Wednesday, November 23, 2022

সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ দায়িত্ব কেনে হোৱা উচিত ? ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য কি ? What should be the responsibility of parents towards their children? What is the duty of the students ?

সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ দায়িত্ব কেনে হোৱা উচিত ? ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য কি ? What should be the responsibility of parents towards their children? What is the duty of the students ?

** শিশুৰ ব্যক্তিত্ব কেনে হোৱা উচিত, 

** অনানুষ্ঠানিক শিক্ষাৰ মাধ্যম ঘৰখন, 

** শিশুৰ চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ কৰণীয়

** শিশুৰ ব্যক্তিত্ব গঠনত বিদ্যালয়ৰ প্ৰভাৱ

** অভিভাৱক আৰু ঘৰৰ পৰিৱেশ

** উপসংহাৰ



🌴🌴🌴🌴🌴🌴🌴🌴🌴🌴🌴🌴🌴🌴🌴
   শিশুৰ চৰিত্ৰ গঠনত ঘৰখনৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। শিশু এজনৰ চৰিত্ৰ গঠনৰ প্ৰথম ঢাপ বা স্তৰ হিচাপে ঘৰখনক বিবেচিত কৰা হয়। সেয়ে যিকোনো এখন ঘৰৰ পৰিৱেশ সদায় জ্ঞান অৰ্জনৰ অনুকূল হ'ব লাগে।

 সৰু অৱস্থাৰ পৰা ভাল মাত-কথা, ভাল চিন্তা,ভাৱনা, সৎ আচাৰ-ব্যৱহাৰ আদিৰ সৈতে মূখামূখি হ'লে সিহঁতেও এনে শুদ্ধ আচৰণ অনুকৰণ কৰিব শিকিব।
 
 ঘৰখনৰ পৰিৱেশ হৈ-হাল্লা, চিঞঁৰ-বাখৰ , কাজিজা-পেচাল, আদি কোলাহলপূৰ্ণ অশান্তিময় পৰিৱেশ হ'লে শিশুৰ মানসিক বিকাশৰ পৰিবৰ্তনো তেনেধৰণেই আগবাঢ়িব।
 
 শিশুৱে সৎ আচৰণ যুক্ত পৰিৱেশত সজ আচৰণ আৰু অসৎ আচৰণ যুক্ত পৰিৱেশত অসজ আচৰণ কৰিব শিকে। সেয়ে পিতৃ-মাতৃয়ে সন্তানক এটা ভাল পৰিৱেশ দিয়াৰ প্ৰচেষ্টা কৰা উচিত।
 
        শিশু হ'ল অনুকৰণ প্ৰিয়। সৰু অৱস্থাত অনুকৰণৰ মাধ্যমেৰে শিশুৱে বিভিন্ন বিষয়ৰ জ্ঞান অৰ্জন কৰে কিন্তু সেইবোৰ প্ৰকৃততে ভাল নে বেয়া শিক্ষা তাক বিচাৰ কৰিবলৈ সিহঁতে নাজানে। 
        
কেৱল সিহঁতৰ আনন্দদায়ক আৰু চকুৰ আগত দেখা কামটো শিশুজনে নিজেও কৰিব বিচাৰে আৰু এনেকৈয়ে সিহঁতে চৰিত্ৰগত আচৰণবোৰ তেওঁলোকৰ অজ্ঞাতে শিকিবলৈ লয়। 
            

 নব্বৈৰ দশকত বিদ্যালয়ৰ ভাষাৰ কিতাপত পঢ়া "ৰজা আৰু ভাটৌ চৰাই" নামৰ সাধুটো চৰিত্ৰ গঠনৰ এক নিদৰ্শন। সজ আচৰণে সজ প্ৰবৃত্তিৰ মানুহ সৃষ্টি কৰে আৰু অসৎ আচৰণে অসৎ প্ৰবৃত্তিৰ মানুহ সৃষ্টি কৰাত অৰিহণা যোগায়। 
 
         শিশু এজন জন্মৰ পিছত সম্পূৰ্ণ অপৰিণত অৱস্থাত থাকে। পৰনিৰ্ভৰশীল শিশুজনৰ ভৱিষ্যত নিৰ্ভৰ কৰে পিতৃ-মাতৃৰ ওপৰত। শিশুজনৰ শাৰীৰিক আৰু মানসিক সুস্থতা, খোৱা-লৱা ,
                    
  খেলা ধূলা আদিৰ যতন সুচাৰুৰূপে পৰিচালিত হলেহে ভৱিষ্যতৰ জীৱন সুন্দৰ আৰু উপযুক্তভাৱে গঢ় লোৱাৰ সম্ভাৱনা থাকে। সেয়ে এই আটাইবোৰ দিশৰ সমাধানৰ মূল ব্যক্তিজনেই হ'ল পিতৃ-মাতৃ ।
 
 পিতৃ-মাতৃৰ সুচিন্তা আৰু গুৰুত্বপূৰ্ণ অনুশাসন মূলক বিচাৰ বিবেচনা , মৰম-চেনেহেৰে শিশুজনক সুচৰিত্ৰ গঠণত অৰিহণা যোগাব পাৰে। 
     
 জন্মৰ পাঁচ ছয় মাহৰ পৰা শিশুৰ মাত ফুটে আৰু বিভিন্ন বিষয়ত জ্ঞানৰ শিক লয়, বিভিন্ন শব্দ শ্ৰৱনৰ জৰিয়তে শিকে। এই সময়ত সেয়ে শিশুজনক ভাল মাত-কথা শিকোৱা প্ৰয়োজন।

 বহু লোকে আনন্দতে সৰু অৱস্থাত শিশুক বেয়া শব্দ কবলৈ শিকাই আৰু ততালিকে শিক লৈ যাৰে তাৰে আগত বেয়া কথা কৈ দিয়ে। ভবা হয় যে ডাঙৰ হ'লে এইবিলাক সকলো পাহৰি যাব।
 
 এইদৰে শিশু এজনক বেয়া পথলৈ যোৱাৰ বাট প্ৰশস্ত কৰা ধৰণৰ হয়। এইটো বিশেষকৈ অসৎ ব্যক্তিৰ সান্নিধ্যৰ ফলত হ'বলৈ পায়। শিশুজন অসৎ ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ব্যক্তিজনাৰ পৰা অসৎ আচৰণ, অসৎ মাত-কথা আদি শিকিবলৈ লয়। 
 
 কিন্তু শিশুৰ এই সময়ৰ এনে আচৰণ বা অভ্যাস ক্ষণস্থায়ী বুলি গণ্য কৰা হয় যদিও কিছুমান শিশুৰ ক্ষেত্ৰত ই ডাঙৰ অৱস্থাতো একেই থাকেে যাৰ বাবে শিশুজন পাছলৈ বদমাইচ আৰু অসৎ চৰিত্ৰৰ লোক হিচাপে সমাজত পৰিগণিত হয়।

  সেয়ে ঘৰখনৰ পৰিৱেশ সদায় শিশুৰ অনুকূল হোৱাটো বাঞ্ছনীয় আৰু পিতৃ-মাতৃ শিশুজনৰ প্ৰতি দায়িত্বশীল আৰু সাৱধান হ'ব লাগে। সেয়ে ক'ব পাৰি যে ঘৰখন হৈছে শিশুৰ অনানুষ্ঠানিক শিক্ষাৰ মাধ্যম। 

 শিশুৰ ব্যক্তিত্ব কেনে হোৱা উচিত
 শিশুৱে সন্মুখত দেখা প্ৰতিটো কাৰ্যৰ দ্বাৰা , প্ৰতিটো ঘটনাৰ পৰা শিক্ষা আহৰণ কৰোতে সৎ আৰু প্ৰয়োজনীয় খিনি আয়ত্ব কৰা উচিত। 
 
 কোনটো ভাল কোনটো বেয়া সেই সম্পৰ্কে পিতৃ-মাতৃৰ পৰা জানি ল'ব লাগে। ভাল শিক্ষা আহৰণ কৰিব চেষ্টা কৰিলেহে ভৱিষ্যত জীৱন সুন্দৰভাৱে গঢ় দি সুনাগৰিক হ'ব পৰা যায়। 

 হাঁহিমুখীয়া স্বভাৱ, সুমিষ্ট মাত-কথা, জ্যেষ্ঠজনক সন্মান, শ্ৰদ্ধা, ভক্তি আৰু অনুজজনক মৰম স্নেহ কৰাটো এজন শিশুৰ কৰ্তব্য। 

হাঁহিমুখীয়া স্বভাৱে সকলোকে আকৰ্ষিত কৰে, মিঠা মাত কথা হ'ল সুচৰিত্ৰৰ পৰিচায়ক। সমনীয়াহঁতৰ লগত সমিলমিলেৰে, মিলাপ্ৰীতিৰে থাকিব পৰাটো শিশুৰ ব্যক্তিত্বৰ ভাল গুণ। 

শিশুৰ ব্যক্তিত্ব গঠনত বিদ্যালয়ৰ প্ৰভাৱ 
শিশুৰ শিক্ষাৰ দ্বিতীয়টো ঢাপ বা স্তৰ হৈছে বিদ্যালয়। বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা পাতনি মেলি শিশুৱে বিভিন্ন বিষয়ৰ জ্ঞান অৰ্জন কৰে। 

শিশুৰ ব্যক্তিত্ব গঠনত যেনেকৈ ঘৰখনৰ প্ৰভাৱ পৰে, ঠিক একেদৰে বিদ্যালয়ৰ প্ৰভাৱো পৰে। ঘৰখনে যিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, একেদৰে বিদ্যালয়খনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

  যিহেতু বিদ্যালয়ৰ শিক্ষা হ'ল আনুষ্ঠানিক শিক্ষা। সেয়ে ইয়াৰ গুৰুত্বও অপৰিসীম। শিক্ষকৰ জৰিয়তে বিভিন্ন বিষয়ক মূল্যবোধৰ জ্ঞান শিশু বা ছাত্ৰজনে শিকিবলগীয়া হয়। 
 
এই বিষয়ত সৎ চৰিত্ৰ গঠন ,সৎ কৰ্মৰ কৌশল, বন্ধুত্বৰ গুণসমূহ সাধাৰণতে বিদ্যালয় শিক্ষাত এটা এটাকৈ শিশুৱে অভিজ্ঞতাৰ জৰিয়তে শিকে। 

শিশুৰ মানসিক, শাৰীৰিক, সমাজৰ জ্ঞান, আধ্যাত্মিক প্ৰমূল্যৰ জ্ঞান, নীতি শিক্ষা আদি কিতাপৰ জৰিয়তে শিকিবলৈ আৰম্ভ কৰে। 
গতিকে এই গুণসমূহ বিকাশ ঘটোৱাৰ লগতে 
বৌদ্ধিক আৰু দক্ষতাৰ, নীতি শিক্ষাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাত বিদ্যালয়ৰ শিক্ষাই সহায় কৰে।

  ভাষা শিকণৰ জৰিয়তে শিশুৰ ব্যক্তিত্ব গঠন হয়। সমনীয়াহঁতৰ লগত খেল ধেমালিৰ জৰিয়তে শিশুৰ ব্যক্তিত্ব বিকাশ ঘটে। গতিকে বিদ্যালযৰ আনুষ্ঠানিক শিক্ষাই শিশুৰ ব্যক্তিত্ব গঠনত প্ৰত্যক্ষ প্ৰভাৱ পেলাই।

অভিভাৱক আৰু ঘৰৰ পৰিৱেশ 
ওপৰত উল্লেখ কৰা হৈছে যে শিশুৰ ব্যক্তিত্ব আৰু চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ বা অভিভাৱকৰ কৰ্তব্য সকলোতকৈ বেছি। 

 যিহেতু পিতৃ মাতৃয়ে শিশুটোক দিনৰ সৰহভাগ সময় কাষত পাই। সেয়ে তেওঁলোকে এজন শিক্ষকতকৈ কোনো গুণে কম নহয়। ঘৰত ল'ৰা ছোৱালীক ভাল মাত কথা শিকোৱা উচিত। পাৰ্যমানে নীতি শিক্ষা প্ৰদান কৰিব লাগে।

 শিক্ষাৰ বাবে ঘৰুৱা পৰিৱেশ পিতৃ মাতৃয়ে ৰচনা কৰিব লাগে। ঘৰৰ পৰিৱেশ নিৰৱতাই বিৰাজমান হোৱা উচিত। কেৱল শিক্ষা সম্পৰ্কীয় আলোচনা কৰিব লাগে।

উপসংহাৰ 
আজিৰ শিশু কাইলৈ সি দেশৰ ভৱিষ্যত । প্ৰতিজন পিতৃ মাতৃৰ সন্তান দেশৰ সন্তান। দেশৰ ভৱিষ্যত। সেয়ে সুনাগৰিক হিচাপে গড় দিবলৈ প্ৰতিজন পিতৃ মাতৃয়ে যৎপৰোনাস্তি প্ৰয়াস কৰা উচিত। 




🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক :  দুদুল সোণোৱাল।

Friday, November 18, 2022

ঘৰত এই পাঁচ জোপা গছ ভুলতেও নাৰাখিব, হ'ব পাৰে অমঙ্গল ! Don't keep these five trees in the house by mistake, it can be bad.

 ঘৰত এই পাঁচ জোপা গছ ভুলতেও নাৰাখিব, হ'ব পাৰে অমঙ্গল ! Don't keep these five trees in the house by mistake,it can be bad.

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
      বাস্তু শাস্ত্ৰৰ মতে কোন বিলাক গছ ঘৰত ৰাখিব লাগে আৰু কোন বিলাক গছ ৰখা উচিত নহয়, আপুনি জানেনে ? সাম্প্ৰতিক সময়ত আমাৰ প্ৰায় ভাগ মানুহে ঘৰ সজোৱাৰ নিমিত্তে কিছুমান গছ টাবত লগাই লয়। সৌন্দৰ্যৰ বাবে আমি বাচ-বিচাৰ নোহোৱাকৈ গছ বিলাক আনি ৰোপন কৰি ড্ৰয়িং কক্ষত থওঁ। আনকি শোৱনি কোঠাতো কিছুমানে ৰাখিবলৈ লয় ।
      কিন্তু এনে কিছুমান গছ আছে যাৰ পৰা আপোনাৰ গৃহৰ বাবে একেবাৰে শুভ নহয়। সেয়ে গছ কিনাৰ আগতে আমি ভালগছৰ সম্পৰ্কে থকা তালিকা খন প্ৰথমে নিৰীক্ষণ কৰি লোৱা উচিত। তেতিয়া কোনবোৰ গছ কিনাটো একেবাৰে বেয়া গম পোৱা যায়। নাৰ্ছাৰিৰ পৰা কেতিয়াও ঘৰ সজাবলৈ কাৰণে বনচাই, কেকটাছ,মেহেন্দি,মৃত গাছপালা বা তুলাগছ কিনি আনিব নালাগে। যিবিলাক গছ কিনিব সেইবিলাক গছ আপোনাৰ ঘৰৰ পশু পখীৰ বাবেও উপযুক্ত হ'ব লাগে । এই কথাটো কিনাৰ সময়ত মনত পেলোৱা উচিত।
      কিছুমান গছ আছে মানুহৰ বাবে একেবাৰে অপকাৰী। তদুপৰি পোহনীয়া জীৱ জন্তুৰ বাবেও সেইবোৰ লাভজনক নহয়। বৰঞ্চ আপোনাৰ কিছু ক্ষেত্ৰত হানি বিঘিনি হোৱাৰহে সম্ভাৱনা আছে। সেই গছবোৰ কি কি হ'ব পাৰে আৰু আপুনি ঘৰত ক্ষতিকাৰক গছবোৰ কেনেদৰে ৰাখিব লাগে জানি লওক -
      গছ লগোৱা সময়ত তলত দিয়া কথাবোৰ অনুসৰণ কৰক -
      ১/ সাৰ আৰু পাত্ৰৰ মাটি শিশুৱে যাতে সহজতে ঢুকি নাপায় তেনে স্থানত ৰখা উচিত।
      ২/যদি উদ্ভিদবোৰত পোক পতংগই বাহ লয়,যিমান সম্ভৱ সোনকালে পতংগবোৰ আতৰোৱাৰ ব্যৱস্থা কৰক।
      ৩/ফাটি যোৱা আৰু পকা পাতবোৰ আঁতৰাই পেলাওক।
      ৪/ডাঙৰ গছ বা মাটি খামোছ মাৰি ধৰি ৰখাৰ বাবে আপুনি ব্যৱহাৰ কৰা ডাঙৰ টাব বা পাত্ৰবোৰ আগতীয়াকৈ পৰীক্ষা কৰক। পৰি যোৱাৰ আশংকা আছে নেকি (?) তাক পৰীক্ষা কৰি হ'ব পৰা বিপদৰ পৰা ৰক্ষা পৰক।
      ৫/ গছ ৰোপণৰ পাত্ৰবোৰ মাটিৰ ওপৰত ৰাখিবলৈ প্ৰয়াস কৰক । কিয়নো বহু সময়ত যদি গছৰ তলত থাকে ঘৰৰ মজিয়াত পৰি লেতেৰা কৰিব পাৰে। তেতিয়া ঘৰ অপৰিষ্কাৰ হ'ব লগতে পকাখনো ক্ষতিগ্ৰস্ত হ'ব পাৰে।
      আপুনি এতিয়া জানক কোনবিলাক গছ আপুনি ঘৰত ৰোপন কৰিব লাগে আৰু কোনবিলাক গছ ৰোৱা অনুচিত।-
      ১/ অমৰান্হুছ গছ আপুনি দেখিছেনে ? এই গছ দেখিবলৈ অতি ধুনীয়া। বহু মানুহে আলহী কক্ষত সজাবৰ বাবে ইয়াক বজাৰৰ পৰা কিনি আনে। কিন্তু আপুনি জানিলে মনত দুখ অনুভৱ হ'ব, যিহেতু এই গছ ভিতৰত নতুবা বাহিৰত কতো ৰাখিব নালাগে। কাৰণ ইয়াৰ ফুল নানা ৰোগৰ বাহক। বহুলোক ইয়াৰ পৰা আক্ৰান্ত হয়। বিশেষকৈ এলাৰ্জি ৰোগ এই ফুলৰ গোন্ধৰ পৰা হয়।
      ২/ আলোভেৰা বা এলোভেৰা গছ আপোনাৰ ঘৰৰ বাবে কিমান ভাল আপুনি জানেনে ? বিশেষকৈ মানুহৰ ছাল, চুলি, আৰু শৰীৰৰ বাবে এই গছৰ ৰস ব্যৱহাৰ কৰা হয়। ই অক্সিজেন গেছো যোগান ধৰিব পাৰে। কিন্তু জন্তুৰ বাবে এই গছ একেবাৰে উত্তম নহয়। পোহনীয়া জন্তুৱে আলোভেৰা গছৰ ৰস 'লেটিচ' খালে বেয়াকৈ পেট চলা বেমাৰ হয়। সেয়ে ঘৰত গছজোপা ৰাখিলে আপোনাৰ পোহনীয়া জন্তুৰ পৰা দূৰৈত ৰাখিব লাগে।
      ৩/ ক্যালাডিয়াম গছ কিমান বিষাক্ত আপুনি জানেনে ? যদি আপুনি এই গছজোপা ভাল স্থানত লগাইছে তেন্তে দেখিব ই সচাকৈয়ে বৰ সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। ইয়াৰ ৰঙা, গুলপীয়া আৰু বগা ফুলে আপোনাৰ ঠাইখনৰ পৰিৱেশ সৌন্দৰ্যই ভৰাই পেলাব। কিন্তু এই গছ মানুহৰ আৰু পোহনীয়া জন্তুৰ বাবে অতি ভয়ানক হ'ব পাৰে। যদি কেনেবাকৈ ইয়াৰ ৰস জিভাত লাগে তেন্তে তাৰ মৃত্যু নিশ্চিত। সেয়ে এই গছ ৰুলে জন্তু আৰু শিশুৰ পৰা ৰাখিব লাগে।

      ৪/ লিলি গছ আপুনি দেখিছেনে ? লিলি অতি সুন্দৰ গছ। হ'লেও ই আপোনাৰ ঘৰলৈ বিপদ মাতি আনিব পাৰে। বহুলোকে এই গছ নিজৰ বাগিচা প্ৰস্তুত কৰিবলৈ আনে, কিন্তু এই গছ অতি বিষাক্ত। বিশেষকৈ কুকুৰ, মেকুৰীৰ বাবে অতি ভয়ানক। ইয়াৰ ৰস কুকুৰ মেকুৰীৰ গাত লাগিলে ইহঁতৰ চাল পৰ্যন্ত চিঙি যাব পাৰে। সেয়ে সদায় পোহনীয়া প্ৰাণীৰ পৰা ইয়াক দূৰত ৰাখক।
      ৫/ ইংলিছ আইভি এবিধ সৌন্দৰ্য বৰ্ধক গছ সেয়ে মানুহে এই গছ ঘৰত লগাবলৈ আনে। এনেধৰণৰ গছে আপোনাৰ ঘৰৰ সকলোকে উশাহ নিশাহ লোৱাত সহায় কৰে। কাৰণ এই গছে যথেষ্ট পৰিমাণে অক্সিজেন যোগান ধৰিব পাৰে। সেয়ে বহুলোকে ঘৰত এই গছ ৰোপণ কৰিবলৈ আনে। কিন্তু অতি বেয়া লগা কথা হ'ল যে এই গছৰ পাতবোৰ হ'ল ৰোগৰ বাহক। ইয়াৰ পাত মানুহৰ গাত লাগিলে ছালৰ ৰোগ হয়। ছাল জ্বলা পোৰা কৰে। সেয়ে সাৱধানে ঘৰত এই গছ ৰাখিব লাগে।


   ফুল হৈছে সৌন্দৰ্যৰ প্ৰতীক। ফুলে ঘৰুৱা পৰিৱেশ সুন্দৰ হোৱাত সহায় কৰে। বায়ূমণ্ডলত উৰি ফুৰা ধূলি বালি ধৰি ৰাখি ঘৰৰ ভিতৰৰ পৰিৱেশ তথা বায়ু নিৰ্মল হৈ থকাত সহায় কৰে। সেয়ে আমি ঘৰৰ চৌহদত ফুল লগাব লাগে। 
   
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল ।










🌴🌴🌴🌹🌹🌹🌹🌴🌴🌹🌹🌹🌹🌴🌴🌴

Tuesday, November 15, 2022

কিয় শংকৰদেৱ অসমীয়াৰ বাবে বিখ্যাত আছিল ? জাত-পাত, এঘৰীয়া কৰাৰ দৰে মনোভাৱ শ্ৰীমন্ত শংকৰদেৱৰ আছিল নে ?

কিয় 'শংকৰদেৱ' অসমীয়াৰ বাবে বিখ্যাত আছিল ? জাত-পাত, এঘৰীয়া কৰাৰ দৰে মনোভাৱ শ্ৰীমন্ত শংকৰদেৱৰ আছিল নে ?

  🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀
   শ্ৰীমন্ত শংকৰদেৱ আছিল একাধাৰে এগৰাকী ধৰ্মপ্ৰচাৰক, সমাজ সংগঠক, সমাজ সংস্কাৰক, গায়ক,নৰ্তক, অভিনেতা, চিত্ৰকৰ,কবি, সাহিত্যিক আদি। শংকৰদেৱ অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা তথা একান্ত সাধক আছিল বুলি জনা যায়। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ জৰিয়তে নতুবা এক শৰণ ধৰ্মৰ প্ৰৱৰ্তন কৰি অসমীয়া সমাজ জীৱন একত্ৰিত কৰি ভেদভাৱ, বৈষম্য মনোভাৱ আঁতৰাবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিছিল। সেয়ে শংকৰদেৱ অসমীয়াৰ বাবে আজিও বিখ্যাত । এই মহান পুৰুষৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁওৰ আলিপুখুৰীত। পিতৃ আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। মহাপুৰুষ গৰাকীৰ মৃত্যু হৈছিল ছ'কুৰি বছৰত ১৫৫৮ খ্ৰীষ্টাব্দত কোচবিহাৰৰ ভোলা-ডোঙা নামৰ এখন সত্ৰত।

 'শংকৰদেৱ' শিশু কালত খুব ধুৰন্ধৰ, খটাসুৰ স্বভাৱৰ আছিল বুলি জনা যায়। বদমাছ আছিল বাবেই আইতাক খেৰসূতীয়ে কৈছিল - "ভাল আমৰ পুলি হৈ বকৰাণিত গজিলি,তই কূলৰ উজ্বল বন্তি নোমোৱালি।" সকলোৰে বিদ্যমান নিশ্চয় যে শংকৰদেৱৰ মাক দেউতাক সি সৰু অৱস্থাত থাকোঁতে ঢুকাইছিল। সেয়ে আইতাক খেৰসূতীয়ে তাক সৰুৰে পৰা ডাঙৰ দীঘল কৰিব লগীয়া হৈছিল। সৰুৰে পৰা বৰ টেঙৰ আৰু বুদ্ধিয়ক আছিল তেওঁ। 
     আইতাক খেৰসূতীয়ে ঘৰত বেছি আমনি কৰাৰ বাবে শংকৰদেৱক প্ৰায় বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগাই দিছিল। শিক্ষাৰ আদিতেই শংকৰদেৱে কেৱল ব্যঞ্জনবৰ্ণৰ সহায়ত 'কৰতল কমল দল নয়ন...' নামৰ কবিতা লিখি গুৰু মহেন্দ্ৰ কন্দলিৰ লগতে সহপাঠী সকলক চমক খুৱাই দিছিল। এই জন খটাসুৰ ল'ৰাই এটা সময়ত শ্ৰীমন্ত শংকৰদেৱ হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল কেৱল নিজৰ কৃতিত্বৰ বলত। 
     মহেন্দ্ৰ কন্দলিৰ টোলত চাৰিখন বেদৰ জ্ঞান (চাৰিবেদ হ'ল- ঋকবেদ,যজুবেদ, অথৰ্ববেদ আৰু সামবেদ।), চৈধ্য শাস্ত্ৰৰ জ্ঞান ( চৈধ্য শাস্ত্ৰ হ'ল - শিক্ষা, কল্প, জ্যোতিষ, ৰীতি, নীতি, নিৰুক্ত, ছন্দঃ, শ্ৰুতি, স্মৃতি, মীমাংসা, তৰ্ক, কলাপ, তৃক, ন্যায়), ওঠৰ পুৰাণ (মৎস্য, শিৱ, বিষ্ণু, স্কন্দ, বৰাহ, কুৰ্ম, গৰুড়, মাৰ্কণ্ডেয়, বামন, লিঙ্গ, ভৱিষ্য, ব্ৰহ্মাণ্ড, বৈৱৰ্ত্ত, পদ্ম, নাৰদী, বৃহত , অগ্নি, ভাগৱত), অষ্টাদশ ভাৰত, কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিষয়ত অতি দক্ষতাৰে জ্ঞান আহৰণ কৰি বিদগ্ধ পণ্ডিত হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বহু জ্ঞান আহৰণ কৰি বহু গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। 
     শংকৰদেৱে সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰি অসমীয়াৰ সমাজ জীৱনক একত্ৰিত কৰাৰ লগতে মানুহৰ মনৰ পৰা ভেদভাৱ, বৈষম্য মনোভাৱ আঁতৰাবলৈ সক্ষম হৈছিল। তেখেতে অসমীয়া আৰু ভাৰতীয় সমাজ জীৱনলৈ যি অৱদান আগবঢ়াই থৈ গ'ল তাৰ বাবে তেখেতে জীৱিত অৱস্থাতে পাইছিল 'মহাপুৰুষ' উপাধি। আনহাতে মহেন্দ্ৰ কন্দলিৰ টোলত অধ্যাপক মহেন্দ্ৰ কন্দলিয়ে তেওঁৰ মেধাৰ প্ৰতি সন্মান জনাই 'দেৱ' উপাধি প্ৰদান কৰিছিল। 
     শ্ৰীমন্ত শংকৰদেৱ আছিল এগৰাকী মানৱতাবাদী লোক। নিষ্ঠা, সততা আৰু সেৱাৰ মনোভাৱৰ এগৰাকী যুগস্ৰষ্টা পুৰুষ। নামঘৰ , হৰিমন্দিৰ প্ৰতিষ্ঠা কৰি হৰিনাম, ভাওনা,নাটক আদিৰ জৰিয়তে শংকৰদেৱে নামধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। সেয়ে আজিও অসমীয়াৰ হাড়ে-হিমজুৱে মহাপুৰুষ শংকৰদেৱৰ প্ৰতিচ্ছবি বিদ্যমান। শংকৰদেৱৰ গুণত মুগ্ধ হৈ আৰু তেখেতৰ সৰ্বগুণ নিৰীক্ষণ কৰি সেয়ে প্ৰিয় শিষ্য মাধৱদেৱেও তেওঁক 'সৰ্বগুণাকৰ ' বুলি অভিহিত কৰি গৈছে।
     শংকৰদেৱৰ জীৱনত সাহিত্যৰ কীৰ্তিস্তম্ভ আছিল 'কীৰ্তণ ঘোষা' । তদুপৰি তেখেতে ৰচনা কৰিছিল ভাগৱতৰ কেইবাটাও স্কন্ধ, উত্তৰাখণ্ড ৰামায়ণ, ৰুক্মিণী হৰণ, হৰিশচন্দ্ৰ উপাখ্যান আদিৰ দৰে মহৎ কাব্য গ্ৰন্থ। অংকীয়া নাটৰ ভিতৰত তেখেতে ৰচনা কৰিছিল - ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালিয়দমন,ৰামবিজয় আদি। শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ আছিল 'ভক্তি ৰত্নাকৰ'। আনহাতে 'চিহ্নযাত্ৰা' নাট আছিল শংকৰদেৱৰ সংলাপ বিহীন ৰচনা। 
    যি কি নহওঁক, আমি জানো যে শ্ৰীমন্ত শংকৰদেৱে জাতিক একত্ৰিত কৰিবলৈ কাম কৰিছিল। মানুহৰ মাজত মানৱতাৰ গান গাইছিল। কোনো জাত পাতৰ সৃষ্টি কৰা নাছিল। কোনো ভেদভাৱ, বৈষম্য মনোভাৱ পোষণ কৰা নাছিল। ভক্তি ৰসেৰে ভক্ত গণক, ৰাইজক এক কৰি শান্তি স্থাপন কৰিছিল। 
   সাম্প্ৰতিক সময়ত শংকৰদেৱৰ সকলো অৱদান অক্ষুণ্ণ ৰখাৰ মানসেৰে হয়তো জন্ম লভিছিল শংকৰী সংঘ। টি ভি, মোবাইলত এইকেইদিন তাৰেই হাল্লা। সাধাৰণ তামোল পাণ খোৱাৰ কথাতে মানুহক যিদৰে এঘৰীয়া কৰিবলৈ লৈছে, ই নিশ্চয় সমাজৰ বাবে শুভ লক্ষণ নহয় যেন অনুভৱ হয়। শংকৰদেৱৰ সেই কীৰ্তি, শংকৰদেৱৰ সেই যশস্যা আজিৰ সময়ত ঘটি থকা এনে তুচ্ছ বাক বিতনণ্ডাবোৰে লাঘৱ কৰা নাই নে ? কথাবোৰ সময় থাকোঁতেই ভালদৰে ভবা উচিত।





প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷





Thursday, November 10, 2022

পানী বিশুদ্ধ কৰণত জলজ উদ্ভিদৰ ভূমিকা। The role of aquatic plants in purifying water.

🌴পানী বিশুদ্ধ কৰণত জলজ উদ্ভিদৰ ভূমিকা ।The role of aquatic plants in purifying water.

🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱

১/আৰম্ভণি 

২/জলজ উদ্ভিদ কি আৰু ইয়াৰ প্ৰকাৰ

৩/পানী বিশুদ্ধ কৰণত কিদৰে সহায় কৰে

৪/ বিভিন্ন জলজ প্ৰাণীৰ খাদ্য হিচাপে জলজ উদ্ভিদ

৫/ পৰিস্থিতিতন্ত্ৰৰ সমতুলকৰণত জলজ উদ্ভিদ  

৬/মানুহৰ জীৱন শৈলীত জলজ উদ্ভিদৰ প্ৰভাৱ

৭/পৰামৰ্শ আৰু সামৰণি 


১/আৰম্ভণি :
   পানী বিশুদ্ধ কৰণত জলজ উদ্ভিদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ তাক ভালদৰে জানিবৰ বাবে ইয়াৰ বিষয়ে অধ্যয়ন কৰিবই লাগিব। আপোনালোকে নিশ্চয় দেখিছে পানীত বহু প্ৰজাতিৰ উদ্ভিদ থাকে। সৰু ডাঙৰ উদ্ভিদৰ জৰিয়তে পানীৰ নিৰ্দিষ্ট অংশ আৱৰি একোটাহঁত পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি কৰে। এনে পৰিস্থিতি তন্ত্ৰত জলজ উদ্ভিদে মূখ্য ভূমিকা পালন কৰে। জলজ উদ্ভিদে পানীত বাস কৰা জীৱৰ উপৰিও স্থলজ প্ৰাণীৰো উপকাৰ সাধন কৰে। 
   
২/জলজ উদ্ভিদ কি আৰু ইয়াৰ প্ৰকাৰ :

     জলজ উদ্ভিদ হৈছে পানীত আপোনা-আপুনি গজা কিছুমান সৰু-ডাঙৰ উদ্ভিদ। জনা যায় যে কিছুমান উদ্ভিদক বহু পানীৰ প্ৰয়োজন হয় এই পানীৰ প্ৰয়োজন পূৰাবলৈ সেই বিলাক উদ্ভিদ পানীৰ যুৱলি বা খাল,বিল, গভীৰ হ্ৰদ আদিত জন্ম লৈ নিজৰ পূৰ্ণতা বৃদ্ধি ঘটায়। উদ্ভিদৰ ভাগ অনুসৰি জলজ উদ্ভিদকো চাৰিটা ভাগত ভাগ কৰিব পাৰি। লতা,গুল্ম,বৃক্ষ আৰু ঘাঁহ জাতীয় উদ্ভিদ পানীত সচৰাচৰ পোৱা যায়।

    লতা জাতীয় উদ্ভিদ : ইহঁত পানীৰ ওপৰত ওপঙি থাকে আৰু লতা বগাই যায়।এই শ্ৰেণীৰ উদ্ভিদৰ ভিতৰত কলমৌ, দাতোন লতা, এৰালি, দ'ল, বেত গছ, .... আদি।
     কলমৌ : কলমৌৰ পাতৰ আকাৰ বহল সাজিয়া। কোমল আৰু সেউজীয়া ৰঙৰ হয়। ইয়াৰ কাণ্ড কোমল আৰু ফোঁপোলা। মাজত নলা থাকে। ই সহজে পানীত ওপঙি থাকিব পাৰে কাৰণ ইয়াৰ মাজনা নলা সদৃশ, বাকলি পাতল অৰ্থাৎ ফোঁপোলা। সেয়ে ইয়াৰ ওজন কম আৰু সহজে পানীত ওপঙি থাকে। পানীত ওপৰত পৰা ধূলি বালি ইয়াৰ পাতে ধৰি ৰাখে আৰু লতা ডালত পানীত থকা বোকা আৰু বালি ধৰি ৰাখিব পাৰে। এইদৰে কলমৌয়ে পানীত ওপঙি থাকি পানী বিশুদ্ধ কৰণত সহায় কৰে।
    দাতোন লতা: পানীৰ যুৱঁলিত বা পানীৰ মাজত থাকে। কিন্তু ই পানীৰ ওপৰত বগোৱা পৰিৱৰ্তে পানীত থকা যিকোনো জোপোহাৰ আশ্ৰয় লয়। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মানুহে দাঁত ঘঁহা আহিলা হিচাপে ব্যৱহাৰ কৰে। সেয়ে দাতোন লতা বুলিও কয় কিন্তু প্ৰকৃত নাম কি মইয়ো নাজানো। বিজ্ঞজনে সন্নিৱিষ্ট কৰিবলৈ সুবিধা দিব বুলি আশা ৰাখিলোঁ। ইয়াৰ শিপা পানীৰ তলৰ মাটিত থাকে।শিপাই পানীৰ তলিখন টান হোৱাত সহায় কৰে। সেয়ে এনে লতা থকা পানী সহজে ঘোলা নহয়। 
    এৰালি: ই এবিধ ঘাঁহ জাতীয় লতা। পানীৰ ওপৰত বগাই থাকে। বিশেষকৈ গৰু মহৰ ই উত্তম খাদ্য। ইও বায়ুমণ্ডলত থকা ধূলি বালি পানীত নপৰাকৈ ধৰি ৰাখে।
    দ'ল: ইও এবিধ পানীত বগাই ফুৰা লতা জাতীয় উদ্ভিদ। পাতবোৰ দীঘলীয়া।বৰণ সেউজীয়া। বিশেষকৈ গৰু আৰু মহৰ খাদ্য হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। দলে বায়ুমণ্ডলৰ ধূলি বালি পানীত নপৰাকৈ ধৰি ৰাখে। ইয়াৰ পানীত থকা বোকা আৰু বালি ধৰি ৰাখে। 
    গুল্মজাতীয় উদ্ভিদ: গুল্মজাতীয় উদ্ভিদসমূহ পানীৰ তলত আৰু কিছুমান পানীৰ ওপৰত থাকে। পানীৰ ওপৰত থকা উদ্ভিদ হৈছে - মেটেকা,সৰু পুনি, ডাঙৰ পুনি ,.... আদি। 
    মেটেকা: মেটেকাৰ শিপাবোৰ পানীৰ তলত ওপঙি থাকে। থোপা শিপা থাকে। মেটেকা মানুহে বহু কামত ব্যৱহাৰ কৰে। সাৰ হিচাপে আৰু খাদ্য হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। মেটেকাৰ কাণ্ড ফোঁপোলা আৰু ই পানী ধৰি ৰাখিব পাৰে। মেটেকাই বোকা বিভিন্ন পোক পতংগ আৰু মাছ ধৰি ৰখাত সহায় কৰে। ইয়াক মাছৰ ঘৰ বুলিও ক'ব পৰা যায়। মেটেকাৰ শিপাই পানীত ওপঙি থকা ঘোলা মাটি আৰু পলস ধৰি ৰাখে যাৰ পানী বিশুদ্ধ হৈ থাকে। মেটেকাবোৰ উপৰলৈ উঠাই দিলে সেয়ে লেতেৰা বোকা পানী,পলসযুক্ত পানী সিচঁৰিত হৈ যায় যাৰ বাবে পানী ভাগ ঘোলা হ'ব ধৰে। ইয়াৰ পৰা গম পোৱা যায় মেটেকাই পানী বিশুদ্ধ কৰণত সহায় কৰে।
    পুনি: সৰু সৰু পাত থকা এবিধ উদ্ভিদ যি কেৱল পানীতহে থাকে পানীত থকা পোক পতংগ আৰু মাছৰ ই উত্তম খাদ্য। 
    বৃক্ষজাতীয় উদ্ভিদ: যি বিলাক উদ্ভিদৰ গা-গছ আৰু ডাল পাত থাকে সেইবিলাক উদ্ভিদক বৃক্ষজাতীয় উদ্ভিদ বোলে। পানীত থকা বৃক্ষজাতীয় উদ্ভিদৰ ভিতৰত - ভেৰ গছ, পানী মধুৰি, নল, খাগৰি, ইকৰা, তৰা গছ, ... আদি। 
    ভেৰ গছ: ভেৰ গছৰ গা-গছ বৰ টান আৰু আকাৰত ডাঙৰ। ডাল ঠাল ঠেঙুলি থাকে। পাতবোৰ সেউজীয়া আৰু দীঘল সাজিয়া। পানীত গজিলেও ইয়াৰ পাত ছাগলী আৰু গৰুৰ উত্তম খাদ্য। এই গছৰ শিপা বহু দূৰলৈকে যায় বাবে পানীৰ তলৰ মাটিবোৰ টান হোৱাত সহায় কৰে। মাটিবোৰ টান আৰু সহজে এৰাই নগ'লে পানী সহজে ঘোলা নহয়। গতিকে বৃক্ষই পানী বিশুদ্ধ কৰণত শিপাৰ জৰিয়তে সহায় কৰে।
    পানী মধুৰি: সৰু সৰু ডাল আৰু পাত থকা এবিধ সৰু আকাৰৰ গছ। দ বা বাম সকলো পানীতে এই গছ থাকে। ইও শিপাৰ জৰিয়তে পানী ঘোলা হোৱাৰ পৰা ৰক্ষা কৰে। পানীত মিহলি হৈ থকা ধূলি বালি ইয়াৰ গা-গছ আৰু ডাল পাতে ধৰি ৰাখে।  
    গুল্মজাতীয় উদ্ভিদ : গুল্মজাতীয় উদ্ভিদ পানীত তেনেকৈ নাথাকে বুলিব পাৰি। পাটিদৈ গছ, ইকৰা,নল, খাগৰি আদিক গুল্মজাতীয় উদ্ভিদ হিচাপে ধৰিব পাৰি। 
    ইকৰা: ইয়াৰ পাত দীঘল সাজিয়া। গা-গছ ৰঙচুৱা বৰণৰ। থোপা শিপা থাকে। পানীৰ বহু দূৰলৈকে শিপাই মাটি খামোছ মাৰি ধৰে। যাৰ বাবে ইকৰা থকা পানী খিনি চাফা আৰু শীতল হৈ থাকে। ইয়াৰ শিপাই মাটি খামোছ মাৰি ধৰি ৰাখে বাবে সহজে মাটিৰ পৰা বোকা উঠি পানী ঘোলা নকৰে।
    পাটিদৈ: পাটিদৈৰ শিপা থাকে পানীৰ তলত আৰু গা-গছৰ অংশ ওপৰত ওলাই থাকে। ইয়াৰ পাত তিনি কোণীয়া হয়। কৌপাতৰ নিচিনা কোমল। গা-গছৰ ছাল বিভিন্ন আকৃতিৰ ঢাৰি পাতি বনাবলৈ ব্যৱহাৰ কৰে। যাক চিতল পাটি বুলিও কোৱা হয়। ইয়াৰ শিপাই বহুদূৰলৈ পানী তলৰ মাটিবোৰ ধৰি ৰাখে আৰু সেয়ে মাটিৰ উপৰি অংশ টান হৈ থাকে। টান হৈ থকা বাবে সহজে মাটি এৰি নাযায় আৰু মাটিবোৰ বোকা নহয়। সেয়ে এনে গছৰ তলত থকা পানী চাফা আৰু পৰিষ্কাৰ হৈ থাকে। 
    নল-খাগৰি: নল খাগৰি সকলোৱে নিশ্চয় দেখিছে। নলবোৰ বাঁহৰ সদৃশ পাব থাকে।পাত সৰু দীঘল সাজিয়া।বৰণ সেউজীয়া। পাবে পাবে ডাল ওলাই আৰু জোপোহা হৈ পৰে। ইয়াৰ শিপাও পানীৰ তলত থাকে আৰু গা-গছ পানীৰ এক দুই মিটাৰ পৰ্যন্ত ওখ হয়। শিপাই পানীত থকা মাটি টানকৈ খামোছ মাৰি ধৰে বাবে এই উদ্ভিদ থকা পানীভাগ চাফা হৈ থাকে। তদুপৰি গা-গছ আৰু পাতে পানীত ওপঙি থকা ঘোলা মাটি আৰু পলস সহজে ধৰি ৰাখে যাৰ বাবে পানী বিশুদ্ধ হৈ থাকে।
    ইয়াৰোপৰি শেলাই জাতীয় উদ্ভিদ, শিঙৰী উদ্ভিদ আদিও পানীত থাকি পানী বিশুদ্ধ কৰণত সহায় কৰে। এনেধৰণৰ উদ্ভিদ বিলাকে পানীত ওপঙি থকা ঘোলা মাটি,বালি, জাবৰ আদি ধৰি ৰাখে। সেয়ে এনে উদ্ভিদ থকা পানীভাগ চাফা হৈ থাকে। 
 
 ৩/পানী বিশুদ্ধ কৰণত কিদৰে সহায় কৰে:
  ওপৰত উল্লেখিত উদ্ভিদ সমূহৰ গঠন আৰু প্ৰকৃতিৰ পৰা বুজিব পাৰি যে জলজ উদ্ভিদ সমূহে পানী বিশুদ্ধ কৰণত সহায় কৰে। ঘাইকৈ ইয়াৰ শিপা আৰু পানীৰ সীমনালৈ থকা গা-গছ আৰু ডাল পাতে পানী বিশুদ্ধ কৰণত সহায় কৰে। শিপাই পানী তলৰ মাটিবোৰ খামোছ মাৰি ধৰি টান কৰি ৰাখে যাৰ বাবে ইয়াৰ তলৰ মাটিবোৰ বোকাময় নহয়। ফলত ইয়াৰ পৰা বোকা, বালি উঠি পানীভাগ লেতেৰা কৰিব নোৱাৰে। তদুপৰি বায়ুমণ্ডলত থকা ধূলি বালি গা-গছৰ উপৰি অংশ ডাল পাতে ধৰি ৰাখে। সেয়ে তলৰ পানী স্ফটিক অৱস্থাত থাকে। তাৰোপৰি গছৰ পাতবোৰেও পানী বিশুদ্ধ কৰণত সহায় কৰে। পানীত মিহলি হৈ থকা বিভিন্ন লেতেৰা পদাৰ্থবোৰ পানীত পৰা পাতবোৰৰ গাত লাগি থাকে। আনকি সহজে এনেধৰণৰ পদাৰ্থ এৰাই নাযায় যাৰ বাবে পানী বিশুদ্ধ হৈ থাকে। আনহাতে পাতবোৰে পানী তলৰ মাটিবোৰ ওপৰলৈ উপঙি অহাত বাধা দি পুতিজল সৃষ্টি হোৱাত বাধা দি ৰাখে। সেয়ে পানী সহজে ঘোলা নহয়। পুণি শিঙৰী উদ্ভিদ থকা পানীভাগ সোনকালে লেতেৰা নহয়। পুণিয়ে পুখুৰী বা হ্ৰদ বা জলাশয় বা খাল বিল আদিত সহজে বংশৰ বৃদ্ধি ঘটাব পাৰে। পুখুৰী বা হ্ৰদ বা জলাশয় বা খাল বিলৰ সমস্ত পানী ভাগ ই আগুৰি থাকে। যাৰ বাবে ইয়াৰ তলৰ পানীভাগ বিশুদ্ধ অৱস্থাত থাকে।
     পানীত থকা উদ্ভিদৰ পৰা পানীত থকা জীৱই বিশুদ্ধ অস্কিজেন লাভ কৰিব পাৰে। 

 ৪/ বিভিন্ন জলজ প্ৰাণীৰ খাদ্য হিচাপে জলজ উদ্ভিদ :
    পানীত থকা সৰহ ভাগ উদ্ভিদেই জলজ প্ৰাণীৰ লগতে স্থলজ প্ৰাণীৰো খাদ্য। পুণি মাছৰ খাদ্য। সৰু বা ডাঙৰ আটাইবোৰ মাছেই পুণি খায়। শিঙৰী কাইটৰ গুটিৰ ভিতৰৰ কোমল অংশ মাছৰ খাদ্য। উদ্ভিদ বিলাকৰ গা-গছৰ ছালত লাগি থকা পোক পতংগ মাছৰ খাদ্য হিচাপে মাছে পায়। ঠিক সেইদৰে মেটেকাও মাছৰ খাদ্য। মেটেকাৰ শিপাৰ কোমল অংশ মাছে আহাৰ হিচাপে খায়। লগতে মেটেকাক বিভিন্ন সৰু সৰু পোক পতংগও বাহ লয়। এই সৰু প্ৰাণীবোৰ মাছৰ খাদ্য হিচাপে মাছে পায়। একেদৰে কলমৌৰ পৰাও মাছে আহাৰ পায়। কলমৌৰ শিপা কোমল আৰু লেহুকা। সেয়ে শিপাবোৰ মাছে আহাৰ হিচাপে খায়।

৫/ পৰিস্থিতিতন্ত্ৰৰ সমতুলকৰণত জলজ উদ্ভিদ :
    পৰিস্থিতি তন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত জলজ উদ্ভিদৰ ভূমিকা আছে। জলজ উদ্ভিদ বিলাকেও অক্সিজেনৰ সৃষ্টিত সহায় কৰে। লগতে পৰিস্থিতি তন্ত্ৰত থকা আৱহহাৱা জলজ উদ্ভিদ সমূহে বিশুদ্ধ কৰি ৰখাত সহায় কৰে।

৬/মানুহৰ জীৱন শৈলীত জলজ উদ্ভিদৰ প্ৰভাৱ :
    জলজ উদ্ভিদৰ পৰা মানুহে পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে সহায় পায়। বহু জলজ উদ্ভিদ মানুহে বিভিন্ন খাদ্য হিচাপেও ব্যৱহাৰ কৰে। বিশেষকৈ কলমৌৰ পোখা, মেটেকাৰ ফুল, বেতৰ গাজ, চেংমৰা গছৰ পোখা আদি মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। শিঙৰীৰ ফল মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। ভেৰ গছ, পানী মধুৰিৰ পৰা কাঠ আৰু খৰি মানুহে পাবলৈ সক্ষম হয়। ইকৰা, নল, খাগৰি আদি ঘৰৰ বেৰ আৰু জেওৰা দিবলৈ মানুহে ব্যৱহাৰ কৰে। 
     মেটেকাৰ পৰা মানুহে বিভিন্ন আহিলা তৈয়াৰ কৰিব পাৰে যেনে- যোগাসন কৰা কঠ, নামঘৰত ভকত বহা কঠ, ডাইনিং মেট, পুৰুষ-মহিলাৰ বিভিন্ন ধৰণৰ বেগ, বটল বেগ, বাস্কেট, ফাইল কভাৰ, জপা, পেন হ’ল্ডাৰ, টুপি ট্ৰে, ফুলদানি, ড্রয়িংৰূমত সজোৱা সামগ্রীকে ধৰি বিভিন্ন ধৰণৰ সা-সামগ্রী তৈয়াৰ কৰিব পৰা যায় । এনেকৈয়ে মানুহৰ জীৱনত প্ৰত্যক্ষ ভাৱে জলজ উদ্ভিদ সমূহে প্ৰভাৱ বিস্তাৰ কৰিছে।

৭/পৰামৰ্শ আৰু সামৰণি
   পানী বিশুদ্ধ কৰণত জলজ উদ্ভিদ বিলাকে সহায় কৰিলেও এইবোৰ উদ্ভিদে বহুক্ষেত্ৰত মানুহক অপকাৰ নকৰাও নহয়। মেটেকা এনে এবিধ উদ্ভিদ যি অতি সহজে আৰু সোনকালে নিজৰ বংশ বৃদ্ধি ঘটাব পাৰে। বোৱতী নদী, সুঁতি আদিৰ পানী সঠিক মতে ওলাই যোৱাত মেটেকাই বাধা দিয়ে। মেটেকাই নদী বা সোঁতিৰ মাজেৰে অহা বিভিন্ন পচা কাঠ,ডাল পাত, বিভিন্ন পেলনীয়া সামগ্ৰী বাধা দি ৰখাই থোৱাৰ ফলত নদীৰ পানী ওফন্দি বানপানীৰ সৃষ্টি কৰাত অৰিহণা যোগায়। খেতি পথাৰত মেটেকা পৰিলে মেটেকাই খেতি পথাৰ নষ্ট কৰে। তদুপৰি মেটেকাত অত্যধিক পৰিমাণে থকা ৰাসায়নিক দ্ৰব্য পটাচ, নাইট্ৰজেন আদিও মানুহৰ বাবে ক্ষতিকাৰক হিচাপে বিবেচিত। একেদৰে দ'ল বা এৰালিয়ে পানী চলাচল কৰাত বাধা দিয়ে। দ পথাৰবোৰত এৰালি, দ'ল আদি অপতৃণ বিলাকে পথাৰ নষ্ট কৰি খেতিয়কক আহুকালত পেলায়। 
       ই যি কি নহওঁক, পৰিস্থিতি তন্ত্ৰত থকা প্ৰতিটো উপাদানে পৰিৱেশ সৃষ্টিত অৱদান আগবঢ়াই। প্ৰতিটো উপাদান সমান হলেহে পৰিৱেশ সমতুল অৱস্থাত থাকিব। সেয়ে আমি সকলো উপাদানৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সংৰক্ষণ কৰিব চেষ্টা কৰা উচিত। 

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।

🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾

Sunday, November 6, 2022

থলুৱা শস্যৰ সম্ভাব্য চাহিদা অনুসৰি বজাৰ দখল: এক তুলনামূলক অধ্যয়ন। A comparable field study on demand of local crops in the market.

    থলুৱা শস্যৰ সম্ভাব্য চাহিদা অনুসৰি বজাৰ দখল: এক তুলনামূলক অধ্যয়ন ।

A comparable field study on demand of local crops in the market.



     বজাৰত থলুৱা শস্যৰ চাহিদা আছে নে নাই , সম্ভাব্য চাহিদা কিমান (?) আদি কথাবোৰ স্পষ্টকৈ নজনাকৈয়ে আমাৰ কৃষক বন্ধুসকলে ঐতিহাসিক দিনৰে পৰাই বজাৰত বিক্ৰী কৰি আহিছে 'থলুৱা জাতৰ শস্য'। কিন্তু কৃষকসকলে উৎপাদিত থলুৱা সামগ্ৰীৰ উচিত মূল্য পাইছে বুলি আজিলৈকে কৰ্ণগোচৰ হোৱা নাই। ইয়াৰ কাৰণ কি ? থলুৱা জাতৰ শস্যৰ চাহিদা কিমান? চাহিদা অনুসৰি বজাৰ অধিকাৰ কৰিব সক্ষম নে ? ইত্যাদি প্ৰশ্নৰ উত্তৰ পাবলৈ কিছু অধ্যয়নৰ প্ৰয়োজন।
       থলুৱা শস্য বুলিলে ধান,মাহ, সৰিয়হ, ঘেঁহু, ৰঙালাউ জাতিলাও, বেঙেনা, গোমধান, তিঁয়হ অমিতা কচু বিলাহী আলু, কল, ... আদি শস্যবোৰৰ কথাকেই বুজা যায়। পৰিলক্ষিত হয় যে থলুৱা বীজৰ দ্বাৰা উৎপাদিত থলুৱা শস্যৰ বজাৰ চাহিদা বৰ্তমান সময়ত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ কাৰণ হৈছে- থলুৱা জাতৰ শস্য সমূহ কোনো অনিষ্ট কাৰী সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা নহয়। গৰুৰ গোবৰ আৰু বালিঅহীয়া সাৰুৱা মাটিত থলুৱা জাতৰ শস্য সহজে উৎপাদিত হয়। সেয়ে এনে শস্যৰ খাদ্য অধিক সুস্বাদু হোৱাৰ লগতে পুষ্টিকাৰক হয়। থলুৱা জাতৰ শস্যৰ চাহিদা সেয়ে বজাৰত বৃদ্ধি পাবলৈ ধৰিছে। বৈজ্ঞানিক পদ্ধতিৰে থলুৱা শস্য খেতি কৰি বজাৰ সহজে চাহিদা অনুসৰি অধিগ্ৰহণ কৰিব পৰা যায়। আনহাতে বৰ্তমান সময়ত বজাৰত প্ৰাপ্ত বৰ্ণসংকৰ জাতৰ শস্যৰ প্ৰতি মানুহে আকৃষ্ট হ'লেও, শস্যৰ গুণাগুণ আৰু অধিক সাৰ প্ৰয়োগেৰে উৎপাদন কৰা বাবে এনে খাদ্য শস্য কিনিবলৈ কিছু ইতস্ত:বোধ কৰা দেখা যায়। 
       তদুপৰি থলুৱা জাতৰ শস্যৰ বহন ক্ষমতা অধিক হোৱাৰ বাবে এনে জাতৰ শস্যৰ খেতি কৰি বজাৰ দখল কৰি কৃষকসকল স্বাৱলম্বীহ'ব পাৰে।
       থলুৱা জাতৰ শস্যৰ চাহিদা বজাৰত কিমান (?), বা চাহিদা আছে নে নাই, উৎপাদিত সামগ্ৰীসমূহ বৰ্ণসংকৰ জাতৰ শস্যৰ সমান উচ্চ হাৰত দাম পাবলৈ সক্ষম নে , সক্ষম নহয়... ইত্যাদি কথাবোৰ বিভিন্ন কৃষক বন্ধুসকলৰ পৰা জানিবলৈ প্ৰয়াস কৰা হৈছিল। বিভিন্ন প্ৰশ্ন কৰি থলুৱা শস্যৰ বজাৰ চাহিদা আৰু সম্ভাব্য চাহিদাৰ সম্পৰ্কে কিছু বুজিবলৈ সক্ষম হৈছিলো। 

       আৰৈমূৰীয়া গাওঁ এখন অতি পুৰণি ভোগালী গাওঁ হিচাপে খ্যাতি আছে। গাওঁখনৰ খেতিয়ক সকল বৰ্তমান সময়ত পূৰ্বৰ তুলনাত বহু পৰিমাণে উন্নত হৈছে। চাকৰি বাকৰিও বহুঘৰৰ মানুহে কৰা হ'ল। সেয়ে পৌৰাণিক নিয়মেৰে কৰা খেতিৰ দিহা প্ৰায় মানুহে এৰিছে বুলি ক'ব পাৰি। গম পোৱা মতে পূৰ্বৰ কৃষক সকলে যি খেতি খোলা কৰিছিল তাৰবাবে বীজ নিজে সংৰক্ষণ কৰিছিল। গোমধান,তিঁয়হ, অমিতা, মাটিমাহ, ধান, সৰিয়হ,ঘেঁহু, বিলাহী আলু, কচু ... আদিৰ ক্ষেত্ৰত কৃষকে বজাৰৰ পৰা কিনি অনা নাছিল। 

    পৰম্পৰাগত প্ৰথাৰে বীজবোৰ ৰাখিছিল। কোনো ঔষধৰ ব্যৱহাৰ কৰা নাছিল। ফলত এনে বীজৰ সহায়ত কৰা শস্যৰ গুণাগুণ নষ্ট হোৱা নাছিল। আনহাতে খেতিৰ সময়ত কোনো ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ পৰা বিৰত আছিল। বৰ্তমান সময়তো এনে প্ৰক্ৰিয়াৰে গাওঁৰ চহা কৃষক বন্ধুসকলে শস্যৰ উৎপাদন অব্যাহত ৰাখিছে। এনে সতেজ আৰু খাটীভাৱে উৎপাদিত থলুৱা জাতৰ শস্যৰ খাদ্য খোৱাৰ বাবে হয়তো গাওঁৰ মানুহবোৰ শকত-আবত আৰু নিপোটল। তেওঁলোকৰ মতে থলুৱা জাতৰ শস্যৰ চাহিদা আছে। কিন্তু বহিৰাগত বনিয়া সকলে বা বেপাৰী বিলাকে দাম দিবলৈ নিবিচাৰে। কম দামত গাৱঁৰ ৰাইজৰ পৰা বেপাৰী বিলাকে সামগ্ৰী উঠাই লয় আৰু নিজে এইবোৰ দামত বিক্ৰী কৰে । বৰ্ণসংকৰ জাতৰ শস্যৰ দৰে উচ্চ হাৰত দাম পাবলৈ হ'লে ৰাইজে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লাগিব। বৈজ্ঞানিক পদ্ধতিৰে থলুৱা জাতৰ শস্যৰ খেতি খোলা কৰিব লাগিব। কিন্তু ৰাসায়নিক দ্ৰব্য ভূলতেও ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ পৰা বুজিব পাৰি যে থলুৱা শস্যৰে বজাৰ দখল কৰাত বৰ অসুবিধা নাই। 
       দীঘল মেছাকী গাওঁ, ন-মেছাকী গাওঁ, আজোখা গাওঁ আৰু বোকাপথাৰ গাওঁৰ সমূহ ৰাইজৰ প্ৰায়ভাগৰ মুখেৰে জানিব পৰা মতে পূৰ্বতে তেওঁলোকে ঘৰতেই নিজে বিভিন্ন বীজ সংৰক্ষণ কৰিছিল আৰু সেইবোৰৰ জৰিয়তে খেতি কৰিছিল। উৎপাদিত সামগ্ৰীসমূহ পুৰণি ছৈখোৱা বজাৰত বিক্ৰীৰ বাবে কৃষকসকলে নিছিল। ১৯৫০ চনৰ পৰৱৰ্তী সময়ত মথাউৰিৰ দক্ষিণ পাৰলৈ অনা ছৈখোৱা বজাৰত বিক্ৰীৰ বাবে নিছিল আৰু বৰ্তমানেও উক্ত বজাৰতে বস্তুৰ বেচাকিনা অব্যাহত আছে। তেওঁলোকৰ মতে থলুৱা জাতৰ শস্যৰ চাহিদা বজাৰত আছে যদিও উচিত মূল্য পোৱা নাযায়। দূৰৰ ঠাইসমূহৰ পৰা অহা বেপাৰী বিলাকে কিছু ভালদাম দিলেও স্থানীয় বেপাৰী বিলাকে একেবাৰে দাম দিবলৈ নিবিচাৰে। আনকি কিছুলোকে থলুৱা সামগ্ৰী ঘৰলৈ পুনৰ ঘূৰাই নিব লগা পৰিস্থিতিও সৃষ্টি হোৱা পৰিলক্ষিত হয়। 
     
  ইয়াৰ বিপৰীতে কিন্তু বৰ্ণসংকৰ জাতৰ শস্য গ্ৰাহকে বেপাৰীৰ পৰা বেছি দাম দি হ'লেও ক্ৰয় কৰি নিয়ে। আৰু গ্ৰাহক সকলে থলুৱা শস্য বিলাক কিনিব ইচ্ছা নকৰাৰ মূল কাৰণ হ'ল থলুৱা শস্যবোৰ পোকে নষ্ট কৰাৰ পৰিমাণ বেছি। এইক্ষেত্ৰত গ্ৰাহকসকলৰ খাদ্য শস্যৰ ওপৰত থকা গুণাগুণৰ অজ্ঞানতাৰেও প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে বুলি ক'ব পাৰি। সেয়ে থলুৱা জাতৰ শস্যৰ চাহিদা বজাৰত কম হোৱা পৰিলক্ষিত হয়। কৃষকসকলে সেয়ে অধিক গোবৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি শস্য উৎপাদন কৰিব লাগিব। শস্যৰ বীজ মাটিত লগোৱা পাছত উঠোৱা লৈকে শস্যৰ প্ৰতিপালন সঠিক মতে কৰিব লাগিব। পথাৰখন বা বাৰীখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ প্ৰয়াস কৰিব লাগে যাতে কোনো পোক পতংগই বাহ ল'ব নোৱাৰে। জনা যায় যে অধিক সাৰ প্ৰয়োগ কৰিলেহে শস্যৰ চেহেৰা নিপোটল হয়। আৰু লগতে গ্ৰাহক সকলক থলুৱা জাতৰ শস্যৰ গুণাগুণ আৰু খাদ্যৰ উপকাৰী দিশসমূহৰ বিষয়ে অৱগত কৰি সজাগ কৰিব পাৰিব লাগিব। তেতিয়াহে থলুৱা জাতৰ খাদ্য শস্যই বজাৰ ধৰি ৰখাত সক্ষম হ'ব।
       
  যিহেতু বেছিভাগ কৃষকৰ মতে থলুৱা শস্যৰ চাহিদা বেছি আছে যদিও এনে জাতৰ উৎপাদিত সামগ্ৰী নিচেই কম হোৱাৰ বাবে বজাৰত ইয়াৰ স্থায়ীত্ব হ্ৰস্বম্যাদী হয়। সেয়ে যদি কৃষকসকলে বৈজ্ঞানিক পদ্ধতিৰে অধিক উৎপাদনৰ ব্যৱস্থা কৰিব পাৰে তেন্তে বজাৰত এনে থলুৱা শস্য বৃদ্ধি ঘটাব পাৰিব। থলুৱা শস্যৰ বৃদ্ধি ঘটাব পাৰিলে ইয়াৰ চাহিদাও সেই অনুপাতে বৃদ্ধি ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে থলুৱা জাতৰ শস্যৰ চাহিদাৰ সম্পৰ্কে আমি প্ৰথমতে বজাৰৰ পৰিৱেশ অধ্যয়ন কৰি লোৱা অতি প্ৰয়োজন। আনহাতে অধিক হাৰত যাতে বেপাৰী বিলাকে বাহিৰৰ পৰা বৰ্ণসংকৰ জাতৰ শস্য বজাৰলৈ আমদানি নকৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মুঠতে প্ৰতিযোগিতা মূলক মনোভাৱ পোষণ কৰি কৃষকসকল আগবাঢ়িবলৈ চেষ্টা কৰিলেহে থলুৱা শস্যই বজাৰ অধিগ্ৰহণ কৰিবলৈ সক্ষম হ'ব।
  
       ওপৰোক্ত লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি কৃষকসকলৰ মাজত সজাগতা সভা অনুস্থিত কৰা উচিত। কিদৰে আগবাঢ়িলে থলুৱা জাতৰ শস্যৰ উৎপাদন বৃদ্ধি ঘটাব পাৰি আৰু চাহিদা বৃদ্ধি ঘটাব পাৰি সেই সম্পৰ্কে কৃষকসকলক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা প্ৰয়োজন আছে। এনেধৰণৰ প্ৰক্ৰিয়াৰে আগবাঢ়িলে কৃষক সকল লাভৱান হব পাৰিব।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।

Tuesday, November 1, 2022

অসমীয়া সংস্কৃতিৰ স্বৰূপ : সংস্কৃতি কেনেকৈ জীয়াই থাকিব ? Nature of Assamese Culture: How Culture Will Survive ?


অসমীয়া সংস্কৃতিৰ স্বৰূপ: সংস্কৃতি কেনেকৈ জীয়াই থাকিব মানুহ যদি সক্ৰিয় নহয় ? Nature of Assamese Culture: How Culture Will Survive ?
     সংস্কৃতি কেনেকৈ জীয়াই থাকিব‌ বুলি ক'লে সহজে উত্তৰ দিবলৈ ক'ব পাৰি- 'আমাৰ ইচ্ছাই সংস্কৃতিক জীয়াই ৰাখিব।' অৰ্থাৎ মানুহৰ ইচ্ছাৰ বিপৰীতে সংস্কৃতিৰ অপমৃত্যু নিশ্চিত। সমাজ এখন জীয়াই থাকে সংস্কৃতিৰ ছত্ৰছায়াত। যি সমাজৰ সংস্কৃতিৰ ৰূপ ফোঁপোলা আৰু নিশকতীয়া সেই সমাজৰ স্থায়ীত্ব হ্ৰস্বম্যাদী হয়। সেয়েহে আমি নিজৰ কৃষ্টি-সংস্কৃতিক জীয়াই ৰাখিবলৈ, আয়ুস বঢ়াবলৈ চেষ্টা অটুট ৰখা উচিত। আদিম কালৰে পৰা মানুহে স্ব-কৃষ্টি আৰু সংস্কৃতিক বিভিন্ন উপায়েৰে ধৰি ৰাখিছে। বিভিন্ন উৎসৱ, বিভিন্ন নাটক আদিৰ মাধ্যমেৰে সংস্কৃতিক এচাম সংস্কৃতিৱান মানুহে পুনৰুৰ্জীৱিত কৰিছে। সত্তৰ নব্বৈ দশকৰ সময়ছোৱাত এনে কাৰ্যৰ বলিষ্ঠ ভাৱে সমাজত প্ৰতিফলিত হোৱা পৰিলক্ষিত হৈছিল। তৎকালীন সময়ত গঞাঁ ৰাইজে নিজে নাটকৰ কাহিনী লিখিছিল আৰু সাধাৰণ বাঁহ-কাঠেৰে নিৰ্মিত মঞ্চৰ মাধ্যমেৰে মঞ্চস্থ কৰি সমাজৰ লোকক আনন্দ দান দিয়াৰ লগতে সংস্কৃতিৰ সংৰক্ষণ কৰিছিল। তেনেকৈ বিভিন্ন উৎসৱাদিৰ ক্ষেত্ৰতো তন্দ্ৰুপ কাৰ্যৰে সংস্কৃতিক জীয়াই ৰাখিবলৈ কৰিছিল কুচ-কাৱাজ। আজিৰ সময়ত মানুহৰ মনৰ পৰা তাহানিৰ সেই মানুহৰ সৃজনীমূলক মনোভাৱবোৰ হেৰাই গৈছে নেকি? প্ৰশ্নটোৱে আমাক বাৰু জোকাৰি নাযায় নে ?

     বিজ্ঞ সমাজৰ মতে সংস্কৃতি হেনো পৰিবৰ্তনশীল। সেয়ে ইয়াৰ ৰূপ সময়ে সময়ে সলনি হৈ থাকে। পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ সংস্কৃতিৰ ৰেহৰূপো পৰিৱৰ্তন ঘটে। আমাৰ চৌপাশত সংস্কৃতিৰ ওপৰত ঘটা পৰিৱৰ্তনে নিশ্চয় তাকেই দোহাৰে। 

       আজিৰ পৰা পঞ্চাছ ষাঠি বছৰৰ আগতে যি কৃষ্টি - সংস্কৃতি আছিল সেয়া আজিৰ দিনত তাৰ কেৱল জকাটোহে অৱশিষ্ট ৰৈছেগৈ বুলিলেও অত্যুক্তি কৰা নহ'ব নিশ্চয়। তাৰ বহু উদাহৰণ আমাৰ মাজত বিদ্যমান। শ্ৰীমন্ত শংকৰদেৱৰ চেষ্টাত গাওঁৱে ভূঞেঁ সংস্কৃতিৰ সংৰক্ষণে নৱজাগৰণৰ সৃষ্টি কৰিছিল। নাটক, ভাওনা আৰু নামঘৰক ভেটি হিচাপে লৈ আমাৰ কৃষ্টি আৰু সংস্কৃতিক ন-ৰূপত প্ৰতিষ্ঠা কৰা হৈছিল। সমাজৰ মানুহবিলাকে নিজে নাটক, ভাওনা... আদিৰ কাহিনী সৃষ্টি কৰিছিল আৰু ইয়াক মঞ্চৰ মাধ্যমেৰে মঞ্চস্থ কৰি সমাজৰ সকলো লোককে আনন্দ দান দিয়াৰ লগতে সংস্কৃতি সংৰক্ষণত সহায় কৰিছিল। বিশেষকৈ আহোম, সোণোৱাল কছাৰী জনগোষ্ঠী লোকসকলৰ মাজত সংস্কৃতিৰ প্ৰতি ৰাপ আৰু দায়বদ্ধতা বেছি আছিল বুলি জয়া উৎসৱ, ভাওনা , নাটক, বিভিন্ন প্ৰতিযোগিতা... আদি প্ৰতি বছৰে অনুষ্ঠিত কৰাটোৱে প্ৰতিপন্ন কৰিছিল। ১৯৮৮ চনৰ আশে পাশে বৃহৎ হাঁহখাটী অঞ্চলত অনুষ্ঠিত হোৱা কেইবাখনো জয়া উৎসৱ চোৱাৰ সুবিধা লাভ কৰিছিলো । তেতিয়া আমাৰ বয়স তেনেই কম। আঠ কি ন বছৰীয়া বয়সৰ আছিলোঁ। কিন্তু কথাবিলাক প্ৰায় মনত আছে। বৰ সুন্দৰ ভাৱে অভিনয় কৰিছিল ভাৱৰীয়াসকলে কোনো প্ৰশিক্ষণ নোলোৱাকৈ। ভাওনা বা নাটকৰ ক্ষেত্ৰতো একেই কথা। অৱশ্যে ভাৱৰীয়া সকলে কিছু দিন আখৰা কৰি লয়। আগ্ৰহী তথা কিছু বিজ্ঞজনে আখৰাৰ সময়ত দৃষ্টি দি তদাৰক কৰে। এনেকৈয়ে সেই সময়ত সংস্কৃতিৰ মালাধাৰি সুন্দৰকৈ গাঁথি ৰাখিছিল। 
       জয়া উৎসৱ আয়োজন কৰিলে হেনো বৰষুণ হয়। কথাটো কিমান দূৰ সত্য নাজানো কিন্তু বাস্তৱত জয়া উৎসৱত সদায় বৰষুণ ধুমুহা বতাহ হোৱাই দেখি আহিছোঁ। অৱশ্যে জয়া উৎসৱ হোৱা সময়তোও বৰষুণ আগমনৰ দিনৰে সময়। জয়া উৎসৱ চ'ত মাহত অনুষ্ঠিত কৰা হয়। সেয়ে বৰষুণ হয় যেন অনুভৱ হয়। মনত পৰিছে হাঁহখাটি মৃদংপৰাত অনুষ্ঠিত হোৱা এখন জয়া উৎসৱৰ কথা। ১৯৮৮ চন মানৰ কথা (স্পষ্টকৈ চনটো মনত নাই) । সুন্দৰ ভাৱে বাঁহৰ খুটা দি মঞ্চ সাজি জয়া উৎসৱ আয়োজন কৰিছিল। আমিও সেই উৎসৱ চাবলৈ ঢাপলি মেলিছিলো । মই অৱশ্যে বাৰ তেৰ বছৰ বয়সীয়া আছিলো । তেতিয়া পথবোৰ একেবাৰে বেয়া। কেঁচা পথ। অৱশ্যে বতৰ পুৱা ভাগত বৰ ফৰকাল আছিল। আবেলি সময়ত বতৰে তৎক্ষণাৎ ৰূপ সলালে । লাহে লাহে বতাহ আহিবও ধৰিলে। আমি তেতিয়া মঞ্চৰ ৰভাৰ তলত বহি আছিলোঁ। বতাহ বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাত উপাই নাপাই আমি সকলোৱে ওচৰৰ মানুহৰ ঘৰত আশ্ৰয় ললোগৈ । আন মানুহ বিলাকো জেনিতেনি ফৰিংছিটিকা দিলে। শেষত বতাহৰ প্ৰকোপ বঢ়াৰ লগতে শিলাবৃষ্টিও হ'ব ধৰিলে। প্ৰৱল ধুমুহা বতাহে মঞ্চ উৰুৱাই লৈ গ'ল। ৰভাৰ তম্বু খতম। প্ৰায় দুই ঘণ্টামানৰ মূৰত বতাহ বৰষুণৰ শাম কাটিল। কিন্তু জয়া উৎসৱ সিদিনাখন প্ৰাকৃতিক দুৰ্যোগে সিমানতে বন্ধ কৰি থৈ গ'ল। এয়া মোৰ প্ৰথম অভিজ্ঞতা আছিল। ইয়াৰ পিছত যিমান বাৰ জয়া উৎসৱ চাইছো প্ৰতিবাৰতে বতাহ বৰষুণ হোৱা দেখি আহিছোঁ। 
ইতিহাসৰ পাতত মানুহৰ কৃষ্টি প্ৰদৰ্শনৰ হাবিয়াস :
আজিৰ পৰা পঞ্চাছ বছৰৰ আগতে মানুহ বিলাকৰ স্ব-কৃষ্টি প্ৰদৰ্শনৰ ক্ষেত্ৰত হাবিয়াস অন্ত্যন্ত বেছি আছিল নেকি বাৰু ? নিজৰ কৃষ্টিক ধৰি ৰখাৰ প্ৰৱনতা বৰ্তমান সময়ত কিমান ? আগৰ দৰে মানুহে এতিয়া নিজে নাটক লিখিলেও সেয়া প্ৰফেচনেল হ'ল। আৰু কোনো মঞ্চত প্ৰদৰ্শন কৰিবলৈ নিলিখে লিখে কেৱল কেনেকৈ লিখাৰ জৰিয়তে আয় কৰিব পাৰি আৰু এজন নাট্যকাৰ হিচাপে বিবেচিত হ'ব পাৰি সেই লক্ষ্য আগত ৰাখি। ব্যক্তিগত আৰু ব্যৱসায়িক ভিত্তিত থিয়েটাৰ বা নাটকৰ দ'ল সমূহৰ জৰিয়তেহে আজিকালি সংস্কৃতি জীৱিত অৱস্থাত আছে। কোনো গাওঁতে আজিকালি আগৰ দৰে নিজে নাটক নাপাতে। অৱশ্যে কোনো কোনো গাওঁৰ ৰাইজে একত্ৰিত হৈ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। সেয়াও আঙুলিৰ মূৰত গণিব পৰা বিধৰ। 
     পূৰ্বতে গাওঁৰ ৰাইজে যি নাটক অনুষ্ঠিত কৰিছিল তাৰ পৰা ৰাইজৰ বহু লোক লাভাম্বিত হৈছিল। গাৱঁৰ নতুন প্ৰজন্মই সুপ্ত প্ৰতিভা বিকাশ ঘটাবলৈ এখন উপযুক্ত মঞ্চ লাভ কৰিছিল। এই মঞ্চক সাৰথি কৰি নতুন প্ৰজন্মৰ নাট্যাভিনয়ৰ কৌশল আয়ত্ব হৈছিল, নাটক লেখাৰুৰ জন্ম হৈছিল আৰু নতুন অভিজ্ঞতা শিশু সকলৰ প্ৰাপ্ত হৈছিল। এই অভিজ্ঞতাই তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছিল।

বৰ্তমান মানুহৰ মানসিক দিশৰ পৰিৱৰ্তন ঘটিল। জীৱন নিৰ্বাহৰ ব্যস্ততাৰ ধামখুমীয়াত পৰি আগৰ দিনত নিজ প্ৰচেষ্টাৰে চলোৱা সংস্কৃতিৰ যুঁজখন আজি কিছু ম্লান পৰিল। বৰ্তমান সংস্কৃতি জীয়াই ৰাখিছে কেৱল থিয়েটাৰ, বোলছবি, মঠ মন্দিৰ, আৰু কিছু দায়িত্বশীল এচাম লোকৰ সক্ৰিয় তৎপৰতাত। আনকি সৃজনীমূলক মানসিক দিশৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ বা লাগিল।

উপসংহাৰ 
সময়ৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰো পৰিবৰ্তন ঘটে। নতুন ধাৰণাৰে সংস্কাৰ ঘটি সৃষ্টি হয় নতুন সংস্কৃতিৰ। সলনি হয় পুৰণিকলীয়া ৰীতি-নীতি , মানুহৰ মানসিক উদাৰতা, বিকাশৰ ধাৰা উদ্ভাৱনৰ তৎপৰতা .. আদি। এনেকৈয়ে হয়তো আমাৰ সংস্কৃতিয়ে নিতৌ ৰূপ সলাই আছে। সময়ৰ তাগিদাত। বিৱৰ্তনৰ পথেৰে হ'লেও আমি আমাৰ সংস্কৃতিক ধৰি ৰাখিব লাগিব অনাগত দিনলৈ। তেতিয়া এটা জাতি হিচাপে মেৰুদণ্ডপ পোনাই থিয় হৈ থাকিব পৰা যাব। 
     নতুন প্ৰজন্মই আমাৰ সংস্কৃতিৰ পথাৰখন জীপাল কৰি ৰাখিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিব লাগিব। নাটক, গীত-মাত, নৃত্য , সাহিত্য আদিৰ মাধ্যমেৰে সংস্কৃতিক জীয়াই ৰাখিবলৈ মনত প্ৰৱল হেঁপাহৰ জন্ম দিব লাগিব নতুন প্ৰজন্মই। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।

💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖


Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts