ছিৰিজৰ শ্ৰেষ্ঠ গ্ৰন্থখন।🪴In my view the best book in the Bandit Bhaskar series.
👉 ভাস্কৰ ছিৰিজৰ স্ৰষ্টা ৰংমন ওৰফে ৰবীন দে'ৰ মৃত্যু তিথিত উল্লেখিত বিষয়ত প্ৰৱন্ধ প্ৰতিযোগিতা এক সময়োপযোগী চিন্তা। বিষয়বস্তুটো দেখি মোৰো প্ৰৱন্ধ এটা লিখিবলৈ মন গ'ল। গতিকে লিখিবলৈ ধৰিলো মোৰ প্ৰিয় ভাস্কৰ ছিৰিজৰ শ্ৰেষ্ঠ গ্ৰন্থখনৰ সম্পৰ্কে লিখিবলৈ যোৱা আগতে ছিৰিজটোৰ সম্পৰ্কে দুটামান কথা সন্নিৱিষ্ট কৰিছোঁ।
প্ৰকৃততে কবলৈ গলে ভাস্কৰ ছিৰিজৰ প্ৰতিটো খণ্ডই শ্ৰেষ্ঠ। যিয়ে এবাৰ ভাস্কৰ ছিৰিজৰ গ্ৰন্থ অধ্যয়ন কৰিছে সি আৰু এৰিব নোৱাৰে। গ্ৰন্থৰ কাহিনীয়ে ইমান প্ৰৱল ভাৱে আকৰ্ষণ কৰি ৰাখে যে এবাৰ পঢ়িলে ইয়াক এৰি অহা সম্ভৱেই নহয়।
আশী দশকৰ সময়ছোৱাত অসমীয়া সাহিত্যৰ ইতিহাসত খলকনি তোলা 'দস্যু ভাস্কৰ ' ছিৰিজৰ মূল চৰিত্ৰ 'দস্যু ভাস্কৰ' হ'ল লেখকৰ এটা কাল্পনিক চৰিত্ৰ। এই চৰিত্ৰৰ তথা ভাস্কৰ ছিৰিজৰ স্ৰষ্টা হৈছে 'ৰংমন' যাৰ প্ৰকৃত নাম আছিল ৰবীন দে'। ৰবীন দে' আছিল অসমৰ এগৰাকী প্ৰসিদ্ধ থ্ৰিলাৰ উপন্যাসিক আৰু অভিনেতা। তেওঁৰ ছদ্মনাম আছিল 'ৰংমন'। তৎকালীন সময়ত এই উপন্যাসৰ ছিৰিজে পাঠক সমাজত খলকনি সৃষ্টি কৰি সাংঘাটিক ধৰণে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
উল্লেখ্য যে ছিৰিজৰ সন্নিৱিষ্ট গ্ৰন্থসমূহত সুন্দৰ সৰল আৰু সাৱলীল ভাষাৰ প্ৰয়োগ, আকৰ্ষণীয় উপস্থাপন আদিকেই থ্ৰিলাৰ ছিৰিজটোৰ জনপ্ৰিয়তাৰ মূল কাৰণ বুলিব পাৰি । তদুপৰি সমসাময়িক কালত চলি থকা সমাজৰ সমস্যাৰাজি চৰকাৰে উচিত তথা ন্যায়নিষ্ঠ পদক্ষেপেৰে সমাধান নকৰাৰ বাবে ইয়াৰ বিৰুদ্ধে ৰজা ঘৰলৈ এটা সঠিক বাৰ্তা প্ৰেৰণ কৰাও এক উদ্দেশ্য বুলি ক'ব পাৰি। জনা যায় যে ভাস্কৰ ছিৰিজৰ গ্ৰন্থ মুঠ ৬১খন লেখকে ধাৰাবাহিক ভাৱে লিখি উলিয়াইছিল। উল্লেখ্য যে ইয়াৰ প্ৰতিখন গ্ৰন্থই পাঠক সমাজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। পাঠক সমাজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰি শ্ৰেষ্ঠ গ্ৰন্থৰ শাৰীত উঠিবলৈ সক্ষম হৈছে। দস্যু ভাস্কৰ ছিৰিজত বিভিন্ন অভিযানৰ সম্পৰ্কে অতি মনোগ্ৰাহীকৈ বৰ্ণনা আছে। বিশেষকৈ এনে থ্ৰিলাৰ ধৰ্মী ৰস ৰচনাই কিশোৰী সকলৰ মন অনায়াসে জয় কৰিবলৈ সক্ষম হৈছিল। সেয়ে আজিও ভাস্কৰ ছিৰিজৰ গুৰুত্ব অসমৰ পাঠক সমাজত বিদ্যমান।
ভাস্কৰ ছিৰিজৰ গ্ৰন্থ সমুহৰ মূল চৰিত্ৰ হৈছে- দস্যু ভাস্কৰ, সহযোগী চৰিত্ৰ- কমল বৰা, সোমন, ধীৰেন, ফেহু , বোন্দা, ফিঙা, তীৰ্থংকৰ, পাৰ্থ, ৰিয়াজ আদি। পুলিচ বিষয়া - ডিটেকটিভ পিনাকী শৰ্মা, প্ৰদীপ কাকতি, কিৰীটি শইকীয়া, ইন্দ্ৰজিৎ দত্ত, বিকাশ বৰুৱা আদি।
মই পঢ়া দস্যু ভাস্কৰ ৰোমাঞ্চকৰ ছিৰিজবিলাকৰ ভিতৰত - দস্যু ভাস্কৰৰ আবিৰ্ভাৱ, চক্ৰভেদী ভাস্কৰ, বিমান যুদ্ধত ভাস্কৰ, দস্যু ভাস্কৰৰ অন্তৰ্ধান, ভাস্কৰৰ প্ৰতিজ্ঞা, গুহামানৱ ভাস্কৰ, দস্যু ভাস্কৰ আৰু অদৃশ্য দানৱ , ক্ষমাহীন ভাস্কৰ, ভাস্কৰ আৰু লুইতকণ্যা,
ভাস্কৰৰ সমুদ্ৰবিজয়,দস্যু ভাস্কৰ আৰু ৰত্নমালা ,দস্যু ভাস্কৰ আৰু প্ৰেতাত্মা, ভাস্কৰ আৰু ছদ্মবেশী, ভাস্কৰ আৰু ছদ্মবেশী স্মাগলাৰ, ভাস্কৰৰ সমুদ্ৰবিজয় ।
মোৰ দৃষ্টিত শ্ৰেষ্ঠ গ্ৰন্থখন আৰু সাৰাংশ :
ৰংমন ওৰফে ৰবীন দে'ৰ প্ৰথম খন গ্ৰন্থৰ নাম আছিল 'দস্যু ভাস্কৰৰ আবিৰ্ভাৱ'। তেওঁৰ প্ৰথম খন গ্ৰন্থই অসমৰ পাঠক সমাজক বাৰুকৈয়ে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। এই গ্ৰন্থখন মোৰ মতে শ্ৰেষ্ঠ শাৰীত ৰখাৰ এটাই কাৰণ সেয়া হ'ল - এইখন লেখকৰ প্ৰথম গ্ৰন্থ য'ত অসমৰ সৰ্বহাৰাৰ, দৰিদ্ৰ সকলৰ ন্যায়ৰ বাবে কাম কৰিবলৈ আৰম্ভ ঘটোৱা হৈছে। আৰু এই আৰম্ভনি বহুত সুন্দৰ হৈছে। গ্ৰন্থখনৰ কাহিনীৰ সাৰাংশ হ'ল -" শিৱসাগৰৰ বাসিন্দা হৰেন বৰাৰ একমাত্ৰ খেতিৰ আদালতৰ ৰায় অনুসৰি হাতচাৰা হয়। শিশু পুত্ৰ কমল আৰু মাকক লৈ পৰিয়ালটোৰ অৱস্থা হয় পানীত হাঁহ নচৰা অৱস্থা। কিন্তু, দুখৰ মাজতো চোকা মগজুৰ কমল বৰাই শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ লাভ কৰি বৃত্তি লৈ কটন কলেজত পঢ়িবলৈ আহে। লগত প্ৰিয় বন্ধু নগালেণ্ডৰ সোমন আও। পঢ়াৰ লগতে সাঁতোৰ আৰু বিভিন্ন খেলতো কমলে পাৰদৰ্শিতা দেখুৱাই সহপাঠীসকলৰ মাজত জনপ্ৰিয় হৈ পৰে। পঢ়াশুনাতকৈও খেলৰ বাবেহে কমল প্ৰখ্যাত হৈ পৰে। স্নাতক পৰীক্ষাৰ পাছত ঘৰলৈ যাব নোৱাৰি কমল আৰু সোমনে ছাত্ৰাবাসতে সময় কটায়। তেনে সময়তে আহে ১৯৫০ চনৰ বৰ ভূইঁকপ। ভূইঁকপত ক্ষতিগ্ৰস্ত মানুহৰ দুখৰ বুজ ল'বলৈ গুৱাহাটীলৈ আহে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। নেহৰুৰ সভাত দুখীয়াৰ প্ৰতি দান দিবলৈ আগবাঢ়ি যায় চহৰৰ বহু ধনী ব্যক্তি। কিন্তু, আৰ্তজনৰ সেৱাৰ বাবে বৰঙনি দিবলৈ যোৱা মানুহৰ অংগী-ভংগী দেখি কমলে অনুভৱ কৰে তাৰ মাজত আন্তৰিকতা নাই। আছে, নাম কিনাৰ আগ্ৰহ মাত্ৰ। ধনীচামে দুখীয়াক পুতৌহে কৰিছে। সহায় আগবঢ়োৱা নাই। কমলে অনুভৱ কৰে, ভিক্ষাৰে কেতিয়াও দেশৰ মংগল নহয়। সি এক কঠিন পথৰ এক নক্সা আঁকি লয়। ধনীৰপৰা কাঢ়ি তাক দুখীয়াৰ মাজত বিলাই দিয়াৰ। পাকৈত চোৰ ফেহু ঘটনাচক্ৰে কমলহঁতৰ লগ লয়। সিহঁতে সোনকালেই এক সৰু সংগঠন কৰি ধনী ব্যৱসায়ীৰ ঘৰত এক লোমহৰ্ষক ডকাইতি কৰে। সেই ধন আৰ্তজনক বিলাই দিবলৈ গঠন কৰা হ'ল মানৱ সংঘ। মানৱ সংঘৰ জৰিয়তে প্ৰকৃত দৰিদ্ৰসকললৈ সহায়ৰ হাত আগবঢ়োৱা হ'ল, আনহাতে চহৰত ঘটি গ'ল কেইবাটাও লোমহৰ্ষক ডকাইতি। ডকাইত বিচাৰি পুলিচে সাধাৰণ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিলে। চহৰত খোদ প্ৰশাসনৰ পৰাই নিৰাপত্তাৰ অভাৱ দেখি 'নতুন বাণী' কাকতৰ সম্পাদক পীতাম্বৰ তালুকদাৰে চৰকাৰ আৰু পুলিচক দোষাৰোপ কৰিলে। দিল্লীৰপৰা আহিল আই.বি. চীফ মেনন। কিন্তু, নিজৰ অসমৰ্থতাৰ বাবে তেওঁৰ খং পৰিলগৈ পীতাম্বৰ তালুকদাৰৰ ওপৰতহে। মেননে পীতাম্বৰ তালুকদাৰক কৰা অপমান সাধাৰণ মানুহে জানিবলৈ পালে। চহৰত আন্দোলন গঢ়ি উঠিল। পুলিচে গুৱাহাটীৰ সকলো দাগী আচামীক গ্ৰেপ্তাৰ কৰিলে। কিন্তু, ফেহুক নিষ্ক্ৰিয় দেখি সন্দেহ হ'ল পিনাকী শৰ্মাৰ। ফেহুৰপৰাই কিবা শুংসুত্ৰ পোৱা যাব বুলি ভাবি তেওঁ ফেহুৰ পিছত চৰ লগালে। কমলে এই কথা জানিব পাৰি ফেহুৰপৰা পিনাকী শৰ্মাৰ সন্দেহ দূৰ কৰিবলৈ দস্যু ভাস্কৰ নামে এক ছদ্মনাম লৈ বাতৰি-কাকতত বিজ্ঞাপন দি সকলো ডকাইতিৰ দায়িত্ব নিজে মূৰ পাতি লয়, লগতে নিৰীহ জনতাক হাৰাশাস্তি নকৰিবলৈ অনুৰোধ কৰি তাক ধৰিবলৈ প্ৰত্যাহ্বান জনায়। মেননৰ অসফলতাৰ বাবে অপসাৰণ কৰি পিনাকী শৰ্মাক সৰ্বাধিনায়ক কৰা হয়। পিনাকী শৰ্মাই ফেহু, বোন্দাৰ পাছত জোৰ দি লগা দেখি কমলে দস্যু ভাস্কৰৰ ছদ্মবেশত পিনাকী শৰ্মাক লগ কৰি প্ৰত্যাহ্বান জনায় যাতে পিনাকী শৰ্মাৰ তদন্ত ভাস্কৰ কেন্দ্ৰিক হৈ থাকে। তেনে সময়তে আন এটা ডকাইতিৰ আঁচনি কৰা হয়। ডকাইতিৰ বাবে অসমৰ বাহিৰৰপৰা আহিবলগীয়া এজন ব্যক্তিক বিপথে পৰিচালিত কৰি তাৰ ঠাইত ছদ্মবেশত ভাস্কৰ সোমাই পৰে। ডকাইতি সফলতাৰে সম্পন্ন হ'লেও নিতান্ত প্ৰয়োজনত সংঘটিত কৰিবলগীয়া এক বিষ্ফোৰণৰ ফলত কিছু লোক হতাহত হয়। কমল আৰু সংগীসকল এই কথাত ব্যথিত হৈ পৰে, লগতে পিনাকী শৰ্মাই কমলক সন্দেহ কৰাৰ কথাও মনলৈ অহাত কমল আৰু সংগীসকলে নিজৰ সামাজিক পৰিচয় ত্যাগ কৰি জনসমাজৰপৰা আঁতৰি গোপন পৰিচয়েৰে জীৱন কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমল বৰা কলিকতালৈ গ'ল। তাৰেপৰা খবৰ আহিল-'ডায়মণ্ডহাৰবাৰত গঙ্গাৰ বুকুত ভাৰতৰ প্ৰখ্যাত খেলুৱৈ অসমৰ মুকুটমণি কমলৰ সলিল সমাধি।"
বৰ্তমান সময়তো এই কাহিনী অসমৰ প্ৰতিটো ঘটনাৰ সৈতে সংপৃক্ত হৈ থকা যেন অনুভৱ হয়। আকৌ বৰ্তমান সময়ত কমল বৰাৰ দৰে চৰিত্ৰৰ অভাৱ ঘটিছে বাবে সমাজত বৈষম্য মনোভাৱ প্ৰদৰ্শণ অব্যাহত আছে। অসমত কমল বৰাৰ দৰে মেধা ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰিছে হয় কিন্তু সিহঁতৰ পৰা ৰাইজ একো উপকৃত হোৱা নাই। কোনো এজনে অসমৰ ভিতৰত স্থান অধিকাৰ কৰি পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু ইয়াৰ পিছত বিদেশত নামী দামী স্কুলত পঢ়ি বৰ মানুহ হৈ অসমখন পাহৰি পেলাইছে। আন কোনো এজনে আকৌ অসমতে পঢ়ি শুনি ডাঙৰ মানুহ হৈছে কিন্তু সমাজৰ বাবে সু অৱদান আগবঢ়াইছে বুলি কবলৈ টান। গতিকে সেই কমল বৰা সদৃশ পৰোপকাৰ আৰু ন্যায় দিবলৈ আমাৰ মাজত কমল বৰাক বিচাৰি চাবলৈ এই গ্ৰন্থখনে উৎসাহ যোগাই। তাৰোপৰি পুলিচৰ যি ধন লুৰুকা স্বভাৱ সেয়া এতিয়া তাহানিতকৈ অধিক বিদ্যমান। আগতে যেনেকৈ সমাজত আঁচনি বিতৰণত বৈষম্য বা ঢাকঢোল বজোৱা হৈছিল এতিয়াও তেনে পৰিস্থিতিয়ে সমাজক কোঙা কৰি পেলোৱা আমাৰ সকলোৰে দৃষ্টিগোচৰ হয়। গতিকে কমল বৰাৰ দৰে মানুহৰ আৰ্ৱিভাৱ এই সময়তো যুক্তিযুক্ততা আৰু প্ৰাসঙ্গিকতা আছে। তদুপৰি , আৰ্তজনৰ সেৱাৰ বাবে বৰঙনি দিবলৈ যোৱা মানুহৰ অংগী-ভংগী দেখি কমলে যিদৰে অনুভৱ কৰিছিল, তাৰ মাজত নথকা আন্তৰিকতা আৰু নাম কিনাৰ যি আগ্ৰহ মাত্ৰ সেয়া আজিৰ সমাজতো জলজল পটপটকৈ বিদ্যমান। ধনীচামে যে দুখীয়াক দিয়াৰ নামত পুতৌহে কৰিছে। তাক সময়ে সময়ে ঘটি থকা ঘটনা চক্ৰৰ পৰা অনুমান কৰিব পাৰি । অৰ্থাৎ সময়ৰ সৈতে খাপ খোৱা এই গ্ৰন্থখনৰ কাহিনীৰ প্ৰাসঙ্গিকতালৈ লক্ষ্য ৰাখি গ্ৰন্থ খনক শ্ৰেষ্ঠ গ্ৰন্থৰ শাৰীত ৰাখিব পাৰি।
সামৰণি:
ওপৰত উল্লেখ কৰি আহিছোঁ যে ৰংমন অৰ্থাৎ ৰবীন দে'ৰ দ্বাৰা ৰচিত থ্ৰিলাৰ ভাস্কৰ ছিৰিজৰ প্ৰতিখন গ্ৰন্থই প্ৰকৃততে শ্ৰেষ্ঠ। প্ৰতিখন গ্ৰন্থৰ আছে এটা এৰাব নোৱাৰা কাহিনী আৰু বিভিন্ন উপাদান। যি উপাদানে পাথকক আকৰ্ষণ কৰাত অৰিহণা যোগায়। তদুপৰি অসমৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক পটভূমিক এই কাহিনীবিলাকত সাঙুৰি লোৱা হৈছে। একেদৰে 'দস্যু ভাস্কৰৰ আবিৰ্ভাৱ' গ্ৰন্থ খনো ইয়াৰ ব্যতিক্ৰম নহয়। অৰ্থাৎ লেখকৰ প্ৰথম গ্ৰন্থই আন গ্ৰন্থৰো কাহিনী আৰু যোগ্যতাৰ সম্পৰ্কে আভাস দিয়ে। লেখকৰ এই থ্ৰিলাৰ গ্ৰন্থৰ সদৃশ আন লেখকৰ ইমান ৰহস্য ঘন আৰু আকৰ্ষণ কৰিব পৰা উপন্যাস খুব কম সংখ্যক পোৱা যায়।
ই যি কি নহওঁক ৰবীন দে'ৰ প্ৰথম খন গ্ৰন্থ 'দস্যু ভাস্কৰৰ আবিৰ্ভাৱ' সৃষ্টিৰ লগে লগে 'মানৱ সংঘ'ৰ দৰে কল্যাণ মূলক সংঘৰ জন্ম আৰু বিভিন্ন সংঘক ইয়াৰ পৰা কিছু ক্ষেত্ৰত পৰামৰ্শ আৰু জ্ঞান গ্ৰহণত এই গ্ৰন্থখনে অৱকাশ আগবঢ়ালে। সেয়ে এনে গ্ৰন্থ সমুহ চিৰস্থায়ী বা ইয়াৰ আয়ুস কাল দীঘলীয়া হয়।
এইজনা জনপ্ৰিয় লেখকৰ জন্ম হৈছিল ১৯২২ চনৰ ১৮ মাৰ্চত অসমৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ দিখৌ নৈৰ কাষৰ এটি বঙালী পৰিয়ালত। সত্তৰ আৰু আশীৰ দশকত অসমীয়া পাঠকৰ নিদ্ৰা হৰণ কৰি ৰহস্য সাহিত্যৰ মাজলৈ তীব্ৰ আকৰ্ষণৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা ৰবীন দে ওৰফে জনপ্ৰিয় ৰংমনৰ ১৯৮০ চনৰ ২২ জুলাইত পৰলোকপ্ৰাপ্তি ঘটে।
🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল । শিক্ষক।
হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয় ।
🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿
No comments:
Post a Comment
dudulsonowal32@gmail.com