Thursday, January 14, 2021

সাম্প্ৰতিক সময়ত মাঘ বিহুৰ প্ৰাসঙ্গিকতা

মাঘ বিহু বা ভোগালী বিহু ::

 
অসমৰ অসমীয়া সমাজত পূৰ্বৰে পৰা প্ৰচলিত পৰম্পৰাগত এক লোকসংস্কৃতি হ'ল মাঘ বিহু। মাঘ বিহুৰ আন এটা নাম ভোগালী বিহু। মাঘ মাহৰ প্ৰথম দিনটোতেই এই বিহু আয়োজন কৰা হয়। বিহুৰ আগদিনাখনক উৰুকা বা মাঘৰ মকৰ সংক্ৰান্তি বোলা হয়। 

উৰুকা আৰু বিহুৰ লোকবিশ্বাস::


বিহুৰ আগৰ দিনটো উৰুকা নামেৰে অভিহিত কৰা হয়। পৰম্পৰাগত নীতি নিয়ম অনুসৰি  উৰুকা দিনা আহু ধানৰ খেৰেৰে ঘৰ আৰু ঘৰত থকা বিভিন্ন গছ গছনি সমূহ বান্ধি দিয়া হয়। আগদিনা খেৰেৰে নাবান্ধিলে হেনো ঘৰৰ দেউ অৰ্থাৎ ঘৰৰ ঈশ্বৰ বাহিৰ হৈ পৰশুৰাম কুণ্ডলৈ যায়গৈ আৰু একেদৰে গছ গছনি সমূহ নাবান্ধিলে আগন্তুক বৰ্ষত ফল নধৰে বুলি অসমীয়া সমাজত লোকবিশ্বাস আছে। উৰুকাৰ দিনা ভেলা ঘৰ সাজি 'মেজি' ৰখীয়া হোৱাৰ নিয়ম। 'মেজি' ৰখীয়া হোৱাৰ দিনটোত অৰ্থাৎ উৰুকাৰ দিনা অসমীয়া সমাজৰ লোকবিশ্বাস মতে খালী পেটে বা নিৰামিষ ভোজন কৰা নহয়। এই দিনটোও উৎসৱৰ দৰে পালন কৰা হয়। 'মেজি' ৰখীয়া হোৱাবিলাকে মাছে মঙহেৰে উদৰ পূৰাই ৰংৰহইচ কৰি এসাঁজ সমিলমিলেৰে খায়। 
   পিছৰ বিহুৰ দিনা 'মেজি' জুই জ্বলোৱা হয়। মেজিৰ জুই জ্বলাই সমাজৰ পৰা অসূয়া,অপ্ৰীতি, ভেদভাৱ, কুৎসা,কপটততা,হিংসা দ্বেষ,খেয়াল, দুষ্কৃতি, অত্যাচাৰ অনাচাৰ দূৰ কৰাৰ নিমিত্তে অগ্নি দেৱতাক আৰাধনা কৰা হয় । অৱশ্যে অসমৰ কিছু গাঁৱত মেজি জ্বলোৱা নিয়ম আগৰ পৰাই নাই। বিশেষকৈ বৈষ্ণৱ পন্থাৰে শ্ৰীকৃষ্ণক আৰাধনা কৰা আৰু সকাম নিকাম কৰা সমাজত এই নিয়ম নাই। কিন্তু আনবিলাকৰ দৰে বৈষ্ণৱী সকলেও উৰুকা আৰু বিহুৰ দিনা মাছে মঙহেৰে উদৰ পূৰাই ৰংৰহইচ কৰি বিহু পালন কৰে। 
       মাঘ বিহু হ'ল ভোগৰ উৎসৱ। ই কৃষিভিত্তিক লোকউৎসৱ। কৃষকসকলে আঘোণ পুহ মাহত খেতি চপাই আজৰি হয়।ধানে পৰিপূৰ্ণ হৈ মেটমেটীয়া হৈ থাকে ভঁৰাল। খাবলৈ কাৰোৰে অভাৱ নাথাকে।সেয়ে হৰেক ৰকমৰ বস্তুয়ে গৃহ ভৰি থাকে আৰু বিহুৰ দিনা ভোগ কৰে। সেয়ে মাঘ বিহুক ভোগালী উৎসৱ বুলি কোৱা হয়।

  মাঘ বিহুৰ বিভিন্ন খাদ্য সম্ভাৰ::


     মাঘ বিহুত বিভিন্ন খাদ্য সম্ভাৰৰ ভিতৰত -- ১/ পিঠা-পনা , ২/ জলপান জাতীয় খাদ্য, ৩/ বিভিন্ন স্বাদৰ আলু  আদি সন্নিবিষ্ট হৈছে। 
   ১/ পিঠা-পনা -- বিভিন্ন প্ৰকাৰৰ পিঠাৰ জুতি এই উৎসৱৰ প্ৰধান খাদ্য। পিঠাৰ ভিতৰত আছে-- ঘিলা পিঠা, সুতুলী পিঠা, ভাপত দিয়া পিঠা, নাৰিকলৰ লাড়ু আদি।
  ২/ জলপান জাতীয় খাদ্য-- বৰা চাউলৰ সহায়ত বনোৱা খাদ্যই হ'ল জলপান জাতীয় খাদ্য। চিৰা, মুৰি আৰু সান্দহ আদি । অৱশ্যে লাহীধানৰ চাউলেৰেও জলপান তৈয়াৰ কৰা হয়। বৰা চাউল কেৰাহীত ভাজি তৈয়াৰ কৰা হয়। আগদিনা তৈয়াৰ কৰা জলপান বিহুৰ দিনা দৈ গাখীৰ আৰু গুৰ দি পৰিৱেশন কৰা হয়।
৩/ আলুৰ খাদ্য -- মাঘ বিহুৰ আৰু এটা আকৰ্ষণীয় খাদ্য হ'ল আলু খাদ্য। কাঠ আলু, মৰা আলু, গুই আলু বা মিঠা আলু আদি।  বিহুৰ দিনা ৰাতিপুৱাই ৰান্ধনিয়ে এই সমূহ আলু বয়ল কৰে আৰু গাখীৰৰ সৈতে পৰিৱেশন কৰে।
   ইয়াৰোপৰি মাঘ বিহুৰ দিনা তিল,কৰাই, মাটিমাহ একেলগ কৰি ভাজি খোৱা হয়। লোকবিশ্বাস মতে তিলকৰাই ভজা নাখালে হেনো পাছৰ জনমত গাহৰি ৰূপে জনম পায়। এই নিয়ম পৰম্পৰাগতভাৱে চলি আহিছে। 

ব্যৱসায়িক ভিত্তিত মাঘ বিহু। :: 

  ব্যৱসায়িক দিশত মাঘ বিহুৰ এটা উজ্বল তথা সম্ভাৱনাময় দিশ পৰিলক্ষিত হয়। সাম্প্ৰতিক বিশ্বায়নৰ যুগত পৰম্পৰাক দোহাই দি নিয়মক খামোচ মাৰি ধৰি থাকিলে ইয়াৰ পৰা একো লাভৱান হব পৰা নাযাব। লাভৱান হ'বৰ বাবে আমি আমাৰ বিহুত ব্যৱহৃত সামগ্ৰীসমূহক বজাৰত বিক্ৰীৰ নিমিত্তে উলিয়াই দিব পাৰিব লাগিব। বৰ্তমান দেখা গৈছে অসমৰ বহু আত্ম সহায়ক গোটৰ জৰিয়তে বিহুৰ পিঠা-পনা , আন খাদ্য সম্ভাৰৰ মেলা অনুষ্ঠিত কৰিছে। মেলাত বহু লোক আৰ্থিক ভাৱে উপকৃত হৈছে। কিন্তু সামগ্ৰী সমূহৰ মূল্য অতিপাত বেছি হোৱাৰ বাবে ই বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সামগ্ৰী সমূহৰ এটা নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰি উৎপাদনৰ ব্যৱস্থা কৰিব পাৰি। অৰ্থাৎ চৰকাৰে মাঘৰ পিঠা-পনা ব্যৱসায় বানিজ্যৰ দিশত আগুৱাই নিবলৈ উদ্যোগ স্হাপন কৰিব পাৰে। ইয়াৰ পৰা অসমৰ বহু লোক উপকৃত হোৱাৰ সম্ভাৱনা আছে। 
   সাম্প্ৰতিক সময়ত দেখা গৈছে বজাৰত বনিয়াই অসমীয়াৰ খাদ্য সম্ভাৰৰ সদৃশ খাদ্য উদ্যোগত  উলিয়ায় বজাৰত মেলি দিছে। এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আমি নিজে সামগ্ৰী সমূহ উচ্চ মানদণ্ডৰে প্ৰস্তুত কৰি বজাৰত মেলি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তেহে বিহুৰ পৰা আমি উপকৃত হম। আজিৰ পৰা পঞ্চাছ বছৰৰ আগৰ বিহুৰ প্ৰতিচ্ছবি নিশ্চয় নাই। সামাজিক , ৰাজনৈতিক দিশত যিদৰে পট পৰিৱৰ্তন হৈছে ঠিক সদৃশ ৰূপত অসমৰ অসমীয়াৰ বাপতিসাহোন বিহু উৎসৱৰো কিছু পৰিৱৰ্তন নঘটা নহয়। এয়া অৱশ্যে সময়ৰ দাবী বুলি ক'ব পাৰি। এইদৰে পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িও আমি পৰম্পৰাগত নীতি নিয়ম জীয়াই ৰাখিব লাগিব।
                 
                       মেজি জ্বলোৱাৰ দৃশ্য



     






------------*********************---------------

Tuesday, January 12, 2021

কোঁটকোৰা গছৰ ঔষধি গুণ কি আছে জানে নে ?

কোঁটকোৰা গছ আৰু ইয়াৰ ঔষধি গুণ ::

কোঁট-কৰা গছ এবিধ ঔষধি গুণ সমৃদ্ধ গুল্মজাতীয় উদ্ভিদ। যিকোনো ঠাইত ইয়াৰ  পুলি গজে আৰু শ্ৰীবৃদ্ধি হয়। এই গছ লালন পালন কৰাৰ কোনো প্ৰয়োজন নাই। ই ওখ প্ৰায় ১৫/২০ ফুট হ'ব। পাত ডাঙৰ আৰু দীঘলীয়া। গা গছ আৰু ঠাল ঠেঙুলিৰ প্ৰতিটোতে কাঁইট থাকে। কাঁইটবোৰ এক  দুই ইঞ্চি দীঘল আৰু ডাঙৰ ডাঙৰ হয়। কোঁটকোৰা গছৰ গুটি নেমু টেঙা আকাৰৰ সদৃশ আৰু নেমু টেঙাৰ সমান হয় । কেঁচাতে পাতল সেউজীয়া ৰঙৰ আৰু পকিলে ইয়াৰ গুটি হালধীয়া বৰণৰ হয়।



ঔষধি গুণ::


    কোঁটকোৰা গছৰ গুটিৰ ৰস গেছট্ৰিক ৰোগৰ উপশমৰ বাবে উত্তম। পকা ফলৰ ৰস চেপি উলিওৱা হয় আৰু জালুক ৫ বা ৭ টা দি মিহলি কৰি খাব লাগে। অৱশ্যে ইয়াৰ লগত আৰু এবিধ বন দৰৱ মিহলোৱা হয়।
     ইয়াৰ পাতবোৰো গুণ সমৃদ্ধ। কুমলীয়া পাত পাতত দি ইয়াৰ ৰসবোৰ সৰু ল'ৰাৰ চুলিত লগালে চুলি ডাঠ হৈ গজে আৰু চুলি সৰা বন্ধ হয়।
     কোঁটকোৰা গছৰ কাঁইট মানুহৰ বিভিন্ন কামত আহে। আন হুলে বিন্ধিলে কোঁটকোৰা কাঁইটেৰে সেই কাঁইট সহজে কাঢ়িব পৰা যায়। আনহাতে বাৰীত গৰু, ছাগলী আদিৰ পৰা ৰক্ষা পাবলৈ জেওৰাত কাঁইটীয়া ডালবোৰ বান্ধি দিলে ফেন্সিংৰ  সদৃশ কাম কৰে। 
  

   কোঁটকোৰা গছৰে অসমৰ মানুহৰ সম্বন্ধ::

 
    কোঁটকৰা গছৰ সৈতে অসমৰ মানুহৰ এটা বিশেষ সম্বন্ধ আছে। আহোম সকলৰ ৰাজত্বকালছোৱাত চাওদাং বংশধৰ 'ল'ৰা ৰজাই' শিৱসাগৰৰ জেৰেঙা পথাৰত সতী জয়মতীক গিৰিয়েকৰ বাবে হানি খুচি শাস্তি বিহিছিল আৰু সেই গছৰ তলতে মৃত্যু বৰণ কৰিছিল। সেয়ে কোঁটকোৰা গছ অসমৰ মানুহৰ বাবে দুখৰ প্ৰতীক হিচাপে চিহ্নিত। 

                    

                     কোঁট-কৰা গছৰ গুটি 

 
কোঁটকোৰা গছৰ ইংৰাজী নাম হ'ল Spinoss vengueria edulis. অসমীয়া ভাষাত কোঁটকোৰা বা কোঁট-কৰা গছ বুলি জনা যায়।



বি.দ্ৰ.::


ইয়াৰ ঔষধি গুণ সম্পৰ্কে কোনোৱে যদি আৰু অধিক জানে তেন্তে কমেণ্ট বাকচত কমেণ্ট বা মন্তব্য আগবঢ়াই জনালে নথৈ আনন্দিত হ'ম।



------------++++++++++---------+++++++++---------

Monday, January 11, 2021

সোণোৱাল কছাৰী সকলৰ গায়ন-বায়নৰ সম্পৰ্কে চমু অৱলোকন।

সোণোৱাল কছাৰী সকলৰ গায়ন-বায়ন ::

                এক চমু অৱলোকন ।

  
      অসমৰ দ্বিতীয় বৃহৎ পৌৰাণিক জনগোষ্ঠী সোণোৱাল কছাৰী সকলৰ গায়ন-বায়ন হ'ল সোণোৱাল কছাৰীসকলৰ সংস্কৃতিৰ দাপোন স্বৰূপ। বিভিন্ন উৎসৱ পাৰ্বনত গায়ন গোৱা হয়। বিশেষকৈ ৰাইজৰ সবাহত এই গায়ন-বায়ন গোৱা হয়। তদূপৰি দহা বা কাজত, কোনো বয়োজেষ্ঠ লোকৰ মৃত্যু সময়ত, গাঁৱৰ মুখিয়াল লোকসকলৰ মৃত্যুৰ সময়ত আৰু বিভিন্ন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গায়ন পৰিৱেশন কৰা নিয়ম। সোণোৱাল কছাৰী সকলে নিজস্ব শৈলীৰে এই গায়ন-বায়ন গোৱা পৰিলক্ষিত হয়। 
     গায়ন-বায়ন হ'ল সোণোৱাল কছাৰী জনগোষ্ঠীৰ বাৰেৰহণীয়া লোকসংস্কৃতি।গায়ন পৰিৱেশন কৰোঁতে এজন বিশেষ লোকে গুৰিধৰে। এই ব্যক্তি জনক ' বায়ন' বুলি কোৱা হয়।বায়নজন গায়নৰ বাদ্য যন্ত্ৰ বজোৱাত আৰু বিভিন্ন গায়নৰ চেওবোৰৰ ক্ষেত্ৰত জ্ঞান থকা ব্যক্তি আৰু পাকৈত লোক। মৃদংৰ ( বাদ্য যন্ত্ৰ) বায়ন আৰু তালৰ বায়ন পৃথক যদিও উভয়ৰে এই সম্পৰ্কত জ্ঞান থকা এজন ব্যক্তি হিচাপে বিবেচিত। মৃদংৰ সুৰ ধ্বনিৰ ওপৰত নিৰ্ভৰ কৰি তালীয়াসকলে তাল বাদ্য বজায়। 
     গায়নত বিভিন্ন পদ, ৰাগ , গুৰুঘাত , সৰু ধেমালি, বৰ ধেমালি আৰু তাল মানৰ সংমিশ্ৰণ ঘটিছে। ৰাগ, পদ ,ঘোষাও ইয়াৰ মূল্যৱান অলংকাৰ। পদবিলাক হ'ল-- ১/ ৰাগ ,২/ ভটিয়ালী ,৩/ ধনশ্ৰী, 

  

গায়নত পৰিহিত পোছাক ::

১/ জেমা - জেমা হ'ল বগা খদ্দৰ কাপোৰেৰে তৈয়াৰী এবিধ বিশেষ ধৰণৰ ককাঁলত পিন্ধা পোছাক। ঠিক ঘগ্ৰাৰ সদৃশ ককালৰ মূৰত কোচ দি চিলাই কৰা হয়। তলৰ ফালে ভৰিকেইটা বহলাই বহিব আৰু ল'ৰাব সহজ হোৱাকৈ তৈয়াৰ কৰা হয়।ককালৰ পৰা ভৰিৰ গাঁথি ঢকাকৈ তৈয়াৰ কৰা হয়। 
২/ টঙালি-- টঙালি হ'ল গায়ন-বায়নৰ দ্বিতীয় বিধ সঁজুলি । বগা বগলী সূতা বা পকোৱা সূতাৰ সহায়ত শিপিনীয়ে তাঁতশালত বৈ উলিয়াই। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৩-৪ মিটাৰ হয়। মূৰ দুটাত সৰু সৰু সুন্দৰকৈ ফুল বছা আৰু দহিবটা থাকে। টঙালি মূৰত পাগুৰি হিচাপে আৰু শৰীৰত মেৰিয়াই ল'বলৈ ব্যৱহাৰ কৰা হয়। টঙালি সাধাৰণতে চেলেং ৰে আন এটা ৰূপ বুলি কব পাৰি।
   জেমা টঙালিৰ অবিহনে সোণোৱাল কছাৰী সকলৰ গায়ন-বায়ন অসম্পূৰ্ণ বুলি কোৱা হয়।জেমা টঙালি পৰিধান কৰি গায়ন পৰিৱেশন কৰিলেহে গায়নৰ গাম্ভীয্যতা আৰু মৰ্যদা অক্ষুণ্ণ থাকে। দেখিবলৈ সুন্দৰ হয় আৰু ৰগৰ উঠে। এই গায়নৰ জৰিয়তে জনগোষ্ঠীটোৰ সংস্কৃতিৰ ৰূপৰেখা পৰিস্ফূট হয়। সেয়ে সোণোৱাল কছাৰীৰ সমাজত গায়ন-বায়নক সন্মান কৰা হয় আৰু উচ্চ স্হান দিয়া হয়।
   

     গায়ন গোৱা নিয়ম ::

   
     গায়ন পৰিৱেশন কৰোঁতে কিছুমান নিয়ম মানি চলিব লগা হয়। জেমা টঙালি অবিহনে গায়ন পৰিৱেশন কৰোঁতে মূৰত গামোচাৰে পাগুৰি মাৰি লোৱা হয়। 

       গুৰুঘাত কি ?


   যিকোনো কাৰণত গায়ন পৰিৱেশন কৰিব লগা হ'লে নামঘৰত ঘাত মাৰি নামঘৰৰ ডাঙৰীয়াক জনাই লোৱা হয়। এয়ে হ'ল গুৰু ঘাত। গুৰুক স্মৰণ কৰি যি আৰম্ভণি ঘাত বজোৱা হয় সেয়ে হ'ল গুৰু ঘাত। 
ক্ৰমশঃ

Saturday, January 9, 2021

ন্যায়ৰ অৰ্থ আৰু অন্যান্য

ন্যায়ৰ অৰ্থ কি ? 

সকলো সময়তে প্ৰয়োগ কৰিব পৰা আৰু সকলো লোকৰ বাবে গ্ৰহণযোগ্য ন্যায়ৰ সংজ্ঞা আগবঢ়োৱা যথেষ্ট অসুবিধাজনক। বিভিন্ন সময়ত বিভিন্নজনে ন্যায়ৰ সম্পৰ্কে ব্যাখ্যা ভিন ভিন ধৰণে আগবঢ়াইছে। সময়ৰ লগে লগে ন্যায়ৰ অৰ্থ বা ধাৰণা পৰিবৰ্তন হৈ থকা পৰিলক্ষিত হয়।আকৌ ন্যায়ৰ ধাৰণাক বাস্তৱত প্ৰয়োগ কৰাৰ ক্ষেত্ৰতো বিভিন্নতা বিৰাজমান।

      সি যি কি নহওঁক, ন্যায়ৰ অৰ্থ হৈছে যিকোনো ক্ষেত্ৰত সত্যতাক আগস্হান দিয়া। সত্যাসত্য নিৰ্ণয় কৰি যিকোনো এটা ঘটনাৰ বা বিষয়ৰ ওপৰত বিশ্বাস আৰু সততাৰে আগবঢ়োৱা ৰায়ে হ'ল ন্যায়। এজন ব্যক্তিৰ ক্ষেত্ৰত স্বাভাৱিক পৰিস্থিতিত বা পৰিৱেশত ব্যক্তি এজনক তাৰ প্ৰাপ্যখিনি উচিত সিদ্ধান্তৰে প্ৰদান কৰাই হৈছে ন্যায়।

    ন্যায়ৰ সংকল্পনাৰ ক্ষেত্ৰত বহু দিশ মানি চলা প্ৰয়োজন হয়। যেনে পৰিৱেশৰ লগত সংগতি ৰাখিহে কোনো কাৰ্যৰ ন্যায্যতা বিচাৰ কৰা উচিত। দ্বিতীয়তে, ন্যায় নৈতিকতাৰ সৈতে জড়িত। তৃতীয়তে, ন্যায় পুৰস্কাৰ বিতৰণ বিষয়ৰ লগতো জড়িত। অৰ্থাৎ যিসকল লোকে দেশৰ প্ৰগতিৰ হকে কাম কৰে বা সেৱা আগবঢ়ায়, তেওঁলোকক পুৰষ্কৃত কৰা কাৰ্যইহে ন্যায়ক বুজায়।
         ---------+++++++++++++----





মনত ৰাখোঁ আহক....

 ১/     সু-সম্প্ৰদায়ৰ পৰিৱেশৰ মাধ্যমত শিশুৰ চৰিত্ৰত সু-অভ্যাস গঢ় লৈ উঠে আৰু ভগ্ন পৰিয়াল বা কু-সম্প্ৰদায়ৰ পৰিৱেশৰ মাধ্যমেৰে কু-অভ্যাস গঢ় লৈ উঠাৰ সম্ভাৱনা থাকে।

২/ এখন বিদ্যালয়ৰ সংস্পৰ্শত থকা community বা সম্প্ৰদায়ৰ পৰিৱেশ সদায় ভাল আৰু সন্তোষ জনক হোৱা দৰকাৰ তেতিয়াহে বিদ্যালয়খনৰ পৰিৱেশো সুন্দৰ হৈ উঠিব।

৩/ এখন বিদ্যালয় সম্প্ৰদাযৰ লগত প্ৰগাঢ় সম্পৰ্ক আছে বুলি ইয়াৰ পৰাই ক'ব পৰা যায়।



           ডাঠ কুঁৱলীৰ আচ্ছাদন ।





-----------+++++++++-------++++++++--------


Thursday, January 7, 2021

শৰীৰৰ যিকোনো হাড় ভাঙিলে কি কৰিব জানো আহক Let's come to know what we do if fracture of bones of our body.


শৰীৰৰ যিকোনো হাড় ভাঙিলে কি কৰিব জানো আহক !

হাড় কেতিয়া ভাঙে ?

   যেতিয়া বিভিন্ন কাৰণত  ব্যক্তি এজন দুৰ্ঘটনাত পতিত হয় , তেতিয়া ব্যক্তি জনৰ হাড় ভাঙিব পাৰে। হাড় আংশিক বা সম্পূৰ্ণৰূপে ভাঙিব পাৰে। বয়সৰ মাত্ৰা অনুসৰি আঘাতপ্ৰাপ্ত ব্যক্তিৰ হাড় লগলাগে । আঘাতপ্ৰাপ্ত ব্যক্তিৰ বয়স কম হ'লে অতি সহজে ভঙা হাড় join হয়, কিন্তু ব্যক্তি জনৰ বয়স বেছি হ'লে ভঙা হাড় লগলাগিবলৈ কিছু অসুবিধা হয়। পিছে দুৰ্ঘটনা ডাঙৰ সৰু বাছনি কৰি নহয় । গতিকে সাৱধানতাই হ'ল ইয়াৰ উচিত প্ৰতিৰোধ। 
     হাড় ভঙা কাৰ্যক বা দুৰ্ঘটনাক সাধাৰণতে তিনিটা ভাগত ভগাব পৰা যায়। খুব সাধাৰণভাৱে ভাঙিলে সৰল ভাৱে ভগা, মধ্যমীয়া হ'লে মিশ্ৰ আৰু খুব বেছি পৰিমাণে ভাঙিলে জটিল ভাৱে ভঙা বুলি কোৱা হয়। সংক্ষিপ্ত ৰূপত সৰল, মিশ্ৰ আৰু জটিল। আকৌ সৰল অৱস্থাক বহু ভঙ্গুৰ , মিশ্ৰ অৱস্থাক অসম্পূৰ্ণ ভংগ আৰু জটিল অৱস্থাক পৰস্পৰ সংবিদ্ধ ভঙ্গুৰ বোলা হয়।
    
   হাড় ভঙাৰ ক্ষেত্ৰত লবলগীয়া প্ৰাথমিক চিকিৎসা হ'ল ভঙা অংশত বেছি ক্ষয় ক্ষতি নহ'বৰ বাবে ব্যৱস্থা কৰা যাতে মিশ্ৰ বা জটিল পৰ্য্যায়লৈ ইয়াক গতি কৰাৰ পৰা প্ৰতিৰোধ কৰিব পাৰি।
  

প্ৰাথমিক প্ৰতিবিধান ::

১/ হাড় ভঙা অংশত তেজ ওলালে প্ৰথমে তেজবোৰ চাফা কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু পৰিষ্কাৰ কাপোৰেৰে ঢাকি ৰাখিব লাগে।
২/ভঙা অংশ লৰচৰ কৰিব নোৱাৰাকৈ সংবদ্ধ নকৰা পৰ্যন্ত আহতজনক কেতিয়াও স্হানান্তৰ কৰিব নালাগে।
৩/আহত অংশ সহজে লৰচৰ কৰিব নোৱাৰাকৈ কোমল কাপোৰেৰে বান্ধি দিব লাগে যাতে আহতজনক ওঠাওতে বেছি দুখ নাপায়।
৪/হাড ভাঙি বাহিৰ হৈ থাকিলে তাক ভিতৰত সোমাই দিয়াৰ প্ৰয়াস নকৰিব। তেনে কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা ই অধিক।
৫/আহতজনক তাৎক্ষণিকভাৱে ওচৰৰ চিকিৎসালয়লৈ স্হানান্তৰ কৰাৰ বন্দোবস্ত কৰিব লাগে।
 











  ----+++-----------+++++-------++++++-----++----

Monday, January 4, 2021

জীৱৰ বাসস্থান আৰু অভিযোজন

     অভিযোজন কি ?

     বিভিন্ন সময়ত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু সমূহে নিজক জীয়াই ৰাখিবৰ কাৰণে পৰিৱেশ পৰিস্থিতি সাপেক্ষে খাপ খুৱাই চলিব লগা হয়। কিছুমান জীৱ অত্যধিক গৰমত আৰু আন কিছুমান জীৱ অত্যধিক শীত অঞ্চলত বাচি থাকিবলৈ সক্ষম। এই পৰিৱেশৰ তাৰতম্য অৱস্থাৰ লগত তাল মিলাই চলা কাৰ্যকেই বা চলিব পৰা ক্ষমতাই হৈছে অভিযোজন। 
       বিভিন্ন পৰিস্থিতিতন্ৰত বাস কৰা প্ৰাণীবোৰ সাধাৰণতে এনেধৰণৰ হ'ব পাৰে।
 

       স্হলজ বা হাবিত থকা প্ৰাণী:: 

      হাবিত থকা প্ৰাণীৰ ভিতৰত বাঘ, হাতী, সিংহ, শিয়াল, বনৰীয়া মহ, বনৰীয়া মেকুৰী, বনৰীয়া মহ, বনৰীয়া ঘোঁৰা, বিভিন্ন প্ৰজাতিৰ চৰাই, সৰীসৃপ প্ৰাণী, ভালুক,হৰিণ, জিৰাফ,জেব্ৰা , গড়, বান্দৰ,.... আদিয়েই প্ৰধান। স্হলজ প্ৰাণী বিলাকে নিজৰ ঠাইত জীয়াই থাকিবলৈ ঠাইখনৰ জলবায়ু আৰু পৰিৱেশ পৰিস্থিতি অনুসৰি বিভিন্ন উপায়েৰে বাসস্থান সাজি অভিযোজন কৰিব যত্ন কৰে। সৰীসৃপ জাতীয় প্ৰাণী বিলাকে গাতত, বান্দৰে গছৰ খোৰুংত, বাঘ,সিংহ,জিৰাফ, জেব্ৰা আদি প্ৰাণী বিলাকে গুল্মজাতীয় জোপোহা উদ্ভিদৰ তলত বাস কৰে । এইদৰে বতাহ, বৰষুণ, শিলাবৃষ্টি আদি প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰি জীৱন নিৰ্বাহ কৰে।
    

পানীত থকা প্ৰাণী বা জলচৰ জীৱ ::

    জলত বাস কৰা প্ৰাণীবোৰক জলচৰ প্ৰাণী বা জীৱ বোলে। বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, কুচিয়া, সৰীসৃপ প্ৰাণী, বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, চৰাই চিৰিকতি, উদ , আদি প্ৰাণী বিলাকে পৰিস্হিতিতন্ত্ৰৰ লগত খাপ খুৱাই চলিবলৈ বিভিন্ন পন্থাৰ অৱলম্বন কৰে। মাছে পানীৰ তলিত থকা সৰু সৰু বন জাতীয় উদ্ভিদ বিলাক আশ্ৰয় হিচাপে ব্যৱহাৰ কৰে, পানীৰ সৈতে থকা অক্সিজেন গ্ৰহন কৰি উশাহ-নিশাহ লয় আৰু পানীৰ তলিত বাস কৰিবলৈ সক্ষম । কুচিয়া পানীৰ তলিত থকা মাটিৰ তলৰ গাতত নতুবা পানী যুঁৱলিত গাত খান্দি থাকে, কাছই বোকাৰ তলত নিজক বচাবলৈ সোমাই থাকে। একেদৰে বতিয়া মাছ,শিঙি মাছ আদি বোকাত আশ্ৰয় লৈ পৰিৱেশৰ লগত অভিযোজন কৰে।  
    
     সাগৰত থকা প্ৰাণীবোৰেও বিভিন্ন উপায় অৱলম্বন কৰি তিষ্টি থকাৰ প্ৰয়াস কৰে। সৰু প্ৰাণী বিলাকে ডাঙৰ প্ৰাণী বিলাকৰ পৰা ৰক্ষা পাবলৈ একেলগে জাকপাতি শেলুৱৈ বা সাগৰীয় সৰু উদ্ভিদৰ আৰঁত নিজকে লুকুৱাই ৰখাৰ প্ৰয়াস কৰে। তিমি, হাঙ্গৰ আদি ডাঙৰ প্ৰাণী বিলাকে সাগৰীয় ঢৌ, জোৱাৰ ভাটা আদিৰ সৈতে অভিযোজন কৰিবলৈ নিজৰ দেহৰ শক্তি বৃদ্ধি কৰে বা এনে প্ৰাণীবোৰ অতি শক্তিশালী গুণ আহৰণ কৰে। এইদৰে পৰিৱেশৰ লগত খাপ খুৱাই চলিবলৈ ধৰে।
     

    মৰুভূমিত থকা প্ৰাণী ::

    মৰুভূমিত সকলো প্ৰাণীয়ে থাকিব নোৱাৰে। ইয়াত বাস কৰা প্ৰাণীবোৰৰ দৈহিক গঠন আন প্ৰাণীতকৈ কিছু পৃথক। উঁট, শিয়াল , এবিধ বিশেষ ছাগলী , ৰেটল স্নেক, নেউল, আদি প্ৰাণী বিলাক মৰুভূমিত বাস কৰে। তদুপৰি শিয়াল জাতীয় প্ৰাণী -- fennec fox, pale fox, আৰু Ruppell's fox আদিও থাকিব পাৰে।এডেস্ক (addax) নামৰ এবিধ বৃহৎ আকাৰৰ ছাগলী জাতীয় প্ৰাণী মৰুভূমি অঞ্চলত বাস কৰে। এনে প্ৰাণীবোৰে অতি কমেও এবছৰ কাল পানীৰ অবিহনে জীয়াই থাকিবলৈ সক্ষম। ইয়াৰোপৰি Dorcas gazelle, Rhim gazelle, আৰু dama gazelle নামৰ প্ৰাণী বিলাকেও বহু দিন ধৰি পানী নোখোৱাকৈ জীয়াই থাকিব পাৰে। গুঁই বা জেঠী জাতীয় প্ৰাণীৰ ভিতৰত -- monitor lizard, hyrax, sand vipers আৰু African wild dog আদি পোৱা যায়। চৰাইৰ ভিতৰত African silver bill, আৰু  black faced firefinch আদি প্ৰাণী বিলাক মৰুভূমিত বাস কৰে। 
      মৰুভূমিৰ প্ৰাণী বিলাকে নিজৰ দেহত বহুদিনলৈ পানী সঞ্চয় কৰি ৰাখিব পাৰে। আকৌ আন কিছুমান প্ৰাণীয়ে পানী নোখোৱা কৈ বহুদিন জীয়াই থাকিব পাৰে। উঁট তেনে এবিধ প্ৰাণী। উঁটৰ কোচত পানী সঞ্চয় কৰি ৰাখে আৰু বহুদিনলৈ এই পানীৰে মৰুভূমিত কাম চলাব পাৰে। বিশেষকৈ বালিত খোজ কাঢ়িব পৰাকৈ ইহঁতৰ খুৰাৰ গঠন হয়। সেয়ে উঁটক মৰুভূমিৰ জাহাজ বুলিও কোৱা হয়। মৰুভূমিৰ তপত বালিত জীয়াই থাকিবৰ বাবে , আৰু তপত বালি ধুমুহাৰ লগত অভিযোজন কৰিব পৰাকৈ ইহঁত শক্তিশালী আৰু দেহৰ গঠন আটিল হয়। বালি ধুমুহাৰ সময়ত নিজক বচাবলৈ বালিৰ তলত গাত খান্দি সুমাই পৰে। আন কিছুমান প্ৰাণীয়ে মৰুভূমিত থকা উদ্ভিদৰ তলত আশ্ৰয় লয়। কেকটাছ হ'ল মৰুভূমিত থকা উদ্ভিদ । এনে উদ্ভিদে কাণ্ডত পানী জমা কৰি ৰাখিব পাৰে। ইয়াৰ কোনো ডালপাত নাথাকে। 

   বৰফাবৃত অঞ্চলত বাস কৰা প্ৰাণী ::

   বৰফেৰে আবৃত অঞ্চলত বাস কৰা প্ৰাণীবোৰৰ দৈহিক গঠন হ'ল- ইহঁতৰ দেহ ডাঠ নোমেৰে ঢকা । সেয়েহে এনে প্ৰাণীবোৰে ঠাণ্ডাৰ পৰা সহজে বাচি থাকিবলৈ সক্ষম। বগা ভালুক, য়াৰ্ক আদি এনে অঞ্চলত বাস কৰা প্ৰাণী। এনে প্ৰাণীবোৰে বৰফৰ পৰা বাচি থাকিবলৈ গছৰ খোৰুং বাসস্থান হিচাপে ব্যৱহাৰ কৰে।  কিছুমান প্ৰাণীয়ে আকৌ ডাঙৰ ডাঙৰ শিলৰ ফাকত থাকি পৰিৱেশৰ লগত অভিযোজন কৰে। আন কিছুমান প্ৰাণীয়ে গুহাত বাস কৰা দেখা যায়।





 ্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্্



Saturday, January 2, 2021

জুইয়ে পোৰিলে কি কৰিব জানো আহক Let's know what we should do in burning moment.

                     

       জুই মানুহৰ বন্ধু নে শত্ৰু ?‌  

       

       বিভিন্ন সময়ত বিভিন্ন কাৰণত জুইয়ে পোৰিলে আমি কি কৰা উচিত আমি জনা প্ৰয়োজন আছে। জুইয়ে পোৰা কাৰণসমূহ তলত উল্লেখ কৰা ধৰণৰ হ'ব পাৰে নেকি ? আহকচোন আলোচনা কৰি চাওঁ
    

    কাৰণসমূহ ::

     ১/ জুইৰ শিখা, ডাঙৰকৈ জ্বলা জুই, গৰম লোহা বা অন্য গৰম ধাতুৰ দ্বাৰা পোৰিব পাৰে।
     ২/ সূৰ্যৰ প্ৰখৰ তাপ, বিদ্যুত পৰিবাহীত তাঁৰ, বজ্ৰপাত আদিৰ দ্বাৰাও পোৰিব পাৰে।
      ৩/ এচিদ,এলকালিজ আদি ৰাসায়নিক পদাৰ্থৰ দ্বাৰাও পোৰা যায়।
       ৪/ নিউক্লিয়াচৰ জৰিয়তে নিৰ্গমন হোৱা তেজস্বী ৰশ্মিয়েও পোৰিব পাৰে।
        ৫/ গৰম পানী, গৰম তেল আদি দ্ৰব্যৰেও পোৰা যায়।
    
    কেৱল পোৰা কাৰণসমূহ জ্ঞাত হ'লেই নহ'ব , ইয়াৰ লগত বহু কৰণীয় কাম বা কথা সংযোজিত হৈ আছে। আমি ইয়াৰ লগত জড়িত থকা কথা সমূহ জনা দৰকাৰ। তেতিয়াহে আমি উপযুক্ত ব্যৱস্থা হাতত ল'ব পাৰিমহঁক । 

                         জুই fire

     যিকোনো কাৰণত পোৰা পাছত পোৰা অংশত চালখন ৰঙা পৰিব, জোলা উঠিব আৰু ছালখন বখলা বখলকৈ এৰি যাব পাৰে। সৰহকৈ পোৰিলে শৰীৰৰ বিভিন্ন অংগসমূহ দেই যাবও পাৰে। তেনে হ'লে আমি ডাক্তৰৰ পৰামৰ্শমতে ঔষধ ব্যৱহাৰ কৰিব লাগে। কিন্তু ওচৰে পাজৰে চিকিৎসালয় নাথাকিলে আমি নিশ্চয় অসুবিধাৰ সন্মুখীন হ'ব লাগিব। গতিকে এনে সময়ত আমি প্ৰথমে ঘটনা দেখি বেহুচ নহৈ ধৈৰ্য্য সহকাৰে বিবেচনা কৰি প্ৰাথমিক চিকিৎসা আগবঢ়োৱা উচিত।
      পোৰিলে ল'ব লগা সাৱধানতা আৰু প্ৰাথমিক চিকিৎসা : 
       ১/প্ৰথমে পোৰা ডোখৰত ঠাণ্ডা পানী অলপ লাহে লাহে ঢালি ঘা ডোখৰ চাফা কৰি দিব।
       ২/পোৰা ঘা'ত লাগি থকা কাপোৰ কানি লাগি নধৰিলে লাহে লাহে আতঁৰাই দিব। যদি লাগি থাকে তেন্তে সাৱধানে কেঁচিৰে ঘাৰ চাৰিওফালে কাটি পেলাব।
        ২/ গৰমৰ ফলত ঘা ডোখৰত উঠা জোলা কেতিয়াও নাভাঙিব বা ফুটুৱাই নিদিব।
        ৩/ সোনকালে ঘাত বতাহ নলগা কৰিবলৈ পিচল জাতীয় কাপোৰ দি ঘা ডোখৰ মেৰিয়াই দিব পাৰে কিন্তু খুব লাহেকৈ বান্ধিব লাগে।
       অলপ কমকৈ পোৰিলে উপৰত উল্লেখ কৰা ধৰণৰ ব্যৱস্থা হাতত ল'ব পাৰে। কিন্তু বেছিকৈ পোৰিলে কেনেধৰণৰ ব্যৱস্থা ল'ব। 

        বেছিকৈ পোৰিলে ল'ব লগা সাৱধানতা::

        ১/ প্ৰথমে পৰিষ্কাৰ পাতল কাপোৰেৰে ঘা ডোখৰত মেৰিয়াই দিব।
        ২/আঘাতপ্ৰাপ্ত জনক নিৰৱতা অৱলম্বন কৰিবলৈ প্ৰয়াস কৰিবলৈ আৰু ধৈৰ্য্য ধৰিবলৈ ক'ব যাতে তেওঁৰ মনোবল বৃদ্ধি হয়।
        ৩/ পোৰা অংশত লাগি থকা কাপোৰ নাতৰাঁব তাৰ সলনি পাৰিলে বিজানুমুক্ত পৰিষ্কাৰ কাপোৰেৰে বা বেণ্ডেজেৰে লাহে লাহে ঢাকি দিব।
         ৪/ অতি সোনকালে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব।


       জুইয়ে পোৰিলে ল'ব লগা সাৱধানতা: 

      
      ১/ শৰীৰৰ পিন্ধি থকা কাপোৰত জুই লাগিলে ভয়ত বীতত নহৈ মানুহজনক কম্বল বা ডাঠ বস্তা বা ডাঠ যিকোনো কাপোৰেৰে মেৰিয়াই দিব লাগে আৰু মাটিত শুৱাই দিব লাগে, তেতিয়া জ্বলা জুই নুমাই যায়।
     ২/ বিশুদ্ধ পানী কিন্তু ঠাণ্ডা পানী হ'লে অতি উত্তম জুই লগা মানুহজনৰ দেহত ঢালি দিব লাগে। তেতিয়া জ্বলা জুই নুমাই যায়।
     ৩/আন মানৱবিহীন ঠাইত জুই লাগিলে নিজৰ বিবেক বুদ্ধিৰে ততালিকে মাটিত শুই পৰিব আৰু জুই লগা ফালটো তলত পেলাব কিন্তু বেছি জোৰেৰে গা ঘহাই নিদিব, তেতিয়া জুই নুমাই যাব।
      ৪/ সাহায্য বিচাৰি জোৰেৰে চিঞৰিব প্ৰয়াস কৰিব যাতে আন মানুহে শুনা পাই ল'ৰি আহিব পাৰে।
       ৫/ জুই জ্বলি থকা অৱস্থাত মুকলি ঠাইত দৌৰি নাযাব, কাৰণ দৌৰিলে বতাহ লাগিব আৰু জুইৰ প্ৰকোপ বেছি হ'ব।

    গতিকে জুই পোৰিলে আমি পৰস্পৰে পৰস্পৰক সহায় সহযোগ আগবঢ়াবলৈ সাজু থাকিব লাগে। ইয়াৰ জৰিয়তে আমি আমাৰ মানৱীয় গুণসমূহ প্ৰতিফলিত কৰিব পাৰোহঁক ।




    পোৰাৰ ফলত শৰীৰত দেখা দিয়া কেইটামান লক্ষণ:::

     ১/ পোৰা অংশত অত্যন্ত বিষ অনুভৱ হ'ব ।
     ২/ স্নায়ুজনিত অৱসাদ সৃষ্টি হোৱা।
     ৪/মনত ভয় ভাৱ জাগ্ৰত হোৱা।
     ৫/পোৰা অংশত বিজানুৱে আক্ৰমণ কৰাৰ ভয় থাকে
     ৬/উপশম হোৱাৰ পিছত চিন থাকি যায় আৰু কেতিয়াবা ঠাইডোখৰ মৰি যায় বা লৰচৰ কৰিব নোৱাৰা অৱস্থা হ'ব পাৰে।

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts