Sunday, April 25, 2021

Application of mathematics in Language | ভাষাত গণিতৰ প্ৰয়োগ ।

ভাষাত গণিতৰ প্ৰয়োগ

  
    

        ভাষাত সংখ্যাৰ জৰিয়তে কিছুমান গভীৰ অৰ্থনিহিত বাক্যাংশ বা জতুৱা ঠাঁচ প্ৰকাশ কৰা হয়। সংখ্যাবিলাকক বিভিন্ন প্ৰকাৰে প্ৰয়োগ কৰি সাৰুৱা শব্দৰ সমষ্টিলৈ ৰূপান্তৰ কৰিব পৰা যায়। আমি দৈনন্দিন জীৱনত সচৰাচৰ ব্যৱহাৰ কৰা কেইটামান সাংখ্যিক জতুৱা ঠাঁচ ইয়াত উল্লেখ কৰিলোঁ আৰু ইয়াৰ সংক্ষিপ্ত ৰূপত বৰ্ণনা আগবঢ়াবলৈ প্ৰয়াস কৰিলোঁ। 


1. সাতে পাঁচে বাৰ হয় : (সত্যতাৰ অৰ্থত )


   সাত আৰু পাঁচ যোগ কৰিলে আমি বাৰ ( ১২) পাওঁ। অৰ্থাৎ ৭ + ৫ = ১২  ।  কেৱল সাত বা পাঁচেৰে কেতিয়াও বাৰ হ'ব নোৱাৰে। ই অসম্ভৱ কথা। আনহাতে ই গণিতৰ পৰিপন্থী হ'ব। একেদৰে কোনো দুজন মানুহৰ মাজত কাজিয়া সৃষ্টি হ'লে কেৱল এজনৰ ভুল নহয়, দুয়োজনৰ ভুলৰ পৰিণতিত কাজিয়া সৃষ্টি হয়। গতিকে কেৱল এজনক দোষীব নোৱাৰে। এজনৰ দোষ কম হ'লে আনজনৰ বেছি হ'ব। অসমীয়া ভাষাৰ প্ৰবচন 'এক হাতে তালি নাবাজে।' ৰ লগত ইয়াৰ অৰ্থ সদৃশ হ'ব যেন লাগে। কামৰ ক্ষেত্ৰটো এই খণ্ডবাক্য ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ এজনে কৰিব নোৱাৰা কাম এটা, দুজন লগলাগি সহজে সমাধা কৰিব পাৰি। গতিকে উল্লেখিত সাংখ্যিক জতুৱা ঠাঁচটোৱে এই অৰ্থকে প্ৰতিপন্ন কৰিছে যে যিকোনো ঘটনাৰ ক্ষেত্ৰত দুটা কাৰকে ক্ৰিয়া কৰে যাক দুটা গৌণ কাৰক বুলি ক'ব পাৰোঁ আৰু এই দুটা কাৰকৰ সংমিশ্ৰণৰ ফলত যি কাৰকৰ সৃষ্টি হয় সেয়াই হৈছে মুখ্য কাৰক। 


2. চাৰি পাঁচৰ পুৰণ কেতিয়াও ন নহয় : ( শত্ৰু-মিত্ৰৰ সম্পৰ্কৰ কথা কোৱা হৈছে)


  চাৰি সংখ্যাৰ লগত পাঁচ পুৰণ কৰিলে কেতিয়াও ন হ'ব নোৱাৰে। অৰ্থাৎ ৪×৫ not equal to ৯ বা ৪ ৰ লগত ৫ পুৰণ কৰিলে ৯ ৰ সমান নহয়। পুৰণ কৰিলে ইহঁতৰ মান বাঢ়ি যায়। একেদৰে মানুহৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ এনেদৰে প্ৰকাশ কৰিব পাৰি-- দুজন ঘোৰ শত্ৰুৰ মাজত মিত্ৰ হোৱাত বৰ অসুবিধা আছে আৰু প্ৰায় মিত্ৰলৈ সিহঁতৰ সম্পৰ্ক উন্নীত হোৱা কাচিৎহে পৰিলক্ষিত হয়। মানুহ দুজনৰ প্ৰত্যেকৰে মনোভাৱ সম্পূৰ্ণ পৃথক হ'লেহে এনে হয়। অসমীয়াত এনে দুজন মানুহক 'কুকুৰ আৰু মেকুৰী'ৰ লগত তুলনা কৰা হয়। এনে অৰ্থ প্ৰকাশ কৰি বিপক্ষক ক'বৰ বাবে বা মন্তব্য আগবঢ়াবৰ বাবে এই সাংখ্যিক জতুৱা ঠাঁচ প্ৰয়োগ কৰিব পৰা যায়।

3. উনৈশত বা বুলাই ফুৰা: ( যৌৱনৰ বয়সত মতলীয়া হোৱাা বা লাহ বিলাসত বা আনন্দত ঘূৰি ফুৰা। )

   ১৯ বছৰ বয়স যৌৱনৰ মুখ্য সময়। এই সময়ছোৱাত সাধাৰণতে ল'ৰা-ছোৱালী যৌৱনৰ বা লাগি মতলীয়া হৈ থাকে।যি মন যায় তাকে কৰিব বিচাৰে। বিভিন্ন সুগন্ধি দ্ৰব্য বা প্ৰসাধন শৰীৰত লগাই ভাল পায়। সুন্দৰ সাজ-পোছাক পিন্ধি বন্ধুবৰ্গৰ সৈতে যেনি-তেনি উলাই গা-ঘেলাই ফুৰিবলৈ ভাল পায়, প্ৰেমিক প্ৰেমিকাৰ ৰূপত ঘুৰি ফুৰিবলৈ ইচ্ছা কৰে... ইত্যাদি। সেয়েহে খুব বেছি মতলীয়া হৈ সৰু বা বয়োজেষ্ঠ্য এজনে অনাই বনাই ঘূৰি ফুৰিলে এই জতুৱা ঠাঁচেৰে ৰিজনি দিয়া হয়। ল'ৰাজনক বা বয়োজেষ্ঠ্যজনক এই আপ্ত বাক্যৰে লাজ দিবলৈ প্ৰকৃততে প্ৰয়োগ কৰা হয়।




   এনেদৰে সংখ্যাক সাঙুৰি বিভিন্ন ধৰণৰ জতুৱা ঠাঁচ আগৰে পৰা সমাজত প্ৰচলিত হৈ আহিছে। আমাৰ ছাত্ৰ ছাত্ৰী সকলে এনেধৰণৰ জতুৱা ঠাঁচবোৰ বিভিন্ন গ্ৰন্থত বিচাৰিলে পাব। নিজৰ বিচাৰ বিশ্লেষণৰ জৰিয়তেও নিজে সংখ্যাৰ জতুৱা ঠাঁচ গঠন কৰিব পৰা যায়।


সোণোৱাল কছাৰী সকলৰ  হুঁচৰি গোৱাৰ দৃশ্য  

               বিহু পৰম্পৰাগ 


সংক্ষিপ্ত প্ৰৱন্ধটো পঢ়িছোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো। 









লেখক : দুদুল সোণোৱাল।



   

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ..

    ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ.. Wishing you a very happy for RONGALI BIHU..        চাওঁতে চাওঁতে সময়ে মেলানি মাগি ব'হ...

Popular posts