Thursday, March 30, 2023

ভ্ৰমণৰ সময়ত কিয় বমি আহে ? আপুনি জানেনে ইয়াৰ কাৰণ ? যদি নাজানে জানি লওক প্ৰৱন্ধটো পঢ়ি। Why do you have vomiting while travelling? Do you know the reason for this? If you don't know, find out by reading the article.

ভ্ৰমণৰ সময়ত কিয় বমি আহে ? আপুনি জানেনে ইয়াৰ কাৰণ ? যদি নাজানে জানি লওক প্ৰৱন্ধটো পঢ়ি। Why do you have vomiting while travelling? Do you know the reason for this? If you don't know, find out by reading the article.

🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺

      যিকোনো ভ্ৰমণৰ সময়ত বহু মানুহৰ মূৰ ঘূৰাই আৰু বমি আহে। বহু সময়ত মানুহক এনে সমস্যাই ভ্ৰমণৰ কালছোৱাত অসন্তুষ্টিৰে আৰু নিৰানন্দই আৱৰি ধৰে। ভ্ৰমণৰ সময়ত বমি কৰিলে নিজৰ লগতে সংগী সকলেও আমনি অনুভৱ কৰে। যাৰ বাবে ভ্ৰমণটোৱেই অসন্তুষ্টিলৈ পৰিৱৰ্তন ঘটে। আপুনিও কেতিয়াবা এনে সমস্যাৰ সন্মুখীন হৈছে নেকি ? যি লোকৰ ভ্ৰমণৰ সময়ত মূৰ ঘূৰাই, বমি ভাৱ আহে, সেই লোকৰ 'গতিৰ দূৰ্বলতা অসুখ ' থাকে বুলি ধৰা হয়। 'গতিৰ দূৰ্বলতা অসুখ' হৈছে শৰীৰে গতিৰ সৈতে মিলি আগবাঢ়িব নোৱাৰা সমস্যা। এনে ৰোগৰ পৰা হাত সাৰিবলৈ নিজৰ সচেতনতা মনোভাৱৰ প্ৰয়োজন। আপুনি চিকিৎসকৰ পৰামৰ্শও লোৱা উচিত। 



ইয়াৰ বহুতো কাৰণ থাকিব পাৰে। অভিজ্ঞতাৰ পৰা প্ৰাপ্ত কেইটামান কাৰণ উল্লেখ কৰিলো।-

১/ গেছজনিত কাৰণ। বদহজমজনিত কাৰণত পেটত গেছৰ সৃষ্টি হয়। আকৌ শৌচ খোলোচা নহ'লেও গেছ জমা হয় যাৰ বাবে গাড়ীখন গতি প্ৰাপ্ত হোৱাৰ মাত্ৰকে আপোনাৰ পেটত থকা গেছে বাহিৰ হ'বলৈ বিচাৰে। লৰচৰ হোৱা লগে লগে মুখেৰে সেই গেছ বমিৰ আকাৰত বাহিৰ হ'বলৈ ধৰে।

২/ খালী পেটতত থকাৰ বাবে বমি ভাৱ আহে। 

৩/ অহেতুক'বমি ভাৱ' মনত আনি থকাৰ বাবে বমি আহে। বমি হ'ব হ'ব বুলি ভাবি থকাৰ ফলত ভাৱটোৱে মনত ক্ৰিয়া কৰে যাৰ বাবে পেট ওকট-পাকট কৰে আৰু বমি হয়।

৪/ জ্বালা জাতীয় পেকেট খাদ্য যাত্ৰাৰ কালত খোৱাৰ বাবে বমি ভাৱ আহে বা বমি হয়। খালী পেটতত থকাৰ বাবে পেকেট জাতীয় খাদ্য খোৱাৰ লগে লগে পেটে সহ্য কৰিব নোৱাৰে যাৰ ফলত খোৱাবোৰ বমিৰ জৰিয়তে বাহিৰ হৈ যায়।

৫/ শৌচ খোলোচা নহ'লে মনটো ভাল নালাগে। গেছ জমা হৈ যায়। গাড়ীখন গতি প্ৰাপ্ত হোৱাৰ পিছত গেছে পেটত আমনি লগায়। সেই গেছৰ বাবেই বমি ওলাই আহে।

৬/ যাত্ৰাৰ কালত কিতাপ পঢ়ি যোৱাৰ ফলত মূৰ ঘূৰাই। মূৰ ঘূৰণিৰ পিছত আপোনা-আপুনি বমি ভাৱ আহে।

৭/ পুৱাৰ ভাগত যাত্ৰাৰ সময়ত 'ভজা ভাত ' খোৱাৰ বাবেও বহুতৰে বমি হোৱা পৰিলক্ষিত হয়। ভজা ভাত খালে সহজে হজম নহয়। সেয়েহে লৰচৰ কৰা লগে লগে বমিৰ জৰিয়তে ভাতখিনি ওলাই আহে।

৮/ গাড়ীত ওলোৱা দুৰ্গন্ধৰ ফলত অত্যধিক ঘৃণ ভাৱ অহাত ওকালি আহে । 

৯/ শৰীৰত অসুখ থাকিলেও বমি ভাৱ মনলৈ আহে।

১০/ পিত্তত পাথৰ হ'লে আৰু লিভাৰৰ নানান অসুখ থাকিলেও বমি ভাৱ আহে। 

১১/ ডায়েবেটিচ ৰোগীৰ ক্ষেত্ৰত পাকস্থলীৰ পৰা খাদ্যৰ প্ৰৱাহ লেহেমীয়া হ'লে বমিৰ ভাৱ আহে।

১২/ হাৰ্টফেইলাৰ আৰু হাৰ্টএটেক থকা ৰোগীৰ ক্ষেত্ৰতো বমি ভাৱ আহে।

১৩/ মাদক দ্ৰব্য আৰু ধূমপান কৰা সকলৰ ক্ষেত্ৰত পাকস্থলীৰ বিশেষ ক্ষতিসাধন হোৱাৰ বাবে বমি ভাৱ আৰু মূৰ ঘূৰণি হ'ব পাৰে।

১৪/ থাইৰইড আৰু পেৰাথাইৰইড গ্ৰন্থিৰ অসুখ হোৱাৰ ফলতো বমি ভাৱ আৰু মূৰ ঘূৰণি হ'ব পাৰে।


উপশমৰ উপায়:
১/ যাত্ৰাৰ আগতে গেছৰ টেবলেট খাব যাতে পেটত গেছ খোলচা হয়। যাত্ৰাৰ আগতে শৌচ-প্ৰস্ৰাৱ খোলোচা কৰক।

২/ যাত্ৰাৰ আগতে পেটপূৰাই ভাত খাব, পৰাপক্ষত যাত্ৰাৰ সময়ত কণী আৰু ৰুটী নাখাব ।

৩/ মনলৈ বমিৰ ভাৱ ভুলতো কেতিয়াও নানিব। যাত্ৰাৰ সময়ছোৱা কথাপাতি পাৰ কৰক।

৪/ বাছৰ গতিৰ অৱস্থাত আগলৈ চাব চেষ্টা কৰক, পাছলৈ বা কাষৰ ফালে নাচাব।

৫/ যাত্ৰা কালত পেকেটৰ বস্তু বিশেষকৈ জ্বলা জাতীয় পেকেটৰ বস্তু নাখাব।

৬/ ঘৰুৱা সতেজ আমলখি বেগত দহ বাৰটা লৈ লওক। বাছ চলি থকা অৱস্থাত খাই যাব।

৭/ বহুতে কয় যাত্ৰাৰ আগতে লঘু আহাৰ গ্ৰহণ কৰিব লাগে। কিন্তু লঘূ আহাৰ গ্ৰহণ কৰা উচিত নহয়। মচলাহীন সুন্দৰকৈ গৰম ভাত পূৰাই খাব। ভাত খালে গাড়ী চলোৱা সময়ত টোপনি আহে আৰু টোপনি আহিলেই আপোনাৰ বমি ভাৱ নাহে।

৮/ আগদিনাৰ 'ঠাণ্ডা ভাত ভজা' খাই ভ্ৰমণ নকৰিব।
৯/ বমি ভাৱ আহিলে আদাও খাব পাৰে। ঠাণ্ডা পানী খাব। 

১০/ গাড়ীত খিৰিকীৰ কাষত সদায়ে নিজৰ আসনখন লোৱাৰ ব্যৱস্থা কৰিব আৰু যাত্ৰাৰ সময়ত খিৰিকী খুলি দিব যাতে বতাহ চলাচল কৰিব পাৰে।

১১/ মূৰ ঘূৰা থাকিলে যাত্ৰা কালত কেতিয়াও কিতাপ নপঢ়িব।

১২/ ক'ল্ডড্ৰিংকচ, মদ, টিনত পৰিৱেশন কৰা খাদ্য, তীক্ষ্ণ গোন্ধ যুক্ত খাদ্য আদি বমি ভাৱ অহা লোকসকলে খোৱা অনুচিত।


উপসংহাৰ:
   চিকিৎসকৰ মতে বমি ভাৱ অহাটো এটা ৰোগ নহয়। এনে ভাৱ বয়স অনুসৰি হ'ব পাৰে। ই এলাৰ্জিৰ সদৃশ হ'ব পাৰে। হ'লেও আমি ইয়াক অৱহেলা কৰা উচিত নহয়। বমি সিমান ক্ষতিকাৰক নহয় যদিও চিকিৎসকৰ মতে অত্যধিক বমিয়ে শৰীৰৰ পানী শুকুৱাই দিয়ে আৰু ইয়ে জীৱন বিপদাপন্ন কৰি তোলিব পাৰে। বমি এনেয়ে নহয় কিছুমান বিশেষ ৰোগৰ বাবেও বমি ভাৱ আৰু মূৰ ঘূৰণি হ'ব পাৰে। বিশেষকৈ এনকেফেলাইটিচ, মেনিনজাইটিচ, মস্তিষ্কৰ আঘাত বা টিউমাৰ, পাক্ প্ৰণালীৰ অৱৰোধ, এপেণ্ডিচাইটিচ আদি ৰোগ থাকিলে বমিৰ ভাৱ আহে আৰু মূৰ ঘূৰণি হয়। সেয়ে আমি গাড়ীত যাত্ৰা কালত হোৱা বমি ভাৱ বা মূৰ ঘূৰণিক সহজ ভাৱে লোৱা উচিত নহয়। ইয়াৰ বাবে আমি চিকিৎসকৰ পৰামৰ্শ লোৱাৰ উপৰিও মই উল্লেখ কৰা নিয়মবোৰ মানি চলিলে ইয়াৰ পৰা পৰিত্ৰাণ পাব পৰা যাব।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Tuesday, March 21, 2023

কবিতা কি ? বিভিন্ন সমালোচক সকলে কবিতাৰ সম্পৰ্কে কি কয় ? : চমু আলোচনা। What is poetry? What do different critics say about poetry? : A brief discussion.

কবিতা কি ? বিভিন্ন সমালোচক সকলে কবিতাৰ সম্পৰ্কে কি কয় ?: চমু আলোচনা। কবিতা হ'ল মনৰ ভাৱাৱেগ প্ৰকাশৰ উত্তম মাধ্যম। What is poetry ? What do different critics say about poetry? : A brief discussion.


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
   কবিতা কি বুলি ক'লে সঠিক ভাৱে উত্তৰ দিয়াটো বৰ সহজ নহয়। কাৰণ কবিতাৰ পৰিধি অতি ব্যাপক। ইয়াৰ বিস্তৃতৰূপ আৰু প্ৰকাশৰ বৈচিত্ৰতাৰ বাবে নিৰ্দিষ্ট সংজ্ঞাৰে বুজোৱাটো জটিল কাম। বহুজন সমালোচকে ভিন ভিন ৰূপত সংজ্ঞা আগবঢ়োৱা পৰিলক্ষিত হয়। সমালোচক চেণ্ট আগষ্টানে কবিতাৰ সংজ্ঞা আগবঢ়াই কৈছে - যাৰ বিষয়ে নুসুধিলে বহুত কিবা কিবি ক'ব পাৰি, অথচ সুধিলে একো ক'ব নোৱাৰি। তথাপি কবিতা সম্বন্ধে যি সাধাৰণ ধাৰণা তাৰ আধাৰত এনে ভাবেও ক'ব পাৰি যে কবিতা হ'ল - কবি হৃদয়ৰ ভাবানুভূতিৰ বহি:প্ৰকাশ। আমি এই সংজ্ঞাৰ পৰা ক'ব পাৰোঁ যে কবি হৃদয়ৰ ভাবানুভূতিয়ে যেতিয়া কল্পনাৰ ৰহণেৰে ৰঞ্জিত হৈ ভাষাৰ ছন্দৰ ঢৌত আৱদ্ধ হৈ আমাৰ হৃদয়ত কঁপনি তুলি প্ৰকাশ লাভ কৰে, তেতিয়াই তাক কবিতা বুলি কোৱা হয়। সাধাৰণতে কবিতা হ'ল কবিৰ মনত উদয় হোৱা ভাৱৰ ছন্দোবদ্ধ লহৰত অভিব্যক্ত কলাত্মক সৃষ্টি।
    ভাৰতীয় আৰু পাশ্চাত্যৰ বিভিন্ন সমালোচক সকলে বিভিন্ন ধৰণেৰে কবিতাৰ সংজ্ঞাৰ সম্পৰ্কে আলোচনা আগবঢ়াইছে। তাৰে ভিতৰত সংস্কৃত আলংকাৰিক ভামহৰ মতে কবিতা হ'ল - শব্দ আৰু অৰ্থৰ মিলন অৰ্থাৎ "শব্দাৰ্থৌ সহিতৌ কাব্যম্ "। বিশ্বনাথ কবিৰাজৰ মতে 'ৰসযুক্ত বাক্যৰ সমষ্টিয়ে কবিতা '। অৰ্থাৎ "বাক্যং ৰসাত্মকং কাব্যম্ "।
    আনহাতে পাশ্চাত্যৰ সমালোচক সকলৰ অন্যতম জনচনৰ মতে - "কবিতা হৈছে ছন্দোবদ্ধ ৰচনা।" কবি শ্যেলীৰ মতে কবিতা হৈছে -কল্পনাৰ সুপ্ৰকাশ। বাৱি ৱৰ্থচৱৰ্থৰ মতে কবিতা হৈছে -"উপচি উঠি আপোনা আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা। ক'লৰজিৰ মতে কবিতা হৈছে - উৎকৃষ্ট শব্দৰ উৎকৃষ্ট বিন্যাস।
    উপৰোক্ত কবিতাৰ সমালোচক সকলে আগবঢ়োৱা সংজ্ঞা সমূহ নিৰীক্ষণ কৰিলে পৰিলক্ষিত হয় যে কোনো এজন সমালোচকে কবিতাৰ সংজ্ঞা পৰিপূৰ্ণ ভাৱে আগবঢ়াবলৈ সক্ষম হোৱা নাই। কবিতা সম্বন্ধে নিজস্ব দৃষ্টিভংগীৰ পৰা দাঙি ধৰা এনে সংজ্ঞাই কেতিয়াও কবিতাৰ সম্পৰ্কে বিশদভাৱে বুজাব নোৱাৰে। সেয়েহে কবিতাক আমি মায়াবী সৃষ্টি বুলি ক'ব পাৰোঁ। কাৰণ আমি যাৰ সংজ্ঞা বিচাৰি পায়ো সঠিককৈ সংজ্ঞা আগবঢ়াব নোৱাৰোঁ। সেয়েহে ইয়াক নিৰ্দিষ্ট সংজ্ঞাৰে বুজোৱাটো জটিল। তথাপিও আমি কবিতাৰ সংজ্ঞা সকলোবোৰ সংজ্ঞাৰ অৰ্থ একত্ৰিত কৰি নতুন এটা সংজ্ঞা আগবঢ়াব পাৰোঁহক। গতিকে ক'ব পাৰি কবি হৃদয়ৰ ভাবানুভূতি কল্পনাৰ ৰহণেৰে মণ্ডিত কৰি ভাষাৰ ছন্দ লহৰত অভিব্যক্ত কৰা কলাত্মক নতুন সৃষ্টিয়ে হৈছে কবিতা।

    সংবেদনশীল মনৰ আবেগ অনুভূতিৰ বহি:প্ৰকাশ ঘটি যি শব্দৰ মালা সৃষ্টি হয় সেয়ে হ'ল কবিতা। কিন্তু এজন কবিয়ে কবিতাক সাকাৰ ৰূপত উপস্থাপন কৰে কেনেকৈ ? 

তাকো আমি জনা উচিত। সকলো মানুহৰে আবেগ অনুভূতি থাকে, কিন্তু সকলোৱে কবিতা লিখিব নোৱাৰে। কবিতা লিখিবলৈ লাগিব এটা মন, কিছু নতুন চিন্তাধাৰা, দূৰদৃষ্টিসম্পন্ন মনোভাৱ, এক নিৰাসক্ত অৱস্থা , সংযম, বিশ্লেষণ আৰু সংশ্লেষণৰ পাৰদৰ্শিতা গুণ, প্ৰচুৰ স্মৃতি শক্তি, সময়ক ভালপোৱাৰ মানসিকতা, অভিজ্ঞতাৰ সুপ্ৰয়োগ আদি। আবেগ অনুভূতিৰ যেতিয়া পৰিশোধন কৰা হয় তেতিয়াই এটা কবিতা পোৱা যায়। কবিক বা কবিতাক বহু লোকে হীন দৃষ্টিৰে চাই কিন্তু সেইসকল লোকে কবিতা কেতিয়াও লিখিব নোৱাৰে। কবিতাৰ সম্পৰ্কে যা-তা কোৱাটো সহজ কিন্তু লিখিবলৈ যথেষ্ট টান। কবিতা লিখিবলৈ সাধনাৰ প্ৰয়োজন হয়। তপোবনত ঋষি মুনি সকলে তপস্যা কৰাৰ দৰে কবিয়েও তপস্যা কৰিবলগীয়া হয় । সেয়ে আমি ক'ব পাৰোঁ যে কবিতা নিৰৱ নিস্তব্ধ, নিজান ঠাইতহে ৰচনা কৰা সম্ভৱ। কবিতাক সেয়েহে নিৰলাত সোঁৱৰা হিয়াৰ আৱেগ বুলিও কোৱা হয়। এক মানসিক প্ৰশান্তিৰ মাজত আৱেগ অনুভূতিৰ ৰোমন্হনে কবিতাৰ জন্ম দিয়ে। মানসিক প্ৰশান্তিয়ে কবিৰ নৈব্যক্তিক দৃষ্টিভংগীকে নিৰূপিত কৰে। ইয়াৰ কাৰণে হয়তো কবিতা ব্যক্তিগত ভাৱ-অনুভূতিৰ বাহক হৈয়ো এক সাৰ্বজনীন আৱেদনযুক্ত হৈ পৰে। এয়াই কবিতাৰ সাৰ্থকতা।
    সমালোচক সকলে যিমান যি কলেও কবিতা এক দুৰ্বোধ্য সৃষ্টি। সেয়েহে যিজন মানুহে কবিতা লিখে তেওঁত বাদে আন বিলাকে কবিতা এটাৰ সাৰাংশ কিছু হ'লেও বেলেগ ৰূপত আগবঢ়াব লগীয়া হয়। 
    ই যি কি নহওঁক, কবিতা কবিতাই। মানুহৰ মনৰ বাকৰিত উগুল-থুগুল কৰি থকা ভাৱক শব্দৰ মালাৰে গাঁঠি অৰ্থব্যঞ্জক কৰি তোলা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াক জীয়াই ৰাখিবলৈ আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব। তেতিয়াহে আমাৰ সাহিত্যৰ ভঁৰাল সমৃদ্ধ হৈ থাকিব।




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
      লেখক : দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ।



🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

Sunday, March 19, 2023

চমু টোকা : মৌখিক কবিতা, চৰ্যাপদ, বৈষ্ণৱ কবিতা কাক বোলে ? Brief Note: What are the folk poems, Charyapadas, Vaishnava poetry called ?

চমু টোকা: Short Note: মৌখিক কবিতা বা লোক কবিতা : চৰ্যাপদ : প্ৰাক্ -শংকৰী যুগৰ কবিসকলৰ কবিতাৰ বৈশিষ্ট্য: বৈষ্ণৱ কবিতা আৰু বৈশিষ্ট্য : জানো আহক। 

মৌখিক কবিতা বা লোক কবিতা :

     মানুহৰ জীৱনৰ পৰা তথ্য সংগ্ৰহ কৰি, বিভিন্ন সমল গোটাই কোনো এজন লোকে ৰচনা কৰা কবিতাই হৈছে লোক কবিতা। 
     জনসাধাৰণৰ সুখ-দুখ, হাঁহি-কান্দোন, বিশ্বাস-সংশয় , ধৰ্ম অন্ধবিশ্বাস, কলা- সংস্কৃতি ,কৃষি-জীৱিকা আদি সাংসাৰিক বিচিত্ৰ বিষয়ৰ ওপৰত ভিত্তি কৰি লোক কবিতা সৃষ্টি হয়।
লোক কবিতা সমূহ যদিও কোনো লোকে ৰচনা কৰে, তথাপিও ইয়াৰ ৰচকৰ নাম নাথাকে। লোক কবিতা সাধাৰণতে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মুখ বাগৰি চলি থাকে। সেয়েহে ইয়াক মৌখিক কবিতা বুলিও কোৱা হয়। উদাহৰণস্বৰূপে সোণোৱাল কছাৰীসকলৰ ফুলকোঁৱৰৰ গীত, মনিকোঁৱৰৰ গীত এই শ্ৰেণীৰ কবিতা । এই কবিতাৰ ৰচক নাই। 
    

চৰ্যাপদ :


      অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন স্বৰূপে চৰ্যাপদক স্বীকৃতি দিয়া হয়। চৰ্যাপদ হৈছে বৌদ্ধ ধৰ্মৰ সহজযান পন্থাৰ ধৰ্ম সাধনৰ গীত। ধৰ্ম সাধনেই মুখ্য উদ্দেশ্য হ'লেও এই গীতসমূহ কাব্যিক গুণ সম্পন্ন। মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে ১৯০৭ চনত নেপালৰ ৰাজদৰবাৰৰ পৰা 'চৰ্যাচৰ্যবিনিশ্বয়' এখন পুথি উদ্ধাৰ কৰি আনে। এই পুথিৰ পৰাই চৰ্যাপদ সমূহ উদ্ধাৰ হয়। শাস্ত্ৰীয়ে এই পুথিখনক 'হাজাৰ বৎসৰেৰ পুৰাণ বাঙ্গাল ভাষাৰ বৌদ্ধ গান ও দোহা ' নাম দি প্ৰকাশ কৰে। 
     চৰ্যাপদ সমূহত ধৰ্মীয় সাধনৰ গুৰুত্ব সাংকেতিক ভাষাত লিখা হৈছে যদিও তাৰ অন্তৰালত নিহিত হৈ আছে বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক তত্ত্ববোৰৰ গূঢ়াৰ্থ। সেয়ে অসমীয়া কবিতাৰ ইতিহাসত চৰ্যাপদ সমূহৰ মূল্য অসীম বুলি বিবেচনা কৰা হয়।

প্ৰাক্ - শংকৰী যুগৰ কবিসকলৰ কবিতাৰ বৈশিষ্ট্য :

 
     প্ৰাক শংকৰী যুগ হৈছে চতুৰ্দশ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ শংকৰদেৱ আৰ্ৱিভাৱ হোৱাৰ সময়লৈকে এই সময়ছোৱা । এই সময়ছোৱাত ৰচিত কবিসকলৰ কবিতাৰ কিছুমান সাধাৰণ বৈশিষ্ট্য পৰিলক্ষিত হয় সেইবোৰ হ'ল - 
  ১/ প্ৰাক্ - শংকৰী যুগৰ কবিসকলৰ কবিতাৰ বিষয়বস্তু আছিল মহাকাব্য বা পূৰাণৰ পৰা সংগ্ৰহ কৰা। 
  ২/এই যুগৰ কবিতাসমূহ মুখ্যতঃ অনুবাদধৰ্মী। 
  ৩/ অনুদিত কবিতা সমূহত অসমৰ স্থানীয় ৰং-ৰহন আৰু ঘৰুৱা শব্দচয়নৰ প্ৰয়োগ।
  ৪/প্ৰকৃতিৰ মনোমোহা বৰ্ণনাৰে সমৃদ্ধ।
  ৫/ কবিতাত পদ,দুলড়ী, ছবি, ঝুমুৰা আদি ছন্দ আৰু বিবিধ অলংকাৰ প্ৰয়োগৰ কৌশল তৎকালীন সময়ছোৱাৰ কবিসকলে প্ৰথম ব্যৱহাৰ কৰিছিল আৰু পৰৱৰ্তী যুগৰ কবিসকলৰ বাবে আদৰ্শ ৰাখি থৈ যায়।

বৈষ্ণৱ কবিতা আৰু বৈশিষ্ট্য:

 মহাপুৰুষ শংকৰদেৱে পঞ্চদশ শতিকাত অসমত নৱ বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰিছিল। তেওঁ আছিল নৱবৈষ্ণৱ ধৰ্মৰ পথপ্ৰদৰ্শক। এইখিনি সময়ত তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ নিমিত্তে দুটা পন্থা অৱলম্বন কৰিছিল। সেয়া হৈছে - শিষ্য প্ৰশিষ্যৰ দেশৰ বিভিন্ন ঠাইত নামঘৰ আৰু সত্ৰ স্থাপন আৰু আনটো হৈছে - নানা প্ৰকাৰৰ বৈষ্ণৱ ধৰ্ম বিষয়ক গ্ৰন্থ ৰচনা কৰা। শংকৰদেৱ আৰু মাধৱদেৱে এক বিশিষ্ট ধাৰাত কবিতাক সজাই তুলিছিল। তদুপৰি নৱ বৈষ্ণৱ ধৰ্মৰ অন্যান্য গুৰুসকলেও কাব্যৰচনাত হাত দিছিল। পঞ্চদশ শতিকাত সৃষ্টি হোৱা এই কবিতাসমূহ নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ আদৰ্শৰে প্ৰভাৱিত হৈছিল। সেয়েহে এইখিনি কবিতাকে বৈষ্ণৱ কবিতা বুলি কোৱা হয়।

বৈশিষ্ট্য:

১/ বৈষ্ণৱ কবিতা প্ৰধানকৈ অনুবাদমূলক। মূল কাহিনী সংস্কৃত গ্ৰন্থৰ পৰা আহৰণ কৰা। কিন্তু কবিসকলৰ মৌলিক প্ৰতিভাৰ সংমিশ্ৰণ ঘটিছে।
২/ ভক্তিৰ প্ৰধান। অৰ্থাৎ ভক্তিক প্ৰাধান্য দি এই কবিতাসমূহ ৰচনা কৰা হৈছে।
৩/ নৱবৈষ্ণৱ ধৰ্মৰ আদৰ্শৰ প্ৰতি সচেতনতা মনোভাৱ প্ৰকট হোৱা পৰিলক্ষিত হয়।
৪/সহজ সৰল ভাষা ব্যৱহাৰ কৰি এই বৈষ্ণৱ কবিতা ৰচনা কৰা হৈছে।
৫/ স্থানীয় পৰিৱেশৰ বৰ্ণনাত অসমীয়া জনজীৱনৰ চিত্ৰ পৰিস্ফুট হৈছে।
৬/ ধৰ্মীয় উদ্দেশ্য নিহিত থকাৰ বাবে কবিতা সমূহ কিছুমান দিশত সীমাবদ্ধ।
৭/ জনসমাজৰ ৰুচিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা দেখা যায়।
৮/ কাব্যিক সৌন্দৰ্যৰ অনুপম প্ৰকাশ ঘটিছে।






টোকাবোৰ চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লেখক  - দুদুল সোণোৱাল।


🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺


Tuesday, March 7, 2023

দৌলযাত্ৰা বা হোলী কি ? ফাকুৱাৰ শুভেচ্ছা। What is Daulatotsav or Holi? Happy Fakua .

দৌলোৎসৱ বা হোলী কি ? ফাকুৱাৰ শুভেচ্ছা।What is Daulatotsav or Holi? Happy Fakua ?

হোলী হৈছে ৰঙৰ উৎসৱ। বসন্ত কালৰ সান্নিধ্য পোৱাৰ বাবে এই উৎসৱক প্ৰেমৰ উৎসৱ বা বসন্তোৎসৱ বুলি কোৱা হয়।হোলী উৎসৱ ধৰ্মাৱলম্বী সকলৰ অন্যতম জনপ্ৰিয় তথা উল্লেখযোগ্য ৰঙৰ উৎসৱ হিচাপে বিবেচনা কৰা হয়। কথিত আছে যে শ্ৰী কৃষ্ণ আৰু ৰাধাৰ ঐশ্বৰিক প্ৰেম দৌলযাত্ৰা বা ফাকুৱাৰ সৈতে এক নিবিড় সম্পৰ্ক আছে।


    হোলী হৈছে ৰঙৰ উৎসৱ। বসন্ত কালৰ সান্নিধ্য পোৱাৰ বাবে এই উৎসৱক প্ৰেমৰ উৎসৱ বা বসন্তোৎসৱ বুলি কোৱা হয়। হোলী উৎসৱ হিন্দু  ধৰ্মাৱলম্বী সকলৰ অন্যতম জনপ্ৰিয় তথা উল্লেখযোগ্য ৰঙৰ উৎসৱ হিচাপে বিবেচনা কৰা হয়। কথিত আছে যে শ্ৰী কৃষ্ণ আৰু ৰাধাৰ ঐশ্বৰিক প্ৰেম দৌলযাত্ৰা বা ফাকুৱাৰ সৈতে এক নিবিড় সম্পৰ্ক আছে। ই উৰ্বৰা প্ৰকৃতি সম্পৰ্কীয় উৎসৱ।
    হোলীত হোলিকা দহনৰ কিংবদন্তি আছে। এই কিংবদন্তি মতে অশুভ শক্তিক দহন কৰি দেশত শুভ শক্তিক স্থাপন কৰা। ফাগুনৰ পূৰ্ণিমাৰ দিনা এই উৎসৱ পালন কৰা হয়। সেয়েহে দৌল পূৰ্ণিমাও বোলা হয়। ভাৰতৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, মাৰাঠী, নেপালী, পাঞ্জাবী, তেলেগু আদি বিভিন্ন ধৰ্মাৱলম্বী লোক সকলে এই উৎসৱ পালন কৰি আহিছে।
     বৈষ্ণৱ ধৰ্মৰ বিশ্বাস অনুসৰি হোলী উৎসৱ ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা বা দৌল পূৰ্ণিমাৰ দিনা পালন কৰা হয়। কাৰণ এই দিনটোতে বৃন্দাবনত শ্ৰীকৃষ্ণই ৰাধা আৰু গোপীসকলৰ সৈতে আবিৰ বা ফাকুৱা খেল বা ৰঙ খেলিছিল। ৰাধা আৰু গোপী সকলক শ্ৰীকৃষ্ণই আবিৰ হানি শৰীৰ ৰঙীন কৰি তুলিছিল। তেতিয়াৰ পৰাই হেনো দৌল খেলৰ বা ফাকুৱা খেলৰ উৎপত্তি হৈছিল।
  বৈষ্ণৱ ধৰ্ম, শিৱভক্ত গণ, আৰু শাক্ত ধৰ্মৰ লোকসকলেও এই উৎসৱ পালন কৰে। অসমৰ বিভিন্ন ঠাইত এই উৎসৱ পালন কৰা হয়। বিশেষকৈ বৰপেটাৰ দৌল উৎসৱ অসমৰ উল্লেখযোগ্য ৰঙৰ উৎসৱ বা দৌলোৎসৱ হিচাপে পৰিগণিত। 
     ভাৰতবৰ্ষৰ হিন্দু সকলৰ ঐতিহ্যত হোলী উৎসৱৰ সাংস্কৃতিক তাৎপৰ্য আছে। হিন্দু ধৰ্মাৱলম্বী সকলৰ ঐতিহ্য অনুসৰি হোলী এটা উৎসৱমুখৰ দিন আৰু সেয়ে এই উৎসৱতে মানুহৰ মাজত থকা অতীতৰ সমস্ত ভুল আৰু দোষ পাহৰি সৱে একত্ৰিত হৈ ৰঙৰ খেল খেলা। আনকি কাজিয়া, বিবাদ আদি পৰিহাৰ কৰি ঐক্যতাৰ মনোভাৱ পোষণ কৰি অতীতৰ দোষ-ত্ৰুতি পাহৰি যোৱা। আনহাতে হোলী উৎসৱে আগন্তুক বসন্ত ঋতুৰ আগমনৰ ইংগিত বহন কৰে। ইয়াৰ পিছতে অসমত ব'হাগ বিহুৰ বা ৰঙালী বিহুৰ আগমন ঘটে। গতিকে এই উৎসৱক ঋতু পৰিৱৰ্তনৰ উৎসৱ বুলিও আখ্যা দিব পাৰি।
      মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰায় একৈশ বছৰ বয়সতে ৰঙৰ উৎসৱ হোলী খেলৰ পাতনি মেলিছিল বৰদোৱাত। বৰদোৱাত মহাপুৰুষ জনাই এই ৰঙৰ খেলৰ জৰিয়তে ৰাইজক হৰিভক্তি ৰসৰ সোৱাদ দি সকলোকে আপ্লুত কৰি তুলিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিৰে হয়তো বৰ্তমান সময়তো অসমৰ বিভিন্ন থান-সত্ৰ সমূহত ৰঙৰ উৎসৱ একতাৰ মনোভাৱ পোষণ কৰি পালন কৰি আহিছে। বৰপেটা, বৰদোৱা, সুন্দৰীদিয়া, পাটবাউসী, গণককুছি, কমলাবাৰী ,গড়মূৰ আদি সত্ৰত পালন কৰা দৌলোৎসৱ তাৰে নিদৰ্শন। উল্লেখযোগ্য যে বৰপেটাৰ বৰধামত আয়োজন কৰা দৌলোৎসৱ হৈছে অসমৰ এক বিখ্যাত দৌলোৎসৱ।এই উৎসৱত হোলীগীতো পৰিৱেশন কৰাৰ পৰম্পৰা আছে। ইয়াৰ লগতে মহাপুৰুষ জনাৰ বৰগীতো পৰিৱেশন কৰা হয়। 
       আজি এই উৎসৱৰ শুভ মূহুৰ্তত হোলী উৎসৱৰ  অসমৰ লগতে সমগ্ৰ ভাৰতৰ হোলী পালন কৰা লোকসকলক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত এই পৰম্পৰাই অশুভ শক্তিক নাশ কৰি শুভ শক্তিক স্থাপন কৰক তাৰে আন্তৰিক কামনা ।


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
    লেখক ,: দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ।

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
     

Sunday, March 5, 2023

শ্ৰী পদ্ধতিত ধান খেতি কেনেকৈ কৰিব ? How to grow paddy in Sri system? What is the Sri system ? Let's know.

শ্ৰী পদ্ধতিত ধান খেতি কেনেকৈ কৰিব ? What is SRI system in cultivation? SRI - System Of Rice Intensification.

কিদৰে আপুনি আগবাঢ়িব:

১/ প্ৰথম বীজ বাচনি কৰি ইয়াক শোধন কৰিব লাগে ২/ কঠিয়া তলিৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব লাগে ৩/ মূল পথাৰ তৈয়াৰ কৰিব লাগে ৪/ কঠিয়াৰ বয়স ৫/ কঠিয়া ৰুৱাৰ পদ্ধতি ৬/ পানী জমা হোৱাৰ ব্যৱস্থা আৰু অত্যধিক পানী উলিয়ায় দিয়াৰ সু-ব্যৱস্থা ৭/ বন-বাত সময়মতে নিয়নি ।


জৈৱিক সাৰ প্ৰস্তুতকৰণ: 

১/ গোবৰ ৩ কেজি
২/ গৰুৰ মূত ৩ লিটাৰ
৩/ গুৰ ৬ গ্ৰাম
৪/ বেচন ৫০ গ্ৰাম
৫/ কেঁচু সাৰ ১ কেজি
৬/ প্ৰতি ৭০ লিটাৰ পানীত মিহলি কৰিব লাগে
৭/ ৩ বা ৪ দিনৰ পিছত পথাৰত প্ৰয়োগ কৰিব লাগ

   এতিয়া খেতিৰ বতৰ। খেতিৰ বতৰত খেতিৰ ওপৰত আলোচনা কৰাটো নিতান্তই প্ৰয়োজন আছে। আমাৰ কৃষক বন্ধুসকলে নজনা ধান খেতিৰ পদ্ধতি এটাৰ সম্পৰ্কে আজি আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে। ভাৰত এখন কৃষিৰ ওপৰত নিৰ্ভৰশীল দেশ । সেয়ে কৃষিৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাবলৈ খেতিৰ পদ্ধতি সম্পৰ্কে সম্যক জ্ঞান থকা বাঞ্চনীয়। ধান খেতিৰ বাবে অসমৰ ক্ষেত্ৰত প্ৰায় ভাগ গ্ৰাম্য সমাজৰ কৃষকে পৰম্পৰাগত ভাৱে চলি অহা পদ্ধতিৰে খেতি কৰা পৰিলক্ষিত হয়। পৰম্পৰাগত পদ্ধতিৰে খেতি কৰিলে সিমান লাভৱান হব নোৱাৰি। ধান খেতিৰ বাবে উত্তম পদ্ধতি এটা সৃষ্টি হৈছে সেয়া হল - শ্ৰী পদ্ধতি । যোৱা আশী দশকৰ আগভাগত হেনৰি দি ললানিক (Henri De Laulanic ) নামৰ এজন ফৰাছী কৃষি বিজ্ঞানীয়ে দেশৰ কৃষক সকলৰ উন্নতিৰ অৰ্থে অহোপুৰুষাৰ্থ প্ৰয়াস কৰিছিল। আৰু ১৯৮১ চনত তেওঁৱে এখন কৃষি বিশ্ববিদ্যালয় মাদাগাস্কাৰত স্থাপন কৰিছিল। এই বিশ্ববিদ্যালয়তে বিজ্ঞানী জনে শ্ৰী পদ্ধতিৰ আৱিষ্কাৰ কৰিছিল। ইংৰাজীত শ্ৰী হৈছে SRI । SRI- System of Rice Intensification. অসমীয়াৰ প্ৰতিশব্দ হৈছে - ধান খেতিত প্ৰৱলীকৰণ পদ্ধতি। পৰম্পৰাগত ভাবে কৰা খেতিৰ বিপৰীতে এই খেতিত অধিক লাভ হোৱা পৰিলক্ষিত হয়। যদি পৰম্পৰাগত ভাৱে কৰা খেতিত প্ৰতি বিঘাত ২ টন উৎপাদন হয়, তেন্তে শ্ৰী পদ্ধতিৰে কৰিলে প্ৰতি বিঘাত উৎপাদন হয় ৮ টন ধান। বিশ্বৰ বিভিন্ন প্ৰান্তত এই নিয়ম বিয়পি পৰিছে। চীন, থাইলেণ্ড, ইণ্ডোনেছিয়া, কম্বোডিয়া, বাংলাদেশ, শ্ৰীলঙ্কা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত এই কৃষি পদ্ধতিৰে খেতি কৰে। আমাৰ দেশৰ দক্ষিণ ভাৰতত এই পদ্ধতি বেছি প্ৰয়োগ কৰা পৰিলক্ষিত হয়। ২০০৩ চনত অন্ধ্ৰপ্ৰদেশত পোনপ্ৰথম বাৰৰ বাবে পৰীক্ষামূলক ভাৱে এই কৃষি পদ্ধতিৰে ধান খেতি কৰি উৎসাহ জনক ফলাফল লাভ কৰিছিল। বৰ্তমান সময়ত ভাৰতৰ অন্যান্য ৰাজ্য - তামিলনাডু, ত্ৰিপুৰা, উৰিষ্যা , কৰ্ণাটক আদি ৰাজ্যৰ কৃষকসকলে এই পদ্ধতিৰে খেতি কৰি অধিক লাভৱান হোৱা দেখা গৈছে। অসমতো বিশেষকৈ নামনি অসমত এই পদ্ধতি প্ৰয়োগেৰে ধান খেতি কৰা দেখা যায়।
   এতিয়া আহো শ্ৰী পদ্ধতিনো কেনেকুৱা পদ্ধতি ? মনত ৰাখিব শ্ৰী পদ্ধতিৰ ধান খেতি বুলি ক'লে কোনো এটা নতুন জাত ব্যৱহাৰ কৰি ধান খেতি কৰাটো নুবুজায়। ই এটা এনে পদ্ধতি য'ত কম পানী, কম ৰাসায়নিক সাৰ আৰু দৰৱ ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে অধিক জৈৱিক সাৰ প্ৰয়োগৰ সহায়ত ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰা হয়। উচ্চ উৎপাদনক্ষম জাত এই পদ্ধতিত ব্যৱহাৰ কৰা হয় যদিও থলুৱা জাতৰ ধানৰ ক্ষেত্ৰতো এই নিয়ম প্ৰয়োগ কৰিব পাৰি।
   বীজ সঠিকভাৱে বাছনি আৰু পৰিশোধন প্ৰক্ৰিয়া হৈছে এই খেতিৰ মূল কাৰ্য।

শ্ৰী পদ্ধতিৰ সুবিধা: 

১/ বিঘাত ১ কেজি ধানৰ বীজ প্ৰয়োজন। কাৰণ প্ৰতি একক মাটিত কঠিয়াৰ পৰিমাণ গোছাই প্ৰতি তেনেই কম লোৱা হয়। 
২/ কম পৰিমাণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰা হয়।
৩/ উৎপাদন বৃদ্ধি। প্ৰতি বিঘা ধানত ১০ ৰ পৰা ১৬ মোন পৰ্যন্ত উৎপাদন। 
৪/ পোক আৰু বেমাৰৰ আক্ৰমণ কিছু কম। কাৰণ ইয়াৰ গোছাবোৰ এটা নিৰ্দিষ্ট দূৰত্বত লগোৱা হয়।
৫/ শস্য চপোৱা সময় হ্ৰাস।
৬/ পানীৰ প্ৰয়োজন কম।

বৈশিষ্ট্য সমূহ : 
১/ কঠিয়াৰ বয়স আঠৰ পৰা সোঁতৰ দিন হ'ব লাগে।
২/ সমদূৰত্ব- ১০ ইঞ্চিৰ পৰা ১০ ইঞ্চিৰ দূৰত্বত অৰ্থাৎ বৰ্গ আকাৰত কঠিয়াৰ পুলি মূল পথাৰত লগোৱা হয়।
৩/ ৮ ৰ পৰা ১২ দিনৰ ভিতৰত কঠিয়াৰ পুলি পথাৰত ৰোপন কৰিব লাগে।
৪/ গোছাই প্ৰতি মাত্ৰ এডাল কঠিয়া মূল পথাৰত ৰোৱা হয়।
৫/ জৈৱিক সাৰ প্ৰয়োগ কৰা হয়।
৬/ পোক পৰুৱা আৰু ধানৰ ৰোগ জৈৱিক পদ্ধতিৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰি।

খেতিৰ বাবে কিদৰে আগবাঢ়িব লাগে:

১/ প্ৰথম বীজ বাচনি কৰি ইয়াক শোধন কৰিব লাগে
২/ কঠিয়া তলিৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব লাগে
৩/ মূল পথাৰ তৈয়াৰ কৰিব লাগে
৪/ কঠিয়াৰ বয়স
৫/ কঠিয়া ৰুৱাৰ পদ্ধতি
৬/ পানী জমা হোৱাৰ ব্যৱস্থা আৰু অত্যধিক পানী উলিয়ায় দিয়াৰ সু-ব্যৱস্থা
৭/ বন-বাত সময়মতে নিয়নি কৰিব লাগে।

বীজ পৰিশোধনৰ প্ৰক্ৰিয়া:
১/ এটা কণী বা এটা আলু , এক কেজি নিমখ, ৩ লিটাৰ পৰিষ্কাৰ পানীত ১ কেজি বীজ টিয়াব লাগে। ২৪ ঘণ্টাৰ মূৰত টিওৱা বীজ উঠাই দি মাটিত মেলি দিব লাগে।

কঠিয়া তলিৰ প্ৰস্তুতি:
ট্ৰেকটৰ নতুবা গৰুৰ সহায়ত আপোনাৰ কঠিয়া তলিখন চহাব লাগে। কোনো বন বা জেং নথকা কৰি পৰিষ্কাৰ কৰি মাটি মিহি কৰি ল'ব লাগে। জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। কঠিয়াতলি শুকান অৱস্থাত বীজ সিঁচা হয়। কঠিয়াতলিত বীজ সিঁচাৰ পাছত ৰ'দ বৰষুণ , চৰাইৰ পৰা বচাবৰ বাবে ওপৰত এটা শুকান গোবৰ ছটিয়াই দিব লাগে। নতুবা ধানখেৰে জপাই দিব লাগে। বীজ অংকুৰিত হোৱাৰ পিছত খেৰবোৰ আঁতৰাই দিলে ভাল।

জৈৱিক সাৰ প্ৰস্তুতকৰণ:

১/ গোবৰ ৩ কেজি
২/ গৰুৰ মূত ৩ লিটাৰ
৩/ গুৰ ৬ গ্ৰাম
৪/ বেচন ৫০ গ্ৰাম
৫/ কেঁচু সাৰ ১ কেজি
৬/ প্ৰতি ৭০ লিটাৰ পানীত মিহলি কৰিব লাগে
৭/ ৩ বা ৪ দিনৰ পিছত কঠিয়া তলিত আৰু পথাৰত প্ৰয়োগ কৰিব লাগ।


চাফাই:

১/ প্ৰথম নিয়নি ১৫ দিনত কৰিব লাগে।
২/ দ্বিতীয় নিয়নি ৩০ দিনত কৰিব লাগে।
৩/ তৃতীয় নিয়নি ৪৫ দিনত কৰিব লাগে।

জলসিঞ্চন -
‘শ্ৰী’ পদ্ধতিৰ দ্বাৰা কৰা খেতিত পানী প্ৰয়োজন হয় কিন্তু অতিৰিক্ত নহয়। এই পদ্ধতিত পথাৰৰ ৰোৱা দৰাত পানী বন্ধ কৰি ৰখাৰ পৰিৱৰ্তে ৰোৱা দৰা পানীৰে সেমেকাই বা তিয়াই ৰখাতহে গুৰুত্ব দিয়া হয়। বৈজ্ঞানিক নিয়মমতে মাজে মাজে তিয়াই, মাজে মাজে শুকান কৰি ৰাখিলে শিপাই বতাহ পায়, লৌহ বিষক্ৰিয়াৰ অপকাৰ কমে আৰু শিপাৰ গঠন ভাল হয়।

উপসংহাৰ
 আমাৰ কৃষক বন্ধুসকলে শ্ৰী পদ্ধতি থলুৱা জাতৰ ধান খেতিৰ পদ্ধতিতো প্ৰয়োগ কৰিব পাৰে। থলুৱা ধান খেতিত এই পদ্ধতি ব্যৱহাৰ কৰিলে কৃষক বন্ধুসকল উপকৃত হ'ব বুলি ধাৰণা হয়। কাৰণ শ্ৰী পদ্ধতিৰ যি কঠিয়া ৰোপণ কৰাৰ নীতি-নিয়ম সেয়া অতি ভাল। আমাৰ থলুৱা খেতি ব্যৱস্থাত সাধাৰণতে কোনো বৈজ্ঞানিক ভিত্তিৰ নীতি নিয়মতকৈ পৰম্পৰাগত নিয়মহে মানি চলে। এনে নিয়ম বৰ্তমান সময়ত ত্যাগ কৰিবলৈ হ'ল। যুগৰ সৈতে মিলি যুগৰ নিয়মেৰে ধান খেতি কৰিলেহে কৃষকসকলে অধিক উৎপাদন পাবলৈ সক্ষম হ'ব। 




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 
লেখক :  দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹







Friday, March 3, 2023

সময়ৰ দৃশ্যপটত - লোভ,মোহ আৰু অন্যান্য....In the scene of time - greed-attraction and others...

সময়ৰ দৃশ্যপটত - লোভ-মোহ আৰু অন্যান্য,... In the scene of time - greed , attraction and others...

  

    জন্ম আৰু মৃত্যু কেতিয়া হয় কোনো ক'ব নোৱাৰে। কিন্তু বিবাহৰ কথাটো ব্যক্তি জনৰ ওপৰত নিৰ্ভৰশীল। সকলোৱে ক'ব খোজে জন্ম,মৃত্যু, বিবাহৰ সম্পৰ্কে কোনো ক'ব নোৱাৰে। কিন্তু ই সত্য নে?
   জন্ম ল'লে মৃত্যু অৱস্যাম্ভাৱী। বিবাহ কৰালে সৃষ্টিৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকে। ঈশ্বৰে সকলো গণনা কৰিয়েই নিশ্চয় সৃষ্টিৰ নীতি নিয়ম নিৰ্দ্ধাৰণ কৰিছে। সৃষ্টিৰ নীতি নিয়ম মানি আমি মানু্হ হিচাপে বাস কৰাটোৱেই মানুহৰ কাম্য। 
    ক্ষণিক বিলাসিতা আৰু আলস্য ভাৱ মনলৈ আনি মানুহে মানুহৰ ধ্বংস কৰে । মানুহে মানুহৰ অনিষ্ট কৰে। মানুহে মানুহৰ শত্ৰুত পৰিণত হয়। ইয়াৰ মূলতে হ'ল - লোভ আৰু মোহ। এয়া হ'ল দুটা নৰখাদক বাঘ। ইয়াৰ কবলত পৰিলে জীৱন ধ্বংস অনিবাৰ্য। সেয়েহে প্ৰতিজন মানুহে এই ৰিপুৰ পৰা বাচি থাকিবলৈ যত্ন কৰিব লাগে। 
    সৎ কৰ্ম আৰু সৎ চিন্তা-চৰ্চাই মানুহৰ মনৰ লগতে জীৱন সুন্দৰ হোৱাত অৰিহণা যোগায়। বৈষম্য, ভেদভাৱ, হিংসা,কুৎসা-ৰটনা পৰিত্যাগ কৰিলে নিজৰ লগতে সমাজৰ মংগল হয়। সমাজৰ চৌদিশে ঘটি থকা বৰ্বৰ ঘটনাবোৰ এনে কাৰণেৰে সংপৃক্ত। আহক আমি সকলোৱে এক হওঁ, মিলিজুলি মসৃণ কৰোঁ জীৱন যুঁজৰ কণ্টকময় গতি।
 
   










প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 
লেখক: দুদুল সোণোৱাল।



   🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺





Thursday, March 2, 2023

লোক সংস্কৃতি কি ? লোক সংস্কৃতিক কেইটা ভাগত বিভক্ত কৰিব পাৰি ? What is folk culture? Folk culture can be divided into how many parts ?

লোক সংস্কৃতি কি ? লোক সংস্কৃতিক কেইটা ভাগত বিভক্ত কৰিব পাৰি ? What is folk culture? Folk culture can be divided into how many parts ?

💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

১/লোক সংস্কৃতি কাক বোলে : 
    কোনো এটা জাতিৰ শ শ, হাজাৰ হাজাৰ বছৰ ধৰি যি মাত-কথা, শিক্ষা-আদৰ্শ, ধৰ্ম বিশ্বাস, ভাষা সাহিত্য, আচাৰ-ব্যৱহাৰ, ৰুচি-অভিৰুচি, জ্ঞান, ভাৱ-চিন্তা, প্ৰেম-প্ৰীতি, হাঁহি-কান্দোন, কল্পনা, বিশ্বাস-অবিশ্বাস আদিৰ জৰিয়তে যি বৈশিষ্ট্যৰ ৰূপ সৃষ্টি হৈছে সেয়াই হৈছে সংস্কৃতি। এই সংস্কৃতি যদি জনসাধাৰণৰ দ্বাৰা বা মানুহৰ দ্বাৰা পৰম্পৰাগত ভাৱে পৰিচালিত হৈ আহিছে তেন্তে তেনে সংস্কৃতিৰ ৰূপক লোক-সংস্কৃতি বুলিব পাৰি। যিহেতু লোক শব্দই মানুহ বা জনসাধাৰণ বা জন বা গণক বুজায়। সেই দিশৰ ওপৰত ভিত্তি কৰি লোক সংস্কৃতিক গণ সংস্কৃতি বা জন সংস্কৃতি বুলি ক'ব পাৰি। লোক সংস্কৃতি কোনো এটা জাতিৰ পৰম্পৰাগত ভাৱে চলি অহা কিছুমান ৰীতি-নীতি , আচাৰ-ব্যৱহাৰ ৰুচি-অভিৰুচি, ধৰ্ম বিশ্বাস আদি। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত তেনে ধৰণে বহু প্ৰাচীন কালৰ পৰা চলি অহা সংস্কৃতিক লোক সংস্কৃতি বোলা হয়। বিশেষকৈ বিহু - কাতি বিহু,মাঘ বিহু আৰু ব'হাগ বিহু, মিচিং জনগোষ্ঠীৰ আলি-আই-লৃগাং, মহোহো উৎসৱ, আইসবাহ, সেৱা-শুশ্ৰুষা, আহাৰ-বিহাৰ, খেলা-ধূলা, গীত-নৃত্য ,... আদিয়েই হৈছে লোক সংস্কৃতি ।

          সোণোৱাল কছাৰী সকলৰ হুগ্ৰা নৃত্য।

২/লোক সংস্কৃতিৰ বৈশিষ্ট্য কি কি:
লোক সংস্কৃতিৰ কিছুমান বৈশিষ্ট পৰিলক্ষিত হয়। সেইবোৰ হৈছে -
(ক) লোক সংস্কৃতি অকৃত্ৰিম। অৰ্থাৎ লোক সংস্কৃতিক কৃত্ৰিম ৰূপ দিব নোৱাৰি। 
(খ) লোক সংস্কৃতি নিৰক্ষৰ বা অশিক্ষিত লোকৰ মাজত সমাদৰ বেছি। 
(গ) লোক সংস্কৃতি ব্যক্তিগত সম্পদ নহয়।ই জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাৰ মাজেদি সৃষ্টি হোৱা বস্তু।
(ঘ) লোক সংস্কৃতি নিৰপেক্ষ। ই বৰ্ণ, ধৰ্ম, সম্প্ৰদায় আদি বাচ-বিচাৰ নকৰে।
(ঙ) লোক সংস্কৃতি জাতি উপ-জাতি, ধৰ্ম সম্প্ৰদায়ভেদে বেলেগ বেলেগ ৰূপ পৰিগ্ৰহ কৰিব পাৰে। যেনে বড়ো সকলৰ সিজু গছৰ পূজা, বৈষ্ণৱ সকলৰ বৈষ্ণৱ পূজা, শাক্ত সকলৰ শাক্ত পূজা, সোণোৱাল কছাৰীসকলৰ সৰগদেউ পূজা, আইসবাহ আদি।
(চ) লোক সংস্কৃতি চলমান নহয় যদিও এটা জাতিৰ ধৰ্ম সম্প্ৰদায়ৰ লোক বিশ্বাস আন এটা জাতিৰ ধৰ্ম সম্প্ৰদায়ৰ মাজত প্ৰৱেশ কৰি আন এটা লোক সংস্কৃতিৰ সৃষ্টি কৰিব পাৰে। যেনে - পণ্ডিতসকলে ক'ব খোজে যে সত্যনাৰায়ণ পূজা মুচলমানসকলৰ সত্য-পীৰেইৰ এটা অন্য ৰূপ।
(ছ) লোক সংস্কৃতি পৰম্পৰা নীতি নিয়মৰ ওপৰত ভিত্তিশীল। ই কোনো বৈজ্ঞানিক ব্যাখ্যা বা যুক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়। 
(জ) সংৰক্ষণমুখিতা লোক সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য।

৩/লোক সংস্কৃতিক কেইটা ভাগত বিভক্ত কৰিব পাৰি: 
লোক সংস্কৃতিক বিশেষকৈ ইয়াৰ কায়িক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা ভাগত বিভক্ত কৰা হৈছে।ভাগ কেইটা হৈছে ক্ৰমে - মৌখিক সাহিত্য, দেশাচাৰ আৰু উৎসৱ পৰ্ব আৰু শৈল্পিক কৰ্ম। 

মৌখিক সাহিত্য: 
কিছুমান সাহিত্য জনগণৰ মুখে মুখে পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ আহিছে এনে সাহিত্যক মৌখিক সাহিত্য বুলিব পাৰি। বিশেষকৈ সাধুকথা, সাঁথৰ, প্ৰৱৰচন, বিশ্বাস-অন্ধবিশ্বাস আৰু জন-কবিতা বা লোক গীতবোৰক এই শ্ৰেণীৰ লোক সংস্কৃতি হিচাপে ধৰা হয়। যেনে সোণোৱাল কছাৰী সকলৰ ফুলকোঁৱৰৰ গীত, মনিকোঁৱৰৰ গীত আদি হৈছে মৌখিক সাহিত্য। 

দেশাচাৰ আৰু উৎসৱ পৰ্ব:
কোনো এটা জাতিৰ মাজত চলি অহা নানা উৎসৱ আৰু আনুষ্ঠানিক কৰ্ম সমূহক এই শ্ৰেণীত ধৰা হৈছে। বিশেষকৈ উৎসৱ পৰ্ব, বিবিধ খেলা-ধূলা, আনুষ্ঠানিক কৰ্ম আদিয়ে হ'ল এই শ্ৰেণীৰ লোক সংস্কৃতি। এনে লোকাচাৰ এটা জাতিৰ মাজত পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ থাকে। যেনে সদায় গুৰু-গোঁসাই নাম লোৱা, সংকট কালত ঈশ্বৰৰ নাম মুখলৈ অনা, নতুন গছৰ ফল গোঁসাই লৈ আগবঢ়োৱা, খেতিৰ নতুন ফচল গুৰু-গোঁসাইলৈ আগবঢ়োৱা, মৃত্যুমুখী লোকৰ কাষত ধৰ্ম শাস্ত্ৰ পাঠ কৰা, মৃতকৰ অস্থি নৈত বিসৰ্জন দিয়া, মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে পিণ্ড দিয়া, কোনো ঠাইলৈ যোৱা আগতে ঘৰৰ বৰ জনক ভৰি চুই সেৱা কৰি আৰ্শীবাদ লোৱা, অতিথিক শুশ্ৰূষা কৰা আদি হৈছে লোকাচাৰ বা দেশাচাৰ।

শৈল্পিক কৰ্ম:
লোক কলা, লোক শিল্প, ঘৰ-দুৱাৰ নিৰ্মাণ পদ্ধতি, স্থাপত্য কলা আদিয়েই হৈছে শৈল্পিক কৰ্ম। লোক সংস্কৃতিৰ উপাদানসমূহৰ ওপৰত ভিত্তি কৰিয়েই লোক শিল্পবোৰ গঢ় লৈ উঠিছে। অসমৰ প্ৰতিখন জিলাত বাস কৰা অসমীয়া লোকসকলৰ বিভিন্ন শিল্প কৰ্ম আছে। অসমীয়া লোক শিল্পৰ ভিতৰত ঘাইকৈ বাঁহ বেতৰ সঁজুলি, কাঠৰ আচবাব, কুঁহিলাৰে তৈয়াৰী বিভিন্ন সামগ্ৰী, মাটিৰে নিৰ্মিত বিভিন্ন পাত্ৰ, কাঁহ, পিতল, লো আদি ধাতুৰ সহায়ত নিৰ্মাণ কৰা বিভিন্ন আ-অলংকাৰ আদিয়েই প্ৰধান। ইয়াৰোপৰি অতীজৰে পৰা পৰম্পৰাগত ভাৱে চলি অহা বিভিন্ন লোকানুষ্ঠান যেনে- ওজাপালি, ঢুলীয়া, ভাওনা, পুতলা নাচ আদিকো লোক সংস্কৃতিৰ গণ্ডীৰতে সামৰি লোৱা হয়।

৪/লোক সংস্কৃতিৰ উপাদানসমূহ:
লোক সংস্কৃতিৰ উপাদানসমূহৰ সম্পৰ্কে ইতিমধ্যে ওপৰত আলোচনা আগবঢ়োৱা হৈছে। তথাপিও পুনৰাই উল্লেখ কৰা হ'ল। লোক সংস্কৃতিৰ উপাদানসমূহ হৈছে - লোক সাহিত্য, লোকাচাৰ বা দেশাচাৰ, বিশ্বাস আৰু অন্ধবিশ্বাস, আহাৰ-বিহাৰ, পিন্ধন-উৰণ , খেলাধূলা , লোক কলা আৰু লোক শিল্প আদি।

৫/উপসংহাৰ 
   যুগৰ ওপৰত নিৰ্ভৰ কৰি সংস্কৃতি সময়ে সময়ে পৰিৱৰ্তন ঘটে। কিন্তু লোক সংস্কৃতি অপৰিবৰ্তিত অৱস্থাত ৰৈ থাকে। অৰ্থাৎ লোক সংস্কৃতি পৰিৱৰ্তনশীল নহয়। তদুপৰি লোক সংস্কৃতি কোনো বৈজ্ঞানিক যুক্তি-যুক্ততাৰ ওপৰত নিৰ্ভৰ কৰি নচলে। ইয়াৰ সত্যাসত্য বিচাৰ কৰিবলৈ গ'লে ইয়াৰ স্বকীয়তা বিলোপ হোৱাৰ সম্ভাৱনা নথকা নহয়। আজিৰ সময়ত বৈজ্ঞানিক মানসিকতা সৃষ্টিৰ যি হাৱা চলিছে সেই হাৱাত এই লোক সংস্কৃতি সমূহৰ সংৰক্ষণৰ মানসিকতা মানুহৰ মনত ক্ৰমান্বয়ে বিলুপ্ত হোৱা যেন অনুভৱ হয়। সংস্কৃতি যিহেতু এটা জাতিৰ পৰিচয় অক্ষুণ্ণ ৰখা এটা আহিলা। লোক সংস্কৃতি ইয়াৰ আংগিক অংশ। গতিকে লোক সংস্কৃতিক জীয়াই ৰাখিলেহে অসমীয়া জাতিও ভৱিষ্যতলৈ জীয়াই থাকিব। আমি অসমৰ প্ৰতিজন অসমীয়াই এই কথাবোৰ মনত ৰখা উচিত। 
   ( ইয়াত অসমীয়া বোলোতে অসম মুলুকত বাস কৰা অসমৰ বিভিন্ন জাতি জনগোষ্ঠী তথা উপজাতি সমূহৰ কথাকে বুজাবলৈ প্ৰয়াস কৰা হৈছে।)
   

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ।




🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹




Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts