আধুনিক অসমীয়া কবিতাৰ পটভূমিত ক্ৰিয়া কৰা কাৰক সমূহৰ চমু বিশ্লেষণ। A brief analysis of the factors that act against the backdrop of modern Assamese poetry.
🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
আধুনিক অসমীয়া কবিতাৰ পটভূমিত ক্ৰিয়া কৰা কাৰক সমূহ ১৯৪০ চনৰ পৰা প্ৰভাৱ পৰিছে বুলি ঠাৱৰ কৰা হয়। অৰ্থাৎ ১৯৪০ চনৰ পিছৰে পৰা অসমীয়া কবিতাই নতুন ৰূপ ল'বলৈ ধৰে। ইয়াৰ মূলতে হ'ল কিছুমান কাৰকৰ প্ৰভাৱ। কাৰক সমূহৰ সংক্ষিপ্ত আলোচনা আগবঢ়োৱা হ'ল -
ক) দ্বিতীয় বিশ্বযুদ্ধ : দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টি কৰা অৱস্থাই মানুহৰ প্ৰতি মানুহৰ বিশ্বাসহীনতা আৰু সংশয়ৰ সৃষ্টি কৰাত তৎকালীন সময়ত অৰিহণা যোগাইছিল। এনে জটিল সময়ৰ অৱস্থাই বিভিন্ন কবি সকলক ৰোমান্টিক ভাৱধাৰা ত্যাগ কৰাত প্ৰভাৱ পেলাইছিল। অসমৰ অসমীয়া কবিসকলক ৰোমাণ্টিক স্বপ্নৰ জগতৰ পৰা আঁতৰাই আনি কঠিন বাস্তৱৰ সৈতে মুখামুখি হ'বলৈ শিক্ষা দিলে। যাৰ বাবে এই সময়ৰ কবি সকলৰ কবিতাত প্ৰতিবাদ আৰু বিদ্ৰোহৰ ভাৱ পৰিস্ফুট হৈছিল।
খ) স্বাধীনতা আন্দোলন : ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈকে চলি থকা ভাৰতৰ স্বাধীনতা আন্দোলনে অসমীয়া কবি সকলৰ মনত বাস্তৱ ভিত্তিক গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আকৰ্ষিত কৰালে। বৃটিছৰ পৰা আহৰণ কৰা ভোগবাদী মানসিকতাৰ বাবে গণতন্ত্ৰ বিৰোধী পুঁজিবাদ গঢ় লৈ উঠিল। যাৰ ফলত গণতান্ত্ৰিক মূল্যবোধৰ পৰিমাণ হ্ৰাস পাবলৈ ধৰিলে। এই সমস্যাই আধুনিক অসমীয়া কবিতাত বাৰুকৈয়ে আঘাত হানিলে। যাৰ বাবে অসমীয়া কবিতাৰ ভাৱত পৰিৱৰ্তন ঘটিল।
গ) সাম্যবাদী ৰাজনৈতিক আদৰ্শ আৰু মানৱতাবাদী চিন্তাধাৰা:
সাম্যবাদী ৰাজনৈতিক আদৰ্শ আৰু মানৱতাবাদী চিন্তাধাৰাই সমগ্ৰ ভাৰত বাসীৰ ওপৰত পৰা প্ৰভাৱে একাংশ শিক্ষিত মধ্যবিত্তৰ মন মগজুত নতুন চিন্তাধাৰাৰ বাট মুকলি কৰিলে। কিছু সংখ্যক কবিও এই চিন্তাৰে অনুপ্ৰাণিত হ'ল। এয়াৰ লগে লগে কবিসকল অতি সচেতন হৈ পৰিল।
গ) আধুনিক শিক্ষা : আধুনিক শিক্ষা প্ৰসাৰ ঘটাৰ লগে লগে অসমীয়া ন-শিক্ষিত শ্ৰেণীটোৰ পশ্চিমীয়া সাহিত্যৰ সৈতে পৰিচয় আৰু সংযোগ ঘটিল। যাৰ ফলত পাশ্চাত্য সাহিত্যৰ পোহৰ পৰি অসমীয়া সাহিত্যৰ নতুন দিগন্ত উজ্বলি উঠিল।
ঘ) ফ্ৰয়েডীৰ মনস্তত্ত্বৰ প্ৰভাৱ : অসমীয়া কাব্য জগতত ফ্ৰয়েডীয় মনস্তত্ত্বৰ প্ৰভাৱ মন কৰিবলগীয়া। ফ্ৰয়েডী মনস্তত্ত্বৰ মতে জাতি, ধৰ্ম, বৰ্ণৰ সংকীৰ্ণ বান্ধোনৰ পৰা মুক্ত হোৱা এক মনোবৈজ্ঞানিক অবস্থা। য'ত কোনো বৈষম্য নাই। এনে প্ৰভাৱ বিস্তাৰ হোৱাৰ বাবে অসমীয়া আধুনিক কবি সকলে পাৰিবাৰিক সম্পৰ্ক বা প্ৰেমৰ ওপৰত নতুন চিন্তাধাৰাৰে আগবাঢ়ি ৰোমাণ্টিক কবিতা ৰচনা কৰিবলৈ উৎসাহিত হৈছিল।
ঙ) বিজ্ঞানৰ প্ৰভাৱ: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন আৱিষ্কাৰ আৰু আৱিষ্কৃত জটিল সূত্ৰবোৰে কবিৰ মনত ৰেখাপাত কৰিলে। যাৰ ফলত কবিৰ কবিতা হৈ পৰিল দুৰ্বোধ্য আৰু অবিশ্বাস্য ভাৱে বাঢ়িল চিত্ৰকল্পৰ প্ৰয়োগ।
চ) অন্যান্য ৰাজনৈতিক প্ৰভাৱ : তৎকালীন সময়ত পৰা বিভিন্ন ৰাজনৈতিক কাৰকৰ প্ৰভাৱৰ ফলত কবি সকলৰ মানসিক চিন্তা ধাৰাৰ আমূল পৰিবৰ্তন হ'বলৈ ধৰিলে। ইয়াৰ প্ৰভাৱ আধুনিক কবিতাত স্পষ্টকৈ বিদ্যমান হৈ আছে। উদাহৰণ স্বৰূপে হিন্দু-মুছলমানৰ মাজত ৰাজনীতিক সকলৰ জৰিয়তে স্বাধীনতা আন্দোলনৰ সময়ত জনবিৰোধী স্বাৰ্থ পূৰণৰ উদ্দেশ্যেৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা হৈছিল। আকৌ ১৯৪৩ চনত বঙ্গদেশত কৃত্ৰিম দুৰ্ভিক্ষ সৃষ্টি কৰা হৈছিল যাৰ ফলত অসমৰ সৰল জীৱনধাৰাত কঠিন আঘাত লাগিছিল।
আধুনিক কবিতাসমূহে নতুন গতি পথ লোৱা লগে লগে ৰোমাণ্টিক কবিতাৰ যুগ অন্ত পৰিল বুলি ক'ব পাৰি। মনত দকৈ সাজ বহুওৱা কাৰক সমূহৰ গভীৰ প্ৰভাৱ অসমৰ প্ৰতিজন কবিৰ কবিতাত পৰিস্ফুট হৈছিল। যাৰ ফলত অসমৰ কবি সমাজৰ সচেতন আৰু দায়বদ্ধ মনোভাৱৰ সৃষ্টি হৈছিল। কবিতা বিলাকত পূৰ্বৰ ৰোমাণ্টিক ভাৱ আঁতৰাই বাস্তৱ ভিত্তিক ভাৱৰ বুৰবুৰণি তুলিছিল। কবিতাত কৃষকৰ দুখ-যন্ত্ৰণা ছবিখন স্পষ্ট হৈ পৰিল। যুক্তি,বিবেক আৰু বৌদ্ধিক দিশ একেলগ কৰি সমাজৰ উন্নতিৰ হকে কিদৰে খটুৱাব পাৰি সেই সম্পৰ্কে আধুনিক কবি সকল সচেতন হৈ পৰিল আৰু প্ৰচেষ্টা অব্যাহত ৰাখিলে। ইয়াৰ পিছতে অসমীয়া আধুনিক কবিতাই অসমত সবল ভেটি গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আধুনিকতাৰ প্ৰথম উকমুকনি ঘটিছিল দেৱকান্ত বৰুৱাৰ কবিতাত। উল্লেখ্য যে 'আমি দুৱাৰ মুকলি কৰোঁ' শীৰ্ষক কবিতাটোৰ জৰিয়তে তেওঁ অসমীয়া আধুনিক কবিতাৰ বাট মুকলি কৰিছিল। পৰৱৰ্তী সময়ত অমূল্য বৰুৱাই তেওঁৰ কবিতাৰ জৰিয়তে সাম্যবাদৰ ভাৱধাৰা কঢ়িয়াই আনি কবিতাত নতুনত্বৰ প্ৰৱেশ ঘটালে। ঘাইকৈ 'কুকুৰ', 'আন্ধাৰৰ হাহাকাৰ' আদিৰ দৰে কবিতাৰ জৰিয়তে অমূল্য বৰুৱাই সাম্যবাদী ভাৱধাৰাৰ সূচনা কৰিছিল। ভবানন্দ দত্ত, হেম বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, ৰাম গগৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,অজিত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, নীলমণি ফুকন, মহিম বৰা, হোমেন বৰগোহাঞি আদি অন্যতম কবি সকলে আধুনিক কবিতাৰ সৃষ্টি কৰি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। উল্লেখ্য যে হেম বৰুৱাক আধুনিক অসমীয়া কবি গোষ্ঠীৰ পথপ্ৰদৰ্শক হিচাপেও গণ্য কৰা হয়। এই সময়ছোৱাৰ কবি সকলে কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ বহুল প্ৰয়োগ কৰা পৰিলক্ষিত হয়।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
শিক্ষক: হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
No comments:
Post a Comment
dudulsonowal32@gmail.com