Monday, May 6, 2024

সাম্প্ৰতিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব কিমান ? What is the importance of vocational education in current education ?

সাম্প্ৰতিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব কিমান?What is the importance of vocational education in current education?

🌹🖊️🌹🌹🖊️🌹🌹🖊️🌹🌹🖊️🌹🌹🖊️🌹


     শিক্ষাই কেৱল মানসিক উৎকৰ্ষ সাধন কৰিলেই নহ'ব, প্ৰতিজন ছাত্ৰ ছাত্ৰীক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈও শিকাব লাগিব। বৰ্তমানৰ শিক্ষা গ্ৰহণ কৰা বহু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হয় যে আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ পাছত তেওঁলোকৰ সৰহ সংখ্যক অৰ্থনৈতিক ভাৱে নিষ্কৰ্মা হৈ থাকিব লগা হৈছে। ইয়াৰ কাৰণ কি ? তেওঁলোকৰ মতে নিশ্চয় শিক্ষাই তেওঁলোকক প্ৰবঞ্চনা কৰিলে। এটা কথা সত্য যে আৰ্থিক ভাৱে স্বাৱলম্বী হ'ব নোৱাৰিলে শিক্ষাই দান কৰা অন্যান্য সুক্ষ্ম গুণৰো বিকাশ হ'ব বুলি আশা কৰিব নোৱাৰি। সেয়ে বৃত্তিমুখী শিক্ষাই শিক্ষাৰ্থীৰ এনে সমস্যা সমাধান কৰাত সহায় কৰে। অৰ্থাৎ শিক্ষা আৰু উৎপাদনশীলতাৰ মাজত যোগসূত্ৰ বজাই ৰাখিব পাৰিলেহে ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত জীৱনৰ বিকাশৰ সম্ভৱ হৈ উঠিব। গতিকে আমি ক'ব পাৰোঁ যে শিক্ষাই এজন ছাত্ৰৰ বা ব্যক্তিৰ মানসিক প্ৰয়োজন পূৰণ কৰাৰ উপৰিও তেওঁক অৰ্থনৈতিক ভাৱে স্বনিৰ্ভৰশীল হোৱাত সহায় কৰিব লাগিব।

      শিক্ষাৰ বৃত্তিমূলক ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ জীৱনত আত্মনিৰ্ভৰশীল হোৱাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। আত্মনিৰ্ভৰশীলতাই শিক্ষাৰ্থীক সন্তুষ্টি, মানসিক আৰু নৈতিক শক্তি, আত্মবিশ্বাস বৃদ্ধি হোৱাত সহায় কৰে। যাৰ ফলত ব্যক্তিয়ে ব্যক্তিগত আৰু সামাজিক জীৱনত সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হয়। 

     আমাৰ শিক্ষানুষ্ঠান বিলাকত কম বুদ্ধি সম্পন্ন ছাত্ৰ ছাত্ৰী আৰু অত্যধিক মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী অৰ্থাৎ এই দুই ধৰণৰ ছাত্ৰ ছাত্ৰী আছে। কম বুদ্ধিৰ বাবে বা মগজুৰ শক্তি কম হোৱা হেতুকে তেওঁলোকে শৈক্ষিক বিষয়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ হয়। কিন্তু বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক আগৰণুৱা। গতিকে বৃত্তিমূলক শিক্ষাৰ জৰিয়তে দুয়োপক্ষই জীৱনৰ বাবে শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে বৃত্তিমূলক শিক্ষা ব্যৱস্থাই শ্ৰেণীকক্ষৰ আবদ্ধ তথাকথিত শিক্ষাৰ ধাৰণাটো মষিমূৰ কৰিব।
       সাম্প্ৰতিক শিক্ষাত নৱম শ্ৰেণীৰ পৰা উচ্চ পৰ্যায়লৈ বৃত্তিমুখী শিক্ষাৰ অৱতাৰণা কৰা হৈছে। ই ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত জীৱনত যোগাত্মক প্ৰভাৱ পেলাব বুলি ভবা হৈছে। যদিও কিমান দূৰ সফল হয় সেয়া সময়েহে ক'ব ! ১৯৬৪ চনৰ কোঠাৰী আয়োগ আৰু ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিটো বৃত্তিমূলক শিক্ষাৰ সপক্ষে পৰামৰ্শ আগবঢ়াইছিল। বৰ্তমান ২০২১ চনৰ নতুন শিক্ষা নীতিটো এই বিষয়বস্তু সন্নিৱিষ্ট কৰা হৈছে আৰু এই নীতিৰ পৰামৰ্শ অনুসৰি নৱম আৰু দশম শ্ৰেণীত বৃত্তিমুখী শিক্ষাৰ বাবে শিক্ষক নিযুক্তি দিয়া হৈছে। 'Vocatinal education' আৰু সাংস্কৃতিক দিশত নিযুক্তি প্ৰাপ্ত শিক্ষক সকলে এই দিশত কিমান দূৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, সেয়া সময়েহে ক'ব। 
  
      বিদ্যালয়ত সমন্বিত (Integrated) শিক্ষাই শিক্ষাৰ্থীক সহায় কৰিব বুলি আশা কৰা হৈছে। বৃত্তিমুখী শিক্ষাৰ Counseling কৰি শিক্ষাৰ্থীক ভৱিষ্যত জীৱনৰ বাবে শিক্ষাৰ পথ প্ৰশস্ত কৰিলে শিক্ষাৰ্থী লাভৱান হ'ব। শিক্ষাৰ সাংস্কৃতিক বিষয় শিক্ষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ বিষয়। সমাজৰ এজন ব্যক্তিয়ে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, সদাচাৰ, আইন, দস্তুৰ আৰু অন্যান্য সামৰ্থৰ জটিল সামগ্ৰিক গোটটোৱেই হ'ল সংস্কৃতি । সংস্কৃতিয়ে এখন সমাজৰ শিক্ষা-দীক্ষা ,আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, বিশ্বাস-ধাৰণা , সাহিত্য-দৰ্শন আদি দিশবোৰ সামৰি লয়। অৰ্থাৎ সংস্কৃতিৰ গুৰুত্ব বিদ্যালয়ত অসীম। ছাত্ৰ-ছাত্ৰীক সাংস্কৃতিক ঐতিহ্যৰ সৈতে চিনাকি কৰি দিয়াটো শিক্ষাৰ এক প্ৰধান কাম। শিক্ষাৰ জৰিয়তে এখন সমাজৰ গ্ৰহণযোগ্য সাংস্কৃতিক উপাদান সমূহ পৰৱৰ্তী প্ৰজন্মৰ পুৰুষলৈ কঢ়িয়াই নিব পাৰিলেহে সেই শিক্ষাৰ সফল ৰূপ প্ৰতিফলিত হ'ব। অৰ্থাৎ শিক্ষাই সংস্কৃতিৰ ৰূপান্তৰ, সংৰক্ষণ আৰু উত্তৰণ ঘটাব লাগিব। 
      গতিকে বৃত্তিমূলক শিক্ষা ব্যৱস্থা বিদ্যালয়ত প্ৰয়োজন আছে। ইয়াৰ সুপ্ৰয়োগৰ জৰিয়তে শিক্ষাৰ্থীৰ মানসিক, শাৰীৰিক আৰু মনস্তাত্বিক দিশৰ বিকাশ সাধন কৰিব পৰা যাব।
💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।

-------------------------------------------------------------------

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts