ভাৰতৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থকা ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ আছিল একাধাৰে সাহিত্যিক, দাৰ্শনিক, ভাষাবিদ , শিক্ষক আৰু ৰাজনীতিৰ লগত জড়িত মহান নেতা। এইজনা মহান নেতাৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰত তামিলনাডুৰ তিৰুটানিত। পিতৃ বীৰা স্বামী আৰু মাতৃৰ নাম আছিল সীতামা।
শিক্ষা :
ইতিহাসৰ জৰিয়তে জনা যায় যে ভ° ৰাধাকৃষ্ণণৰ প্ৰাক প্ৰাথমিক শিক্ষা পিতৃ-মাতৃৰ তত্বাৱধানত নিজ ঘৰতেই আৰম্ভ হৈছিল। আঠ বছৰ বয়সলৈ ৰাধাকৃষ্ণণে ঘৰতেই শিক্ষা গ্ৰহণ কৰিছিল আৰু সেই পৰিৱেশৰ সৃষ্টি কৰিছিল তেখেতৰ পিতৃ-মাতৃয়ে। পৰৱৰ্তী ১৮৯৬ চনত তিৰুপাটিৰ লুথেৰান মিছনেৰী স্কুলত নামভৰ্তি কৰাই দিছিল। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে উল্লেখিত শিক্ষানুষ্ঠানত পঢ়া শেষ কৰাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ বিষয়ত অনাৰ্ছ লৈ অধ্যয়ন কৰি শিক্ষা সাং কৰিছিল। ঘৰত পিতৃ-মাতৃৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈ সুচৰিত্ৰ গঠণত বিৰাট প্ৰভাৱ পৰিছিল আৰু পৰৱৰ্তী সময়ত মিছনেৰীসকলৰ কটকটীয়া নীতি নিয়মৰ মাজত ডাঙৰ দীঘল হোৱাৰ বাবে ৰাধাকৃষ্ণণৰ সেই সুচৰিত্ৰ বিস্তৃত ৰূপত প্ৰকাশ ঘটিছিল আৰু ইয়ে তেখেতৰ জীৱনত প্ৰভাব পেলাবলৈ সক্ষম হৈছিল।
কৰ্মজীৱনৰ পাতনি :
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে দৰ্শন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ পিছত ১৯০৯ চনত মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত দৰ্শন বিষয়ত সহকাৰী অধ্যাপক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল । ১৯১৮ চনৰ পৰা ১৯২১ চনলৈ মহীশূৰ বিশ্ববিদ্যালয়ত ৰাধাকৃষ্ণণে দৰ্শনৰ অধ্যাপক হিচাপে কৰ্মনিৰ্বাহ কৰিছিল । ইয়াৰ পিছত ১৯২১ চনৰ পৰা ১৯৩১চন পৰ্যন্ত কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৩১ চনত তেখেতে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰফেছাৰ অৱ ইষ্টাৰ্ণ ৰিলিজন এণ্ড ইথিকচ , অক্সফৰ্ড ইউনিভাৰ্ছিটিত ১৯৩২ চনৰ পৰা ১৯৫২ চনলৈ তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত প্ৰথম ভাৰতীয় উপাচাৰ্য হিচাপে তেখেতে ১৯৪২ চনত অধিষ্ঠিত হৈছিল। তদুপৰি মানচেষ্টাৰ কলেজত আপটন লেকচাৰাৰ হিচাপে, চিকাগো বিশ্ববিদ্যালয়ত ' হাৰৱেল লেকচাৰাৰ অব কমপেয়াৰেটিভ ৰিলিজন' বিষয়ত, লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজত 'হাইবাৰ্ট লেকচাৰাৰ' হিচাপে বক্তৃতা প্ৰদান কৰিছিল।
ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ৰাধাকৃষ্ণণ :
ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৪৮ চনত বিশ্ববিদ্যালয় শিক্ষা আয়োগ (UEC) ৰ অধ্যক্ষ হিচাপে , ইউনেস্কোৰ (UNESCO) কাৰ্যকৰী বৰ্ডৰ অধ্যক্ষ হিচাপে, ১৯৫২ চনত ইউনেস্কোৰ সভাপতি হিচাপে অধিষ্ঠিত হৈ ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব সক্ষম হৈছিল।
ৰাজনৈতিক জীৱন :
স্বাধীনতা লাভৰ পিছত গঠিত হোৱা জৱাহৰলাল নেহৰুৰ ভাৰতৰ চৰকাৰে ৰাধাকৃষ্ণণক ৰাজনীতি লৈ টানি লৈ গৈছিল। চৰকাৰে অৰ্পণ কৰা দায়িত্ব গ্ৰহণ কৰি ১৯৪৮ চনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে ছোভিয়েট দেশলৈ যায়। নিষ্ঠা আৰু সততাৰে তেখেতে ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ দক্ষতাৰে ৰাষ্ট্ৰদূতৰ দায়িত্ব পালন কৰিছিল।
১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ ভাৰত দেশৰ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ কাৰ্যনিৰ্বাহ কৰিছিল।
এইজন মহান শিক্ষক ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৬২ চনত উপযুক্ততাৰ ভিত্তিত ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰি ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতি ভৱন আৰু সংসদ সৌষ্ঠৱ বৃদ্ধি কৰি তুলিছিল। ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ৰাষ্ট্ৰপতি হিচাপে নিষ্ঠাৰে কৰ্তব্য পালন কৰি দেশবাসীক সেৱা আগবঢ়ায়।
বঁটা বাহন আৰু সাহিত্য সৃষ্টি:
১৯৪৯ চনত ৰাধাকৃষ্ণণে মহাত্মা গান্ধী, চি. ভি.ৰমন , ৰামকৃষ্ণ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনী সংকলন " মহান ভাৰতীয়" নামেৰে যুগুতাই প্ৰকাশ কৰিছিল। উপ ৰাষ্ট্ৰপতিৰ কাৰ্যকালছোৱাত ৰাধাকৃষ্ণণে 'প্ৰিঞ্চিপাল উপনিষদ' নামেৰে এখন গভীৰ তত্ত্ব সমৃদ্ধ গ্ৰন্থ লিখি উলিয়াইছিল। আকৌ ৰাষ্ট্ৰপতিৰ কাৰ্যকালছোৱাতো গভীৰ তথ্য সম্বলিত 'পৰিবৰ্তনশীল বিশ্বত ধৰ্ম' নামৰ গ্ৰন্থখন লিখি উলিয়াইছিল। তেখেতে ১৯৫৫ চনত 'ইষ্ট এণ্ড ৱেষ্ট, চাম ৰিফ্লেকচন' , আৰু ১৯৫৬ চনত 'ৰিক'ভাৰী অফ ফেইথ' নামৰ দুখন গ্ৰন্থ লিখি প্ৰকাশ কৰি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছিল। তদুপৰি 'ভাৰতীয় দৰ্শনৰ উৎস গ্ৰন্থ' আৰু 'ব্ৰহ্মসূত্ৰ' ও তেখেতৰ মূল্যৱান ৰচনা আছিল।
মহান জননেতা তথা মহান শিক্ষক, দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক পৰৱৰ্তী ১৯৫৪ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মান 'ভাৰতৰত্ন' প্ৰদান কৰি কৃতাৰ্থ কৰে।
বৰ্তমান সময়ত ৰাধাকৃষ্ণণৰ প্ৰাসঙ্গিকতা :
গতিশীল সময়ৰ লগত তাল মিলাই আগবাঢ়ি যোৱাতো বৰ সহজ কথা নহয় যদিও ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ কিন্ত ইয়াৰ ব্যতিক্ৰম ব্যক্তি আছিল। বিশ বছৰ বয়সত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা ৰাধাকৃষ্ণণে নিজৰ দক্ষতা আৰু মেধাৰ বলত ভাৰত ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয় অংশগ্ৰহণ কৰি নিজৰ লগতে দেশৰ উন্নয়নত অৰিহণা যোগাইছিল। ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি হোৱাৰ পিছতো ৰাধাকৃষ্ণণে শিক্ষকৰ দৰে সহজ সৰল জীৱন যাপন কৰিবলৈহে ভাল পাইছিল। ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চাৰ সৈতে জড়িত হৈ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি উত্তৰ প্ৰজন্মৰ পথপ্ৰদৰ্শক হিচাপে পৰিগণিত হোৱা সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰাসিঙ্গকতা সেয়েহে সাম্প্ৰতিক সময়ত গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। কোনো ছাত্ৰৰ অনুৰোধ মৰ্মে সেয়েহে তেখেতৰ পণ্ডিতালি জ্ঞান, গৰিমা , দক্ষতাক সন্মান প্ৰদৰ্শন কৰাৰ মানসেৰে আজি ৫ ছেপ্টেম্বৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ৰাধাকৃষ্ণণৰ জ্ঞানৰ যি পৰিসৰ ,যি ব্যাপকতা সেয়া ভাৰতীয় দৰ্শন অধ্যয়ন কৰিলে বুজিব পাৰি।
ৰাধাকৃষ্ণণৰ জন্ম দিনটোক শিক্ষক দিৱস হিচাপে উদযাপন কৰি দায় সাৰিলেই নহ'ব। আমি তেখেতৰ গুনৰাজিৰ সম্পৰ্কে অনুধাৱন কৰি অনুসৰণ কৰিব পৰাটোহে ডাঙৰ কথা। প্ৰতিবছৰে শিক্ষক দিৱস আয়োজন কৰা হয়। শিক্ষকসকলক শ্ৰদ্ধা জনোৱা হয়। কিন্তু সেই একেখিনি ছাত্ৰ-ছাত্ৰীৰ বা ব্যক্তিৰ দ্বাৰাই শিক্ষক নিৰ্যাতিত , অশ্ৰদ্ধাৰ পাত্ৰ হোৱাও পৰিলক্ষিত হয় আমাৰ ভাৰত মুলুকত । এয়া অতি পৰিতাপৰ কথা। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আলোকচিত্ৰত মাল্যাৰ্পণ কৰি, বন্তি প্ৰজ্বলন কৰিলেই মনিষী জনক সন্মান জনোৱা নহয়। তেখেতৰ যি ধ্যান ধাৰণা, যি গুণৰাজি তাক হৃদয়ঙ্গম কৰি অনুসৰণ কৰি তেখেতৰ দৰে বাটকটীয়া হ'ব পাৰিলেহে তেখেতক তথা শিক্ষকসমাজক শ্ৰদ্ধা জনোৱা হ'ব। আজিৰ সময়ত হয়তো বহু ছাত্ৰ-ছাত্ৰীয়ে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সম্পৰ্কে বিশদভাৱে নাজানে। আৰু এনেকুৱাও হৈছে যে প্ৰকৃততে কিয় শিক্ষক দিৱস পতা হৈছে সেই সম্পৰ্কেও বিশেষ অৱগত নহয়। তেনে ক্ষেত্ৰত শিক্ষক দিৱসৰ আয়োজনৰ কি অৰ্থ থাকিব ? সেয়েহে সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে ৰাধাকৃষ্ণণৰ সম্পৰ্কে অধ্যয়ন কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে। তেতিয়াহে প্ৰকৃততে ৰাধাকৃষ্ণণক শ্ৰদ্ধা জনোৱা হ'ব।
সামৰণি:
ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে মানৱ সভ্যতা বিকাশৰ ক্ষেত্ৰত শিক্ষাতকৈ শ্ৰেষ্ঠ আন একো হ'ব নোৱাৰে। সেয়েহে হয়তো তেখেতে শিক্ষাক জীৱনত আটাইতকৈ বেছি প্ৰাধান্য দিছিল। শিক্ষকতাৰ বৃত্তিক প্ৰকৃত সন্মানীয় বৃত্তি হিচাপে গণ্য কৰা হয়। এই উক্তিৰ সফল ছবি এখন ড° ৰাধাকৃষ্ণণৰ জীৱন দৰ্শনৰ মাধ্যমেৰে প্ৰতিফলিত হৈছে। শিক্ষক দিৱসৰ তাৎপৰ্যই হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ দূৰত্ব হ্ৰাস ঘটোৱা। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সুসম্পৰ্ক গঢ়ি নুঠিলে তেনে পাঠদান কাৰ্যসূচীৰ পৰা ভাল ফলাফল আশা কৰিব পৰা নাযায়। সেয়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সুসম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰয়াস কৰা উচিত। শিক্ষক হৈছে সকলোধৰণৰ জ্ঞানেৰে ছাত্ৰক শিক্ষিত কৰি তোলাত সহায় কৰা গুৰু। সেয়ে শিক্ষাগুৰুক সন্মান, শ্ৰদ্ধা, ভক্তি আৰু প্ৰণিপাত কৰা হয়।
No comments:
Post a Comment
dudulsonowal32@gmail.com