Friday, April 30, 2021

জীৱনৰ আকাংক্ষিত বস্তু কিদৰে পাব পাৰি ? চাওঁক ইয়াৰ সপক্ষে পাঁচটা কৌশল।

জীৱনৰ আকাংক্ষিত বস্তু লাভৰ কৌশল:

    জীৱন বৰ অনুপম। কিন্তু জীৱনৰ আকাংক্ষিত বস্তু সময়ত নাপালে জীৱন হৈ পৰে দুৰ্বিসহ। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কিছুমান অভ্যাস জীৱনত গঢ় দিব লাগিব। যিয়ে জীৱন সুন্দৰ আৰু আনন্দময় হোৱাত সহায় কৰিব। জীৱন যুঁজত সঠিককৈ আগুৱাই যাব হ'লে অনুপ্ৰেৰণাও প্ৰয়োজন আছে। কিন্তু অনুপ্ৰেৰণাৰ ওপৰত খুব বেছি নিৰ্ভৰশীল হ'ব নালাগে। ইয়াৰ সলনি প্ৰতিশ্ৰুতিবদ্ধ হোৱাটো দৰকাৰ। যিকোনো বিষয়ত প্ৰতিজ্ঞাবদ্ধ হৈ আগবাঢ়িলেহে জীৱনত আকাংক্ষিত লক্ষ্যত উপনীত হ'ব পৰা যায়।

১/ জ্ঞান অৰ্জন কৰিবলৈ শিকক, ফলাফলৰ ওপৰত গুৰুত্ব নিদিব:

   যিকোনো কাম কৰাৰ আগতে ফলাফলৰ ওপৰত গুৰুত্ব দিয়া উচিত নহয়। কামটো নিয়াৰিকৈ কৰি যাবলৈ যত্ন কৰিব লাগে। অসমীয়াত কথা এষাৰ আছে- 'যত্ন কৰিলে ৰত্ন পায়'। ইয়াত অৱশ্যে অনুপ্ৰেৰণাই অনুঘটক হিচাপে কাম কৰে। যদি আপুনি আৱিষ্কাৰ, উন্নতি, অন্বেষণ আৰু পৰীক্ষা নিৰীক্ষাৰ উত্তেজনাৰ ওপৰত গুৰুত্ব দিয়ে, তেতিয়া আপোনাক অনুপ্ৰেৰণাই সদায়ে ইন্ধন যোগাব। আকৌ যদি আপুনি কেৱল ফলাফলৰ ওপৰত গুৰুত্ব দিয়ে তেন্তে আপোনাৰ অনুপ্ৰেৰণা হৈ পৰিব বতৰৰ দৰে-- ধুমুহাৰ আঘাত সহিব নোৱাৰি আপোনাৰ লক্ষ্য মুহূৰ্ত্ততে মৰি যাব। গতিকে আচল কথাটো হ'ল যাত্ৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত, গন্তব্যস্থলৰ ওপৰত নহয়। আপুনি জীৱনৰ বাটত কি শিকি আছে আৰু আপুনি কি উন্নত কৰিব প্ৰয়োজনবোধ কৰিছে তাৰ ওপৰত চিন্তা কৰা উচিত।

২/ প্ৰতিশ্ৰুতি বা প্ৰতিজ্ঞাৰ ওপৰত গুৰুত্ব দিয়ক, অনুপ্ৰেৰণাৰ ওপৰত নহয় :


    আপুনি আপোনাৰ লক্ষ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হয়নে ? এই ক্ষেত্ৰত আপুনি কিমান সক্ৰিয় ? আপোনাৰ প্ৰতিশ্ৰুতি আপুনি কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে আৰু ইয়াক প্ৰাপ্ত কৰিবলৈ আপুনি কি ত্যাগ কৰিবলৈ ইচ্ছুক ? যদি আপুনি নিজকেে সম্পূৰ্ণৰূপে  প্ৰতিজ্ঞাবদ্ধ বুলি ভাবে, তেতিয়াহে অনুপ্ৰেৰণাক অনুসৰণ কৰিব। সেয়েহে কৈছোঁ- প্ৰতিশ্ৰুতি ওপৰত গুৰুত্ব দিয়ক, অনুপ্ৰেৰণা ওপৰত নহয়।

৩/ আপোনাৰ কল্পনা শক্তি প্ৰয়োগ কৰক:

    
    নেতিবাচক চিন্তাৰ পৰা পৰিত্ৰাণ পোৱাৰ পিছত পৰৱৰ্তী পদক্ষেপ হৈছে আপোনাৰ কল্পনা শক্তি ব্যৱহাৰ কৰা।যেতিয়া বস্তুবোৰ ভালদৰে প্ৰাপ্ত হয়, সেইবোৰ আপোনা-আপুনি ইতিবাচক শক্তিৰে পৰিপূৰ্ণ হয় আৰু যেতিয়া আপুনি অসুবিধাৰ সন্মুখীন হয়, তেতিয়া আপুনি অধিক উদ্যমেৰে আগবাঢ়িব লাগিব। গতিকে আপুনি আপোনাৰ পৰিৱেশ আৰু পৰিস্থিতি নিজে সলনি কৰাৰ পক্ষপাতী হ'ব লাগিব। যদি আপুনি "'মই মোৰ বেয়া কামক ঘৃণা কৰোঁ" বুলি পুনৰাবৃত্তি কৰি থাকে, তেন্তে এই শব্দবোৰে কোনবোৰ অনুভূতি সৃষ্টি কৰিব পাৰে আপুনি অনুমান কৰকচোন ? এইটো কল্পনাৰ বিষয়। আপুনি আটাইতকৈ আমনিদায়ক কামটোৰ সম্পৰ্কে , পৃথিৱীৰ আটাইতকৈ বেয়া লোকজনৰ পৰা কেনেকৈ ভাল আৰু আনন্দময় কৰি তোলিব পাৰি তাক শিকাৰ উপায় বিচাৰি পাব পাৰে। মোৰ আপোনাৰ বাবে পৰামৰ্শ হ'ল মাত্ৰ তিনি চাৰিদিনৰ বাবে ইতিবাচক কথাবোৰ গভীৰভাৱে চিন্তা কবক আৰু কঁওক। ইয়াৰ পিছত কি হয় নিৰীক্ষণ কৰি চাওঁক ।

৪/নিজক অহংকাৰৰ পৰা বিৰত ৰাখক আৰু নিজকে ভাল ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থাকক:


জীৱনত কেতিয়াও অহংকাৰ মনোভাৱ নানিব। আপুনি এখোজ আগুৱাই গ'লে, অহংকাৰে দুখোজ পিছুৱাই নিয়ে। অনুপ্ৰেৰণাই জীৱন বুলি ভাবি থকা উচিত নহয়। অনুপ্ৰেৰণাৰ অৰ্থ হ'ল কাৰ্য আৰু কাৰ্যই আমাক ফলাফল আনি দিয়ে। কেতিয়াবা আপোনাৰ কামবোৰে আপুনি বিচৰা অনুসৰি ফলাফল আনিবলৈ ব্যৰ্থ হয়। গতিকে নিজৰ সৈতে ভাল ব্যৱহাৰ কৰিব নালাগে আৰু নিজকে কঠিন পৰিস্থিতিত কিদৰে মোকাবিলা কৰিব লাগে সেই সম্পৰ্কে সজাগ সচেতন হোৱা প্ৰয়োজন। সঠিক সময়ৰ বাবে অপেক্ষা কৰি নাথাকিব, এটা সুযোগ আহিব বুলি আশা কৰি থাকি সময় অপব্যয় কৰা অনুচিত।সময়ত কামটো হৈ নুঠিলে তেতিয়া জীৱনত স্থবিৰতা আহিব আৰু কেতিয়াবা জীৱনটো হতাশাৰে চানি ধৰিব। এনে পৰিস্থিতি আৰু পৰিৱেশৰ পৰা নিজকে উলিয়াই আনক আৰু জীৱনটো প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰক। দেখিব আপুনি ধীৰে ধীৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে।

৫/পৰনিৰ্ভৰশীল মনোভাৱ ত্যাগ কৰক:


   আপুনি কেতিয়াও আশা কৰা উচিত নহয় যে আনে আপোনাৰ বাবে কামটো কৰি দিব, আনকি আপোনাৰ সঙ্গী , বন্ধু-বান্ধৱ , শুভাকাংশী আদিৰ পৰাও বেছি আশা কৰা উচিত নহয়। তেওঁলোকে প্ৰত্যেকে নিজৰ প্ৰয়োজনীয়তাত ব্যস্ত থাকে, কাৰণ সিহঁতৰো আপোনাৰ দৰে সমস্যা আছে। আনকি আন কোনেও আপোনাক সুখী কৰিব নোৱাৰে নতুবা আপোনাৰ বাবে আপোনাৰ লক্ষ্য প্ৰাপ্তত সক্ৰিয় সহযোগ কৰিব নোৱাৰে। জীৱনৰ সমস্ত সফলতা কেৱল আপোনাৰ ওপৰত নিৰ্ভৰশীল।

৬/ বিভ্ৰান্তিমূলক চিন্তা চৰ্চা নকৰিব :


বিভ্ৰান্তিমূলক চিন্তা মনলৈ অনা উচিত নহয়। অৰ্থহীন বস্তু আৰু বিভ্ৰান্তিমূলক চিন্তা চৰ্চাই সদায়ে আপোনাৰ পথত হেঙাৰ হৈ থিয় দিয়ে। বিশেষকৈ নতুন প্ৰত্যাহ্বানমূলক আৰু অৰ্থপূৰ্ণ প্ৰকল্পৰ ওপৰত গুৰুত্ব দিয়াৰ সলনি আপুনি কৰিব বিচৰা সেই সহজ, সচৰাচৰ কামবোৰৰ ওপৰত মনোনিবেশ কৰিবলৈ ল'লে আপোনাৰ দুয়োটা কামেই অসম্পূৰ্ণ হৈ পৰি ৰব। সেয়েহে জীৱনত উদ্ভৱ হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত অধ্যয়ন কৰক আৰু গুৰুত্ব দিবলৈ শিকক। কোনবোৰ কামে সময় অপচয় কৰে, সেই সময় অপচয়কাৰীৰ এখন তালিকা প্ৰস্তুত কৰক আৰু সেইবোৰ দুনাই নকৰিবৰ বাবে নিজকে দায়বদ্ধ কৰক।

৭/ কামৰ পৰিকল্পনা কৰক :


আপুনি সদায় আপোনাৰ তিনিখোজ আগলৈকে জনা উচিত। ইয়াতকৈ অধিক প্ৰয়োজন নিশ্চয় নাই। আপুনি জীৱনত কেতিয়া কি কৰ্ম কৰিব আৰু কেনেকৈ আগবাঢ়িব আদি উল্লেখ কৰি আপোনাৰ সাপ্তাহিক বা মাসিক কেলেণ্ডাৰ সঠিককৈ পূৰণ কৰি লওঁক । কাৰ্যক্ৰমণিকা তৈয়াৰ কৰিবলৈ প্ৰয়াস কৰক। কেতিয়া কি গুৰুত্বপূৰ্ণ তাক চিনাক্ত কৰক আৰু লিপিৱদ্ধ কৰক। আপুনি জীৱনত যি শিকিছিল সেইবোৰ স্মৰণ কৰক আৰু পৰ্যালোচনা কৰক, ইয়াৰ পৰা আপুনি কি উন্নত কৰিব ইচ্ছুক নিৰ্দিষ্ট কৰক আৰু ভুলবোৰ সংশোধন কৰি আগবাঢ়ক। দেখিব লাহে লাহে হতাশাৰ বেলি লহিয়াইছে আৰু তাৰ বিপৰীতে সফলতাৰ জ্যোতিষ্কই জীৱনৰ চৌদিশ জ্যোতিস্মান কৰিিতুলিছে।

 
  অভিজ্ঞতাৰ সফল প্ৰয়োগৰ ফলত আপুনি যিকোনো প্ৰত্যাহ্বানকো নেওচি জীৱনৰ বাটত আগুৱাই যাব পাৰে। গতিকে আপুনি যি শিকিছে সেয়া কামত লগাবলৈ সিদ্ধান্ত কৰক। ভাবক জীৱন এখন যুদ্ধ। যুদ্ধত হৰা জিকা আছে। সেয়েহে ফলাফল নিচিন্তি আগবাঢ়ক, কেৱল আগবাঢ়ক সন্মুখলৈ...!! 


   



লেখাটো পঢ়িচোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। আশা কৰোঁ আপুনি ইয়াৰ পৰা কিবা এটা বুজিবলৈ সক্ষম হৈছে। 


   অনুগ্ৰহ কৰি ব্লগত গৈ মন্তব্য আগবঢ়াব আৰু চেয়াৰ,চাবচক্ৰাইব কৰি উৎসাহিত কৰিব।





------------------------------------------------------------------

Tuesday, April 27, 2021

Tips of happiness life | সুখী জীৱনৰ উপায়

    সুখী জীৱনৰ উপায়: 

    
    জীৱনত এনেয়ে সুখ নাহে। সুখ আহিবৰ বাবে আমি কিছুক্ষেত্ৰত প্ৰয়াস কৰিব লাগিব। কিছুমান কঠোৰ নীতি নিয়ম মানি চলিব লাগিব। পৰিশ্ৰম, অধ্যৱসায়, ধৈৰ্য, সন্তুষ্টি, নিদ্ৰা আদি কাৰকৰ ওপৰত জীৱনৰ প্ৰতিটো ক্ষণ নিৰ্ভৰশীল। শাৰীৰিক, মানসিক , আধ্যাত্মিক অনুশীলনৰ ফলত মনক সন্তুষ্ট কৰি ৰাখিব লাগে। ইজনে সিজনক মৰম স্নেহৰ ক্ৰমবিনিময় কৰিব ইচ্ছুক হ'ব লাগিব। জীৱন এৰা-ধৰাৰ মাজেৰে সহনশীলতাৰে আগুৱাই নিব যত্ন কৰিব লাগিব।তেহে জীৱনত সুখৰ মন্দাকিনী ব'ব । সুখী জীৱনৰ বাবে তলত দহটা টিপচ আগবঢ়োৱা হ'ল। 

১) সন্তুষ্টিৰে আৰু ধীৰে ধীৰে খাদ্য গ্ৰহণ কৰক:


    প্ৰতিদিনে প্ৰতিসাঁজ আহাৰ খাওঁতে আপোনাৰ মন:পুত নহ’বও পাৰে। আপুনি বিচৰা ধৰণে খাই ভাল লগা ব্যঞ্জন প্ৰতিদিনৰ আহাৰত নাপাবও পাৰে। এজন মানুহে তেতিয়াহে সুখ অনুভৱ কৰে, যেতিয়া তেওঁ দুখৰ মুখামুখি হয়। একেদৰে সুস্বাদু আহাৰ প্ৰতিদিনে গ্ৰহণ কৰি থাকিলে আহাৰ গ্ৰহণৰ তৃপ্তি নোপোৱা হ’ল। সেয়ে কেতিয়াবা অতি সাধাৰণ খাদ্যও সন্তষ্টিৰে গ্ৰহণ কৰা উচিত। বিভিন্ন অধ্যয়নৰ পৰা এই কথা প্ৰমাণ হৈছে যে আহাৰৰ প্ৰতি যেতিয়া মানুহৰ আগ্ৰহ কমি যায়, তেতিয়া জোৰ কৰি আহাৰ খোৱা অনুচিত। আপুনি এই কথাটো নিজৰ সন্তানৰ ক্ষেত্ৰত প্ৰয়োগ কৰি চাবচোন। সিহঁতে কেতিয়াবা একেবাৰে খাব নিবিচাৰে। সেই কথাটোত গুৰুত্ব নিদি আপুনি সিহঁতক খাবলৈ নিদিলে সিহঁতক এটা সময়ত আপোনা-আপুনি খাবলৈ বিচাৰে। খাদ্য-দৰ্শনৰ সুত্ৰ মতেও এই কথা প্ৰমাণ হৈছে যে চকুৰে বেয়া লগা খাদ্য গ্ৰহণেও মানুহক সুখী কৰাত সহায় কৰে।

২) সু-স্বাস্থ্যৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী খাওক: 

আমাৰ শৰীৰটো চাফা কৰি ৰখাত পানীয়ে যথেষ্ট সহায় কৰে। আমি নজনাকৈয়ে পানীয়ে আমাক শক্তি যোগায় আৰু মানসিক সজাগতা বৃদ্ধি কৰে। পানী কম খোৱাৰ এটা সাধাৰণ প্ৰমাণ হ’ল প্ৰস্ৰাৱৰ বৰণ। শেঁতা হালধীয়া প্ৰস্ৰাৱ হ’লে জানিব যে আপোনাৰ পানী খোৱা কম হৈছে। শৰীৰ সুস্থ কৰি ৰাখিবলৈ যথেষ্ট পানী খাওক।

৩) মনোযোগ আৰু ইচ্ছাৰে দৈনন্দিন কাম-কাজ কৰিবলৈ শিকক:


    নিজৰ কাম নিজে নিয়াৰিকৈ কৰিবলৈ প্ৰয়াস কৰক। আনৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ কাম কাজ কেতিয়াও খেয়ালী মনেৰে কৰিবলৈ চেষ্টা নকৰিব। কামত সন্তুষ্টি পালেহে মনৰ সন্তুষ্টি লাভ কৰিব পৰা যায়। খুব খৰকৈ বা খুব লাহে লাহে কাম নকৰি এটা নিৰ্দিষ্ট গতিত নিজৰ কাম সমাপন কৰি সুখী হ’বলৈ চেষ্টা কৰক। 

৪) প্ৰকৃতিৰ আমেজ উপলব্ধি কৰিবলৈ শিকক: 


বাৰিষাৰ বৰষুণত বিৰক্ত হোৱা অথবা শীতৰ ঠাণ্ডাত অতিষ্ঠ হৈ নিজৰ মন বেয়া নকৰিব। বতৰৰ এই পৰিৱৰ্তনবোৰ আনন্দ মনেৰে গ্ৰহণ কৰক আৰু শীত কালত ৰ’দত বহি শীতৰ আমেজ লওক। একেদৰে বাৰিষাৰ বতৰত বৰষুণত ছাতি লৈ এপাক ফুৰিও মনৰ আনন্দ উপলব্ধি কৰক।

৫) সঠিক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি যাওক: 



টোপনিয়ে আমাৰ শাৰীৰিক- মানসিক কাৰ্যক্ষমতা বৃদ্ধি কৰে। প্ৰতিদিনে ৮ ঘণ্টা শুবলৈ চেষ্টা কৰক। সময় বেছি পালেও তাতকৈ বেছি বিছনাত শুই নাথাকিব। এই সৰু অভ্যাসটোৱে আপোনাক কৰ্মক্ষম কৰি তুলিব। দিনত শোৱাৰ অভ্যাস থাকিলে আধা ঘণ্টাতকৈ বেছি জিৰণি নল’ব।

৬) নিতৌ খোজ কঢ়াৰ অভ্যাস কৰক:


     খোজ কাঢ়িলে সৰ্বশৰীৰত তাৰ প্ৰভাৱ পৰে। আমাৰ শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি হয় বাবে তাৰ প্ৰভাৱ শৰীৰ আৰু মগজুত পৰে। এই প্ৰভাৱে মন ভাল লগাৰ হৰম’নত ক্ৰিয়া কৰে। সেয়ে প্ৰতিদিনে অন্তত: আধা ঘণ্টা হ’লেও খোজ কাঢ়িব।

৭) কাৰ্যক্ষমতা বৃদ্ধি কৰিবৰ বাবে শাৰীৰিক সক্ৰিয়তা বঢ়াওক

    
    বয়সৰ লগে লগে মানুহৰ শাৰীৰিক সক্ৰিয়তা কমি আহে। এই সক্ৰিয়তা বৃদ্ধি কৰিবৰ বাবে আমি শৰীৰত বয়সে পেলোৱা প্ৰভাৱবোৰ প্ৰতিৰোধ কৰিব লাগে। তাৰ বাবে শৰীৰটো সক্ৰিয় হৈ থকাটো প্ৰয়োজন। এইক্ষেত্ৰত ব্যায়ামে যথেষ্ট প্ৰভাৱ পেলায়। আপোনাৰ জীৱনশৈলীৰ লগত মিলাই নিজে কিছুমান ব্যায়াম পচন্দ কৰি অনুশীলন কৰাৰ অভ্যাস কৰক।

৮) আনৰ প্ৰতি সহানুভুতি আৰু দয়ালু হওক: 


    আনৰ দুখত দুখী হ’ব পৰাটো আৰু আনৰ সুখত সুখী হ’ব পৰাটো মানুহৰ মহৎ গুণ। এই গুণ আপুনিও আহৰণ কৰিবলৈ চেষ্টা কৰক। সপ্তাহৰ এসাঁজ আনক খুৱাই যি মানসিক তৃপ্তি লাভ কৰিব তাক শব্দৰে ব্যাখ্যা কৰিব নোৱাৰি।

৯)পৰিয়ালৰ লগত ফুৰ্তি-তামাচাৰে সময় কটাওক:



     আপুনি যিমানেই ব্যস্ত নহওক কিয়, পৰিয়ালক কিছু সময় দিয়াটো অতি জৰুৰী। পৰিয়ালৰ সকলোৱে যেতিয়া সুখী অনুভৱ কৰিব, তাৰ প্ৰভাৱ আপোনাৰ ওপৰতো পৰিব।

১০) আনক উৎসাহ দিবলৈ চেষ্টা কৰক: 


    আধুনিক জীৱনত কিছুমান কথা জটিল। সেয়ে কিছুমান নেতিবাচক দিশ আওকাণ কৰি ইতিবাচক চিন্তাৰ ওপৰত বেছি মনোযোগ দিব। ভাল কাম দেখিলে সদায় উৎসাহ দিব আৰু আপুনি যে সেই কথাত সুখী অনুভৱ কৰিছে সেই কথা আনক বুজাবলৈ চেষ্টা কৰিব ।


     জীৱন বৰ সুন্দৰ আৰু অনুপম। ইয়াক ৰুষ্ট প্ৰকৃতিৰ মন মগজুৰ সমাহাৰ বুলি ভবা উচিত নহয়। জীৱনৰ প্ৰতিটো ক্ষণ অবাবত বিনষ্ট কৰা অনুচিত। সতেজ মনোভাৱ জগাই তোলাৰ চেষ্টা কৰিব লাগে ইয়ে মানুহৰ মনলৈ সুচিন্তা, ধনাত্মক মনোভাৱ কঢ়িয়াই অনাত সহায় কৰে। 



প্ৰৱন্ধ টো ধৈৰ্যৰে পঢ়ি ছোৱাৰ হেতুকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।



লেখক : দুদুল সোণোৱাল ।



Sunday, April 25, 2021

Application of mathematics in Language | ভাষাত গণিতৰ প্ৰয়োগ ।

ভাষাত গণিতৰ প্ৰয়োগ

  
    

        ভাষাত সংখ্যাৰ জৰিয়তে কিছুমান গভীৰ অৰ্থনিহিত বাক্যাংশ বা জতুৱা ঠাঁচ প্ৰকাশ কৰা হয়। সংখ্যাবিলাকক বিভিন্ন প্ৰকাৰে প্ৰয়োগ কৰি সাৰুৱা শব্দৰ সমষ্টিলৈ ৰূপান্তৰ কৰিব পৰা যায়। আমি দৈনন্দিন জীৱনত সচৰাচৰ ব্যৱহাৰ কৰা কেইটামান সাংখ্যিক জতুৱা ঠাঁচ ইয়াত উল্লেখ কৰিলোঁ আৰু ইয়াৰ সংক্ষিপ্ত ৰূপত বৰ্ণনা আগবঢ়াবলৈ প্ৰয়াস কৰিলোঁ। 


1. সাতে পাঁচে বাৰ হয় : (সত্যতাৰ অৰ্থত )


   সাত আৰু পাঁচ যোগ কৰিলে আমি বাৰ ( ১২) পাওঁ। অৰ্থাৎ ৭ + ৫ = ১২  ।  কেৱল সাত বা পাঁচেৰে কেতিয়াও বাৰ হ'ব নোৱাৰে। ই অসম্ভৱ কথা। আনহাতে ই গণিতৰ পৰিপন্থী হ'ব। একেদৰে কোনো দুজন মানুহৰ মাজত কাজিয়া সৃষ্টি হ'লে কেৱল এজনৰ ভুল নহয়, দুয়োজনৰ ভুলৰ পৰিণতিত কাজিয়া সৃষ্টি হয়। গতিকে কেৱল এজনক দোষীব নোৱাৰে। এজনৰ দোষ কম হ'লে আনজনৰ বেছি হ'ব। অসমীয়া ভাষাৰ প্ৰবচন 'এক হাতে তালি নাবাজে।' ৰ লগত ইয়াৰ অৰ্থ সদৃশ হ'ব যেন লাগে। কামৰ ক্ষেত্ৰটো এই খণ্ডবাক্য ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ এজনে কৰিব নোৱাৰা কাম এটা, দুজন লগলাগি সহজে সমাধা কৰিব পাৰি। গতিকে উল্লেখিত সাংখ্যিক জতুৱা ঠাঁচটোৱে এই অৰ্থকে প্ৰতিপন্ন কৰিছে যে যিকোনো ঘটনাৰ ক্ষেত্ৰত দুটা কাৰকে ক্ৰিয়া কৰে যাক দুটা গৌণ কাৰক বুলি ক'ব পাৰোঁ আৰু এই দুটা কাৰকৰ সংমিশ্ৰণৰ ফলত যি কাৰকৰ সৃষ্টি হয় সেয়াই হৈছে মুখ্য কাৰক। 


2. চাৰি পাঁচৰ পুৰণ কেতিয়াও ন নহয় : ( শত্ৰু-মিত্ৰৰ সম্পৰ্কৰ কথা কোৱা হৈছে)


  চাৰি সংখ্যাৰ লগত পাঁচ পুৰণ কৰিলে কেতিয়াও ন হ'ব নোৱাৰে। অৰ্থাৎ ৪×৫ not equal to ৯ বা ৪ ৰ লগত ৫ পুৰণ কৰিলে ৯ ৰ সমান নহয়। পুৰণ কৰিলে ইহঁতৰ মান বাঢ়ি যায়। একেদৰে মানুহৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ এনেদৰে প্ৰকাশ কৰিব পাৰি-- দুজন ঘোৰ শত্ৰুৰ মাজত মিত্ৰ হোৱাত বৰ অসুবিধা আছে আৰু প্ৰায় মিত্ৰলৈ সিহঁতৰ সম্পৰ্ক উন্নীত হোৱা কাচিৎহে পৰিলক্ষিত হয়। মানুহ দুজনৰ প্ৰত্যেকৰে মনোভাৱ সম্পূৰ্ণ পৃথক হ'লেহে এনে হয়। অসমীয়াত এনে দুজন মানুহক 'কুকুৰ আৰু মেকুৰী'ৰ লগত তুলনা কৰা হয়। এনে অৰ্থ প্ৰকাশ কৰি বিপক্ষক ক'বৰ বাবে বা মন্তব্য আগবঢ়াবৰ বাবে এই সাংখ্যিক জতুৱা ঠাঁচ প্ৰয়োগ কৰিব পৰা যায়।

3. উনৈশত বা বুলাই ফুৰা: ( যৌৱনৰ বয়সত মতলীয়া হোৱাা বা লাহ বিলাসত বা আনন্দত ঘূৰি ফুৰা। )

   ১৯ বছৰ বয়স যৌৱনৰ মুখ্য সময়। এই সময়ছোৱাত সাধাৰণতে ল'ৰা-ছোৱালী যৌৱনৰ বা লাগি মতলীয়া হৈ থাকে।যি মন যায় তাকে কৰিব বিচাৰে। বিভিন্ন সুগন্ধি দ্ৰব্য বা প্ৰসাধন শৰীৰত লগাই ভাল পায়। সুন্দৰ সাজ-পোছাক পিন্ধি বন্ধুবৰ্গৰ সৈতে যেনি-তেনি উলাই গা-ঘেলাই ফুৰিবলৈ ভাল পায়, প্ৰেমিক প্ৰেমিকাৰ ৰূপত ঘুৰি ফুৰিবলৈ ইচ্ছা কৰে... ইত্যাদি। সেয়েহে খুব বেছি মতলীয়া হৈ সৰু বা বয়োজেষ্ঠ্য এজনে অনাই বনাই ঘূৰি ফুৰিলে এই জতুৱা ঠাঁচেৰে ৰিজনি দিয়া হয়। ল'ৰাজনক বা বয়োজেষ্ঠ্যজনক এই আপ্ত বাক্যৰে লাজ দিবলৈ প্ৰকৃততে প্ৰয়োগ কৰা হয়।




   এনেদৰে সংখ্যাক সাঙুৰি বিভিন্ন ধৰণৰ জতুৱা ঠাঁচ আগৰে পৰা সমাজত প্ৰচলিত হৈ আহিছে। আমাৰ ছাত্ৰ ছাত্ৰী সকলে এনেধৰণৰ জতুৱা ঠাঁচবোৰ বিভিন্ন গ্ৰন্থত বিচাৰিলে পাব। নিজৰ বিচাৰ বিশ্লেষণৰ জৰিয়তেও নিজে সংখ্যাৰ জতুৱা ঠাঁচ গঠন কৰিব পৰা যায়।


সোণোৱাল কছাৰী সকলৰ  হুঁচৰি গোৱাৰ দৃশ্য  

               বিহু পৰম্পৰাগ 


সংক্ষিপ্ত প্ৰৱন্ধটো পঢ়িছোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো। 









লেখক : দুদুল সোণোৱাল।



   

Tuesday, April 20, 2021

ভূত যদি নাই ভগৱানো নাই

' ভূত যদি নাই ভগৱানো নাই ' 


     স্বনামধন্য কবি নীলিম কুমাৰ ডাঙৰীয়াই লিখিছিল ' ভূত যদি নাই ভগৱানো নাই' শীৰ্ষক এটা কবিতা। দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা কবিতাটোৰ সম্পৰ্কত বহু বহু ধৰণৰ মন্তব্য আগবঢ়াইছিল। ময়ো লিখিছিলোঁ কিন্তু কাকতলৈ পঠিওৱা নহ'ল। বহীবোৰ খুচুৰি ফুৰোতে হঠাতে দেখা পালোঁ এই লেখাটো । ৰাইজলৈ পঢ়িবলৈ উলিয়াই দিবলৈ মন গ'ল । 
      ভূত আছে নে নাই নাজানো কিন্তু কিবা এটা যেন অদৃশ্য শক্তি আছে যাক আমি ভূত বুলি অভিহিত কৰোঁ। ভগৱান যিদৰে অদৃশ্যমান, ভূতকো অদৃশ্যমান শক্তি বুলিয়ে ভবা হয়। পাৰ্থক্য কেৱল উভয়ৰে শক্তিৰ মাজত। এটা অপশক্তি আৰু আনটো সুশক্তি। 
     ভূতৰ সপক্ষে দূটামান স্বচক্ষুৰে প্ৰত্যক্ষ কৰা বিশ্বাসযোগ্য ঘটনা যেন অনুভৱ কৰি ইয়াৰ সম্পৰ্কে সংক্ষিপ্তৰূপত দাঙি ধৰিলো।

     প্ৰথম ঘটনা

     ১৯৮৮-৮৯ চন মানৰ কথা। আমাৰ আবাস গৃহ বাঁহ আৰু কাঠেৰে নিৰ্মিত। নৰাখেৰৰ চাল । প্ৰতি খন দুৱাৰ বাঁহেৰে তৈয়াৰী আৰু ৰাতি ভিতৰৰ পৰা এডাল ডাংৰে ভেজা দি বন্ধ কৰাৰ ব্যৱস্থা আছিল। অমাৱস্যা নিশাৰ ঘটনা। সেই দিনাও একে দৰে দুৱাৰ বন্ধ কৰি ঘৰৰ সকলোৱে শুই পৰিছিল। ৰাতি ঠিক এক বজাৰ ভিতৰত ইমান জোৰেৰে দুৱাৰ খন ঠেলিলে যে ঘৰৰ সকলোৱে সাৰ পাই উঠিলো আৰু ককাইদেউৱে দাখন লৈ বাহিৰলৈ ওলাই আহিল। কিন্তু হেঁচা মৰা আমাৰ কোঠাৰ দুৱাৰ খন খোলাৰ কোনো চিন-মোকামেই নাছিল। পুনৰ দ্বিতীয় এদিন ভূতৰ সদৃশ কাৰ্য চলিল। এনেকৈ তিনি চাৰিদিন হোৱাৰ পিছত আন এটা কাৰ্য হ'ব ধৰিলে। প্ৰথমে ঘৰৰ উত্তৰ দিশৰ মুধচত কিবা এটা বহাৰ শব্দ আৰু গোটেই ঘৰটোত জোকাৰণি  'মেৰেক' কৰি শব্দ হ'ল। ইয়াৰ পিছত শব্দ কৰা বস্তুটো চৰাইৰ দৰে উত্তৰ দিশৰ মুধচৰ পৰা দক্ষিনৰ মুধচলৈ খোজকাঢ়ি আহিছিল আৰু 'মেৰেক' শব্দ সৃষ্টি কৰি কোবত উৰি গুচি গৈছিল। সকলোৱে সাৰপাই আছিলোঁ। কাৰণ আগৰবোৰ ঘটনাৰ পৰা সকলোৰে মনত ভয়ে বাহ সাজিছিল। ইয়াৰ পিছত জোৰেৰে দুৱাৰ ঠেলা শব্দ হৈছিল। 
    এনেদৰে প্ৰায় সপ্তাহ চেৰেক হোৱাৰ পাছত বৌ'ৰ হাতৰ বিষ, জিনজিননি, পিৰপিৰণি, কামোৰণি আদিয়ে দেখা দিছিল। উপায়ন্তৰ হৈ হাঁহখাটীৰ পৰা এজন বেজ অনা হ'ল। লেবাৰ বেজজনৰ নাম আছিল 'বিছা বেজ' । গধূলি সময়ত 'জাকি উঠিল' । বেজজনে প্ৰেতাত্মা মাতিলে আৰু বেজজনে সুধিব দিয়া মতে প্ৰেতাত্মা লম্ভি থকা বেজজনক আমাৰ ককাইদেউয়ে সুধিছিল - দুৱাৰ কোনে ঠেলে আৰু ঘৰৰ মুধচত কি পৰে ? উত্তৰত কৈছিল " এটা তাবিজ পুতি থোৱা আছে। এতিয়া ঘৰৰ ভেঁটিটোত সোমাব বিচাৰিছে।সোমোৱা লগে লগে ঘৰখনৰ সমুলঞ্চে ধ্বংস হ'ব। মন্ত্ৰৰ জৰিয়তে বোলে মানুহ এগৰাকীয়ে দুৱাৰ ঠেলা আৰু মুধচত চৰাই পৰা কাৰ্য কৰোৱাইছে। ভাল হৈ যাব,তাবিজটো দুৱাৰ মুখত আছে" বুলি কৈ ভিতৰৰ পৰা বেজজন উলাই আহিল আৰু তাবিজ থকা ঠাইতে বেহুচ হৈ পৰিল। লগে লগে তাৰ লগৰজনে হাতৰ মুঠিত লৈ থকা চাউল গা'লৈ ছটিয়াই দিছিল আৰু বেজজন চেতনালৈ আহিছিল। ইয়াৰ পিছত এজনক তাবিজটো খান্দিবলৈ দিলে। সঁচাই এটা তাবিজ উলালে দুই ফুটমান তলত।এজন কাগজত থৈ বেজজনে খুলি দেখুৱালে। তাবিজটোত চুলি, ফটা মেখেলা, ব্লাউজ ফটা আদিৰে মেৰিয়াই থোৱা আছিল।বেজজনে জুইত পুৰি পেলাবলৈ কোৱাত তৎক্ষণাৎ পুৰি পেলোৱা হৈছিল।কলা কুকুৰা দান দিয়া হ'ল।বৌ'ৰ হাত-ভৰিৰ বেমাৰ সিদিনাৰ পৰা ভাললৈ আহিছিল আৰু দুৱাৰ ঠেলা বন্ধ হৈছিল।কি আচৰিত ! নিজ চকুৰে প্ৰত্যক্ষ কৰা এই ঘটনাই মোৰ মনত সাঁচ বহুৱায় থৈ গ'ল । ই মোৰ বাবে আজিও ৰহস্যময় হৈ থাকিল।

   দ্বিতীয় ঘটনা

    ২০০১ চনত বিয়া কৰালো। সপ্তাহ দিন পাৰ হৈছেহে মাথোন। তেনেতে হঠাৎ এদিন ৰাতি অকস্মাতে মানুহ গৰাকী ভ্ৰম বকিব ধৰিলে।তাই মানুহৰ মুখলৈ নোচোৱা হ'ল।কি কৰিম কি নকৰিম বুলি ভাবি থাকোঁতে মনত পৰিল ভূতৰ কথা। গতিকে গাঁৱৰে মুলুদাই ঘৰলৈ গলো। তেখেতে এটা দৰৱ দিলে ( তেখেতৰ মতে ভূত খেদা দৰৱ।) দৰৱত আছিল এবিধ বেংছাটি ( নাফুৰ নিচিনা ওপৰত টুপি লগা) শুকান অংশ, ডালিমৰ চাল, কদম গছৰ ছাল আৰু ৰচুন । এইবোৰ মিহলি কৰি খুন্দি ৰসকণ খোৱাব দিছিল আৰু পেটত লগাই দিবলৈ দিহা দিছিল। সেইমতে খুৱাই দিলো আৰু পেটে গাৰে লগাই দিয়া লগে লগে মানুহ গৰাকী এনেদৰে চিত হৈ পৰিল যে সকলোৱে ভয় খাই গ'লো । কিন্তু কি আচৰিত ! এখন্তেক পিছতে নিজে সাৰপাই স্বাভাৱিক ভাৱে উঠিল। তেতিয়া তাই কৈছিল-- "মোৰ কি হৈছিল আৰু পিঠিত কোনে ইমান জোৰেৰে ভুকু-কিল মাৰিছিল ? " বুলি সুধিছিল। ইয়ো মোৰ বাবে ৰহস্যই হৈ থাকিল।

   উপসংহাৰ :
   'তাবিজ'টো কেনেকৈ কৰপৰা আহিল, সেইদিনাৰ পৰা কিয় দুৱাৰ ঠেলা বন্ধ হ'ল বা মুধচত চৰাই সদৃশ বস্তু পৰা বন্ধ হ'ল কিয় ? আদি প্ৰশ্নবোৰৰ উত্তৰ মোৰ হাতত নাই। ঠিক একেদৰে মানুহ গৰাকীক 'দৰৱ বিধ' খুৱাই আৰু পেটে গাৰে লগাই দিয়া পিছত কিয় বা কেনেকৈ ভাল হ'ল । সেয়া মোৰ বাবে আজিও বিৰাট ৰহস্য। মোৰ হাতত ইয়াৰ উত্তৰ নাই। আপোনালোকৰ হাততো নিশ্চয়কৈ ইয়াৰ উত্তৰ নাই। ঘটনা কেইটাই মাত্ৰ উত্তৰ বিহীন কিছুমান প্ৰশ্নৰ জন্ম দি গ'ল। 
    দহজনে হয়তো লেখাটো পঢ়ি ভাবিব যে এইজন ইমান অন্ধবিশ্বাসী। মই আপোনালোকক কঁও যে মই অন্ধবিশ্বাসীও নহয় আৰু ভূতো বিশ্বাস নকৰোঁ।

 এতিয়া আপোনালোকেই ইয়াৰ ৰহস্য কি হ'ব পাৰে কঁওক ? 







পঢ়ি চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মন্তব্য আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।


Wednesday, April 14, 2021

Bihu aaru asomiya somajor prompora | বিহু আৰু অসমীয়া সমাজৰ পৰম্পৰা

আৰম্ভণি:


বিহু অসমৰ জাতীয় উৎসৱ। অতীজৰে পৰা বিহু অসমৰ পৌৰাণিক জনগোষ্ঠীৰ আমঠুস্বৰূপ হিচাপে পৰিগণিত। অসমৰ লোককৃষ্টি বিহুৰ জৰিয়তে আগন্তুক কৃষিৰ প্ৰাচুৰ্যতা, আই বসুমতীৰ উৰ্বৰতা বৃদ্ধি, সমাজৰ পৰা আপদ বিপদ আহুকাল,অসূয়া অপ্ৰীতি হিংসা দ্বেষ খেয়াল কপটতা আদি নাশ , অসমীয়া নৱবৰ্ষৰ প্ৰতি স্বাগতম আদি কামনা কৰি এই উৎসৱ পালন কৰা হয়। চ'ত মাহৰ শেষৰ দিনটোত অৰ্থাৎ সংক্ৰান্তিৰ দিনাখন বহাগ বিহু বা ৰঙালী বিহুৰ আৰম্ভ কৰা হয়। এই বিহু সাত দিন পৰ্যন্ত চলে। ইয়াক বহাগৰ সাত বিহু বুলিও ক'ব পৰা যায়। সাতবিহু হ'ল ক্ৰমে - গৰু বিহু , মানুহ বিহু, গোসাঁইৰ বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু বা চেনেহী বিহু,  চেৰা বিহু ।
  অসমৰ খাটিখোৱা জনগনৰ লগত বিহু সংপৃক্ত। চহা জীৱনৰ বিভিন্ন কাৰ্য বিহুৰ লগত জড়িত হৈ আছে। ৰোৱা তোলা, বোৱা-কটা, তামোল-পাণ, সাজ-পোছাক, বিভিন্ন বাদ্যযন্ত্ৰ, আ-অলংকাৰ, খোৱা-বোৱা আদি কাৰকৰ লগত বিহু ওতঃপ্ৰোতভাৱে জড়িত। অৰ্থাৎ চহা জীৱনৰ উঠাৰ পৰা শুৱালৈকে যিমান কাম হয় সেই কাৰকৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ লগত বিহুৰ সম্বন্ধ আছে। সেয়েহে ক'ব পাৰি যে বিহু অসমৰ খাটি খোৱা লোকসকলৰ হিয়াৰ আমঠুস্বৰূপ লোক উৎসৱ। 
    অসমৰ অসমীয়া জাতিৰ স্বাভিমান বিহুৰ সময় পৰিবৰ্তন হোৱাৰ লগে লগে বহুখিনি পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে। বিহুৰ দৰে স্বতস্ফুৰ্ত উৎসৱত পশ্চিমীয়া সংস্কৃতিৰ সংযোজন ঘটাৰ ফলত বিহুৰ স্বকীয়তা বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে। পূৰ্বপুৰুষৰ উত্তৰাধিকাৰী হিচাপে লাভ কৰা বাপতিসাহোন বিহুক আজি আমি যে সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাই বা নিষ্কলঙ্ক ভাৱে ধৰি ৰাখিব পৰা নাই সেয়া বৰ্তমানৰ বিহুৰ ৰেহৰূপ পৰ্য্যবেক্ষণ কৰিলে বুজিব পৰা যায়। পূৰ্বৰ বিহুৰ যি মৌলিকতা সেয়া বহুখিনি ম্লান পৰিছে। 
   আধুনিকতাৰ চাপে বিহু লোককৃষ্টিক বাৰুকৈয়ে কোঙা কৰি পেলাইছে। আগৰ সাত বিহু এতিয়া বহাগৰ পৰা জেঠ আহাৰলৈ পৰ্যবসিত হ'ল। বিহুৰ ৰীতি-নীতি ,যি পৰম্পৰা সেয়া ধোঁৱাচাঙত উঠিল।

পৰম্পৰা অতীত আৰু বৰ্তমানৰ

পৰম্পৰা অনুসৰি অতীতত গৰুবিহুৰ দিনা গৰু গা ধোৱাবলৈ আগদিনাই চাটমাৰি বনাই সাজু কৰিব লাগে। চাটমাৰিত তলৰ পৰা ওপৰলৈ হালধি, থেকেৰা, বেঙেনা আৰু লাউ সিঙা হয়। এই ধৰণে পুন:পুন: বাৰ সিঙি গৈ শেষত লাউত শেষ কৰিব লাগে। যিহেতু গৰুক গা-ধোৱাঁওতে প্ৰথম লাউ, দ্বিতীয় বেঙেনা, তৃতীয়তে থেকেৰা, চতুৰ্থতে হালধি মাৰি গা-ধোওৱা হয়। গৰু বিহুৰ দিনা ৰাইজে প্ৰত্যেকৰে গৰুবোৰ পথাৰত পানী থকা ঠাইত একগোট কৰে আৰু গাঁৱৰ মুখিয়াল সকলে ভগৱন্তক আৰধনা কৰে আৰু আৰ্শীবদীয়াই গৰুবোৰৰ আগন্তুক দিনবোৰত কোনো অপায় অমংগলৰ ভাগি নহ'বৰ বাবে আৰ্শীবাদ প্ৰদান কৰে। তেখেতসকলে " লাউ খা, বেঙেনা খা, থেকেৰা খা, হালধি খা, দিনক দিনে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু " বুলি কৈ কৈ চাটমাৰিৰ পৰা এৰুৱাই গৰুবোৰক মাৰাৰ মাত্ৰকে আনবিলাকেও নিজৰ গৰু বিচাৰি মাৰিব লাগে। ইয়াৰ পাছত চাটমাৰি এজনে আনএজনৰ লগত সলোৱাৰ নিয়ম আছে। লোকবিশ্বাস আছে যে এনেদৰে সলালে গৰুবিলাকো সমিলমিলেৰে থাকে আৰু সকলোৰে সমানকৈ গৰু গোহালিত বাঢ়ে ।
     কিন্তু আজি আধুনিকতাৰ ধামখুমীয়াত পৰি আমি এই বিলাকৰ বহু নিয়মেই পাহৰি পেলাইছো । এয়া শুভ লক্ষণ নহয়। জাতি এটা মূৰ দাঙি জীয়াই থাকিব হ'লে সেই জাতিৰ কৃষ্টি সংস্কৃতি জীয়াই থাকিব লাগিব। সংস্কৃতি পৰিবৰ্ত্তনশীল হ'ব পাৰে কিন্তু ৰীতি-নীতি কেতিয়াও পৰিবৰ্তনৰ সম্ভৱ নহয়। যিমানেই আধুনিকতা নাহক , বিহুৰ কেতিয়াও পৰিবৰ্তন হ'ব নোৱাৰে। কাৰণ বিহু হ'ল লোক সংস্কৃতি । লোক সংস্কৃতি অপৰিবৰ্তনীয়। এই সম্পৰ্কত স্বনামধন্য লেখক চন্দ্ৰপ্ৰসাদ শইকীয়াই ১৯২৩ চনতে লিখি থৈ গৈছে --" আধুনিক জীৱনৰ বাস্তৱ দৃষ্টিৰে এক সংখ্যক লোকে বিহু সংস্কৃতিৰ আধুনিকীকৰণৰ কথা ভাৱে। কিন্তু সেইটো সম্ভৱ নহয়। পৃথিৱীৰ আন কোনো লোক-সংস্কৃতিৰ পূৰ্ণ আধুনিকীকৰণ অসম্ভৱ। বিহু গীতৰ মাজত আধুনিক কবিতা, গীতৰ দুৰূহ শব্দ সোমোৱাটো অকল্পনীয়। তাজমহলক আধুনিক স্থাপত্যৰ দ্বাৰা সৰ্বাধুনিক অথবা কৰ্ণাটকৰ সূৰ্য মন্দিৰৰ গাত আধুনিক ৰং দি চমকপ্ৰদ কৰাৰ চেষ্টা সম্পূৰ্ণ বৃথা। সম্পূৰ্ণ গাঁৱৰ পৰিৱেশত প্ৰকৃতিৰ অনন্ত শোভাৰ মাজত, বিশাল আকাশৰতলত বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনত এই বিহুৰ জন্ম হৈছিল। স্বভাৱ কবিৰ অলিখিত গীত আৰু লোকবাদ্যৰ মাধ্যমবোৰ প্ৰকৃতিৰ আহ্বানত যুৱক-যুৱতীয়ে নিজৰ হৃদয়ৰ কাহিনী এদিন ইজনে সিজনক নিৱেদন কৰিছিল। আধুনিক সভ্যতাৰ পৰিণামত গাঁৱৰ পৰা নগৰলৈ মানুহৰ প্ৰৱজন ঘটিল আৰু তেনেদৰেই নগৰত প্ৰৱেশ কৰিলে বিহু সংস্কৃতিয়ে। কিন্তু পৃথিৱীৰ সকলো দেশৰ লোকনৃত্য গীতৰ দৰে বিহুও চিৰদিন তাৰ সেই আদিম প্ৰভাৱতেই বাজি থাকিব।" কাজেই বিহুৰ সেই 'আদিম প্ৰভাৱে'ই হ'ল বিহুৰ পৰম্পৰা। সেই পৰম্পৰা আজি অটুট আছে নে বাৰু ?  নতুন প্ৰজন্মৰ কিমানজনে বিহুৰ পৰম্পৰা মানি চলে ? আজি আমাৰ মনত এনে বহু প্ৰশ্নৰ উদয় হৈছে যাৰ উত্তৰ বিৰাট শূণ্য মাথোন।
   'সৰুৱে জেষ্ঠজনক সেৱা কৰা'ৰ মানসিকতা আমাৰ নোহোৱা হৈ গৈ আছে। জেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ নকৰাৰ মানসিকতাই গা কৰি উঠিছে। বৰজনাই বোৱাৰীক চিনি নাপাই, শহুৰেকে বোৱাৰীক চিনি নাপায় ,বোৱাৰীকৰ ওৰণি নাই আদি এশ এবুৰি সমাজৰ বান্ধোন নমনা উতনুৱা স্বভাৱৰ জেষ্ঠ সকলৰ পৰাই যে নতুন প্ৰজন্মই শিক্ষা আহৰণ কৰিব সেয়া ধ্ৰুৱসত্য। সমাজৰ ৰীতি-নীতি যিমানেই সোপাঢিলা হৈ গৈ থাকিব, সিমানেই বিহু বা আন উৎসৱৰ ক্ষেত্ৰতো ৰীতি-নীতি ঢিলা হৈ গৈ থাকিব এয়া অপ্ৰিয় হ'লেও সত্য।
   'হুঁচৰি' বিহু লোক কৃষ্টিৰ মূল হোতা। হুঁচৰি গীত আমি কিমান জনে জানো বা ইয়াৰ সম্পৰ্কে বুজিবলৈ কোনোবাদিনা প্ৰয়াস কৰিছোঁ নে ? গ্ৰাম্য সমাজৰ পৰা নগৰলৈ বা মঞ্চত প্ৰৱেশ কৰা পিছৰ পৰাই হুঁচৰিৰ মূল ভেটিতোও কিছুমান  অপসংস্কৃতিয়ে ছানি ধৰা দেখা গৈছে। হুঁচৰি গীতৰ আগৰ যি গাম্ভীৰ্য্যতা সেয়া কিছু ম্লান পৰাৰ কাৰণ হ'ল ভাষাৰ পৰিবৰ্তন ,সুৰৰ পৰিবৰ্তন আদি। কেছেটৰ বাৰেভচহু চহা জীৱনৰ পৰশ নথকা হুঁচৰি গীতৰ প্ৰয়োভৰে পৰম্পৰাগত ভাবে চলি অহা হুঁচৰি গীতৰ আয়ুস টুটাই আনিছে।
   

বিহু লোক সংস্কৃতিৰ সংৰক্ষণৰ ব্যৱস্থা

বিহু অসমৰ জাতীয় উৎসৱ। যি হাৰত বিহুৰ পৰিবৰ্তন হ'ব ধৰিছে হয়তো এদিন বিহুৰ লগত জড়িত বাদ্য যন্ত্ৰও বিলুপ্ত হ'ব। তাৰ ঠাইত আধুনিকতাৰ স্পৰ্শ আৰু উদ্যোগত নিৰ্মিত বাদ্যইহে ঠাই পাব। আগৰ দিনত কঁঠাল গছৰ কাঠেৰে, চাম গছৰ কাঠেৰে ঢোলৰ খোলাটো নিৰ্মাণ কৰিছিল সম্পূৰ্ণ নিজা চিন্তাৰে । সেয়েহে বিহু গীততো কঁঠাল, আম আদি গছৰ সম্পৰ্কে গায়। কিন্তু আজি বোপা ককাৰ এই সঁচ যেন আমি হেৰুৱাই পেলাইছো। আমি সকলোৱে বিহু সংস্কৃতি জীয়াই ৰাখিব লাগিব। ইয়াৰ লগত জড়িত বিভিন্ন বাদ্য যন্ত্ৰীৰ ব্যৱহাৰ আমি সকলোৱে জনা প্ৰয়োজন আহি পৰিছে। অসমীয়াৰ বিহুৰ নিঁভাজ পৰিৱেশ নতুন প্ৰজন্মই বৰ্তাই ৰাখিবৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰিব লাগিব।

 সামৰণি

অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বহাগ বিহুক বিভিন্ন নামেৰে উৎযাপন কৰা দেখা যায়। বড়ো, কাৰ্বি, দেউৰী, মিচিং, ৰাভা আদি জনগোষ্ঠী সমূহে বিহুক সুকীয়া নামেৰে নামাকৰণ কৰে আৰু বিহু উদযাপন কৰে। কিন্তু যিহলেও বিহু হ'ল লোক সংস্কৃতি। গ্ৰাম্য সমাজৰ চহা লোকৰ পৰশেৰে পূৰ্ণ। আই বসুমতীৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে বিহুত যৌনগন্ধীমূলক বিহুগীত পৰিৱেশন কৰা হয়।
    যিকি নহওঁক বিহু অসমৰ জাতীয় উৎসৱ। অসমীয়াৰ বাপতিসাহোন বিহুক জীয়াই ৰাখিবলৈ আমি ইয়াৰ নীতি নিয়ম, পৰম্পৰা অনুসৰণ কৰিব লাগিব। সংস্কৃতি পৰিবৰ্ত্তনশীল গতিকে বিহু পৰিবৰ্তন হৈছে। যিহেতু বিহুও সংস্কৃতি । বিহু সংস্কৃতি হিচাপে বৈ থাকক, কিন্তু মূল সুঁতিৰে ।তাৰ বাবে সজাগ সচেতন হ'ব লাগিব। মঞ্চ বিহুৰ ফলশ্ৰুতিতে হওঁক বা আন কাৰণতেই হওঁক বিহুৰ স্বকীয়তা নষ্ট হৈছে সেয়া সঁচা কথা। আমাৰ নৱপ্ৰজন্মইও শুদ্ধ খিনি গ্ৰহণৰ চেষ্টা কৰক। আমাক ৰেপ চং বা ৰেপ বিহুৰ প্ৰয়োজন নাই। সেয়া বিহু হ'বই নোৱাৰে। 
  পৰিশেষত আজি ৰঙালী বিহুৰ ওলগ জনালোঁ আপোনাসৱলৈ মোৰ তৰফৰ পৰা। 

বি:দ্ৰ:
লেখনীটো খৰধৰকৈ লিখাৰ বাবে আসোঁৱাহ ৰৈ যাব পাৰে। তাৰ বাবে সুধী সমাজৰ পৰামৰ্শ কামনা কৰিলো। 




Sunday, April 11, 2021

Work education and students participation| বিদ্যালয়ত কৰ্মশিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ

কৰ্মশিক্ষা কি ?

*
**
শিক্ষাৰ উদ্দেশ্য হৈছে শিশুসকলক মহান গুণৰ অধিকাৰী হিচাপে গঢ়ি তোলা। বিভিন্ন দিশত জ্ঞানৱান কৰি সময়ৰ সৈতে তাল মিলাই তোলাৰ লগতে শিশুক আত্মনিৰ্ভৰশীল হ'বলৈ শিক্ষা আহৰণৰ পথ প্ৰশস্ত কৰাই হ'ল শিক্ষাৰ লক্ষ্য। সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাত কৰ্মশিক্ষাকো সামৰি লোৱা হৈছে। যাতে শিশুৱে কৰ্মৰ জৰিয়তে কিছুমান গুণৰ অধিকাৰী হ'ব পাৰে যিবোৰ গুণ নৈতিক শিক্ষা আহৰণ আৰু সমগ্ৰ জীৱন গঢ় দিয়াত সহায়ক হ'ব। শৈশৱতে আৰু কৈশোৰ কালছোৱাতে শিশুৱে কিছুমান নৈতিক গুণৰ অধিকাৰী হোৱাৰ প্ৰয়োজন আছে, যেনে-- সময়ানুবৰ্তীতা, নিয়মানুৱৰ্তীতা , কৰ্তব্যপৰায়ণতা, আত্মসংযম, উদ্যোগীকৰণ, কৰ্মস্পৃহা, দায়িত্ব, ক্ষমতা, সমতা,শ্ৰমৰ প্ৰতি মৰ্যদা, আত্মবিশ্বাস আদি মনোভাৱ বিকাশ ঘটাবলৈ কৰ্মশিক্ষাই সুযোগ প্ৰদান কৰে। কেৱলমাত্ৰ বিদ্যালয়ৰ বিদ্যায়তনিক বিষয়সমূহ অধ্যয়নৰ জৰিয়তে শিশুৰ উল্লেখিত গুণৰ বিকাশ সাধন কৰাটো সম্ভৱপৰ নহয়। এই গুণসমূহৰ বিকাশৰ ক্ষেত্ৰত জড়িত হৈ থকা আন এটা বিষয় হ'ল সহ-বিদ্যায়তণিক দিশ যিয়ে শিশুক বিভিন্ন কৰ্মৰ প্ৰতি আকৰ্ষিত কৰাই আৰু শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সহায়ক ভূমিকা পালন কৰে। এই সহ-বিদ্যায়তণিক দিশৰ বিষয়সমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ বিষয় হ'ল- কৰ্মশিক্ষা (Work Education) । সাধাৰণ অৰ্থত কৰ্মৰ সৈতে জড়িত হৈ অভিজ্ঞতাৰ মাধ্যমেৰে জ্ঞান অৰ্জন কৰা শিক্ষাকে কৰ্মশিক্ষা বুলিব পাৰি। কৰ্মশিক্ষাৰ লগত শিক্ষা আৰু উৎপাদন দুয়োটা শব্দ সাঙোৰ খাই আছে। কৰ্ম অভিজ্ঞতাই ব্যক্তি এজনক নিজকে নিজৰ জীৱনৰ প্ৰতি উপলব্ধি কৰিবলৈ শিকায়। নিত্য নতুন সৃষ্টিৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগায় । ই শিশুৰ দক্ষতা তথা কৌশলী জ্ঞান আয়ত্ত কৰাত সহায় কৰে। সেয়েহে ক'ব পাৰি যে যি শিক্ষাই শিশুক বা ছাত্ৰ-ছাত্ৰী সকলক শিশু অৱস্থাৰ পৰাই সৃজনীমূলক প্ৰতিভা বিকাশৰ লগতে উৎপাদনমুখী মনোভাৱ জগাই তোলে আৰু ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব পাৰে, সেই শিক্ষাকে কৰ্মশিক্ষা বুলি কোৱা হয়।
**

কৰ্মশিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ :


কৰ্মশিক্ষাই ছাত্ৰ-ছাত্ৰীক কৰ্মৰ প্ৰতিি ইচ্ছা বৃদ্ধি কৰাত সহায় কৰে । 'জীৱন'ৰ  গুৰুত্বতাৰ সম্পৰ্কে উপলব্ধি কৰিবলৈ শিকায়। এই দৃষ্টিকোণেৰে ভাবিলে কৰ্মশিক্ষাৰ গুৰুত্ব আছে। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যৰ সম্পৰ্কে অধ্যয়ন কৰিলে ভালদৰে বুজাত সহায় হ'ব বুলি ধাৰণা কৰিব পাৰি। তলত লক্ষ্য আৰু উদ্দেশ্যসমুহ উল্লেখ কৰা হ'ল--
১/ কৰ্মশিক্ষাৰ জৰিয়তে শিশুৰ মানসিক বিকাশ সাধন কৰা। 
২/ সময়ানুবৰ্তীতা আৰু নিয়মানুবৰ্তীতাৰ সম্পৰ্কে জ্ঞান অৰ্জন কৰা।
৩/কৰ্মস্পৃহা বৃদ্ধি কৰা।
৪/ দায়িত্ব, সমতা, শ্ৰমৰ প্ৰতি মৰ্যদা আদি মনোভাৱৰ বিকাশ সাধন।
৫/শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু নৈতিক জ্ঞানৰ বিকাশ ঘটোৱা।
৬/অধ্যৱসায় আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শিকা।

কৰ্মশিক্ষাৰ প্ৰয়োজনীয়তা: 

অতীজৰ শিক্ষাৰ ক্ষেত্ৰৰ সম্পৰ্কে অধ্যয়ন কৰিলে বুজা যায় যে তৎকালীন সময়ত কৰ্মশিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। সৰ্বজনবিদিত যে পূৰ্বতে বিদ্যালয়ক বিদ্যালয় বুলি নকৈ টোলহে বুলিছিল। গুৰুৰ গৃহত থাকি শিষ্যই যি দীক্ষা গ্ৰহণ কৰিছিল সেয়া কৰ্মশিক্ষাৰে অন্য এটা ৰূপ। "হাতে কামে কৰি শিকা" আছিল তেতিয়া শিক্ষাৰ মূল ভেটি। যাক এতিয়া আমি কৰ্মশিক্ষা বুলি অভিহিত কৰিছোঁ। উল্লেখ্য যে গুৰু দ্ৰোণাচাৰ্যৰ শিক্ষা, গুৰু মহেন্দ্ৰ কন্দলিৰ শিক্ষা সমসমায়িক কালৰ কৰ্মশিক্ষাৰ ওপৰত ভিত্তি কৰিয়েই প্ৰচলিত বুলি ইতিহাসে প্ৰমাণ দিয়ে। তেনে আৰু বহু নিদৰ্শন পোৱা যায়। এনে কৰ্মৰ জৰিয়তে প্ৰদান কৰা শিক্ষা সহজে স্হায়ী হয়। কম মেধাৰ শিশুৱেও কামৰ জৰিয়তে বিভিন্ন অভিজ্ঞতা লাভ কৰি বিষয়বস্তুৰ জ্ঞান সহজে আয়ত্ব কৰিব পাৰে। বৰ্তমান পৰিলক্ষিত হয় যে ছাত্ৰ ছাত্ৰীয়ে কাম বা পৰিশ্ৰম কৰিবলৈ ইচ্ছা নকৰে, যিকোনো কামতে এলাহ ভাৱ প্ৰকট কৰে। কৰ্ম বিমুখ মানসিকতা নাশ কৰি কৰ্মৰ প্ৰতি আকৃষ্ট হ'বলৈ এই কৰ্মশিক্ষাই ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা যোগাব। সেয়েহে বৰ্তমান সময়ত বিদ্যালয়ত কৰ্মশিক্ষাৰ প্ৰয়োজনীয়তা একাষাৰে অস্বীকাৰ কৰিব নোৱাৰি।
**

কৰ্মশিক্ষা আৰু বিভিন্ন আয়োগৰ পৰামৰ্শ: 

    কৰ্মশিক্ষাৰ উদ্দেশ্যই হৈছে মানুহক নিজৰ জীৱনৰ সম্পৰ্কে কামৰ জৰিয়তে বুজিবলৈ সামৰ্থ্যতা প্ৰদান কৰা। ১৯৬৬ চনত গঠিত " কোঠাৰী আয়োগেে" লক্ষ্য কৰিছিল যে বুনিয়াদী শিক্ষাৰ উন্নতিৰ বাবে বিশেষ ব‌্যৱস্হাৰ প্ৰয়োজন আছে। সেই অনুসৰি আয়োগে আঁচনিত সন্নিবিষ্ট কৰিছিল যে শিক্ষা আৰু উৎপাদন দুয়োটা এক কৰাৰ পৰিকল্পনা। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই কোঠাৰী আয়োগে ছাত্ৰ-ছাত্ৰী সকলক শিশু অৱস্থাৰ পৰাই সৃজনীমূলক বৌদ্ধিক আৰু কলাত্মক প্ৰতিভা বিকাশৰ লগতে উৎপাদনমুখী কৰি ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাৰ ওপৰত গুৰুত্ব দি বিদ্যালয়ত কৰ্মশিক্ষাৰ বিষয়টো অন্তৰ্ভূক্ত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। সকলো স্তৰতে ইয়াক কাৰ্যকৰী কৰাৰ বাবে গুৰুত্ব দিছিল। কৰ্মশিক্ষাৰ অভাৱত শিশুৱে নিজৰ জীৱনৰ সম্পৰ্কে উপলব্ধি কৰিবলৈ অপাৰগ হয়।কৰ্মৰ তাৎপৰ্য অনুধাৱন কৰিব পাৰিলেহে পৰিশ্ৰম কাক কয় বুজিব পাৰিব আৰু ভৱিষ্যতৰ দিনবোৰত কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব।
     ঈশ্বৰ ভাই পেটেল আয়োগেেও SUPW নামেৰে এলানি কামৰ জৰিয়তে শিশুক কৰ্মৰ প্ৰতি অনুপ্ৰেৰণা যোগাবলৈ প্ৰয়াস কৰিছিল। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও কৰ্মশিক্ষাৰ জৰিয়তে শিশুৰ দক্ষতা বৃদ্ধিৰ লগতে মানসিক উৎকৰ্ষ সাধন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু গুৰুত্ব আৰোপ কৰিছিল।
    উপৰোক্ত আলোচনাৰ মাজেৰে বুজিব পৰা যায় যে কৰ্মৰ দ্বাৰা মানুহ বা শিশু কিদৰে মানসিক আৰু কায়িক ভাৱে উপকৃত হ'ব পাৰে। সেয়েহে শিক্ষক সকলে বা অভিভাৱক সকলে শিশুক অতি সহজ আৰু কঠিন কাম কৰাৰ অৱকাশ দিব লাগেে যাতে ইয়াৰ সহায়ত তেওঁলোকে কৰ্মৰ ইতিবাচক দিশৰ সম্পৰ্কে জ্ঞাত হ'ব সক্ষম হয়। যেনে:- ঘৰুৱা কাৰ্যৰ ভিতৰত- চাফাই, সৌন্দৰ্যবৰ্দ্ধন, ইস্ত্ৰি কৰা, শিশুৰ যতন লোৱা, শাক-পাচলিৰ বাৰীৰ বন নিৰণি কৰা, আদি। আনহাতে শিশু বা ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰ্যায়ত কৰিবলৈ দিব পৰা কাম হ'ল-  শ্ৰেণীকোঠা চাফাই, চৌহদ চাফাই, সৌন্দৰ্যবৰ্দ্ধন, বৃক্ষৰোপণ আদি কাম । 
   

বিদ্যালয়ত কৰ্মশিক্ষাৰ অনুশীলন হয়নে ?


 সাম্প্ৰতিক সময়ত এই প্ৰশ্ন অৱতাৰণা কৰিলে ইয়াৰ উত্তৰ নঞৰ্থক পোৱা যায়। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কেৱল কথাবোৰ কোৱাহে পৰিলক্ষিত হয়, কিন্তু বাস্তৱত কামবোৰ কৰা দেখা নাযায়। আকৌ উৰ্ধতন কৰ্তৃপক্ষৰ তৰফৰ পৰাও এই শিক্ষাৰ ওপৰত জোৰ দিয়া দেখা নাযায়। সেয়েহে বৰ্তমান ই গুৰুত্বহীন হিচাপে পৰিগণিত হৈছে। অৱশ্যে কিছুমান বিদ্যালয়ত ফুলবাৰী পতা, টয়লেট চাফা কৰা কাৰ্য কৰোৱা দেখা যায়। 
বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কৰ্মশিক্ষাৰ লগত জড়িত কৰাব পাৰিলে সুফল লাভ কৰিব পৰা যাব বুলি ভবা হৈছে। কৰ্মশিক্ষাৰ প্ৰতিটো পদক্ষেপত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ সন্তোষজনক হ'বৰ বাবে শিক্ষক সকলে অনুপ্ৰাণিত কৰিব লাগিব।

সামৰণি আৰু পৰামৰ্শ : 

কৰ্মশিক্ষাৰ জৰিয়তে শিশুক সৰু অৱস্থাৰ পৰাই কাম কৰাৰ পদ্ধতিৰ সৈতে চিনাকি কৰাই দিব পৰা যায়। ই যদি জীৱনত অভ্যাসত পৰিণত হয় তেন্তে শিশুটিৰ ভৱিষ্যতৰ জীৱন উজ্বল হ'ব। কৰ্মৰ জৰিয়তে কামৰ প্ৰতি থকা অৱহেলা ভাৱ বা অনীহা আঁতৰাৰ লগতে মানসিক অৱসাদ দূৰ হ'ব। কথাতে কয় 'কৰ্মই ধৰ্ম '। কৰ্মৰ দ্বাৰা ৰত্ন পাব পাৰি। কৰ্মই দিয়ে মূল্যবোধৰ জ্ঞান, শৃংখলাবদ্ধৰ জ্ঞান, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ জ্ঞান, সৌন্দৰ্য্যবোধ আৰু অনেক। সেয়েহে বিদ্যালয়ত কৰ্মশিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা উচিত।


**ফটোকেইখন ইণ্টাৰনেটৰ পৰা সংগৃহীত।


লেখনীটো ধৈৰ্য্য সহকাৰে পঢ়াৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।







++++++++++++++++++++++++++++++++
  ্

Thursday, April 8, 2021

Happiness of Life | জীৱনৰ সুখবোৰ

কেনেকৈ জীৱনত সুখে বাহ  লয় ?

জীৱনটো বৰ সুন্দৰ। বৰ অনুপম। জীৱনৰ কোনটো কোণত সুখে বাহ সাজে আমি নাজানো। যেতিয়া প্ৰাপ্য বস্তু বা আকাংক্ষিত বস্তু বা মনৰ বাসনা পূৰ্ণ হয় তেতিয়াই মনত সুখৰ ভাৱ উদ্ৰেক হয়। সুখ এক অনুভৱ মাত্ৰ। যাক চকুৰে দেখা পোৱা নাযায়। প্ৰকৃততে সুখ আহে দুখৰ পিছে পিছে। অনন্ত সুখৰ নৈ হৈ বৈ যায় বুকুৰ সেওঁতা ফালি অহৰহ। দুখ সুখৰ চিৰলগৰী। যেনেকৈ দুখৰ কঠিয়াতলিত সুখৰ বিচৰণ, ঠিক তেনেকৈ সুখৰ পশ্বাদত দুখৰ বিচৰণ। সুখৰ সংজ্ঞা দিয়া সহজ নহয়। পাৰ্থিৱ জগতত সুখ, দুখ, হাঁহি, কান্দোন এক গৌণ কাৰক মাত্ৰ। মূখ্য হ'ল জীৱন । জীৱনত আশা কৰা মতে ভোগ কৰিব নাপালে দুখ আহে আৰু ভোগ কৰিব পালে দুখ আঁতৰি সুখ আহে। সেয়ে সুখ আৰু দুখ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । 

    তেতিয়াই জীৱনত সুখে বাহ সাজিব ,যেতিয়া আমি অভাৱ মোচন হোৱাৰ পথ বিচাৰি পাম। কায়িক, মানসিক আৰু আধ্যাত্মিকভাৱে আমাৰ মনোকামনা পূৰ্ণ হ'ব লাগিব। অৰ্থাৎ এই তিনি স্তৰৰ মাজেৰে আমি সুখ অনুভৱ কৰিব পাৰোঁ।
    

কায়িক সুখ কি ?

      
    কায়িক সুখ হ'ল শাৰীৰিক ভাৱে কষ্ট কৰি অৰ্জন কৰা সুখ। আমি কোনো কাম শাৰীৰিক ভাৱে বল প্ৰয়োগ কৰি সমাধান কৰিব লাগে। এনেদৰে কৰোঁতে আমি যেতিয়া সফলতা লাভ কৰোঁ  , তেতিয়া আমাৰ মন হাঁহি আনন্দেৰে ভৰপূৰ হয়। এই ক্ষণটোৱেই হ'ল সুখ। আনহাতে জীৱনত যদি কোনো কামতেই সফলতা লাভ কৰিব পৰা নাযায়, তেতিয়াই জীৱনলৈ নামি আহে দুখৰ বন্যা।  হতাশ ভাৱে আগুৰি ধৰে জীৱনৰ চৌপাশ। অৰ্থাৎ দুখ হ'ল হতাশাৰে অন্য এটা নাম। 
    দুখ জীৱনৰ পৰা যিমান দূৰলৈ আঁতৰি যাব, সুখে সিমান ওচৰলৈ নামি আহি জীৱনৰ প্ৰতিটো ক্ষণ ৰঙীন কৰি তোলিব। 
  

মানসিক সুখ কি ?

 
       মানসিক সুখ হ'ল মানসিকভাৱে আৰ্জিত সুখ। মানসিক সুখ নিৰ্ভৰ কৰে কায়িক সুখৰ ওপৰত। কায়িক কষ্ট স্বীকাৰ কৰি সফলতা অৰ্জন কৰিলে মনত আনন্দৰ উদয় হয়। ইয়ে মনক পূৰ্ণতা দান কৰে। মনৰ ইচ্ছা , মনৰ আকাংক্ষা , মনৰ অভাৱ দূৰ হোৱা মাত্ৰকে মন মগজুৰ সিৰা উপসিৰাৰে আনন্দ, উত্তেজনা আদি কাৰক সমূহে বগুৱা বাই যায় মনক আন্দোলিত কৰে। তেতিয়াই আমাৰ মনত সন্তোষৰ মনোভাৱ জাগ্ৰত হয়। ইয়ে হ'ল প্ৰকৃততে মানসিক সুখ।

আধ্যাত্মিক সুখ কি ?

   
     আধ্যাত্মিক সুখ হ'ল ধৰ্ম, ধৰ্মৰ নীতিসমূহ পালন কৰি ভগৱানৰ ওচৰত নিজক সমৰ্পণ কৰাৰ পাছত উদ্ভৱ হোৱা সুখ। বিশেষকৈ বয়সস্থ হোৱাৰ লগে লগে ভগৱানক উপাসনা কৰাৰ অসীম ইচ্ছা জাগে। এই ইচ্ছা সঠিকভাৱে পূৰ্ণ হ'লে যি সুখৰভাৱ জাগি উঠে, সিয়েই হ'ল আধ্যাত্মিক সুখ।

   

      দুখৰ মাজতে সুখৰ ঠিকনা। সুখ বিচাৰি আমি বলিয়া হোৱা উচিত নহয়। সুখ বিচাৰিলে পোৱা দ্ৰব্য নহয়। ইয়াক উদ্যোগত প্ৰস্তুত কৰা নাযায়। সুখ হ'ল মন গহণত উদয় হোৱা অস্পৃশ্য অনুভৱ। 

    

সামৰণি :

      জীৱন ৰথৰ চকৰি সুন্দৰ ভাৱে ঘূৰাবলৈ প্ৰয়াস কৰিব লাগে। অহোপুৰুষাৰ্থ প্ৰয়াসৰ অবিহনে জীৱনে গতি হেৰুৱাবও পাৰে, তেতিয়াই জীৱনলৈ নামি আহে আন্ধাৰ অমানিশা। যাক কোৱা হয় দুখ। ইয়াতে দুটা উদাহৰণ দাঙি ধৰিছো ।

   

সুখৰ পৰা দুখ----

    নমিতা এগৰাকী বিবাহিত মহিলা । তাইৰ গিৰিয়েক বেংকৰ এজন কেচিয়াৰ। ধনে জনে উভয়নদী। ল'ৰা ছোৱালী এহাল। সুখ সন্তোষেৰে জীৱন অতিবাহিত হৈছিল।......কিন্তু বিধিৰ বিপাকত সিদিনা হঠাতে গিৰিয়েকৰ উচ্চ ৰক্তচাপ বৃদ্ধি হয় আৰু তেজ ব্লক মাৰে । চিকিৎসালয় নিয়ে মানে তেওঁৰ জীৱনে ৰূপ সলায়। গিৰীয়েক নাইকীয়া হোৱাৰ পিছৰ পৰাই জীৱনত অথন্তৰ ঘটিল। টকাৰ অভাৱ , ঘৰ চলোৱাৰ ক্ষেত্ৰত সমস্যা উদ্ভৱ হোৱাৰ বাবে ঘৰলৈ নামি আহিল অশান্তিময় পৰিৱেশ ...। 

দুখৰ পৰা সুখ...

লজিত এজন পেটেভাতে খাই থকা লোক। কেতিয়াবা আনৰ ঘৰত হাজিৰা কৰে নতুবা নিতৌ খৰি বিক্ৰী কৰি টকা উপাৰ্জন কৰে আৰু সেই টকাৰে পেটেভাটে চলি আছিল। কিন্তু বিধিৰ লিখন নহয় খণ্ডণ। তেওঁৰো কপালত খাব ল'বলৈ লিখা আছিল নিশ্চয়। সিদিনা খৰি লৰিব যাওতে অৰন্যত এজোপা ডাঙৰ গছৰ তলত এটা বেগ পাইছিল,যিটো টকাৰে পৰিপূৰ্ণ আছিল। সি ঘৰলৈ বেগটো লৈ আহিছিল আৰু টকাৰ বাণ্ডিলবোৰ গণনা কৰি এশ পঞ্চাছ লাখ পাইছিল।কথাটো গুপুতে ৰাখি সি সেই টকাৰে ঘৰ সাজিছিল আৰু প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিছিল। ইয়াৰ পাছৰ পৰাই তেওঁৰ অভাৱ দূৰ হৈছিল।....

দুখৰ পৰা সুখ...


বলিজ এজন দুখীয়া খেতিয়কৰ ল'ৰা আছিল। এসাঁজ খাই এসাঁজ লঘোণে দিনবোৰ অতিবাহিত কৰিছিল। তেওঁ মেধাৱী আছিল। কোনো মতে টকা মিলাই ইংৰাজীত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। ইমান দুখৰ মাজতো সি এজন আই,পি,এছ হোৱাৰ সপোন দেখিছিল। সি তাৰবাবে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এদিন সচাঁকৈয়ে আই পি এছ সফলতাৰে উত্তীৰ্ণ হৈছিল আৰু আই পি এছ বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছৰ পৰাই তেওঁৰ লগতে তেওঁলোকৰ পৰিয়াল এটা সুন্দৰ আৰ চি চি বিল্ডিংত বসবাস কৰে। যত চিন্তা নাই, অশান্তি নাই, কোনো অভাৱ নাই গতানুগতিকতাৰে হাঁহি ধেমালি আৰু আনন্দেৰে দিন অতিবাহিত কৰিছে। ...


   উপৰোক্ত উদাহৰণ কেইটাৰ পৰা বুজা যায় যে সুখ হ'বলৈ হ'লে আমি নিজে কষ্ট স্বীকাৰ কৰিব লাগিব । ্্ ইয়াৰোপৰি কিছু ভাগ্যৱানো হ'ব লাগে। 






ধন্যবাদ আপুনি পঢ়ি চোৱাৰ বাবে। কমেণ্ট আৰু চেয়াৰ কৰিব নাপাহৰিব।



+++++++++++++++++++++++++++++++++




Tuesday, April 6, 2021

ডায়েবেটিচৰ বাবে ভাতএকেবাৰে বেয়া। কিয় ? জানো আহক.. Diabetes...

ডায়েবেটিচ হ'লে অধিক ভাত খোৱা অনুচিত ?


সকলো মানুহেই ভাত নোখোৱাকৈ থাকিব নোৱাৰে। প্ৰত্যেক মানুহে ভোক নিবাৰণৰ নিমিত্তে ভাত খায়। আনহাতে বহু মানুহৰ প্ৰথম পছন্দ হ'ল ভাত। ইয়াৰ বিকল্প কি খাদ্য আছে জনাৰ প্ৰয়োজন আছে।ভাত বেছিকৈ খোৱাৰ বাবে অসম আৰু সমগ্ৰ ভাৰততে চুগাৰ ৰোগীৰ ব্যাপক হাৰত বৃদ্ধি পাইছে। ভাতত উপলব্ধ উপাদানৰ ভিতৰত কাৰ্বহাইড্ৰেটৰ পৰিমাণ আটাইতকৈ বেছি।যি চুগাৰ ৰোগীৰ বাবে অতিশয় ক্ষতিকাৰক উপাদান। সেয়েহে ভাত খোৱাৰ পাছত চুগাৰ ৰোগীৰ গ্লুক'জৰ পৰিমাণ তাৎক্ষণিক ভাৱে বৃদ্ধি পাবলৈ ধৰে। যাৰ ফলত ৰোগীৰ অসুস্থতা বাঢ়ি গৈ থাকে।
    এইটো কথা সত্য যে মানুহৰ ৰোগ থাকক বা নাথাকক শৰীৰৰ সুস্হতা নিৰ্ভৰ কৰে আপুনি কি খায় তাৰ ওপৰত। ডাইবেটিচৰ ক্ষেত্ৰত এই কথাখিনি বৰ গুৰুত্বপূৰ্ণ। দৈনন্দিন আহাৰ গ্ৰহণৰ নীতি নিয়মে আপোনাক ডাইবেটিচৰ পৰা বচাই ৰাখিব পাৰে। চিকিৎসকৰ পৰামৰ্শ মতে কম কাৰ্বহাইড্ৰেটযুক্ত আহাৰহে চুগাৰ ৰোগীয়ে গ্ৰহণ কৰা উচিত।
    কিন্তু ভাত নোখোৱাকৈ কোন মানুহে থাকিব পাৰে। উচ্চমাত্ৰাত কাৰ্বহাইড্ৰেট থকা ভাত নাখালে দেখোন ভোকে নুগোছে । চিকিৎসকে সদায় চুগাৰ ৰোগীক কম কাৰ্বহাইড্ৰেটযুক্ত আহাৰ খাবলৈ পৰামৰ্শ প্ৰদান কৰে। যিকি নহওঁক সু-স্বাস্থ্য অটুট ৰাখিবলৈ হ'লে আমি লোভ বাৰণ কৰিবই লাগিব। জোখি-মাখি খাদ্য খালেহে এই অপূৰ্ব ধৰাত সৰহদিন জীয়াই থাকিব পাৰিব।
    

ডাইবেটিচৰ প্ৰকাৰ :

চিকিৎসা বিজ্ঞানৰ মতে চুগাৰ বা ডায়েবেটিচ দুই ধৰণৰ হয়। ১/ চুগাৰ টাইপ-১,যাক ডায়েবেটিচ ইনচিপিডাচ (Diabetes Insipidus) বোলে। ২/ চুগাৰ টাইপ-২ , যাক ডায়েবেটিচ মেলিটাচ (Diabetes Malitus) বোলে।
    পিটুইটাৰী হৰমোন শৰীৰত কম হ'লে কিডনীয়ে বা বৃক্ক গ্ৰন্হীয়ে শৰীৰত পানীৰ সমতা ৰক্ষা কৰিব নোৱাৰে। তেতিয়া ৰোগীৰ প্ৰস্ৰাৱৰ বেগ বাঢ়ে। ইয়াকে ডায়েবেটিচ ইনচিপিডাচ বুলি কোৱা হয়। 
    আকৌ শৰীৰত যেতিয়া চেনিৰ পৰিমাণ সমান নহয়, তেতিয়া প্ৰস্ৰাৱৰ বেগ বৃদ্ধি পায় আৰু প্ৰস্ৰাৱৰ সৈতে চেনি বাহিৰ হয়। এনে সময়ত তেজ পৰীক্ষা কৰালে তেজত চেনিৰ পৰিমাণ বেছি পোৱা যায়। ইয়াকে ডায়েবেটিচ মেলিটাচ বুলি কোৱা হয়। 


ডায়েবেটিচৰ লক্ষণসমূহ: 


১/ সঘনাই পিঁয়াহ লাগে।
২/ সঘনাই প্ৰস্ৰাৱ হয়।
৩/ তেজত চেনিৰ পৰিমাণ বৃদ্ধি পায়।
৪/ অন্ত্যন্ত ভোক লাগে।
৫/ প্ৰতিদিনে শৰীৰ দুৰ্বল আৰু ক্ষীণাই যায়।
৬/ওজন হ্ৰাস পায়। শৰীৰৰ কোনো কোনো অংশত খজুৱতি ওলাই।
৭/ প্ৰস্ৰাৱ কেতিয়াবা খুব হালধীয়া বৰণৰ হয়।
৮/ প্ৰস্ৰাৱ মিঠাযুক্ত হয় । শৰীৰত সৰু সৰু গুটিদানা (crystal) ওলাই ।
৯/ টোপনিৰ পৰিমাণ বৃদ্ধি পায়। শৰীৰ দুৰ্বল হয।
১০/ এলাহ বাঢ়ে আৰু যৌন উত্তেজনা হ্ৰাস পায়।

 

কি খাদ্য খালে ডায়েবেটিচ হ্ৰাস পাব ?


ভাত খোৱাৰ ফলত ডায়েবেটিচ প্ৰায় ১১% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে বুলি গৱেষকে মতপোষন কৰিছে। অৱশ্যে আন এটা সমীক্ষাত বিশেষজ্ঞৰ দ'লে কৈছে যে গাঁৱত পোৱা উচ্চ কেলৰি আৰু কাৰ্বহাইড্ৰেটযুক্ত আহাৰৰ পৰিবৰ্তে বয়ল কৰা বা উহোৱা চাউলৰ ভাত খালে বহু পৰিমাণে ডায়েবেটিচ হ্ৰাস পায়। সেয়ে ৰোগী সকলে মাৰ নাইকীয়া চাউলৰ ভাত খোৱা উচিত।

 ভাত খালে কি কি হ'ব পাৰে ?

      
কাৰ্বহাইড্ৰেট চুগাৰ ৰোগীৰ বাবে অতি ক্ষতিকাৰক।যেতিয়া এজন চুগাৰ ৰোগীয়ে ভাত খায়, তেতিয়া তৎক্ষণাত তেওঁৰ শৰীৰত গ্লুকজৰ পৰিমাণ বৃদ্ধি ঘটিব ধৰে। এনে পৰিস্থিতিত আমাৰ শৰীৰত ইনছুলিন প্ৰস্তুত হোৱাত বাধা আৰোপ হয়। ব্যক্তিজনৰ শৰীৰত ইনছুলিন অভাৱ ঘটিলে ডায়েবেটিচ ৰোগৰ বৃদ্ধি পায়।
  আমাৰ শৰীৰত থকা পেনক্ৰিয়াচ বা অগ্নাশয় গ্ৰন্হিৰ পৰা ইনছুলিন নামৰ এবিধ হ'ৰমন নিঃসৰণ হয়।এই ইনছুলিনে আমাৰ খাদ্যৰ পৰা সৃষ্টি হোৱা চেনিক শক্তিলৈ ৰূপান্তৰিত কৰে আৰু এই শক্তিয়ে মানুহক দৈনিক কাম-কাজবোৰ সমাপন কৰাত সহায় কৰে। যেতিয়া কোনো কাৰণত শৰীৰত ইনছুলিনৰ তাৰতম্য ঘটে বা অভাৱ ঘটে তেতিয়াই শৰীৰত ডায়েবেটিচ ৰোগে দেখা দিয়ে। বিশেষকৈ টাইপ-১ ডায়েবেটিচৰ ক্ষেত্ৰত দেহত ইনছুলিন একেবাৰে উৎপন্ন নহয়। সেয়েহে এনে ৰোগীয়ে ইনছুলিন ল'ব লগা হয়। আনহাতে টাইপ-২ ডায়েবেটিচ ৰোগীৰ ক্ষেত্ৰত দেহে কম পৰিমাণে ইনছুলিন উৎপন্ন কৰে যদিও দেহৰ প্ৰয়োজন পূৰাব নোৱাৰে। সেয়েহে এনে ৰোগীয়ে ডায়েবটিচ টেবলেট বা ইনছুলিন লবলগীয়া হয়।

সামৰণি


বহুমূত্ৰ ৰোগৰ পৰা হাত সাৰি থকাৰ একমাত্ৰ উপায় হৈছে নিজকে সাৱধান আৰু অনবৰতে কৰ্মত সক্ৰিয় কৰি ৰখা। খোৱা বোৱাৰ ক্ষেত্ৰত পৰিমিত আহাৰ ভোজন কৰা। চুগাৰ হোৱা লগে লগে ৰোগীজনৰ চকুু, নাক,কাণ , বৃক্ক, দেহ অৱশ লগা আদিবোৰ উপসৰ্গই দেখা দিয়ে। চকুৰ দৃষ্টিশক্তি কমে,কাণৰ শ্ৰৱণ শক্তি কম হ'ব পাৰে , পক্ষাঘাত হ'ব পাৰে, স্নায়ু দুৰ্বল হ'ব পাৰে, ভৰি হাত জিনজিনোৱা আদি হ'ব পাৰে। এনে নহ'বৰ বাবে অখাদ্য ভোজনৰ পৰা বিৰত থাকিব লাগে। আটা জাতীয় খাদ্য,ফলমুল আদি নিয়মিত খাই শৰীৰ মজবুত আৰু সুস্থ হৈ থকাৰ বাবে প্ৰয়াস কৰিব লাগে।


 
   আপুনি আপোনাৰ বহুমূলীয়া সময় নষ্ট কৰি লেখাটো পঢ়ি ছোৱাৰ বাবে অশেষ ধন্যবাদ জনালো। 

Saturday, April 3, 2021

Types of personality of a person | মানুহৰ ব্যক্তিত্বৰ প্ৰকাৰ .

মানুহৰ ব্যক্তিত্ব কেনে হোৱা উচিত?


       মানুহ এজনৰ ব্যক্তিত্ব যিমানেই আকৰ্ষণীয় হ'ব, সেই মানুহজনে আনক সিমানেই মোহিত কৰিব। ব্যক্তিত্ব হ'ল কোনো এজন ব্যক্তিৰ গাত নিহিত থকা সকলো বৈশিষ্ট্যৰ এক ভঁৰাল। মানুহৰ ব্যক্তিত্ব সদায় ভাল হোৱা উচিত। কাৰণ ভাল ব্যক্তিত্বৰ মানুহকহে সকলোৱে সন্মান কৰে। ঠগবাজী, ধান্দাবাজী, গুন্দা প্ৰকৃতিৰ মানুহক সকলোৱে লেইলেই চেইচেই কৰা দেখা যায়। সাধাৰণতে মানুহৰ ব্যক্তিত্ব বেলেগ বেলেগ হোৱা দেখা যায়। কিছুমান কোমল মনৰ মানুহ হয় আৰু আন কিছুমান কঠোৰ মনৰ মানুহ হয়। কোমল মনৰ মানুহ বিলাক আদৰ্শবাদী আৰু ভাৱবাদী হয় । আনহাতে কঠোৰ মনৰ মানুহ বিলাক বাস্তৱবাদী বা বাহ্যিক পৃথিৱীৰ প্ৰতি বেছি আকৃষ্ট হয়। 
    কোমল মনৰ মানুহ বিলাকক সকলোৱে ভাল পায় যদিও কঠোৰ মনৰ মানুহ বিলাকৰ দৰে জনপ্ৰিয় হ'ব নোৱাৰে। 
   অৱশ্যে মোৰ মতে ব্যক্তিত্বক বিভিন্ন প্ৰকাৰত ভাগ কৰা উচিত নহয়। কাৰণ কোনো মানুহৰে ব্যক্তিত্ব কোনো এটা নিৰ্দিষ্ট ভাগত নপৰে।

মানুহৰ ব্যক্তিত্বৰ প্ৰকাৰ (Types of personality):   

    

মনোবিদ সকলে ব্যক্তিত্বক বিভিন্ন প্ৰকাৰত ভাগ কৰিছে যদিও অভিজ্ঞতাৰ ফালৰপৰা ক'ব পাৰি যে মানুহৰ ব্যক্তিত্ব দুই প্ৰকাৰৰ হ'ব পাৰে-- অন্তমুৰ্খী আৰু বহিমুৰ্খী । 


অন্তৰ্মূখী ব্যক্তিত্ব (introvert):


    অন্তৰ্মূখী ব্যক্তিত্বৰ‌ মানুহৰ লক্ষণ হ'ল -- ইহঁতে কম কথা কয় আৰু বেছি চিন্তা কৰে। ইহঁত নিজস্ব ঢিন্তা চৰ্চাৰ মাজত ব্যস্ত থাকে। সকলো বিষয়তে এই শ্ৰেণীৰ মানুহে নিজস্ব মতামত আগবঢ়ায় আৰু ৰাজহুৱা মতামতৰ ওপৰত বৰ বেছি গুৰুত্ব নিদিয়ে। অন্তৰ্মূখী ব্যক্তিত্বৰ‌ মানুহবোৰ সাধাৰণতে কবি, সাহিত্যিক, সমালোচক, বিজ্ঞানী, দাৰ্শনিক শিল্পী আদি হ'ব পাৰে। অভিজ্ঞতাৰ ভিত্তিত ক'ব পাৰি যে এনে মানুহবোৰে সমাজৰ লগত অনবৰতে ওলাই সোমাই চলিব নিবিচাৰে। তেওঁৰ মতে সমাজৰ লগত অনবৰতে ওলাই সোমাই চলা মানে ব্যাপক হাৰত সময় অপব্যয় হোৱা। সেয়েহে এই ভাগৰ ব্যক্তি জনপ্ৰিয় হ'ব নোৱাৰে।

বহিমুৰ্খী ব্যক্তিত্ব (extrovert):

 
     বহিমুৰ্খী মানুহ বিলাক সমাজৰ লগত অনবৰতে মিলা মিছা কৰি ভাল পায়। জনসাধাৰণৰ লগত থাকি জনসাধাৰণৰ বিভিন্ন অভাৱ অভিযোগ জানিবলৈ ইচ্ছা কৰে আৰু ইয়াৰ সমাধানৰ বাবে আন্দোলন বা আন সিদ্ধান্ত গ্ৰহণত আগভাগ লয়। এনেধৰণৰ মানুহবিলাক ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰাত পাকৈত। দৰাচলতে এনে ব্যক্তিত্বৰ মানুহবিলাকৰ ক্ষেত্ৰত উপস্থিত বুদ্ধি বেছিকৈ থাকে বুলি ভবা হয়। ইহঁত বাস্তৱ জগতৰ প্ৰতি বেছি আকৰ্ষিত । সেয়েহে এই শ্ৰেণীৰ মানুহ জনপ্ৰিয় হয়। বিশেষকৈ সমাজকৰ্মী, ৰাজনৈতিক কৰ্মী, খেলুৱৈ, অভিনেতা, অভিনেত্ৰী, নাট পৰিচালক, বোলছবি পৰিচালক আদি এই শ্ৰেণীৰ অন্তৰ্ভূক্ত লোক হিচাপে বিবেচনা কৰিব পাৰি। বহিমুৰ্খী মানুহবিলাক ক্ষণে তুষ্ট, ক্ষণে ৰুষ্ট প্ৰকৃতিৰ হয়।

সামৰণি (Conclusion):

  মানুহ হিচাপে আমি নিজকে এইদৰে ভাগ কৰা উচিত নহয়। কাৰণ প্ৰতিজন মানুহৰে মনবিলাক বেলেগ বেলেগ হয়। অসমীয়াত এটা প্ৰবচন আছে- " ধানটোৰ প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো" । অৰ্থাৎ প্ৰতিটো ধানৰ যিদৰে কণবিলাক বেলেগ বেলেগ হয়, একেদৰে প্ৰতিজন মানুহৰে মনবিলাক বেলেগ বেলেগ হয়। কিছুমান অন্তমুৰ্খী মানুহেও সামাজিক কাম কৰি ভাল পায় আৰু বক্তৃতা দি ভাল পায়। আনহাতে কিছুমান বহিমুৰ্খী মানুহেও তাৎক্ষণিক ভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। বেছিভাগ মানুহেই সানমিহলি ব্যক্তিত্বৰ অধিকাৰী হয়।
>
>
>

>

>



>

>পৰিশেষত,

অসীম ধৈৰ্য্যৰে পঢ়াৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জনালো।



 ... দুদুল সোণোৱাল।









+++++++++++++++++++++++++++++++++

Friday, April 2, 2021

জনহিতাৰ্থে কৰোঁ আহক !!!

জনহিতাৰ্থে কাম কৰোঁ আহক !!!

              



নগদ দি ভিক্ষা খোজা বন্ধ অভিযান -


এগৰাকী ভিক্ষাৰীক ভোজন+ পানী দিয়ক কিন্তু নগদ দি সাহায্য নকৰিব । 

মুম্বাই-পুণা আৰু সমগ্ৰ মহাৰাষ্ট্ৰত এক অন্য আন্দোলন আৰম্ভ হৈছে। এয়া যি কোনো ধৰণৰ ভিক্ষাৰীৰ বাবে প্ৰযোজ্য। 

যি কোনো ধৰণৰ ব্যক্তি (মহিলা / পুৰুষ/ বৃদ্ধ/বিকলাংগ/ কন কন লৰা ছোৱালী)য়ে যদি আপোনাৰ পৰা ভিক্ষা খোজে,আপুনি অৰ্থ সাহায্যৰ সলনি (ভোজন+ পানী)দিয়ক কিন্তু টকা পইচা দি সাহায্য নকৰিব।

এনে কৰিলে আন্তৰাষ্ট্ৰীয়/ৰাষ্ট্ৰীয়/ৰাজ্যস্তৰত ভিক্ষাৰীক লৈ যি ব্যবসায়ী আৰম্ভ হৈছে সেয়া বন্ধ কৰাত সহায় হব আৰু এনে কৰিলে সৰু সৰু লৰা ছোৱালীৰ অপহৰণ বন্ধ হৈ যাব আৰু এদিন এই দৰে জঘণ্য অপৰাধ বোৰো অন্ত হব । 

আহক সকলোৱে মিলি প্ৰতিজ্ঞাৱদ্ধ হঁও - 


" আমি কোনো ভিক্ষাৰীকে অৰ্থ দি সাহায্য নকৰো।"
আপুনি নিজৰ লগত দুটা বিস্কুট ৰ পেকেট ৰাখক তেনেধৰণৰ মানুহক লগ পালে সাহায্য দিবলৈ। 

 এনেধৰণৰ অভিযান ৰ সৈতে যদি আপুনি একমত , তেন্তে এই বাৰ্তা তিনিজনলৈ প্ৰেৰণ কৰক।এনে কৰিলে সৰু সৰু লৰা ছোৱালীক অপহৰণ কৰাৰ পৰা ৰক্ষা কৰিবলৈ সহায় হব।🙏













EnD.

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts