'নেতা' মানে কি ?
কোনো এটা দলৰ ইপ্সিত লক্ষ্য আৰু আশা-আকাংক্ষা পূৰণ কৰিবলৈ যিজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰি আগুৱাই নিব পাৰে সেই জনকেই প্ৰকৃততে নেতা আখ্যা দিব পৰা যায়। নেতা জন কিছুমান সৎ গুণৰ অধিকাৰী হোৱা দৰকাৰ। এই গুণ জন্মগত বা শিক্ষাৰ মাধ্যমেৰে প্ৰাপ্ত হ'ব পাৰে। যি গুণৰ প্ৰভাৱত সহজে মানুহৰ প্ৰিয়ভাজন হ'ব পাৰে। আনহাতে শিক্ষাৰ ক্ষেত্ৰতো কিছু আগবঢ়া হ'লে ভাল। নেতা এজনৰ সামগ্ৰিক ব্যক্তিত্ব আৰু তেওঁ অৱস্হান কৰা সামাজিক পৰিস্থিতিৰ মাজৰ যি ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলশ্ৰুতি সেয়ে হ'ল নেতৃত্ব । নেতা এজনৰ নিজস্ব ধ্যান-ধাৰণাৰে জনমত গঠন কৰি কৌশলেৰে দ'লক আগুৱাই নিব পাৰে। জন্তুৰ ক্ষেত্ৰতো নেতা হোৱাৰ প্ৰৱনতা পৰিলক্ষিত হয়। অৱশ্যে মানুহ বা জন্তুৰ ক্ষেত্ৰত নিৰাপত্তাজনিত কাৰণতেই এজন নেতাৰ প্ৰয়োজন হয়।
নেতৃত্বৰ প্ৰকাৰ :
নেতৃত্ব বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে । তাৰ ভিতৰত কেইটামান ইয়াত আলোচনা কৰা হৈছে। সেইবোৰ হ'ল-- গণতান্ত্ৰিক নেতৃত্ব , প্ৰাধিকাৰাত্মক নেতৃত্ব , কেৰেস্মেটিক নেতৃত্ব । তলত সংক্ষিপ্ত বিৱৰণ আগবঢ়োৱা হ'ল--
গণতান্ত্ৰিক নেতৃত্ব :
গণতান্ত্ৰিক নেতৃত্বত নেতাজনে সদায় জনগণৰ সপক্ষে কাম কৰে। মানুহৰ ইপ্সিত লক্ষ্য আহৰণত তেওঁ পৰোক্ষভাৱে সহায় কৰে। নেতাজন পৰামৰ্শ বা প্ৰৰোচনা, মধ্যস্হতাকৰণ আৰু সহনশীলতাৰ গুণৰ দ্বাৰা পৰিচালিত হয়। গণতান্ত্ৰিক নেতৃত্বত নেতাজনে আত্মপ্ৰচাৰ আৰু আত্মপ্ৰশংসাৰ পৰা সদায় আঁতৰত থকা দেখা যায়। তেওঁ সমাজত প্ৰচলিত কু-সংস্কাৰ ,কু-অভ্যাস , অনিয়ম,অনীতি , শোষণৰ কালচক্ৰ অত্যাচাৰ-অনাচাৰ আদি আঁতৰোৱাৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰে। বহু সময়ত মানুহে সেয়েহে এনেধৰণৰ নেতাক জনসাধাৰণৰ ত্ৰাণকৰ্তা বুলি অভিহিত কৰিব খোজে। ইয়াৰ উদাহৰণ ইতিহাসৰ পাতে পাতে সোণালী আখৰেৰে জিলিকি আছে। শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ , হজৰত মহম্মদ, মহাত্মা গান্ধী, যীশুখ্ৰীষ্ট , ছক্ৰেটিছ , এৰিষ্ট'টল, লেনিনৰ, মাওচে ডুং আদি মহান ব্যক্তিসকল মহান নেতা হিচাপে খ্যাতি অৰ্জন কৰি সমাজত এতিয়াও জিলিকি আছে। আমি চালে দেখা পাওঁ যে যুগে যুগে এনেধৰণৰ গণতান্ত্ৰিক নেতা আমৰ মাজত জন্ম লৈ আহিছে। জীৱিত কালৰ সমাজ ব্যৱস্থাত তেনেধৰণৰ দুজনমান নেতা হ'ল- বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, ছোনীয়া গান্ধী, অখিল গগৈ , হোমেন বৰগোহাঞি , হীৰেন গোঁহাই , আং ছ্যান চ্যুকি আদি।
প্ৰাধিকাৰাত্মক নেতৃত্ব :
যি নেতৃত্ব সাধাৰণতে প্ৰভূত্বনীল, কৰ্তৃত্বশীল, বহিৰ্মুখী ব্যক্তিত্বৰ , আক্ৰমণ প্ৰৱণ আৰু কলহ প্ৰিয় হয় তেনে নেতৃত্বক প্ৰাধিকাৰাত্মক নেতৃত্ব বোলে। এনে নেতাই মানুহৰ দুখ বেদনা অনুভৱ কৰিব নিবিচাৰে। নিজৰ বাদে আন মানুহক দূৰ্বল আৰু মূৰ্খ বুলি হেয় জ্ঞান কৰিব বিচাৰে। পদমৰ্যাদাৰ সম্পৰ্কে সততে সজাগ থাকে, যিকোনো উপায়ে নিজ কাৰ্য সিদ্ধি কৰাৰ মানসিকতা এনে নেতাৰ গাত পৰিস্ফুট হয়। পৰামৰ্শ, উপদেশ আদিৰে জনসাধাৰণক সৈমান কৰিব নোৱাৰিলে, জোৰ জুলুম কৰি হ'লেও সৈমান কৰিব বিচাৰে। এনেধৰণৰ নেতৃত্ব সাধাৰণতে সেনাধ্যক্ষৰ দৰে পৰ্যায়ত বেছিকৈ থাকে। নেপোলিয়ন বোনাপাৰ্ট , হিটলাৰ , ষ্টেলিনৰ দৰে নেতৃত্বক এই ভাগত সন্নিৱিষ্ট কৰিব পৰা যায়।
সহজাত প্ৰবৃত্তিৰ নেতৃত্ব বা কেৰিস্মেটিক নেতৃত্ব :
যি নেতৃত্বই নিজৰ সহজাত প্ৰবৃত্তিৰ জৰিয়তে মানুহক মোহান্ধ কৰিবলৈ সক্ষম হয় সেই নেতৃত্বক কেৰিস্মেটিক নেতৃত্ব বোলা হয়। নেতৃত্বৰ বাকপটু স্বভাৱৰ দ্বাৰা সাৱলীলভাৱে বিষয়বস্তুৰওপৰত ব্যাখ্যা আগবঢ়ায় জনসাধাৰণক আকৰ্ষণ কৰে। ধৰ্মীয় গুৰুসকলৰ ক্ষেত্ৰত এনে গুণৰ প্ৰয়োভৰ বেছি দেখা যায়। ভাৰতৰ বাবা ৰামদেৱ এনে নেতৃত্বৰ নিদৰ্শন। তদুপৰি মহাত্মা গান্ধী, ৰাজীৱ গান্ধী আদি লোকসকলক এনে শাৰীত ৰাখিব পাৰি।
পৰিশেষত :
বিশেষকৈ উচ্চ জাত বা ধনীক শ্ৰেণীৰ লোকসকলেহে নেতৃত্ব সহজে গ্ৰহণ কৰিব পাৰে। কোনো ক্ষেত্ৰত নেতৃত্ব লোৱা লগে লগে টকা -প'ইচাৰ কথাটো আহি পৰে। সেয়ে বহুদিশত আগবঢ়া হ'লেও দৰিদ্ৰ শ্ৰেণীৰ পৰা অহা লোকে সহজে নেতা হ'বলৈ আগ্ৰহ প্ৰকাশ নকৰে। তথাপি ইতিহাসৰ পাত লুটিয়াই চালে দেখা পাওঁ সাধাৰণ পৰিয়ালৰ পৰা যোৱা ব্যক্তিয়েও নেতৃত্ব বহন কৰিছে। হজৰত মহম্মদ, আব্ৰাহম লিংকন আদি লোকসকলক এনে শাৰীত ৰাখিব পাৰে। বহু দাৰ্শনিক তথা চিন্তাবিদৰ মতে শিক্ষা প্ৰদানৰ জৰিয়তেও নেতা সৃষ্টি কৰিব পৰা যায়।
বৰ্তমান সময়ত সমাজত নেতৃত্ব গুণৰ অধিকাৰী লোকৰ বহু মূল্য আছে আৰু বহু প্ৰয়োজন হৈ পৰিছে। আমাৰ সংস্কৃতি ,জাতি,মাটি, ভেটিৰ পৰিকাঠামো অক্ষত অৱস্থাত অক্ষুণ্ণ ৰাখিবলৈ হ'লে নি:স্বাৰ্থ নেতা সমাজৰ বাবে কাম্য ।
লেখনিটো পঢ়ি চোৱাৰ বাবে ধন্যবাদ জনালোঁ ।
---------------++++++++++++++-------------------
No comments:
Post a Comment
dudulsonowal32@gmail.com