Tuesday, June 20, 2023

বৰ্তমান সময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসঙ্গিকতা।

বৰ্তমান সময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসঙ্গিকতা ।

      কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এটা নাম নহয়,ই এটা বৃহৎ অনুষ্ঠানৰ সদৃশ। অসমৰ প্ৰান্তে প্ৰান্তে ভ্ৰমি ফুৰি অসমৰ কৃষকক, আলৈ আথানি হোৱা দৰিদ্ৰ জনক স্নেহ আৰু মমতাৰে উদ্ধাৰ কৰিবলৈ নিজক উচৰ্গা কৰা বীৰ সংগ্ৰামী তথা কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, চিত্ৰকৰ, নৃত্যবিদ, অভিনেতা,সংগঠক জনেই হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। অসমৰ অতি শ্ৰদ্ধাৰ বিপ্লৱী সৈনিক গৰাকীৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত । পিতৃ 
গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ আছিল গেথীবালা ৰাভা।
     বিষ্ণুপ্ৰসাদ ৰাভা জীৱনকালতে এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল। ৰাভাৰ নৃত্যত বিমুগ্ধ হৈ তৎকালীন সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰিছিল। এয়া আছিল তেখেতৰ বাবে লগতে অসমৰ বাবে নৃত্যৰ স্তৰত জনোৱা বিৰল সন্মান। ইতিহাসৰ পাতত লিপিবদ্ধ তেখেতৰ কৰ্মৰাজীয়ে আজিও অসমৰ প্ৰতিজন লোককেই আকৰ্ষিত কৰে। আনকি প্ৰতি জন লোকে ইয়াৰ পৰা কৰ্ম প্ৰেৰণা লাভ কৰে। এই মহান শিল্পী গৰাকী বিভিন্ন দিশত পাকৈত আছিল। সংস্কৃতিৰ পথাৰখন চহোৱাত তেওঁৰ আছিল বলিষ্ঠ পদক্ষেপ। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি নিজৰ দক্ষতাৰ প্ৰমাণ দিছিল। তেখেতে বহু সংগীত ৰচনা কৰি অসমৰ সংগীতৰ ভঁৰাল চহকী কৰি গৈছে। ইয়াতে ৰাভাৰ দ্বাৰা ৰচিত গীতসমূহ সন্নিৱিষ্ট কৰিলোঁ।-
মোৰ কবিতাৰ ছন্দ লাগি,
পৰজনমৰ শুভলগনত
লগন উকলি গ'ল
টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে
নাহৰ ফুলে নুশুৱাই
এয়ে মোৰ শেষ গান
বল বল বল কৃষক শক্তি দল
সুৰৰে দেউলৰে ৰূপৰে শিকলি
বিশ্বৰ ছন্দে ছন্দে
আজি মন্দিৰ দুৱাৰ খোলা
তেজৰ বোলেৰ লিখি যাম ইতিহাস
হে বিপ্লবী বীৰ অধিনায়ক হে
মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম
আজলী ছোৱালী নানা ফুল তুলি
বিলতে হালিছে ধুনীয়া পদুমী
অ’ গুৰু মোৰ শংকৰ তৰিবৰ কিনো উপায়
নিছলা আইৰে আমি খাটি অসমীয়া
কাষতে কলচি লৈ
সখি হে কি কমে দুখৰে কথা
উটি যা ৰূপালী নাও
অ’ অসমীয়া ডেকা দল ইত্যাদি।

   শিক্ষাৰ দিশত ৰাভা ডাঙৰীয়াই বৰ বেছি আগবাঢ়িব পৰা নাছিল। প্ৰাথমিক শিক্ষা বাংলাদেশৰ ঢাকা চহৰত সমাপ্ত কৰিছিল। কিন্তু উচ্চ শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত স্বাধীনতা আন্দোলনৰ সৈতে জড়িত হোৱাৰ বাবে বৃটিছ বাহিনীৰ ৰোষত পৰি উচ্চ শিক্ষাত চেঁচা পানী পৰিল।
   
     অসমৰ ইমূৰৰপৰা পৰা সিমূৰলৈকে ঘূৰি ফুৰি সমাজিক কামত লিপ্ত থকা ৰাভাই কৃষক আৰু দৰিদ্ৰ শ্ৰেণীৰ মানুহক আৰ্থিক আৰু কায়িক ভাৱেও সহায় সহযোগ আগবঢ়াইছিল বুলি জনা যায়। তেখেত আছিল কমিউনিষ্টৰ ওপৰত বিশ্বাসী এজন বিপ্লৱী। আনকি ৰাজনীতিৰ পথাৰতো তেওঁ নিজৰ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছিল।
     মহান শিল্পী গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে ১৯৬৯ চনৰ ২০ জুন তাৰিখে। তেখেতৰ কৰ্মৰাজীক জীয়াই ৰাখিবলৈ আজিও সেয়ে তেখেতৰ মৃত্যুৰ দিনটো উদযাপন কৰা হয়। উদযাপনৰ জৰিয়তে তেখেতক জনোৱা হয় শ্ৰদ্ধা। 
     আমি কেৱল তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি, বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰি ক্ষান্ত থাকিলেই নহ'ব। আমি ইয়াৰ সমান্তৰালভাৱে তেখেতৰ সৃষ্টিৰাজিও সংৰক্ষণ কৰিবলৈ প্ৰয়াস কৰিব লাগিব। সেয়ে বৰ্তমান সময়তো তেওঁৰ সম্পৰ্কে নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজনীয়তা আহি পৰিছে। অসমৰ নতুন প্ৰজন্মই যাতে পাহৰি নাযায় আৰু তেওঁৰ সম্পৰ্কে যাতে ভালদৰে জানে সেই ব্যৱস্থা অগ্ৰজ সকলে কৰিব লাগিব। তেতিয়াহে ৰাভা দিৱস উদযাপন কৰাৰ সাৰ্থকতা থাকিব।


থুলমূল কৈ ৰাভা দেৱৰ সম্পৰ্কে লিখি 'ৰাভা দিৱস'ৰ শুভক্ষণত তেখেতলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ।
লেখক : দুদুল সোণোৱাল। শিক্ষক।
হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয় ।

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

     



Monday, June 19, 2023

মোৰ দৃষ্টিত দস্যু ভাস্কৰ ছিৰিজৰ শ্ৰেষ্ঠ গ্ৰন্থখন। In my view the best book in the Bandit Bhaskar series.

  ‌‌        🪴 মোৰ দৃষ্টিত দস্যু ভাস্কৰ
                ছিৰিজৰ শ্ৰেষ্ঠ গ্ৰন্থখন।🪴In my view the best book in the Bandit Bhaskar series.


   👉 ভাস্কৰ ছিৰিজৰ স্ৰষ্টা ৰংমন ওৰফে ৰবীন দে'ৰ মৃত্যু তিথিত উল্লেখিত বিষয়ত প্ৰৱন্ধ প্ৰতিযোগিতা এক সময়োপযোগী চিন্তা। বিষয়বস্তুটো দেখি মোৰো প্ৰৱন্ধ এটা লিখিবলৈ মন গ'ল। গতিকে লিখিবলৈ ধৰিলো মোৰ প্ৰিয় ভাস্কৰ ছিৰিজৰ শ্ৰেষ্ঠ গ্ৰন্থখনৰ সম্পৰ্কে লিখিবলৈ যোৱা আগতে ছিৰিজটোৰ সম্পৰ্কে দুটামান কথা সন্নিৱিষ্ট কৰিছোঁ। 
    প্ৰকৃততে কবলৈ গলে ভাস্কৰ ছিৰিজৰ প্ৰতিটো খণ্ডই শ্ৰেষ্ঠ। যিয়ে এবাৰ ভাস্কৰ ছিৰিজৰ গ্ৰন্থ অধ্যয়ন কৰিছে সি আৰু এৰিব নোৱাৰে। গ্ৰন্থৰ কাহিনীয়ে ইমান প্ৰৱল ভাৱে আকৰ্ষণ কৰি ৰাখে যে এবাৰ পঢ়িলে ইয়াক এৰি অহা সম্ভৱেই নহয়। 
    আশী দশকৰ সময়ছোৱাত অসমীয়া সাহিত্যৰ ইতিহাসত খলকনি তোলা 'দস্যু ভাস্কৰ ' ছিৰিজৰ মূল চৰিত্ৰ 'দস্যু ভাস্কৰ' হ'ল লেখকৰ এটা কাল্পনিক চৰিত্ৰ। এই চৰিত্ৰৰ তথা ভাস্কৰ ছিৰিজৰ স্ৰষ্টা হৈছে 'ৰংমন' যাৰ প্ৰকৃত নাম আছিল ৰবীন দে'। ৰবীন দে' আছিল অসমৰ এগৰাকী প্ৰসিদ্ধ থ্ৰিলাৰ উপন্যাসিক আৰু অভিনেতা। তেওঁৰ ছদ্মনাম আছিল 'ৰংমন'। তৎকালীন সময়ত এই উপন্যাসৰ ছিৰিজে পাঠক সমাজত খলকনি সৃষ্টি কৰি সাংঘাটিক ধৰণে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 
    উল্লেখ্য যে ছিৰিজৰ সন্নিৱিষ্ট গ্ৰন্থসমূহত সুন্দৰ সৰল আৰু সাৱলীল ভাষাৰ প্ৰয়োগ, আকৰ্ষণীয় উপস্থাপন আদিকেই থ্ৰিলাৰ ছিৰিজটোৰ জনপ্ৰিয়তাৰ মূল কাৰণ বুলিব পাৰি । তদুপৰি সমসাময়িক কালত চলি থকা সমাজৰ সমস্যাৰাজি চৰকাৰে উচিত তথা ন্যায়নিষ্ঠ পদক্ষেপেৰে সমাধান নকৰাৰ বাবে ইয়াৰ বিৰুদ্ধে ৰজা ঘৰলৈ এটা সঠিক বাৰ্তা প্ৰেৰণ কৰাও এক উদ্দেশ্য বুলি ক'ব পাৰি। জনা যায় যে ভাস্কৰ ছিৰিজৰ গ্ৰন্থ মুঠ ৬১খন লেখকে ধাৰাবাহিক ভাৱে লিখি উলিয়াইছিল। উল্লেখ্য যে ইয়াৰ প্ৰতিখন গ্ৰন্থই পাঠক সমাজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। পাঠক সমাজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰি শ্ৰেষ্ঠ গ্ৰন্থৰ শাৰীত উঠিবলৈ সক্ষম হৈছে। দস্যু ভাস্কৰ ছিৰিজত বিভিন্ন অভিযানৰ সম্পৰ্কে অতি মনোগ্ৰাহীকৈ বৰ্ণনা আছে। বিশেষকৈ এনে থ্ৰিলাৰ ধৰ্মী ৰস ৰচনাই কিশোৰী সকলৰ মন অনায়াসে জয় কৰিবলৈ সক্ষম হৈছিল। সেয়ে আজিও ভাস্কৰ ছিৰিজৰ গুৰুত্ব অসমৰ পাঠক সমাজত বিদ্যমান। 
    ভাস্কৰ ছিৰিজৰ গ্ৰন্থ সমুহৰ মূল চৰিত্ৰ হৈছে- দস্যু ভাস্কৰ, সহযোগী চৰিত্ৰ- কমল বৰা, সোমন, ধীৰেন, ফেহু , বোন্দা, ফিঙা, তীৰ্থংকৰ, পাৰ্থ, ৰিয়াজ আদি। পুলিচ বিষয়া - ডিটেকটিভ পিনাকী শৰ্মা, প্ৰদীপ কাকতি, কিৰীটি শইকীয়া, ইন্দ্ৰজিৎ দত্ত, বিকাশ বৰুৱা আদি। 
    মই পঢ়া দস্যু ভাস্কৰ ৰোমাঞ্চকৰ ছিৰিজবিলাকৰ ভিতৰত - দস্যু ভাস্কৰৰ আবিৰ্ভাৱ, চক্ৰভেদী ভাস্কৰ, বিমান যুদ্ধত ভাস্কৰ, দস্যু ভাস্কৰৰ অন্তৰ্ধান, ভাস্কৰৰ প্ৰতিজ্ঞা, গুহামানৱ ভাস্কৰ, দস্যু ভাস্কৰ আৰু অদৃশ্য দানৱ , ক্ষমাহীন ভাস্কৰ, ভাস্কৰ আৰু লুইতকণ্যা,  
ভাস্কৰৰ সমুদ্ৰবিজয়,দস্যু ভাস্কৰ আৰু ৰত্নমালা ,দস্যু ভাস্কৰ আৰু প্ৰেতাত্মা, ভাস্কৰ আৰু ছদ্মবেশী, ভাস্কৰ আৰু ছদ্মবেশী স্মাগলাৰ, ভাস্কৰৰ সমুদ্ৰবিজয় ।

মোৰ দৃষ্টিত শ্ৰেষ্ঠ গ্ৰন্থখন আৰু সাৰাংশ :
      ৰংমন ওৰফে ৰবীন দে'ৰ প্ৰথম খন গ্ৰন্থৰ নাম আছিল 'দস্যু ভাস্কৰৰ আবিৰ্ভাৱ'। তেওঁৰ প্ৰথম খন গ্ৰন্থই অসমৰ পাঠক সমাজক বাৰুকৈয়ে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। এই গ্ৰন্থখন মোৰ মতে শ্ৰেষ্ঠ শাৰীত ৰখাৰ এটাই কাৰণ সেয়া হ'ল - এইখন লেখকৰ প্ৰথম গ্ৰন্থ য'ত অসমৰ সৰ্বহাৰাৰ, দৰিদ্ৰ সকলৰ ন্যায়ৰ বাবে কাম কৰিবলৈ আৰম্ভ ঘটোৱা হৈছে। আৰু এই আৰম্ভনি বহুত সুন্দৰ হৈছে। গ্ৰন্থখনৰ কাহিনীৰ সাৰাংশ হ'ল -" শিৱসাগৰৰ বাসিন্দা হৰেন বৰাৰ একমাত্ৰ খেতিৰ আদালতৰ ৰায় অনুসৰি হাতচাৰা হয়। শিশু পুত্ৰ কমল আৰু মাকক লৈ পৰিয়ালটোৰ অৱস্থা হয় পানীত হাঁহ নচৰা অৱস্থা। কিন্তু, দুখৰ মাজতো চোকা মগজুৰ কমল বৰাই শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ লাভ কৰি বৃত্তি লৈ কটন কলেজত পঢ়িবলৈ আহে। লগত প্ৰিয় বন্ধু নগালেণ্ডৰ সোমন আও। পঢ়াৰ লগতে সাঁতোৰ আৰু বিভিন্ন খেলতো কমলে পাৰদৰ্শিতা দেখুৱাই সহপাঠীসকলৰ মাজত জনপ্ৰিয় হৈ পৰে। পঢ়াশুনাতকৈও খেলৰ বাবেহে কমল প্ৰখ্যাত হৈ পৰে। স্নাতক পৰীক্ষাৰ পাছত ঘৰলৈ যাব নোৱাৰি কমল আৰু সোমনে ছাত্ৰাবাসতে সময় কটায়। তেনে সময়তে আহে ১৯৫০ চনৰ বৰ ভূইঁকপ। ভূইঁকপত ক্ষতিগ্ৰস্ত মানুহৰ দুখৰ বুজ ল'বলৈ গুৱাহাটীলৈ আহে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। নেহৰুৰ সভাত দুখীয়াৰ প্ৰতি দান দিবলৈ আগবাঢ়ি যায় চহৰৰ বহু ধনী ব্যক্তি। কিন্তু, আৰ্তজনৰ সেৱাৰ বাবে বৰঙনি দিবলৈ যোৱা মানুহৰ অংগী-ভংগী দেখি কমলে অনুভৱ কৰে তাৰ মাজত আন্তৰিকতা নাই। আছে, নাম কিনাৰ আগ্ৰহ মাত্ৰ। ধনীচামে দুখীয়াক পুতৌহে কৰিছে। সহায় আগবঢ়োৱা নাই। কমলে অনুভৱ কৰে, ভিক্ষাৰে কেতিয়াও দেশৰ মংগল নহয়। সি এক কঠিন পথৰ এক নক্সা আঁকি লয়। ধনীৰপৰা কাঢ়ি তাক দুখীয়াৰ মাজত বিলাই দিয়াৰ। পাকৈত চোৰ ফেহু ঘটনাচক্ৰে কমলহঁতৰ লগ লয়। সিহঁতে সোনকালেই এক সৰু সংগঠন কৰি ধনী ব্যৱসায়ীৰ ঘৰত এক লোমহৰ্ষক ডকাইতি কৰে। সেই ধন আৰ্তজনক বিলাই দিবলৈ গঠন কৰা হ'ল মানৱ সংঘ। মানৱ সংঘৰ জৰিয়তে প্ৰকৃত দৰিদ্ৰসকললৈ সহায়ৰ হাত আগবঢ়োৱা হ'ল, আনহাতে চহৰত ঘটি গ'ল কেইবাটাও লোমহৰ্ষক ডকাইতি। ডকাইত বিচাৰি পুলিচে সাধাৰণ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিলে। চহৰত খোদ প্ৰশাসনৰ পৰাই নিৰাপত্তাৰ অভাৱ দেখি 'নতুন বাণী' কাকতৰ সম্পাদক পীতাম্বৰ তালুকদাৰে চৰকাৰ আৰু পুলিচক দোষাৰোপ কৰিলে। দিল্লীৰপৰা আহিল আই.বি. চীফ মেনন। কিন্তু, নিজৰ অসমৰ্থতাৰ বাবে তেওঁৰ খং পৰিলগৈ পীতাম্বৰ তালুকদাৰৰ ওপৰতহে। মেননে পীতাম্বৰ তালুকদাৰক কৰা অপমান সাধাৰণ মানুহে জানিবলৈ পালে। চহৰত আন্দোলন গঢ়ি উঠিল। পুলিচে গুৱাহাটীৰ সকলো দাগী আচামীক গ্ৰেপ্তাৰ কৰিলে। কিন্তু, ফেহুক নিষ্ক্ৰিয় দেখি সন্দেহ হ'ল পিনাকী শৰ্মাৰ। ফেহুৰপৰাই কিবা শুংসুত্ৰ পোৱা যাব বুলি ভাবি তেওঁ ফেহুৰ পিছত চৰ লগালে। কমলে এই কথা জানিব পাৰি ফেহুৰপৰা পিনাকী শৰ্মাৰ সন্দেহ দূৰ কৰিবলৈ দস্যু ভাস্কৰ নামে এক ছদ্মনাম লৈ বাতৰি-কাকতত বিজ্ঞাপন দি সকলো ডকাইতিৰ দায়িত্ব নিজে মূৰ পাতি লয়, লগতে নিৰীহ জনতাক হাৰাশাস্তি নকৰিবলৈ অনুৰোধ কৰি তাক ধৰিবলৈ প্ৰত্যাহ্বান জনায়। মেননৰ অসফলতাৰ বাবে অপসাৰণ কৰি পিনাকী শৰ্মাক সৰ্বাধিনায়ক কৰা হয়। পিনাকী শৰ্মাই ফেহু, বোন্দাৰ পাছত জোৰ দি লগা দেখি কমলে দস্যু ভাস্কৰৰ ছদ্মবেশত পিনাকী শৰ্মাক লগ কৰি প্ৰত্যাহ্বান জনায় যাতে পিনাকী শৰ্মাৰ তদন্ত ভাস্কৰ কেন্দ্ৰিক হৈ থাকে। তেনে সময়তে আন এটা ডকাইতিৰ আঁচনি কৰা হয়। ডকাইতিৰ বাবে অসমৰ বাহিৰৰপৰা আহিবলগীয়া এজন ব্যক্তিক বিপথে পৰিচালিত কৰি তাৰ ঠাইত ছদ্মবেশত ভাস্কৰ সোমাই পৰে। ডকাইতি সফলতাৰে সম্পন্ন হ'লেও নিতান্ত প্ৰয়োজনত সংঘটিত কৰিবলগীয়া এক বিষ্ফোৰণৰ ফলত কিছু লোক হতাহত হয়। কমল আৰু সংগীসকল এই কথাত ব্যথিত হৈ পৰে, লগতে পিনাকী শৰ্মাই কমলক সন্দেহ কৰাৰ কথাও মনলৈ অহাত কমল আৰু সংগীসকলে নিজৰ সামাজিক পৰিচয় ত্যাগ কৰি জনসমাজৰপৰা আঁতৰি গোপন পৰিচয়েৰে জীৱন কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমল বৰা কলিকতালৈ গ'ল। তাৰেপৰা খবৰ আহিল-'ডায়মণ্ডহাৰবাৰত গঙ্গাৰ বুকুত ভাৰতৰ প্ৰখ্যাত খেলুৱৈ অসমৰ মুকুটমণি কমলৰ সলিল সমাধি।" 
      বৰ্তমান সময়তো এই কাহিনী অসমৰ প্ৰতিটো ঘটনাৰ সৈতে সংপৃক্ত হৈ থকা যেন অনুভৱ হয়। আকৌ বৰ্তমান সময়ত কমল বৰাৰ দৰে চৰিত্ৰৰ অভাৱ ঘটিছে বাবে সমাজত বৈষম্য মনোভাৱ প্ৰদৰ্শণ অব্যাহত আছে। অসমত কমল বৰাৰ দৰে মেধা ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰিছে হয় কিন্তু সিহঁতৰ পৰা ৰাইজ একো উপকৃত হোৱা নাই। কোনো এজনে অসমৰ ভিতৰত স্থান অধিকাৰ কৰি পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু ইয়াৰ পিছত বিদেশত নামী দামী স্কুলত পঢ়ি বৰ মানুহ হৈ অসমখন পাহৰি পেলাইছে। আন কোনো এজনে আকৌ অসমতে পঢ়ি শুনি ডাঙৰ মানুহ হৈছে কিন্তু সমাজৰ বাবে সু অৱদান আগবঢ়াইছে বুলি কবলৈ টান। গতিকে সেই কমল বৰা সদৃশ পৰোপকাৰ আৰু ন্যায় দিবলৈ আমাৰ মাজত কমল বৰাক বিচাৰি চাবলৈ এই গ্ৰন্থখনে উৎসাহ যোগাই। তাৰোপৰি পুলিচৰ যি ধন লুৰুকা স্বভাৱ সেয়া এতিয়া তাহানিতকৈ অধিক বিদ্যমান। আগতে যেনেকৈ সমাজত আঁচনি বিতৰণত বৈষম্য বা ঢাকঢোল বজোৱা হৈছিল এতিয়াও তেনে পৰিস্থিতিয়ে সমাজক কোঙা কৰি পেলোৱা আমাৰ সকলোৰে দৃষ্টিগোচৰ হয়। গতিকে কমল বৰাৰ দৰে মানুহৰ আৰ্ৱিভাৱ এই সময়তো যুক্তিযুক্ততা আৰু প্ৰাসঙ্গিকতা আছে। তদুপৰি , আৰ্তজনৰ সেৱাৰ বাবে বৰঙনি দিবলৈ যোৱা মানুহৰ অংগী-ভংগী দেখি কমলে যিদৰে অনুভৱ কৰিছিল, তাৰ মাজত নথকা আন্তৰিকতা আৰু নাম কিনাৰ যি আগ্ৰহ মাত্ৰ সেয়া আজিৰ সমাজতো জলজল পটপটকৈ বিদ্যমান। ধনীচামে যে দুখীয়াক দিয়াৰ নামত পুতৌহে কৰিছে। তাক সময়ে সময়ে ঘটি থকা ঘটনা চক্ৰৰ পৰা অনুমান কৰিব পাৰি । অৰ্থাৎ সময়ৰ সৈতে খাপ খোৱা এই গ্ৰন্থখনৰ কাহিনীৰ প্ৰাসঙ্গিকতালৈ লক্ষ্য ৰাখি গ্ৰন্থ খনক শ্ৰেষ্ঠ গ্ৰন্থৰ শাৰীত ৰাখিব পাৰি।

সামৰণি:
ওপৰত উল্লেখ কৰি আহিছোঁ যে ৰংমন অৰ্থাৎ ৰবীন দে'ৰ দ্বাৰা ৰচিত থ্ৰিলাৰ ভাস্কৰ ছিৰিজৰ প্ৰতিখন গ্ৰন্থই প্ৰকৃততে শ্ৰেষ্ঠ। প্ৰতিখন গ্ৰন্থৰ আছে এটা এৰাব নোৱাৰা কাহিনী আৰু বিভিন্ন উপাদান। যি উপাদানে পাথকক আকৰ্ষণ কৰাত অৰিহণা যোগায়। তদুপৰি অসমৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক পটভূমিক এই কাহিনীবিলাকত সাঙুৰি লোৱা হৈছে। একেদৰে 'দস্যু ভাস্কৰৰ আবিৰ্ভাৱ' গ্ৰন্থ খনো ইয়াৰ ব্যতিক্ৰম নহয়। অৰ্থাৎ লেখকৰ প্ৰথম গ্ৰন্থই আন গ্ৰন্থৰো কাহিনী আৰু যোগ্যতাৰ সম্পৰ্কে আভাস দিয়ে। লেখকৰ এই থ্ৰিলাৰ গ্ৰন্থৰ সদৃশ আন লেখকৰ ইমান ৰহস্য ঘন আৰু আকৰ্ষণ কৰিব পৰা উপন্যাস খুব কম সংখ্যক পোৱা যায়।
    ই যি কি নহওঁক ৰবীন দে'ৰ প্ৰথম খন গ্ৰন্থ‌‌‌ 'দস্যু ভাস্কৰৰ আবিৰ্ভাৱ' সৃষ্টিৰ লগে লগে 'মানৱ সংঘ'ৰ দৰে কল্যাণ মূলক সংঘৰ জন্ম আৰু বিভিন্ন সংঘক ইয়াৰ পৰা কিছু ক্ষেত্ৰত পৰামৰ্শ আৰু জ্ঞান গ্ৰহণত এই গ্ৰন্থখনে অৱকাশ আগবঢ়ালে। সেয়ে এনে গ্ৰন্থ সমুহ চিৰস্থায়ী বা ইয়াৰ আয়ুস কাল দীঘলীয়া হয়।
    এইজনা জনপ্ৰিয় লেখকৰ জন্ম হৈছিল ১৯২২ চনৰ ১৮ মাৰ্চত অসমৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ দিখৌ নৈৰ কাষৰ এটি বঙালী পৰিয়ালত। সত্তৰ আৰু আশীৰ দশকত অসমীয়া পাঠকৰ নিদ্ৰা হৰণ কৰি ৰহস্য সাহিত্যৰ মাজলৈ তীব্ৰ আকৰ্ষণৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা ৰবীন দে ওৰফে জনপ্ৰিয় ৰংমনৰ ১৯৮০ চনৰ ২২ জুলাইত পৰলোকপ্ৰাপ্তি ঘটে।
    

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল । শিক্ষক।
হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয় । 



🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿




    

Saturday, June 10, 2023

বিহু কেতিয়াও ধৰ্মীয় উৎসৱ হ'ব নোৱাৰে! Bihu can never be a religious festival. This is a folk festival 🎎

বিহু কেতিয়াও ধৰ্মীয় উৎসৱ হ'ব নোৱাৰে । ই হৈছে লোক উৎসৱ । Bihu can never be a religious festival. This is a folk festival 🎎.

👉 বিহু হৈছে এটা নিৰ্দিষ্ট জাতিৰ পৰম্পৰাগত উৎসৱ । ই হৈছে লোক উৎসৱ। অসমত বসবাস কৰা মংগোলীয় মূলৰ জনগোষ্ঠী সকলৰ আদি কালৰ পৰাই চলি অহা আয়ুসৰেখা। বিহু কেতিয়াও ধৰ্মৰ সৈতে সংলগ্ন হ'ব নোৱাৰে। ই ধৰ্মীয় উৎসৱ হ'ব নোৱাৰে। প্ৰকৃততে বিহু হৈছে ব'হাগ মাহৰ প্ৰথম দিনটোত উদযাপন কৰা অসমীয়াৰ মনৰ আবেগ স্বতস্ফুৰ্ত ভাৱে প্ৰকাশ ঘটা এক কৃষ্টি। 


     লোককৃষ্টিক ধৰ্মৰ সৈতে সংলগ্ন কৰিলে ইয়াৰ নিজস্বতা লোপ পাব। বিজতৰীয়া হ'ব। যিবিলাক মানুহৰ হাড়ে-হিমজুয়ে বিহুৰ গোন্ধ, বিহুৰ অনুভৱ মিহলি হৈ আছে সেইবিলাক মানুহৰহে বিহুৰ সৈতে সম্পৰ্ক আছে। আন বিলাকে কেৱল ওপৰতে জপৰা আলু খন্দাৰ সদৃশ। বৰবাবু বা বিষয়া সকলে ইয়াৰ মূল অনুভৱ নকৰাটোৱে স্বাভাৱিক। খাটি খোৱা গ্ৰাম্য সমাজৰ লোকৰ মনৰ মাজত বিহু শব্দটোৱে অনবৰতে শিপাই আছে। সেয়ে বিহু অসমীয়াৰ হিয়াৰ আমঠু স্বৰূপ। "বিহু অসমীয়াৰ বাপতি সাহোন, সেয়ে যথেষ্ট। অসমীয়াৰ বিহু সুকীয়া। বিহু পৃথিৱীত কাৰো নহয়, কেৱল অসমীয়াৰ। গতিকে বিহু মৰিলে অসমীয়াও মৰিব।" - কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এইদৰে আমাক সোঁৱৰাই গৈছে।

কিয় ধৰ্মীয় উৎসৱ হ'ব নোৱাৰে ?
      ধৰ্মীয় উৎসৱ বুলি কোৱা লগে লগে বিভিন্ন জাতি জনগোষ্ঠী , বিভিন্ন ভাষা ভাষী লোকৰ বৃহৎ অংশৰ কথা আহি পৰিব। হিন্দু ধৰ্মাৱলম্বী বুলি কোৱা লগে লগে ইয়াত অন্তৰ্ভুক্ত অসমীয়া, বঙালী, শিখ, জৈন, পঞ্জাৱী, বিহাৰী, মাৰোৱাৰী,দেচুৱালী, বড়ো কাৰ্বি মিছিং দেউৰী, তামিল, গুজৰাটী, আদিবাসী, টাংচা, চাকমা, নেপালী,,.... আদি জাতি সকলৰ কথা আহি পৰিব। এইসকল লোক হিন্দু। ইহঁতৰ সাৰ্বজনীন ধৰ্ম হৈছে হিন্দু ধৰ্ম। এই গোটেই বোৰ লোকে মানি অহা উৎসৱ বিধেই হ'ব হিন্দু ধৰ্মীয় উৎসৱ। যেনে দুৰ্গা পূজাক এনে সাৰ্বজনিক ধৰ্মীয় উৎসৱ হিচাপে গণ্য কৰা হয়। কাৰণ ভাৰতৰ আটাইবোৰ হিন্দু ধৰ্মাৱলম্বী লোকে এই উৎসৱ সাৰ্বজনীন ভাৱে পালন কৰে। ই লোককৃষ্টি নহয়। এনে ধৰ্মীয় উৎসৱৰ পৰিসৰ ব্যাপক। কিন্তু লোক কৃষ্টিৰ পৰিসৰ ব্যাপক নহয়। ই নিৰ্দিষ্ট জাতিৰ মাজত সীমাবদ্ধ এক উৎসব। গতিকে এই দৃষ্টিকোণেৰে বিচাৰ কৰিলে দেখা যায় যে বিহু কেতিয়াও হিন্দু ধৰ্মীয় উৎসৱ হ'ব নোৱাৰে। ই কেৱল অসমীয়াৰ অৰ্থাৎ সোণোৱাল কছাৰী, আহোম, মৰাণ ,মটক, দেউৰী, বড়ো, কাৰ্বি, ৰাভা, মিচিং আদি পৌৰাণিক জনগোষ্ঠী সমূহৰ পৰম্পৰাগত উৎসৱ হ'ল বিহু। ইয়াৰ পৰৱৰ্তী সময়ত বিশেষকৈ স্বাধীনতাৰ পিছত যিসকল লোক অসমত থাকি অসমীয়াৰ লগত জহি-পমি গ'ল, মাত-কথা, চাল-চলন, আচাৰ-ব্যৱহাৰ আদি গ্ৰহণ কৰিলে সেইসকলকো ন-অসমীয়া হিচাপে গণ্য কৰা হ'ল। আনহাতে বঙ্গ প্ৰদেশৰ পৰা উঠি অহা মুছলমানসকলক কোৱা হ'ল পমুৱা অসমীয়া। এটা কথা অপ্ৰিয় হ'লেও সত্য যে অসমীয়াৰ বিহুক পমুৱা অসমীয়া সকলে কেতিয়াও অন্ত:কৰণেৰে নিজৰ কৃষ্টি বুলি গণ্য নকৰে বা কৰা নাই। যিটো আমি আজিৰ সময়লৈকে দেখা নাই। অসমত এনে কিছু লোক বসবাস কৰে যাক অসমীয়া বুলি কোৱা হৈছে কিন্তু তেওঁলোকৰ সৰহসংখ্যকে অসমীয়া ভাষাটো ক'বও নাজানে লিখিবও নাজানে। তেন্তে তেওঁলোকে বিহুক কেনেকৈ নিজৰ কৃষ্টি হিচাপে গণ্য কৰে বুলি ধৰিম ? ই অসম্ভৱ নহয়নে ? সেয়েহে আমি বিহুক অন্য দৃষ্টিৰে চোৱা অনুচিত । বিহু বিহুৱেই। ই খাটিখোৱা অসমীয়াৰ বাপতিসাহোন। ই সাৰ্বজনীন ধৰ্মীয় উৎসৱ নহয়। 

বিহুক কিয় জাতীয় উৎসৱ হিচাপে গণ্য কৰা হয়?

    বিহু হৈছে জাতীয় উৎসৱ। কিন্তু কিয় ? অসমত বসবাস কৰা লোকসকল অসমীয়া। প্ৰায় চৈধ্যশ শতিকাৰ আগৰপৰাই অসমত যিসকল লোক বাস কৰি আহিছে তেওঁলোকৰ ভাষা হৈছে অসমীয়া। আনহাতে অসমীয়া ভাষা কোৱা লোকৰ শতকৰা হাৰ অসমত অধিক। এই সকল লোকৰ পৰম্পৰাগত কৃষ্টি হৈছে বিহু। জনসংখ্যাৰ দিশৰ ওপৰত ভিত্তি কৰিয়েই বিহুক জাতীয় উৎসৱ হিচাপে গণ্য কৰা হৈছে। জাতীয় উৎসৱ মানে হৈছে কোনো এটা নিৰ্দিষ্ট জাতিৰ মাজত পৰম্পৰাগত নিয়মেৰে চলি অহা এটা উৎসৱ। 
    অসমত বসবাস কৰা আটাইবোৰ লোকেই অসমীয়া। তদুপৰি স্বাধীনতাৰ পিছত যিবিলাক লোক আমাৰ মাজলৈ ন' কৈ প্ৰব্ৰজন ঘটিছিল সেইবিলাককো ন-অসমীয়া বা পমুৱা অসমীয়া হিচাপে গণ্য কৰা হয়। যদিও তেওঁলোকৰ কিমানে বিহুক নিজৰ বুলি আকোঁৱালি ল'ব পাৰিছে ? এয়া আপোনালোকে সকলোৱে নিজ চকুৰে দিখিছে যে মুষ্টিমেয় কিছু সংখ্যক লোকেহে বিহুক আপোন বুলি গণ্য কৰে। ই যি কি নহওঁক, বিহু অসমৰ জাতীয় উৎসৱ আগতে আছিল, এতিয়া আছে আৰু আগলৈকো হৈ থাকিব। ইয়াত কাৰো দ্বিমত নাই নিশ্চয়।
    কিন্তু সময়ে ইয়াৰ মূল চাৰিত্ৰিক বৈশিষ্ট্যত যে কিছু আঘাট হানিছে সেয়া আপোনালোকৰ নিশ্চয় দৃষ্টিগোচৰ হৈছে। পূৰ্বতে গ্ৰাম্য অঞ্চলৰ ঘৰে ঘৰে হোৱা বিহু বা লোককৃষ্টি আজি মঞ্চত উঠিল। ইয়াৰ কাৰণ হৈছে- গ্ৰাম্য অঞ্চলৰ বৃহৎ অংশ মানুহৰ নগৰলৈ হোৱা প্ৰব্ৰজন । মানুহবোৰ প্ৰব্ৰজন হোৱা লগে লগে লগত লৈ গ'ল বিহুৰ লগতে অন্যান্য কৃষ্টি। গতিকে পূৰ্বৰ লোক কৃষ্টি গৈ মঞ্চ শুৱনি কৰাৰ লগতে নতুন নতুন কিছু তথ্যৰ সংযোগ ঘটোৱা হ'ল। নতুন নতুন নিয়ম নীতি তৈয়াৰ কৰা হ'ল যিয়ে পুৰণিক আঘাত হানিবলৈ উদ্যত হৈ পৰিল। ইয়াৰ উদাহৰণ হৈছে ন-কৈ ওলোৱা কেছেটৰ বা অনলাইনৰ বিহু। কিন্তু এইটো ধ্ৰুৱসত্য যে বিহু প্ৰকৃততে কৃষি ভিত্তিক জাতীয় উৎসৱ। বিহু যে কৃষি ভিত্তিক হয় সেয়া বিভিন্ন বিহুনাম সমূহে প্ৰমাণ কৰে। । নৰেশ্বৰ হাজৰিকাৰ "বিহু সংস্কৃতিৰ চমু আভাস" গ্ৰন্থৰ এটা প্ৰবন্ধত এনেদৰে কৈছে -"বিহু উৎসৱ কৃষি ভিত্তিক জাতীয় উৎসৱ। কৃষি নিৰ্ভৰশীল অসমীয়া মানুহৰ জীৱনৰ নিৰাপত্তা স্বৰূপ এই পথাৰডৰাৰ পৰাই ডেকা সকলে বিহু নমায় আৰু গৃহস্থৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই বছৰটোলৈ ভগৱন্তই কুশলে-মঙ্গলে ৰাখিবলৈ আৰ্শীবাদ প্ৰদান কৰে। বহুতো বিহুনামত কৃষি আৰু ইয়াৰ লগত সম্পৰ্কিত পথাৰ,হাল,গৰু, কৃষি কৰ্মৰ বিভিন্ন সঁজুলি নাঙল মৈ আদিৰ উপৰিও জহা,বৰা,লাহী,শালি আদি বিভিন্ন ধৰণৰ ধানৰ নাম পৰ্য্যন্ত উল্লেখ থকা দেখা যায়।" গতিকে ক'ব পাৰি বিহু কৃষি ভিত্তিক লোক উৎসৱ। প্ৰকৃততে এনে লোক উৎসৱ অপৰিৱৰ্তনীয়। ইয়াৰ পৰিৱৰ্তন আনিব বিচৰা মানে ইয়াৰ ধ্বংস অনিবাৰ্য। 

বিহুৰ ধৰ্মীয় মেৰুকৰণ এক দুৰ্ভাগ্যজনক অৱস্থা 

     ৰাজনীতিৰ কৱলত পৰি বিহুৱে মৃত্যুৰ ক্ষণ গণিছে নেকি ? বৰ্তমান সময়ত ই এটা লাখটকীয়া প্ৰশ্ন, নহয়নে ? পেপাৰে পত্ৰই, দূৰদৰ্শনৰ মাজেৰে এনেধৰণৰ কথা গম পাই থকা হয় যিবিলাক দেখি শুনিও আমাৰ বৌদ্ধিক সমাজ নিৰৱ, চকু মুদা কুলি। 
        বিহুক স্বতন্ত্ৰভাৱে থাকিবলৈ দিয়া উচিত ।
বিহু অসমৰ অসমীয়াৰ বাপতিসাহোন। ইয়াক স্বতন্ত্ৰভাৱে থাকিবলৈ দিয়াটোৱেই সঠিক হব। বৰজন তথা জ্ঞানী ব্যক্তিসকলে কৈ গৈছে 
"নদী যিমানেই কোবাল নহওঁক, ইয়াৰ গভীৰতা নাথাকিলে মিছা।" অসমীয়াৰ কৃষি ভিত্তিক বিহুক বিভিন্ন প্ৰকাৰে ৰেহ-ৰূপ সলনি কৰিব বিচৰা মানে ইয়াৰ স্বকীয়তা নষ্ট হোৱা আৰু স্বকীয়তা নষ্ট হোৱা মানে ইয়াৰ গভীৰতা হ্ৰাস পোৱা । গভীৰতা হ্ৰাস পালে নদীৰ গতি যিমানেই কোবাল হ'লেও মিছা, ইয়াৰ ব্যৱহাৰ্য গুণ হ্ৰাস পায় আৰু গুৰুত্ব কমি যায়। একেদৰে সংস্কৃতিৰ বিশেষকৈ বিহু সংস্কৃতিৰ গভীৰতা হ্ৰাস পোৱা মানে ইয়াৰ গুৰুত্ব যে কমি যাব সেয়া সকলোৰে বিদিত।

উপসংহাৰ:
    ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি প্ৰায় সকলো দিশৰে সুন্দৰ বৰ্ণনা বিহুনাম সমূহত পোৱা যায়। বিহুনামত অসমীয়া সমাজ জীৱনৰ প্ৰতিটো দিশ প্ৰতিফলিত হৈছে। আনকি অসমীয়া সমাজ জীৱনৰ সম্পৰ্কে অধ্যয়ন কৰিবলৈ হ'লে বিহুনাম প্ৰথমে অধ্যয়ন কৰিবই লাগিব। কাৰণ বিহুনামে - আই নাম,ধাই নাম, অপেচৰা নাম, বিভিন্ন পূজা-পাৰ্বণৰ নাম, প্ৰেম-প্ৰীতি, জীৱ-জন্তুৰ নাম আদিও সামৰি লৈছে। প্ৰকৃতিৰ ৰূপে ৰসে মোহনীয়া ৰূপক বিহুৱে অতি সুন্দৰকৈ ধৰি ৰখাটো হৈছে বিহুৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। বিহুনামত গোৱা হয় - " প্ৰকৃতিৰে বুকুলৈ বসন্ত আহিলে, দিহিঙে দিপাঙে ঢোলে গৰজিলে।...." 
    পৰিৱৰ্তনৰ চাকনৈয়াত পৰি বিহুৰ স্বকীয়তা যাতে নষ্ট নহয় আমি সকলোৱে তাৰ বাবে সজাগ আৰু সচেতন হোৱাৰ সময় সমাগত। মৌলিকতা বিকৃত নোহোৱাকৈ বিহুক ধৰি ৰাখিব পাৰিলেহে অসমত অসমীয়াও বাচি থাকিব।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
    প্ৰৱন্ধটো যোৱা ২০২২ চনৰ এপ্ৰিলত টিভিত বিহু ক লৈ চলি থকা বাদ-বিবাদৰ আলোচনা শুনি আৰম্ভ কৰা হৈছিল। কিন্তু অসম্পূৰ্ণ ভাৱে সময়ৰ অভাৱত পেলায় থোৱা হ'ল। আজি হঠাৎ ইয়াৰ অৰ্ধ পাণ্ডুলিপি পোৱাত পুনৰ যোৰা-টাপলি মাৰি লিখি শেষ কৰিলোঁ। ভুলবোৰ সুধী সমাজে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ।
        লেখক : দুদুল সোণোৱাল।
        শিক্ষক, হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
        আৰৈমূৰীয়া গাওঁ।




🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒
    

     


Monday, June 5, 2023

বিশ্ব পৰিৱেশ দিৱস আৰু আমি। World Environment Day and us. 

🚀বিশ্ব পৰিৱেশ দিৱস আৰু আমি। World Environment Day and us. 


   🖊️ ২০২৩ বৰ্ষৰ বিশ্ব 'পৰিৱেশ দিৱস'ৰ মূল বিষয়বস্তু হৈছে ' Only one earth' অৰ্থাৎ কেৱল এখনেই পৃথিৱী । এই বিষয়বস্তুক লৈ এইবাৰ সমগ্ৰ পৃথিৱীৰ মানুহে পৰিৱেশ দিৱস উদযাপন কৰিব। বিগত ১৯৭৪ চনৰ পৰা সমগ্ৰ পৃথিৱীতে এই দিৱস উদযাপন কৰি অহা হৈছে কেৱল পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে মানুহক মানুহে সজাগ আৰু সচেতন কৰিবলৈ। পৰিৱেশ সংৰক্ষণ নকৰিলে পৃথিৱী নামৰ গ্ৰহটো মানুহৰ বাবে অদূৰ ভবিষ্যতে বাসোপযোগী হৈ নাথাকিব। কাৰণ বিভিন্ন কাৰণত হোৱা পৰিৱেশ বিনষ্টকৰণে প্ৰকৃতিক বাৰুকৈয়ে আঘাত হানিছে। বতৰৰ তাৰতম্য অৱস্থা , উৎকট গৰম আৰু বৰষুণৰ পৰিমাণ হ্ৰাস, ঠাণ্ডা দিনতো অতিপাত গৰম আদি কাৰক সমূহে পৰিৱেশৰ পৰিৱৰ্তনৰ কথাকে সূচায়। 

    জল প্ৰদূষণ, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ, শক্তি প্ৰদূষণ আদি মানুহে লাভালাভৰ বাবে কৰা বিভিন্ন কামৰ ফলত হ'বলৈ ধৰিছে। মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ বনৰ গছ গছনি কাতি তহিলং কৰিব ধৰিছে। বিভিন্ন খেতি খোলা কৰিবলৈ সৰু-বৰ বন কাটি চাফা কৰাত পৰিৱেশত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। পাহাৰত ঝুম খেতি কৰাৰ ফলত প্ৰতি বছৰত গছ গছনি কটা হৈছে। লগতে কটা গছ গছনি জ্বলাই দিয়াৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। মানুহে আচবাব আৰু ঘৰ সাজিবলৈ বিভিন্ন ঠাইত গছ গছনি কাতি ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে। কাৰণ মানুহক স্বাছন্দ্য, আৰু লাহ-বিলাহৰ জীৱনৰ প্ৰয়োজন। ধনীক শ্ৰেণীৰ বাবে যিদৰে কাঠ বিভিন্ন কামৰ বাবে প্ৰয়োজন হৈছে একেদৰে দৰিদ্ৰ শ্ৰেণীৰ বাবে খেতি কৰিবলৈ আৰু জুই জ্বলাবলৈ খৰিৰ প্ৰয়োজন পূৰাবলৈ গছ গছনি কাটিব লগা হৈছে। বৰ্তমান সময়ত মানুহৰ এই কামবোৰে প্ৰকৃতিক বেয়া ধৰণে জুৰুলা কৰি তুলিছে। প্ৰকৃতি প্ৰদূষণৰ ফলত মানুহৰ পৃথিৱীত বাস কৰিবলৈ অসুবিধা হৈ পৰিছে। প্ৰকৃতিক আঘাত হানিব পৰা এনে কাৰ্য অতি সোনকালে বন্ধ হোৱা বৰ প্ৰয়োজন। নহ'লে পৃথিৱী নামৰ এই সুন্দৰ গ্ৰহটোত মানুহৰ বাবে বাস কৰা কঠিন হৈ পৰিব। লগতে বায়ু প্ৰদূষণৰ ফলত বিভিন্ন জীৱ-জন্তুও বিলুপ্ত হ'ব। 
    বৰ্তমান সময়ত মানুহে প্ৰকৃতিক বচাবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছে। বিশ্বৰ সকলো দেশতে পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ বুজি লৈ ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ আগবাঢ়ি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, অষ্ট্ৰেলিয়া, জাপান চীন আদি দেশ বিলাকে পৰিৱেশ সন্তুলন অৱস্থাত ৰাখিবৰ বাবে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে। প্লাষ্টিকৰ ব্যৱহাৰ ৰোধকৰণত নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰত চৰকাৰেও এইক্ষেত্ৰত পিছ পৰি থকা নাই। বৃক্ষৰোপণ কাৰ্যসূচীকে ধৰি কেতবোৰ আন কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কলকাৰখানাৰ পৰা নিৰ্গত ধোঁৱা হ্ৰাস কৰিবলৈ আন বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিবলৈ কোৱা হৈছে। গাড়ী মটৰৰ পৰা নিৰ্গত ধোঁৱা হ্ৰাস কৰিবলৈ চিএনজি CNG পেট্ৰলৰ ব্যৱস্থা কৰা হৈছে। 
    আমি সকলোৱে কেৱল পৰিৱেশ দিৱসৰ ওপৰত নিৰ্ভৰ কৰি বা সংগতি ৰাখি বৃক্ষৰোপণ অৰ্থাৎ গছ পুলি ৰোপণ কাৰ্যসূচী ল'লে পৰিৱেশ বিনষ্ট কৰণৰ সমস্যাটো সমাধান কোনোকালে যে হৈ নুঠিব সেয়া সহজে অনুমেয়। বৃক্ষৰোপণ আমাৰ জীৱনৰ অৰ্থাৎ পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ এটা অভ্যাস হিচাপে গঢ়ি তোলিব লাগিব। ব্যক্তিগত বাৰীৰ উপৰিও অৰণ্যৰ মাজত নিজাকৈ প্ৰতিদিনে এটা গছপুলি ৰোপণ কৰাৰ সংকল্প আমি সকলোৱে ল'ব লাগিব। পথ, বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানত অনুষ্ঠান বা প্ৰতিষ্ঠানৰ মুৰব্বীৰ ওপৰত আশাপালি নাথাকি নিজেই এজোপা প্ৰয়োজনীয় গছ পুলি ৰোৱা উচিত। এই অভ্যাসে প্ৰকৃতি প্ৰদূষণ মুক্ত কৰাত যথেষ্ট পৰিমাণে সকাহ দিব বুলি ক'ব পাৰি।
    
       প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক সৰুৰে পৰাই বৃক্ষৰোপণ কিয় কৰা উচিত (?) ,কিয় প্লাষ্টিক বা অন্যান্য দাহ্য বস্তুবোৰ জ্বলোৱা অনুচিত (?) তাক সময় থাকোঁতেই শিকোৱা প্ৰয়োজন আছে। বায়ুমণ্ডল সুস্থিৰ আৰু প্ৰদূষণ মুক্ত কৰিবলৈ শিকোৱা উচিত। নৱ প্ৰজন্মক প্ৰকৃতিক ভাল পাবলৈ উৎসাহিত কৰিব লাগিব। 
       বিগত কেইটামান বছৰৰ অতিক্ৰমৰ পিছত আজিৰ সময়ত বতৰৰ যে কিমান পাৰ্থক্য হৈছে আমি দেখি অবাক মানিছো। আশী নব্বৈ দশকত ইমান গৰম নাছিল। প্ৰায় বহাগ মাহৰ পিছৰ পৰা বৰষুণ হ'বলৈ ধৰে অৰ্থাৎ মৌচুমী নামি আহে আৰু এই মৌচুমী ভাদৰ শেষলৈ থকা দেখা যায়। অৱশ্যে মাজে মাজে দুই এদিন ৰ'দ নিদিয়াও নহয়। কাৰণ ভগৱানেও জানে অতি লাগতিয়াল ধান, চাউললৈ ৰূপান্তৰিত ঘটাবলৈ কিছু ৰ'দৰ প্ৰয়োজন হয়। সেয়ে সেই সময়ত কৃষকেও সময়ত খেতি কৰিবলৈ সক্ষম হৈছিল। আৰু আবতৰত বৰষুণ নোহোৱাৰ বাবে হয়তো মানুহে ৰবি শস্য আৰু খাৰিফ শস্য সময়ত সুকলমে চপাবলৈ সক্ষম হৈছিল। কিন্তু আজিৰ সময়ত তেনে এটা অনুকুল পৰিৱেশ যে নাই তাক বুজাই কোৱাৰ প্ৰয়োজন নাই। ইয়াৰ মূলতে হ'ল মানুহৰ কিছুমান অমানৱীয় কাৰ্য । উদ্ভিদৰ ধ্বংস কাৰ্যই পৃথিৱীৰ বায়ুমণ্ডলত গ্ৰীণহাউচ গেছৰ পৰিমাণ বৃদ্ধি ঘটাইছে। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ, নাইট্ৰজেন, ধূলিকণা আদিৰ পৰিমাণ বৃদ্ধি ঘটাৰ ফলত বায়ুমণ্ডলত বায়ু দূষিত হৈ পৰিছে আৰু ইয়ে বতৰৰ অৱস্থাত প্ৰভাৱ পেলায়ছে। উল্লেখ্য যে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি ঘটাৰ ফলত বায়ুমণ্ডল গধুৰ হৈ পৰিছে। যাৰফলত সময়ত বৰষুণ নোহোৱা কাৰকে দেখা দিছে। এই সমস্যা আমি এতিয়া স্বচক্ষুৱে দেখিবলৈ পাইছোঁ। ইয়াৰ ফলত পৰিৱেশ অতিপাত গৰমে চানি ধৰিছে। আকৌ আজিকালি মানুহে বতাহ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কংক্ৰিটৰ ঘৰ সাজিবলৈ ধৰিলে। খেৰৰ পৰিৱৰ্তে চালত লগালে ধাতুৰে নিৰ্মিত টিনপাত। যিবোৰৰ ফলত অতি উত্তাপৰ সৃষ্টি হয়। গতিকে এইবিলাকে পোনপটীয়াকৈ বায়ুৰ উত্তাপ বৃদ্ধিত অৰিহণা যোগাইছে। ইফালে গৰমৰ পৰিমাণ যিমানে বৃদ্ধি পাবলৈ ধৰিছে, সিমানে মেৰু অঞ্চলৰ বৰফ গৰমত গলিবলৈ ধৰিছে। যিয়ে প্ৰাণী কুলৰ লগতহে মানুহৰ পৃথিৱীত ভয়াৱহতাৰ সৃষ্টি কৰিছে।
       গতিকে এই ভগৱান প্ৰদত্ত পৃথিৱীখন মানুহেই সজাইছে আৰু এদিন মানুহেই ধ্বংস কৰি নিঃশেষ কৰি তোলিব এয়া ধ্ৰুৱসত্য। সেয়ে এই বছৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু only one earth এইটো গুৰুত্বপূৰ্ণ বিষয় হিছাপে পৰিগণিত হৈছে। আহক আমি সকলোৱে এই পৃথিৱীক বচাও অধিক হাৰত বৃক্ষৰোপণ কৰি আমি জীয়াই থাকিবৰ বাবে। জীৱ-জন্তু জীয়াই থাকিবৰ বাবে। কাৰণ আমাৰ কেৱল এখনেই পৃথিৱী।

-------------------------------------------------------------------
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুগ্ৰহ কৰি তলৰ Comment বাকচটো অকে কৰি এটা মন্তব্য আগবঢ়াই কৃতাৰ্থ কৰিব।

লেখক: দুদুল সোণোৱাল।
শিক্ষক, হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts