
ধৰ্মীয় উৎসৱ বুলি কোৱা লগে লগে বিভিন্ন জাতি জনগোষ্ঠী , বিভিন্ন ভাষা ভাষী লোকৰ বৃহৎ অংশৰ কথা আহি পৰিব। হিন্দু ধৰ্মাৱলম্বী বুলি কোৱা লগে লগে ইয়াত অন্তৰ্ভুক্ত অসমীয়া, বঙালী, শিখ, জৈন, পঞ্জাৱী, বিহাৰী, মাৰোৱাৰী,দেচুৱালী, বড়ো কাৰ্বি মিছিং দেউৰী, তামিল, গুজৰাটী, আদিবাসী, টাংচা, চাকমা, নেপালী,,.... আদি জাতি সকলৰ কথা আহি পৰিব। এইসকল লোক হিন্দু। ইহঁতৰ সাৰ্বজনীন ধৰ্ম হৈছে হিন্দু ধৰ্ম। এই গোটেই বোৰ লোকে মানি অহা উৎসৱ বিধেই হ'ব হিন্দু ধৰ্মীয় উৎসৱ। যেনে দুৰ্গা পূজাক এনে সাৰ্বজনিক ধৰ্মীয় উৎসৱ হিচাপে গণ্য কৰা হয়। কাৰণ ভাৰতৰ আটাইবোৰ হিন্দু ধৰ্মাৱলম্বী লোকে এই উৎসৱ সাৰ্বজনীন ভাৱে পালন কৰে। ই লোককৃষ্টি নহয়। এনে ধৰ্মীয় উৎসৱৰ পৰিসৰ ব্যাপক। কিন্তু লোক কৃষ্টিৰ পৰিসৰ ব্যাপক নহয়। ই নিৰ্দিষ্ট জাতিৰ মাজত সীমাবদ্ধ এক উৎসব। গতিকে এই দৃষ্টিকোণেৰে বিচাৰ কৰিলে দেখা যায় যে বিহু কেতিয়াও হিন্দু ধৰ্মীয় উৎসৱ হ'ব নোৱাৰে। ই কেৱল অসমীয়াৰ অৰ্থাৎ সোণোৱাল কছাৰী, আহোম, মৰাণ ,মটক, দেউৰী, বড়ো, কাৰ্বি, ৰাভা, মিচিং আদি পৌৰাণিক জনগোষ্ঠী সমূহৰ পৰম্পৰাগত উৎসৱ হ'ল বিহু। ইয়াৰ পৰৱৰ্তী সময়ত বিশেষকৈ স্বাধীনতাৰ পিছত যিসকল লোক অসমত থাকি অসমীয়াৰ লগত জহি-পমি গ'ল, মাত-কথা, চাল-চলন, আচাৰ-ব্যৱহাৰ আদি গ্ৰহণ কৰিলে সেইসকলকো ন-অসমীয়া হিচাপে গণ্য কৰা হ'ল। আনহাতে বঙ্গ প্ৰদেশৰ পৰা উঠি অহা মুছলমানসকলক কোৱা হ'ল পমুৱা অসমীয়া। এটা কথা অপ্ৰিয় হ'লেও সত্য যে অসমীয়াৰ বিহুক পমুৱা অসমীয়া সকলে কেতিয়াও অন্ত:কৰণেৰে নিজৰ কৃষ্টি বুলি গণ্য নকৰে বা কৰা নাই। যিটো আমি আজিৰ সময়লৈকে দেখা নাই। অসমত এনে কিছু লোক বসবাস কৰে যাক অসমীয়া বুলি কোৱা হৈছে কিন্তু তেওঁলোকৰ সৰহসংখ্যকে অসমীয়া ভাষাটো ক'বও নাজানে লিখিবও নাজানে। তেন্তে তেওঁলোকে বিহুক কেনেকৈ নিজৰ কৃষ্টি হিচাপে গণ্য কৰে বুলি ধৰিম ? ই অসম্ভৱ নহয়নে ? সেয়েহে আমি বিহুক অন্য দৃষ্টিৰে চোৱা অনুচিত । বিহু বিহুৱেই। ই খাটিখোৱা অসমীয়াৰ বাপতিসাহোন। ই সাৰ্বজনীন ধৰ্মীয় উৎসৱ নহয়।
বিহুক কিয় জাতীয় উৎসৱ হিচাপে গণ্য কৰা হয়?
বিহু হৈছে জাতীয় উৎসৱ। কিন্তু কিয় ? অসমত বসবাস কৰা লোকসকল অসমীয়া। প্ৰায় চৈধ্যশ শতিকাৰ আগৰপৰাই অসমত যিসকল লোক বাস কৰি আহিছে তেওঁলোকৰ ভাষা হৈছে অসমীয়া। আনহাতে অসমীয়া ভাষা কোৱা লোকৰ শতকৰা হাৰ অসমত অধিক। এই সকল লোকৰ পৰম্পৰাগত কৃষ্টি হৈছে বিহু। জনসংখ্যাৰ দিশৰ ওপৰত ভিত্তি কৰিয়েই বিহুক জাতীয় উৎসৱ হিচাপে গণ্য কৰা হৈছে। জাতীয় উৎসৱ মানে হৈছে কোনো এটা নিৰ্দিষ্ট জাতিৰ মাজত পৰম্পৰাগত নিয়মেৰে চলি অহা এটা উৎসৱ।
অসমত বসবাস কৰা আটাইবোৰ লোকেই অসমীয়া। তদুপৰি স্বাধীনতাৰ পিছত যিবিলাক লোক আমাৰ মাজলৈ ন' কৈ প্ৰব্ৰজন ঘটিছিল সেইবিলাককো ন-অসমীয়া বা পমুৱা অসমীয়া হিচাপে গণ্য কৰা হয়। যদিও তেওঁলোকৰ কিমানে বিহুক নিজৰ বুলি আকোঁৱালি ল'ব পাৰিছে ? এয়া আপোনালোকে সকলোৱে নিজ চকুৰে দিখিছে যে মুষ্টিমেয় কিছু সংখ্যক লোকেহে বিহুক আপোন বুলি গণ্য কৰে। ই যি কি নহওঁক, বিহু অসমৰ জাতীয় উৎসৱ আগতে আছিল, এতিয়া আছে আৰু আগলৈকো হৈ থাকিব। ইয়াত কাৰো দ্বিমত নাই নিশ্চয়।
কিন্তু সময়ে ইয়াৰ মূল চাৰিত্ৰিক বৈশিষ্ট্যত যে কিছু আঘাট হানিছে সেয়া আপোনালোকৰ নিশ্চয় দৃষ্টিগোচৰ হৈছে। পূৰ্বতে গ্ৰাম্য অঞ্চলৰ ঘৰে ঘৰে হোৱা বিহু বা লোককৃষ্টি আজি মঞ্চত উঠিল। ইয়াৰ কাৰণ হৈছে- গ্ৰাম্য অঞ্চলৰ বৃহৎ অংশ মানুহৰ নগৰলৈ হোৱা প্ৰব্ৰজন । মানুহবোৰ প্ৰব্ৰজন হোৱা লগে লগে লগত লৈ গ'ল বিহুৰ লগতে অন্যান্য কৃষ্টি। গতিকে পূৰ্বৰ লোক কৃষ্টি গৈ মঞ্চ শুৱনি কৰাৰ লগতে নতুন নতুন কিছু তথ্যৰ সংযোগ ঘটোৱা হ'ল। নতুন নতুন নিয়ম নীতি তৈয়াৰ কৰা হ'ল যিয়ে পুৰণিক আঘাত হানিবলৈ উদ্যত হৈ পৰিল। ইয়াৰ উদাহৰণ হৈছে ন-কৈ ওলোৱা কেছেটৰ বা অনলাইনৰ বিহু। কিন্তু এইটো ধ্ৰুৱসত্য যে বিহু প্ৰকৃততে কৃষি ভিত্তিক জাতীয় উৎসৱ। বিহু যে কৃষি ভিত্তিক হয় সেয়া বিভিন্ন বিহুনাম সমূহে প্ৰমাণ কৰে। । নৰেশ্বৰ হাজৰিকাৰ "বিহু সংস্কৃতিৰ চমু আভাস" গ্ৰন্থৰ এটা প্ৰবন্ধত এনেদৰে কৈছে -"বিহু উৎসৱ কৃষি ভিত্তিক জাতীয় উৎসৱ। কৃষি নিৰ্ভৰশীল অসমীয়া মানুহৰ জীৱনৰ নিৰাপত্তা স্বৰূপ এই পথাৰডৰাৰ পৰাই ডেকা সকলে বিহু নমায় আৰু গৃহস্থৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই বছৰটোলৈ ভগৱন্তই কুশলে-মঙ্গলে ৰাখিবলৈ আৰ্শীবাদ প্ৰদান কৰে। বহুতো বিহুনামত কৃষি আৰু ইয়াৰ লগত সম্পৰ্কিত পথাৰ,হাল,গৰু, কৃষি কৰ্মৰ বিভিন্ন সঁজুলি নাঙল মৈ আদিৰ উপৰিও জহা,বৰা,লাহী,শালি আদি বিভিন্ন ধৰণৰ ধানৰ নাম পৰ্য্যন্ত উল্লেখ থকা দেখা যায়।" গতিকে ক'ব পাৰি বিহু কৃষি ভিত্তিক লোক উৎসৱ। প্ৰকৃততে এনে লোক উৎসৱ অপৰিৱৰ্তনীয়। ইয়াৰ পৰিৱৰ্তন আনিব বিচৰা মানে ইয়াৰ ধ্বংস অনিবাৰ্য।
বিহুৰ ধৰ্মীয় মেৰুকৰণ এক দুৰ্ভাগ্যজনক অৱস্থা
ৰাজনীতিৰ কৱলত পৰি বিহুৱে মৃত্যুৰ ক্ষণ গণিছে নেকি ? বৰ্তমান সময়ত ই এটা লাখটকীয়া প্ৰশ্ন, নহয়নে ? পেপাৰে পত্ৰই, দূৰদৰ্শনৰ মাজেৰে এনেধৰণৰ কথা গম পাই থকা হয় যিবিলাক দেখি শুনিও আমাৰ বৌদ্ধিক সমাজ নিৰৱ, চকু মুদা কুলি।
বিহুক স্বতন্ত্ৰভাৱে থাকিবলৈ দিয়া উচিত ।
বিহু অসমৰ অসমীয়াৰ বাপতিসাহোন। ইয়াক স্বতন্ত্ৰভাৱে থাকিবলৈ দিয়াটোৱেই সঠিক হব। বৰজন তথা জ্ঞানী ব্যক্তিসকলে কৈ গৈছে
"নদী যিমানেই কোবাল নহওঁক, ইয়াৰ গভীৰতা নাথাকিলে মিছা।" অসমীয়াৰ কৃষি ভিত্তিক বিহুক বিভিন্ন প্ৰকাৰে ৰেহ-ৰূপ সলনি কৰিব বিচৰা মানে ইয়াৰ স্বকীয়তা নষ্ট হোৱা আৰু স্বকীয়তা নষ্ট হোৱা মানে ইয়াৰ গভীৰতা হ্ৰাস পোৱা । গভীৰতা হ্ৰাস পালে নদীৰ গতি যিমানেই কোবাল হ'লেও মিছা, ইয়াৰ ব্যৱহাৰ্য গুণ হ্ৰাস পায় আৰু গুৰুত্ব কমি যায়। একেদৰে সংস্কৃতিৰ বিশেষকৈ বিহু সংস্কৃতিৰ গভীৰতা হ্ৰাস পোৱা মানে ইয়াৰ গুৰুত্ব যে কমি যাব সেয়া সকলোৰে বিদিত।
উপসংহাৰ:
ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি প্ৰায় সকলো দিশৰে সুন্দৰ বৰ্ণনা বিহুনাম সমূহত পোৱা যায়। বিহুনামত অসমীয়া সমাজ জীৱনৰ প্ৰতিটো দিশ প্ৰতিফলিত হৈছে। আনকি অসমীয়া সমাজ জীৱনৰ সম্পৰ্কে অধ্যয়ন কৰিবলৈ হ'লে বিহুনাম প্ৰথমে অধ্যয়ন কৰিবই লাগিব। কাৰণ বিহুনামে - আই নাম,ধাই নাম, অপেচৰা নাম, বিভিন্ন পূজা-পাৰ্বণৰ নাম, প্ৰেম-প্ৰীতি, জীৱ-জন্তুৰ নাম আদিও সামৰি লৈছে। প্ৰকৃতিৰ ৰূপে ৰসে মোহনীয়া ৰূপক বিহুৱে অতি সুন্দৰকৈ ধৰি ৰখাটো হৈছে বিহুৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। বিহুনামত গোৱা হয় - " প্ৰকৃতিৰে বুকুলৈ বসন্ত আহিলে, দিহিঙে দিপাঙে ঢোলে গৰজিলে।...."
পৰিৱৰ্তনৰ চাকনৈয়াত পৰি বিহুৰ স্বকীয়তা যাতে নষ্ট নহয় আমি সকলোৱে তাৰ বাবে সজাগ আৰু সচেতন হোৱাৰ সময় সমাগত। মৌলিকতা বিকৃত নোহোৱাকৈ বিহুক ধৰি ৰাখিব পাৰিলেহে অসমত অসমীয়াও বাচি থাকিব।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
প্ৰৱন্ধটো যোৱা ২০২২ চনৰ এপ্ৰিলত টিভিত বিহু ক লৈ চলি থকা বাদ-বিবাদৰ আলোচনা শুনি আৰম্ভ কৰা হৈছিল। কিন্তু অসম্পূৰ্ণ ভাৱে সময়ৰ অভাৱত পেলায় থোৱা হ'ল। আজি হঠাৎ ইয়াৰ অৰ্ধ পাণ্ডুলিপি পোৱাত পুনৰ যোৰা-টাপলি মাৰি লিখি শেষ কৰিলোঁ। ভুলবোৰ সুধী সমাজে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ।
লেখক : দুদুল সোণোৱাল।
শিক্ষক, হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
আৰৈমূৰীয়া গাওঁ।
🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒
বিহু বিষয়ক ভাল আলোচনা আগবঢ়ালা।
ReplyDeleteহয়, চেষ্টা কৰিছোঁ। আপোনালৈ অশেষ আন্তৰিক ধন্যবাদ।
Delete