Tuesday, September 13, 2022

সোণোৱাল কছাৰীসকলৰ কৃষ্টি 'লখিমী তোলা সবাহ' ৰ সম্পৰ্কে যৎকিঞ্চিত।

         সোণোৱাল     কছাৰীসকলৰ কৃষ্টি

"লখিমী তোলা সবাহ" সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ। 




      সোণোৱাল কছাৰীসকল বিভিন্ন লোক কৃষ্টিৰে সমৃদ্ধ পৌৰাণিক জনগোষ্ঠী । বিভিন্ন লোক উৎসৱ আৰু সংস্কৃতিৰে ভৰপূৰ সোণোৱাল জনগোষ্ঠীৰ তিনিটা বিহু উৎসৱৰ লগতে বিভিন্ন সবাহ আৰু পূজা-পাৰ্বন আদিৰ দৰে আধ্যাত্মিক উৎসৱো আয়োজন কৰা হয়। 'লখিমী তোলা সবাহ' আধ্যাত্মিক উৎসৱৰ এক অংশ মাথোন। সোণোৱাল কছাৰীসকলৰ এনেধৰণৰ লোক উৎসৱৰ ভিতৰত ঘাইকৈ - লখিমী তোলা সবাহ, নৰাছিগা সবাহ,বৰ সবাহ,অপেশ্বৰী সবাহ, মিঠৈ বটা সবাহ, গৰখীয়া সবাহ,চেঙেলী মাছৰ সবাহ, ভূৰ উটোৱা সবাহ,বালি সবাহ, ফল-মূলৰ সবাহ আদিয়ে প্ৰধান। এই সংক্ষিপ্ত লেখাত কেৱল লখিমী তোলা সবাহৰ সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে।

       'লখিমী তোলা সবাহ' সোণোৱাল কছাৰীসকলৰ এক গুৰুত্বপূৰ্ণ সবাহ হিচাপে পৰিগণিত। এই সবাহ বিশেষকৈ দুটা সময়ত অনুষ্ঠিত কৰা হয় বুলি জনা যায়। গাওঁভেদে বা ঠাইভেদে লখিমী তোলা সবাহ পতাৰ নিয়ম কিছু বেলেগ যদিও মূল বিষয়বস্ত একে। 'লখিমী তোলা সবাহ' আহিন-কাতি মাহত আয়োজন কৰা হয়। তদুপৰি ফাগুন মাহতো এই সবাহ আয়োজন কৰা হয় বুলি জনা যায়। আহিন কাতি মাহত আয়োজন কৰা 'লখিমী তোলা সবাহ'ত গায়ন-বায়নে বোৱতী নদী বা সোঁতিৰ পৰা লখিমী তোলি আনি ভঁৰালত থোৱা নিয়ম। এই সবাহ সোণোৱাল কছাৰী গাৱঁৰ ৰাইজে সমূহীয়াকৈ নামঘৰত অনুষ্ঠিত কৰে। 
       লখিমী তোলা সবাহৰ বাবে ৰাইজে পঞ্জিকাৰ নীতি-নিয়ম অনুসৰি এগৰাকী জাকৈটি, দুগৰাকী দোলাভাৰী, কলচি ধৰা, দালি ধৰা, বিছনী ধৰা,উঘা ধৰা আদি লোকসকলক ৰাশি অনুসৰি বাছনি কৰি লয়। নিৰ্বাচিত লোকসকলৰ ভিতৰত দোলাভাৰী দুজন অশৰনীয়া আৰু অবিবাহিত হ'ব লাগে। আনহাতে দালি কলচি ধৰা সকল এৱা ছোৱালী হ'ব লাগে। জাকৈটিৰ ক্ষেত্ৰত বিবাহিত পুৰুষক ৰাশি অনুসৰি বাছনি কৰা হয়।
       লক্ষ্মী পূজাৰ দিনটোতে সোণোৱাল কছাৰী সকলে লখিমী তোলা সবাহ অনুষ্ঠিত কৰে। 
       সবাহৰ দিনা নামঘৰত ৰাইজে নাম-প্ৰসঙ্গ কৰাৰ অন্তত বিষয় প্ৰাপ্ত লোকসকলৰ লগতে গায়ন-বায়নে ৰাইজে নদী বা বোৱতী সুঁতিৰ পৰা লখিমী আনিবলৈ যায়। ইয়াৰ বাবে ৰাইজ দুভাগত বিভক্ত হ'ব লগা হয়। এভাগে লখিমী আনিবলৈ যায় আৰু আনভাগে লখিমী অনা সকলক আধাৰ পৰা আদৰি নামঘৰলৈ লৈ আহে। নাম-প্ৰসঙ্গৰ অন্তত গায়নীয়া সকলে  নামঘৰৰ ভিতৰত গায়ন জুৰে আৰু গায়নে-বায়নে লখিমী আনিবলৈ দলটোৰ আনসকল -দোলাভাৰী, দালি, কলচি,জাকৈটি আৰু ৰাইজৰ সহিতে লখিমী আনিবলৈ ৰাওনা হয়। 
       লখিমী তোলা স্থানত অৰ্থাৎ পানী যুঁৱলীৰ দাঁতিত ওখকৈ ঢিপ উঠাই সমান কৰি লোৱা হয়। ইয়াতে বিভিন্ন দেৱতা সকলক উপলক্ষ কৰি মুঠ ষাঠি (৬০) খন মাহ-প্ৰসাদৰ শৰাই আগবঢ়োৱা হয়। শৰাইত থাকে কল, কুঁহিয়াৰ, চানা, ফল-মূল, কেঁচাপিঠা আৰু পান-তামোল। মিঠাতেলৰ শলিতা বাঁহৰ কাঁথিত বান্ধি চাকি হিচাপে আৰু ধূপ প্ৰতিখন শৰাইৰ সৈতে জ্বলাই দেৱতাসকলক শৰাইভাগ আগমান কৰা হয়। সোণোৱাল কছাৰীসকলৰ মতে শৰাই ষাঠি খন বিশেষকৈ - গাতিগিৰি, জলখাই, মহাদেউ-পাৰ্বতী,কুবেৰ বুঢ়া-বুঢ়ী, সাগৰ বুঢ়া-বুঢ়ী, জৰিয়া বুঢ়া-বুঢ়ী, ভৰালী, চেংতামূলী মন তামূলী, বিধি বিধাতা, হৰিচৰণ, লখিমী ন ভনী, দালি, কলচি , দোলা,লাখুটি, জাপি,জাকৈ,জলৰ ন ভনী , থলৰ ন ভনী,ওঁঠৰ সুঁতি লুইত, ওঁঠৰ কুঁৱৰী, জল কুবেৰ, বৰা বান্দৰ, খুবুনা খুবুনী আদি দেৱ-দেৱীক আগবঢ়োৱা হয়। ইয়াতে জলকুঁৱৰীৰ ভাগটো জাকৈ মাৰি লখিমী তোলিবৰ সময়ত পানীত উটাই দিয়া হয়।
       জলকুঁৱৰীক শৰাই দিয়াৰ পিছত জাকৈটিয়ে জাকৈ মাৰি পানীৰ পৰা লখিমী তুলি দোলাত থয়। আৰম্ভনিতে জাকৈটিয়ে ৬ দিশৰ পৰা লখিমী তোলে আৰু পিছত পানীত জাকৈ বাওঁতে জাকৈত যি উঠে - জেং, জাবৰ,মাছ আদি দোলাত ভৰাই থয় আৰু সেইবোৰকে বায়নে-গায়নে লখিমী গণ্য কৰি নামঘৰলৈ লৈ অনা হয়। আহোঁতে এজনে কেঁচা পিঠা বা খুচাৰী পিঠা অহাৰ বাটত চতিয়াই আহে। 
       লখিমী অনা দলটোক নামঘৰত থকা দলটোৱে আদৰণি গেটৰ পৰা ( উল্লেখ্য যে আদৰিবৰ বাবে এখন আদৰণি তোৰণ লখিমী অনাৰ পথত বনোৱা হয়।) নামঘৰলৈ গায়ন-বায়নেৰে আদৰি লৈ যায়। ইয়াতে উষা ধৰা দুগৰাকীয়ে লখিমী তোলা স্থানৰ পৰা নামঘৰলৈ উঘাৰে সূতা কতো নিচিঙাকৈ মেৰিয়াই আহে। ইয়াৰ জৰিয়তে নামঘৰলৈ লখিমী পোনাই অহাৰ কথাকে সূচায়। এগৰাকী মহিলাই দোলাভাৰীৰ পিছে পিছে ওখ নাল লগাই বগা কাপোৰেৰে সজা এখন বিচনীৰে দোলাখন বিচি আহে। ইয়াৰ অৰ্থ হৈছে দোলাত থকা লখিমীক বিচনিৰ বা দি সন্তুষ্ট কৰা। 
       নামঘৰত প্ৰৱেশ কৰাৰ পিছত নামঘৰটো লখিমী অনা গায়ন-বায়নৰ দলে তিনি পাক দিয়াৰ নিয়ম। ইয়াৰ পাছতহে নামঘৰৰ মজিয়াত বা ভিতৰত প্ৰৱেশ কৰে। নামঘৰত প্ৰৱেশ কৰাৰ পিছত দালি, কলচি, দোলা আদি মজিয়াৰ একোনত ৰাখা হয় আৰু গায়নৰ দলে গায়নৰ মুখনি নমৰালৈ কাষতে বহি থাকে। 
       গায়ন-বায়ন মুখনি মাৰাৰ পিছত লখিমী আনিবলৈ যোৱা দালি কলচি দোলাভাৰী জাকৈটি আৰু শৰাই আগবঢ়োৱা বয়োজ্যেষ্ঠ ব্যক্তি সকলে সমজোৱাকৈ সেৱা লয় আৰু পুৰোহিতে আৰ্শীবাদ প্ৰদান কৰে। ইয়াৰ পিছত মাহ-প্ৰসাদৰ শৰাই উঠাই আৰু ৰাইজক বিলনীয়াই প্ৰসাদ বিতৰণ কৰে। কেইজনমান লোকে দোলাৰ পৰা লখিমীখিনি নমাই পাত পাৰি পাতত থয়।জেং জাবৰ মাছ আৰু ৰাইজে লখিমী আনিবলৈ যাওঁতে নিয়া তামোল পাণ আৰু ধান তাৰ সৈতে মিহলাই দিয়ে। সেইখিনিয়ে হৈছে লখিমী। একেবাৰে শেষত ঠিক সন্ধিয়া সাঁজ লগাৰ সময়ত লখিমীখিনি বিতৰণ কৰা হয়। 
       লখিমী অনাজনে বঁটাত মাটি চাকি আৰু ধূপ জ্বলাই স-সন্মানে মূৰত ওৰণি লৈ লখিমী ঘৰলৈ আনে। আনকি লখিমী আনোতে বাটত কাকো মাত নামাতে। সোণোৱাল কছাৰীসকলৰ জনবিশ্বাস মতে লখিমী আনোতে আনৰ লগত বাটত কথা পাতিলে লখিমী ঘৰলৈ নাহে। কথা পতা ব্যক্তি জনৰ সৈতে লখিমী যায়গৈ বুলি ভবা হয়। 
      মই জনাত থূলমূলকৈ লখিমী তোলা সবাহৰ বিৱৰণ ইমানেই। অৱশ্যে বয়োজ্যেষ্ঠ ব্যক্তি সকলৰ পৰা ইয়াতকৈ অধিক জনাৰ হেঁপাহ আছে। মোৰ অজ্ঞাতে নজনা কথাবিলাক বয়োজ্যেষ্ঠসকলে ইয়াত কমেণ্ট বাকচত মন্তব্য হিচাপে আগবঢ়ালে মই লেখাটোত সন্নিৱিষ্ট কৰিবলৈ পাৰিম। 






প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts