Saturday, June 25, 2022

মোবাইল ফোন মানুহৰ বাদ নে আশীৰ্বাদ ? জানো আহক। Mobile phone is a human exception or a blessing ? Let's know .

🙏  মোবাইল ফোন মানুহৰ বাদ নে আশীৰ্বাদ ? মোবাইল ফোন কি ? মোবাইল ফোনৰ উপকাৰী দিশ আৰু অপকাৰী দিশ : মোবাইল ফোনৰ জনপ্ৰিয়তা : পৰামৰ্শ আৰু সামৰণি। 

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

মোবাইল ফোন কি ?

      এখন হাতৰ পাঁচোটা আঙুলিৰে টিপা মাৰি কাণত স্পৰ্শ কৰাই আনৰ লগত কথা পাতিব পৰা সৰু যন্ত্ৰ বিধেই হৈছে 'মোবাইল ফোন' । এজন ব্যক্তিয়ে আন এজন দূৰৈত অৱস্থান কৰা ব্যক্তিৰ সৈতে ফুচফুচাই মনৰ কথা আলোচনা কৰিব পৰা, গোপন কথাবোৰ আলোচনা কৰিব পৰা এই যন্ত্ৰ বিধক 'ফুচফুচ যন্ত্ৰ' বুলিও কোৱা হয়।। মোবাইল ফোনৰ জৰিয়তে দূৰৈত অৱস্থিত দুজন লোকৰ মাজত সহজে যোগাযোগ অক্ষুণ্ণ ৰাখিব পৰা যায়। অসমীয়া ভাষাত এই মোবাইল ফোনক ভ্ৰাম্যভাষ যন্ত্ৰ বুলি কোৱা হয়। 

   ইতিহাসৰ পাতত পোৱা যায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰ’লা কোম্পানীত কৰ্মৰত মাৰ্টিন কুপাৰ আৰু জ’ন ফ্ৰাঞ্চিচ মিচেল নামৰ বিজ্ঞানী দুজনে ১৯৭৩ চনত প্ৰথম তাঁৰবিহীন চেলুলাৰ ফোনবিধ নিৰ্মাণ কৰি উলিয়ায়ছিল। পৰৱৰ্তীকালত কেইবাটাও ঢাপ পাৰহৈ ম’বাইল ফোনে স্মাৰ্ট ফোনৰ স্তৰ লাভ কৰিবলৈ সক্ষম হৈছে। একেটা যন্ত্ৰৰে Text Massage, E-Mail, Phone Call, Camera, Compass, Internetৰ সংযোজনেৰে ডাটা Browsing ইত্যাদি অলেখ কাম কৰিব পাৰি বাবেই ইয়াক স্মাৰ্ট ফোন বুলিও কোৱা হয়। বৰ্তমান সময়ত মোবাইল ফোনৰ বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সংবৰ্ধন আৰু কাৰিকৰী মানৰ উন্নীতকৰণৰ কাম সময়ে সময়ে হৈ আহিছে। 2g, 3g , 4g আৰু শেহতীয়াকৈ 5g মোবাইলৰ বিকাশ সাধন কৰা হৈছে। 


মোবাইল ফোনৰ উপকাৰী দিশ :

    যিকোনো সামগ্ৰীৰে দুটা দিশৰ বৈশিষ্ট্য থাকে। এটা ভাল হ'লে আনটো দিশ বেয়া হয় এয়া সকলোৰে বিদিত। মোবাইলৰো ভাল আৰু বেয়া দুয়োটাই আছে। ইয়াৰ ভাল দিশকেই উপকাৰী দিশ হিচাপে গণ্য কৰা হৈছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱা সময়লৈকে আমাক মোবাইল ফোনৰ প্ৰয়োজন হয়। মোবাইল আমাৰ হাতত থাকে। দেশ-বিদেশৰ বা-বাতৰি অনায়াসে অতি কম সময়ৰ ব্যৱধানত এই প্ৰযুক্তিৰ জড়িয়তে লাভ কৰিব পাৰি। সত্য যুগত ভগৱান সকলে তপ জপৰ জৰিয়তে বিভিন্ন ঠাইত বাস কৰা মানুহৰ বা সমস্ত জগতৰ সম্পৰ্কে জানিব পাৰিছিল ঠিক সেই ক্ষমতা আজি মানুহৰ হাতত বিদ্যমান। এয়া কাল্পনিক নে সত্য সেই কথা আমি নাজানিলেও গীতা, মহাভাৰত, ৰামায়ণ আদিৰ দৰে ধৰ্মগ্ৰন্থ সমূহেও ভগৱানৰ এই মহাত্ম্য গুণ বখানে। ই যি কি নহওঁক,, আধুনিক যুগৰ ভগৱান হ'ল নিৰ্জীৱ প্ৰযুক্তিৰ সৃষ্টি মোবাইল ফোন। মোবাইল ফোনৰ দ্বাৰা কি কৰিব নোৱাৰি ? বিভিন্ন অফিচ কাছাৰীৰ কাম, বিদ্যালয়ৰ সৈতে সম্পৰ্কিত কাম, বেংক বানিজ্যৰে সম্পৰ্কিত কাম, চৰকাৰৰ বিভিন্ন আঁচনিৰ সম্পৰ্কে বিজ্ঞাপনৰ লগতে হিতাধিকাৰীৰ আবেদন গ্ৰহণ, মনোৰঞ্জনৰ কাৰণে বোলছবি প্ৰদৰ্শন, নানা বা-বাতৰি পৰিৱেশন, চাকৰিৰ বিজ্ঞাপন আৰু অনলাইনত আবেদন গ্ৰহণ.. আদি মোবাইল ফোনৰ জৰিয়তে অনায়াসে কৰিব পাৰি। মোবাইল ফোন কম্পিউটাৰৰ আন এটা সংস্কৰণ মাথোঁ। 
    বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম মোবাইল ফোনৰ মাধ্যমেৰে গ্ৰহণ কৰিব পাৰি। তেনেধৰণৰ শিক্ষাৰ বাবে একোটা এপ থাকে।এপটো ডাউনলড কৰি তাৰ জৰিয়তে সহজে বিষয়বস্তুৰ জ্ঞান আয়ত্ত কৰিব পাৰি। কেইটামান এপৰ নাম পঢ়ুৱৈৰ সুবিধাৰ্থে উল্লেখ কৰা হ'ল। ইচ্ছুক সকলে ব্যৱহাৰ কৰিব পাৰে । Educational.txt । BYJU'S-The Learning app, DIKSHA- platform for school education app, Lurningo- education app, EdApp mobile learning, Duolingo app, Khan academy app, Grammarly app, Cliffs Notes app, Star Chart App, SoloLearn app, EasyBib app, BrainScape app, Coursera app, PhotoMath app, Periodic table app, RealCalc Scientific Calculator app, Flashcards+ app, Google Classroom app, Socrative Students app , Quizizz play to learn app , Praadis Education Learning app আদি হ'ল তেনেধৰণৰ এপ । এই এপবোৰ ব্যৱহাৰকাৰীয়ে Play Store ৰ পৰা ডাউনলড কৰি ল'ব লাগে।। আকৌ বিভিন্ন কেৰিয়াৰৰ বাবে যেনে - IAS, IPS ACS, JEE, CEE আদিৰ বাবে আগতীয়াকৈ ক'ৰ্চিং ক্লাছ মোবাইলৰ জৰিয়তে কৰিব পৰা যায়। ইয়াৰ বাবে অৱশ্যে এপৰ গৰাকীয়ে কিছু ক্ষেত্ৰত কম পৰিমাণৰ মাননি লয়।
    আকৌ আজৰি সময় কটোৱাৰ নিমিত্তেও সুন্দৰ ব্যৱস্থা আছে। লুডু খেল, দবা খেল, তাচপাতৰ খেল আৰু মটৰ গাড়ীৰ খেল আদি অসংখ্য খেল সন্নিবিষ্ট কৰি ব্যৱহাৰ কাৰীৰ বাবে সুবিধা কৰি দিয়া হৈছে। মুঠতে মনোৰঞ্জনধৰ্মী সকলো ক্ৰিয়া কলাপ হাতৰ টিপতে পাব পাৰি। এনেবোৰ এপৰ জৰিয়তে নানান বিষয়ৰ শিক্ষা অতি সহজতে ঘৰত বহিয়েই পাব পাৰি একমাত্ৰ মোবাইল ফোনৰ মাধ্যমেৰে। 
  অৰ্ধসময়ৰ চাকৰি (পাৰ্ট টাইম জব), সম্পূৰ্ণ সময়ৰ চাকৰি (ফুল টাইম জব) অনলাইনত মোবাইলৰ জৰিয়তে কৰিব পাৰি। বানিজ্যৰ দিশটো মোবাইল ফোনে সহায় কৰে। চেয়াৰ ষ্টক মাৰ্কেটত ধন খটুৱাই মানে Invest কৰি মুনাফা অৰ্জন ঘৰৰ পৰাই লাভ কৰিব পাৰি। Phonepe app, Google pay app, Paytm money app আদিৰ জৰিয়তে ধনৰ আদান-প্ৰদানৰ, ধনৰ লেনাদেনাৰ কাম কৰিব পাৰি। আনহাতে আজিকালি বেংক প্ৰতিষ্ঠান সমূহে নিজাকৈ একোটা এপ গঠন কৰি দিছে গ্ৰাহকৰ সুবিধাৰ বাবে যাৰ জৰিয়তে বেংকৰ সকলো কাম ঘৰতে বহি সমাধা কৰিব পৰা যায়। গতিকে মোবাইল ফোনে আমাক বহু উপকাৰ সাধন কৰিছে যিবোৰ বৰ্ণনা কৰি শেষ কৰিবলৈ হ'লে এখন মহাভাৰতৰ সদৃশ হ'বগৈ।

মোবাইল ফোনৰ অপকাৰী দিশ : 
   
     অন্য সামগ্ৰীৰ যিদৰে বেয়া দিশ আছে, একেদৰে মোবাইলৰো বেয়া দিশ অৱশ্যে আছে। আপোনাসৱৰ নিশ্চয় সকলোৰে জ্ঞাত যে অত্যধিক মোবাইল ফোনৰ ব্যৱহাৰে আমাৰ চকুৰ দৃষ্টিশক্তি কমাই আনে। ব্যৱহাৰকাৰীৰ শৰীৰ দুৰ্বল আৰু অৱশ কৰি পেলায়। মূৰৰ বিষ , গাৰ বিষ , মূৰ ঘূৰণি আদিৰ দৰে পাৰ্শ্বক্ৰিয়া দেহত দেখা দিয়াৰ সম্ভাৱনা থাকে। ই যি কি নহওঁক, আধুনিক যুগৰ সকলো সুচল থকা এইবিধ আহিলা কিন্তু কোনো লোকেই ব্যৱহাৰ কৰিবলৈ নেৰে। 
   মোবাইল ফোনত ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন পৰ্ণ'গ্ৰাফী ভিডিঅ'উপলব্ধ। যি সমূহ ভিডিঅ' চাই আজিৰ সমাজত বিভিন্ন sex ৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে। ডেকাৰ পৰা বৃদ্ধলৈ মানুহৰ মানসিকতা এই চাইট সমূহে বেয়া দিশলৈ পৰিৱৰ্তন কৰাৰ নিদৰ্শন আছে। টিভি খুলিলেই তেনেধৰণৰ ঘৃণনীয় সংবাদ পোৱা যায়। ইয়াৰ মূলতে যে মোবাইলৰ কুপ্ৰভাৱ আছে এই বিষয়ে অধ্যয়ন কৰি উপলব্ধি কৰিব পাৰি। এনে ভিডিঅ'ৰ প্ৰতি সহজে সকলোৱে আকৰ্ষিত হয় । কেইদিনমানৰ আগৰ পৰা দেখা গৈছে গুৱাহাটীৰ এটা সংবাদ চেনেলে (Time Guwahati) এনে ঘৃণনীয় সংবাদ সমূহ পৰিৱেশন কৰি আছে। এইবোৰ সকলো ধৰণৰ মানুহে গো-গ্ৰাসে গিলিছে। লাইক,কমেণ্ট,চেয়াৰ লাখৰ ঘৰত উঠিছে। অৰ্থাৎ ইয়াৰ পৰা ক'ব পাৰি যে আমাৰ মানুহবিলাক বেয়াৰ প্ৰতি আকৃষ্ট বেছি। 
   বিশ্বৰ অৰ্থনৈতিক বজাৰখনত চাইবাৰ অপৰাধৰ সদৃশ অপৰাধ সমূহ মোবাইল ফোনৰ মাধ্যমেৰে হয় বুলি এক সমীক্ষাত প্ৰকাশ কৰা হৈছে। বিশেষকৈ ফেচবুক, টুৱিটাৰ, ইনষ্ট্ৰাগ্ৰাম , ইউটিউব আদিৰ বহুল ব্যৱহাৰে মানুহক মানুহে অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিছে। ফেচবুকত ব্যৱহাৰকাৰীয়ে সংলগ্ন কৰা তথ্য সমূহ অপৰাধীয়ে হৰণলুকী কৰি বিভিন্ন কামত লগোৱাৰ লগতে বেংকৰ একাউণ্টৰ পৰা জমাধন উঠাই নিবলৈ সক্ষম হৈছে। সেয়ে আমি পৰাপক্ষত সামাজিক মাধ্যমসমূহত নিজৰ বায়ডাতা চেয়াৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰা উচিত।
   আজিকালি সৰু সৰু কণ কণ ল'ৰা ছোৱালীয়েও মোবাইল অনায়াসে চলাব জানে। কত টিপিলে খেল ওলাই, ক'ত টিপিলে ফটো ওলাই, ক'ত টিপিলে চিনেমা ওলাই সকলোবোৰ সিহঁতৰ আঙুলিৰ মূৰত। এনে হৈছে যে কিছুমান সৰু ল'ৰা-ছোৱালীক নিচুকাবলৈ পিতৃ মাতৃয়ে মোবাইল দিয়াৰ ফলত ই অভ্যাসত পৰিণত হৈছেগৈ। অনবৰতে মোবাইলত গেম, চিনেমা , ভিডিঅ' চোৱাৰ ফলত কিতাপৰ প্ৰতি ধাউতি হ্ৰাস পাইছে। মোবাইলটো নাপালে মাক বাপেকৰ লগত, ককায়েক ভায়েকৰ মাজত কাজিয়া পেচালৰ সৃষ্টি হৈছে। মোবাইলৰ প্ৰতি থকা ৰাপে মানুহৰ মাজত থকা অকৃত্ৰিমতা নাশ কৰিছে। ল'ৰা ছোৱালীৰ মাজত থকা প্ৰকৃত মৰম স্নেহৰ লুপ্ত ঘটিবলৈ ধৰিছে। তদুপৰি মনত হিংসা, ভয়, একাকীত্ব, স্বাৰ্থপৰ মনোভাৱ, এলেহুৱা আদি নেতিবাচক মনোভাবৰ জন্ম দিয়াত মোবাইল ফোনে প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে। 

সাম্প্ৰতিক সময়ত মোবাইল ফোনৰ জনপ্ৰিয়তা :
   
    সাম্প্ৰতিক সময়ত মোবাইল ফোনৰ জনপ্ৰিয়তা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। ঘৰত লাগিলে খাবলৈ সংকট হওক, ঋণৰ বোজা যিমানেই বাঢ়ক হ'লেও ঘৰত যেনতেন এটা স্মাৰ্টফোন থাকিবই লাগিব । বৰ্তমান সময়ত সমাজত এনে মানসিকতাৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যে 'স্মাৰ্টফোন' ষ্টেটাচৰ এক অঘোষিত সম্বল। ই যিয়েই নহওঁক, বৰ্তমান সময়ত মোবাইল ফোন মানুহৰ এক অপৰিহাৰ্য্য অংগ হিচাপে বিবেচিত হৈ পৰিছে। অতি সহজে কঢ়িয়াই লৈ ফুৰিব পাৰি, কম মূল্যতে ক্ৰয় কৰিব পাৰি, সহজে বহু দূৰ দূৰণিৰ চিনা-নিচিনা ব্যক্তিৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পৰাৰ লগতে মনৰ বা-বাতৰি ল'ব পাৰি এই স্মাৰ্ট ফোনৰ মাধ্যমেৰে। সেয়ে ইয়াৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। 
    
উপসংহাৰ :

    স্মাৰ্ট ফোনৰ সম্পৰ্কে বোধকৰোঁ নজনা মানুহ এই মুলুকত নাই বুলিলেও অত্যুক্তি কৰা নহয়। হ'লেও ব্যৱহাৰকাৰীৰ সুচলতাৰ বাবে ওপৰত উল্লেখিত আলোচনা সমূহ আগবঢ়াবলৈ প্ৰচেষ্টা কৰা হৈছে। আমি স্মাৰ্ট ফোনৰ সম্পৰ্কে যিমান জানো,আকৌ সিমান নাজানোও। গতিকে ইয়াৰ সম্পৰ্কে যৎকিঞ্চিত অধ্যয়ন কৰাটো আমাৰ বাবে নিশ্চয় আদৰণীয় কামেই হ'ব বুলি ভাবোঁ। 
    স্মাৰ্ট ফোন বাদ নে আশীৰ্বাদ সেইটো স্মাৰ্ট ফোনৰ ব্যৱহাৰৰ ওপৰতে নিৰ্ভৰ কৰে। আপুনি যদি ভালখিনি গ্ৰহণ কৰে তেন্তে আপোনাৰ বাবে ই আৰ্শীবাদস্বৰূপ, যদি বেয়াবোৰ চাই আৰু গ্ৰহণ কৰি সময় অপব্যয় কৰে তেন্তে আপোনাৰ বাবে মোবাইল ফোন বাদ বা গলগ্ৰহলৈ পৰিণত হ'ব। বিশেষকৈ পিতৃ মাতৃয়ে সন্তানক মোবাইল ফোন এৰি দিলে কিছু নজৰ ৰাখিব লাগে।সেয়ে আহক মোবাইলৰ সম্পৰ্কে যৎকিঞ্চিত জানো আৰু ইয়াৰ সঠিক ব্যৱহাৰ কৰি নিজৰ লগতে সমাজৰ উন্নয়নত অৱদান আগবঢ়াও । 


অনুগ্ৰহ কৰি লেখাটো পঢ়ি চেয়াৰ কৰি মোক সহায়ৰ হাত আগবঢ়াব। পাৰিলে এটা কমেণ্ট তলৰ কমেণ্ট বাকচত এৰি যাব।‌ ধন্যবাদেৰে -
লেখক : দুদুল সোণোৱাল।


🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿
   


Monday, June 20, 2022

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। kolaguru Bishnu Prasad Rabba is a legend of Assam.


কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা । Kolaguru Bishnu Prasad Rabba is a legend of Assam.


        

    কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰে।

    ১৯০৯ জানুৱাৰী মাহৰ ৩১ তাৰিখে সেই সময়ৰ অবিভক্ত ভাৰতৰ ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোপালচন্দ্ৰ ৰাভা মাকৰ নাম গেথীবাই ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী এজন বড়ো জনগোষ্ঠীয় লোক যদিও তেখেতে এটা ৰাভা পৰিয়ালত ডাঙৰ-দীঘল হয়। পাছলৈ গোপাল চন্দ্ৰ মুছাহাৰীয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰে।
    বিষ্ণুপ্ৰসাদ ৰাভাই ১৯২৬ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰথম বিভাগত প্ৰৱেশিকা উত্তীৰ্ণ হয়। ১৯২৮ চনত কলিকতাৰ ছেইণ্ট পল কলেজৰপৰা প্ৰথম বিভাগত আই.এছচি পৰীক্ষাত উত্তীৰ্ণ হৈ পদাৰ্থবিজ্ঞানত অনাৰ্ছ লৈ ৰিপন কলেজৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে যদিও বিভিন্ন কাৰণত শিক্ষা সমাপ্ত কৰিবলৈ সক্ষম নহ'ল। ১৯২৯ চনত ৰিপন কলেজৰ তেখেত ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। আৰু ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বাধীন আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰে। পুলিচৰ হাৰাশাস্তিৰপৰা হাত সাৰিবলৈ তেওঁ কলিকতা পৰিত্যাগ কৰে আৰু কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ কলা শাখাত নাম ভৰ্তি কৰে। আন্দোলনত অংশ লোৱাৰ বাবে পুলিচৰ তেখেতে নানান হাৰাশাস্তি ভোগ কৰি থাকিবলগীয়া হৈছিল। পিছত কোচবিহাৰ ত্যাগ কৰি পূৰ্ববংগৰ কাৰমাইকেল কলেজত নামভৰ্তি কৰে। ১৯৩১ চনত ব্ৰিটিছ বিৰোধী কূটঘাতমূলক কামত জড়িত হোৱাৰ অভিযোগত জাৰীকৰা গ্ৰেপ্তাৰী পৰোৱানাৰপৰা হাত সাৰিবলৈ কলেজীয়া শিক্ষা সিমানতে সামৰি পুনৰ কলিকতালৈ উভতি যায়। তেখেতে মাধৱ বেজবৰুৱা সম্পাদিত "বাঁহী " নামৰ আলোচনীৰ "চিত্ৰলেখা" শিতান সম্পাদনা কৰে। ১৯৩৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিবলৈ লোৱা জয়মতী চলচ্চিত্ৰৰ কামত আৰু "শোণিত কুঁৱৰী" নাট বাণীবন্ধন কৰাত বিশেষ সহযোগিতা আগবঢ়ায়। ১৯৩৫ চনত যোৰহাটৰ প্ৰিয়লতা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ ছমাহ নৌহওঁতেই প্ৰিয়লতাৰ মৃত্যু। পত্নী প্ৰিয়লতাৰ স্মৃতিত "পৰজনমৰ শুভলগনত"’ শীৰ্ষক বিখ্যাত গীতটি ৰচনা কৰে। ১৯৪৩ চনত ব্ৰিটিছ চৰকাৰে নিষিদ্ধ ঘোষণা কৰা ভাৰতৰ "বিপ্লৱী কমিউনিষ্ট পাৰ্টী"ৰ সান্নিধ্যত কৃষক জাগৰণৰ কামত ব্যস্ত হয়। ১৯৪৫ চনত ভাৰতৰ "বিপ্লৱী কমিউনিষ্ট পাৰ্টী"ৰ সদস্যপদ লাভ কৰি পাৰ্টীৰ কামত লাগি বিভিন্ন ঠাইত আত্মগোপন কৰিবলগীয়া হয়। ১৯৫২ চনত আত্মগোপনৰ সময়তে প্ৰেমত পৰি নলবাৰীৰ কনকলতা মেধিক বিয়া কৰে। কনকলতাৰ সৈতে গোৱালপাৰাৰ ঘিলাগুৰিত পুলিচৰ হাতত গ্ৰেপ্তাৰ হয়। ১৯৫৪ চনত জেলৰপৰা মুক্তি লাভ কৰে। ১৯৫৫ চনত পাটীৰ গৰিষ্ঠসংখ্যক সদস্যৰ সিদ্ধান্ত অনুসৰি আন সকলৰ সৈতে "ভাৰতীয় কমিউনিষ্ট পাৰ্টী"ত যোগদান কৰে। ১৯৫৭ চনত ভাৰতৰ দ্বিতীয় সাধাৰণ নিৰ্বাচনত কোকৰাঝাৰ সংসদীয় সমষ্টিৰপৰা "ভাৰতীয় কমিউনিষ্ট পাৰ্টি"ৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হ'বলগীয়া হয়। ১৯৬২ চনত দুটি কণমানি পুত্ৰ সন্তানক এৰি থৈ দ্বিতীয় পত্নী কনকলতাই চিৰবিদায় লয়। চীন-ভাৰত যুদ্ধত চীনৰ পক্ষ লোৱাৰ অভিযোগত কমিউনিষ্ট পাৰ্টীৰ আন বহু সদস্যৰ সৈতে ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰেপ্তাৰ হৈ উৰিষ্যাৰ বৰহমপুৰ জেলত কাৰাবাস খাটিবলগীয়া হয়। ১৯৬৩ চনত জেলৰপৰা মুক্তি লাভ কৰে। ৰাভাদেৱে পুনৰ মোহিনীবালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৯৬৭ চনত তেজপুৰ বিধানসভা সমষ্টিৰপৰা দলৰ অনুমতি সাপেক্ষে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয়। ১৯৬৮ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয়। ১৯৬৯ চনত ৰোগশয্যাৰপৰাই জীৱনৰ অন্তিম সৃষ্টি ‘এয়ে মোৰ শেষ গান’শীৰ্ষক বিখ্যাত গীতটি ৰচনা। জুন মাহৰ ২০ তাৰিখে তেজপুৰৰ নিজ বাসভৱনত ইহলীলা সম্বৰণ কৰে।
            বিষ্ণু ৰাভাৰ উল্লেখযোগ্য প্ৰকাশিত পুথিসমূহ উপন্যাস, নাটক, প্ৰৱন্ধ আৰু গল্প আদি ভাগত শ্ৰেণীবিভাজন কৰিব পৰা যায়-
উপন্যাস-

 ১/ সোণপাহি
 ২/ মিচিং কনেং আৰু
 ৩/জীৱন লালসা

নাটক-

১/গেঙনি ৰেঙনি

প্ৰবন্ধ-

১/অসমীয়া কৃষ্টিৰ চমু আভাস
২/অতীত অসম
৩/মুক্তি দেউল
৪/ ন পৃথিৱীৰ নতুন যুগ
৫/ বড়ো জাতিৰ ইতিহাস
৬/ ৰাভা জাতিৰ ইতিবৃত্ত
৭/ বোঁৱতী পুতি
৮/ অসমীয়া কৃষ্টি
৯/ জনজাতীয় সংস্কৃতিত শিৱ
১০/ আলিয়াই-লিগাং
১১/ দিমাছা কছাৰীৰ বুৰঞ্জী
১২/ বান কেবাং

গল্পসমূহ-

১/ মামীৰ হাৰ
২/ কুৰি বছৰ জেইল
৩/ জাল কেছ
৪/ হিয়াৰ পুং
৫/ ফুংকা

    ইয়াৰ উপৰিও তেখেতে বহুকেইটা অসমীয়া গীত সৃষ্টি কৰে, যাক "ৰাভা সংগীত" নামেৰে বিভূষিত কৰা হৈছে।প্ৰতি বছৰে জুন মহৰ ২০ তাৰিখ দিনটো "ৰাভা দিৱসৰ" হিচাপে উৎযাপন কৰা হয়। সিদিনা অসমৰ বিভিন্ন ঠাইত "ৰাভা দিৱস" উৎযাপন কৰি মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয়।

Copied. প্ৰশান্ত শইকীয়া।


Friday, June 17, 2022

ভাৰত চৰকাৰৰ অগ্নিপথ আঁচনিৰ সম্পৰ্কে কিছু আলোকপাত। Some highlights about the Government of India's Agneepath scheme.

ভাৰতৰ তিনি সেনাত ভৰ্তি হ'ব পৰা অগ্নিপথ আঁচনি কি! এই আঁচনিৰ অধীনত কোনে কোনে তিনি সেনাত যোগদান কৰিব পাৰিব আৰু তেওঁলোকৰ দৰমহা কিমান হ'ব!

শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতৰ তিনি সেনাৰ মুৰব্বীয়ে ভাৰতৰ তিনি সেনাত যোগদান কৰিব ইচ্ছা থকা যুৱক সকলৰ বাবে এটা নতুন আঁচনি ঘোষণা কৰে যাৰ নাম 'অগ্নিপথ আঁচনি'। এনে আঁচনি ভাৰতত এইয়ায়ে প্ৰথম। আজিকালি যুদ্ধ-বিগ্ৰহ কেতিয়া আৰু কিয় হৈ যায় আগতীয়াকৈ কোৱা কঠিন। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ইজৰাইল-পেলেষ্টাইন যুদ্ধ, আফগানিস্তান-তালিবান আদি ইয়াৰ উদাহৰণ। বহু দেশত প্ৰত্যেক ঘৰৰ এজন হ'লেও সেনাত যোগদান কৰা বাধ্যতামূলক। কিছু দেশত প্ৰায় নাগৰিককে সেনাৰ প্ৰশিক্ষণ দিয়ে যাতে দেশৰ বিপদৰ সময়ত সক্ৰিয় সেনা কমি আহিলে এই প্ৰশিক্ষিত সকলক ব্যৱহাৰ কৰিব পাৰি। 'অগ্নিপথ আঁচনি'ৰ যোগেদি যোগদান কৰা তিনিও সেনাৰ সৈনিক সকলক 'অগ্নিবীৰ' বুলি কোৱা হ'ব। এই আঁচনিৰ যোগেদি যি সকলে তিনিও সেনাত যোগদান কৰিব তেওঁলোকৰ চাকৰিৰ বয়স হ'ব চাৰি বছৰ। তাৰে ছমাহ প্ৰশিক্ষণ আৰু চাৰে তিনি বছৰ সক্ৰিয় সৈনিকৰ চাকৰি। তাৰ পাছত এই সৈনিক সকলৰ মাজৰ পৰা প্ৰায় ২৫% সৈনিকৰ চাকৰি নিয়মীয়া কৰি দিয়া হ'ব আৰু বাকী ৭৫% সৈনিকক এটা 'সেৱা নিধি' আঁচনিৰ এটা মোটা ধন দি অৱসৰ দিয়া হ'ব।

কোন কোন এই 'অগ্নিবীৰ' হ'ব পাৰিব!

- 'অগ্নিবীৰ' হ'বলৈ পদপ্ৰাৰ্থীৰ বয়স ১৭.৫ বছৰ পৰা ২১ বছৰ হ'ব লাগিব।

- নূন্যতম মেট্ৰিক উত্তীৰ্ণৰ পৰা যোগ্যতা নিৰ্ধাৰণ কৰা হ'ব। হয়তো উচ্চ মাধ্যমিকৰ উত্তীৰ্ণও লব পাৰে। সেই কথা বিজ্ঞাপন ওলালে স্পষ্ট হ'ব।

- সেনাত ভৰ্তি হ'বলৈ যিখিনি শাৰীৰিক, মানসিক আৰু স্বাস্থ্যৰ প্ৰয়োজন সেইখিনি প্ৰাৰ্থীজনৰ থাকিব লাগিব। যেনে উচ্চতা, ওজন, শৰীৰৰ সকলো অংগ সুস্থ আৰু ভাল, দৌৰ বা যি শাৰীৰিক পৰীক্ষা লব উত্তীৰ্ণ হ'ব লাগিব।

'অগ্নিবীৰ' সকলৰ দৰমহা কিমান আৰু অৱসৰৰ পাছত কি লাভ হ'ব!

- 'অগ্নিবীৰ' সকলৰ প্ৰথম বছৰৰ দৰমহা প্ৰতিমাহে ৩০,০০০ টকা হ'ব। তাৰে ২১,০০০ প্ৰতিমাহে তেওঁ পাব আৰু ৯০০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ২৫২,০০০ টকা।

- দ্বিতীয় বছৰৰ দৰমহা প্ৰতিমাহে ৩৩,০০০ টকা হ'ব। তাৰে ২৩,১০০ প্ৰতিমাহে তেওঁ পাব আৰু ৯৯০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ২৭৭,২০০ টকা।

- তৃতীয় বছৰৰ দৰমহা প্ৰতিমাহে ৩৬,৫০০ টকা হ'ব। তাৰে ২৫,৫৮০ প্ৰতিমাহে তেওঁ পাব আৰু ১০৯৫০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ৩০৬,৯৬০ টকা।

- চতুৰ্থ বছৰৰ দৰমহা প্ৰতিমাহে ৪০,০০০ টকা হ'ব। তাৰে ২৮,০০০ প্ৰতিমাহে তেওঁ পাব আৰু ১২,০০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ৩৩৬,৩০০ টকা।

৪ বছৰৰ সৰ্বমুঠ এজন 'অগ্নিবীৰ' সৈনিকে ১১ লাখ ৭২ হাজাৰ ১৬০ টকা নগদ লাভ কৰিব।

এতিয়া চিন্তা এটা হৈছে সকলোৰে যে এই যে প্ৰতিমাহে 'সেৱা নিধি' আঁচনিৰ নামত ৩০% দৰমহা কাটি দিছে সেইটো কি চৰকাৰৰ পুঁজিলৈ যাব নেকি! চিন্তা নকৰিব। নাযায়। সেই টকা ৪ বছৰৰ মূৰত 'অগ্নিবীৰ' জনেই পাব তাকো দুগুণ আৰু সুত সহ। ৪ বছৰত 'সেৱা নিধি' আঁচনিৰ নামত মুঠ ৫০২,২০০ টকা কাটিব কিন্তু ৪ বছৰৰ পাছত অৱসৰ লোৱাৰ পাছত 'অগ্নিবীৰ' সৈনিকজনে প্ৰায় আকৌ ১১ লাখ ৭১ হাজাৰ টকা একেলগে লাভ কৰিব।

মই ইতিমধ্যে কৈছোঁ যে 'অগ্নিপথ আঁচনি'ৰ সকলো 'অগ্নিবীৰ'ক ৪ বছৰৰ পাছত অৱসৰ দিয়া নহয়। ২৫ শতাংশ অগ্নিবীৰ'ৰ চাকৰি নিয়মীয়া হৈ যাব। তেওঁলোকে পাছত সেনাৰ সকলো সুবিধা লাভ কৰিব। বছৰত 'অগ্নিপথ আঁচনি'ৰ অধীনত এই নিযুক্তি দুবাৰ হ'ব প্ৰতি ছমাহৰ মূৰে মূৰে। প্ৰতিবাৰত প্ৰায় ৫০,০০০ 'অগ্নিবীৰ'ক নিৰ্বাচিত কৰা হ'ব। এইবাৰ যিহেতু প্ৰথম সেইবাবে ৪৬,০০০ নিযুক্তি হ'ব। ইয়াৰ ৩০০০ নৌসেনা, ৩০০০ বায়ুসেনা আৰু বাকী ৪০,০০০ সেনালৈ যাব।

- প্ৰতিজন 'অগ্নিবীৰে' বছৰত এমাহ ছুটী পাব। চাকৰি কালত সেনাৰ চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা, কেণ্টিন সুবিধা আদি সকলো পাব।

'অগ্নিবীৰ' হোৱাৰ পাছত ক্ষতি হোৱাৰ সম্ভাৱনা-

- মোৰ দৃষ্টিত বৰ্তমান যি নিবনুৱা সমস্যা বাঢ়িছে আৰু মানুহ আৰ্থিক সংকটত ভুগিছে 'অগ্নিবীৰ' হ'লে ক্ষতিতকৈ লাভ বেছি হ'ব। ক্ষতি এটায়ে হ'ব যিহেতু 'অগ্নিবীৰ'ৰ ভৰ্তি ১৭.৫ বছৰৰ পৰা ২১ বছৰৰ ভিতৰৰ ল'ৰাৰ হ'ব সেইমতে অগ্নিবীৰ' হ'বলৈ আহিলে নিয়মীয়া পঢ়াত অলপ ব্যাঘাত জন্মিব। কিন্তু আজিকালি মুক্ত বিশ্ব বিদ্যালয়ত চাকৰি কৰিও পঢ়িব পাৰি, যদিও তেনেকৈ নপঢ়ে ২১ বছৰত ভৰ্তি হ'লে ল'ৰা এজন ২৫ বছৰত অৱসৰ হ'ব তাৰ পাছত আকৌ পঢ়া আগুৱাই নিব পাৰে। অৱসৰৰ পাছত আৰ্থিক অৱস্থাও অলপ সুচল হ'ব আৰু হাতত অৱসৰৰ পাছত পোৱা মোটা ধনখিনিও থাকিব। এনেও সেনাত ভৰ্তি খুব কম বয়সতে হয়।

'অগ্নিবীৰ' হোৱাৰ পাছত লাভ-

ভাৰতীয় সেনা, ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ু সেনাক তিনিওক একেলগে ভাৰতীয় সশস্ত্ৰ সেনা (Indian Armed Forces) বুলি বা Military Forces বুলিও কোৱা হয়। এনে এটা সন্মানজনক Uniform Service কৰা পাছত তেওঁৰ সেই অভিজ্ঞতাৰ বাবে সকলো ঠাইতে অগ্ৰাধিকাৰ পাই। আনকি বিমানৰ Emergency Exit ৰ XL চিটটোও সেনাৰ মানুহ যাত্ৰা কৰিলে তেওঁক বিনামূলীয়াকৈ দিয়ে কাৰণ কিবা বিমানখনৰ বিপদ হ'লে Emergency Exit দৰ্জা খন এজন সাধাৰণ মানুহতকৈ এজন সেনাৰ মানুহে ভালকৈ আৰু পেচাগত ভাবে খুলিব বুলি বিশ্বাস কৰে। কাৰণ তেওঁৰ সেই চাকৰিৰ অভিজ্ঞতা। সেনাৰ মানুহ মানে সকলো জানে, যি দিয়ে তাকে কৰিব পাৰে। 'নোৱাৰো' শব্দটো সেনাত নাইয়ে বুলিব পাৰি। সেইবাবে অৱসৰৰ পাছতো দ্বিতীয় চাকৰিৰ বাবে গ'লে সেনাৰ মানুহজনক বেছি অগ্ৰাধিকাৰ দিয়া হয়। তাৰোপৰি Discipline, Manners আদিৰ বাবেও সাক্ষাৎকাৰত পইণ্ট পাই। 'অগ্নিবীৰ' সকলক চাকৰিৰ পাছত এখন অভিজ্ঞতা প্ৰমাণ পত্ৰও চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব। যি খন পৰৱৰ্তী সময়ত বিভিন্ন চাকৰিৰ বাবে সুবিধা হ'ব। দ্বিতীয়তে মাত্ৰ ৪ বছৰ চাকৰি কৰি ৪ বছৰৰ পাছত ১১ লাখ ৭০ হাজাৰ টকা একেলগে নিয়াৰ পাছত ইমান মূল ধনেৰে চাকৰি নকৰোঁ বুলি ভাবিলেও নিজে এটা ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰে। ২৫ বছৰৰ একোৱে নহয়। তাৰ পাছত যদি পঢ়িব ইচ্ছা কৰে আকৌ পঢ়ি নিজৰ মন পছন্দৰ চাকৰি বিচাৰিব পাৰে যিটো সময়ত আৰ্থিক দুৰৱস্থাত ভুগি আছিল এতিয়া আৰ্থিক ভাৱে সবল হৈ জীৱনটো আগবঢ়াই নিব পাৰিব।

এই আঁচনিৰ ফলত ভাৰতৰ এইটোৱেই লাভ হ'ব যে বহু সেনা প্ৰশিক্ষিত ভাৰতত থাকিব। কাইলৈ ভগৱানে নকৰক কিবা যুদ্ধ আদি হ'লে ভাৰতৰ Backup force থাকিব।

আৰু একেবাৰে শেষত। এজন 'অগ্নিবীৰ' নামত ৪৮ লাখ টকাৰ Life Insurance কৰা হ'ব লগতে এই চাৰি বছৰত ভগৱানে নকৰক কোনোবা 'অগ্নিবীৰ' দেশৰ বাবে শ্বহীদ হয় তেওঁৰ পৰিয়ালে ৪৪ লাখ টকা লাভ কৰিব।

এই চাকৰিৰ বিজ্ঞাপন খুব সোনকালে ওলাব বুলি গম পোৱা গৈছে। মই যদি আগতীয়াকৈ গম পাওঁ জনাম বাৰু।

দেশৰ বাবে মৰিম বুলি কোনো সেনাত ভৰ্তি নহয়, দেশ ৰক্ষা কৰিম বুলিহে ভৰ্তি হয়। সেনাৰ প্ৰতি আগ্ৰহী যুৱক সকলৰ বাবে সেনাৰ পোছাক পিন্ধা ই এটা ভাল সুযোগ।


অতিথি শিতানত , লেখক :
- লক্ষ্য জ্যোতি নাথ

Thursday, June 16, 2022

শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী- চমু আলোকপাত। Academic environment and student - a brief discussion .

🙏 শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী: এক চমু আলোকপাত। Academic environment and Students : a short discussion. শৈক্ষিক পৰিৱেশ মানে কি : সমাজ আৰু অভিভাৱকৰ কৰণীয়: শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ : উপশমৰ উপায় : উপসংহাৰ।

👉 শৈক্ষিক পৰিৱেশ মানে কি আৰু কিয় ?  What is meant by academic environment and why ? 


পৰিৱেশ মানে হৈছে আমাৰ চৌপাশৰ এক অৱস্থা। প্ৰকৃতিৰ বায়ু পানী, মাটি আৰু চৌপাশৰ নদ-নদী, খাল-বিল,পাহাৰ-পৰ্বত,গছ-গছনি, ঘৰ-বাৰী ৰাস্তা-পদূলি.. আদিৰে আৱৰা অৱস্থাই হৈছে পৰিৱেশ। আনহাতে শিক্ষাৰ ক্ষেত্ৰত অনুষ্ঠান এটাত শিক্ষাৰ সৈতে সম্পৰ্ক থকা পৰিবেশেই হৈছে শৈক্ষিক পৰিৱেশ। শিক্ষাৰ বাবে প্ৰয়োজনীয় শান্তি, নিৰৱতা, নিস্তব্ধতা, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তীতা, পৰিষ্কাৰ পৰিচ্ছন্নতা, ছাত্ৰ ছাত্ৰীয়ে সুচাৰুৰূপে কৰ্তব্য পালন কৰা, শিক্ষকৰ দায়িত্বশীল কৰ্তব্য পালন ,শিক্ষাৰ মানদণ্ড, পাঠ আদান-প্ৰদান প্ৰক্ৰিয়া, ,.... আদিৰ অৱস্থাই হৈছে শৈক্ষিক পৰিৱেশ। শৈক্ষিক পৰিৱেশ বুলি কোৱা মাত্ৰকে বিদ্যালয়ৰ কথা আহি যায়। এখন বিদ্যালয়ৰ গণ্ডীৰত সৃষ্টি হোৱা পৰিৱেশ হ'ল শৈক্ষিক পৰিৱেশৰ উদাহৰণ। শৈক্ষিক পৰিৱেশ শিক্ষা গ্ৰহণৰ অনুকুল হোৱা বাঞ্ছনীয়। শৈক্ষিক পৰিৱেশ সৃষ্টিত শিক্ষক, ছাত্ৰ ছাত্ৰী , অভিভাৱক আৰু সমাজৰ ভূমিকা আছে।


👉 সমাজ আৰু অভিভাৱকৰ কৰণীয় :

শৈক্ষিক পৰিৱেশ উন্নতিৰ ক্ষেত্ৰত সমাজৰ কৰণীয় আছে। ইয়াত সমাজ বুলি কওঁতে বিদ্যালয়ৰ সৈতে সম্পৰ্ক থকা বিদ্যালয়ৰ আশে-পাশে বসবাস কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাসস্থানৰ কথাকে সাঙুৰি লোৱা হৈছে। ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক অভিভাৱিকা আৰু সমাজৰ মানৱ সম্পদৰ ভূমিকা ভাল হ'লে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সবল হয়। সুস্থ হয়। এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰী গৰাকীক ৬ ঘণ্টা মানহে সান্নিধ্যত পায়।এই সময়ছোৱাত আটাইতবোৰ শিকোৱা সম্ভৱ নহয়। বিদ্যায়তনিক শিক্ষাৰ পৰা বাহিৰা জ্ঞান প্ৰদানলৈ এক দীঘলীয়া সময়ৰ প্ৰয়োজন। পাঠৰ জ্ঞান প্ৰদানৰ বাহিৰে অন্য দৃষ্টিৰ জ্ঞান প্ৰদান কেতিয়াবা কিছু ক্ষেত্ৰত বাদ পৰি যায়। কিন্তু পিতৃ-মাতৃয়ে বাকী গোটেইখিনি সময়ত সন্তানক কাষত পায়। সেয়ে খোৱাৰ পৰা শোৱালৈ সন্তানৰ সুদায়িত্ব লোৱাটো একান্তই প্ৰয়োজন। পিতৃ-মাতৃৰ এনে প্ৰচেষ্টাই শৈক্ষিক পৰিৱেশত পৰোক্ষভাৱে প্ৰভাৱ পেলায়। শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় বহী,কলম, জ্যামিতিৰ বাকচ, আৰু আনুসংগিক সামগ্ৰীৰ সম্পৰ্কে পিতৃ মাতৃ সদায় সজাগ হোৱা প্ৰয়োজন। দেখা যায় চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ এনে সজুঁলি প্ৰায় ভাগৰে নাথাকে যাৰ বাবে শিক্ষা প্ৰদানত শিক্ষকৰ অসুবিধাৰ সৃষ্টি হয়। আনহাতে ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা পৰিৱেশ যদি সুস্থ নহয় তেন্তে সেই ছাত্ৰ ছাত্ৰীয়ে সুস্থ পৰিৱেশৰ সম্পৰ্কে সজাগ নহয়। ঘৰত যি ল'ৰা ছোৱালীয়ে মাক-দেউতাকৰ কথা নামানে সেই ল'ৰা ছোৱালীয়ে বিদ্যালয়তো শিক্ষকক অনুকৰণ কৰিব নুখুজে। শিক্ষকৰ অবাধ্য হয় । সেয়ে পিতৃ-মাতৃয়ে জ্যেষ্ঠ জনক সন্মান প্ৰদৰ্শন কৰিবলৈ আৰু কণিষ্ঠ জনক মৰম কৰিবলৈ ঘৰতে জ্ঞান দিয়া প্ৰয়োজন। ঘৰতে শিকি আহিলে বা তেনে এটা পৰিৱেশ পাই আহিলে ,বিদ্যালয়তো তেনে পৰিৱেশ গঢ় দিয়াত তেওঁ বাধ্য হ'ব। 

👉 শিক্ষাৰ্থীৰ কৰ্তব্য:

শিক্ষাৰ্থীৰ কৰ্তব্য হ'ল গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰা। গুৰুৱে শিকোৱা প্ৰতিটো বিষয়বস্তু খৰচি মাৰি বুজি লোৱাটো ছাত্ৰ বা ছাত্ৰী এজনৰ মূল কৰ্তব্য। ছাত্ৰ-ছাত্ৰীৰ কামেই হৈছে অধ্যয়ন কৰা। শিক্ষা গুৰুৰৰ বশ্যতা স্বীকাৰ কৰা। শিক্ষা গুৰুৰ উপদেশ আৰু পৰামৰ্শ মানি চলা। সংস্কৃতত এষাৰ কথা আছে- 'ছাত্ৰানং অধ্যনং তপ: ।' অৰ্থাৎ ছাত্ৰৰ মূল কৰ্তব্যই হৈছে অধ্যয়ন কৰা। আৰু এই অধ্যয়ন হোৱা উচিত মুনিৰ তপস্যা সদৃশ। মুনিয়ে যিদৰে মোক্ষ প্ৰাপ্তিৰ বাবে একান্ত ধ্যানত বা তপস্যাত নিমগ্ন হয়, ঠিক একেদৰে ছাত্ৰ এজনেও নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে একান্ত মনোযোগেৰে অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে। তদুপৰি অসমীয়া সমাজত প্ৰবাদ আছে, "পঢ়ায় পঢ়ে,ৰোৱে পান,ই তিনিও নিনিও নিচিন্তে আন।" অৰ্থাৎ যিজনে পঢ়ে সি পঢ়াৰ সলনি আন কথা চিন্তা কৰা অনুচিত। দ্বিতীয়তে যিজনে আনক পঢ়ায়, সি বিষয়বস্তুৰ ওপৰতহে অধিক গুৰুত্ব দিব লাগে আৰু নিয়াৰিকৈ পঢ়াব লাগে। পঢ়োৱা জনে কেতিয়াও পঢ়োৱাৰ সময়ত আন কথা চিন্তা কৰা উচিত নহয়। তৃতীয়তে, যি জনে পান লগায় সেই জনে পানৰ লগতে অনবৰতে ভালদৰে লাগি থাকিব লগীয়া হয়। নহ'লে পানে কেতিয়াও ভাল উৎপাদন নিদিব। পানগছ ভাল হ'বলৈ হ'লে ইয়াৰ যত্ন বা maintenance কৰা অতিকৈ প্ৰয়োজন। এই প্ৰবাদৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ, একান্ত ধ্যান, একাগ্ৰতা, শৃংখলাবদ্ধতা জ্ঞান, নিয়মানুৱৰ্তীতাৰ জ্ঞান অধ্যৱসায় ... আদি আহৰণৰ কথা কোৱা হৈছে।

👉 পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ :
শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ আছে। শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলৰ মাজত সমন্বয়হীনতাই শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত অৰিহণা যোগায়। ছাত্ৰ-ছাত্ৰী,শিক্ষক আৰু অভিভাৱকৰ মাজত সদায় পৰস্পৰ সহযোগিতা, মতামতৰ ঐক্যহীনতা , সমাজৰ মানৱ সম্পদৰ ব্যৱহাৰ, সমাজৰ সৈতে গভীৰ সম্পৰ্ক অটুট ৰখা, আদি কামবোৰ সুচাৰুৰূপে পালন কৰিব লাগে। ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ নীতি নিয়ম মানি নচলিলে, নিৰৱতা ভংগ কৰি কোলাহলৰ সৃষ্টি কৰিলে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হয়। শিক্ষক শিক্ষয়িত্ৰী সকলে নিয়মিতভাৱে পাঠদান কাৰ্যত নিয়োজিত নহ'লে , অবাবত কমন ৰূমত আড্ডা মাৰি থাকিলে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত প্ৰভাৱ পৰে। 

👉 উপশমৰ উপায় :

উপশমৰ উপায় শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ হাতত। 
১/ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ নীতি নিয়ম মানি চলিবলৈ বাধ্য কৰাব লাগিব। 
২/ নিয়মীয়াকৈ পাঠদান কাৰ্যত শিক্ষকসকলে অংশগ্ৰহণ কৰিব লাগিব।
৩/শিক্ষক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত সুসম্পৰ্ক বৰ্তাই ৰখা।
৪/ ছাত্ৰ ছাত্ৰীসকলক নীতি শিক্ষাৰে দীক্ষিত কৰোৱা।
৫/ বিদ্যালয়ত নিৰৱতা, নিস্তব্ধতা, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তীতা, পৰিষ্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ণ ৰাখিবলৈ ছাত্ৰ ছাত্ৰীসকলক অনুশাসনৰ জৰিয়তে বাধ্য কৰোৱা।
৬/ বিদ্যালয়ৰ চৌহদৰ দাঁতি-কাষৰীয়া অঞ্চলত উচ্চ শব্দযুক্ত যন্ত্ৰ বজোৱাত বাধা আৰোপ কৰা। যেনে মাইক।
৭/ বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা।
৮/ জাবৰ জোঁঠৰ জ্বলোৱাৰ পৰা বিৰত থকা।
৯/ চৌহদৰ ভিতৰত পলিথিন ব্যৱহাৰ ৰোধ কৰা।
১০/ শিক্ষক শিক্ষয়িত্ৰীবৃন্দই মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰ হ্ৰাস কৰা ।

👉 উপসংহাৰ : 

ঘাইকৈ শৈক্ষিক পৰিৱেশৰ লগত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী প্ৰত্যক্ষ ভাৱে জড়িত। বিদ্যালয়ৰ প্ৰধান শিক্ষক সেয়ে এই ক্ষেত্ৰত সজাগ হৈ নিজা উদ্যোগত বিদ্যালয়ৰ নীতি নিয়ম প্ৰস্তুত কৰা প্ৰয়োজন। নীতি নিয়ম শিক্ষক আৰু প্ৰধান শিক্ষকে কঠোৰভাৱে পালন কৰিব লাগে। যদি শিক্ষক সকল নিয়মীয়া হয়, কঠোৰ হয়, শৃংখলাবদ্ধ হয়, তেন্তে ছাত্ৰ ছাত্ৰীসকলেও নিয়ম মানি চলিবলৈ বাধ্য হ'ব।


🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄
🙏প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।


👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👧‍👧👨‍👨‍👧‍👧👨‍👨‍👧‍👧👨‍👨‍👧‍👧👨‍👨‍👦‍👦

Thursday, June 9, 2022

চৰকাৰী বিদ্যালয় বনাম ব্যক্তিগত বিদ্যালয় - এক চমু অৱলোকন। Government Schools versus Private Schools 🏫 a short Overview.

ফলাফল : চৰকাৰী বিদ্যালয় বনাম ব্যক্তিগত বিদ্যালয় ।

🏋️🏋️🏋️🏋️🏋️⛹️⛹️⛹️⛹️🚴🚴🚴🚴🤾🤾
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উলালে। ইয়াৰ পিছত টিভি, বাতৰি কাকতত কেৱল আলোচনা, পৰ্যালোচনা । বিষয় -- চৰকাৰী বিদ্যালয়ৰ ফলাফল কিয় নিম্ন হৈছে ? কাৰ দোষ - শিক্ষকৰ নে ছাত্ৰ ছাত্ৰীৰ ? নে অভিভাৱকৰ ? 
প্ৰতিটো আলোচনাৰ পৰা অনুভৱ হয় যে ক'ৰবাত নিশ্চয় কিবা ঘটিছে। যাৰ বাবে চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে ? এইবাৰৰ শিক্ষান্ত পৰীক্ষাত আহিছিল পূৰ্বৰ বৰ্ষৰ অৰ্থাৎ কৰণা কালৰ প্ৰশ্ন। কৰণা কালছোৱাত ব্যক্তিগত বিদ্যালয়ত অনলাইন প্ৰক্ৰিয়াৰে সুন্দৰকৈ ক্লাছ চলাই নিয়া পৰিলক্ষিত হৈছিল। কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত অনলাইন প্ৰক্ৰিয়াৰ শিক্ষা সন্তোষজনক নাছিল। ইয়াৰ কাৰণ নথকাও নহয়। চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকল প্ৰায় দৰিদ্ৰ পৰিয়ালৰ সন্তান। এটা মোবাইল ফোন কিনিবলৈ সামৰ্থ্যৰ অভাৱ। যাৰ বাবে অনলাইন প্ৰক্ৰিয়াৰ শিক্ষা গ্ৰহণত ছাত্ৰ ছাত্ৰী সংক্ৰিয় হ'ব নোৱাৰিলে। শিক্ষান্ত পৰীক্ষাত তাৰ কু-প্ৰভাৱ পৰিল এয়া নিশ্চিত। এয়াই কেৱল কাৰণ হ'ব নোৱাৰে আৰু খুচুৰিলে বহু কাৰণ ওলাব বুলি ক'ব পাৰি। 

সদ্যহতে মনত উদয় হোৱা প্ৰশ্নবোৰ হ'ল - চৰকাৰী বিদ্যালয়ৰ ফলাফল কিয় ইমান নিম্নলৈ গতি কৰিছে ? চৰকাৰী বিদ্যালয়ত শিক্ষা প্ৰদান সন্তোষজনক নহয় নেকি ? ছাত্ৰ-ছাত্ৰী সকল শিক্ষাৰ ক্ষেত্ৰত কিয় ইমান পিছপৰা বিধৰ? 


এইবাৰৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল নিৰীক্ষণ কৰিলে পৰিলক্ষিত হয় যে প্ৰথম দহটা স্থানত চৰকাৰী বিদ্যালয় তথা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য। 
অসমীয়া মাধ্যমৰ বিদ্যালয়ত ফলাফল হতাশাজনক হোৱাৰ একমাত্ৰ প্ৰথম কাৰণ হৈছে দৰিদ্ৰ পৰিয়ালৰ সন্তান অৰ্থাৎ অসমীয়া মাধ্যমৰ বিদ্যালয়ত কেৱল আৰ্থিকভাৱে জুৰুলা লোকসকলৰ সন্তানেহে অধ্যয়ন কৰে, যিটো অপ্ৰিয় হ'লেও এশ শতাংশ সত্য । দ্বিতীয়তে চৰকাৰী বিদ্যালয়ত শৈক্ষিক পৰিৱেশ থাকিলেও ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱৰ অভাৱ। তৃতীয়তে, চৰকাৰৰ অপ্ৰয়োজনীয় নীতি নিয়মৰ মাজত অসমীয়া মাধ্যমৰ বিদ্যালয় আৱদ্ধ। চতুৰ্থতে, শিক্ষক সকলৰ নি:স্বাৰ্থ আৰু আন্তৰিক ত্যাগৰ মনোভাৱৰ অভাৱ। পঞ্চমতে, বাৰটা মাহত তেৰটা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী, চৰকাৰী কাৰ্যসূচী আৰু জুনেল সভা যাৰফলত পাঠদানত প্ৰত্যক্ষ ব্যাঘাতৰ প্ৰভাৱ। ষষ্ঠতে, শিক্ষকে প্ৰশ্নোত্তৰ নিজা প্ৰচেষ্টাৰে উচ্চ মানদণ্ডৰে লিখি দিয়া আৰু মনত ৰখাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন। সপ্তমতে, অনুশাসনৰ ক্ষেত্ৰত চৰকাৰৰ অনাৱশ্যক হস্তক্ষেপ । অষ্টমতে, অসমীয়া বিদ্যালয়ৰ অভিভাৱক অসচেতন আৰু সন্তানৰ সৈতে সহযোগ কৰাত অনীহা ভাৱ ।নৱমতে, অসমীয়া বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা শৈক্ষিক পৰিৱেশ তেনেই দুৰ্বল। দশমতে, চৰকাৰী বিদ্যালয় ৰাজনৈতিক মেৰপেচত আৱদ্ধ। একাদশতে, মোবাইল ফোনৰ কু-প্ৰভাৱ, এইক্ষেত্ৰত অভিভাৱক সন্তানৰ প্ৰতি সচেতন আৰু দায়িত্বশীল নহয়। দ্বাদশতে, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল শাৰীৰিক, মানসিক আৰু বৌদ্ধিক ক্ষমতা অতি পিচপৰা। ত্ৰয়োদশতে, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী টিউচনৰ পৰা প্ৰায় মুক্ত। টিউচনৰ ক্ষেত্ৰত চৰকাৰী অপ্ৰয়োজনীয় নিৰ্দেশনা । চতুৰ্দশতে, চৰকাৰী বিদ্যালয়ত মূল্যায়নৰ ক্ষেত্ৰত উত্তীৰ্ণ আৰু অনুত্তীৰ্ণৰ ক্ষেত্ৰত শিথিলতা আৰু কঠোৰ নহয়। পঞ্চদশতে, চৰকাৰী বিদ্যালয়ত শিক্ষকৰ হোম ভিজিটৰ ব্যৱস্থা নাই।

   এই ব্যক্তিগত বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক হোৱাৰ কাৰণসমূহ : প্ৰথমতে, ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ধনীক শ্ৰেণীৰ সন্তান। দ্বিতীয়তে, ব্যক্তিগত বিদ্যালয়ৰ অভিভাৱকসকল সন্তানৰ প্ৰতি সচেতন আৰু দায়িত্বশীল। পঞ্চমতে , ছাত্ৰ ছাত্ৰীসকলক প্ৰয়োজন অনুসৰি সময়মতে সন্তানক যিকোনো সামগ্ৰী বা টকা পইচা যোগান ধৰাত সক্ষম। ষষ্ঠতে, বিদ্যালয়ৰ শিক্ষা প্ৰদানত স্বতন্ত্ৰতা। সপ্তমতে, অনুশাসনৰ দিশত কোনো হস্তক্ষেপ নাই। অষ্টমতে, স্বত্বাধিকাৰী বা মালিকৰ কাঢ়া নিৰ্দেশ শিক্ষকে মানি চলিবলৈ বাধ্য। নৱমতে, ৰাজনৈতিক নীতি নিয়মৰ পৰা মুক্ত। দশমতে, শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকলক সুচাৰুৰূপে পাঠদান কৰাৰ বাদে আন চৰকাৰী দায়িত্বৰ পৰা মুক্ত। একাদশতে, মোবাইল ফোন বা ITC ৰ ব্যক্তিগত বিদ্যালয়ত অত্যধিক ব্যৱহাৰ কৰা হয় কিন্তু ভাল বেয়াৰ ক্ষেত্ৰত অভিভাৱক সতৰ্ক আৰু কঠোৰ অনুশাসনৰ ব্যৱস্থা। দ্বাদশতে, ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা মূলক মনোভাৱ বিদ্যমান। ত্ৰয়োদশতে , ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ মানসিক, শাৰীৰিক আৰু বৌদ্ধিক ক্ষমতা উচ্চ পৰ্যায়ৰ। চতুৰ্দশতে, অত্যধিক টিউচনৰ ওপৰত ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নিৰ্ভৰশীল।

উল্লেখিত আলোচনাৰ পৰা দেখা গৈছে যে ফলাফল সন্তোষজনক নোহোৱাৰ কাৰণে কেৱল শিক্ষক সমাজ জগৰীয়া নহয়। ইয়াৰ লগত আছে আন আন আনুসংগিক কাৰকসমূহ। চৰকাৰী বিদ্যালয়ৰ শিক্ষকে একেটা সময়তে বহু কাম কৰিবলগীয়া হয়। লোকপিয়লৰ কাম, এন আৰ চি উন্নীতকৰণৰ কামত নিয়োগ, নিৰ্বাচনৰ কামত নিয়োগ, গুণোৎসৱৰ বাবে পাঠদানত ব্যাহত, অৰুনোদয় আঁচনি মতে ঘৰে ঘৰে যাব লাগে শিক্ষক , মুঠতে ক'ত লগোৱা নাই শিক্ষকক । কেনেকৈ ভাল হ'ব শিক্ষাৰ মানদণ্ড। আনহাতে শিক্ষকৰ অভাৱৰ দিশটো আছেই।‌ কৰবাত যদি চাৰিজন শিক্ষক আছে,আন কৰবাত আছে কেৱল তিনিজন অৰ্থাৎ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ অনুপাত সমতুল্য নহয়। যাৰ বাবে শিক্ষাত ইয়াৰ কু-প্ৰভাৱ পৰিছে।
   চৰকাৰী বিদ্যালয়ৰ শিক্ষকক কেৱল শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ পাঠদান কাৰ্যত নিয়োজিত কৰাওক। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বিশেষ শিক্ষাৰ ব্যৱস্থা বিদ্যালয় কতৃপক্ষই কৰক স্বতন্ত্ৰভাৱে। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে 'হোম ভিজিট'ৰ ব্যৱস্থা কৰক। অভাৱ অভিযোগ লিপিবদ্ধ কৰি সমাধানৰ পথ হিচাপে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ঘৰত গৈ বিশেষ ভাৱে পঢ়োৱাৰ ব্যৱস্থা কৰক। কিন্তু মনত ৰাখিব বিদ্যালয়ত পাঠদান কৰিও গৃহ পাঠদান দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ বাবে প্ৰধান শিক্ষক কঠোৰ হোৱাটো বাঞ্ছনীয় হৈ পৰিব। কিন্তু চাব লাগিব যাতে এইক্ষেত্ৰত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। নহ'লে কৰ্মচাৰী বিলাকৰ মাজত সংঘাত আৰু মনোমালিন্য হোৱাৰ সম্ভাৱনা প্ৰকট হ'ব।
      সকলো বিভাগৰ কৰ্মচাৰীয়ে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাওক যাতে ফলাফল সন্তোষজনক হয় । IAS, IPS, ACS, মন্ত্ৰী বিধায়কৰ সন্তানসকলকো চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাওক। তেতিয়া চাব চৰকাৰী বিদ্যালয়ৰ ফলাফল কিমান উন্নত হ'ব ? 



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। 
     লেখক -- দুদুল সোণোৱাল।


🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇



Tuesday, June 7, 2022

কামনাৰ অৰ্থ কি? কিয় সমাজত হত্যা লুণ্ঠন ধৰ্ষণ বৃদ্ধি ঘটিছে ? What does lust mean? Why is there an increase in murder, looting, rape in the society ?

কামনাৰ অৰ্থ কি? কিয় সমাজত হত্যা লুণ্ঠন ধৰ্ষণ আদিৰ দৰে জঘণ্য ঘটনাবোৰ সঘনাই ঘটিবলৈ ধৰিছে ? আহকছোন মনত দ্বিধা ভাৱ নাৰাখি মুকলিকৈ আলোচনা কৰোঁ। What does lust mean? Why is there an increase in murder, looting, rape in the society? Let's talk openly without hesitation in mind.

     প্ৰকৃততে কামনা শব্দটোক বিভিন্ন সময়ত বিভিন্ন কাৰণত ব্যৱহাৰ কৰা হয়। শব্দটোৱে দুইধৰণৰ অৰ্থ প্ৰকাশ কৰে - ভাল আৰু বেয়া। অভিধানিক অৰ্থ হৈছে - আশা কৰা বা প্ৰাৰ্থনা কৰা বা আকাংক্ষা কৰা বা ইচ্ছা প্ৰকাশ কৰা বা আসক্তি জগা ।
     ইচ্ছা বা আশা মানুহৰ জীৱনৰ লগৰী। মানুহৰ মনত কোনো বস্তু পোৱাৰ যি হাবিয়াস সেয়ে হৈছে ইচ্ছা। আনহাতে আশাও একধৰণৰ ইচ্ছা মাথোন য'ত কিবা এটা পোৱাৰ বাবে হাবিয়াস থাকে। এই ইচ্ছা আৰু আশাৰ আন এটা ৰূপ হ'ল কামনা। যেনে - মানুহজন সোনকালে আৰোগ্য হোৱাৰ কামনা কৰিলো, তেওঁক দীৰ্ঘ জীৱি হোৱাৰ কামনা কৰিলো , তেওঁৰ ভ্ৰমণ কাল সুখকৰ হওক তাকেই কামনা কৰিলো ,... আদিৰ দৰে বাক্যবিলাকত কামনা প্ৰকাশ কৰি কোৱা হৈছে। এইক্ষেত্ৰত দেখা গৈছে যে শব্দটোৱে এটা ভাল অৰ্থ প্ৰকাশ কৰিছে। প্ৰতিটো বাক্যৰ জৰিয়তে ইচ্ছা আৰু প্ৰাৰ্থনা মনোভাৱৰ প্ৰকাশ ঘটাইছে।
     কিন্তু শব্দটোৰ এটা বেয়া অৰ্থও আছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। বিভিন্ন বেয়া মনোভাৱ প্ৰকাশ কৰিবলৈও এই শব্দটো ব্যৱহাৰ কৰা হয়। কামনা শব্দটো নিকৃষ্ট কামৰ ক্ষেত্ৰটো ব্যৱহাৰ কৰা হয়। । মানুহৰ দৈহিক ক্ষুধা নিবাৰণৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা দেখা যায়। যেনে- ৰমলা এজন দুৰ্বৃত্তৰ কামনাৰ বলি হ'ব লগা হ'ল। য'ত বাসনা জাগে অৰ্থাৎ স্ত্ৰী পুৰুষৰ মাজত পৰস্পৰ দৈহিক সম্পৰ্ক বা সহবাস কৰিবলৈ ইচ্ছা জাগে তাতেই কামনাৰ উৎপত্তি হয়। 
     হেমকোষৰ মতে ইয়াৰ অৰ্থ হৈছে - বাঞ্ছা, ইচ্ছা, প্ৰাৰ্থনা। কামনা শব্দটো বিশেষ্য পদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ সংস্কৃত ৰূপ - কাম বা বাঞ্ছা কৰা। 
     কামনা শব্দটোৰ উৎপত্তি হৈছে কাম শব্দৰ পৰা। 'কাম' শব্দৰ অৰ্থ হৈছে তিৰোতা আৰু মতাৰ পৰস্পৰৰ সহবাসৰ ইচ্ছা। সংস্কৃতত কম বা বাঞ্ছা কৰাক বুজায়। কামৰ পৰা কামনা শব্দটোৰ উৎপত্তি। কাম + না = কামনা অৰ্থাৎ ইচ্ছাৰ অৰ্থত কাম শব্দটোৰ সৈতে 'আ' প্ৰত্যয় যোগ হৈ কামনা সৃষ্টি হৈছে। 
     

নিচাই মানুহক বিপথে পৰিচালিত কৰে।

নিচাজাতীয় দ্ৰব্য সেৱন কৰিলে কাম মনোভাৱৰ সৃষ্টি হয়। লগতে হিতাহিত জ্ঞান শূণ্য হৈ বিভিন্ন নকৰিবলগীয়া কাম ব্যক্তি এজনে কৰিব পাৰে। তেনে ধৰণৰ নিচাত মাতাল ব্যক্তিৰ জৰিয়তে সমাজত বা ঘৰ এখনত বিভিন্ন খামখেয়ালিৰ সৃষ্টি হোৱা সকলোৱে দেখিবলৈ পাইছে নিশ্চয়। সেয়ে নিচাজাতীয় দ্ৰব্যক সমাজৰ ব্যাধি ৰূপে গণ্য কৰিব পাৰি। এই কথা জানিও কিন্তু সমাজৰ লোকসকলে এনে দ্ৰব্যৰ ব্যৱহাৰৰ পৰা নিজকে আঁতৰাই ৰাখিব অপাৰগ হয়। ইয়াৰ ফলস্বৰূপে সমাজত বিভিন্ন অমানুষিক, অমানৱীয় ঘটনাৰ সংঘটিত হোৱা আমি সকলোৱে দেখা পাইছোঁ। ককাইকে ভাতৃক হত্যা কৰা, পুতেকে মাক বাপেকক হত্যা কৰা বা অত্যাচাৰ কৰা আদিবোৰ আজিৰ সমাজত নিতৌ ঘটিব লাগিছে কেৱল নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত। ভূতৰ ওপৰত দানহ পৰাদি বৰ্তমান সময়ত ভয়ংকৰ ড্ৰাগছ আসক্ত লোকৰ সংখ্যাও দিনক দিনে বাঢ়িব ধৰিছে আৰু সমান্তৰালকৈ ড্ৰাগছৰ কুব্যৱসায় বৃদ্ধিৰ ফলত সমাজত এক ভ‌য়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। 
    উল্লেখনীয় যে এনে নিচাজাতীয় দ্ৰব্য সেৱন কৰা ফলতেই মানুহৰ মনত সৃষ্টি হয় সহবাসৰ। মানুহৰ মনত বিপৰীত লিংগৰ প্ৰতি দূৰ্বল মনোভাৱৰ জন্ম হয়। যাৰফলত সমাজত ধৰ্ষণৰ দৰে ঘটনা ঘটিবলৈ ধৰে। এনে ঘটনা ৰোধ কৰিবলৈ হ'লে সমাজত সজাগতা আনিব পাৰিব লাগিব। দহ বিশ কিলোমিটাৰ নিলগে নিলগে থকা নিচাজাতীয় সামগ্ৰীৰ বিপনী বন্ধ কৰিব লাগিব। গ্ৰাম্য সমাজত চুলাই মদৰ প্ৰচলন বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে মানুহে এনে দ্ৰব্যৰ আসক্তিৰ পৰা মুক্ত হ'ব পাৰিব। 

ভাগৱত গীতা মতে আসক্তিৰ পৰা পৰিত্ৰাণ।

ভাগৱত গীতাই হওক বা আন ধৰ্ম গ্ৰন্থই হওক এইবিলাকৰ মতে নিচাজাতীয় দ্ৰব্য সমাজৰ অন্তৰায় স্বৰূপ। কোনো ধৰ্ম পুথিতেই ইয়াক সমৰ্থন কৰা নাই বৰঞ্চ বাৰণ কৰাৰহে উপদেশ দিছে। কাম,ক্ৰোধ,লোভ মোহ এইবিলাক পৰিত্যাগ কৰি সন্তুলন অৱস্থাত নিজকে ৰাখিব লাগে। অৱশ্যে সৃষ্টিৰ বাবে ব্ৰক্ষ্মচৰ্য জীৱন নলৈ আশ্ৰমী জীৱনৰ বাবে পৰামৰ্শ দিছে। নিজ দৈহিক ৰিপুক সংযম আৰু দমন কৰিলে সমাজত কোনো ব্যভিচাৰৰ সৃষ্টি নহয়।

 “কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশ।
ই সবে বেঢ়িয়া কৰে মহন্তক দ্বেষ॥
এই হেতু গড় বান্ধি যুঝিবে বুলিলা।
তান আজ্ঞা লই সবে বিবাহ কৰিলা ॥”

কামনা যেতিয়া দৈহিক চৰিতাৰ্থ নিবাৰণৰ্থে উদ্ভৱ হয় তেতিয়াই ইয়াৰ অৰ্থ বেয়ালৈ ধাবিত হয়। কামনা লোভ আৰু মোহলৈ পৰিণত হোৱাত কিহে উদ্গনি যোগাইছে ? বৰ্তমান সময়ত এই বিষয়টো অতি চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে । ইয়াৰ বাবে মোবাইল ফোন আৰু নিচাজাতীয় দ্ৰব্যক পোনতে জগৰীয়া কৰিব পাৰি। আজিকালি মোবাইলত ভাল আৰু বেয়া সকলো পোৱা যায়। ল'ৰাৰ পৰা বুঢ়ালৈ সকলোৰে হাতে হাতে স্মাৰ্টফোন। ইণ্টাৰনেটত সহজলভ্য পৰ্ণ ভিডিঅ'ৰ কুৎসিৎ হাৱাই আজিৰ নৱ প্ৰজন্মক মানসিক ভাৱে কোঙা কৰি পেলোৱাত প্ৰত্যক্ষ অৰিহণা আগবঢ়াইছে। যাৰফলত নিত্য নতুন ঘটনা ঘটিবলৈ ধৰিছে। আনকি ভাতৃ-ভগ্নী, পিতৃ-মাতৃ আদি নিচিনাৰ দৰে পৰিৱেশৰো সৃষ্টি হৈছে। 
    এনে পৰিস্থিতি আৰু পৰিৱেশৰ পৰা আঁতৰাই ৰাখিবলৈ আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব। সমাজত লুকঢাক নকৰাকৈ আলোচনা কৰি নতুন প্ৰজন্মৰ লগতে সকলোৰে মাজত সচেতনতা আৰু সজাগতা অনাৰ প্ৰয়াস কৰিব লাগিব।


Please read the topic and leave a fruitful comment in the comments box under the topic. - Author: Dudul Sonowal.

 🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇







     

Wednesday, June 1, 2022

কুইজ বীথিকা | Gallery of Quiz.

কুইজ বীথিকা । Gallery of Quiz.কুইজৰ উৎপত্তি নিশ্চিতভাৱে জনা নাযায়। এটা জনপ্ৰিয় কাহিনীয়ে ইয়াক অষ্টাদশ শতিকাৰ থিয়েটাৰ মেনেজাৰৰ দ্বাৰা নিৰ্মিত বাজিৰ সৈতে সম্পৰ্কিত কৰে, কিন্তু সময়ৰ লগে লগে ইয়াৰ অৰ্থ আৰু ব্যৱহাৰ সলনি হৈছে। মূলতঃ, কুইজে এজন উদ্ভট ব্যক্তি বা বস্তু বৰ্ণনা কৰিছিল। পিছলৈ ইয়াৰ অৰ্থ আছিল "ঠাট্টা কৰা" বা "উপহাস কৰা"। উনবিংশ শতিকাত ই শ্ৰেণীকোঠাৰ ভিতৰত আৰু বাহিৰত পৰীক্ষা বা প্ৰশ্নৰ বিষয়ে উল্লেখ কৰি প্ৰন্ন সোধা কাৰ্যত ব্যৱহাৰ কৰা হৈছিল বুলি জনা যায়। কুইজৰ সৈতে সম্পৰ্ক থকা কাহিনীটো এনেধৰণৰ - কুইজ—এই শব্দটো এটা কৌতুকৰ জৰিয়তে উদ্ভৱ হৈছিল বুলি কোৱা হয়। ডাবলিন প্লে-হাউচৰ মেনেজাৰ ডালিয়ে বাজি ধৰিছিল যে তেওঁ চব্বিশ ঘণ্টাৰ ভিতৰত চহৰখনত সাধাৰণ আলোচনা হ'বলৈ এনেকুৱা এটা শব্দ সৃষ্টি কৰিব পাৰে যাৰ কোনো অৰ্থ নাই। ইয়াৰ পিছত তেওঁ কোঠাৰ বেৰত কিউ, ইউ, আই, জেড, (q u i z) বুলি চক পেঞ্চিলেৰে লিখি দিছিল, বাজিটোত তেওঁ জিকিছিল কাৰণ সেই শব্দটোক লৈ সকলোৱে সমালোচনাত ব্যস্ত হৈছিল। সেয়েহে, এজন অদ্ভূত ব্যক্তি বা জোকাৰক বুজাবলৈ এইটো শব্দ আহিছিল বুলি কোৱা হয় কিন্তু পশ্চিমীয়া সমাজত ইয়াক কেৱল কথোপকথন, বা অশ্লীল ভাষাত ব্যৱহাৰ কৰা হয়। কুইজ হৈছে এক প্ৰকাৰৰ মনৰ খেল য'ত খেলুৱৈসকলে এক নিৰ্দিষ্ট বা বিভিন্ন বিষয়ৰ বিষয়ে প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ চেষ্টা কৰে। জ্ঞান, সামৰ্থ্য বা দক্ষতাৰ বিকাশ জোখাৰ বাবে শিক্ষা আৰু একে ক্ষেত্ৰত কুইজবোৰ চমু মূল্যায়ন হিচাপে ব্যৱহাৰ কৰিব পাৰি। আনকি সেইবোৰ মনোৰঞ্জনৰ উদ্দেশ্যৰ বাবে টেলিভিছনত প্ৰদৰ্শন কৰিবও পাৰি ।


সানমিহলি : 

১/ অসমৰ এজন ব্যক্তিক 'অৰণ্য মানৱ' আখ্যাৰে জনা যায়। ব্যক্তিজনৰ অনবৰতে অৰণ্যৰ সৈতে মধুৰ সম্পৰ্ক আছে। ব্যক্তিজনৰ নাম কি? 
উত্তৰ: যাদৱ পায়েং।

২/ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে প্ৰথম অসমীয়া গীত গাইছিল 'এৰাবাটৰ সুৰ' নামৰ বোলছবিত। এই ছবিখনতে এগৰাকী অসমৰ বিখ্যাত গায়কৰ পত্নীয়ে নৃত্য অভিনয় কৰিছিল। মানুহ গৰাকীৰ নাম কি আছিল?

উত্তৰ : প্ৰিয়ম্বদা পেটেল।

৩/ প্ৰিয়ম্বদা পেটেল কোন গৰাকী গায়কৰ পত্নী আছিল ?

উত্তৰ : ড° ভূপেন হাজৰিকাৰ।

৪/ দক্ষিণ ভাৰতত 'মোৰচাং' বা 'মোৰচাঙ্ক' নামৰ বাদ্যবিধ অন্ধ্ৰ প্ৰদেশৰ চেঞ্চু জনজাতিৰ মাজত 'টোণ্ডাৰামা' নামেৰে জনাজাত। অসমীয়া সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাবে জড়িত এই বাদ্যক জেমি সকলে ' ইণ্টু' , তাই বৌদ্ধ সকলে 'কাংকং' বুলি কয়।বাদ্য বিধৰ নাম কি? 

উত্তৰ : গগণা।

৫/ এবিধ অতি সৰু আকাৰৰ চৰাই। প্ৰজাতিটোৰ বৈজ্ঞানিক নাম 'এজিথিনাটিফিয়া'। চৰাইবিধ বিশেষকৈ এচিয়া মহাদেশৰ বিষুৱীয় অঞ্চলত সৰ্বাধিক পৰিমাণে পোৱা যায়। বিহু বতৰত চৰাইবিধ অসমলৈ আহে, চৰাইবিধৰ চিনাকি নামটো কি?

উত্তৰ : বিহুৱতী চৰাই।

৬/ শিক্ষক দিৱস উদযাপন কৰা দিনটোত ভাৰতৰ যিজন ব্যক্তিৰ জন্ম দিন আছিল, সেইজন ব্যক্তি হৈছে ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণ । তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। প্ৰশ্ন হৈছে 'সৰ্বেপল্লী ৰাধাকৃষ্ণণ ' এটা কি ?

উত্তৰ: মানুহৰ নাম।

৭/ এজাক বৰষুণ পোৱাৰ লগে লগে শাৰী শাৰীকৈ ৰোৱা নাহৰৰ গছবোৰত কোমল কুঁহিপাতবোৰৰ ৰঙচুৱা বৰণ ধৰে। এই সময়ছোৱা প্ৰকৃততে কোন ঋতুত আহে ? 

উত্তৰ: বসন্ত ঋতুত।

৮/ খুবলিলৈ ধান বঢ়াই দিয়া দীঘল মাৰিডালৰ নামেই বাঢ়নী মাৰি বা বাঢ়নী ডাইকী ।বাঢ়নী ডাইকী ডালৰ আগ ভাগত এসোপা ফটাকানি বন্ধা থাকে। সেই ফটাকানিৰ বান্ধটোৰ নাম কি ?

উত্তৰ : বাঢ়নী সোপা বা বানতি ।

৯/ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দ্বিতীয় গৰাকী হৈছে মামনি ৰয়ছম গোস্বামী । তৃতীয় গৰাকী  জ্ঞানপীঠ বঁটা লাভ কৰা সাহিত্যিকৰ নাম কি ?

উত্তৰ : নীলমণি ফুকন (কণিষ্ঠ) ।

১০/ সকলো জন্তুৰে মুখৰ ওপৰত বা মূৰৰ ওপৰত শিং থাকে,কিন্তু এনে এবিধ জন্তু আছে যাৰ নাকৰ ওপৰতহে শিং থাকে, জন্তু বিধৰ নাম কি ?

উত্তৰ : গড়।
১১/ অসমীয়া শিপিনীৰ তাঁতশালত দুটাকৈ টোলোঠা থাকে। যদি সন্মূখৰফালে থকাটোৰ নাম সূতাৰ টোলোঠা হয় , তেন্তে শিপিনীৰ গাৰফালে লাগি থকা টোলোঠাটোৰ নাম কি বাৰু ?

উত্তৰ : শিপিনী টোলোঠা।

বিজ্ঞানৰ কুইজ :

১/ পৰুৱাৰ শুংত থকা এচিডবিধৰ নাম কি ?
উত্তৰ : ফৰমিক এচিড।

২/ ভিটামিন A অভাৱত দৃষ্টি শক্তি কমি যোৱা, B ৰ অভাৱত বেৰিবেৰি ৰোগ, C ৰ অভাৱত স্কাৰ্ভি ৰোগ হয়, তেন্তে লোৰ অভাৱত কি ৰোগ হ'ব পাৰে ?
উত্তৰ : ৰক্তহীনতা বা animia.

৩/ অস্বচ্ছ বস্তু এটা পোহৰত দাঙি ধৰিলে এনে এটা বস্তু বিপৰীত দিশত সৃষ্টি হয়, যাক চুব নোৱাৰি কিন্তু বস্তুটোৰ দৰে হুবহু একে হয়। বস্তুটোৰ নাম কি ? 
উত্তৰ : ছাঁটো।

৪/ সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াত এবিধ গেছৰ নিৰ্গত হয়,যি গেছ মানৱ জাতিৰ প্ৰাণ হিচাপে বিবেচিত। সেই গেছবিধৰ নাম কি?

উত্তৰ : অক্সিজেন।

৫/ এটুকুৰা পাউৰুটী পানীৰে সিক্ত কৰি সেমেকা ঠাইত ৰাখিলে পাউৰুটী টুকুৰাটোৰ ওপৰত কপাহৰ সূতাৰ দৰে কিছুমান আঁহ বা জীৱৰ জন্ম হয়। এই জীৱ সমূহক কি বোলা হয় ?

উত্তৰ : ভেঁকুৰ ( Fungi) ।

৬/ সচৰাচৰ জুই নুমুৱাবলৈ পানী ব্যৱহাৰ কৰা হয়। কিন্তু বৈদ্যুতিক আহিলাপাতি, পেট্ৰল বা আন তেল জাতীয় সামগ্ৰী জুই লাগিলে জুই নুমুৱাবলৈ পানীৰ সলনি এবিধ গেছ ব্যৱহাৰ কৰা হয়, এই গেছবিধৰ নাম কি?

উত্তৰ : কাৰ্বন-ডাই-অক্সাইড।

৭/ ঘৰুৱা আৰু উদ্যোগিক ক্ষেত্ৰত তাপ শক্তিৰ হিচাপে ঘাইকৈ কাঠ, এঙাৰ, পেট্ৰল,কেৰাচিন আদি ব্যৱহাৰ কৰা হয়। প্ৰশ্ন হৈছে এই সামগ্ৰীসমূহক প্ৰকৃততে কি নামেৰে জনাজায় ?

উত্তৰ : ইন্ধন ( Fuels)। 

৮/ সোণ আৰু ৰূপ জুইত গলাব পাৰি। জুইৰ তাপক তিনিটা মণ্ডলত বিভক্ত কৰা হৈছে -বহি:মণ্ডল, মধ্যমণ্ডল,আন্ত:মণ্ডল। সোণাৰী সকলেও জুইৰ তাপত সোণ গলাই বিভিন্ন সামগ্ৰী বনায়, প্ৰশ্ন হ'ল সোণাৰীয়ে সোণ গলনত জুই শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ?

উত্তৰ : বহি:মণ্ডল।

৯/ ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এচিড উৎপন্ন কৰে। এই এচিড মিশ্ৰিত বৰষুণক কি নামেৰে জনা যায় ?

উত্তৰ : এচিড বৰষুণ । 

১০/  জীৱিত বিভিন্ন প্ৰাণীৰ দেহ বিভিন্ন কোষেৰে গঠিত। ইয়াৰে কিছুমান প্ৰাণীয়ে কণী দিয়ে,আন কিছুমানে পোৱালি জগায় । কুকুৰাই কণী দিয়ে,প্ৰশ্ন হৈছে কুকুৰাৰ কণী এটা কোষ নে কোষৰ সমষ্টি ?

উত্তৰ : এটা কোষ।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক ধন্যবাদ জনালো। 
💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts