শনিবার, ১৪ নভেম্বর, ২০২৬

শিশু দিৱস আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা।

শিশু দিৱস আৰু বৰ্তমান সময়ত শিশু দিৱসৰ প্ৰাসংগিকতা




        আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। এখন সুস্থ, সবল আৰু বিকশিত সমাজ গঢ়ি তুলিবলৈ হ’লে শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ অতি প্ৰয়োজনীয়। ভাৰতবৰ্ষত প্ৰতি বছৰে ১৪ নৱেম্বৰ তাৰিখটো ‘শিশু দিৱস’ হিচাপে অতি উলহ-মালহেৰে পালন কৰা হয়। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোকে শিশু দিৱস হিচাপে উদযাপন কৰা হয়। কোৱা হয় নেহৰুৱে শিশুসকলক অত্যন্ত ভাল পাইছিল আৰু শিশুসকলৰ মাজত দেশৰ ভৱিষ্যতৰ ছবিখন দেখিছিল। সেয়েহে শিশুসকলে তেওঁক মৰমতে ‘চাচা নেহৰু’বা 'নেহৰু খুড়া' বুলিও মাতিছিল। কিন্তু আজিৰ একবিংশ শতিকাৰ দ্ৰুত পৰিৱৰ্তনশীল তথা প্ৰযুক্তিনিৰ্ভৰ যুগত শিশু দিৱস কেৱল এক আনুষ্ঠানিকতা হৈয়েই ৰৈছে নে ইয়াৰ গভীৰ প্ৰাসংগিকতা আছে, সেয়া এক গভীৰ চিন্তা-চৰ্চাৰ বিষয় হৈ দেখা দিছে।

 শিশু দিৱস উদযাপনৰ ইতিহাস আৰু মূল উদ্দেশ্য


       ১৯৬৪ চনত পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাছৰে পৰা ভাৰতত তেওঁৰ জন্মদিন ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ ঘোষণা অনুসৰি ২০ নৱেম্বৰ তাৰিখে বিশ্ব শিশু দিৱস পালন কৰি অহা হৈছিল। এই দিৱস উদযাপনৰ মূল উদ্দেশ্য আছিল শিশুসকলৰ অধিকাৰ, শিক্ষা আৰু কল্যাণৰ প্ৰতি সমাজত সজাগতা সৃষ্টি কৰা। নেহৰুৱে বিশ্বাস কৰিছিল যে আজি আমি যিদৰে শিশুসকলক গঢ় দিম, কাইলৈ দেশখনো তেনেদৰেই গঢ় লৈ উঠিব। গতিকে শিশুসকলক উপযুক্ত শিক্ষা, সুস্বাস্থ্য আৰু নিৰাপদ পৰিৱেশ প্ৰদান কৰাটো প্ৰতিজন নাগৰিক তথা চৰকাৰৰ নৈতিক দায়িত্ব আছে।

বৰ্তমান সময়ত শিশুসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ


        সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিশুসকলৰ জীৱনশৈলী আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহৰো ব্যাপক পৰিৱৰ্তন ঘটিছে। বৰ্তমান সময়ত শিশুসকলে বহুতো জটিল প্ৰত্যাহ্বানৰ মাজেৰে প্ৰাৰম্ভিক সময়বোৰ পাৰ কৰিবলগীয়া হৈছে। তাৰে কেইটামান মুখ্য দিশ তলত আলোচনা কৰা হ’ল :-

১. প্ৰযুক্তি আৰু ডিজিটেল জগতৰ নেতিবাচক প্ৰভাৱ : আজিৰ শিশুসকল স্মাৰ্টফোন, ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ যুগত ডাঙৰ হৈছে। বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ পাছৰে পৰা অনলাইন শিক্ষাৰ নামত শিশুসকলৰ হাতত মোবাইল ফোন সহজলভ্য হৈ পৰিছে। ইয়াৰ ফলত শিশুসকলৰ শাৰীৰিক খেলা-ধূলা কমি গৈছে। অতিমাত্ৰা স্ক্ৰীণ টাইমৰ বাবে শিশুসকলৰ চকুৰ সমস্যা, মেদবহুলতা আৰু মানসিক অস্থিৰতা বৃদ্ধি পাইছে। তদুপৰি ইণ্টাৰনেটত থকা অনুপযুক্ত সমল আৰু চাইবাৰ বুলিং আদিৰ দৰে বিপদে শিশুসকলৰ কোমল মনত বিৰূপ প্ৰভাৱ পেলাইছে।

২. শিক্ষা ব্যৱস্থাৰ বোজা আৰু প্ৰতিযোগিতা :        

           বৰ্তমানৰ শিক্ষা ব্যৱস্থা বহু পৰিমাণে নম্বৰকেন্দ্ৰিক হৈ পৰিছে। অভিভাৱকসকলৰ অত্যধিক আশা আৰু বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বোজাই শিশুসকলৰ শৈশৱ কাঢ়ি নিছে। সৰুৰে পৰা টিউচন, কোচিং আৰু বিভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হোৱাত শিশুসকলে মুক্তভাৱে চিন্তা কৰাৰ আৰু নিজৰ সৃষ্টিশীলতা প্ৰকাশ কৰাৰ সুযোগ হেৰুৱাইছে। ইয়াৰ ফলত বহু শিশু হতাশা আৰু মানসিক চাপৰ চিকাৰ হ'বলগীয়া হৈছে। নম্বৰৰ খেলাটো চৰকাৰী বিদ্যালয়তকৈ ব্যক্তিগত বিদ্যালয়সমূহত অতিমাত্ৰা প্ৰয়োগ হোৱা পৰিলক্ষিত হয়।

৩. শিশু শ্ৰম আৰু দৰিদ্ৰতা : দেশখনে অৰ্থনৈতিকভাৱে যথেষ্ট অগ্ৰগতি লাভ কৰিছে যদিও আজিও বহু শিশু দৰিদ্ৰতাৰ কবলত পৰি শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে। হোটেল, কাৰখানা, ইটাভাতা আদিত আজিও বহু শিশুৱে শ্ৰমিক হিচাপে কাম কৰি থকা পৰিলক্ষিত হয়। চৰকাৰে শিশু শ্ৰম নিষিদ্ধ কৰি কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ ৰূপায়ণ হোৱা নাই। পেটৰ ভোক নিবাৰণৰ বাবে কিতাপ-কলমৰ সলনি হাতত শ্ৰমৰ সঁজুলি তুলি লোৱা এই শিশুসকলৰ বাবে শিশু দিৱসৰ আনন্দ অৰ্থহীন হৈ পৰিছে।

৪. শিশু নিৰ্যাতন আৰু নিৰাপত্তাহীনতা : বৰ্তমান সমাজত শিশুৰ ওপৰত হোৱা শাৰীৰিক, মানসিক আৰু যৌন নিৰ্যাতনৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ঘৰৰ ভিতৰতে হওক বা বাহিৰতেই হওক, শিশুসকল আজি সম্পূৰ্ণৰূপে নিৰাপদ নহয়। শিশু সৰবৰাহ আৰু বাল্যবিবাহৰ দৰে সামাজিক ব্যাধিয়ে আজিও বহু শিশুৰ জীৱন ধ্বংস কৰি আছে।

৫. পুষ্টিহীনতা আৰু স্বাস্থ্যজনিত সমস্যা : ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত আজিও বহু শিশু পুষ্টিহীনতাত ভুগি আছে। সঠিক পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ অভাৱত শিশুসকলৰ শাৰীৰিক আৰু বৌদ্ধিক বিকাশ বাধাগ্ৰস্ত হৈছে। আনহাতে, চহৰাঞ্চলৰ শিশুসকলৰ মাজত ফাষ্ট ফুড বা জাংক ফুড খোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বাবেও স্বাস্থ্যজনিত নানা সমস্যাই দেখা দিছে।

বৰ্তমান সময়ত শিশু দিৱসৰ প্ৰাসংগিকতা


      ওপৰোক্ত সমস্যাসমূহৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত শিশু দিৱস পালনৰ প্ৰাসংগিকতা পূৰ্বতকৈ বহু গুণে বৃদ্ধি পাইছে। এই দিৱসটো কেৱল বিদ্যালয়-মহাবিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান পাতি বা মিঠাই বিতৰণ কৰি উদযাপন কৰাতে সীমাবদ্ধ থাকিব নালাগে। ইয়াৰ প্ৰকৃত তাৎপৰ্য তলত উল্লেখ কৰা দিশসমূহৰ মাজেৰে প্ৰতিফলিত হলেহে শিশু দিৱস উদযাপনৰ সাৰ্থকতা থাকিব: 

ক) আত্মসমালোচনা আৰু সজাগতাৰ দিন : শিশু দিৱসে সমাজ, অভিভাৱক আৰু চৰকাৰক আত্মসমালোচনা কৰাৰ এক সুযোগ দিয়ে। আমি আমাৰ শিশুসকলক কেনেধৰণৰ পৰিৱেশ দিছোঁ, তেওঁলোকৰ অধিকাৰসমূহ সুৰক্ষিত হৈছেনে নাই— এইবোৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ দিন হৈছে শিশু দিৱস। অৰ্থাৎ এনেধৰণৰ আলোচনা হোৱা উচিত যিয়ে শিশুৰ জীৱনত প্ৰভাৱ পেলোৱা বেয়া দিশবোৰ উন্মোচন কৰিব আৰু সমান্তৰালকৈ সমাধানৰ সূত্ৰ বিচাৰি উলিয়াব পাৰি।

খ ) শিশুৰ অধিকাৰ সুৰক্ষা : ভাৰতীয় সংবিধান আৰু ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ চনদ অনুসৰি প্ৰতিটো শিশুৰে জীয়াই থকাৰ, শিক্ষা লাভ কৰাৰ, সুৰক্ষা পোৱাৰ আৰু নিজৰ মত প্ৰকাশ কৰাৰ মৌলিক অধিকাৰ আছে। শিশু দিৱসৰ জৰিয়তে সমাজৰ প্ৰতিটো স্তৰত এই অধিকাৰসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিব পাৰি।

গ ) মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব : 
      বৰ্তমান সময়ত শিশুৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়াটো জৰুৰী। শিশু দিৱসৰ কাৰ্যসূচীসমূহত শিশুসকলৰ মনৰ কথা শুনা, তেওঁলোকক মানসিক চাপৰ পৰা মুক্ত ৰখা আৰু অভিভাৱকসকলক সঠিক লালন-পালনৰ বিষয়ে সজাগ কৰাৰ দৰে পদক্ষেপ ল’ব লাগে।

ঘ) নৈতিক শিক্ষা আৰু মূল্যবোধৰ বিকাশ :         
         যান্ত্ৰিকতাৰ যুগত শিশুসকলৰ মাজত সহানুভূতি, দয়া, সততা আৰু প্ৰকৃতিপ্ৰেমৰ দৰে মানৱীয় মূল্যবোধসমূহ জাগ্ৰত কৰাটো অতি প্ৰয়োজন। শিশু দিৱসে শিশুসকলক এগৰাকী ভাল মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব পাৰে।

ঙ ) বঞ্চিত শিশুসকলক মূলসুঁতিলৈ অনা: 
       সমাজৰ অৱহেলিত, দৰিদ্ৰ আৰু বিশেষভাৱে সক্ষম শিশুসকলক সমাজৰ মূলসুঁতিলৈ আনি তেওঁলোককো সমান সুযোগ প্ৰদান কৰাৰ সংকল্প লোৱাৰ দিন হৈছে শিশু দিৱস।

আমাৰ কৰণীয়👇


       শিশু দিৱসৰ উদ্দেশ্য তেতিয়াহে সফল হ’ব যেতিয়া আমি বছৰৰ কেৱল এটা দিনতেই নহয়, বৰঞ্চ বছৰৰ ৩৬৫ দিনেই শিশুসকলৰ কল্যাণৰ বাবে কাম কৰিম। অভিভাৱকসকলে সন্তানৰ ওপৰত নিজৰ অপূৰ্ণ সপোন জাপি নিদি তেওঁলোকৰ আগ্ৰহ আৰু প্ৰতিভাক চিনাক্ত কৰি আগবাঢ়ি যোৱাত সহায় কৰিব লাগে। শিশুসকলক মোবাইল ফোনৰ সলনি কিতাপ পঢ়া, খেলা-ধূলা কৰা আৰু প্ৰকৃতিৰ সান্নিধ্য লাভ কৰাৰ বাবে উৎসাহিত কৰিব লাগে। চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহেও শিশু শ্ৰম নিৰ্মূলকৰণ, বিনামূলীয়া আৰু গুণগত শিক্ষাৰ প্ৰসাৰ তথা শিশু সুৰক্ষা আইনসমূহৰ কঠোৰ প্ৰয়োগৰ ক্ষেত্ৰত অধিক তৎপৰ হ’ব লাগিব।


          সামৰণিত ক’ব পাৰি যে শিশুসকল হৈছে বাগিচাৰ কোমল কলিৰ দৰে। সঠিক যত্ন, মৰম আৰু সাৰ-পানী পালেহে সেই কলিবোৰ ফুল হৈ ফুলিব আৰু সমাজখনক সুবাসিত কৰিব। বৰ্তমানৰ জটিল সময়ত শিশু দিৱসৰ প্ৰাসংগিকতা অপৰিসীম। এই দিৱসে আমাক সোঁৱৰাই দিয়ে যে শিশুসকলৰ মুখৰ নিষ্পাপ হাঁহিটো অটুট ৰখাটোৱেই আমাৰ আটাইতকৈ ডাঙৰ ধৰ্ম। আহক, আমি সকলোৱে মিলি শিশুসকলৰ বাবে এখন নিৰাপদ, সুন্দৰ আৰু বৈষম্যহীন পৃথিৱী গঢ়ি তোলাৰ সংকল্প লওঁ, যাতে প্ৰতিটো শিশুৱেই নিজৰ শৈশৱক পূৰ্ণৰূপত উপভোগ কৰি দেশৰ যোগ্য নাগৰিক হিচাপে গঢ় লৈ উঠিব পাৰে।



প্ৰৱন্ধটো পঢ়ি ভাল পালে শ্বেয়াৰ কৰিব আৰু এটা সুন্দৰ, কমেণ্ট আগবঢ়াই উৎসাহিত কৰিব। 🔥 🙏 


শুক্রবার, ১৩ নভেম্বর, ২০২৬

কাজিৰঙাৰ পথত ৰৈ গ'ল ২৩টা সপোন !

 কাজিৰঙাৰ পথত ৰৈ          গ'ল ২৩টা সপোন !ঋ



আজি ১৩ নৱেম্বৰ, কাজিৰঙাৰ ৰঙাজানত এক ভয়াবহ পথ দুৰ্ঘটনাই ২৩টা জীৱন কাঢ়ি নিলে। অতি মৰ্মান্তিক দুৰ্ঘটনা।

                        শ্ৰদ্ধাঞ্জলি - কাজৰিঙা, ১৩ নৱেম্বৰ।

বাছখনত বেছিভাগেই আছিল কলেজৰ ছাত্ৰ-ছাত্ৰী। ক্লাছ শেষ কৰি ঘৰলৈ ঘূৰি আহি আছিল। ঘৰত মাক-দেউতাকে বাট চাই আছিল, কিন্তু তেওঁলোক আৰু ঘূৰি নাহিল।

এটা মূহুৰ্তৰ স্পীডে, এটা মূহুৰ্তৰ অসাৱধানতাই ২৩ টা ঘৰৰ উজ্জ্বল ভৱিষ্যত আজুৰি নি বোৱাই গ'ল শোকৰ বন্যা ।

আমি সকলোৱে ভাবো - "মোৰ একো নহয়।" কিন্তু পথত এই "একো নহয়" বুলি ভবাটোৱেই আটাইতকৈ ডাঙৰ ভুল।

আজি আমি মাথোঁ প্ৰাৰ্থনা কৰোঁ, যিসকল হেৰাই গ'ল তেওঁলোকৰ আত্মাই শান্তি পাওক, আৰু যিসকল আহত হৈ আছে তেওঁলোক সোনকালে সুস্থ হওক।

আহক ,আমি নিজকে এটা প্ৰতিশ্ৰুতি দিওঁ - 

'অলপ লেহেমীয়া হ'ম, কিন্তু ঘৰলৈ সুৰক্ষিতভাৱে ঘূৰিম।'

কাৰণ, প্ৰতিজন ব্যক্তিৰ বাবে কোনোবাই ঘৰত বাট চাই আছে।


                        🪔   শ্ৰদ্ধাঞ্জলি 🪔 



মঙ্গলবার, ১০ নভেম্বর, ২০২৬

নদীৰ বালিৰ পৰা সোণ বুটলা এটি গৌৰৱময় জাতি: কছাৰীসকলৰ বংশধৰ আৰু সোণোৱাল কছাৰীৰ চমু ইতিহাস

নদীৰ বালিৰ পৰা সোণ বুটলা এটি গৌৰৱময় জাতি : কছাৰীসকলৰ বংশধৰ আৰু সোণোৱাল কছাৰীৰ চমু ইতিহাস 



       অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসত কছাৰী জনগোষ্ঠীৰ অৱদান অপৰিসীম। নৃতাত্ত্বিক দিশৰ পৰা চীন-তিব্বতীয় (Sino-Tibetan) আৰু বড়ো-কছাৰী (Bodo-Kachari) ভাষা পৰিয়ালৰ অন্তৰ্গত কছাৰীসকলক অসমৰ অন্যতম আদিম বাসিন্দা হিচাপে গণ্য কৰা হয়। মধ্যযুগত ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত শক্তিশালী ৰাজ্য স্থাপন কৰি শাসন চলোৱা এই বৃহৎ জনগোষ্ঠীটো কালক্ৰমত বিভিন্ন ঠাল-ঠেঙুলিত বিভক্ত হৈ পৰে। ইয়াৰ ভিতৰত সোণোৱাল কছাৰী হৈছে উজনি অসমৰ এক অত্যন্ত চহকী আৰু স্বকীয় ঐতিহ্য বহনকাৰী জনগোষ্ঠী হিচাপে পৰিগণিত।

বুৰঞ্জীত লিপিবদ্ধ ইতিহাস ?


      কছাৰী আৰু সোণোৱাল কছাৰীসকলৰ উৎপত্তি, শাসন আৰু আহোম ৰাজ্যৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মধ্যযুগীয় অসমৰ বিভিন্ন বুৰঞ্জী আৰু আধুনিক ঐতিহাসিক গ্ৰন্থত স্পষ্টকৈ লিপিবদ্ধ হৈ আছে। তলত আলোচনা আগবঢ়োৱা হ'ল -

কছাৰী বুৰঞ্জী (Kachari Buranji): ড° সূৰ্যকুমাৰ ভূঞাৰ সম্পাদনাত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে (DHAS) ১৯৩৬ চনত প্ৰকাশ কৰা কছাৰী বুৰঞ্জী হৈছে কছাৰীসকলৰ ইতিহাস জনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমল। ইয়াত চতুৰ্দশ শতিকাৰ পৰা অষ্টাদশ শতিকালৈকে কছাৰী ৰজাসকলৰ শাসন, ডিমাপুৰ-মাইবং-খাছপুৰৰ ৰাজধানী স্থানান্তৰ আৰু আহোম-কছাৰীৰ ৰাজনৈতিক সম্পৰ্কৰ বিস্তৃত বিৱৰণ পোৱা যায়। তদুপৰি শদিয়াল কছাৰী ৰজা মাণিক্যৰ ৰাজ্যৰ বিষয়েও ইয়াত উল্লেখ পোৱা যায়।

দেওধাই অসম বুৰঞ্জী (Deodhai Asam Buranji) : ড° সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰাই সম্পাদিত এই বুৰঞ্জীখনতো কছাৰীসকলৰ আগমন আৰু উজনি অসমত শদিয়াল তথা হেৰেম্বিয়াল কছাৰী হিচাপে ৰাজ্য স্থাপন কৰাৰ তথ্য সন্নিৱিষ্ট হৈ আছে।

সাতসৰী অসম বুৰঞ্জী আৰু তুংখুঙীয়া বুৰঞ্জী : এই পুৰণি আহোম বুৰঞ্জীসমূহতো আহোম স্বৰ্গদেউসকলৰ সৈতে কছাৰীসকলৰ যুদ্ধ-বিগ্ৰহ আৰু মিত্ৰতাৰ বহুতো ঐতিহাসিক ঘটনা লিপিবদ্ধ হৈ আছে।

আহোমৰ দিন (Ahomor Din) : বিশিষ্ট বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাৰ বিখ্যাত গ্ৰন্থ ‘আহোমৰ দিন’ত সোণোৱাল কছাৰীসকলৰ ইতিহাস অতি স্পষ্টকৈ পোৱা যায়। ইয়াত ষোড়শ শতিকাত কোঁচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় (গোহাঁই কমল)ৰ সৈতে নামনি অসমৰ পৰা আহি শদিয়াত বসতি স্থাপন কৰা কছাৰীসকলৰ বংশ বিভাজন আৰু 'সোণোৱাল খেল' গঠনৰ তথ্য জলজল পটপটকৈ উল্লেখ আছে।

আধুনিক ঐতিহাসিক আৰু নৃতাত্ত্বিক গ্ৰন্থ : ব্ৰিটিছ প্ৰশাসক এডৱাৰ্ড গেইটৰ (Edward Gait) A History of Assam, চিডনী এণ্ডেলৰ (Sidney Endle) The Kacharis আৰু ড° সৃষ্টিধৰ দত্তৰ The Mataks and their Kingdom গ্ৰন্থসমূহতো সোণোৱাল কছাৰীসকলৰ সোণ কমোৱা বৃত্তি আৰু সামাজিক ইতিহাসৰ প্ৰামাণিক তথ্য পোৱা যায়। সন্দেহ ঘনীভূত হ'লে এই কিতাপসমূহ অধ্যয়ন কৰিলে সকলো সন্দেহ দূৰ হ'ব।

কছাৰীসকলৰ বংশধৰ আৰু ইয়াৰ শাখাসমূহ :


       ঐতিহাসিক তথ্য আৰু পৌৰাণিক আখ্যান অনুসৰি কছাৰীসকলৰ উৎপত্তি আৰু বিস্তৃতিৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ দিশ জনা যায়। বিশেষকৈ -

পৌৰাণিক পৰিচয়: কছাৰীসকলে নিজকে মহাভাৰতৰ ভীম আৰু হিড়িম্বাৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি বিশ্বাস কৰে। আনহাতে, সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত 'হাইদাং হুঁচৰি' গীতত তেওঁলোকে প্ৰাচীন নৃপতি বলীৰজা, ভগদত্ত আৰু নৰকাসুৰক আদিপুৰুষ হিচাপে স্মৰণ কৰাও পৰিলক্ষিত হয়।

বৃহত্তৰ বড়ো-কছাৰী ঠাল : অসমত বাস কৰা বৃহত্তৰ কছাৰী জনগোষ্ঠীটো ভৌগোলিক অৱস্থান আৰু বৃত্তিৰ ভিত্তিত কেইবাটাও শাখাত বিভক্ত হৈ আছে। এই বংশধৰসকলৰ ভিতৰত প্ৰধান শাখাসমূহ হৈছে বড়ো-কছাৰী, ডিমাছা কছাৰী, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, শৰণীয়া কছাৰী, মেচ কছাৰী, ৰাভা, তিৱা , (লালুং) আৰু দেউৰী জনগোষ্ঠী। ৰাভা, মেচ, তিৱা (লালুং) আৰু দেউৰী জনগোষ্ঠীৰ লোকসকল নৃতাত্ত্বিকভাৱে বৃহত্তৰ বড়ো-কছাৰী মূলৰ (Bodo-Kachari origin) অন্তৰ্গত। পুৰণি ব্ৰিটিছ লেখক বা নৃতত্ত্ববিদসকলে (যেনে চিডনী এণ্ডেল) কেতিয়াবা ‘মেচ কছাৰী’ বা ‘লালুং কছাৰী’ বুলি উল্লেখ কৰিছিল। কিন্তু বৰ্তমান সময়ত তেওঁলোকে নিজকে স্বতন্ত্ৰভাৱে ৰাভা, মেচ, তিৱা (লালুং) আৰু দেউৰী জনগোষ্ঠী বুলিহে পৰিচয় দি ভাল পায়। সেয়েহে ৰাভা, মেচ, তিৱা (লালুং) আৰু দেউৰী জনগোষ্ঠীৰ পিছত কছাৰী শব্দ প্ৰয়োগ কৰা নহয়।

ঐতিহাসিক শাসনকাল : ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈকে কছাৰী ৰজাসকলে ডিমাপুৰ (হিড়িম্বাপুৰ), মাইবং আৰু খাছপুৰক ৰাজধানী হিচাপে লৈ এক বিশাল ভূখণ্ড শাসন কৰিছিল বুলি জনা যায়। আহোমসকলৰ সৈতে হোৱা সংঘৰ্ষৰ পাছত কছাৰীসকলৰ এটা বৃহৎ অংশ উজনি অসমলৈ আহি আহোম ৰাজ্যৰ অধীনত বসবাস কৰিবলৈ লয়। বিশেষকৈ উজনি অসমত সোণোৱাল কছাৰী ঠালটো তৎকালীন সময়ৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া , লাইনা, ডাঙৰী, বৰপথাৰ আদি অঞ্চলত বসবাস কৰিবলৈ লয়।

সোণোৱাল কছাৰীৰ চমু ইতিহাস


উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰধানকৈ সোণোৱাল কছাৰীসকলৰ বসতি দেখা যায়। 

'সোণোৱাল' নামৰ উৎপত্তি : আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত সোৱণশিৰি, দিহিং, ব্ৰহ্মপুত্ৰ আদি নদীৰ বালিৰ পৰা সোণ বুটলা বা সোণ কমোৱা কামত এইসকল কছাৰী লোকক নিয়োজিত কৰা হৈছিল। সেয়ে পিছলৈ আহোম ৰজাই তেওঁলোকক 'সোণোৱাল খেল'ত সংগঠিত কৰিছিল। এই 'সোণ কমোৱা' বৃত্তিৰ বাবেই কালক্ৰমত তেওঁলোক সোণোৱাল কছাৰী নামেৰে পৰিচিত হয়।

ডিমাপুৰৰ পৰা উজনি অসমলৈ বিস্তৃতি : ‘আহোমৰ দিন’ আৰু লোককথা অনুসৰি, ষোড়শ শতিকাত শদিয়াত বসবাস কৰা কছাৰীসকলে পাছলৈ ঊনবিংশ শতিকাৰ আৰম্ভণিতে বুঢ়ীদিহিং আৰু ডিব্ৰু নদীৰ মাজৰ অঞ্চলত বসতি স্থাপন কৰে। সেই সময়ৰ পৰাই তেওঁলোকে সমগ্ৰ উজনি অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়।

সমাজ আৰু বংশ বিভাজন: সোণোৱাল কছাৰী সমাজখন ৭টা মূল খেল বা বংশ আৰু ১৪টা উপ-বংশত বিভক্ত। শদিয়াত থকা কালত কৰ্মৰ ভিত্তিত এই বংশ বিভাজন হৈছিল বুলি বুৰঞ্জীত স্পষ্টকৈ উল্লেখ থকা পোৱা যায়।

ধৰ্মীয় আৰু সাংস্কৃতিক জীৱন : সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত উপাস্য দেৱতা হৈছে 'খ্ৰীং খ্ৰীং বাইথ’' (শিৱ)। ইয়াৰ উপৰিও সপ্তদশ শতিকাত আউনীআটী সত্ৰৰ দ্বিতীয়জনা সত্ৰাধিকাৰ কেশৱদেৱ গোস্বামীৰ প্ৰভাৱত সোণোৱালসকলৰ কিছুমানে একশৰণ নামধৰ্ম গ্ৰহণ কৰি নামঘৰ সংস্কৃতিকো আকোঁৱালি লয়। 'হাইদাং গীত', 'হুঁচৰি', 'বহুৱা নাচ' আৰু 'গজাই ডাঙৰীয়াৰ সকাম' সৰগদেউ পূজা আদি তেওঁলোকৰ চহকী লোক-সংস্কৃতিৰ অনন্য নিদৰ্শন।
সোণোৱাল কছাৰীসকলৰ চহকী লোক-সংস্কৃতিৰ জীৱন্ত ৰূপ - বোৱাৰী বিহুৰ দৃশ্য।


আধুনিক স্বীকৃতি : সোণোৱাল কছাৰীসকলৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে ২০০৫ চনৰ ৪ মাৰ্চত অসম চৰকাৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (SKAC) গঠন কৰি এক সামাজিক স্বীকৃতি প্ৰদান কৰে। এই সময়ৰ পৰাই জনগোষ্ঠীটোৱে সমাজত মূৰ দাঙি থিয় দিবলৈ অহোপুৰুষাৰ্থ প্ৰয়াস কৰি আহিছে।

সামৰণি


       বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকা কছাৰীসকলৰ গৌৰৱময় ইতিহাস আৰু সোণোৱাল কছাৰীসকলৰ স্বকীয় কৃষ্টি-সংস্কৃতিয়ে বৃহত্তৰ অসমীয়া জাতিক সদায়েই সমৃদ্ধ কৰি আহিছে। আধুনিকতাৰ ধামখুমীয়াৰ মাজতো নিজৰ ঐতিহ্য, হাইদাং গীত আৰু পৰম্পৰাসমূহ জীয়াই ৰাখি সোণোৱাল কছাৰী জনগোষ্ঠীয়ে অসমৰ সামাজিক জীৱনত এক বিশেষ স্থান অধিকাৰ কৰি আছে।

(বি .দ্ৰ: লেখাটো লিখিবলৈ কিতাপৰ উপৰি ইণ্টাৰনেটৰো সহায় লোৱা হৈছে। ভুল-ভ্ৰান্তি হ'লে আঙুলিয়াই দিয়ে যেন।)



লেখাটো ভাল লাগিলে শ্বেয়াৰ আৰু Comment কৰিব। ধন্যবাদ ।🔥🙏

সোমবার, ৯ নভেম্বর, ২০২৬

Green Dipawali কি ? ফটকা নহয়, চাকিৰে আলোকিত কৰক

Green Diwali - ফটকা নহয়, চাকিৰে পোহৰাওক


                  
                    Green Dipawali ৰ নমুনা চিত্ৰ।

দীপাৱলী মানে পোহৰৰ উৎসৱ, ধোঁৱাৰ উৎসৱ নহয়। কিন্তু আজিকালি দীপাৱলী আহিলেই আকাশখন ধোঁৱাই ভৰি পৰে। ফটকাৰ শব্দত কাণ তাল মাৰি যায়, চকু জ্বলি উঠে।

এইবাৰ দীপাৱলীৰ আগদিনাই দিল্লীৰ বতাহ বিশ্বৰ আটাইতকৈ বেয়া হৈছিল। আমাৰ গোলাঘাট, গুৱাহাটীতো একেই অৱস্থা হ'বলৈ বেছি দিন নাই।

আমি নিজৰ হাতেৰে নিজৰ ঘৰখনকে বেয়া কৰি আছোঁ নেকি?

১. ফটকাই কাৰ কাৰ ক্ষতি কৰে ?


আমি ভাবো ফটকা মানে কেৱল আনন্দ। কিন্তু সঁচা কথাটো অলপ বেলেগ ধৰণৰ নহয় নে ? ইয়াৰ সৈতে সম্পৰ্কিত কিছুমান ক্ষতিকাৰক দিশ হ'ল -

সৰু ল'ৰা-ছোৱালী : সৰু ল'ৰা-ছোৱালীৰ কোমল শৰীৰৰ বাবে ফটকাৰ শব্দ আৰু ধোঁৱা অতি ক্ষতিকাৰক। ফটকাৰ ধোঁৱাত সিহঁতৰ কাহ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ হোৱাৰ সম্ভাৱনা হয়। লগতে অতি উচ্চ প্ৰাৱল্যৰ শব্দই শ্ৰৱণ শক্তিৰ ওপৰত আঘাত হনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যোৱা কালি News ত কলকাতাৰ এজন ডাক্তৰে কৈছে - ফটকাৰ বাবে বহু ল'ৰা-ছোৱালীৰ কাণৰ ক্ষতি হৈছে, চকুত জুই লাগিছে। গতিকে ফটকা ফুটাব দিয়াৰ আগতে দহ ভবা উচিত। তাৰোপৰি অতি শব্দৰ ফলত পৰিৱেশ বিনষ্ট কৰাৰ লগতে বায়ু প্ৰদূষণৰ সৃষ্টিত ই অৰিহণা যোগায়।

বৃদ্ধ মানুহ: ঘৰত থকা বৃদ্ধ মা-দেউতা, হাঁপানী থকা মানুহৰ বাবে এই ২-৩ দিন বৰ কষ্টৰ হয়। তেওঁলোকে ৰাতি শুবও নোৱাৰে। ইয়াৰ ধোঁৱাই হাপানি ৰোগীক আঘাত হানিব পাৰে।

জীৱ-জন্তু : আমাৰ ঘৰৰ কুকুৰ-মেকুৰীবোৰলৈ চাওকচোন। ফটকাৰ শব্দত সিহঁতে কিমান ভয় খায়। ভয়ত ঘৰৰ চুকত সোমাই থাকে, খাবলৈও নোৱাৰে। সিহঁতৰ কাণ আমাতকৈ বহুত বেছি সংবেদনশীল। নহয় নে ? আমাৰ অলপ আনন্দৰ বাবে সিহঁতে কিমান কষ্ট পায়, এবাৰ ভাবি চাইছেনে ?

২. আগৰ দীপাৱলী আৰু বৰ্তমানৰ দীপাৱলী


আমাৰ সৰুকালৰ দীপাৱলী কেনে আছিল আপোনাৰ মনত আছে নে ?

১৯৮০ দশকত, তেতিয়া ফটকা বেছি নাছিল। মাটিৰ চাকি, কলগছত চাকি, আকাশ বন্তি, ঘৰত মিঠাই বনোৱা - এইবোৰেই আছিল দীপাৱলী। আমি সৰুৰে পৰা দেখি অহা অন্ততঃ ২০০০ চনলৈকে বৰ বেছি ফটকা বা আতচবাজী ফুটোৱাৰ কথা মনত নপৰে।

আনহাতে গাঁৱৰ প্ৰতিটো ঘৰতে দিপাৱলী উৎসৱ পালন কৰা নহৈছিল। তেনেদৰে ফটকাও বৰ বেছি নাছিল। অৰ্ধেক লোকে চাকি জ্বলাই ঘৰখন আলোকিত কৰিছিল। গতিকে তেতিয়া তেনেকৈ ধোঁৱা বা শব্দৰ প্ৰদূষণ হোৱা নাছিল, কেৱল পোহৰ আছিল।

আজিকালি মাটিৰ চাকিৰ ঠাইত চাইনিজ লাইট আহিল, আকাশ বন্তিৰ ঠাইত ডাঙৰ ডাঙৰ বোম ফটকা আহিল। আকাশৰ মাজত ফটকা ফুটা হ'ল।পোহৰ কমিল, শব্দ আৰু ধোঁৱা বাঢ়িল।

আমি আমাৰ নিজৰ পৰম্পৰাক পাহৰি গৈছোঁ নেকি?

৩. Green Diwali মানে কি ?


      গ্ৰীণ দিপাৱলী (Green Diwali) বা সেউজ দীপাৱলী হৈছে পৰিৱেশৰ কোনো ক্ষতি নকৰাকৈ প্ৰকৃতি-অনুকূলভাৱে উদযাপন কৰা পোহৰৰ উৎসৱ। ইয়াৰ মূল উদ্দেশ্য হৈছে বায়ু আৰু শব্দ প্ৰদূষণ হ্ৰাস কৰা। বিশেষকৈ -

পৰিৱেশ-অনুকূল উদযাপন : গ্ৰীণ দিপাৱলীৰ মূল লক্ষ্য হৈছে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থযুক্ত পৰম্পৰাগত ফটকাৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বৰ্জন কৰা।

সেউজ ফটকাৰ ব্যৱহাৰ : এই উদযাপনত কেৱল চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত 'সেউজ ফটকা' (Green Crackers) ফুটোৱা হয়, যিয়ে ৩০ শতাংশ পৰ্যন্ত কম প্ৰদূষণ ঘটায়।

মাটিৰ চাকিৰ অগ্ৰাধিকাৰ : ইয়াত প্লাষ্টিক বা কৃত্ৰিম লাইটৰ পৰিৱৰ্তে থলুৱা মাটিৰ চাকি আৰু সৰিয়হৰ তেল ব্যৱহাৰ কৰি ঘৰ-দুৱাৰ পোহৰাই তোলাৰ ব্যৱস্থা কৰা হয়।

প্ৰাকৃতিক ৰঙ্গলী : ঘৰৰ পদূলিত ৰংগুলী বা আল্পনা আঁকিবলৈ ৰাসায়নিক ৰঙৰ সলনি ফুলৰ পাপৰি, চাউলৰ গুড়ি আৰু হালধীৰ দৰে প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰা হয়।

উপহাৰ আৰু সচেতনতা : এই উৎসৱত প্লাষ্টিকৰ সামগ্ৰীৰ পৰিৱৰ্তে গছৰ পুলি বা কাপোৰৰ মোনা উপহাৰ দি সমাজত পৰিৱেশ সুৰক্ষাৰ বাবে সচেতনতা বৃদ্ধি কৰা হয়। 

গতিকে প্ৰতিজন লোকে ব্যক্তিগত লাভালাভৰ কথা নাভাবি সামগ্ৰিকভাৱে চিন্তা কৰি এই উৎসৱ পালন কৰা উচিত।

আপুনি কেনেকৈ পাতিব ?


 মাটিৰ চাকি জ্বলাওক : এইবাৰ ১০০টা ফটকাৰ টকাৰে ১০০ টা মাটিৰ চাকি কিনক। ঘৰৰ চৌদিশে জ্বলাই দিয়ক। আপোনাৰ ঘৰটোৱেই আটাইতকৈ ধুনীয়া লাগিব। লগতে কুমাৰ এজনৰো ঘৰত সুন্দৰ দীপাৱলী হ'ব।

২. এটা গছপুলি ৰুৱক : এইবাৰ দীপাৱলীত এটা গছপুলি ৰুৱক। এয়াই আচল লক্ষ্মী পূজা। গছে আমাক জীৱন দিয়ে। হয় নে ?

৩. কম শব্দৰ ফটকা : যদি একেবাৰে ফটকা নুফুটোৱাকৈ থাকিব নোৱাৰে, তেন্তে কম শব্দ হোৱা ফুলজাৰি, কলগছ , জিলজিলি আদি ব্যৱহাৰ কৰক। তেতিয়া পৰিৱেশ বিনষ্ট নহ'ব আৰু আপোনাৰো মনোকামনা পূৰ্ণ হ'ব। কিন্তু ডাঙৰ বোম ফটকা ফুটোৱাৰ পৰা একেবাৰে বিৰত থাকক। 

৪. অসমৰ ৰাইজৰ বাবে এটা আহ্বান !


 বিশ্বই জানে,অসম এখন সেউজীয়া প্ৰদেশ। ইয়াত গছ আছে, নদী আছে, চৰাই আছে । বিভিন্ন জীৱ-জন্তুৰে ভৰি আছে আমাৰ চৌপাশৰ অভয়াৰণ্য। গতিকে বেছি প্ৰাৱল্যৰ ফটকা ফুটাই পৰিৱেশ বিনষ্ট নকৰিব।

আমি যদি এই সেউজীয়াখিনি নষ্ট কৰি দিওঁ, তেন্তে আমাৰ ল'ৰা-ছোৱালীয়ে কি পাব ? মই ভুল কৈছোঁ নেকি ?

এইবাৰ তিনিচুকীয়া পৰাই আৰম্ভ কৰোঁ আহক। এইবাৰৰ দীপাৱলী - ফটকা নহয়, চাকিৰে পাতোঁ।

আপুনি মোৰ লগত একমত নে? এইবাৰ আপুনি কেইটা চাকি জ্বলালে? তলত Comment ত জনাব।



সকলোলৈকে সেউজীয়া দীপাৱলীৰ শুভেচ্ছা জনালোঁ 🙏🪔

রবিবার, ৮ নভেম্বর, ২০২৬

দীপাৱলীত অকলশৰীয়া মানুহবোৰৰ কথা কোনে ভাৱে ? Dipawalit okolxoriya manuhburor kotha kune bhabe?

দীপাৱলীত অকলশৰীয়া মানুহবোৰৰ কথা কোনে ভাবে ? 

Dipawalit okolxoriya manuhburor kotha kune bhabe?


   দীপাৱলীৰ পোহৰৰ মাজতো অকলে এগছি চাকি লৈ বহি থকা মানুহজন... তেওঁৰ কথা কোনে ভাবে ?  Photo - AI.



দীপাৱলী মানে পোহৰৰ উৎসৱ।

ঘৰে ঘৰে চাকি জ্বলে, ল'ৰা-ছোৱালীয়ে নতুন কাপোৰ পিন্ধে, ফটকাৰ শব্দত গাঁও-চহৰ কঁপি উঠে।

কিন্তু এই পোহৰৰ মাজতে কিছুমান ঘৰত আজিও আন্ধাৰ হৈ থাকে।

কিছুমান মানুহৰ ঘৰত আজি কোনো এজনো চাকি এগছি জ্বলাবলৈও নাই। বিশেষকৈ -

প্ৰথমতে,
বৃদ্ধাশ্ৰমৰ দীপাৱলী 🪔

কালি এটা ভিডিঅ' দেখিলোঁ। এটা বৃদ্ধাশ্ৰমত কেইজনমান বুঢ়া মা-দেউতাই মিলি চাকি জ্বলাইছে।

তেওঁলোকৰ ল'ৰা-ছোৱালী আছে, ঘৰ আছে, টকা-পইচা আছে। কিন্তু দীপাৱলীৰ দিনা তেওঁলোক অকলশৰীয়া।

এজনী আইতাই কৈছিল - "মোৰ ল'ৰাটোৱে এইবাৰো ফোন এটাও নকৰিলে।"

কথাষাৰ শুনি বুকুখন বিষাই গ'ল।

আমি দীপাৱলীত ঘৰখন পোহৰাওঁ, কিন্তু মা-দেউতাৰ মনটো পোহৰাবলৈ পাহৰি যাওঁ নেকি?

দ্বিতীয়তে,
অকলশৰীয়া মানুহবোৰ !

তিনিচুকীয়া জিলাতে চাওকচোন। কিমান মানুহ আছে যি এইবাৰ দীপাৱলীত অকলে হয়তো অকলে আছে।

কাৰোবাৰ ল'ৰা বিদেশত, কাৰোবাৰ ঘৈণীয়েক ঢুকাইছে, কাৰোবাৰ সন্তান নাই ... ইত্যাদি।

তেওঁলোকৰ বাবে দীপাৱলী মানে কেৱল আনৰ ঘৰৰ পোহৰ চাই থকা, নহয় নে বাৰু ? 

আমি যদি এইবাৰ এগছি চাকি তেওঁলোকৰ বাবেও জ্বলাওঁ, তেতিয়া হ'লেহে প্ৰকৃত দীপাৱলী হোৱা যেন অনুভৱ হ'ব , মই মিছা কৈছোঁ নেকি?

প্ৰকৃত দীপাৱলী কি ?

দীপাৱলী মানে কেৱল ফটকা ফুটোৱা নহয়।
দীপাৱলী মানে কেৱল মিঠাই খোৱাও নহয়।

👉দীপাৱলী মানে -
একাপ চাহ লৈ কাষৰ অকলশৰীয়া মানুহজনৰ কাষত অলপ বহা।
মা-দেউতাক এটা ফোন কৰা - "মা, দীপাৱলীৰ শুভেচ্ছা।"
বৃদ্ধাশ্ৰমত থকা মানুহ এজনক এপাকেট মিঠাই দিয়া।

এই সৰু সৰু কামবোৰেই আচল পোহৰ, হয় নে নহয় কওক ❓ 

শেষত এটাই কথা -

এইবাৰ দীপাৱলীত ঘৰখনৰ লগতে মনটোও পোহৰাই তোলক।
যিজন মানুহে আপোনালৈ বাট চাই আছে, তেওঁলোকক পাহৰি নাযাব।

আপোনাৰ কাষতো এনেকুৱা কোনোবা অকলশৰীয়া মানুহ আছে নেকি? তলত Comment ত জনাব।

শুভ দীপাৱলী 🙏




প্ৰৱন্ধটো পঢ়ি ভাল পালে শ্বেয়াৰ আৰু Comment কৰি উৎসাহিত কৰিব 🔥 🙏 

ধনতেৰছত ঝাড়ু কিয় কিনা হয়? ই বিজ্ঞান নে অন্ধবিশ্বাস ?

ধনতেৰছত ঝাড়ু কিয় কিনা হয়? ই বিজ্ঞান নে অন্ধবিশ্বাস?


        প্ৰতি বছৰে দীপাৱলীৰ ঠিক আগে আগে অহা ধনতেৰছ Dhanteras 2026 উৎসৱক লৈ আমাৰ সমাজত উছাহৰ অন্ত নাই । এই দিনটাত সোণ, ৰূপ বা নতুন বাচন-বৰ্তন কিনাটো যেনেকৈ এক পৰম্পৰা, ঠিক তেনেকৈ আন এটা বস্তু কিনাটো অতি আৱশ্যকীয় বুলি গণ্য কৰা হয়— সেইটো হৈছে এটা সাধাৰণ 'ঝাড়ু' বা সোপা।

প্ৰথম অৱস্থাত কথাটো অলপ আচৰিত যেন লাগিব পাৰে— য’ত ধন-সম্পত্তিৰ দেৱী লক্ষ্মীক পূজা কৰা হয়, তাত হঠাত ঝাড়ুৰ কি কাম? বহুতে ইয়াক এক অন্ধবিশ্বাস বুলিও ভাবিব পাৰে। কিন্তু আপুনি জানেনে, এই সৰু পৰম্পৰাটোৰ আঁৰত কেৱল ধৰ্মীয় বিশ্বাসেই নহয়, বৰঞ্চ এক গভীৰ সামাজিক আৰু স্বাস্থ্যসন্মত কাৰণো লুকাই আছে। আহক, আজিৰ এই ব্লগত আমি ইয়াৰ আচল ৰহস্য ফঁহিয়াই চাওঁ।

ধৰ্মীয় আৰু প্ৰতীকী বিশ্বাস: ঝাড়ু কিয় ইমান গুৰুত্বপূৰ্ণ?


সনাতন সংস্কৃতিত ঝাড়ুক কেৱল ঘৰ চাফা কৰা এটা সঁজুলি হিচাপেই নহয়, তাক দেৱী লক্ষ্মীৰ প্ৰতীক হিচাপেও সন্মান কৰা হয়। ইয়াৰ আঁৰৰ মূল বিশ্বাসসমূহ হ’ল:

দৰিদ্ৰতা আৰু নেতিবাচকতাৰ অন্ত: ঝাড়ুৱে যেনেকৈ ঘৰৰ ধূলি-মাকতি আৰু আৱৰ্জনা দূৰ কৰে, তেনেকৈ ই ঘৰৰ পৰা 'অলক্ষ্মী'ক (অৰ্থাৎ দৰিদ্ৰতা, খং-ৰাগ আৰু কন্দল) সোপাই বাহিৰ কৰি দিয়ে বুলি বিশ্বাস কৰা হয়।

শুভ আগমনৰ প্ৰস্তুতি: ধনতেৰছৰ পৰাই দীপাৱলীৰ আৰম্ভণি ঘটে। এটা প্ৰচলিত ধাৰণা আছে যে দেৱী লক্ষ্মী কেৱল সেইবোৰ ঘৰলৈহে আহে যিবোৰ ঘৰ পৰিষ্কাৰ আৰু পোহৰ হৈ থাকে। সেয়েহে, ঘৰখন নতুনকৈ সজাবলৈ নতুন ঝাড়ু অনাটো অত্যন্ত শুভ বুলি ভবা হয়।

ই বিজ্ঞান নে অন্ধবিশ্বাস? 


       এই পৰম্পৰাক পোনপটীয়াকৈ "অন্ধবিশ্বাস" বুলি উলাই কৰাৰ আগতে ইয়াৰ মনস্তাত্বিক আৰু স্বাস্থ্যসন্মত (Hygienic) দিশটো বুজি লোৱা দৰকাৰ।

স্বাস্থ্য আৰু বিজ্ঞানৰ সংযোগ: ভাৰতত উৎসৱৰ এই বতৰটো সাধাৰণতে ঋতু পৰিৱৰ্তনৰ সময়ত (শৰৎ আৰু শীতৰ সন্ধিক্ষণত) আহে। এই সময়ছোৱাত বতৰ শুকান হোৱাৰ বাবে ধূলি-বালি বাঢ়ে আৰু বিভিন্ন বীজাণু বা মহ-মাখিৰ প্ৰকোপ বৃদ্ধি পায়। ধৰ্ম আৰু উৎসৱৰ চলেৰে গোটেই ঘৰখন নতুন ঝাড়ুৰে চাফ-চিকুণ কৰিলে ঘৰৰ পৰা বীজাণু নাশ হয়। পুৰণি কালত মহামাৰী আদিৰ পৰা বাচিবলৈ এই স্বচ্ছতা অত্যন্ত জৰুৰী আছিল, যিটো আজিও সমানেই প্ৰাসংগিক।

মনস্তাত্বিক প্ৰভাৱ (Psychological Effect): পৰিষ্কাৰ আৰু সুসজ্জিত পৰিৱেশে মানুহৰ মগজুত ধনাত্মক প্ৰভাৱ পেলায়। ঘৰখন চাফা থাকিলে মানসিক চাপ কমে আৰু মনলৈ এক নতুন উদ্যম আহে। 
গতিকে ইয়াক ঠিক অন্ধবিশ্বাস বুলি কোৱা যুগুত নহয়, প্ৰকৃততে ই এক লোক পৰম্পৰাহে।

তেন্তে অন্ধবিশ্বাস কেতিয়া হয়?


যদি কোনোবাই ভাবে যে কাম-বন নকৰাকৈ কেৱল এটা ঝাড়ু কিনি আনি ঘৰৰ চুকত থৈ দিলেই ৰাতিটোৰ ভিতৰতে ভাগ্য সলনি হৈ যাব বা টকাৰ বৰষুণ হ’ব, তেন্তে সেইটো নিশ্চিতভাৱে অন্ধবিশ্বাস। কিন্তু ইয়াক যদি 'স্বচ্ছতা আৰু পবিত্ৰতা'ৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়, তেন্তে ই সম্পূৰ্ণ যুক্তিসংগত বুলি বিবেচিত হ'ব।

বজাৰ আৰু ব্যৱসায়ীসকলৰ ভূমিকা: কিয় ইমান বিক্ৰী হয় ?

ধনতেৰছৰ দিনা আপুনি বজাৰলৈ গ’লে দেখিব যে প্ৰতিখন দোকানতে ঝাড়ুৰ পাহাৰ গঢ়ি উঠিছে। ইয়াৰ আঁৰত আছে এক সুন্দৰ অৰ্থনীতি। সেয়া হ'ল -

চাহিদা আৰু যোগান: যিহেতু কোটি কোটি গ্ৰাহকে এই নিয়মটো মানি চলে, সেয়েহে দোকানীসকলেও লাভৰ উদ্দেশ্যে আৰু গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিবলৈ বৃহৎ পৰিমাণৰ ঝাড়ু মজুত ৰাখে।

সৰ্বসাধাৰণৰ বাবে সুলভ (Affordability): ধনতেৰছত সোণ-ৰূপ বা দামী গাড়ী-বাইক কিনাৰ নিয়ম আছে। কিন্তু সমাজৰ প্ৰতিজন মানুহৰে ইমান সামৰ্থ্য নাথাকে। মাত্ৰ ৫০ বা ১০০ টকা খৰচ কৰি এটা ঝাড়ু ধনী-দুখীয়া সকলোৱেই কিনিব পাৰে। ইয়াৰ ফলত সমাজৰ একেবাৰে নিম্ন শ্ৰেণীৰ মানুহজনেও উৎসৱটোৰ অংশীদাৰ হোৱাৰ আনন্দ লাভ কৰে।

সামৰণি


          সামৰণিত ক’বলৈ গ’লে, ধনতেৰছত ঝাড়ু কিনাৰ এই পৰম্পৰাটো আচলতে সমাজত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্য সজাগতা বজাই ৰখাৰ এক অতি সুন্দৰ প্ৰাচীন ব্যৱস্থা। ধৰ্মৰ আৱৰণ দি ইয়াক আমাৰ সংস্কৃতিৰ সৈতে এনেদৰে সাঙুৰি দিয়া হৈছে যাতে কোনেও ঘৰখন চাফা কৰিবলৈ পাহৰি নাযায়।
        গতিকে এইবাৰ ধনতেৰছত যেতিয়া আপুনি এটা নতুন ঝাড়ু ঘৰলৈ আনিব, তেতিয়া কেৱল ভাগ্য সলনি হোৱাৰ আশাত নহয়, বৰঞ্চ আপোনাৰ পৰিয়ালটোক এক সুস্থ আৰু পৰিষ্কাৰ পৰিৱেশ উপহাৰ দিয়াৰ সংকল্পৰে আনিব।




আপোনালোক সকলোলৈকে ধনতেৰছ আৰু দীপাৱলীৰ আন্তৰিক শুভেচ্ছা থাকিল!

রবিবার, ১ নভেম্বর, ২০২৬

'Great Minds on India’ কিতাপখন কিয় প্ৰতিজন অসমীয়াই পঢ়া উচিত ?

'Great Minds on India’ কিতাপখন কিয় প্ৰতিজন অসমীয়াই পঢ়া উচিত ? 



Great Minds on India’ কিতাপখন কিয় প্ৰতিজন অসমীয়াই পঢ়া উচিত ? আপুনি কিতাপখনৰ সম্পৰ্কে শুনিছে নে ? জানিবলৈ পঢ়ক এই প্ৰৱন্ধটো। ইয়াৰ জৰিয়তে আপুনি জানিব পাৰিব গীতাৰ গুৰুত্ব। 


কিছুদিন আগতে মই বাতৰি কাকতত এখন বিশেষ কিতাপৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। কিতাপখনৰ নাম আছিল ‘Great Minds on India’। এই কিতাপখনে আমাৰ প্ৰাচীন ভাৰতক লৈ থকা মোৰ দৃষ্টিভংগী সলনি কৰি দিলে। গতিকে ভাবিলোঁ কিতাপখনৰ মূল কথাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ । ভাল পালে সম্পূৰ্ণ পঢ়িব। 🙏

অপ্ৰিয় হ'লেও সত্য যে ভাৰতৰ বহু লোকে আধুনিক বিজ্ঞান, প্ৰযুক্তি আৰু দৰ্শনৰ সকলো মহান চিন্তাধাৰা কেৱল পশ্চিমীয়া দেশসমূহৰ পৰাহে অহা বুলি মুকলি বিষেদগাৰ প্ৰকাশ কৰে। কিন্তু আপুনি জানেনে যে আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটি স্থাপন কৰা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী আৰু দাৰ্শনিকসকলে নিজৰ গৱেষণাৰ বাবে ভাৰতৰ প্ৰাচীন ধৰ্মপুথি গীতা আৰু উপনিষদৰ আশ্ৰয় লৈছিল ?

শ্বিলঙ প্ৰদেশৰ বিশিষ্ট গৱেষক আৰু লেখক সলিল গেৱালীৰ বিখ্যাত গ্ৰন্থ ‘Great Minds on India’ গ্ৰন্থত এই সত্যটোকে প্ৰমাণ সহকাৰে আমাৰ সন্মুখলৈ টানি আনিছে । ইয়াৰ জৰিয়তে বেদ উপনিষদ গীতাৰ দৰে গ্ৰন্থ সমূহৰ মহত্ব কিমান তাক সুন্দৰকৈ বুজাই দিছে। সুখবৰ এয়ে যে, অসম চৰকাৰৰ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত এই অমূল্য কিতাপখন এতিয়া অসমীয়া ভাষাতো উপলব্ধ হৈছে। আহক, আজিৰ এই ব্লগত আমি এই বিশেষ কিতাপখনৰ ভিতৰচ’ৰাত কি আছে, তাৰ ওপৰত এক চমু আলোকপাত কৰোঁ।


কিতাপখনৰ উদ্দেশ্য - হীনমন্যতা দূৰীকৰণ


বছৰ বছৰ ধৰি চলোৱা উপনিৱেশিক শাসনৰ বাবে ভাৰতৰ মানুহৰ মাজত নিজৰ প্ৰাচীন সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি এক ধৰণৰ হীনমন্যতা গঢ়ি উঠিছিল। এই হীনমন্যতা মনোভাৱ আতৰোৱাৰ প্ৰচেষ্টাৰে লেখক সলিল গেৱালীয়ে প্ৰায় দুই দশক জোৰা নিৰৱচ্ছিন্ন গৱেষণাৰ অন্তত বিশ্বৰ মহান লোকসকলৰ ডায়েৰী, চিঠি আৰু তেওঁলোকৰ কিতাপৰ পৰা প্ৰমাণিত উদ্ধৃতিসমূহ গোটাই এই গ্ৰন্থখন যুগুত কৰি উলিয়াইছে। যিখন কিতাপৰ মূল উদ্দেশ্যই হৈছে— বিশ্বৰ শ্ৰেষ্ঠ মগজুসমূহৰ দৃষ্টিৰে ভাৰতবৰ্ষৰ প্ৰকৃত মহত্ত্বক পুনৰ আৱিষ্কাৰ কৰি ভাৰতৰ মানুহৰ হীনমন্যতা দূৰ কৰা।

আধুনিক পদাৰ্থ বিজ্ঞান আৰু বেদ-উপনিষদ


সলিল গেৱালিৰ কিতাপখনৰ আটাইতকৈ আমোদজনক দিশটো হ’ল আধুনিক বিজ্ঞানৰ জনকসকলৰ ওপৰত ভাৰতীয় দৰ্শনৰ এৰাব নোৱৰা প্ৰভাৱ। কোৱাণ্টাম মেকানিক্স (Quantum Mechanics) লৈ কাম কৰা বিজ্ঞানীসকলে কেনেকৈ বেদ-উপনিষদৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল, তাক ইয়াত ধুনীয়াকৈ প্ৰমাণ সহকাৰে দেখুওৱা হৈছে। লেখকৰ মতে -

 ক) আৰউইন শ্ৰুডিংগাৰ (Erwin Schrödinger) নামৰ কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ এজন মহান বিজ্ঞানীয়ে মুকলিকৈ স্বীকাৰ কৰিছিল যে তেওঁৰ বৈজ্ঞানি তত্ত্বসমূহৰ বহুলাংশই উপনিষদৰ ‘অদ্বৈত বেদান্ত’ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত।

খ) বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে (Albert Einstein) কৈছিল— "আমি ভাৰতীয়সকলৰ ওচৰত বহু পৰিমাণে ঋণী, কাৰণ তেওঁলোকে আমাক গণনা কৰিবলৈ শিকাইছিল । শূন্যৰ আৱিষ্কাৰ হৈছিল ভাৰতত। ইয়াৰ অবিহনে বৰ্তমান সময়ত কোনো আধুনিক বৈজ্ঞানিক আৱিষ্কাৰ সম্ভৱ নহ’লহেঁতেন।"

গ) ৱাৰ্নাৰ হাইজেনবাৰ্গ (Werner Heisenberg) নামৰ বিজ্ঞানীজনেও স্বীকাৰ কৰিছিল যে ভাৰতীয় দৰ্শন আলোচনা কৰাৰ পিছতহে তেওঁৰ বাবে কোৱাণ্টাম পদাৰ্থ বিজ্ঞানৰ জটিল আৰু অদ্ভুত সূত্ৰসমূহ বুজি পোৱাটো সহজ হৈ পৰিছিল।


পশ্চিমীয়া দাৰ্শনিক আৰু সাহিত্যিকসকলৰ দৃষ্টিত ভাৰত :


 বিজ্ঞানী সমাজৰ লগতে, বিশ্ববিখ্যাত সাহিত্যিক আৰু সমাজ সংস্কাৰক সকলেও ভাৰতীয় চিন্তাৰ প্ৰতি যে আকৰ্ষিত হৈছিল সেই সম্পৰ্কেও কিতাপখনত ব্যাখ্যা আগবঢ়োৱা হৈছে।   

ক) ফৰাচী দাৰ্শনিক ভল্টেয়াৰে দৃঢ়তাৰে কৈছিল যে জ্যোতিৰ্বিজ্ঞান, জ্যোতিষশাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ আদিভূমি হ’ল ভাৰতবৰ্ষ। 

 খ) আমেৰিকাৰ এজন বিখ্যাত লেখক মাৰ্ক টোৱেইনেও (Mark Twain) ভাৰতক লৈ এনেদৰে লিখিছিল— "ভাৰত হ’ল মানৱ ইতিহাসৰ দোলনা, মানৱ ভাষাৰ জন্মভূমি, ইতিহাসৰ মাতৃ আৰু পৰম্পৰাৰ আইতাক।"

গ) জাৰ্মান দাৰ্শনিক শ্বপেনহাৱা(Arthur Schopenhauer) ৰে উপনিষদক লৈ এনেদৰে কৈছিল— "উপনিষদৰ অধ্যয়নেই মোৰ জীৱনৰ সান্ত্বনা আছিল আৰু ইয়েই মোৰ মৃত্যুৰো সান্ত্বনা হ’ব।"

অসমীয়া সংস্কৰণৰ গুৰুত্ব কিয় ?


       অসম চৰকাৰৰ পৃষ্ঠপোষকতাত বিশিষ্ট লেখক সুৰেন গোস্বামীৰ সাৱলীল অনুবাদ আৰু অচ্যুত পাটোৱাৰীৰ দক্ষ সম্পাদনাৰে প্ৰকাশ পোৱা অসমীয়া সংস্কৰণটোৱে আমাৰ বৌদ্ধিক সমাজৰ বাবে এক ডাঙৰ উপহাৰ হিচাপে বিবেচিত। অতি সহজ-সৰল ভাষা ব্যৱহাৰ কৰাৰ বাবে স্কুল-কলেজৰ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ গৱেষকসকললৈকে সকলোৱে যে এই কিতাপখন পঢ়ি আমোদ পাব সেয়া ধ্ৰুৱসত্য।

সামৰণি


       সামগ্ৰিকভাৱে ক’বলৈ গ’লে, ‘Great Minds on India’ কেৱল এখন কিতাপ নহয়, ই আমাৰ হেৰাই যোৱা আত্মগৌৰৱ , ঘূৰাই অনাৰ এটা মাধ্যম বুলি ক'লেও অত্যুক্তি কৰা নহ'ব কিজানি। কিতাপখনে আমাক সোঁৱৰাই দিয়ে যে ভাৰতৰ প্ৰাচীন গ্ৰন্থসমূহ কেৱল ধৰ্মীয় ৰীতি-নীতিৰ মাজতে সীমাবদ্ধ নহয়, ইয়াৰ মাজত বিজ্ঞান আৰু মানৱীয় চেতনাৰ এক বিশাল উৎস লুকাই আছে। প্ৰতিজন সচেতন পাঠক তথা শিক্ষাৰ্থীৰ সংগ্ৰহত থাকিবলগীয়া এইখন এখন সঁচাকৈয়ে অপৰিহাৰ্য গ্ৰন্থ।



       প্ৰৱন্ধটো পঢ়ি ভাল পালে Comment কৰিব আৰু Share কৰি নপঢ়াজনক পঢ়িবলৈ সুবিধা কৰি দিব।🙏

Featured post

ভৱিষ্যতৰ কৰ্মক্ষেত্ৰত AI আৰু ৰবট: সুবিধা নে অসুবিধা ?

ভৱিষ্যতৰ কৰ্মক্ষেত্ৰত AI আৰু ৰবট: সুবিধা নে অসুবিধা ? ফটো: AI সহায়ত সৃষ্ট।          বৰ্তমান বিশ্বত আটাইতকৈ বেছি চৰ্চিত বিষয়টোৱ...

Popular posts