Friday, August 14, 2020

প্ৰাথমিক চিকিৎসা | First Aid .

প্ৰাথমিক চিকিৎসা কি ? 

কোনো এক ৰোগাক্ৰান্ত বা আঘাতপ্ৰাপ্ত ব্যক্তিক তাৎক্ষণিকভাৱে প্ৰদান কৰা চিকিৎসা ই হ'ল প্ৰাথমিক চিকিৎসা। কোনো শাৰীৰিক আঘাত, স্বাস্হ্যজনিত অৱনতি অথবা মাৰাত্মক ৰোগৰ সাময়িক উপশমৰ বাবে যি আনুষঙ্গিক ৰূপে কাম কৰে সেয়ে হ'ল প্ৰাথমিক চিকিৎসা। 
      প্ৰাথমিক চিকিৎসাৰ জ্ঞান থাকিলে কোনো বিপদত পৰা লোকক অশিক্ষিত সকলেও অনায়াসে সুন্দৰকৈ সাহায্য আগবঢ়াব সক্ষম হয়। কোনো ভয় ভীত নোহোৱাকৈ আঘাতপ্ৰাপ্ত ব্যক্তিক সুৰক্ষা প্ৰদান কৰি জীৱন দান দিব পাৰে। প্ৰাথমিক চিকিৎসাৰ জ্ঞান বিজ্ঞান সন্মত ই কাল্পনিক নহয় । সম্পূৰ্ণ চিকিৎসা বিজ্ঞানৰ নীতি নিয়ম মানি চলি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। প্ৰাথমিক চিকিৎসা প্ৰদান কৰা ব্যক্তিজনে আহত ব্যক্তিৰ আঘাত চিনাক্ত কৰিব জানিব লাগে আৰু চিকিৎসকৰ আগমনৰ মূহুৰ্তলৈকে চিকিৎসা প্ৰদান কৰিব লাগে। 
     
প্ৰাথমিক চিকিৎসাৰ বাকচত কি কি থাকিব লাগে :
    বিশেষকৈ শিক্ষানুষ্ঠান, মটৰগাড়ী, বাইক আদিত মধ্যমীয়া আকাৰৰ প্ৰাথমিক চিকিৎসাৰ বাকচ ৰখা হয়। ইয়াৰ আকাৰ এনেধৰণৰ হ'ব পাৰে "ধূলি ৰোধক বাকচৰ জোখ (১৬ ×৮×৪) ইঞ্চি হ'ব লাগে । কিন্তু প্ৰয়োজনীয় সকলো সৰঞ্জাম ৰাখিব লাগে।

বাকচত কি কি সৰঞ্জাম থকা দৰকাৰ:


১/ তিনিকোণীয়া বেণ্ডেজ ১০ টা মান 
২/নূৰা বেণ্ডেজ ( বাকচৰ সুবিধা অনুসৰি)
৩/বিজানুমুক্ত কপাহ প্ৰায় ১৫ গ্ৰাম 
৪/ প্ৰাথমিক চিকিৎসাৰ ড্ৰেচিং
৫/ প্লাষ্টাৰৰ নুৰা এটা
৬/ দেটল 
৭/ সৰু কেচি এখন
৮/ চেভটি পিন
৯/ মলম 
১০/ গজ কাপোৰ 
১১/ হেণ্ডিপ্লাচ বা বেণ্ড এইড
     ওপৰত উল্লেখিত সামগ্ৰী সমূহ কোনো ডাক্তৰ নতুবা ফাৰ্মাছিষ্টৰ সহায়ত বাকচৰ সুবিধা অনুসৰি ক্ৰয় কৰি সাঁজু কৰি ৰাখিব লাগে। আকৌ ঔষধসমূহৰ ম্যাদ উকলি গ'লে পুনৰাই ক্ৰয় কৰি সলাব লাগে। মুঠৰ ওপৰত প্ৰাথমিক চিকিৎসা জ্ঞান মানুহৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয় বিষয়। ই আমাৰ জীৱনৰ লগত সম্পৰ্কিত। সেয়ে প্ৰতিজন ব্যক্তিয়ে এই জ্ঞান আয়ত্ত কৰা প্ৰয়োজন আছে।

বিদ্যালয়ত ইয়াৰ প্ৰয়োজনীয়তা : 

    সৰু সৰু ল'ৰা ছোৱালীয়ে পৰিৱেষ্টিত শিক্ষানুষ্ঠানত প্ৰাথমিক চিকিৎসাৰ বহু প্ৰয়োজন আছে। খেল ধেমালি খেলোতে নতুবা অন্য কাৰণত অসাৱধানবশত: শিশুসকল আঘাতপ্ৰাপ্ত হ'ব পাৰে। সচৰাচৰ বিদ্যালয়ৰ প্ৰাঙ্গনত এনে আঘাত জনিত ঘটনা সংঘটিত হৈয়ে থাকে। কোনো এজন যদি ভৰিত দুখ পায় আকৌ কোনোজন মূৰত । প্ৰাথমিক চিকিৎসাৰ বাকচত ঔষধ পাতি নথকা বাবে বা প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় জ্ঞান নথকা হেতুকে এনে সময়ত ছাত্ৰ-ছাত্ৰী সকলক কাষৰীয়া চিকিৎসালয়লৈ খৰখেদাকৈ লৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হয়। আকৌ কিছুমান লোকে প্ৰাথমিক চিকিৎসা প্ৰদানৰ নিয়ম জানিলেও সময়ত প্ৰয়োগ কৰিবলৈ ইতস্হত:বোধ কৰে। এনে মনোভাৱ পোষণ কৰাটো উচিত নহয়। জনা কাৰ্য বাস্তৱত প্ৰয়োগ কৰাটো সকলোৰে কাম্য। কাৰণ অলপ হীনদেৰি হ'লে আঘাতপ্ৰাপ্ত ব্যক্তিৰ অসুবিধা হ'বও পাৰে। তেনে ক্ষেত্ৰত হাত সাবতি বহি থকা উচিত নহয়। বিশেষকৈ জুইয়ে পোৰা, সাপে খোঁটা, দাৰে কটা, হুলে খোচা , মূৰ ঘূৰোৱা আদি কাৰক সমূহ ঘটিলে প্ৰাথমিক চিকিৎসা কৰাৰ প্ৰয়োজন আহি পৰে। 

দাৰে কটা :  

দাৰে কাটিলে কটা ঠাইডোখৰ প্ৰথমে পৰিষ্কাৰ পানীৰে চাফা কৰি ল'ব লাগে। তাৰপাছত কটা অংশত হাতৰ আঙুলিৰে হেঁচা মাৰি ৰাখিব লাগে যাতে আৰু তেজ ক্ষয় নহয়। পাৰিলে দেটল, কেৰচিন তেল বা জাপানী লতাৰ পাত  বা গেন্ধেলা বনৰ পাত পিহি ৰস উলিয়ায় ক্ষতস্হানত দিলে তেজ ওলোৱা সহজে বন্ধ হয় । তাৰপাছত বেণ্ডজেৰে ক্ষতস্হানত বান্ধি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰে।

মূৰ ঘূৰোৱা : 

সাধাৰণতে এনেয়ে মূৰ নূঘূৰাই । দুটা কাৰণত মূৰ ঘূৰাব পাৰে - এনিমীয়া বা কমজুৰি হ'লে আৰু প্ৰেচাৰ হ'লে। পুষ্টিহীনতাত ভোগা শিশুসকলৰ বেছি মূৰ ঘূৰোৱা পৰিলক্ষিত হয়। সেয়ে কোনো শিশুৰ মূৰঘূৰালে তাৎক্ষণিকভাৱে আক্ৰান্ত শিশুজনক ডাংকোলা কৰি আনি ঠাণ্ডা ঠাইত চকীত বহুৱাই দিব লাগে। ঠাণ্ডা পানীৰে মূৰটো তিয়াই দিব লাগে আৰু বিচনীৰে বা দিব লাগে। পাৰ্যমানে নিৰৱতা অৱলম্বন কৰা দৰকাৰ। অলপ সুস্হ হোৱাৰ পাছত আক্ৰান্ত জনক কথাবোৰ সুধিব লাগে। 

জুইৰে পোৰা :

 জুইয়ে পুৰিলে বা ব্যক্তি এজনৰ গাত জুই লাগিলে উদ্ধাৰকাৰীয়ে এখন কম্বল,কোট বা ডাঠ কাপোৰ লৈ আহতজনক গাত মেৰিয়াই ধৰি মাটিত শুৱাই দিলে জুই নুমাই যায়। পৰিষ্কাৰ পানীৰেও জুই নুমুৱাই আহতজনক ৰক্ষা কৰিব পাৰে। জুই জ্বলি থকা অৱস্থাত কেতিয়াও দৌৰিব নক'ব কাৰণ দৌৰেলে জুইৰ প্ৰকোপ বতাহ লাগি বেছি হয়। পাৰিলে জুই নুমূৱাৰ পিছত লাহেকৈ বাৰ্ণল জাতীয় মলম পোৰা অংশত সানি দিব লাগে। 
    
 লেখনিটো পঢ়াৰ শেষত কেনে পালে জনাব।
ধন্যবাদেৰে ।

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts