মানুহৰ ব্যক্তিত্ব কেনে হোৱা উচিত?
মানুহ এজনৰ ব্যক্তিত্ব যিমানেই আকৰ্ষণীয় হ'ব, সেই মানুহজনে আনক সিমানেই মোহিত কৰিব। ব্যক্তিত্ব হ'ল কোনো এজন ব্যক্তিৰ গাত নিহিত থকা সকলো বৈশিষ্ট্যৰ এক ভঁৰাল। মানুহৰ ব্যক্তিত্ব সদায় ভাল হোৱা উচিত। কাৰণ ভাল ব্যক্তিত্বৰ মানুহকহে সকলোৱে সন্মান কৰে। ঠগবাজী, ধান্দাবাজী, গুন্দা প্ৰকৃতিৰ মানুহক সকলোৱে লেইলেই চেইচেই কৰা দেখা যায়। সাধাৰণতে মানুহৰ ব্যক্তিত্ব বেলেগ বেলেগ হোৱা দেখা যায়। কিছুমান কোমল মনৰ মানুহ হয় আৰু আন কিছুমান কঠোৰ মনৰ মানুহ হয়। কোমল মনৰ মানুহ বিলাক আদৰ্শবাদী আৰু ভাৱবাদী হয় । আনহাতে কঠোৰ মনৰ মানুহ বিলাক বাস্তৱবাদী বা বাহ্যিক পৃথিৱীৰ প্ৰতি বেছি আকৃষ্ট হয়।
কোমল মনৰ মানুহ বিলাকক সকলোৱে ভাল পায় যদিও কঠোৰ মনৰ মানুহ বিলাকৰ দৰে জনপ্ৰিয় হ'ব নোৱাৰে।
অৱশ্যে মোৰ মতে ব্যক্তিত্বক বিভিন্ন প্ৰকাৰত ভাগ কৰা উচিত নহয়। কাৰণ কোনো মানুহৰে ব্যক্তিত্ব কোনো এটা নিৰ্দিষ্ট ভাগত নপৰে।
মানুহৰ ব্যক্তিত্বৰ প্ৰকাৰ (Types of personality):
মনোবিদ সকলে ব্যক্তিত্বক বিভিন্ন প্ৰকাৰত ভাগ কৰিছে যদিও অভিজ্ঞতাৰ ফালৰপৰা ক'ব পাৰি যে মানুহৰ ব্যক্তিত্ব দুই প্ৰকাৰৰ হ'ব পাৰে-- অন্তমুৰ্খী আৰু বহিমুৰ্খী ।
অন্তৰ্মূখী ব্যক্তিত্ব (introvert):
অন্তৰ্মূখী ব্যক্তিত্বৰ মানুহৰ লক্ষণ হ'ল -- ইহঁতে কম কথা কয় আৰু বেছি চিন্তা কৰে। ইহঁত নিজস্ব ঢিন্তা চৰ্চাৰ মাজত ব্যস্ত থাকে। সকলো বিষয়তে এই শ্ৰেণীৰ মানুহে নিজস্ব মতামত আগবঢ়ায় আৰু ৰাজহুৱা মতামতৰ ওপৰত বৰ বেছি গুৰুত্ব নিদিয়ে। অন্তৰ্মূখী ব্যক্তিত্বৰ মানুহবোৰ সাধাৰণতে কবি, সাহিত্যিক, সমালোচক, বিজ্ঞানী, দাৰ্শনিক শিল্পী আদি হ'ব পাৰে। অভিজ্ঞতাৰ ভিত্তিত ক'ব পাৰি যে এনে মানুহবোৰে সমাজৰ লগত অনবৰতে ওলাই সোমাই চলিব নিবিচাৰে। তেওঁৰ মতে সমাজৰ লগত অনবৰতে ওলাই সোমাই চলা মানে ব্যাপক হাৰত সময় অপব্যয় হোৱা। সেয়েহে এই ভাগৰ ব্যক্তি জনপ্ৰিয় হ'ব নোৱাৰে।
বহিমুৰ্খী ব্যক্তিত্ব (extrovert):
বহিমুৰ্খী মানুহ বিলাক সমাজৰ লগত অনবৰতে মিলা মিছা কৰি ভাল পায়। জনসাধাৰণৰ লগত থাকি জনসাধাৰণৰ বিভিন্ন অভাৱ অভিযোগ জানিবলৈ ইচ্ছা কৰে আৰু ইয়াৰ সমাধানৰ বাবে আন্দোলন বা আন সিদ্ধান্ত গ্ৰহণত আগভাগ লয়। এনেধৰণৰ মানুহবিলাক ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰাত পাকৈত। দৰাচলতে এনে ব্যক্তিত্বৰ মানুহবিলাকৰ ক্ষেত্ৰত উপস্থিত বুদ্ধি বেছিকৈ থাকে বুলি ভবা হয়। ইহঁত বাস্তৱ জগতৰ প্ৰতি বেছি আকৰ্ষিত । সেয়েহে এই শ্ৰেণীৰ মানুহ জনপ্ৰিয় হয়। বিশেষকৈ সমাজকৰ্মী, ৰাজনৈতিক কৰ্মী, খেলুৱৈ, অভিনেতা, অভিনেত্ৰী, নাট পৰিচালক, বোলছবি পৰিচালক আদি এই শ্ৰেণীৰ অন্তৰ্ভূক্ত লোক হিচাপে বিবেচনা কৰিব পাৰি। বহিমুৰ্খী মানুহবিলাক ক্ষণে তুষ্ট, ক্ষণে ৰুষ্ট প্ৰকৃতিৰ হয়।
সামৰণি (Conclusion):
মানুহ হিচাপে আমি নিজকে এইদৰে ভাগ কৰা উচিত নহয়। কাৰণ প্ৰতিজন মানুহৰে মনবিলাক বেলেগ বেলেগ হয়। অসমীয়াত এটা প্ৰবচন আছে- " ধানটোৰ প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো" । অৰ্থাৎ প্ৰতিটো ধানৰ যিদৰে কণবিলাক বেলেগ বেলেগ হয়, একেদৰে প্ৰতিজন মানুহৰে মনবিলাক বেলেগ বেলেগ হয়। কিছুমান অন্তমুৰ্খী মানুহেও সামাজিক কাম কৰি ভাল পায় আৰু বক্তৃতা দি ভাল পায়। আনহাতে কিছুমান বহিমুৰ্খী মানুহেও তাৎক্ষণিক ভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। বেছিভাগ মানুহেই সানমিহলি ব্যক্তিত্বৰ অধিকাৰী হয়।
>
>
>
>
>
>
>পৰিশেষত,
অসীম ধৈৰ্য্যৰে পঢ়াৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জনালো।
... দুদুল সোণোৱাল।
+++++++++++++++++++++++++++++++++
No comments:
Post a Comment
dudulsonowal32@gmail.com