কৰ্মশিক্ষা কি ?
শিক্ষাৰ উদ্দেশ্য হৈছে শিশুসকলক মহান গুণৰ অধিকাৰী হিচাপে গঢ়ি তোলা। বিভিন্ন দিশত জ্ঞানৱান কৰি সময়ৰ সৈতে তাল মিলাই তোলাৰ লগতে শিশুক আত্মনিৰ্ভৰশীল হ'বলৈ শিক্ষা আহৰণৰ পথ প্ৰশস্ত কৰাই হ'ল শিক্ষাৰ লক্ষ্য। সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাত কৰ্মশিক্ষাকো সামৰি লোৱা হৈছে। যাতে শিশুৱে কৰ্মৰ জৰিয়তে কিছুমান গুণৰ অধিকাৰী হ'ব পাৰে যিবোৰ গুণ নৈতিক শিক্ষা আহৰণ আৰু সমগ্ৰ জীৱন গঢ় দিয়াত সহায়ক হ'ব। শৈশৱতে আৰু কৈশোৰ কালছোৱাতে শিশুৱে কিছুমান নৈতিক গুণৰ অধিকাৰী হোৱাৰ প্ৰয়োজন আছে, যেনে-- সময়ানুবৰ্তীতা, নিয়মানুৱৰ্তীতা , কৰ্তব্যপৰায়ণতা, আত্মসংযম, উদ্যোগীকৰণ, কৰ্মস্পৃহা, দায়িত্ব, ক্ষমতা, সমতা,শ্ৰমৰ প্ৰতি মৰ্যদা, আত্মবিশ্বাস আদি মনোভাৱ বিকাশ ঘটাবলৈ কৰ্মশিক্ষাই সুযোগ প্ৰদান কৰে। কেৱলমাত্ৰ বিদ্যালয়ৰ বিদ্যায়তনিক বিষয়সমূহ অধ্যয়নৰ জৰিয়তে শিশুৰ উল্লেখিত গুণৰ বিকাশ সাধন কৰাটো সম্ভৱপৰ নহয়। এই গুণসমূহৰ বিকাশৰ ক্ষেত্ৰত জড়িত হৈ থকা আন এটা বিষয় হ'ল সহ-বিদ্যায়তণিক দিশ যিয়ে শিশুক বিভিন্ন কৰ্মৰ প্ৰতি আকৰ্ষিত কৰাই আৰু শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সহায়ক ভূমিকা পালন কৰে। এই সহ-বিদ্যায়তণিক দিশৰ বিষয়সমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ বিষয় হ'ল- কৰ্মশিক্ষা (Work Education) । সাধাৰণ অৰ্থত কৰ্মৰ সৈতে জড়িত হৈ অভিজ্ঞতাৰ মাধ্যমেৰে জ্ঞান অৰ্জন কৰা শিক্ষাকে কৰ্মশিক্ষা বুলিব পাৰি। কৰ্মশিক্ষাৰ লগত শিক্ষা আৰু উৎপাদন দুয়োটা শব্দ সাঙোৰ খাই আছে। কৰ্ম অভিজ্ঞতাই ব্যক্তি এজনক নিজকে নিজৰ জীৱনৰ প্ৰতি উপলব্ধি কৰিবলৈ শিকায়। নিত্য নতুন সৃষ্টিৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগায় । ই শিশুৰ দক্ষতা তথা কৌশলী জ্ঞান আয়ত্ত কৰাত সহায় কৰে। সেয়েহে ক'ব পাৰি যে যি শিক্ষাই শিশুক বা ছাত্ৰ-ছাত্ৰী সকলক শিশু অৱস্থাৰ পৰাই সৃজনীমূলক প্ৰতিভা বিকাশৰ লগতে উৎপাদনমুখী মনোভাৱ জগাই তোলে আৰু ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব পাৰে, সেই শিক্ষাকে কৰ্মশিক্ষা বুলি কোৱা হয়।
কৰ্মশিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ :
কৰ্মশিক্ষাই ছাত্ৰ-ছাত্ৰীক কৰ্মৰ প্ৰতিি ইচ্ছা বৃদ্ধি কৰাত সহায় কৰে । 'জীৱন'ৰ গুৰুত্বতাৰ সম্পৰ্কে উপলব্ধি কৰিবলৈ শিকায়। এই দৃষ্টিকোণেৰে ভাবিলে কৰ্মশিক্ষাৰ গুৰুত্ব আছে। ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যৰ সম্পৰ্কে অধ্যয়ন কৰিলে ভালদৰে বুজাত সহায় হ'ব বুলি ধাৰণা কৰিব পাৰি। তলত লক্ষ্য আৰু উদ্দেশ্যসমুহ উল্লেখ কৰা হ'ল--
১/ কৰ্মশিক্ষাৰ জৰিয়তে শিশুৰ মানসিক বিকাশ সাধন কৰা।
২/ সময়ানুবৰ্তীতা আৰু নিয়মানুবৰ্তীতাৰ সম্পৰ্কে জ্ঞান অৰ্জন কৰা।
৩/কৰ্মস্পৃহা বৃদ্ধি কৰা।
৪/ দায়িত্ব, সমতা, শ্ৰমৰ প্ৰতি মৰ্যদা আদি মনোভাৱৰ বিকাশ সাধন।
৫/শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু নৈতিক জ্ঞানৰ বিকাশ ঘটোৱা।
৬/অধ্যৱসায় আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শিকা।
কৰ্মশিক্ষাৰ প্ৰয়োজনীয়তা:
অতীজৰ শিক্ষাৰ ক্ষেত্ৰৰ সম্পৰ্কে অধ্যয়ন কৰিলে বুজা যায় যে তৎকালীন সময়ত কৰ্মশিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। সৰ্বজনবিদিত যে পূৰ্বতে বিদ্যালয়ক বিদ্যালয় বুলি নকৈ টোলহে বুলিছিল। গুৰুৰ গৃহত থাকি শিষ্যই যি দীক্ষা গ্ৰহণ কৰিছিল সেয়া কৰ্মশিক্ষাৰে অন্য এটা ৰূপ। "হাতে কামে কৰি শিকা" আছিল তেতিয়া শিক্ষাৰ মূল ভেটি। যাক এতিয়া আমি কৰ্মশিক্ষা বুলি অভিহিত কৰিছোঁ। উল্লেখ্য যে গুৰু দ্ৰোণাচাৰ্যৰ শিক্ষা, গুৰু মহেন্দ্ৰ কন্দলিৰ শিক্ষা সমসমায়িক কালৰ কৰ্মশিক্ষাৰ ওপৰত ভিত্তি কৰিয়েই প্ৰচলিত বুলি ইতিহাসে প্ৰমাণ দিয়ে। তেনে আৰু বহু নিদৰ্শন পোৱা যায়। এনে কৰ্মৰ জৰিয়তে প্ৰদান কৰা শিক্ষা সহজে স্হায়ী হয়। কম মেধাৰ শিশুৱেও কামৰ জৰিয়তে বিভিন্ন অভিজ্ঞতা লাভ কৰি বিষয়বস্তুৰ জ্ঞান সহজে আয়ত্ব কৰিব পাৰে। বৰ্তমান পৰিলক্ষিত হয় যে ছাত্ৰ ছাত্ৰীয়ে কাম বা পৰিশ্ৰম কৰিবলৈ ইচ্ছা নকৰে, যিকোনো কামতে এলাহ ভাৱ প্ৰকট কৰে। কৰ্ম বিমুখ মানসিকতা নাশ কৰি কৰ্মৰ প্ৰতি আকৃষ্ট হ'বলৈ এই কৰ্মশিক্ষাই ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা যোগাব। সেয়েহে বৰ্তমান সময়ত বিদ্যালয়ত কৰ্মশিক্ষাৰ প্ৰয়োজনীয়তা একাষাৰে অস্বীকাৰ কৰিব নোৱাৰি।
কৰ্মশিক্ষা আৰু বিভিন্ন আয়োগৰ পৰামৰ্শ:
কৰ্মশিক্ষাৰ উদ্দেশ্যই হৈছে মানুহক নিজৰ জীৱনৰ সম্পৰ্কে কামৰ জৰিয়তে বুজিবলৈ সামৰ্থ্যতা প্ৰদান কৰা। ১৯৬৬ চনত গঠিত " কোঠাৰী আয়োগেে" লক্ষ্য কৰিছিল যে বুনিয়াদী শিক্ষাৰ উন্নতিৰ বাবে বিশেষ ব্যৱস্হাৰ প্ৰয়োজন আছে। সেই অনুসৰি আয়োগে আঁচনিত সন্নিবিষ্ট কৰিছিল যে শিক্ষা আৰু উৎপাদন দুয়োটা এক কৰাৰ পৰিকল্পনা। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই কোঠাৰী আয়োগে ছাত্ৰ-ছাত্ৰী সকলক শিশু অৱস্থাৰ পৰাই সৃজনীমূলক বৌদ্ধিক আৰু কলাত্মক প্ৰতিভা বিকাশৰ লগতে উৎপাদনমুখী কৰি ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাৰ ওপৰত গুৰুত্ব দি বিদ্যালয়ত কৰ্মশিক্ষাৰ বিষয়টো অন্তৰ্ভূক্ত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। সকলো স্তৰতে ইয়াক কাৰ্যকৰী কৰাৰ বাবে গুৰুত্ব দিছিল। কৰ্মশিক্ষাৰ অভাৱত শিশুৱে নিজৰ জীৱনৰ সম্পৰ্কে উপলব্ধি কৰিবলৈ অপাৰগ হয়।কৰ্মৰ তাৎপৰ্য অনুধাৱন কৰিব পাৰিলেহে পৰিশ্ৰম কাক কয় বুজিব পাৰিব আৰু ভৱিষ্যতৰ দিনবোৰত কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব।
ঈশ্বৰ ভাই পেটেল আয়োগেেও SUPW নামেৰে এলানি কামৰ জৰিয়তে শিশুক কৰ্মৰ প্ৰতি অনুপ্ৰেৰণা যোগাবলৈ প্ৰয়াস কৰিছিল। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও কৰ্মশিক্ষাৰ জৰিয়তে শিশুৰ দক্ষতা বৃদ্ধিৰ লগতে মানসিক উৎকৰ্ষ সাধন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু গুৰুত্ব আৰোপ কৰিছিল।
উপৰোক্ত আলোচনাৰ মাজেৰে বুজিব পৰা যায় যে কৰ্মৰ দ্বাৰা মানুহ বা শিশু কিদৰে মানসিক আৰু কায়িক ভাৱে উপকৃত হ'ব পাৰে। সেয়েহে শিক্ষক সকলে বা অভিভাৱক সকলে শিশুক অতি সহজ আৰু কঠিন কাম কৰাৰ অৱকাশ দিব লাগেে যাতে ইয়াৰ সহায়ত তেওঁলোকে কৰ্মৰ ইতিবাচক দিশৰ সম্পৰ্কে জ্ঞাত হ'ব সক্ষম হয়। যেনে:- ঘৰুৱা কাৰ্যৰ ভিতৰত- চাফাই, সৌন্দৰ্যবৰ্দ্ধন, ইস্ত্ৰি কৰা, শিশুৰ যতন লোৱা, শাক-পাচলিৰ বাৰীৰ বন নিৰণি কৰা, আদি। আনহাতে শিশু বা ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰ্যায়ত কৰিবলৈ দিব পৰা কাম হ'ল- শ্ৰেণীকোঠা চাফাই, চৌহদ চাফাই, সৌন্দৰ্যবৰ্দ্ধন, বৃক্ষৰোপণ আদি কাম ।
বিদ্যালয়ত কৰ্মশিক্ষাৰ অনুশীলন হয়নে ?
সাম্প্ৰতিক সময়ত এই প্ৰশ্ন অৱতাৰণা কৰিলে ইয়াৰ উত্তৰ নঞৰ্থক পোৱা যায়। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কেৱল কথাবোৰ কোৱাহে পৰিলক্ষিত হয়, কিন্তু বাস্তৱত কামবোৰ কৰা দেখা নাযায়। আকৌ উৰ্ধতন কৰ্তৃপক্ষৰ তৰফৰ পৰাও এই শিক্ষাৰ ওপৰত জোৰ দিয়া দেখা নাযায়। সেয়েহে বৰ্তমান ই গুৰুত্বহীন হিচাপে পৰিগণিত হৈছে। অৱশ্যে কিছুমান বিদ্যালয়ত ফুলবাৰী পতা, টয়লেট চাফা কৰা কাৰ্য কৰোৱা দেখা যায়।
বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কৰ্মশিক্ষাৰ লগত জড়িত কৰাব পাৰিলে সুফল লাভ কৰিব পৰা যাব বুলি ভবা হৈছে। কৰ্মশিক্ষাৰ প্ৰতিটো পদক্ষেপত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ সন্তোষজনক হ'বৰ বাবে শিক্ষক সকলে অনুপ্ৰাণিত কৰিব লাগিব।
সামৰণি আৰু পৰামৰ্শ :
কৰ্মশিক্ষাৰ জৰিয়তে শিশুক সৰু অৱস্থাৰ পৰাই কাম কৰাৰ পদ্ধতিৰ সৈতে চিনাকি কৰাই দিব পৰা যায়। ই যদি জীৱনত অভ্যাসত পৰিণত হয় তেন্তে শিশুটিৰ ভৱিষ্যতৰ জীৱন উজ্বল হ'ব। কৰ্মৰ জৰিয়তে কামৰ প্ৰতি থকা অৱহেলা ভাৱ বা অনীহা আঁতৰাৰ লগতে মানসিক অৱসাদ দূৰ হ'ব। কথাতে কয় 'কৰ্মই ধৰ্ম '। কৰ্মৰ দ্বাৰা ৰত্ন পাব পাৰি। কৰ্মই দিয়ে মূল্যবোধৰ জ্ঞান, শৃংখলাবদ্ধৰ জ্ঞান, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ জ্ঞান, সৌন্দৰ্য্যবোধ আৰু অনেক। সেয়েহে বিদ্যালয়ত কৰ্মশিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা উচিত।
**ফটোকেইখন ইণ্টাৰনেটৰ পৰা সংগৃহীত।
লেখনীটো ধৈৰ্য্য সহকাৰে পঢ়াৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ফ
++++++++++++++++++++++++++++++++
্
No comments:
Post a Comment
dudulsonowal32@gmail.com