চমু টোকা: Short Note: মৌখিক কবিতা বা লোক কবিতা : চৰ্যাপদ : প্ৰাক্ -শংকৰী যুগৰ কবিসকলৰ কবিতাৰ বৈশিষ্ট্য: বৈষ্ণৱ কবিতা আৰু বৈশিষ্ট্য : জানো আহক।
মৌখিক কবিতা বা লোক কবিতা :
মানুহৰ জীৱনৰ পৰা তথ্য সংগ্ৰহ কৰি, বিভিন্ন সমল গোটাই কোনো এজন লোকে ৰচনা কৰা কবিতাই হৈছে লোক কবিতা।
জনসাধাৰণৰ সুখ-দুখ, হাঁহি-কান্দোন, বিশ্বাস-সংশয় , ধৰ্ম অন্ধবিশ্বাস, কলা- সংস্কৃতি ,কৃষি-জীৱিকা আদি সাংসাৰিক বিচিত্ৰ বিষয়ৰ ওপৰত ভিত্তি কৰি লোক কবিতা সৃষ্টি হয়।
লোক কবিতা সমূহ যদিও কোনো লোকে ৰচনা কৰে, তথাপিও ইয়াৰ ৰচকৰ নাম নাথাকে। লোক কবিতা সাধাৰণতে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মুখ বাগৰি চলি থাকে। সেয়েহে ইয়াক মৌখিক কবিতা বুলিও কোৱা হয়। উদাহৰণস্বৰূপে সোণোৱাল কছাৰীসকলৰ ফুলকোঁৱৰৰ গীত, মনিকোঁৱৰৰ গীত এই শ্ৰেণীৰ কবিতা । এই কবিতাৰ ৰচক নাই।
চৰ্যাপদ :
অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন স্বৰূপে চৰ্যাপদক স্বীকৃতি দিয়া হয়। চৰ্যাপদ হৈছে বৌদ্ধ ধৰ্মৰ সহজযান পন্থাৰ ধৰ্ম সাধনৰ গীত। ধৰ্ম সাধনেই মুখ্য উদ্দেশ্য হ'লেও এই গীতসমূহ কাব্যিক গুণ সম্পন্ন। মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে ১৯০৭ চনত নেপালৰ ৰাজদৰবাৰৰ পৰা 'চৰ্যাচৰ্যবিনিশ্বয়' এখন পুথি উদ্ধাৰ কৰি আনে। এই পুথিৰ পৰাই চৰ্যাপদ সমূহ উদ্ধাৰ হয়। শাস্ত্ৰীয়ে এই পুথিখনক 'হাজাৰ বৎসৰেৰ পুৰাণ বাঙ্গাল ভাষাৰ বৌদ্ধ গান ও দোহা ' নাম দি প্ৰকাশ কৰে।
চৰ্যাপদ সমূহত ধৰ্মীয় সাধনৰ গুৰুত্ব সাংকেতিক ভাষাত লিখা হৈছে যদিও তাৰ অন্তৰালত নিহিত হৈ আছে বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক তত্ত্ববোৰৰ গূঢ়াৰ্থ। সেয়ে অসমীয়া কবিতাৰ ইতিহাসত চৰ্যাপদ সমূহৰ মূল্য অসীম বুলি বিবেচনা কৰা হয়।
প্ৰাক্ - শংকৰী যুগৰ কবিসকলৰ কবিতাৰ বৈশিষ্ট্য :
প্ৰাক শংকৰী যুগ হৈছে চতুৰ্দশ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ শংকৰদেৱ আৰ্ৱিভাৱ হোৱাৰ সময়লৈকে এই সময়ছোৱা । এই সময়ছোৱাত ৰচিত কবিসকলৰ কবিতাৰ কিছুমান সাধাৰণ বৈশিষ্ট্য পৰিলক্ষিত হয় সেইবোৰ হ'ল -
১/ প্ৰাক্ - শংকৰী যুগৰ কবিসকলৰ কবিতাৰ বিষয়বস্তু আছিল মহাকাব্য বা পূৰাণৰ পৰা সংগ্ৰহ কৰা।
২/এই যুগৰ কবিতাসমূহ মুখ্যতঃ অনুবাদধৰ্মী।
৩/ অনুদিত কবিতা সমূহত অসমৰ স্থানীয় ৰং-ৰহন আৰু ঘৰুৱা শব্দচয়নৰ প্ৰয়োগ।
৪/প্ৰকৃতিৰ মনোমোহা বৰ্ণনাৰে সমৃদ্ধ।
৫/ কবিতাত পদ,দুলড়ী, ছবি, ঝুমুৰা আদি ছন্দ আৰু বিবিধ অলংকাৰ প্ৰয়োগৰ কৌশল তৎকালীন সময়ছোৱাৰ কবিসকলে প্ৰথম ব্যৱহাৰ কৰিছিল আৰু পৰৱৰ্তী যুগৰ কবিসকলৰ বাবে আদৰ্শ ৰাখি থৈ যায়।
বৈষ্ণৱ কবিতা আৰু বৈশিষ্ট্য:
মহাপুৰুষ শংকৰদেৱে পঞ্চদশ শতিকাত অসমত নৱ বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰিছিল। তেওঁ আছিল নৱবৈষ্ণৱ ধৰ্মৰ পথপ্ৰদৰ্শক। এইখিনি সময়ত তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ নিমিত্তে দুটা পন্থা অৱলম্বন কৰিছিল। সেয়া হৈছে - শিষ্য প্ৰশিষ্যৰ দেশৰ বিভিন্ন ঠাইত নামঘৰ আৰু সত্ৰ স্থাপন আৰু আনটো হৈছে - নানা প্ৰকাৰৰ বৈষ্ণৱ ধৰ্ম বিষয়ক গ্ৰন্থ ৰচনা কৰা। শংকৰদেৱ আৰু মাধৱদেৱে এক বিশিষ্ট ধাৰাত কবিতাক সজাই তুলিছিল। তদুপৰি নৱ বৈষ্ণৱ ধৰ্মৰ অন্যান্য গুৰুসকলেও কাব্যৰচনাত হাত দিছিল। পঞ্চদশ শতিকাত সৃষ্টি হোৱা এই কবিতাসমূহ নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ আদৰ্শৰে প্ৰভাৱিত হৈছিল। সেয়েহে এইখিনি কবিতাকে বৈষ্ণৱ কবিতা বুলি কোৱা হয়।
বৈশিষ্ট্য:
১/ বৈষ্ণৱ কবিতা প্ৰধানকৈ অনুবাদমূলক। মূল কাহিনী সংস্কৃত গ্ৰন্থৰ পৰা আহৰণ কৰা। কিন্তু কবিসকলৰ মৌলিক প্ৰতিভাৰ সংমিশ্ৰণ ঘটিছে।
২/ ভক্তিৰ প্ৰধান। অৰ্থাৎ ভক্তিক প্ৰাধান্য দি এই কবিতাসমূহ ৰচনা কৰা হৈছে।
৩/ নৱবৈষ্ণৱ ধৰ্মৰ আদৰ্শৰ প্ৰতি সচেতনতা মনোভাৱ প্ৰকট হোৱা পৰিলক্ষিত হয়।
৪/সহজ সৰল ভাষা ব্যৱহাৰ কৰি এই বৈষ্ণৱ কবিতা ৰচনা কৰা হৈছে।
৫/ স্থানীয় পৰিৱেশৰ বৰ্ণনাত অসমীয়া জনজীৱনৰ চিত্ৰ পৰিস্ফুট হৈছে।
৬/ ধৰ্মীয় উদ্দেশ্য নিহিত থকাৰ বাবে কবিতা সমূহ কিছুমান দিশত সীমাবদ্ধ।
৭/ জনসমাজৰ ৰুচিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা দেখা যায়।
৮/ কাব্যিক সৌন্দৰ্যৰ অনুপম প্ৰকাশ ঘটিছে।
টোকাবোৰ চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লেখক - দুদুল সোণোৱাল।
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
No comments:
Post a Comment
dudulsonowal32@gmail.com