Friday, March 3, 2023

সময়ৰ দৃশ্যপটত - লোভ,মোহ আৰু অন্যান্য....In the scene of time - greed-attraction and others...

সময়ৰ দৃশ্যপটত - লোভ-মোহ আৰু অন্যান্য,... In the scene of time - greed , attraction and others...

  

    জন্ম আৰু মৃত্যু কেতিয়া হয় কোনো ক'ব নোৱাৰে। কিন্তু বিবাহৰ কথাটো ব্যক্তি জনৰ ওপৰত নিৰ্ভৰশীল। সকলোৱে ক'ব খোজে জন্ম,মৃত্যু, বিবাহৰ সম্পৰ্কে কোনো ক'ব নোৱাৰে। কিন্তু ই সত্য নে?
   জন্ম ল'লে মৃত্যু অৱস্যাম্ভাৱী। বিবাহ কৰালে সৃষ্টিৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকে। ঈশ্বৰে সকলো গণনা কৰিয়েই নিশ্চয় সৃষ্টিৰ নীতি নিয়ম নিৰ্দ্ধাৰণ কৰিছে। সৃষ্টিৰ নীতি নিয়ম মানি আমি মানু্হ হিচাপে বাস কৰাটোৱেই মানুহৰ কাম্য। 
    ক্ষণিক বিলাসিতা আৰু আলস্য ভাৱ মনলৈ আনি মানুহে মানুহৰ ধ্বংস কৰে । মানুহে মানুহৰ অনিষ্ট কৰে। মানুহে মানুহৰ শত্ৰুত পৰিণত হয়। ইয়াৰ মূলতে হ'ল - লোভ আৰু মোহ। এয়া হ'ল দুটা নৰখাদক বাঘ। ইয়াৰ কবলত পৰিলে জীৱন ধ্বংস অনিবাৰ্য। সেয়েহে প্ৰতিজন মানুহে এই ৰিপুৰ পৰা বাচি থাকিবলৈ যত্ন কৰিব লাগে। 
    সৎ কৰ্ম আৰু সৎ চিন্তা-চৰ্চাই মানুহৰ মনৰ লগতে জীৱন সুন্দৰ হোৱাত অৰিহণা যোগায়। বৈষম্য, ভেদভাৱ, হিংসা,কুৎসা-ৰটনা পৰিত্যাগ কৰিলে নিজৰ লগতে সমাজৰ মংগল হয়। সমাজৰ চৌদিশে ঘটি থকা বৰ্বৰ ঘটনাবোৰ এনে কাৰণেৰে সংপৃক্ত। আহক আমি সকলোৱে এক হওঁ, মিলিজুলি মসৃণ কৰোঁ জীৱন যুঁজৰ কণ্টকময় গতি।
 
   










প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 
লেখক: দুদুল সোণোৱাল।



   🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺





No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts