Saturday, September 5, 2020

নিকুঞ্জৰ সিদ্ধান্ত ( অনুগল্প )

   Happy Teachers Day. 


নিকুঞ্জৰ সিদ্ধান্ত 

... নিকুঞ্জৰ মনটো কমোৱা তুলা উৰা নিচিনা উৰি ফুৰিছে। কথাটোৱে তাক সঁচাই ভবাই তুলিছে। 
   পাঁচ ছেপ্টেম্বৰত হেনো 'শিক্ষক দিৱস' । সিদিনা ৰাস্তাতে লগ পায় হেডচাৰে কৈছিল- অ' নিকুঞ্জ ভাল নে ? অহা পাঁচ ছেপ্টেম্বৰত শিক্ষক দিৱস । আগৰ নিচিনা উদযাপন কৰিব নোৱাৰিবা । কাৰণ মহামাৰীৰ প্ৰভাৱ পৰিছে। তোমালোকে ' মোৰ শিক্ষকেই মোৰ অনুপ্ৰেৰণা' বুলি লিখি তোমাৰ পছন্দৰ এজন শিক্ষকক চিঠি এখন দিবা। পাঁচ ছেপ্টেম্বৰৰ আগতে জমা দিবা, বুজিছা । এয়া উপৰৱালাৰ নিৰ্দেশ জানিছা।' 
     : হ'ব চাৰ বুলি নিকুঞ্জই তলমূৰ কৰি কথাটো চিন্তা কৰি আহি থাকিল। নিকুঞ্জই ভাবিলে কিয় বাৰু অকল এজন শিক্ষককহে চিঠি দিব লাগে, দিলে গোটেই বিলাককে দিব লাগে কাৰণ গোটেই বিলাক শিক্ষকেই আমাৰ বাবে অনুপ্ৰেৰণা। প্ৰতিজন শিক্ষাগুৰুৱে বহু সাৰুৱা ভাষাৰে আমাক নৈতিক শিক্ষা প্ৰদান কৰে।আমি সাদৰেৰে গ্ৰহণ কৰো । মোৰ বাবে প্ৰতিজন শিক্ষকেই আপোন, শ্ৰদ্ধাৰ পাত্ৰ, ভক্তিৰ পাত্ৰ আৰু সেৱাৰ যোগ্য। আৰু মোক সকলো শিক্ষকেই ভালপায়,মৰম কৰে ,সু পৰামৰ্শ দিয়ে তেনেস্হলত কেনেকৈ কেৱল এজনকহে চিঠি দিম, ইয়ে বৈষম্য মনোভাৱৰ সৃষ্টি নকৰিব নে ? মই কেৱল এজনক নিদিও , দিলে সকলোকে দিম। 
      ইমান সৰু কথাটোৱে নিকুঞ্জক আজি বাৰুকৈয়ে ৰেখাপাত কৰিছে। শিক্ষক দিৱসৰ উপলক্ষে সি মনতে শিক্ষকসকৰ সুস্বাস্হ্য কামনা কৰিলে। সকলোৰে সুদীৰ্ঘ জীৱনৰ কামনা কৰি অদৃষ্ট জনৰ ওচৰত প্ৰাৰ্থনা জনালে আৰু সেৱা আগবঢ়ালে। তাৰ মনটো ফৰকাল লাগিল। গাড়ীখনৰ তীব্ৰ হৰ্ণৰ মাতত নিকুঞ্জৰ চিন্তাৰ পাক ভাগিল। সি খৰ খোজেৰে চিঠি লিখাৰ মানসেৰে ঘৰ অভিমুখী হ'ল।...
     

Thursday, September 3, 2020

তুমি নহা হ'লেই ভাল আছিল

তুমি নহা হ'লেই ভাল আছিল 


তুমি নহা হ'লেই ভাল আছিল
মোৰ জীৱনলে'
অতদিনে সুখেৰে আছিলো
অকলশৰে ভাৱনাৰে....।

এই যে তুমি গুচি গ'লা
ওলট-পালট হ'ল আউল লাগিল
মোৰ জীৱনৰ দিনপঞ্জীত 
অতীতবোৰ বৰ্তমান হ'ল, বৰ্তমানবোৰ
হেৰাই গ'ল সময়ৰ বুকুত
বুকুখনত ভৰি পৰিল চপৰাচপৰ কজলুৱা দুখ

কেতিয়াবা খুব শব্দ কৰি হাঁহিবৰ মন যায়
যেন শব্দৰ লগতে নিগৰি আহে যন্ত্ৰণা
কেনেকৈ পিন্ধিলা তোমাৰ গোলাপ-কোমল আৱৰণ খহাই শিলৰ সাজ
সময়ৰ খৰস্ৰোতত হেৰাই আপোনজনৰো ঠিকনা।

কিয় তুমি ইমান অবুজ হ'লা ?
কিয় তুমি ইমান কঠোৰ হ'লা ? 

মোৰ মৰমবোৰ তোমাৰ পাছে পাছে
অহৰহ দৌৰিছিল আৰু
দৌৰি দৌৰি এসময়ত ভাগৰি পৰিছিল
কিন্তু তথাপি তুমি নৰলা 

তুমি এৰি গুচি যোৱাৰ পিছত
মোৰ হিয়াখনত
উদ্ৰেক হয় এক অজান শূন্যতাৰ
উজাগৰে অতিবাহিত হয়
মোৰ জোনাকী নিশা
তুমি নহা হ'লেই ভাল আছিল
অন্তত: হেলাৰঙে কটাব পাৰিলোহেঁতেন 
এই বাসন্তী বেলা।




শ্ৰীময়ী আলোচনীত প্ৰকাশিত।
ত্ৰয়োদশ বৰ্ষ, ষষ্ঠ সংখ্যা, ১৬ ছেপ্টেম্বৰ, ১৯৯৯ চন 



-------++++++-----++++------++++-------+++------

Tuesday, September 1, 2020

এই মাটিৰ মই আজন্ম প্ৰেমিক

এই মাটিৰ মই আজন্ম প্ৰেমিক ! 

এই মাটি মোৰ প্ৰোথিত বেদনাৰ স্বাক্ষৰ
এই মাটি মোৰ কুলৰ উজ্বল শঙ্কৰ ।

আইৰ বুকু বিদাৰি নি:সৃত তপত নীৰ
এই মাটিৰে সহবাস আদি কালৰ
লাখুটিৰ ভৰত আইৰ থৰক-বৰক খোজ
এক দুৰ্বিসহ যাত্ৰা
'উৰ্বশী'ৰ পম খেদি চেঁচোৰ দৰে আগুৱাই
উন্নতিৰ জেওৰাৰে মিতিৰালি কৰাৰ
অলেখ্য সামাজিক

এই মাটিৰ মই আজন্ম প্ৰেমিক !
এই মাটিতে লালিত-পালিত 
আইৰ হাঁচতিৰ শোকৰ আলেখ্য
ভাষা জননীৰ ৰূপিত সেউজ শস্য
কত জনৰ
কত পুৰুষৰ
দলিত ইতিহাস
যুগক সাৰথি কৰি
সময়ক কান্ধত তুলি
কঢ়িয়াই নিছা তুমিয়েই দিগ-দিগন্তৰ 
এই মাটিৰ বিমল উত্তাপ

এই মাটিতেই
মোৰ স্বকীয়তা
মোৰ সৌহাৰ্দতা  
মোৰ পূৰ্ণতাৰ হয় মূৰ্ত প্ৰকাশ !

এই মাটিৰ মই আজন্ম প্ৰেমিক
সুন্দৰৰ জাগ্ৰত সাহসী সৈনিক
নাঙলৰ সীৰলুৰে কৰ্ষণ কৰি বুটলি আনো 
প্ৰোথিত বিপুল প্ৰত্যাশাৰ সোণৰ সীতা
বুটলি আনো সূৰ্যক ৰঙা চকু দেখুৱাই
শোষিত জাতি জনতাৰ একতাৰ প্ৰেমাশ্ৰু
শ্যামলিমা মাটিৰ সুগন্ধত মতলীয়া মই
লুইতৰ পাৰৰ সাতোবৰণীয়া অসমীয়া । 

এই মাটিৰ মই আজন্ম প্ৰেমিক  
এই মাটিৰ ৰক্ষক মই কৰ্ণিকাৰে আবৃত দুহাত 
সুন্দৰৰ জাগ্ৰত সাহসী সৈনিক।।


-------++++++------++++++---------




Monday, August 31, 2020

এজাক মানৱতা বৰষুণৰ অপেক্ষাত !

বসন্ত আহিলেই ইয়াত 
              আকৌ বতাহৰ প্ৰাত:ভ্ৰমণ হ'ব।
ৰুই থব'লে এজোপা কৃষ্ণচূড়া
               আলোড়িত হ'ব মাটি
                       উন্মুখিত হ'ব সেউজীয়া 
                               আপোন গোন্ধ ।
বসন্ত আহিলেই ইয়াত
               আকৌ বৰষুণ হ'ব।
প্ৰচুৰ ফুলৰ বৰষুণ
               প্ৰেমৰ বাবে
                         মানৱতাৰ বাবে
                                 চৌপাশ জীপাল কৰি ।
বসন্ত আহিলেই ইয়াত
                আকৌ কুলিয়ে অমিয়া গীত জুৰিব        
                        প্ৰভাতী পখীয়ে নাচিব প্ৰাণপণে                                              ডেউকা কোবাই ।
বসন্ত আহিলেই ইয়াত
           আকৌ সময়ে ৰং সলাব 
                    সেউজীয়াৰ পোহাৰে প্ৰাত:সম্ভাষণ                                         জনাব নাঙঠ বিদ্ৰোহীসকলক ।
বসন্ত আহিলেই ইয়াত
            আকৌ পোহৰে মাহ-হালধিৰে গা-বোলাব
                      নিৰ্বোধ শিশুসকলৰ মনত
                                  স্বপ্নই বাহ সাজিব
আৰু ওঁঠৰ কোণত ওলমি ৰব 
              মিচিকি হাঁহিৰ হেঙুলীয়া ৰেখা
                      হেপাঁহৰ বুকুত খামোচি 
                              লহপহকৈ বাঢ়িব জোনাক ।
বসন্ত আহিলেই মোহত মুগ্ধ হৈ
              আপোন পাহৰা হ'ব বিবৰ্ণ দুহাত 
                       স্বপ্নাকাংক্ষাই দি যাব 
                             ধেমাজি 'ডাৱৰ' আঁতৰাৰ 
                                     এক ক্ষীণ আভাস ।
বসন্ত আহিলেই পাহ মেলিব
             শান্তিৰ সুৰ্যোদয়ৰ কিৰণে
                       ৰিণিকি ৰিণিকি 
                                 সময়বোৰ জীপাল কৰি ।
বুকুৱে বুকুৱে ঢালি দিব 
                 প্ৰাণৰ মমতা প্ৰাণৰ উশাহ
                        মানৱতাৰ মন্দাকিনী হৈ 
                              পূ্ৰ্ণতাৰে ভৰিব ৰিক্ত কৰণি ।














----------+++++++++++++++++++----------
                         


Saturday, August 29, 2020

সাম্প্ৰতিক প্ৰেক্ষাপটত ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰপ্ৰাসঙ্গিকতা

ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম :


    
       ভাৰতৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থকা ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ আছিল একাধাৰে সাহিত্যিক, দাৰ্শনিক, ভাষাবিদ , শিক্ষক আৰু ৰাজনীতিৰ লগত জড়িত মহান নেতা। এইজনা মহান নেতাৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰত তামিলনাডুৰ তিৰুটানিত। পিতৃ বীৰা স্বামী আৰু মাতৃৰ নাম আছিল সীতামা। 

শিক্ষা :


        ইতিহাসৰ জৰিয়তে জনা যায় যে ভ° ৰাধাকৃষ্ণণৰ প্ৰাক প্ৰাথমিক শিক্ষা পিতৃ-মাতৃৰ তত্বাৱধানত নিজ ঘৰতেই আৰম্ভ হৈছিল। আঠ বছৰ বয়সলৈ ৰাধাকৃষ্ণণে ঘৰতেই শিক্ষা গ্ৰহণ কৰিছিল আৰু সেই পৰিৱেশৰ সৃষ্টি কৰিছিল তেখেতৰ পিতৃ-মাতৃয়ে। পৰৱৰ্তী ১৮৯৬ চনত তিৰুপাটিৰ লুথেৰান মিছনেৰী স্কুলত নামভৰ্তি কৰাই দিছিল। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে উল্লেখিত শিক্ষানুষ্ঠানত পঢ়া শেষ কৰাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ বিষয়ত অনাৰ্ছ লৈ অধ্যয়ন কৰি শিক্ষা সাং কৰিছিল। ঘৰত পিতৃ-মাতৃৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈ সুচৰিত্ৰ গঠণত বিৰাট প্ৰভাৱ পৰিছিল আৰু পৰৱৰ্তী সময়ত মিছনেৰীসকলৰ কটকটীয়া নীতি নিয়মৰ মাজত ডাঙৰ দীঘল হোৱাৰ বাবে ৰাধাকৃষ্ণণৰ সেই সুচৰিত্ৰ বিস্তৃত ৰূপত প্ৰকাশ ঘটিছিল আৰু ইয়ে তেখেতৰ জীৱনত প্ৰভাব পেলাবলৈ সক্ষম হৈছিল। 

কৰ্মজীৱনৰ পাতনি :


ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে দৰ্শন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ পিছত ১৯০৯ চনত মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত দৰ্শন বিষয়ত সহকাৰী অধ্যাপক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল । ১৯১৮ চনৰ পৰা ১৯২১ চনলৈ মহীশূৰ বিশ্ববিদ্যালয়ত ৰাধাকৃষ্ণণে দৰ্শনৰ অধ্যাপক হিচাপে কৰ্মনিৰ্বাহ কৰিছিল । ইয়াৰ পিছত ১৯২১ চনৰ পৰা ১৯৩১চন পৰ্যন্ত কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৩১ চনত তেখেতে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰফেছাৰ অৱ ইষ্টাৰ্ণ ৰিলিজন এণ্ড ইথিকচ , অক্সফৰ্ড ইউনিভাৰ্ছিটিত ১৯৩২ চনৰ পৰা ১৯৫২ চনলৈ তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত প্ৰথম ভাৰতীয় উপাচাৰ্য হিচাপে তেখেতে ১৯৪২ চনত অধিষ্ঠিত হৈছিল। তদুপৰি মানচেষ্টাৰ কলেজত আপটন লেকচাৰাৰ হিচাপে, চিকাগো বিশ্ববিদ্যালয়ত ' হাৰৱেল লেকচাৰাৰ অব কমপেয়াৰেটিভ ৰিলিজন' বিষয়ত, লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজত 'হাইবাৰ্ট লেকচাৰাৰ' হিচাপে বক্তৃতা প্ৰদান কৰিছিল।

ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ৰাধাকৃষ্ণণ :


     ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৪৮ চনত বিশ্ববিদ্যালয় শিক্ষা আয়োগ (UEC) ৰ অধ্যক্ষ হিচাপে , ইউনেস্কোৰ (UNESCO) কাৰ্যকৰী বৰ্ডৰ অধ্যক্ষ হিচাপে, ১৯৫২ চনত ইউনেস্কোৰ সভাপতি  হিচাপে অধিষ্ঠিত হৈ ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব সক্ষম হৈছিল।

ৰাজনৈতিক জীৱন : 

স্বাধীনতা লাভৰ পিছত গঠিত হোৱা জৱাহৰলাল নেহৰুৰ ভাৰতৰ চৰকাৰে ৰাধাকৃষ্ণণক ৰাজনীতি লৈ টানি লৈ গৈছিল। চৰকাৰে অৰ্পণ কৰা দায়িত্ব গ্ৰহণ কৰি ১৯৪৮ চনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে ছোভিয়েট দেশলৈ যায়। নিষ্ঠা আৰু সততাৰে তেখেতে ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ দক্ষতাৰে ৰাষ্ট্ৰদূতৰ দায়িত্ব পালন কৰিছিল। 
    ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ ভাৰত দেশৰ   উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ কাৰ্যনিৰ্বাহ কৰিছিল। 
     এইজন মহান শিক্ষক ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৬২ চনত উপযুক্ততাৰ ভিত্তিত ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰি ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতি ভৱন আৰু সংসদ সৌষ্ঠৱ বৃদ্ধি কৰি তুলিছিল। ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ৰাষ্ট্ৰপতি হিচাপে নিষ্ঠাৰে কৰ্তব্য পালন কৰি দেশবাসীক সেৱা আগবঢ়ায়। 

বঁটা বাহন আৰু সাহিত্য সৃষ্টি:


১৯৪৯ চনত ৰাধাকৃষ্ণণে মহাত্মা গান্ধী, চি. ভি.ৰমন , ৰামকৃষ্ণ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনী সংকলন " মহান ভাৰতীয়" নামেৰে যুগুতাই প্ৰকাশ কৰিছিল। উপ ৰাষ্ট্ৰপতিৰ কাৰ্যকালছোৱাত ৰাধাকৃষ্ণণে 'প্ৰিঞ্চিপাল উপনিষদ' নামেৰে এখন গভীৰ তত্ত্ব সমৃদ্ধ গ্ৰন্থ লিখি উলিয়াইছিল।  আকৌ ৰাষ্ট্ৰপতিৰ কাৰ্যকালছোৱাতো গভীৰ তথ্য সম্বলিত 'পৰিবৰ্তনশীল বিশ্বত ধৰ্ম' নামৰ গ্ৰন্থখন লিখি উলিয়াইছিল। তেখেতে ১৯৫৫ চনত 'ইষ্ট এণ্ড ৱেষ্ট, চাম ৰিফ্লেকচন' , আৰু ১৯৫৬ চনত 'ৰিক'ভাৰী অফ ফেইথ' নামৰ দুখন গ্ৰন্থ লিখি প্ৰকাশ কৰি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছিল। তদুপৰি 'ভাৰতীয় দৰ্শনৰ উৎস গ্ৰন্থ' আৰু 'ব্ৰহ্মসূত্ৰ' ও তেখেতৰ মূল্যৱান ৰচনা আছিল।
    মহান জননেতা তথা মহান শিক্ষক, দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক পৰৱৰ্তী ১৯৫৪ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মান 'ভাৰতৰত্ন' প্ৰদান কৰি কৃতাৰ্থ কৰে। 

বৰ্তমান সময়ত ৰাধাকৃষ্ণণৰ প্ৰাসঙ্গিকতা : 

    
       গতিশীল সময়ৰ লগত তাল মিলাই আগবাঢ়ি যোৱাতো বৰ সহজ কথা নহয় যদিও ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ কিন্ত ইয়াৰ ব্যতিক্ৰম ব্যক্তি আছিল। বিশ বছৰ বয়সত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা ৰাধাকৃষ্ণণে নিজৰ দক্ষতা আৰু মেধাৰ বলত ভাৰত ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয় অংশগ্ৰহণ কৰি নিজৰ লগতে দেশৰ উন্নয়নত অৰিহণা যোগাইছিল। ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি হোৱাৰ পিছতো ৰাধাকৃষ্ণণে শিক্ষকৰ দৰে সহজ সৰল জীৱন যাপন কৰিবলৈহে ভাল পাইছিল। ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চাৰ  সৈতে জড়িত হৈ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি উত্তৰ প্ৰজন্মৰ পথপ্ৰদৰ্শক হিচাপে পৰিগণিত হোৱা সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰাসিঙ্গকতা সেয়েহে সাম্প্ৰতিক সময়ত গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। কোনো ছাত্ৰৰ অনুৰোধ মৰ্মে সেয়েহে তেখেতৰ পণ্ডিতালি জ্ঞান, গৰিমা , দক্ষতাক সন্মান প্ৰদৰ্শন কৰাৰ মানসেৰে আজি ৫ ছেপ্টেম্বৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ৰাধাকৃষ্ণণৰ জ্ঞানৰ যি পৰিসৰ  ,যি ব্যাপকতা সেয়া ভাৰতীয় দৰ্শন অধ্যয়ন কৰিলে বুজিব পাৰি। 
      ৰাধাকৃষ্ণণৰ জন্ম দিনটোক শিক্ষক দিৱস হিচাপে উদযাপন কৰি দায় সাৰিলেই নহ'ব। আমি তেখেতৰ গুনৰাজিৰ সম্পৰ্কে অনুধাৱন কৰি অনুসৰণ কৰিব পৰাটোহে ডাঙৰ কথা। প্ৰতিবছৰে শিক্ষক দিৱস আয়োজন কৰা হয়। শিক্ষকসকলক শ্ৰদ্ধা জনোৱা হয়। কিন্তু  সেই একেখিনি ছাত্ৰ-ছাত্ৰীৰ বা ব্যক্তিৰ দ্বাৰাই শিক্ষক নিৰ্যাতিত , অশ্ৰদ্ধাৰ পাত্ৰ হোৱাও পৰিলক্ষিত হয় আমাৰ ভাৰত মুলুকত । এয়া অতি পৰিতাপৰ কথা। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আলোকচিত্ৰত মাল্যাৰ্পণ কৰি, বন্তি প্ৰজ্বলন কৰিলেই মনিষী জনক সন্মান জনোৱা নহয়। তেখেতৰ যি ধ্যান ধাৰণা, যি গুণৰাজি তাক হৃদয়ঙ্গম কৰি অনুসৰণ কৰি তেখেতৰ দৰে বাটকটীয়া হ'ব পাৰিলেহে তেখেতক তথা শিক্ষকসমাজক শ্ৰদ্ধা জনোৱা হ'ব। আজিৰ সময়ত হয়তো বহু ছাত্ৰ-ছাত্ৰীয়ে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সম্পৰ্কে বিশদভাৱে নাজানে। আৰু এনেকুৱাও হৈছে যে প্ৰকৃততে কিয় শিক্ষক দিৱস পতা হৈছে সেই সম্পৰ্কেও বিশেষ অৱগত নহয়। তেনে ক্ষেত্ৰত শিক্ষক দিৱসৰ আয়োজনৰ কি অৰ্থ থাকিব ? সেয়েহে সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে ৰাধাকৃষ্ণণৰ সম্পৰ্কে অধ্যয়ন কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে। তেতিয়াহে প্ৰকৃততে ৰাধাকৃষ্ণণক শ্ৰদ্ধা জনোৱা হ'ব। 
 

সামৰণি:

   
       ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে মানৱ সভ্যতা বিকাশৰ ক্ষেত্ৰত শিক্ষাতকৈ শ্ৰেষ্ঠ আন  একো হ'ব নোৱাৰে। সেয়েহে হয়তো তেখেতে শিক্ষাক জীৱনত আটাইতকৈ বেছি প্ৰাধান্য দিছিল। শিক্ষকতাৰ বৃত্তিক প্ৰকৃত সন্মানীয় বৃত্তি হিচাপে গণ্য কৰা হয়। এই উক্তিৰ সফল ছবি এখন ড° ৰাধাকৃষ্ণণৰ জীৱন দৰ্শনৰ মাধ্যমেৰে প্ৰতিফলিত হৈছে। শিক্ষক দিৱসৰ তাৎপৰ্যই হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ দূৰত্ব হ্ৰাস ঘটোৱা। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সুসম্পৰ্ক গঢ়ি নুঠিলে তেনে পাঠদান কাৰ্যসূচীৰ পৰা ভাল ফলাফল আশা কৰিব পৰা নাযায়। সেয়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সুসম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰয়াস কৰা উচিত। শিক্ষক হৈছে সকলোধৰণৰ জ্ঞানেৰে ছাত্ৰক শিক্ষিত কৰি তোলাত সহায় কৰা গুৰু। সেয়ে শিক্ষাগুৰুক সন্মান, শ্ৰদ্ধা, ভক্তি আৰু প্ৰণিপাত কৰা হয়। 

Tuesday, August 25, 2020

আমি অসহায়


 আমি অসহায় 

এতিয়া 'হাতৰ মুঠিত' জীৱনৰ 
প্ৰতিটো আনন্দিত নতুবা সুখৰ ক্ষণ ।
চেনিটাইজাৰ নতুবা দেটল চাবোনৰ
ফেনৰ সক্ৰিয়তাত উশাহ সলায় 
প্ৰতিজন মানুহৰ হাওঁফাওঁ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গাভৰু ক্ষণতো
থমকি ৰয় সুখৰ সমীৰন স্তব্ধ হয় 
হৰ্ষ আনন্দ শান্তিৰ এচমকা পোহৰ
.. পৰিৱৰ্তে চৌদিশে বিস্তাৰিত হয় 
মৃত্যুৰ কিৰিলি -- ক'ৰণা ভাইৰাছ ক'ৰণা ভাইৰাছ !

কৰ্পূৰৰ দৰে উৰি গৈছে মানৱ জাতিৰ --
দম্ভ অহংকাৰ গৌৰৱ হিংসা কপটতা ;
এতিয়া জীৱনৰ প্ৰতিটো ক্ষণ আৱদ্ধ
চাৰিবেৰৰ ভিতৰৰ মায়াময়তাত
নিজকে নিৰাপদে ৰখাৰ আধুনিক আখৰা

এতিয়া 'হাতৰ মুঠিত' জীৱনৰ প্ৰতিটো প'ল ।
মুখেৰে প্ৰৱেশিব ক'ৰণা ভাইৰাছ ক'ৰণা ভাইৰাছ
মৃত্যুৰ কিৰিলি হৈ 
বন্ধ দূৱাৰত শলখাডাল নিকপকপীয়াকৈ লগাই দিয়া
আৰি দিয়া জলকীয়া আৰু নেমুৰ মালাধাৰি
জানোচা শেষ হয় যুগৰ মহামাৰীৰ মৃত্যু দূত

শাশ্বত: এতিয়া এজাক ৰ'দৰ প্ৰয়োজন
পুৰি নিকা কৰাকৈ - ক'ৰণা ভাইৰাছ ক'ৰণা ভাইৰাছ;
হে ঈশ্বৰ ! দে অগ্নি বৰষি পুৰি ছাই হঁওক 
'ক'ৰণা ভাইৰাছ' মানৱ জাতিৰ দূৰ্ঘোৰ শত্ৰু ।।


++++++++++++++++++++++++++++++++++


Sunday, August 23, 2020

অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিলৈ অসম সাহিত্য সভাৰ অনবদ্য অৱদান

পাতনি : 

অসমৰ ভাষা , সাহিত্য সংস্কৃতিৰ উত্তৰণত অসম সাহিত্য সভাৰ অনবদ্য অৱদানক অগ্ৰাহ্য কৰিব নোৱাৰি। ইতিহাসৰ পাতত অসম সাহিত্য সভাৰ অনবদ্য অৱদানৰ সম্পৰ্কে জলজল পটপটকৈ উজ্বলি আছে । অসমত আন ভাষাৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু অসমীয়া ভাষাৰ উন্নতিৰ সম্পৰ্কে চিন্তা-চৰ্চা কৰিয়েই নিশ্চয় কলিকতাত পঢ়ি থকা এচাম অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে ১৮৮৮চনৰ ২৫ আগষ্টত "অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা " গঠণ কৰিছিল। প্ৰখ্যাত সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেনুধৰ ৰাজখোৱা,ডালিম চন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমল চন্দ্ৰ শৰ্মা আদি গণ্যমান্য ব্যক্তিসকলৰ প্ৰচেষ্টাত এই সাহিত্যৰ অনুষ্ঠানটো গঢ় লৈ উঠিছিল। এইসকল কাণ্ডাৰী পুৰুষৰ প্ৰত্যক্ষ জড়িতকৰণৰ ফলশ্ৰুতিত পৰৱৰ্তী ১৯১৭ চনৰ ২৬ ডিচেম্বৰত পদ্মনাথ গোহাঞিবৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত অধিবেশনত "অসমীয়া ভাষা উন্নতি সাধিনী সভা" ই "অসম সাহিত্য সভা " ৰূপে খ্যাত হয় যি এতিয়া লৈ সেই একেই নাম অটুট আছে। 
       'অসম সাহিত্য সভা'ৰ অনবদ্য অৱদানৰ সম্পৰ্কে মোৰ দৰে অভাজনৰ লিখাৰ সাধ্যৰ বাহিৰত যদিও কিছু মৰসাহ কৰি সংক্ষিপ্ত বিৱৰণেৰে লিখিবলৈ প্ৰয়াস কৰিছোঁ। ক'ৰবাত বঢ়া টুটা হ'লে সুধী সমাজে দিহা পৰামৰ্শৰে উৎসাহ যোগাব বুলি আশা কৰিলো। অসম সাহিত্য সভাৰ অনবদ্য অৱদান সম্পৰ্কে আলোচনা আগবঢ়োৱা আগতে ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি (?) সেই বিষয়ে জনাটো নিতান্তই প্ৰয়োজন বুলি ভাবোঁ। উদ্দেশ্যৰ লগত সংগতি ৰাখি  সাহিত্য সভাৰ অনবদ্য অৱদান সম্পৰ্কে আলোচনা আগবঢ়োৱা সহজ হ'ব।

     উদ্দেশ্য : 

   অসম সাহিত্য সভাৰ সংবিধান অনুসৰি এই অনুষ্ঠানত বিভিন্ন মহৎ উদ্দেশ্য সংযোজন হৈ আছে। বিশেষকৈ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীন উন্নতি সাধন কৰাটোৱেই সভাৰ মুখ্য উদ্দেশ্য। তদুপৰি থলুৱা কৃষ্টি সংস্কৃতিক উন্নয়নৰ সুবিধা প্ৰদান কৰি সমাজক আগুৱাই নিয়াৰ এক মহৎ উদ্দেশ্য সংযুক্ত হৈ আছে। সংবিধানৰ মতে , অভিধান, ব্যাকৰণ আৰু অন্যান্য গ্ৰন্থ প্ৰণয়ন কৰা ; প্ৰাচীন সাহিত্য আৰু লোক সাহিত্যৰ অনুসন্ধান, সংগ্ৰহ, গৱেষণা আৰু প্ৰকাশ কৰা ; সংগীত, চিত্ৰবিদ্যা , ভাস্কৰ্যবিদ্যাৰ উন্নতিকল্পে কাম কৰা ; সভাৰ মুখপত্ৰ আৰু প্ৰচাৰ পত্ৰ প্ৰকাশ কৰা ; ভাষা সাহিত্য সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্হাপন কৰা ; সাহিত্য আৰু সংস্কৃতিৰ সম্পৰ্কীয় বিনিময় আঁচনি কাৰ্যকৰী কৰা ; অসমীয়া সাহিত্যত অভাৱ হোৱা পুথিৰ প্ৰয়োজনীয়তা দূৰ কৰা ; উপযুক্ত বিবেচিত গ্ৰন্থৰ গ্ৰন্হকাৰক বঁটা প্ৰদান কৰা আৰু সামৰ্থহীন সাহিত্যিকক আৰ্থিক সাহায্য প্ৰদান কৰা আদি উদ্দেশ্য সমূহ সন্নিৱিষ্ট হৈ আছে।

     অৱদানৰ সম্পৰ্কে :     

     ১৯১৭ চনৰ পৰা শতবৰ্ষ গৰকা দিনলৈ অসম সাহিত্য সভাই সাহিত্যৰ দিশত যে বহু উন্নয়ন মূলক কাম কৰি আহিছে তাক নুই কৰিব নোৱাৰি। জাতি,বৰ্ণ , ধৰ্মৰ উৰ্দ্ধত থাকি বহু লেখকক উপযুক্ততাৰ ভিত্তিত বঁটা বাহন প্ৰদান কৰি সন্মান প্ৰদৰ্শন কৰি আহিছে। যাৰ ফলত লেখক সকল অধিক লিখাৰ বাবে উৎসাহিত হৈছে। একেদৰে সংস্কৃতিৰ সৰ্বাংগীন উন্নতিৰ কাৰণেও পৰ্যাপ্ত কাৰ্য হাতত লোৱা পৰিলক্ষিত হৈছে। ১৯৩৩ চনত সভাই এলানি গ্ৰন্থ প্ৰণয়ন সম্পৰ্কীয় কাৰ্যসূচী গ্ৰহণ কৰিছিল । সেই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত হিচাপে প্ৰকাশন গোটৰ পৰা ' চন্দ্ৰকান্ত অভিধান' নামেৰে এখন বৃহৎ কলেৱৰৰ অভিধান প্ৰকাশ কৰি উলিয়ায় । পৰৱৰ্তী সময়ত অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি সম্বন্ধীয় প্ৰায় আঢ়ৈশ খন মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে 'শিশু বিশ্বকোষ' পাঁচটা খণ্ডত প্ৰকাশ কৰি উলিয়ায় অসমৰ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাত সহায় কৰে। প্ৰতিকাৰ্যকালৰ মূৰে মূৰে সভাই মুখপত্ৰ ছপা কৰি আহিছে। ইয়ে সমসাময়িক কালৰ বহু তথ্য সংৰক্ষণ কৰাত সহায় কৰিছে। আনহাতে ২০০১ চনৰ পৰা অসম সাহিত্য সভাই এলানি অসমীয়া বিষয়ত বিশ্বকোষ প্ৰকাশৰ এক অভিলাষী আচঁনি গ্ৰহণ কৰিছিল । সেই অনুসৰি সভাই বৰ্তমানলৈকে বিজ্ঞান, সাহিত্য, ইতিহাস , সমাজ আৰু সংস্কৃতিৰ বিষয়ক ৯ খন বিশ্বকোষ প্ৰকাশ কৰি উলিয়ায় সাহিত্যৰ সৌৰভ বৃদ্ধিত সহায় কৰিছে। তদূপৰি সুকুমাৰ কলা , চিকিৎসা বিজ্ঞান , সংগীত আদি বিভিন্ন বিষয়ত বিশ্বকোষ প্ৰকাশৰ কাম চলি আছে। ইতিমধ্যে বহু সাহিত্যিকক অসম সাহিত্য সভাৰ তৰফৰ পৰা সাহিত্য অকাডেমি বঁটা, আনন্দ বৰুৱা বঁটা, সাহিত্য উপত্যকা বঁটা আদি বঁটা সভাৰ জৰিয়তে প্ৰদান কৰি উপকৃত হোৱাৰ কাৰ্য সমাধা কৰিছে। বহু সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰি সমাজত মহৎ সৃষ্টিৰাজিৰ স্বীকৃতি দি জীয়াই থকাত অৰিহণা আগবঢ়ায়ছে। ই হ'ল সমাজৰ বাবে এটা যোগাত্মক কাৰ্যৰ দিশ । 
    
     চিত্ৰ খন গুগলৰ পৰা লোৱা হৈছে।

সামৰণি:   

  আলোচনাৰ পৰা বুজিব পাৰি যে অসম সাহিত্য সভাই বৰ্তমানলৈ বহু অৱদান অসমৰ বিদ্যৎ মহলৰ বাবে আগবঢ়াই গৈছে। সেয়ে অসম সাহিত্য সভা সাম্প্ৰতিক সময়ত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত আৰু প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু। অসমীয়া সংস্কৃতিৰ উত্তৰণৰ  অন্যতম মঞ্চ। 
        ২০০০ বৰ্ষৰ পাছৰ পৰাই যেন অসম সাহিত্য সভাৰ ভাৱমূৰ্তিত কিছু হ'লেও কালিমা পৰিছে। অপ্ৰিয় হ'লেও সত্য যে বৰ্তমান সময়ত অসম সাহিত্য সভা কেৱল ধনীক শ্ৰেণীৰ ধনঘটা আহিলাৰ সদৃশ হৈ পৰা যেন পৰিলক্ষিত হৈছে। দৰিদ্ৰ পিছপৰা লোকসলক যেন সাহিত্যিক শব্দৰে সাঙুৰি লবলৈ কিছু কুণ্ঠাবোধ কৰা যেন অনুভৱ হয় । সি যি কি নহওঁক, অসম সাহিত্য সভাৰ বহু কৰণীয় এতিয়াও আছে। নৱ প্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত অধিক উৎসাহ জগাওক , অধিক জনপ্ৰিয় হোৱাৰ বাবে কাম কৰক, ন লেখাৰুক পাৰিলে প্ৰশিক্ষণ দিয়াক যাতে অসমত অধিক লেখকৰ সৃষ্টি হয় । ইয়ে অসমৰ জনগণৰ মণত অসম সাহিত্য সভাৰ প্ৰতি আপোন মনোভাৱ জগাই তুলিব। 





---------++++++---------+++++++--------------

          

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts