আকৌ বতাহৰ প্ৰাত:ভ্ৰমণ হ'ব।
ৰুই থব'লে এজোপা কৃষ্ণচূড়া
আলোড়িত হ'ব মাটি
উন্মুখিত হ'ব সেউজীয়া
আপোন গোন্ধ ।
বসন্ত আহিলেই ইয়াত
আকৌ বৰষুণ হ'ব।
প্ৰচুৰ ফুলৰ বৰষুণ
প্ৰেমৰ বাবে
মানৱতাৰ বাবে
চৌপাশ জীপাল কৰি ।
বসন্ত আহিলেই ইয়াত
আকৌ কুলিয়ে অমিয়া গীত জুৰিব
প্ৰভাতী পখীয়ে নাচিব প্ৰাণপণে ডেউকা কোবাই ।
বসন্ত আহিলেই ইয়াত
আকৌ সময়ে ৰং সলাব
সেউজীয়াৰ পোহাৰে প্ৰাত:সম্ভাষণ জনাব নাঙঠ বিদ্ৰোহীসকলক ।
বসন্ত আহিলেই ইয়াত
আকৌ পোহৰে মাহ-হালধিৰে গা-বোলাব
নিৰ্বোধ শিশুসকলৰ মনত
স্বপ্নই বাহ সাজিব
আৰু ওঁঠৰ কোণত ওলমি ৰব
মিচিকি হাঁহিৰ হেঙুলীয়া ৰেখা
হেপাঁহৰ বুকুত খামোচি
লহপহকৈ বাঢ়িব জোনাক ।
বসন্ত আহিলেই মোহত মুগ্ধ হৈ
আপোন পাহৰা হ'ব বিবৰ্ণ দুহাত
স্বপ্নাকাংক্ষাই দি যাব
ধেমাজি 'ডাৱৰ' আঁতৰাৰ
এক ক্ষীণ আভাস ।
বসন্ত আহিলেই পাহ মেলিব
শান্তিৰ সুৰ্যোদয়ৰ কিৰণে
ৰিণিকি ৰিণিকি
সময়বোৰ জীপাল কৰি ।
বুকুৱে বুকুৱে ঢালি দিব
প্ৰাণৰ মমতা প্ৰাণৰ উশাহ
মানৱতাৰ মন্দাকিনী হৈ
পূ্ৰ্ণতাৰে ভৰিব ৰিক্ত কৰণি ।
----------+++++++++++++++++++----------
No comments:
Post a Comment
dudulsonowal32@gmail.com