রবিবার, ১৫ নভেম্বর, ২০২৬

জাৰৰ দিনত গাঁৱৰ সন্ধিয়া !!

জাৰৰ দিনত গাঁৱৰ সন্ধিয়া !!


জাৰটো লাহে লাহে আহি আছে। এইকেইদিন চুৱেটাৰ নিপিন্ধাকৈ থাকিব পৰা নাই। তাৰমানে জাৰ নামিল।
ছবি : AI ৰ সহায়ত সৃষ্ট।

আবেলি ৪ বজাৰ পৰাই ৰ'দটো কুমলি গৈছে। পথাৰৰ পৰা মানুহবোৰ ঘৰমুৱা হোৱাৰ দৃশ্য এটা লাহে লাহে সজীৱ হৈ দেখা দিছে। গৰু-ছাগলীবোৰো গোহালিলৈ আৰু গৰাললৈ সোনকালে সোমাব লৈছে।

ইয়াৰ পিছতেই আৰম্ভ হ'ব ধৰিছে গাঁৱৰ আচল সন্ধিয়াটো। একুৰা দপ দপকৈ জ্বলি উঠা জুইৰ উত্তাপৰ আমেজ।

  আঘোণ মহীয়া চোতালত জ্বলে একুৰা জুই। জুইৰ কাষত বহি আইতাই কাহিনী শুনাই। ভূতৰ কাহিনী কিম্বা কোনো ৰজা মহাৰজাৰ কাহিনী। নতুবা বৰচৰাইৰ সাধু। আকৌ কেতিয়াবা কাঠ আলু পোৰা, কেতিয়াবা মৰা আলু বা গুই আলু পোৰা। যাৰ সোৱাদেই সুকীয়া। জুইকুৰাৰ চাৰিওফালে ঘৰৰ পৰিয়ালৰ সদস্যবোৰৰ মিহি মিহিকৈ আড্ডা। মাৰ হাতৰ একাপ গৰম চাহত গোটেই দিনৰ ভাগৰ নোহোৱা হৈ যায়। 

আনহাতে চহৰত জাৰ মানে চোৱেটাৰ আৰু হিটাৰ। কিন্তু গাঁৱত জাৰ মানে মৰম। জুইৰ কাষত বহি পৰিয়ালৰ লগত পাৰ কৰা সেই অলপ সময়খিনিয়েই আচল সুখ। নহয় নে বাৰু?

আপোনাৰো এনেকুৱা সন্ধিয়া মনত পৰেনে? তলত কমেন্ট কৰি জনাব। 🙏



৫টি মন্তব্য:

আপোনাৰ সুন্দৰ মন্তব্যই আমাক লিখিবলৈ উৎসাহ যোগায়। অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাওক।

Featured post

ডিজিটেল যুগত কিতাপ পঢ়াৰ অভ্যাস কেনেকৈ গঢ়িব? লগতে জানক জীৱন সলনি কৰা কেইখনমান শ্ৰেষ্ঠ গ্ৰন্থৰ কথা

ডিজিটেল যুগত কিতাপ পঢ়াৰ অভ্যাস কেনেকৈ গঢ়িব? লগতে জানক জীৱন সলনি কৰা কেইখনমান শ্ৰেষ্ঠ গ্ৰন্থৰ কথা         বৰ্তমানৰ ডিজিটেল যুগত...

Popular posts