Sunday, March 10, 2024

মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ৪ ভাৰতীয় মহাকাশচাৰীক, ‘গগনযান’ত কোন কোন যাব মহাকাশলৈ ?জানো আহক। 4 Indian astronauts to be sent to space, who will go to space in 'Gaganyaan'? Let's know.

মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ৪ ভাৰতীয় মহাকাশচাৰীক, ‘গগনযান’ত কোন কোন যাব মহাকাশলৈ? নাম প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। 4 Indian astronauts to be sent to space, who will go to space in 'Gaganyaan'? Let's know.

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
🌹 মহাকাশলৈ যাবলগা চাৰিজন মহাকাশচাৰী🌹
  

  মহাকাশ অভিযানত ভাৰতৰ আৰু এখোজ৷ ভাৰতে গগনযান অভিযানৰ বাবে চাৰিজন মহাকাশচাৰীক বাছনি কৰা হৈছে। তেওঁলোকৰ পৰিচয়ো প্ৰকাশ কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অঙ্গদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ শুভংশু শুক্লা।মঙলবাৰে তিৰুৱন্তপুৰমৰ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰত চাৰিজন মহাকাশচাৰীৰ নাম ঘোষণা কৰা হয়। ভাৰতীয় মহাকাশ সংস্থাই এক বিবৃতিত কয়, “গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অঙ্গদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ শুভংশু শুক্লাক দীঘলীয়া সময়ৰ প্ৰশিক্ষণৰ পিছত গগনযান অভিযানৰ বাবে নিৰ্বাচিত কৰা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক হাতত ‘এষ্ট্ৰোনোট উইং’ সুশোভিত কৰাৰ লগতে মহাকাশচাৰীৰ বেজো অৰ্পন কৰে ৷প্ৰধানমন্ত্ৰী মোদীয়ে কয় “আজি যি ঘটিছে সেয়া এক ঐতিহাসিক মুহূৰ্ত। এই কথাই প্ৰমাণ কৰিছে যে বিশ্বত ভাৰতৰ প্ৰভাৱ কিমান বাঢ়ি গৈছে । প্ৰতিখন দেশৰ বাবে এনে এক সময় আহিছে যি সময়তে বৰ্তমান প্ৰজন্মৰ লগতে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। আজি ভাৰতৰ বাবে এনেএটা মুহূৰ্ত আহিছে। আজিৰ প্ৰজন্মই ভূমি, পানী, আকাশ আৰু মহাকাশৰ ওপৰত ঐতিহাসিক দখল প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কিছুদিন আগতে, মই অযোধ্যাত কৈছিলো যে কলা চক্ৰৰ এটা নতুন চক্ৰ আৰম্ভ হৈছে। ভাৰতে বিশ্বত ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিব পাৰিছে। যিটো আমাৰ মহাকাশ কাৰ্যসূচীতো প্ৰতিফলিত হয়। ‘

মোদীয়ে লগতে কয় “তেওঁলোক (চাৰিজন মহাকাশচাৰী) মাত্ৰ চাৰিটা নাম আৰু চাৰিজন ব্যক্তি নহয়। তেওঁলোক চাৰিটা শক্তি যিয়ে, ১৪০ কোটি লোকৰ আশা-আকাংক্ষা মহাকাশলৈ লৈ যাব। ৪০ বছৰৰ পিছত কোনো ভাৰতীয় মহাকাশলৈ যাব। কিন্তু এইবাৰ সময় আমাৰ, আমি কাউন্টডাউনো কৰিম আৰু ৰকেটো আমাৰ। মই অত্যন্ত সুখী যে মই এই মহাকাশচাৰীসকলৰ সৈতে কথা পাতিবলৈ আৰু তেওঁলোকক সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ধন্যবাদ। মই তেওঁলোকক সমগ্ৰ দেশৰ হৈ অভিনন্দন জনাইছো। আপোনালোক আজিৰ ভাৰতত বিশ্বাস কৰে, আপোনালোক আজিৰ ভাৰতৰ সাহসিকতা’’৷

‘হাত জোৰ কৰি’ তেওঁ কয় যে চাৰিজন মহাকাশচাৰীয়ে অধিক কঠোৰ পৰিস্থিতিৰ মাজেৰে যাব লাগিব। তেওঁলোকে অধিক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব। তেওঁলোকক বা তেওঁলোকৰ পৰিয়ালক বিচলিত নকৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো)ই ভাৰতীয় বায়ু সেনাৰ সহযোগত মহাকাশচাৰীসকলক বাছনি কৰিছিছে। চাৰিজনে ৰাছিয়াত ১৩ মাহৰ বাবে প্ৰশিক্ষণ লৈছে। তেওঁলোকক মহাকাশত কেনেদৰে থাকিব লাগে, বৰফত কেনেদৰে নিজকে সুৰক্ষিত কৰিব লাগে, মৰুভূমিত নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে, পানীত নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে সেই বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে। উল্লেখ্য ইতিমধ্যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰাৰ বাবে গ্ৰহণ কৰা গগনযান মিছনৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে। তৰল চালিত একক পৰ্যায়ৰ পৰীক্ষা বাহন টিভি-ডি১ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা কিছুদিন পূৰ্বে মহাকাশলৈ উৰা মাৰিছিল। গগনযান অভিযানৰ সময়ত ভাৰতীয় মহাকাশচাৰীসকলৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ – ক্ৰু এস্কেপ চিষ্টেমৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছিল।

যান খনত কোনো বিজুতিয়ে দেখা দিলে তাীত থকা মহাকাশচাৰীসকলে পুনৰ পৃথিৱীলৈ কিদৰে ঘূৰি আহিব সেয়া পৰীক্ষা কৰিবলৈয়েই পৰীক্ষণটো কৰা হৈছিল। ইছৰোৰ মুৰব্বী এছ সোমনাথে ঘোষণা কৰিছিল যে মিছন সম্পূৰ্ণ আৰু প্ৰাপ্ত উদ্দেশ্য সাধন হৈছে। যান খনত ধৰা পৰা এটা বিসংগতিৰ বাবে উৎক্ষেপণ বন্ধ ৰখা হৈছিল, সেয়া সংশোধন কৰাৰ পিছত মহাকাশযানখন পুনৰ উৎক্ষেপন কৰা হয়। । উৎক্ষেপণৰ প্ৰায় ৬১.১ ছেকেণ্ড পিছত ভূপৃষ্ঠৰ পৰা ১১.৯ কিলোমিটাৰ উচ্চতাত যান খনৰ ক্ৰু এস্কেপ চিষ্টেম ৰকেট বুষ্টাৰৰ পৰা পৃথক হয়। ইয়াৰ পিছতে ই প্ৰতি ঘণ্টাত ৫৫০ কিলোমিটাৰ বেগত যাত্ৰা কৰিবলৈ ধৰে।

ইয়াৰ পিছতে ড্ৰোগ পেৰাচুট সক্ৰিয় হৈ পৰে, ফলত যানখনৰ পৃথিৱীমুখী অৱতৰণ লেহেম হয়।” ইয়াৰ পিছতে নিৰ্ধাৰিত স্থানত যান খনৰ ক্ৰু এস্কেপ চিষ্টেমে অৱতৰণ কৰিছিল।

টিভি-বি-১ ক্ৰু মডিউলটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ উপকূলৰ পৰা ১০ কিলোমিটাৰ দূৰত বংগোপসাগৰত অৱতৰণ কৰিছিল।পিছত যান খন ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰিছিল। সেই উদ্দেশ্যে এখন জাহাজ সুৰক্ষিত দূৰত্বত সাজু কৰি ৰখা হৈছিল। জাহাজ খনত সুদক্ষ ডুবাৰুও আছিল ।
গগনযান অভিযানৰ উদ্দেশ্য হৈছে এক মানৱ-বাসযোগ্য মহাকাশ কেপচুল বিকশিত কৰা, যি কেপচুলে তিনি জন মহাকাশচাৰীক তিনি দিনৰ বাবে ভূপৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ ওপৰৰ কক্ষপথলৈ লৈ যাব৷ পিছত যান খন পুনৰ ভাৰত মহাসাগৰৰ সুৰক্ষিত স্থানলৈ উভতি আহিব।

ইছৰোৱে কৈছিল যে গগনযান অভিযান সম্পূৰ্ণ হোৱাৰ পিছত মহাকাশত মানুহৰ নিৰন্তৰ উপস্থিতি সম্ভৱ হৈ উঠিব। ক্ৰু এস্কেপ চিষ্টেম পৰীক্ষা কৰাৰ উদ্দেশ্য হৈছে জৰুৰীকালীন অৱস্থাত মহাকাশচাৰীসকলক সুৰক্ষিতভাবে কেপচুলৰ পৰা কেনেকৈ উলিয়াই আনি পাৰি সেয়া পৰীক্ষা কৰা৷ গগনযানৰ চূড়ান্ত উৎক্ষেপণ পৰ্যায়ৰ আগতে অন্যান্য পৰীক্ষাও কৰা হ’ব ৷ এই অভিযানৰ বাবে প্ৰায় ৯০.২৩ বিলিয়ন ভাৰতীয় টকা (১.১বিলিয়ন ডলাৰ) আৱণ্টন কৰা হৈছে৷ 
: Copied post (দৈনিক বাৰ্তা)।



Tuesday, March 5, 2024

অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু আৰু প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা। Children with extraordinary talent and the necessary education system.

অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু আৰু প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা। Children with extraordinary talent and the necessary education system. 

🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭


   🚀 অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু বুলিলে অতি মেধাৱী শিশুৰ সম্পৰ্কে বুজা যায়। শিশুৰ বুদ্ধ্যাংকৰ ওপৰত ভিত্তি কৰি প্ৰতিভাসম্পন্ন শিশুৰ চিনাক্ত কৰিব পাৰি।মনোবিদ সকলৰ মতে যিবিলাক শিশুৰ বুদ্ধ্যাংকৰ পৰিমাণ ১৩০ তকৈ ওপৰৰ হয়, সেইবিলাক শিশুক অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু বোলা হয়।

 উল্লেখ্য যে এনে শিশুৰ প্ৰতিভা সৰ্বসাধাৰণ শিশুৰ প্ৰতিভাতকৈ বহু গুণে বেছি বা এওঁলোক বেছি প্ৰতিভাৰ অধিকাৰী হয়। ইহঁতৰ বৌদ্ধিক ক্ষমতা অধিক আৰু অসাধাৰণ গুণসম্পন্ন হয়। প্ৰতিভাসম্পন্ন শিশু সাধাৰণতে কম কথকী আৰু ভাবুক স্বভাৱৰ হয়। অৰ্থাৎ এনে শিশুৰ কিছুমান বিশেষ লক্ষণ বা বৈশিষ্ট্য পৰিলক্ষিত হয়। সংক্ষিপ্ত ৰূপত বৈশিষ্ট্যৰ সম্পৰ্কে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিলোঁ।---

১/পৰিৱেশৰ প্ৰতি সচেতন মনোভাৱ: 

২/অনুসন্ধিৎসু মনোভাৱ :

৩/ভুল শুদ্ধৰ সম্পৰ্কে সচেতন:

৪/নিজা বুদ্ধি সম্পন্ন:

৫/ বিমূৰ্ত চিন্তা শক্তি নিহিত:

৬/ সৃষ্টিমূলক কামৰ প্ৰতি ধাউতি:

৭/ নেতৃত্বৰ মনোভাৱ:

৮/শাৰীৰিক শক্তিহীনতা:


   প্ৰতিভাসম্পন্ন শিশুসকলৰ বাবে শিক্ষা কেনে হোৱা উচিত ? 

   অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুৰ বাবে ল'ব লগা শিক্ষা ব্যৱস্থা এনেধৰণৰ হ'ব পাৰে :-

১/ প্ৰতিভাৰ দিশ নিৰ্ণয় কৰাৰ ব্যৱস্থা: অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুৰ বিশেষ প্ৰতিভাৰ দিশবোৰ প্ৰথমে বিভিন্ন মানসিক অভীক্ষাৰ দ্বাৰা চিনাক্ত কৰি ল'ব লাগে। যিবোৰ দিশত এনে শিশু অসাধাৰণ বুলি প্ৰমাণিত হয় সেই দিশৰ বিকাশ আৰু সংৰক্ষণৰ প্ৰয়োজনীয় অনুশীলনৰ সুবিধা দিব লাগে। এই ক্ষেত্ৰত বিদ্যালয়ত নিৰ্দেশনা নিদান প্ৰতিষ্ঠা কৰি ব্যৱস্থা ল'ব পাৰি। 

২/ বিদ্যালয়ত অতিৰিক্ত পাঠৰ ব্যৱস্থা কৰা: যিহেতু সাধাৰণ পাঠ্যক্ৰম অসাধাৰণ শিশুৰ বাবে সহজ সেয়ে এনে তীক্ষ্ণ সম্পন্ন শিশুৰ বাবে সাধাৰণ পাঠ্যক্ৰমৰ উপৰিও অতিৰিক্ত আৰু উন্নত পাঠ্যক্ৰমৰ সংযোজন ঘটাব লাগে।

৩/ বিত্তীয় সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা: কিছুমান প্ৰতিভাসম্পন্ন শিশুৰ ঘৰুৱা অৱস্থা সুচল নোহোৱাৰ বাবে কিতাপ পত্ৰ আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰিবলৈ অসমৰ্থ হয় যাৰ বাবে তেওঁলোকৰ প্ৰতিভা কলিতে মৰহি যাবলৈ ধৰে। গতিকে এনে দুৰ্দশাগ্ৰস্ত শিশু সকলক প্ৰেৰণা যোগাবলৈ বৃত্তীয় সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ এই কাম চৰকাৰৰ নিম্ন শাসনযন্ত্ৰ পঞ্চায়তৰ দ্বাৰা কৰিব পাৰি।

৪/ শিক্ষা পদ্ধতি আৰু শিক্ষাদানৰ কৌশল উন্নত কৰিবলৈ চেষ্টা কৰা : অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুক গতানুগতিক শিক্ষা পদ্ধতিৰে সন্তুষ্ট কৰিব নোৱাৰে। সাধাৰণ মেধা সকলৰ বাবে প্ৰয়োগ কৰা কৌশলতকৈ প্ৰতিভাসম্পন্ন শিশুসকলক অধিক উন্নত কৌশলৰ প্ৰয়োজন হয়।

৫/ স্বীকৃতিসূচক ব্যৱহাৰ: সাধাৰণ শিশুসকলতকৈ অলপ বেলেগ ধৰণে শিক্ষক আৰু অভিভাৱকৰ পৰা এনে শিশুৱে ব্যৱহাৰ কৰাটো বিচাৰে। স্নেহ, সহানুভূতি আৰু প্ৰতিভাৰ স্বীকৃতি সূচক ব্যৱহাৰে এওঁলোকক শিকাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে।

৬/ অহংকাৰী নহ'বৰ বাবে পৰামৰ্শ আৰু উপদেশ প্ৰদান: এইটো সঁচা কথা যে শিশুৱে অভিভাৱক আৰু শিক্ষকৰ পৰা অধিক মৰম পালে,আদৰ সাদৰ পালে অহংকাৰী হৈ উঠাৰ সম্ভাৱনা থাকে। সেয়ে শিশুক অহংকাৰী নহ'বৰ বাবে বিশেষ দৃষ্টি ৰাখিব লাগে, উপদেশ বা নিৰ্দেশনা দিব লাগে।

৭/ গ্ৰীষ্মকালীন আৰু শীতকালীন শৈক্ষিক শিবিৰ অনুষ্ঠিতকৰণ কৰা : মধ্য ,উচ্চ আৰু উচ্চতৰ বিদ্যালয়ৰ শিশুৱে নিজৰ প্ৰতিভাৰ পৰিচয় দিব পৰাকৈ প্ৰশিক্ষণ শিবিৰ, আলোচনা চক্ৰ, কৰ্মশালা আদি অনুষ্ঠিত কৰিব লাগে।

    দৰাচলতে দেখা যায় যে তীক্ষ্ণ বুদ্ধি সম্পন্ন বা প্ৰতিভাসম্পন্ন শিশুৰ সংখ্যা তেনেই নগণ্য । গতিকে এই কম সংখ্যক শিশুৰ বাবে বিশেষ শিক্ষা ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কৃপণালী কৰা অনুচিত। দেশৰ গুৰুত্বপূৰ্ণ আৰু অতি মূল্যৱান মানৱ সম্পদ হিচাপে বিবেচনা কৰি এই প্ৰতিভাসম্পন্ন শিশুসকলক সুন্দৰ গতিত আগুৱাই যোৱাত আমি যৎপৰোনাস্তি সহায় কৰা উচিত। 



ধন্যবাদেৰে ----

লেখক :  দুদুল সোণোৱাল।




🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴




Tuesday, February 27, 2024

ব্যক্তিত্ব বা Personality ??

ব্যক্তিত্ব বা Personality??


   পৃথিৱীৰ প্ৰতিজন মানুহৰে বা ব্যক্তিৰে কিছুমান বিশেষ লক্ষণ থাকে। সেই লক্ষণ বিলাকৰ জৰিয়তে নিজৰ ৰূপটো আনৰ আগত সুন্দৰ ভাৱে বা কুৎসিত ভাৱে প্ৰদৰ্শন কৰে। মানুহৰ আগত প্ৰদৰ্শন কৰা বা প্ৰকাশ কৰা এই ৰূপটোকে মানুহৰ ব্যক্তিত্ব বুলিব পাৰি। আমি আন ধৰণেও ক'ব পাৰোঁ যে কোনো মানুহৰ শৰীৰৰ গঠন, আগ্ৰহ মনোভাৱ, কোনো দিশত থকা প্ৰৱনতা, বৌদ্ধিক সামৰ্থ্যতা, কথা কোৱাৰ ভঙ্গিমা, শৰীৰ চলনৰ লয়, আবেগ , বোধ আদি একগোট হোৱা ধাৰণাটোৱেই হ'ল ব্যক্তিত্ব। ব্যক্তিজন আচৰণগত আৰু মানসিক দিশত কিমান ভাল তাক মানুহৰ ব্যক্তিত্বই প্ৰতিফলিত কৰে।

    আপোনালোকৰ আটাইৰে নিশ্চয় জ্ঞাত যে পৃথিৱীৰ প্ৰতিজন মানুহৰে এটা ব্যক্তিত্ব শৰীৰত নিহিত থাকে। এই ব্যক্তিত্ব হ'ল ব্যক্তি এজনৰ জীয়াই থকাৰ এক প্ৰকৃত উপায়। অৰ্থাৎ ব্যক্তিত্বৰ সহায়তে প্ৰত্যেকজন ব্যক্তিয়ে চৌপাশৰ পৰিৱেশৰ লগত সমাযোজন কৰি অধিক সন্তোষজনক ভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰে। ব্যক্তিত্ব জন্মগত ভাৱে অথবা চেষ্টাৰ বলত আহৰণ কৰিব পাৰি। অতীজৰে পৰা বৰ্তমানলৈকে যিমান সন্মানীয় মানুহৰ সৃষ্টি হৈছে সেয়া নিশ্চয় ব্যক্তিত্বৰ বলতে সম্ভৱ হৈছে। আব্ৰাহম লিংকন, মহাত্মা গান্ধী, ড° এপিজে আব্দুল কালাম, গোপীনাথ বৰদলৈ হোমেন বৰগোহাঞি, নগেন শইকীয়া আদিৰ দৰে ব্যক্তিত্বৰ কথা কোনে নাজানে। 
     আব্ৰাহম লিংকনৰ ব্যক্তিত্বই তৎকালীন সময়ত আমেৰিকাৰ লগতে বিশ্বৰ সকলো মানুহকে আকৰ্ষিত কৰিছিল বুলি জনা যায়। তেওঁৰ ব্যক্তিত্বৰ পৰিচয় দিব পৰা এটা কাহিনীও আছে। কাহিনীটো কোৱাৰ আগতে আব্ৰাহম লিংকনৰ সম্পৰ্কে জনা উচিত, নহয় জানো ?
আব্ৰাহম লিংকন মুখ্যতঃ স্ব-শিক্ষিত আছিল। তেওঁৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা ইণ্টাৰেণ্ট শিক্ষকসকলৰ পৰা হৈছিল। ইয়াত কেণ্টুকীত দুটা চমু কাৰ্যকাল অন্তৰ্ভুক্ত আছিল, য'ত তেওঁ পঢ়িবলৈ শিকিছিল কিন্তু সম্ভৱতঃ লিখিব নোৱাৰিছিল, সাত বছৰ বয়সত আৰু ইণ্ডিয়ানাত, য'ত তেওঁ খেতিৰ কামত লাগিব লগা হোৱাৰ বাবে বিক্ষিপ্তভাৱে বিদ্যালয়লৈ গৈছিল । 15 বছৰ বয়সলৈ মুঠ 12 মাহতকৈ কম সময়ৰ বাবে তেওঁ বিদ্যালয়লৈ গৈছিল বুলি জনা যায় । তেওঁ এজন উৎসাহী পাঠক হিচাপেও অটল আছিল আৰু শিকাৰ প্ৰতি অতি আগ্ৰহী আছিল। পৰিয়াল, চুবুৰীয়া আৰু স্কুলীয়া সহপাঠীসকলৰ ভাষ্য অনুসৰি জানিব পাৰি যে তেওঁৰ পঢ়াৰ ভিতৰত আছিল ৰজা জেমছ বাইবেল, এচপৰ ফেবলচ,জন বুনিয়ানৰ দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছ, ডেনিয়েল ডেফ'ৰ ৰবিনছন ক্ৰুচো আৰু বেঞ্জামিন ফ্ৰেংকলিনৰ আত্মজীৱনী আদি। পৰৱৰ্তী সময়ত তেওঁ আমেৰিকাৰ 16তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 
      এইজন আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এবাৰ পথেৰে সাধ্যভ্ৰমণৰ (evening walk) বাবে ওলাই গৈছিল। সাধাৰণ পোশাকত থকা ৰাষ্ট্ৰপতিক দেখি এজন নিচলা লোকে চেলুট দিছিল। আৰু আব্ৰাহম লিংকনে সেই লোকজনৰ সন্মানক শ্ৰদ্ধা জনায় মূৰৰ টুপী খুলি তেওঁলৈ প্ৰতি চেলুট দিছিল। এই কাৰ্যই তেওঁৰ সদাচৰণ আৰু মহানুভৱতাৰ সম্পৰ্কে বাৰ্তা দিছিল। এয়াই হৈছে লিংকনৰ ব্যক্তিত্বৰ প্ৰতিফলন।
     তেনেকৈ ভাৰতৰ এপিজে আব্দুল কালাম বা আন ব্যক্তিবিলাকৰো বহু ব্যক্তিত্ব আছে আৰু যিবোৰে এতিয়াও সকলোকে আকৰ্ষণ কৰে। 
       ব্যক্তি এজনৰ ব্যক্তিত্ব কেনেধৰণৰ, ব্যক্তিজনৰ কিমান পৰিমাণৰ ব্যক্তিত্বৰ গুণ আছে আদি জানিবৰ বাবে ব্যক্তিত্বৰ পৰিমাপণ কৰিব পাৰি। ব্যক্তিত্বৰ পৰিমাপণ কৰিবৰ বাবে কিছুমান আহিলা আছে। আহিলা সমুহক এনেধৰণে বিভক্ত কৰিব পাৰি - ১/ নিৰূপক কাঠি, ২/ চিহ্নাংকণ সূচী, ৩/ প্ৰশ্নসূচী, ৪/ সাক্ষাৎকাৰ, ৫/ প্ৰক্ষেপী কৌশল আদি। এই আটাইবোৰ হৈছে অভীক্ষা পদ্ধতি। 
     ব্যক্তিৰ ব্যক্তিত্ব অতি প্ৰয়োজনীয় গুণ। আমাৰ জীৱনৰ কৰ্মৰাজি সুন্দৰ ভাৱে পৰিচালনা কৰি আগুৱাই যাবৰ বাবে ব্যক্তিত্বৰ অতিকৈ প্ৰয়োজন হয়। বিভিন্ন মেল মিটিং বা অনুষ্ঠান প্ৰতিষ্ঠান আদি গুৰি ধৰাত ব্যক্তিত্বই মানুহজনক সহায় কৰে। আমি ব্যক্তিত্ব আহৰণ কৰিব পাৰোঁ আমাৰ নিজৰ প্ৰচেষ্টা বা অভিজ্ঞতাৰ বলত। 



আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পঢ়ি ছোৱাৰ বাবে।
লেখক: দুদুল সোণোৱাল।
   


    

Saturday, February 24, 2024

স্মৃতি কাক বোলে ? ইয়াৰ উপাদান সমুহ কি কি ?What is the memory? What are its components ?

স্মৃতি কাক বোলে আৰু ইয়াৰ উপাদান সমুহ কি কি ?What is the memory? What are its components ?

❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️


     আমাৰ দৈনন্দিন জীৱনত আমি বিভিন্ন ক্ষেত্ৰৰ পৰা আহৰণ কৰা অভিজ্ঞতা সমূহক আমাৰ মানসপটত ছাপ হিচাপে ৰাখি প্ৰয়োজন সাপেক্ষে সেইবোৰ পুনৰুদ্ধাৰ কৰি চিনাক্তকৰণ কৰা মানসিক প্ৰক্ৰিয়াকে স্মৃতি বোলা হয়। অৰ্থাৎ সচেতন মনত পূৰ্বৰ অভিজ্ঞতাৰ পুনৰ জাগৰণ হোৱা কাৰ্যকে স্মৃতি বা স্মৰণ ক্ৰিয়া বোলা হয়। সেয়ে স্মৰণ প্ৰক্ৰিয়াক অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান বুলিও কোৱা হয়। 

      প্ৰতিজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ প্ৰতিটো মূহুৰ্ততে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ পৰা ভিন ভিন অভিজ্ঞতা অৰ্জন কৰে। এনে অভিজ্ঞতাবোৰ প্ৰতিটো ক্ষণতে আমাৰ মানসপটত মুদ্ৰিত হৈ পুনৰ অপসাৰিত হৈ গৈ থাকে আৰু মানুহৰ মনে অচেতন স্তৰত এই অভিজ্ঞতাবোৰৰ ছবি সংৰক্ষণ কৰে। গতিকে কেতিয়াবা পূৰ্ব অভিজ্ঞতাৰ প্ৰয়োজন সাপেক্ষে পুনৰুদ্ৰেক হয়। গতিকে কোৱা হয় যে অতীত অভিজ্ঞতাক অবিকল ভাৱে পুনৰুদ্ৰেক কৰাৰ যি মানসিক শক্তি সেয়াই হৈছে স্মৃতিশক্তি। 

     ষ্টাউট, মেকডুগেল,বাইবান আদি নামৰ মনোবিদ সকলে স্মৃতিৰ সম্পৰ্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। বাইবান নামৰ মনোবিদজনে কৈছে-"আমাৰ অভিজ্ঞতা সংগ্ৰহ কৰাৰ যি ক্ষমতা আছে সেই অভিজ্ঞতা লাভ কৰাৰ কিছু পৰৰ পিছত তাক সচেতন স্তৰলৈ আনিব পৰা যি ক্ষমতা থাকে তাকেই স্মৃতি আখ্যা দিয়া হয়।" গতিকে ক'ব পাৰি যে আমি পূৰ্বে শিকা কথা মনত পেলোৱাৰ মাজতে স্মৃতি নিহিত হৈ থাকে।

   স্মৃতিৰ কিছুমান উপাদান আছে। উপাদান সমুহ হ'ল - শিক্ষণ, সংৰক্ষণ, পুন:স্মৰণ, প্ৰত্যভিজ্ঞা আদিয়েই প্ৰধান। সংক্ষিপ্ত ৰূপত বৰ্ণনা আগবঢ়োৱা হ'ল। -

শিক্ষণ বা শিকণ : কোনো অভিজ্ঞতা লাভ নকৰাকৈ বা কোনো এটা বিষয়ৰ সম্পৰ্কে নিশিকাকৈ আমি কোনো অভিজ্ঞতা পাব নোৱাৰো ,অভিজ্ঞতা অবিহনে শিকা সম্ভৱ নহয়। সেয়ে আমি প্ৰথমে কোনো বিষয়বস্তুৰ সম্পৰ্কে শিকি মনৰ মাজত তাক মুদ্ৰিত কৰি ৰাখিব লাগিব। তেতিয়াহে পিছত সেই অভিজ্ঞতাবোৰ স্মৰণ কৰিব পাৰি। অৰ্থাৎ পৰৱৰ্তী স্মৰণ কাৰ্যৰ সাফল্য নিৰ্ভৰ কৰে এই শিক্ষা কাৰ্য বা শিকা কাৰ্য বা পঞ্জীয়ন কাৰ্যৰ ওপৰত। কোনো এটা কাম যদি অতীতত ভালদৰে মনোযোগেৰে শিকা হয় তেন্তে সেই কাম ভৱিষ্যতে স্মৰণ কৰাত আমাৰ বিশেষ অসুবিধা নহয়। গতিকে স্মৃতি ক্ষিপ্ৰ হ'বলৈ হ'লে জ্ঞান অৰ্জনৰ কাম দৃঢ় হ'ব লাগিব।

সংৰক্ষণ : অতীততে লাভ কৰা অভিজ্ঞতাৰ জ্ঞানবোৰ বা স্মৃতিবোৰ আমাৰ স্নায়ু তন্ত্ৰত সংৰক্ষিত হৈ থাকে। একেদৰে আমাৰ দৈনন্দিন জীৱনত অৰ্জন কৰা শিক্ষাক মনৰ মাজত আমি সযতনে সংৰক্ষণ কৰি ৰাখো। বৰ্তমানত লাভ কৰা অভিজ্ঞতাবোৰ মনত সাঁচি নাৰাখিলে আমি তাক স্পষ্টকৈ মনত পেলাব নোৱাৰিম।  সেয়ে অভিজ্ঞতাক বা শিকাবোৰ সম্পূৰ্ণ বুজি লৈ মনত ৰাখিবলৈ প্ৰচেষ্টা কৰিব লাগে। গতিকে সংৰক্ষণ সঠিক নহ'লে কোনোৱে মেধা শক্তি অৰ্জন কৰিব নোৱাৰে। সেয়ে এইটো এটা গুৰুত্বপূৰ্ণ উপাদান।

পুন:স্মৰণ: কোনো এটা বিষয়ত আমাৰ দৈনন্দিন জীৱনৰ কোনো সময়ত শিকা কথাবোৰ মস্তিষ্কই সংৰক্ষণ কৰাৰ পিছত তাক পুনৰ স্মৰণ কৰা কাৰ্যটোক পুন:স্মৰণ বা পুনৰুদ্ৰেক কৰা বোলা হয়। পুন:স্মৰণ আমাৰ জীৱনৰ স্মৃতিৰ গুৰুত্বপূৰ্ণ বিষয়। পুন:স্মৰণ কৰিবলৈ আমি কথাবোৰ খৰচিমাৰি শিকিব লাগে। 

প্ৰত্যভিজ্ঞা : কেৱল অতীত অভিজ্ঞতাৰ পুন:স্মৰণ হ'লেই স্মৰণ কাৰ্যৰ সম্পাদন হৈছে বুলি ক'ব নোৱাৰি যদিহে অভিজ্ঞতাৰ প্ৰতিৰূপ বিলাকক আমি পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব নোৱাৰোঁ। অৰ্থাৎ এটা অংক পূৰ্বে যিধৰণে শিকা হৈছিল, যদি তাক পুনৰাই অবিকল ৰূপত স্মৰণ কৰিব পৰা যায়, তেন্তে সেই স্মৰণেই হ'ব প্ৰত্যভিজ্ঞা। গতিকে শিকাবোৰ সঠিক হ'লে প্ৰত্যভিজ্ঞা সঠিক হয়।

     গতিকে ওপৰত আলোচনা কৰা প্ৰতিটো উৎপাদনৰ ৰূপ স্মৰণত সংমিশ্ৰণ ঘটিলেহে তাক সঠিককৈ স্মৃতি বুলিব পাৰি। প্ৰতিটো উপাদানৰ ৰূপ সঠিককৈ আনিবলৈ হ'লে শিকাৰ ক্ষেত্ৰত অধিক মনোযোগ,ধ্যান আদি গুণৰ সমাহাৰ ঘটিব লাগিব। 

    স্মৃতিশক্তি বৰ্দ্ধনৰ বাবে আমি বিভিন্ন কাৰ্য বা গুণৰ অধিকাৰী হ'ব লগীয়া হয়। বিশেষকৈ বিদ্যালয়ৰ পৰ্যায়ত স্মৃতিশক্তি বৰ্দ্ধনৰ উপাদান সমুহ বেছি প্ৰয়োজন আছে। আগৰ দিনত শিক্ষকে দীঘল কবিতা মুখস্থ কৰিবলৈ দিছিল। কিন্তু বৰ্তমানৰ শিক্ষাত মুখস্থ বিদ্যা সম্পূৰ্ণ পৰিত্যাগ কৰা হ'ল। অৱশ্যে এই কথা একেবাৰে সঁচা নহয়। মনত ৰখা বা মুখস্থ কৰা প্ৰায় সমপৰ্যায়ৰ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব নিশ্চয়। মনত নথলে জানো কিবা এটা কথা সংৰক্ষণ কৰিব পাৰি ?  যিকোনো বিষয়ত কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰাখিবলৈ হ'লে - গভীৰ মনোযোগ, পুন: পুন: অনুশীলন, অৰ্থপূৰ্ণ শিক্ষণ, ব্যৱহৃত শিক্ষণ, প্ৰৱল আগ্ৰহ, সক্ৰিয় প্ৰচেষ্টা, ইন্দ্ৰিয়ৰ সঠিক ব্যৱহাৰ, খণ্ড আৰু অখণ্ড পদ্ধতি, জিৰণি, পৰিৱেশৰ অৱস্থা , শাৰীৰিক আৰু মানসিক অৱস্থা, ছন্দৰ প্ৰয়োগ, ইচ্ছাশক্তি, অভিপ্ৰায় আদি উপাদান সমূহ বা গুণসমূহ আমি আয়ত্ব কৰিব প্ৰয়াস কৰিব লাগে। 

    কোনো বিষয়ত যিমানেই মনোযোগ দি শিকা হয় সিমানেই শিকা কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰৈ যায়। অৰ্থাৎ গভীৰ মনোযোগেৰে শিকা কথাবোৰ সদায় স্থায়ী হয়। আজিৰ সময়ত গভীৰ মনোযোগৰ একেবাৰে অভাৱ দেখা যায় যাৰ বাবে আজিৰ ল'ৰা ছোৱালীৰ শিক্ষা ক্ষণস্থায়ী ৰূপত পৰ্যবসিত হৈছে ( অৱশ্যে সকলোবোৰ নহয়) । শিকিবলগীয়া কথাবোৰ বাৰে বাৰে পুনৰাবৃত্তি আৰু চৰ্চা কৰিব প্ৰয়াস কৰিব লাগে, তেনে কৰিলে শিকা কথাবোৰ স্থায়ী হয়। কোনো বিষয়ত অধ্যয়ণ কৰিলে যুক্তিযুক্ত ভাৱে অৰ্থ ফঁহিয়াই শিকিব যত্ন কৰিব লাগে, তেতিয়া মানসপটত কথাবোৰ দীৰ্ঘস্থায়ী হয়। এইটো কথা সত্য যে ইচ্ছা নাথাকিলে কোনো কামে সুচাৰুৰূপে কৰিব নোৱাৰি। শিকাৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। মনৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাম কৰিলে বা শিকাত আগ্ৰহ নাথাকিলে সেই শিক্ষা কোনোকালে সাৰ্থক নহয়। আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক বিলাকে এই কথাটো ভবা উচিত। স্মৃতি শক্তি সজীৱ কৰিবলৈ পাঠ্যপুথিৰ নিস্ক্ৰিয় শিক্ষাৰ সৈতে কিছু ক্ষেত্ৰত সক্ৰিয় শিক্ষাৰ ব্যৱস্থাও সন্নিৱিষ্ট কৰা উচিত। 

    কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰাখিবলৈ খণ্ড আৰু অখণ্ড পদ্ধতি এটা ভাল পদ্ধতি। শিকিবলগীয়া কথাবোৰ মনত ৰাখিবৰ বাবে সদায় খণ্ড খণ্ডকৈ বা ভাগ ভাগকৈ আৰু অখণ্ডকৈ বা সম্পূৰ্ণকৈ শিকিব চেষ্টা কৰিব লাগে। তেতিয়া সহজে কথাবোৰ মনত ৰৈ যায়। শিক্ষা পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। গতিকে পৰিৱেশটো শিক্ষাৰ্থীৰ বাবে সদায় শিক্ষাৰ অনুকুল হোৱা প্ৰয়োজন। হাই উৰুমি,কোলাহল পূৰ্ণ পৰিৱেশত শিকাবোৰ স্থায়ী নহয়।         উপৰোক্ত নিয়মবোৰ মানি চলি পঢ়িলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে শিকাত উপকৃত হ'ব।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

লেখক :  দুদুল সোণোৱাল।





🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺







Sunday, February 11, 2024

শৈক্ষিক পৰিসংখ্যা বিজ্ঞান আৰু ইয়াৰ প্ৰয়োজনীয়তা।Academic statistics science and its requirements.

শৈক্ষিক পৰিসংখ্যা বিজ্ঞান আৰু ইয়াৰ প্ৰয়োজনীয়তা।Academic statistics science and its requirements.

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷

  🖊️শৈক্ষিক পৰিসংখ্যা হৈছে শিক্ষাৰ ক্ষেত্ৰত শিক্ষক, শিক্ষাবিদ, মনোবিজ্ঞানী আৰু আন আন বিষয়ক শিক্ষাৰ লগত জড়িত শিক্ষক আদিয়ে বিভিন্ন ক্ষেত্ৰ পৰ্যবেক্ষণ কৰি নানান ধৰণৰ তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা শিক্ষাৰ মাধ্যম। সাধাৰণতে যিকোনো বিষয়ত সংগৃহীত প্ৰাথমিক তথ্যবোৰ খেলিমেলি বা বিশৃঙ্খল হৈ থাকে ফলত সহজে ইয়াৰ সম্পৰ্কে বুজিব পৰা নাযায়। সেয়ে যিকোনো শৈক্ষিক সংগৃহীত তথ্যবোৰ কিছুমান নীতি-নিয়মৰ দ্বাৰা সজাই লৈ তাৰ গড়, মধ্যমা,বহুলক, চতুৰ্থক বিচ্যুতি, মানক বিচ্যুতি, সহ-সম্বন্ধ, গুণাংক নিৰ্ণয় আদি ভাগত বিভক্ত কৰি শিক্ষাৰ মানদণ্ড নিৰূপণ কৰা হয়। এই পৰিসংখ্যাকেই শৈক্ষিক পৰিসংখ্যা বুলি কোৱা হয়।

     পৰিসংখ্যাৰ এটা অংশ হৈছে শৈক্ষিক পৰিসংখ্যা। বিশেষকৈ আনুষ্ঠানিক শিক্ষাৰ গণিত বিষয়ত এই বিষয়বস্তু বৰ্তমানৰ শিক্ষাত গুৰুত্বপূৰ্ণ ভাৱে আলোচনা কৰা হয়। তথ্যৰ ব্যৱহাৰ, স্থানাংক জ্যামিতি আদি শৈক্ষিক পৰিসংখ্যাৰ প্ৰতিফলন ঘটিছে। বহুলক নিৰ্ণয়, মধ্যমা নিৰ্ণয়, মধ্যমান নিৰ্ণয়, প্ৰসাৰ আদি হৈছে ইয়াৰ উদাহৰণ।
      সংক্ষিপ্ত ভাৱে পৰিসংখ্যাৰ উপাদান সমুহৰ ব্যাখ্যা আগবঢ়োৱা হ'ল -
তথ্য : তথ্য হৈছে কোনো বিষয়ত অধ্যয়ণ কৰিব খোজা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংগৃহীত সম্ভেদ বা বিৰৱণ। যেনে-১/ এজন শিক্ষকে আহৰণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ উচ্চতাৰ তথ্য। ২/ দহ খন গাঁওৰ গাঁৱবুঢ়া সকলৰ হিচাবৰ তথ্য আদি।

বহুলক: ‌সামগ্ৰীৰ যিকোনো শ্ৰেণীত যিটো সংখ্যা আটাইতকৈ সৰহবাৰ পোৱা যায় তাকে সামগ্ৰী সমূহৰ বহুলক বা সংখ্যাগুৰু মান বা ম'ড বুলি কোৱা হয়। যেনে - ৫২ , ৪৫, ৪৭, ৫২, ৫৫, ৫২, ৬১, ৫২, ৫৬, ৫৯ এই তথ্য ৰাশিত আটাইতকৈ বেছি বাৰ পোৱা সংখ্যা হ'ল ৫২ । গতিকে তথ্য ৰাশিৰ বহুলক ৫২ । সাধাৰণতে বহুলক নিৰ্ণয় কৰিবলৈ গণিতত উৰ্দ্ধক্ৰমৰ সহায় লোৱা হয়। 
 বহুলকৰ সুবিধাসমূহ: 
     ক) বহুলক বুজিবলৈ বৰ সহজ।
     খ) বহুলক নিৰ্ণয় কৰিবলৈ বৰ সহজ।
     গ) বিভাজনৰ এটা বা দুটা সীমামূৰীয়া চৰম ৰাশিৰ প্ৰতি বহুলক সংবেদনশীল নহয় অৰ্থাৎ এনে চৰম ৰাশিৰ মানৰ ওপৰত বহুলক নিৰ্ভৰ নকৰে।

মধ্যমা: মান অনুযায়ী তথ্যৰ ৰাশিবিলাকক নিম্নতম মানৰ পৰা একাদিক্ৰমে উচ্চতম মানলৈ অৰ্থাৎ উৰ্দ্ধক্ৰমত সজাই লোৱাৰ পাছত একেবাৰে সোঁমাজত পৰা ৰাশিৰ মানেই হ'ল মধ্যমা। কোনো অসমূহিত তথ্যৰ ৰাশিবিলাকৰ মধ্যমা নিৰ্ণয় কৰা সূত্ৰটো হৈছে -
১/ Mean= N+1 ÷ 2
২/ Mean= মাজৰ সংখ্যা দুটাৰ সমষ্টি ÷ ২


মধ্যমান বা গড় : কিছুমান ৰাশি যোগ কৰি যোগফলক ৰাশিৰ মুঠ সংখ্যাৰে হৰণ কৰি পোৱা মানকে ৰাশিবিলাকৰ গড় বুলি কোৱা হয়। যেনে ওপৰৰ ৰাশিৰবোৰৰ গড় হৈছে = ৫৫ ÷ ১০ = ৫.৫ (১+২+৩+৪+৫+৬+৭+৮+৯+১০) 
সূত্ৰ: গাণিতিক গড় বা গড়= ∑ X ÷ N ( ∑ X মানে তথ্যৰ সমষ্টি আৰু
N মানে তথ্যৰ সংখ্যা) (∑ ৰ সম্পূৰ্ণ অৰ্থ Summation আৰু X=( x1 + x2 + x3 +….+xn) বা ( ১+২+৩+৪+৫+৬+৭+৮+৯+১০ আদি)

গাণিতিক গড়ৰ সুবিধা: 
     গাণিতিক গড়ৰ সুবিধাসমূহ হৈছে -
ক) গাণিতিক গড়ৰ সংজ্ঞা স্পষ্ট আৰু কটকটীয়া সেইবাবে গাণিতিক গড় নিৰ্ণয় কৰোঁতে ইয়াৰ মানৰ তাৰতম্য হোৱাটো ভয় নাথাকে।
খ) গাণিতিক গড়ৰ বিভাজনৰ আটাইবিলাক সামগ্ৰীৰ পৰা নিৰ্ণয় কৰা হয়। সেয়েহে ই গোটেই বিভাজনকে প্ৰতিনিধিত্ব কৰে।
গ) গাণিতিক গড়ৰ নিৰ্ভৰ ভালেমান বীজগণিতীয় ব্যৱহাৰ আছে।
ঘ) গাণিতিক গড়ৰ নিৰ্ভৰযোগ্যতা আছে।

বিস্তৃতি বা প্ৰসাৰ : প্ৰসাৰ হৈছে সামগ্ৰীৰ বা তথ্যৰ উচ্চতম আৰু নিম্নতম মানৰ অন্তৰ বা বিয়োগফল।যেনে= ১,২,৩,৪,৫,৬,৭,৮,৯,১০ তথ্যৰাশিৰ উচ্চতম মান ১০ আৰু নিম্নতম মান হ'ল ১ , ইহঁতৰ অন্তৰ ১০-১= ৯ অৰ্থাৎ প্ৰসাৰ মান হ'ল ৯ ।

গড় বিচ্যুতি : গড় বিচ্যুতি নিৰ্ণয়ৰ সূত্ৰ হ'ল
        গড় বিচ্যুতি = ∑ fx/N বা ∑ fx ÷ N

চতুৰ্থক বিচ্যুতি: কোনো এখন বাৰংবাৰতা বিভাজন তালিকাৰ পৰা এক চতুৰ্থাংশ নিৰ্ণয় কৰাৰ পদ্ধতিটোকে চতুৰ্থক বিচ্যুতি বোলা হয়। বাৰংবাৰতা তালিকাৰ বিচ্যুতি গণনা কৰাৰ এটা পদ্ধতি হৈছে চতুৰ্থক বিচ্যুতি বা Q । ইয়াত ২৫% ক প্ৰথম চতুৰ্থক বা Q1 , ৫০% ক দ্বিতীয় চতুৰ্থক বা Q2 , ৭৫% ক তৃতীয় চতুৰ্থক বা Q3 বোলা হয়। যিকোনো বাৰংবাৰতা তালিকাৰ প্ৰথম আৰু তৃতীয় চতুৰ্থক বিচ্যুতি বা Q নিৰ্ণয় কৰিব পাৰি। 
১/ Q1 =Q3 - Q1/2
২/ Q1 =L +3N/4 - Cumf/fq × i
৩/ Q3 =L +3N/4 - Cumf/fq × i

পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা: 
    শিক্ষা , উদ্ভিদ বিজ্ঞান , অৰ্থনীতি আদি নানা বিষয়ত পৰিসংখ্যা বিজ্ঞানৰ নীতি প্ৰয়োগ কৰা হয়। বৰ্তমান কালত এনে কোনো বিষয় নাই য'ত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ হোৱা নাই। বৰ্তমান মনোবিজ্ঞানৰ ক্ষেত্ৰতো পৰিসংখ্যা বিজ্ঞান অপৰিহাৰ্য হৈ পৰিছে। ছাত্ৰৰ কৃতিত্ব পৰিমাপ কৰিবৰ বাবে সিহঁতক বিদ্যালয়ৰ পৰীক্ষাৰ নম্বৰ দিয়াটো পূৰ্বৰে পৰা চলি আহিছে। বুদ্ধি নাইবা ব্যক্তিত্ব পৰিমাপক পৰীক্ষাতো বিদ্যাৰ্থীক নম্বৰ দিয়া নিয়ম আছে। আনহাতে আমৰ দৈনন্দিন জীৱনত নানা বস্তু পৰিমাপ নিৰ্ণয় কৰাৰ প্ৰয়োজন হয় যিটো আমি ইতিমধ্যে দেখি আহিছোঁ। তদুপৰি আমি দেখিবলৈ পাওঁ যে সমাজৰ জনসাধাৰণৰ মাজত কোনো স্বাভাৱিক গুণ বা শক্তি কম বেছি পৰিমাণে সুপ্ত অৱস্থাত থাকে। সকলো মানুহৰে বুদ্ধি বৃত্তি, স্মৃতিৰ ক্ষমতা, যুক্তি শক্তি,চিন্তা কল্পনা আদি সম পৰিমাণৰ নহয়। দৈহিক গুণ বা ব্যক্তিৰ ভিতৰত পাৰ্থক্য পৰিলক্ষিত হয়। কোনোজন অতি ওখ, কোনোজন চাপৰ, কোনোজন মজলীয়া ধৰণৰ ওখ । আকৌ কোনোজন দেখিবলৈ ধুনীয়া, কোনোজন আলাগী আদি। কিছুমান বস্তুৰ ক্ষেত্ৰতো একেই পাৰ্থক্য পৰিলক্ষিত হয়। যেনে কিছুমান বস্তুৰ ওজন গধূৰ, কিছুমান বস্তুৰ ওজন পাতল, আকৌ আন কিছুমান মজলীয়া বিধৰ হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত মানুহখিনিক ওখ, চাপৰ আৰু মজলীয়া বা ধুনীয়া বা বেয়া আদি ভাগত বিভক্ত কৰি সজাব পাৰোঁ। একেদৰে সামগ্ৰী সমূহকো আমি বিভিন্ন ভাগত বিভক্ত কৰি সজাব পাৰোঁ। এইদৰে বস্তু বা সংখ্যাবোৰক ক্ৰমিকভাৱে ভাগ কৰি লোৱা কাৰ্যক শাৰীবিন্যাস বোলা হয়। এনেদৰে শাৰীবিন্যাস কৰি বস্তু এটাৰ বা কোনো এক ব্যক্তিৰ প্ৰকৃত স্হান কোন শাৰীত হ'ব তাক নিৰ্ণয় কৰি ল'ব পাৰি। এই ভাগ কিছুমান সংখ্যাৰ দ্বাৰা কৰা হয়। এই সংখ্যাবোৰক পৰিসংখ্যা বিজ্ঞানৰ মতে নম্বৰ বা স্কোৰ বোলা হয়। 
     বিদ্যালয়ত কোনো এজন ছাত্ৰৰ কিমান দক্ষতা বা নৈপুণ্য আছে সেইটো পৰিমাপ কৰিবলৈ আমি দুটা পদ্ধতি অৱলম্বন কৰিব পাৰো । এটা পদ্ধতি হৈছে কোনো এজন ছাত্ৰই কোনো কাম কিমান সময়ত শেষ কৰিব পাৰে আৰু আনটো হ'ল নিৰ্দিষ্ট সময়ৰ ভিতৰত কিমানখিনি কাম শুদ্ধ ভাৱে কৰিব পাৰে সেইটো নিৰ্ণয় কৰা। প্ৰথম ক্ষেত্ৰত সময়ৰ পৰিমাপ আৰু দ্বিতীয় ক্ষেত্ৰত কামৰ পৰিমাপেই হ'ব নম্বৰ বা স্কোৰ। যেনে - সময়ৰ ক্ষেত্ৰত ঘণ্টা, মিনিট , চেকেণ্ড আৰু ওজনৰ ক্ষেত্ৰত কিলোগ্ৰাম,গ্ৰাম আৰু উচ্চতাৰ ক্ষেত্ৰত গজ,ফুট, ইঞ্চি, মিটাৰ, চেণ্টিমিটাৰ আদি ব্যৱহাৰ কৰা হয়। গতিকে পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজন আছে। সেয়ে আমি ইয়াৰ সম্পৰ্কে জনা উচিত।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল। 


🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺





🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿









Saturday, January 27, 2024

শিশুৰ ব্যক্তিত্ব গঠনত ঘৰ বা পৰিয়ালৰ ভূমিকা।Role of home or family in shaping a child's personality.

শিশুৰ ব্যক্তিত্ব গঠনত ঘৰ বা পৰিয়ালৰ ভূমিকা। Role of home or family in shaping a child's personality.


🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿


    🚀  শিশুৰ ব্যক্তিত্ব গঠনত ঘৰ আৰু শিক্ষানুষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ঘৰখনৰ পাছতেই শিশুৰ দ্বিতীয় শিক্ষাগ্ৰহণৰ উৎস শিক্ষানুষ্ঠান। অৰ্থাৎ শিশুৰ প্ৰথম শিক্ষাগ্ৰহণৰ উৎস হৈছে ঘৰখন বা পৰিয়ালটো। উল্লেখ্য যে ইয়াৰ পাৰ্থক্য হৈছে -পৰিয়ালৰ শিক্ষা অনানুষ্ঠানিক আৰু শিক্ষালয়ৰ শিক্ষা আনুষ্ঠানিক। অনানুষ্ঠানিক শিক্ষাৰ সীমা ব্যাপক। বহু কথাই অনানুষ্ঠানিক বা ঘৰুৱা পৰিবেশৰ পৰাই আয়ত্ব কৰিব পাৰি। কেৱল প্ৰয়োজন ধৈৰ্য্য আৰু একান্ত ধাউতি। ইয়াত ঘৰ বা পৰিয়ালৰ শিশুৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত থকা ভূমিকা আৰু গুৰুত্বৰ সম্পৰ্কে থুলমূল আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিম।
  🚀  ঘৰ বা পৰিয়াল : 
    শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ প্ৰথম কঠিয়াতলি হৈছে ঘৰখন বা পৰিয়ালৰ পৰিৱেশ আৰু প্ৰথম শিক্ষক হিচাপে গণ্য কৰা হয় পিতৃ-মাতৃক । পিতৃ-মাতৃৰ যত্ন, আচাৰ-আচৰণ, অনুশাসন আদিৰ জৰিয়তেহে শিশু ডাঙৰ হৈ এজন সুস্থ সবল ব্যক্তি হিচাপে সমাজত নিজকে পৰিচয় দিব পাৰে। শিশু বা সন্তানক সেয়ে অতিৰিক্ত মৰম স্নেহ কৰাৰ পৰাও বিৰত থাকিবলগীয়া হয়। অতিপাত মৰম-চেনেহ আৰু আদৰ-সাদৰৰ ফলত বা অতিপাত শাসনে শিশুৰ সামাজিকীকৰণত বাধা আৰোপ কৰিব পাৰে। শিশুক সমাজৰ বিভিন্ন পৰিৱেশৰ সৈতে সুস্থ সমাযোজন কৰি এজন সুস্থ সবল সামাজিক ব্যক্তি হিচাপে গঢ়ি তোলাত পৰিয়ালে এক বিশেষ ভূমিকা পালন কৰিব পাৰে। এজন শিশুৱে জন্মৰ পিছৰ পৰাই পিতৃ-মাতৃৰ পৰা আচাৰ-আচৰণ,মৰম-স্নেহ, দয়া, সহযোগিতা, ধৈৰ্য্য, ত্যাগ,পৰোপকাৰী আদি মহৎ গুণসমূহ আয়ত্ব কৰিবলৈ শিকে। তদুপৰি শিশুৱে ভাষা আৰু সামাজিক ধৰ্মনিষ্ঠা মনোভাৱ আয়ত্ব কৰিব প্ৰয়াস কৰে পৰিয়ালৰ পৰাই। গতিকে শিশুৰ সুস্থ আৰু সৰ্বাংগীন বিকাশৰ বাবে পৰিয়ালে এক সুন্দৰ আৰু শিশুৰ সপক্ষে সহায়ক হোৱাকৈ ঘৰুৱা পৰিবেশ সৃষ্টি কৰা প্ৰয়োজন। যিহেতু পৰিয়ালৰ বা ঘৰখনৰ পৰিৱেশ সঠিক নহ'লে ল'ৰা-ছোৱালীৰ সামাজিকীকৰণ শুদ্ধ ভাৱে পৰিচালিত হ'ব নোৱাৰে।
     🚀এটা পৰিয়ালত বিভিন্ন সমস্যাৰ উদ্ভৱ হ'ব পাৰে। প্ৰতিজন ব্যক্তিয়ে এই ক্ষেত্ৰত অভিজ্ঞ। পৰিয়ালত থকা বিশেষ সমস্যা সমূ্হৰ ভিতৰত - হাই-কাজিয়া, বিবাহ-বিচ্ছেদ, অসামাজিক আচৰণ, মাদক দ্ৰব্য সেৱন আদিয়ে প্ৰধান। তদুপৰি পিতৃ-মাতৃৰ অত্যধিক ব্যস্ততা , বিলাসীতা আদিয়েও শিশুৰ সামাজিকীকৰণ প্ৰক্ৰিয়াত আংশিক প্ৰভাৱ পেলায়। এনে সমস্যা সমূ্হ উদ্ভৱ হোৱা পৰিয়ালত বাস কৰা বা ডাঙৰ দীঘল হোৱা ল'ৰা ছোৱালীৰ স্বভাৱ-চৰিত্ৰ , আচাৰ-আচৰণ, ভাৱ-অনুভূতি সকলোতে ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। যাৰ বাবে তেওঁলোকৰ সুস্থ সামাজিকীকৰণত বিশৃংখলতাই দেখা দিয়ে। 
      উল্লেখ্য যে এজন শিশুৱে জন্মগত ভাৱে কিছুমান সম্ভাৱনীয়তা জীৱনত লৈ আহে। উপযুক্ত সামাজিকীকৰণৰ অভাৱৰ ফলত শিশুৰ এই সম্ভাৱনীয়তা সমূহৰ পূৰ্ণ বিকাশ সাধনৰ সম্ভৱ হৈ নুঠে। সেয়েহে এই ক্ষেত্ৰত অভিভাৱক তথা পিতৃ মাতৃ সকল সদা-সচেতন হোৱাটো অতি দৰকাৰী কথা। একেদৰে অতি দুখীয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সুস্থ বিকাশ সাধন প্ৰায় অসম্ভৱ হৈ উঠে। যাৰ বাবে তেওঁলোকে সুস্থভাৱে সমাজৰ সৈতে খাপ খাব নোৱাৰা হয়। 

     শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক, আধ্যাত্মিক আদি দিশৰ বিকাশ সাধনত পিতৃ মাতৃ আৰু পৰিয়ালৰ প্ৰতিজন সদস্য সজাগ আৰু সচেতন হোৱা অতিকৈ প্ৰয়োজন। বহু ক্ষেত্ৰত দেখা যায় যে পিতৃ মাতৃৰ অজ্ঞতাৰ কাৰণে বিভিন্ন দিশত শিশুৰ অনেক চাহিদা অপূৰণীয় হৈ ৰয়। 

   🚀 গতিকে সুন্দৰ আৰু উপযুক্ত ভাৱে শিশুক সমাজৰ সৈতে খাপ খুৱাবলৈ হ'লে পৰিয়ালে এক সুন্দৰ তথা উপযুক্ত ভিটামিনযুক্ত পৰিৱেশৰ যোগান ধৰাটো অতীব প্ৰয়োজন।🙏


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক :  দুদুল সোণোৱাল।




🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴

Monday, January 8, 2024

অভিৰোচন কি? শিক্ষণ প্ৰক্ৰিয়াত অভিৰোচনৰ ভূমিকা: চমু আলোকপাত। What is the motivation ? The role of motivation in the learning process: a brief overview.

অভিৰোচন কি? শিক্ষণ প্ৰক্ৰিয়াত অভিৰোচনৰ ভূমিকা: চমু আলোকপাত।What is the motivation? The role of motivation in the learning process: A brief overview.

happy magh bihu. মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। 
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
   কেৱল কোনো উদ্দেশ্যৰ প্ৰেৰণাত যি কৰ্ম প্ৰৱনতাই দেখা দিয়ে তাক অভিৰোচন বুলিব নোৱাৰি। অভিৰোচন শব্দটো মনোবিজ্ঞানৰ মতে অতি ব্যাপক অৰ্থযুক্ত এটা শব্দ। 

     অভিৰোচন মানেই অভিপ্ৰায়ৰ সৈতে সম্পৰ্ক থকা এক অৱস্থা । উদ্দেশ্যৰ সৈতে যেতিয়া মনৰ ইচ্ছা, আকাংক্ষা, আৱেগিক অনুভূতি লগ লাগি এক মানসিক অৱস্থাৰ সৃষ্টি হয় তাকে অভিপ্ৰায় বোলা হয়। এই অভিপ্ৰায়ৰে প্ৰতিশব্দ হৈছে অভিৰোচন। অৰ্থাৎ কোনো উদ্দেশ্যপ্ৰণোদিত হ'লে মনৰ মাজত যি সক্ৰিয় আৰু গভীৰ অৱস্থাৰ সৃষ্টি হয় সাধাৰণ অৰ্থত তাকেই অভিৰোচন বোলা হয়। 

   কোনো এটা পুৰণি অৱস্থাৰ পৰা নতুন অৱস্থালৈ গতি কৰি নতুন অৱস্থাৰ সৈতে মানসিক আৰু শাৰিৰীক ভাৱে মিলিবলৈ কৰা প্ৰয়াসেই হৈছে অভিৰোচন। ইয়াতে বিষয়টো অধিক খোলচা হ'বৰ বাবে অভিৰোচনৰ সম্পৰ্কে আগবঢ়োৱা কেইজনমান মনোবিজ্ঞানীৰ সংজ্ঞা সংযোজিত কৰিলো। অভিৰোচনৰ সম্পৰ্কে বিভিন্নজন মনোবিদে ভিন ভিন সংজ্ঞা দাঙি ধৰিছে। ইয়াৰ ভিতৰত ঘাইকৈ - মেকডুগেল , গিলফোৰ্ড আদিয়ে প্ৰধান। মেকডুগেলে কৈছে," অভিপ্ৰায় হ'ল প্ৰাণীৰ ভিতৰত থকা জৈৱিক আৰু মানসিক অৱস্থা বিশেষ যি নেকি প্ৰাণীক বিশেষ আচৰণৰ সৃষ্টি কৰি তাক পৰিচালনাও কৰে।" 
    সংজ্ঞাটোৰ মতে অভিপ্ৰায় মানুহৰ জৈৱিক আৰু মানসিক অৱস্থা বিশেষ। এই অভিৰোচনে মানুহৰ আচৰণ সৃষ্টি কৰাৰ উপৰিও পৰিচালনা কৰাত প্ৰভাৱ পেলায়। 
   আন এজন মনোবিদ গিলফোৰ্ডৰ মতে,"অভিপ্ৰায় হ'ল এনে এক বিশেষ ধৰণৰ আভ্যন্তৰীণ অৱস্থা বা উপাদান যি উদ্দেশ্য প্ৰণোদিত হৈ কৰ্মৰ সক্ৰিয়তাক সৃষ্ট আৰু পুষ্ট কৰে।" 
   মানুহৰ অভিপ্ৰায় বহু পৰিমাণে অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। কোনো অভিপ্ৰেত কাৰ্যৰ পুনৰাবৃত্তি কৰি থাকিলে পিছলৈ সি অভ্যাসত পৰিণত হয়। আৰু অভিপ্ৰায় পূৰণ হ'লেই অভিপ্ৰেত কাৰ্য সমাপ্ত ঘটে। অভিপ্ৰেত কাৰ্য আৰম্ভ হোৱাৰ আগতে মানসিক প্ৰস্তুতিৰ ভাৱ মনলৈ আহে। গতিকে মানুহৰ আচৰণ আৰম্ভ কৰাৰ, বাহাল ৰখাৰ আৰু আচৰণৰ দিশ নিৰ্ণয় কৰাৰ কাৰ্য-কাৰণ বিলাককে অভিপ্ৰায় বা অভিৰোচন বোলা হয়। এইটো ধ্ৰুৱসত্য যে অভিপ্ৰেত আচৰণ স্বত:স্ফূৰ্ত আৰু মুক্ত। অভিপ্ৰেত আচৰণ ব্যক্তি এজনৰ সম্পূৰ্ণ আত্ম নিয়ন্ত্ৰণত থকাৰ বাবে তাৰ সংশোধন ইচ্ছানুসৰি কৰিব পাৰি। অভিপ্ৰেত কাৰ্যৰ আৰম্ভণিতে উদ্দীপকৰ প্ৰভাৱ অনুভূত হয়। অৱশ্যে পিছলৈ এই প্ৰভাৱ কমি আহে। 
    শিক্ষণ প্ৰক্ৰিয়াতো অভিৰোচন এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বহু ছাত্ৰ- ছাত্ৰী আছে যিসকলে কিছু বাহ্যিক আৰু আভ্যন্তৰীণ কাৰ্যৰ সৈতে মুখামুখি হ'বলৈ অপাৰগ হয়। অৰ্থাৎ অভিৰোচনৰ গুণ তেওঁলোকৰ কিছু কম। সেয়ে শিক্ষাৰ্থীৰ এই বাহ্যিক আৰু আভ্যন্তৰীণ অভিৰোচন জগাই তোলাৰ প্ৰয়োজন তেতিয়াহে শিক্ষণ কাৰ্যৰ সঠিক প্ৰয়োগ হ'ব। তলত কিছুমান পদ্ধতিৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত কৰা হৈছে।
         প্ৰথম, বিদ্যালয়ত বিভিন্ন সহপাঠ্যসূচী যেনে - খেলা- ধূলা , অভিনয়, নাটক, সংগীতানুষ্ঠান, সাহিত্যানুষ্ঠান, ক্ষেত্ৰ ভ্ৰমণ আদিৰ যোগেদি শিক্ষাৰ্থীৰ মনত অভিপ্ৰায় জাগ্ৰত কৰিব পৰা যায়।
        দ্বিতীয়তে, শিক্ষাৰ্থীক বিভিন্ন কাৰ্য কৰাওতে পুৰস্কাৰ আৰু শাস্তি প্ৰয়োগৰ দ্বাৰাও শিক্ষাৰ্থীৰ মনত অভিপ্ৰায় জাগ্ৰত কৰিব পাৰি। অৱশ্যে এই ক্ষেত্ৰত শিক্ষকৰ সতৰ্কতা আৰু সহৃদয়তাৰ প্ৰয়োজন আছে।
      তৃতীয়তে, শিক্ষাৰ্থী এগৰাকীৰ সৰু-সুৰা হ'লেও তেওঁলোকৰ কৃতিত্বৰ বাবে সঘনাই তেওঁক অৱগত কৰিব লাগে আৰু স্বীকৃতি প্ৰদানেৰে উৎসাহিত কৰিব লাগে। 
      চতুৰ্থতে, প্ৰতিটো শ্ৰেণীকোঠাৰ বাহিৰে ভিতৰে যাতে এক সুন্দৰ আৰু প্ৰেৰণাদায়ক পৰিৱেশৰ সৃষ্টি হয় তাৰ প্ৰতি জন শিক্ষকে সদায় সতৰ্ক দৃষ্টি ৰাখিব লাগে।
      পঞ্চমতে, প্ৰতিজন শিশুৱে জন্মগত ভাৱে কিছুমান আচৰণ কৰিবলৈ শিকে আৰু তেওঁলোকে জন্মগত ভাৱে প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হয়। এই জন্মগত ভাৱে লাভ কৰা প্ৰেৰণাসমূহ বা অভিপ্ৰায় সমূহ সুবিবেচনাৰে পূৰণ কৰিবৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে।
   ষষ্ঠতে, শিক্ষকে নিজেও শিক্ষাৰ্থীৰ বৃত্তি আৰু কৰ্তব্যৰ প্ৰতি সচেতন আৰু কৌশলী হ'ব লাগিব তেতিয়াহে শিক্ষাৰ্থীৰ মনত অভিপ্ৰায় জাগ্ৰত কৰিবলৈ সক্ষম হ'ব। 
    সপ্তমতে, অপ্ৰিয় হ'লেও সত্য যে শিক্ষকৰ ব্যক্তিত্ব আৰু আচৰণৰ গুণেও শিক্ষাৰ্থীৰ মনত অভিপ্ৰায় বা অভিৰোচন সৃষ্টি কৰা আৰু তাক পুষ্ঠ কৰাত সহায় কৰে। সেয়ে শিক্ষাৰ্থীক প্ৰশংসা আৰু ভৎসৰ্না সুবিবেচনাৰে প্ৰয়োগ কৰা অত্যন্ত প্ৰয়োজন ।
      অষ্টমতে, অভিৰোচনৰ বিষয়টো এজন শিক্ষকৰ শিক্ষাদানৰ দক্ষতা আৰু কৌশলৰ ওপৰতো নিৰ্ভৰ কৰে। বিশেষকৈ শ্ৰেণীকোঠাত পাঠ উপস্থাপন কৰা, প্ৰশ্ন সোধা, শৈক্ষিক সা-সঁজুলি ব্যৱহাৰ কৰা, ফলপ্ৰসূ শিক্ষা প্ৰণালী প্ৰয়োগ কৰা, শিক্ষাৰ্থীৰ সৈতে সহযোগিতা আগবঢ়োৱা আদিৰ দৰে কাৰ্যৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মনত অভিৰোচন জগাই তোলিব পাৰি।
     নৱমতে, বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নতি সাধন কৰি সহযোগিতা আৰু প্ৰতিযোগিতাৰ মনোভাৱ সুচিন্তিতভাৱে জগাই তোলিও শিক্ষাৰ্থীসকলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত প্ৰয়োজনীয় উদ্যম আৰু শক্তিৰ জগাই তোলাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে।
    দশমতে, শিক্ষাৰ্থীৰ মনত সততে উদয় হোৱা ভয় ভাৱ, দ্বিদ্ধাবোধ আদি আঁতৰাই অভিৰোচনৰ ভাৱ জাগ্ৰত কৰিব পৰা যায়।

      এনেধৰণৰ পদ্ধতিসমূহ শিক্ষণ প্ৰক্ৰিয়াত আমি সূচাৰুৰূপে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিলে নিশ্চয় প্ৰতিজন শিক্ষাৰ্থীৰ মনত অভিৰোচন সৃষ্টি হ'ব। আৰু অভিৰোচন সৃষ্টি হলেহে তেওঁলোকে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আগবাঢ়ি যাব সক্ষম হ'ব। বিদ্যালয়ত বহু ধৰণৰ আচৰণ কৰা ল'ৰা ছোৱালী আহে,কাৰণ সিহঁতৰ প্ৰত্যেকৰে ঘৰুৱা পৰিবেশ বেলেগ বেলেগ বেলেগ। পৰিৱেশ তেনেধৰণৰ হ'ব, তাৰ আচৰণো তেনেধৰণৰ হ'ব। বিদ্যালয়ৰ পৰিৱেশত কোনো পৃথক নহয়। বিদ্যালয়ত সকলো এক আৰু সেয়ে ই একক পৰিৱেশ। একক পৰিৱেশত সকলো সমান। এনে মনোভাৱ শিক্ষাৰ্থীৰ মনত জগাই তোলিব পাৰিলে তেওঁলোকৰ মনত অভিপ্ৰায় জাগ্ৰত হ'ব। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।



🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒
 



Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts