Wednesday, April 14, 2021

Bihu aaru asomiya somajor prompora | বিহু আৰু অসমীয়া সমাজৰ পৰম্পৰা

আৰম্ভণি:


বিহু অসমৰ জাতীয় উৎসৱ। অতীজৰে পৰা বিহু অসমৰ পৌৰাণিক জনগোষ্ঠীৰ আমঠুস্বৰূপ হিচাপে পৰিগণিত। অসমৰ লোককৃষ্টি বিহুৰ জৰিয়তে আগন্তুক কৃষিৰ প্ৰাচুৰ্যতা, আই বসুমতীৰ উৰ্বৰতা বৃদ্ধি, সমাজৰ পৰা আপদ বিপদ আহুকাল,অসূয়া অপ্ৰীতি হিংসা দ্বেষ খেয়াল কপটতা আদি নাশ , অসমীয়া নৱবৰ্ষৰ প্ৰতি স্বাগতম আদি কামনা কৰি এই উৎসৱ পালন কৰা হয়। চ'ত মাহৰ শেষৰ দিনটোত অৰ্থাৎ সংক্ৰান্তিৰ দিনাখন বহাগ বিহু বা ৰঙালী বিহুৰ আৰম্ভ কৰা হয়। এই বিহু সাত দিন পৰ্যন্ত চলে। ইয়াক বহাগৰ সাত বিহু বুলিও ক'ব পৰা যায়। সাতবিহু হ'ল ক্ৰমে - গৰু বিহু , মানুহ বিহু, গোসাঁইৰ বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু বা চেনেহী বিহু,  চেৰা বিহু ।
  অসমৰ খাটিখোৱা জনগনৰ লগত বিহু সংপৃক্ত। চহা জীৱনৰ বিভিন্ন কাৰ্য বিহুৰ লগত জড়িত হৈ আছে। ৰোৱা তোলা, বোৱা-কটা, তামোল-পাণ, সাজ-পোছাক, বিভিন্ন বাদ্যযন্ত্ৰ, আ-অলংকাৰ, খোৱা-বোৱা আদি কাৰকৰ লগত বিহু ওতঃপ্ৰোতভাৱে জড়িত। অৰ্থাৎ চহা জীৱনৰ উঠাৰ পৰা শুৱালৈকে যিমান কাম হয় সেই কাৰকৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ লগত বিহুৰ সম্বন্ধ আছে। সেয়েহে ক'ব পাৰি যে বিহু অসমৰ খাটি খোৱা লোকসকলৰ হিয়াৰ আমঠুস্বৰূপ লোক উৎসৱ। 
    অসমৰ অসমীয়া জাতিৰ স্বাভিমান বিহুৰ সময় পৰিবৰ্তন হোৱাৰ লগে লগে বহুখিনি পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে। বিহুৰ দৰে স্বতস্ফুৰ্ত উৎসৱত পশ্চিমীয়া সংস্কৃতিৰ সংযোজন ঘটাৰ ফলত বিহুৰ স্বকীয়তা বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে। পূৰ্বপুৰুষৰ উত্তৰাধিকাৰী হিচাপে লাভ কৰা বাপতিসাহোন বিহুক আজি আমি যে সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাই বা নিষ্কলঙ্ক ভাৱে ধৰি ৰাখিব পৰা নাই সেয়া বৰ্তমানৰ বিহুৰ ৰেহৰূপ পৰ্য্যবেক্ষণ কৰিলে বুজিব পৰা যায়। পূৰ্বৰ বিহুৰ যি মৌলিকতা সেয়া বহুখিনি ম্লান পৰিছে। 
   আধুনিকতাৰ চাপে বিহু লোককৃষ্টিক বাৰুকৈয়ে কোঙা কৰি পেলাইছে। আগৰ সাত বিহু এতিয়া বহাগৰ পৰা জেঠ আহাৰলৈ পৰ্যবসিত হ'ল। বিহুৰ ৰীতি-নীতি ,যি পৰম্পৰা সেয়া ধোঁৱাচাঙত উঠিল।

পৰম্পৰা অতীত আৰু বৰ্তমানৰ

পৰম্পৰা অনুসৰি অতীতত গৰুবিহুৰ দিনা গৰু গা ধোৱাবলৈ আগদিনাই চাটমাৰি বনাই সাজু কৰিব লাগে। চাটমাৰিত তলৰ পৰা ওপৰলৈ হালধি, থেকেৰা, বেঙেনা আৰু লাউ সিঙা হয়। এই ধৰণে পুন:পুন: বাৰ সিঙি গৈ শেষত লাউত শেষ কৰিব লাগে। যিহেতু গৰুক গা-ধোৱাঁওতে প্ৰথম লাউ, দ্বিতীয় বেঙেনা, তৃতীয়তে থেকেৰা, চতুৰ্থতে হালধি মাৰি গা-ধোওৱা হয়। গৰু বিহুৰ দিনা ৰাইজে প্ৰত্যেকৰে গৰুবোৰ পথাৰত পানী থকা ঠাইত একগোট কৰে আৰু গাঁৱৰ মুখিয়াল সকলে ভগৱন্তক আৰধনা কৰে আৰু আৰ্শীবদীয়াই গৰুবোৰৰ আগন্তুক দিনবোৰত কোনো অপায় অমংগলৰ ভাগি নহ'বৰ বাবে আৰ্শীবাদ প্ৰদান কৰে। তেখেতসকলে " লাউ খা, বেঙেনা খা, থেকেৰা খা, হালধি খা, দিনক দিনে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু " বুলি কৈ কৈ চাটমাৰিৰ পৰা এৰুৱাই গৰুবোৰক মাৰাৰ মাত্ৰকে আনবিলাকেও নিজৰ গৰু বিচাৰি মাৰিব লাগে। ইয়াৰ পাছত চাটমাৰি এজনে আনএজনৰ লগত সলোৱাৰ নিয়ম আছে। লোকবিশ্বাস আছে যে এনেদৰে সলালে গৰুবিলাকো সমিলমিলেৰে থাকে আৰু সকলোৰে সমানকৈ গৰু গোহালিত বাঢ়ে ।
     কিন্তু আজি আধুনিকতাৰ ধামখুমীয়াত পৰি আমি এই বিলাকৰ বহু নিয়মেই পাহৰি পেলাইছো । এয়া শুভ লক্ষণ নহয়। জাতি এটা মূৰ দাঙি জীয়াই থাকিব হ'লে সেই জাতিৰ কৃষ্টি সংস্কৃতি জীয়াই থাকিব লাগিব। সংস্কৃতি পৰিবৰ্ত্তনশীল হ'ব পাৰে কিন্তু ৰীতি-নীতি কেতিয়াও পৰিবৰ্তনৰ সম্ভৱ নহয়। যিমানেই আধুনিকতা নাহক , বিহুৰ কেতিয়াও পৰিবৰ্তন হ'ব নোৱাৰে। কাৰণ বিহু হ'ল লোক সংস্কৃতি । লোক সংস্কৃতি অপৰিবৰ্তনীয়। এই সম্পৰ্কত স্বনামধন্য লেখক চন্দ্ৰপ্ৰসাদ শইকীয়াই ১৯২৩ চনতে লিখি থৈ গৈছে --" আধুনিক জীৱনৰ বাস্তৱ দৃষ্টিৰে এক সংখ্যক লোকে বিহু সংস্কৃতিৰ আধুনিকীকৰণৰ কথা ভাৱে। কিন্তু সেইটো সম্ভৱ নহয়। পৃথিৱীৰ আন কোনো লোক-সংস্কৃতিৰ পূৰ্ণ আধুনিকীকৰণ অসম্ভৱ। বিহু গীতৰ মাজত আধুনিক কবিতা, গীতৰ দুৰূহ শব্দ সোমোৱাটো অকল্পনীয়। তাজমহলক আধুনিক স্থাপত্যৰ দ্বাৰা সৰ্বাধুনিক অথবা কৰ্ণাটকৰ সূৰ্য মন্দিৰৰ গাত আধুনিক ৰং দি চমকপ্ৰদ কৰাৰ চেষ্টা সম্পূৰ্ণ বৃথা। সম্পূৰ্ণ গাঁৱৰ পৰিৱেশত প্ৰকৃতিৰ অনন্ত শোভাৰ মাজত, বিশাল আকাশৰতলত বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনত এই বিহুৰ জন্ম হৈছিল। স্বভাৱ কবিৰ অলিখিত গীত আৰু লোকবাদ্যৰ মাধ্যমবোৰ প্ৰকৃতিৰ আহ্বানত যুৱক-যুৱতীয়ে নিজৰ হৃদয়ৰ কাহিনী এদিন ইজনে সিজনক নিৱেদন কৰিছিল। আধুনিক সভ্যতাৰ পৰিণামত গাঁৱৰ পৰা নগৰলৈ মানুহৰ প্ৰৱজন ঘটিল আৰু তেনেদৰেই নগৰত প্ৰৱেশ কৰিলে বিহু সংস্কৃতিয়ে। কিন্তু পৃথিৱীৰ সকলো দেশৰ লোকনৃত্য গীতৰ দৰে বিহুও চিৰদিন তাৰ সেই আদিম প্ৰভাৱতেই বাজি থাকিব।" কাজেই বিহুৰ সেই 'আদিম প্ৰভাৱে'ই হ'ল বিহুৰ পৰম্পৰা। সেই পৰম্পৰা আজি অটুট আছে নে বাৰু ?  নতুন প্ৰজন্মৰ কিমানজনে বিহুৰ পৰম্পৰা মানি চলে ? আজি আমাৰ মনত এনে বহু প্ৰশ্নৰ উদয় হৈছে যাৰ উত্তৰ বিৰাট শূণ্য মাথোন।
   'সৰুৱে জেষ্ঠজনক সেৱা কৰা'ৰ মানসিকতা আমাৰ নোহোৱা হৈ গৈ আছে। জেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ নকৰাৰ মানসিকতাই গা কৰি উঠিছে। বৰজনাই বোৱাৰীক চিনি নাপাই, শহুৰেকে বোৱাৰীক চিনি নাপায় ,বোৱাৰীকৰ ওৰণি নাই আদি এশ এবুৰি সমাজৰ বান্ধোন নমনা উতনুৱা স্বভাৱৰ জেষ্ঠ সকলৰ পৰাই যে নতুন প্ৰজন্মই শিক্ষা আহৰণ কৰিব সেয়া ধ্ৰুৱসত্য। সমাজৰ ৰীতি-নীতি যিমানেই সোপাঢিলা হৈ গৈ থাকিব, সিমানেই বিহু বা আন উৎসৱৰ ক্ষেত্ৰতো ৰীতি-নীতি ঢিলা হৈ গৈ থাকিব এয়া অপ্ৰিয় হ'লেও সত্য।
   'হুঁচৰি' বিহু লোক কৃষ্টিৰ মূল হোতা। হুঁচৰি গীত আমি কিমান জনে জানো বা ইয়াৰ সম্পৰ্কে বুজিবলৈ কোনোবাদিনা প্ৰয়াস কৰিছোঁ নে ? গ্ৰাম্য সমাজৰ পৰা নগৰলৈ বা মঞ্চত প্ৰৱেশ কৰা পিছৰ পৰাই হুঁচৰিৰ মূল ভেটিতোও কিছুমান  অপসংস্কৃতিয়ে ছানি ধৰা দেখা গৈছে। হুঁচৰি গীতৰ আগৰ যি গাম্ভীৰ্য্যতা সেয়া কিছু ম্লান পৰাৰ কাৰণ হ'ল ভাষাৰ পৰিবৰ্তন ,সুৰৰ পৰিবৰ্তন আদি। কেছেটৰ বাৰেভচহু চহা জীৱনৰ পৰশ নথকা হুঁচৰি গীতৰ প্ৰয়োভৰে পৰম্পৰাগত ভাবে চলি অহা হুঁচৰি গীতৰ আয়ুস টুটাই আনিছে।
   

বিহু লোক সংস্কৃতিৰ সংৰক্ষণৰ ব্যৱস্থা

বিহু অসমৰ জাতীয় উৎসৱ। যি হাৰত বিহুৰ পৰিবৰ্তন হ'ব ধৰিছে হয়তো এদিন বিহুৰ লগত জড়িত বাদ্য যন্ত্ৰও বিলুপ্ত হ'ব। তাৰ ঠাইত আধুনিকতাৰ স্পৰ্শ আৰু উদ্যোগত নিৰ্মিত বাদ্যইহে ঠাই পাব। আগৰ দিনত কঁঠাল গছৰ কাঠেৰে, চাম গছৰ কাঠেৰে ঢোলৰ খোলাটো নিৰ্মাণ কৰিছিল সম্পূৰ্ণ নিজা চিন্তাৰে । সেয়েহে বিহু গীততো কঁঠাল, আম আদি গছৰ সম্পৰ্কে গায়। কিন্তু আজি বোপা ককাৰ এই সঁচ যেন আমি হেৰুৱাই পেলাইছো। আমি সকলোৱে বিহু সংস্কৃতি জীয়াই ৰাখিব লাগিব। ইয়াৰ লগত জড়িত বিভিন্ন বাদ্য যন্ত্ৰীৰ ব্যৱহাৰ আমি সকলোৱে জনা প্ৰয়োজন আহি পৰিছে। অসমীয়াৰ বিহুৰ নিঁভাজ পৰিৱেশ নতুন প্ৰজন্মই বৰ্তাই ৰাখিবৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰিব লাগিব।

 সামৰণি

অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বহাগ বিহুক বিভিন্ন নামেৰে উৎযাপন কৰা দেখা যায়। বড়ো, কাৰ্বি, দেউৰী, মিচিং, ৰাভা আদি জনগোষ্ঠী সমূহে বিহুক সুকীয়া নামেৰে নামাকৰণ কৰে আৰু বিহু উদযাপন কৰে। কিন্তু যিহলেও বিহু হ'ল লোক সংস্কৃতি। গ্ৰাম্য সমাজৰ চহা লোকৰ পৰশেৰে পূৰ্ণ। আই বসুমতীৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে বিহুত যৌনগন্ধীমূলক বিহুগীত পৰিৱেশন কৰা হয়।
    যিকি নহওঁক বিহু অসমৰ জাতীয় উৎসৱ। অসমীয়াৰ বাপতিসাহোন বিহুক জীয়াই ৰাখিবলৈ আমি ইয়াৰ নীতি নিয়ম, পৰম্পৰা অনুসৰণ কৰিব লাগিব। সংস্কৃতি পৰিবৰ্ত্তনশীল গতিকে বিহু পৰিবৰ্তন হৈছে। যিহেতু বিহুও সংস্কৃতি । বিহু সংস্কৃতি হিচাপে বৈ থাকক, কিন্তু মূল সুঁতিৰে ।তাৰ বাবে সজাগ সচেতন হ'ব লাগিব। মঞ্চ বিহুৰ ফলশ্ৰুতিতে হওঁক বা আন কাৰণতেই হওঁক বিহুৰ স্বকীয়তা নষ্ট হৈছে সেয়া সঁচা কথা। আমাৰ নৱপ্ৰজন্মইও শুদ্ধ খিনি গ্ৰহণৰ চেষ্টা কৰক। আমাক ৰেপ চং বা ৰেপ বিহুৰ প্ৰয়োজন নাই। সেয়া বিহু হ'বই নোৱাৰে। 
  পৰিশেষত আজি ৰঙালী বিহুৰ ওলগ জনালোঁ আপোনাসৱলৈ মোৰ তৰফৰ পৰা। 

বি:দ্ৰ:
লেখনীটো খৰধৰকৈ লিখাৰ বাবে আসোঁৱাহ ৰৈ যাব পাৰে। তাৰ বাবে সুধী সমাজৰ পৰামৰ্শ কামনা কৰিলো। 




No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts