গণমাধ্যম কি ?
গণমাধ্যম বুলি ক'লে জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংযোগ স্হাপন কৰি বিভিন্ন বা-বাতৰি , বিভিন্ন ঘটনা ৰাইজক অৱগতকৰণ কৰাৰ এক মাধ্যমৰ কথাকে সূচায়। বিভিন্ন মানুহৰ মাজত একেলগে একেসময়তে মত বিনিময়, চিন্তা ভাৱনাৰ বিনিময়ৰ সুযোগ আৰু পাৰস্পৰিক সুসম্পৰ্ক স্হাপন কৰিব পাৰি এই গণমাধ্যমৰ জৰিয়তে। দৃশ্য শ্ৰাব্য উপকৰণৰ যোগেদি ৰাইজৰ লগত সংযোগ ঘটাই তথ্য আহৰণ কৰাৰ বাবেও এটা আকৰ্ষণীয় উপায় হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰখনত গণমাধ্যমৰ অৰিহণা পৰ্যাপ্ত পৰিমাণে পৰিলক্ষিত হয়। ইয়াক বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ হিছাপে গণ্য কৰা হয়। গণমাধ্যম সমূহে শিক্ষণ শিকন প্ৰক্ৰিয়া সহজ সৰল কৰাৰ লগতে অধিক জ্ঞানাৰ্জন, অভিজ্ঞতা প্ৰাপ্তত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত শিক্ষণ শিকন প্ৰক্ৰিয়াত গণমাধ্যমৰ অৰিহণা অপৰিসীম আৰু ব্যাপক বুলি বিবেচিত হৈছে।
গণমাধ্যম সমূহ হ'ল কিতাপ পত্ৰ, আলোচনী, বিজ্ঞাপন, বাতৰি কাকত, প্ৰাচীৰ পত্ৰিকা,ৰেডিঅ' , বোলছবি, দূৰদৰ্শন, ভিডিঅ' , কম্পিউটাৰ, ইণ্টাৰনেট, ইত্যাদি। এই মাধ্যম সমূহৰ জৰিয়তে শৈক্ষিক,সহশৈক্ষিক আদি দিশত প্ৰকাশিত আৰু সম্প্ৰচাৰিত অনুষ্ঠান সমূহে ৰাইজক বিভিন্ন দিশত সহায় সহযোগ তথা সজাগ সচেতনতা বৃদ্ধি কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলক অতি স্পষ্টভাবে শিক্ষা জ্ঞান অৰ্জন কৰাত পূৰ্ণ সহযোগ প্ৰদান কৰিছে।
গণমাধ্যমৰ উদ্দেশ্য কি ?
সকলো বিষয়ৰে যিদৰে উদ্দেশ্য থাকে ঠিক একেদৰে গণমাধ্যমৰো উদ্দেশ্য আছে। থোৰতে ইয়াৰ উদ্দেশ্য সমূহ এনেধৰণৰ হ'ব পাৰে।--
১/ জ্ঞান বিজ্ঞান,কলা সংস্কৃতি, সাহিত্য সভ্যতাৰ দিশত তথ্য যোগান ধৰি জ্ঞানৰ বিস্ফোৰণ ঘটোৱা।
২/ পৃথিৱীৰ বিভিন্ন কোণত সংঘটিত হোৱা ঘটনা আৰু পৰিঘটনা সমুহৰ সম্পৰ্কে ৰাইজক আৰু শিশুসকলক অৱগতকৰণ কৰা।
৩/ পৃথিৱীৰ বিভিন্ন কোণত থকা বিভিন্নজন বিজ্ঞানীৰ মহৎ সৃষ্টিৰাজিৰ সম্পৰ্কে, বিভিন্ন পণ্ডিত, দাৰ্শনিক, সাহিত্যিক, গায়ক, বাদক সমালোচক আদি লোকসকলৰ খ্যাতি,যশস্যাৰ সম্পৰ্কে , ৰাজনীতি, সমাজনীতি, অৰ্থনৈতিক আদিৰ সমস্যা সমূহ ৰাইজক সংবাদ হিচাপে যোগান ধৰাৰ ব্যৱস্থা কৰা।
৪/ গণমাধ্যম সমূহৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটোৱা।
শিক্ষাত গণমাধ্যমৰ প্ৰয়োজনীয়তা
সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত গণমাধ্যমৰ প্ৰয়োজন অপৰিসীম। শিক্ষা ব্যৱস্থাক অধিক গতিশীলতা আৰু সক্ৰিয়তা প্ৰদানৰ ক্ষেত্ৰত গণমাধ্যম এক উত্তম উপায়। শিক্ষাৰ্থীক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাবৰ বাবে, শিক্ষনীয় বিষয়বস্তুৰ প্ৰতি ধাউতি বঢ়াই তোলিবৰ বাবে গণমাধ্যম এক উল্লেখযোগ্য বৈকল্পিক ব্যৱস্থা। সেয়েহে গণমাধ্যম প্ৰসাৰতাৰ প্ৰয়োজন আছে।
কিছু ব্যাখ্যা
১/ অনাতাঁৰ, দূৰদৰ্শন , শ্ৰব্য কেছেট , আৰু দৃশ্য শ্ৰাব্য চিডি আদিৰ যোগেদি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি অতি কম সময়ৰ ভিতৰতে বিষয়বস্তুৰ জ্ঞান আয়ত্ত কৰাব পাৰি।
২/ সমাজ আৰু বিদ্যালয়ৰ ব্যৱস্থাত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে গণমাধ্যম সমূহৰ জৰিয়তে জনগণৰ মাজত সজাগ সচেতনতা বৃদ্ধি কৰাব পৰা গৈছে। লগতে ইয়াৰ সমাধানৰ পথ প্ৰশস্ত কৰণত ই সহায় কৰিছে। দেশৰ চৌকোণে শান্তি শৃংখলা অটুট ৰখাৰ, সম্প্ৰীতি আৰু একতাৰ মনোভাৱ জাগ্ৰত কৰাৰ ক্ষেত্ৰত গণমাধ্যমৰ অৱদান অনস্বীকাৰ্য্য।
৩/ গণমাধ্যমৰ জৰিয়তে সকলো শ্ৰেণীৰ লোকৰ মাজত বিজ্ঞানৰ সুফল আৰু জ্ঞান বিতৰণ কৰাত ই সহায় কৰিছে। বিজ্ঞান মনস্কতাৰ সৃষ্টিত গণমাধ্যমৰ অৰিহণা অসীম ।
৪/ সমাজৰ জনগণক সামাজিক, অৰ্থনৈতিক আৰু আধ্যাত্মিক দিশত জ্ঞান অৰ্জন কৰাত সহায় কৰিছে।
বিদ্যালয়ত গণমাধ্যমৰ ব্যৱহাৰ
ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত যি শিক্ষা বৰ্তমান প্ৰৱৰ্তন হৈ আছে সেই শিক্ষাত গণমাধ্যমৰ প্ৰয়োগক অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰাত:সভাৰ পৰা আৰম্ভ কৰি শ্ৰেণীকক্ষৰ পাঠদান কাৰ্যসূচী আৰু বিভাগীয় কাম-কাজৰ বাবে গণমাধ্যমৰ প্ৰয়োগ অপৰিহাৰ্য্য হৈ পৰিছে। সাধাৰণতে বিদ্যালয়ত অন্তৰ্ভূক্ত হৈ থকা গণমাধ্যম সমূহ এনেধৰণৰ ---
ৰেডিঅ', বাতৰি কাকত, কম্পিউটাৰ, দূৰদৰ্শন,শিশু আলোচনী আৰু বিভিন্ন বিষয়ক গ্ৰন্থ আদি।
ৰেডিঅ'(Radio)
বিদ্যালয়ত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ছাত্ৰ-ছাত্ৰী সকলক অনাতাঁৰৰ জৰিয়তে শিক্ষা দিব পাৰি। শিক্ষামূলক কাৰ্যসূচী বা অনুষ্ঠান সমূহ শ্ৰৱণ কৰোৱাব পাৰে।
বাতৰি কাকত (Newspaper)
বিভিন্ন বাতৰি কাকত ব্যৱহাৰে ছাত্ৰ-ছাত্ৰী সকলক ভিন্ন বিষয়ত শিক্ষা অৰ্জনত সহায় কৰে। বাতৰি কাকত পঠন, বাতৰি কাকতত প্ৰকাশিত ভিন্ন প্ৰতিযোগিতা আৰু ছবি সমূহ ছাত্ৰ-ছাত্ৰীক প্ৰদৰ্শন আদি কৰোৱায় উৎসাহ প্ৰদান কৰিব পাৰে। কবিতা, গল্প,সাধু, কুইজ,মহৎলোকৰ বাণী,সাঁথৰ সম্পৰ্কে জ্ঞান অৰ্জন কৰাত বাতৰি কাকত অন্যতম পথ।
শিশু আলোচনী ( child magazine)
আজৰি সময়কণ সৎব্যৱহাৰৰ নিমিত্তে আলোচনী পঠনৰ অভ্যাস গঢ়ি তুলিব পাৰে। বিশেষকৈ ৰিক্ৰেচনৰ সময়ত শিশু আলোচনী পঢ়িব দিব পাৰে আৰু শব্দৰ শৃংখল, চুডকু আদি খেলসমূহ ছাত্ৰ-ছাত্ৰীক আলোচনী পঠনৰ জৰিয়তে শিকাব পাৰে।
সমাজত গণমাধ্যম
এখন সমাজ শৃংখলাবদ্ধ ভাৱে নিয়াৰিকৈ চলিবলৈ হ'লে সমাজৰ মানুহবিলাক জ্ঞানী হ'ব লাগিব। সচেতন আৰু সজাগ হ'ব লাগিব। বিভিন্ন গণমাধ্যমৰ জৰিয়তে এই ক্ষেত্ৰত সমাজক আগুৱাই নিব পাৰি। বাতৰি কাকত, দূৰদৰ্শন আদিৰ মাধ্যমেৰে সামাজিক, অৰ্থনৈতিক আৰু আধ্যাত্মিক দিশত অজ্ঞতাৰ আন্ধাৰ নাশি সমাজৰ মানুহবিলাকক সজাগ সচেতন আৰু জ্ঞানৱান কৰি তোলিব পৰা যায়। জনমত গঠনৰ ক্ষেত্ৰত গণমাধ্যম এক উত্তম আহিলা।
সাম্প্ৰতিক কালৰ সমাজ ব্যৱস্থাত গণমাধ্যম এক উল্লেখযোগ্য বিষয় হিচাপে পৰিগণিত হৈছে। ইয়াৰ অবিহনে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশত আগুৱাই যোৱাৰ সম্ভৱ নহয়। বিদ্যালয়ৰ ব্যৱস্থাত শিক্ষাৰ্থীসকলক পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও বিভিন্ন বিষয়ত জ্ঞানাৰ্জন কৰাৰ ক্ষেত্ৰত গণমাধ্যমৰ সহায় অনস্বীকাৰ্য্য। গণমাধ্যমৰ বহুল ব্যৱহাৰে সমাজৰ তথা নৱ প্ৰজন্মক নতুন পথ দেখুৱালে সমাজৰ চৌপাশ শান্তি আৰু আনন্দদায়ক বাতাবৰণে জিলিকাই তুলিব।
ধন্যবাদেৰে ।
---------------++++++++++++-------------------
No comments:
Post a Comment
dudulsonowal32@gmail.com