Wednesday, April 3, 2024

২০২৪ চনত কোনে কোনে 'ভাৰতৰত্ন' বঁটা লাভ কৰিলে ? Who won the 'Bharat Ratna' award in 2024 ?

২০২৪ চনত কোনে কোনে 'ভাৰতৰত্ন' বঁটা লাভ কৰিলে ? Who won the 'Bharat Ratna' award in 2024 ?

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
 লালকৃষ্ণ আদৱানি আৰু স্বামীনাথন।

   মৰণোত্তৰভাৱে ভাৰতৰ চাৰিজন ব্যক্তিক ২০২৪ চনৰ বাবে 'ভাৰতৰত্ন' বঁটা প্ৰদান কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে - লাল কৃষ্ণ আদৱানি, কাৰপুৰী ঠাকুৰ, পি ভি নৰসিংহ ৰাৱ , চৰন সিং, এম এছ স্বামীনাথন। উল্লেখযোগ্য যে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বাৰ্ষিক ভাৱে কেৱল তিনিজনকহে প্ৰদান কৰা হয় যদিও চলিত বছৰটোত পাঁচজনক সৰ্বোচ্চ অসামৰিক সন্মানৰ বাবে মনোনীত কৰা হয়। ইয়াৰ কাৰণ হৈছে বিগত ২০২২ বৰ্ষটোত এই বঁটা প্ৰদান কৰা হোৱা নাছিল।


১/ লাল কৃষ্ণ আদৱানি (Lal Krishna Adwani) : 
     লাল কৃষ্ণ আদৱানি জন্ম গ্ৰহণ কৰিছিল ৮ নৱেম্বৰ ১৯২৭ চনত কৰাচীৰ এটা হিন্দু ব্যৱসায়ী পৰিয়ালত। তেওঁৰ পিতৃ বাবা কৃষ্ণচান্দ ডি আদৱানি আৰু মাতৃৰ নাম আছিল মা জ্ঞানী দেৱী । তেওঁ বোম্বাই বিশ্ববিদ্যালযৰ গভাৰ্ণমেণ্ট ল কলেজৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। 
    আদৱানি আছিল এজন ভাৰতীয় ৰাজনীতিক। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত তেওঁ ২০০২ ৰ পৰা ২০০৪ চনলৈ ভাৰতৰ সপ্তম উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আদৱানি ভাৰতীয় জনতা পাৰ্টীৰ এজন অন্যতম সহপ্ৰতিষ্ঠাপক তথা প্ৰবীণ নেতা হিচাপে খ্যাত। বহু বিষয়বাবত অধিষ্ঠিত হৈ নিজৰ ৰাজনীতি দলৰ লগতে দেশৰ বাবে অহোপুৰুষাৰ্থ ত্যাগ আৰু অৱদান আগবঢ়োৱা এজন ব্যক্তি । তেওঁৰ ত্যাগৰ মূল্য ভাৰত চৰকাৰে 'ভাৰতৰত্ন' জৰিয়তে প্ৰদান কৰিলে। উল্লেখযোগ্য যে জীৱিত কালত ভাৰত ৰত্ন লাভ কৰা বৰ্ষটোৰ তেৱেঁই একমাত্ৰ ব্যক্তি।

২/ কৰ্পূৰী ঠাকুৰ (Karpoori Thakur) :
   ১৯২৪ চনৰ ২৪ জানুৱাৰী তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ সমষ্টিপুৰ জিলাৰ পীতৌনঝিয়াত (বৰ্তমান কৰ্পূৰী গ্ৰাম) কৰ্পূৰী ঠাকুৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ গকুল ঠাকুৰ আৰু মাতৃ ৰামদুলাৰী দেৱী। তেওঁলোক নাই (নাপিত) সম্প্ৰদায়ৰ আছিল।তেওঁ প্ৰথমে ১৯৭০ চনৰ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ জুনলৈকে আৰু তাৰ পিছত ১৯৭৭ চনৰ জুন মাহৰ পৰা ১৯৭৯ চনৰ এপ্ৰিললৈকে বিহাৰৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক জনপ্ৰিয়ভাবে জন নায়ক বুলি জনা যায়। ভাৰত চৰকাৰে ২০২৪ চনৰ ২৬ জানুৱাৰী তাৰিখে তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মান প্ৰদানৰ বাবে মনোনীত কৰে। 
ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল । আনকি তেওঁ ২৬ মাহ পৰ্যন্ত কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল।
    ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ঠাকুৰে নিজৰ গাঁৱৰ স্কুলত শিক্ষক হিচাপে যোগদান কৰিছিল। ১৯৫২ চনত তাজপুৰ সমষ্টিৰ পৰা চচিয়েলিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে বিহাৰ বিধান সভাৰ সদস্য হৈছিল। ১৯৬০ চনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সাধাৰণ ধৰ্মঘটৰ সময়ত পি এণ্ড টিৰ কৰ্মচাৰীসকলক নেতৃত্ব বহন কৰাৰ বাবে গ্ৰেপ্তাৰ হৈছিল। ১৯৭০ চনত তেওঁ টেলকোৰ শ্ৰমিকসকলৰ স্বাৰ্থৰক্ষাৰ কাৰ্য্যক প্ৰচাৰৰ বাবে ২৮ দিন ধৰি আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল।১৯৭০ চনত বিহাৰৰ প্ৰথমজন অনাকংগ্ৰেছী চচিয়েলিষ্ট পাৰ্টিৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ঠাকুৰে বিহাৰৰ মন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিহাৰত মদ্যপানৰ সম্পূৰ্ণ নিষেধাজ্ঞাও বলবৎ কৰিছিল । বিহাৰত ঠাকুৰৰ কালতে পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সম্ভৱ হৈছিল। চৰকাৰী চাকৰিত ২৬% পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ কৰা হৈছিল। তেওঁ ১৯৮৮ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে ইহলীলা সম্বৰণ কৰে। এই জন মহান নেতাক ভাৰত চৰকাৰে 'ভাৰতৰত্ন' মৰোনোত্তৰ ভাৱে প্ৰদান কৰে। 

 3/ পি ভি নৰসিংহ ৰাৱ (P V Narshimha Rao) : 
    পি ভি নৰসিংহ ৰাৱৰ সম্পূৰ্ণ নাম পামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাও ( Pamulaparti Venkata Narasimha Rao) । পি ভি নৰসিংহ ৰাৱৰ জন্ম হৈছিল ১৯২১ চনৰ ২৮ জুন তাৰিখে বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যত। তেওঁ এজন আইনজীৱী আৰু ৰাজনীতিবিদ আছিল। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখযোগ্য যে ৰাও চৰকাৰে ভাৰতৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্কাৰৰ বাবে পদক্ষেপ লৈছিল বুলি জনা যায়। তেওঁৰ দিনতে ভাৰতৰ "লাইচেন্স ৰাজ"ৰো অৱসান ঘটাইছিল। কোনো কোনো লোকে তেওঁক 'ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ জনক' বুলিও অভিহিত কৰিব বিচাৰে। এই জন মহান নেতাৰ মৃত্যু হৈছিল ২০০৪ চনৰ ২৩ ডিচেম্বৰ তাৰিখে। তেওঁৰ কৰ্মৰাজিৰ সন্মানাৰ্থে ভাৰত চৰকাৰে 'ভাৰতৰত্ন' প্ৰদান কৰি যাউতিযুগীয়া কৰি ৰাখিলে।

 4/ চৰন সিং (Charan Singh): 
      চৰণ সিংৰ সম্পূৰ্ণ নাম চৌধুৰী চৰণ সিং। তেওঁৰ জন্ম হৈছিল ১৯০২ চনৰ ২৩ ডিচেম্বৰ তাৰিখে। তেওঁ আছিল এজন ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী। চৰণ সিং ডাঙৰীয়াই ১৯৭৯ চনৰ ২৮ জুলাইৰ পৰা ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈ ভাৰতৰ পঞ্চম প্ৰধান মন্ত্ৰী হিচাপে আৰু ১৯৭০চনত উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মহাত্মা গান্ধীৰ অনুগামী আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি অহিংস আন্দোলনত সহযোগ কৰাৰ বাবে তেওঁ কাৰাবাস পৰ্যন্ত খাটিবলগীয়া হৈছিল। উল্লেখযোগ্য যে ১৯৩০ চনত লোণ আইন উলংঘা কৰাৰ বাবে ব্ৰিটিছে তেওঁক ১২ বছৰৰ কাৰাদণ্ড বিহিছিল। ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ বাবে ১৯৪০ চনৰ নৱেম্বৰ মাহত তেওঁ পুনৰ এবছৰৰ কাৰাদণ্ড ভুগিবলগীয়া হৈছিল । ১৯৪২ চনৰ আগষ্ট মাহত তেওঁক পুনৰ ব্ৰিটিছে ডি আই আৰৰ অধীনত কাৰাগাৰত বন্দী কৰিছিল আৰু ১৯৪৩ চনৰ নৱেম্বৰ মাহত মুকলি কৰি দিছিল। তেওঁৰ জন্মদিন অৰ্থাৎ ২৩ ডিচেম্বৰ তাৰিখে ভাৰতত কৃষক দিৱস হিচাপে পালন কৰা হয়। ২০২৪ বৰ্ষটোত অৰ্থাৎ চলিত বছৰটোত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে মৰণোত্তৰভাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। 

5/ এম এছ স্বামীনাথন ( Mankombu Sambasivan Swaminathan): 
    স্বামীনাথনৰ জন্ম হৈছিল বৰ্তমানৰ তাঞ্জাভুৰ জিলা, তামিল নাডুত ১৯২৫ চনৰ ৭ আগষ্টত। তেওঁ এগৰাকী ভাৰতীয় কৃষি বিজ্ঞানী , উদ্ভিদ জিন বিজ্ঞানী আৰু প্ৰশাসক আছিল। মানৱতাবাদী গুণৰ বাবে তেওঁ এগৰাকী মহান ব্যক্তি ৰূপে সমাজত প্ৰতিষ্ঠিত। এম এছ স্বামীনাথন সেউজ বিপ্লৱৰো এজন প্ৰখ্যাত নেতা হিচাপে খ্যাত। বিশেষকৈ উচ্চ উৎপাদনক্ষম ঘেঁহু আৰু ধানৰ প্ৰজাতিৰ প্ৰচলনৰ ক্ষেত্ৰত তেওঁৰ অৱদান অসীম। এই ক্ষেত্ৰত অধিক বিকাশৰ বাবে নেতৃত্ব আৰু ভূমিকা আগবঢ়োৱাৰ বাবে তেওঁক ভাৰতৰ সেউজ বিপ্লৱৰ মূল স্থপতি বুলি আখ্যা দিয়া হয়। স্বামীনাথনে নৰ্মান বৰলাগৰ সৈতে কৰা সহযোগিতামূলক বৈজ্ঞানিক প্ৰচেষ্টাই কৃষক আৰু অন্যান্য বিজ্ঞানীসকলৰ জৰিয়তে এক গণ আন্দোলনৰ সূচনা কৰিছিল আৰু ই ৰাজহুৱা নীতিৰ দ্বাৰা সমৰ্থিত হৈছিল। এই গণ আন্দোলনেই ১৯৬০ৰ দশকত ভাৰত আৰু পাকিস্তানক নিশ্চিত দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিল বুলি জনা যায়।
     ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা তেওঁক ‘অৰ্থনৈতিক পৰিৱেশ বিজ্ঞানৰ পিতৃ’ বুলি অভিহিত কৰা হৈছিল।১৯৮৭ চনত তেওঁ প্ৰথম বিশ্ব খাদ্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। যিটো নোবেল বঁটা সমপৰ্যায়ৰ বা কৃষিৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়। এইজনা মহান নেতাৰ মৃত্যু হৈছিল ২০২৩ চনৰ ২৮ ছেপ্তেম্বৰত।
    তেওঁ কেৰেলা বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি ডিগ্ৰী, 
মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি ডিগ্ৰী, 
ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ পৰা বংশগতি বিজ্ঞান অৰ্থাৎ প্ৰজনন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ৱেজনিংগেন বিশ্ববিদ্যালয়ৰ পৰা জিনীয় বিজ্ঞানত ইউনেস্কো ফেল' লাভ কৰিছিল। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল। দেশৰ বাবে তেওঁৰ বৃহৎ অৱদানৰ ফলস্বৰূপে তেওঁক ২০২৪ চনত ভাৰত চৰকাৰে মৰণোত্তৰ ভাৱে'ভাৰতৰত্ন' প্ৰদান কৰি সন্মান প্ৰদৰ্শন কৰে। 
    'ভাৰতৰত্ন' হৈছে দেশৰ বাবে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে আৰু জাতিৰ সেৱাৰ বাবে আগবঢ়োৱা ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। ই হৈছে শ্ৰেষ্ঠতাৰ প্ৰতীক। দেশৰ বা আন দেশৰ উল্লেখযোগ্য ব্যক্তিক এই সন্মান প্ৰদানেৰে সন্মান প্ৰদৰ্শন কৰা হয় । এনে সন্মানৰ দ্বাৰা চিহ্নিত ইয়াৰ উত্তৰাধিকাৰে ভাৰতৰ সাংস্কৃতিক আৰু সামাজিক তন্ত্ৰক অনুপ্ৰাণিত আৰু সমৃদ্ধিশালী কৰি আহিছে। বিশেষকৈ সুধী সমাজৰ লগতে বিভিন্ন বিষয়ত ডিগ্ৰীধাৰী লোক সকলক বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ উৎসাহিত কৰি আহিছে। গতিকে নি:সন্দেহে ক'ব পাৰি ভাৰতৰত্ন আমাৰ দেশৰ এক অমূল্য বঁটা।



🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷









No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts