Saturday, February 22, 2025

মাতৃভাষা দিৱস আৰু ভাষা আন্দোলনৰ ইতিহাসৰ লেচেৰী বুটলি। History of Mother Language Day and Language Movement.

        মাতৃভাষা দিৱস আৰু ভাষা আন্দোলনৰ            ইতিহাসৰ লেচেৰী বুটলি। History of Mother Language Day and Language Movement.


🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷🪷
       আজি ২১ ফ্ৰেব্ৰুৱাৰী মাতৃভাষা দিৱস। নজনা লোক নিশ্চয় কমে ওলাব। তথাপি একলম লিখিবলৈ মন গ'ল। আহকচোন চাওঁ। উল্লেখ্য যে মাতৃভাষা দিৱস (International Mother Language Day) হৈছে এক আন্তৰ্জাতিক দিৱস, যিটো প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰীত পালন কৰা হয়। এই দিৱসটো ভাষাৰ বৈচিত্ৰ্য আৰু সাংস্কৃতিক পৰম্পৰাক সন্মান জনোৱাৰ লগতে ভাষাৰ অধিকাৰ ৰক্ষা কৰাৰ বাবে উৎসৰ্গিত বুলি জনা যায়। বিশ্বৰ বহু দেশে এই দিৱস উদযাপন কৰে। ইতিহাস খুচুৰি মাতৃভাষা দিৱসৰ সম্পৰ্কে কিছু তথ্য আহৰণ কৰি আপোনলোকলৈ আগবঢ়ালোঁ। 

👉 ইতিহাস:

       মাতৃভাষা দিৱসৰ প্ৰতিষ্ঠা বাংলাদেশৰ ভাষা আন্দোলনৰ সৈতে জড়িত। ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত বাংলাদেশত (তেতিয়া পাকিস্তানৰ অংশ) বাংলা ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত ছাত্ৰ-যুৱকসকলে প্ৰতিবাদ কৰিছিল। পাকিস্তান চৰকাৰে উৰ্দু ভাষাক একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰাত বাংলা ভাষী লোকসকলৰ মাজত বিৰোধৰ সৃষ্টি হৈছিল। এই প্ৰতিবাদত পুলিচে গুলীচালনা কৰি বহুতো লোকক হত্যা কৰে। এই ঘটনাই ভাষা আন্দোলনক এক নতুন মাত্ৰা দিয়ে আৰু শেষত বাংলা ভাষাক স্বীকৃতি দিয়া হয়।
         ১৯৯৯ চনত ইউনেস্কোই (UNESCO) ২১ ফেব্ৰুৱাৰীক "আন্তৰ্জাতিক মাতৃভাষা দিৱস" হিচাপে ঘোষণা কৰে। এই দিৱসটো বিশ্বজুৰি ভাষাৰ বৈচিত্ৰ্য আৰু সাংস্কৃতিক পৰম্পৰাক সন্মান জনোৱাৰ লগতে ভাষাৰ অধিকাৰ ৰক্ষা কৰাৰ বাবে উদযাপন কৰা হয়।

🖊️🖊️  উদ্দেশ্য:

     'মাতৃভাষা দিৱস'ৰ মূল উদ্দেশ্য হৈছে -ভাষাৰ বৈচিত্ৰ্য আৰু সাংস্কৃতিক পৰম্পৰাক সন্মান জনোৱা। ভাষাৰ অধিকাৰ ৰক্ষা কৰা। ভাষাৰ মাধ্যমেৰে শান্তি আৰু সহিষ্ণুতাৰ প্ৰচাৰ অব্যাহত ৰাখিবলৈ প্ৰয়াস কৰা। যিহেতু মাতৃভাষাই প্ৰতিটো জাতিৰ স্বকীয়তা বহন কৰে। সেয়ে মাতৃভাষা আমাৰ জাতিৰ কৃষ্টি আৰু সংস্কৃতিৰ পৰিচায়ক স্বৰূপ। সেয়ে সকলোৱে নিজৰ মাতৃভাষাক সন্মান আৰু শ্ৰদ্ধা জনোৱা উচিত।


🖊️🖊️ উদযাপন:

      বিশ্বজুৰি বিভিন্ন দেশত এই দিৱসটো বিভিন্ন ধৰণে উদযাপন কৰা হয়। বাংলাদেশত এই দিনটো এক জাতীয় দিৱস হিচাপে পালন কৰা হয় আৰু শ্বহীদ মিনাৰত ফুল দি ভাষাৰ বাবে মৃত্যুক আকোঁৱালি লোৱা শ্বহীদসকলক শ্ৰদ্ধা জনোৱা হয়। আমাৰ অসমতো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে উদযাপন কৰা হয়। অন্যান্য দেশতো ভাষাৰ বৈচিত্ৰ্য আৰু তাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। মাতৃভাষা দিৱসে ভাষাৰ মাধ্যমেৰে মানৱ সম্পৰ্ক আৰু সাংস্কৃতিক পৰম্পৰাক জীয়াই ৰখাৰ গুৰুত্বক সন্মান জনায়।

🖊️🖊️ভাৰতত হোৱা ভাষা আন্দোলন:

      ভাৰতৰ ভাষা আন্দোলন হৈছে এক গুৰুত্বপূৰ্ণ সামাজিক আৰু ৰাজনৈতিক আন্দোলন, যিটো প্ৰধানকৈ ভাষাৰ অধিকাৰ আৰু ভাষাৰ মাধ্যমেৰে ৰাজ্যিক পৰিচয় ৰক্ষা কৰাৰ বাবে সংঘটিত হৈছিল। ভাৰতবৰ্ষত বিভিন্ন ভাষা আন্দোলন হৈছিল, যিবোৰে দেশৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱেশত গভীৰ প্ৰভাৱ পেলাইছিল। 

🖊️ ভাৰতৰ ভাষা আন্দোলনৰ কেইটামান উল্লেখযোগ্য উদাহৰণ:


🚀 ১. বাংলা ভাষা আন্দোলন (১৯৫২):

     বাংলা ভাষাৰ আন্দোলন প্ৰধানকৈ বাংলাদেশত (তেতিয়া পূৰ্ব পাকিস্তান) সংঘটিত হৈছিল, কিন্তু ইয়াৰ প্ৰভাৱ ভাৰততো পৰা পৰিলক্ষিত হৈছিল।
তদানীন্তন পাকিস্তান চৰকাৰে উৰ্দু ভাষাক একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰাত বাংলা ভাষী লোকসকলৰ মাজত বিৰোধৰ সৃষ্টি হৈছিল। যাৰ বাবে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত বাংলাভাষী ছাত্ৰ-যুৱকসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু  তেতিয়া পুলিচে গুলীচালনা কৰি বহুতো লোকক হত্যা পৰ্যন্ত কৰিছিল।
    এই ঘটনাই ভাষা আন্দোলনক এক নতুন মাত্ৰা দিছিল আৰু শেষত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল।

🚀২.অসমীয়া ভাষা আন্দোলন (১৯৬০-১৯৭২):

        অসমীয়া ভাষা আন্দোলন হৈছে অসমত সংঘটিত এক গুৰুত্বপূৰ্ণ ভাষা আন্দোলন। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া আৰু ইয়াৰ প্ৰচাৰ আৰু প্ৰতিষ্ঠা কৰা। ১৯৫২ চনৰে পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবৰ বাবে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ সূত্ৰপাত হৈছিল। পৰৱৰ্তী সময়ত অসমৰ পুৰোধা ব্যক্তি সকলৰ আপ্ৰাণ চেষ্টাত ১৯৬০ চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়, কিন্তু ইয়াৰ পিছতো ভাষা সম্পৰ্কীয় বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল আৰু এতিয়াও অসমীয়া ভাষাৰ বিতৰ্ক অন্ত পৰা নাই। অসমীয়া ভাষাক ১৯৭২ চনত অসমৰ একমাত্ৰ অফিচিয়েল ভাষা হিচাপে স্বীকৃতি দিয়া হয়। 
     উল্লেখ্য যে অসমৰ ভাষা আন্দোলনত কেইবাজনো লোকে প্ৰাণ আহুতি দিছিল। ইয়াৰে ভিতৰত ভাষা আন্দোলনৰ প্ৰথমগৰাকী ছহিদ হিচাপে ৰঞ্জিত বৰপূজাৰীৰ নাম ইতিহাসত খোদিত হৈ আছে। ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত ৪ জুলাইৰ দিনটোতেই কটন কলেজৰ চৌহদতে নিৰ্বিচাৰ গুলীচালনাৰে ৰঞ্জিত বৰপূজাৰীক হত্যা কৰা হৈছিল । 
    

🚀৩. তামিল ভাষা আন্দোলন (১৯৬৫):

     তামিলনাডুত হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে তামিল ভাষা আন্দোলন সংঘটিত হৈছিল। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল তামিল ভাষা আৰু সংস্কৃতিৰ অধিকাৰ ৰক্ষা কৰা। ১৯৬৫ চনত হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে তামিলনাডুত ব্যাপক প্ৰতিবাদ হৈছিল। ব্যাপক আন্দোলনৰ প্ৰতি সঁহাৰি জনায় চৰকাৰে হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ পৰিত্যাগ কৰিবলৈ বাধ্য হয়। এয়াই আছিল থূলমূল কৈ তামিল ভাষাৰ আন্দোলন।

🚀৪. কন্নড় ভাষা আন্দোলন  :

     ১৯৮০চনত কৰ্ণাটকত কন্নড় ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে এই আন্দোলন সংঘটিত হৈছিল । এই আন্দোলনৰ মূল উদ্দেশ্য আছিল কন্নড় ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰতিষ্ঠা কৰা। কৰ্ণাটক ৰাজ্যৰ জনসাধাৰণৰ প্ৰৱল আন্দোলনৰ প্ৰতি সঁহাৰি জনায় শেষত কৰ্ণাটক ৰাজ্য চৰকাৰে ১৯৮০ চনত কন্নড় ভাষাক কৰ্ণাটকৰ একমাত্ৰ অফিচিয়েল ভাষা হিচাপে স্বীকৃতি দিছিল।

🚀 ভাষা আন্দোলনৰ গুৰুত্ব:

     উল্লেখ্য যে ভাষা আন্দোলনে ভাষাৰ মাধ্যমেৰে মানৱ সম্পৰ্ক আৰু সংস্কৃতিৰ পৰম্পৰাক জীয়াই ৰখাৰ গুৰুত্বক সন্মান জনায়। ইয়াৰ জৰিয়তে ভাষাৰ অধিকাৰ ৰক্ষা কৰা, ভাষাৰ বৈচিত্ৰ্য আৰু সাংস্কৃতিক পৰম্পৰাক সন্মান জনোৱা আৰু ভাষাৰ মাধ্যমেৰে শান্তি আৰু সহিষ্ণুতাৰ প্ৰচাৰ কৰা হয়। ভাৰতৰ ভাষা আন্দোলনে দেশৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱেশত গভীৰ প্ৰভাৱ পেলাইছিল আৰু ই দেশৰ একতা আৰু অখণ্ডতা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সাম্প্ৰতিক সময়ত আমি নিজ মাতৃ ভাষাৰ প্ৰতি কিমান সজাগ হৈছোঁ ? আমি ন-দি ক'ব পাৰিম নে ? চচিয়েল মিডিয়াত বৰ্তমান সময়ত নিজৰ মাতৃভাষাৰ সম্পৰ্কে বাদ বিবাদ হোৱাৰ বাতৰি অনবৰতে চাক্ষুস হয়। অথচ অসমীয়া ভাষাটো যাও যাও হোৱাৰ সন্ধিক্ষণত কিন্তু এচামে ওলোটাকৈ মৈ টনাহে পৰিলক্ষিত হয়। আহকচোন আমি সকলোৱে মাতৃভাষাৰ প্ৰতি নতুনকৈ প্ৰেমত পৰো। 
     

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

উৎস:  AI, Internet. ফটো ইন্টাৰনেটৰ পৰা সংগ্ৰহীত।

পঢ়ি চোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈


Thursday, January 23, 2025

ঢেঁকীয়া শাক আৰু আমাৰ প্ৰাত্যহিক জীৱন। Fiddlehead fern and our daily lives.

    ঢেঁকীয়া শাক আৰু আমাৰ প্ৰাত্যহিক জীৱন। Fiddlehead fern and our daily lives.  

----------------------------------

🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
         

ঢেঁকীয়া অতি সহজে পোৱা মিষ্ট আৰু পুষ্টিকৰ বনৰীয়া খাদ্য হিচাপে পৰিচিত। যুগ যুগান্তৰ ধৰি অসমীয়া সমাজত ঢেঁকীয়া শাকৰ প্ৰচলন হৈ আহিছে। 


  🚀খাটিখোৱা অসমীয়া মানুহৰ ঢেঁকীয়াৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে। হাবিৰ পৰা প্ৰাপ্ত শাক পাচলিৰ জৰিয়তে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকসকলে ৰান্ধনীশালৰ অভাৱ পূৰণ কৰে। ঢেঁকীয়া অতি সহজে পোৱা মিষ্ট আৰু পুষ্টিকৰ বনৰীয়া খাদ্য হিচাপে পৰিচিত। যুগ যুগান্তৰ ধৰি অসমীয়া সমাজত ঢেঁকীয়া শাকৰ প্ৰচলন হৈ আহিছে। কেৱল খাদ্যৰ বাবেই নহয় ইয়াক জনজাতীয় লোকসকলে পূজা অৰ্চনাতো ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। বিশেষকৈ সোণোৱাল কছাৰীসকলৰ শাক্ত পন্হীৰ সৰগদেউ পূজাত ঢেঁকীয়া ব্যৱহাৰ কৰা দেখা যায়। উল্লেখ্য যে সৰগদেউ পূজাভাগিত দেৱতাৰ নৈবেদ্য হিচাপে বিভিন্ন পিঠা, ভাত আৰু আঞ্জা ৰান্ধি আগমান কৰা হয়। এইবোৰৰ ভিতৰত ঢেঁকীয়া শাকো অন্যতম। ঢেঁকীয়াৰ এখন আঞ্জা এই পূজাত থকাটো বাধ্যতামূলক। সৰগদেউ পূজাভাগিত ঢেঁকীয়া শাকক 'ঢেঁকীয়া খাজি' হিচাপে ব্যৱহাৰ কৰে। এই 'ঢেঁকীয়া খাজি'ত থাকে- ঢেঁকীয়া, শুকান মাছ, মেছাঙী, আহম টেঙাপাত আদি । [...দেৱতাৰ নৈবেদ্য হিচাপে কেঁচা পিঠা, নিমখ , কৰ্কৰা ভাত, পাতত দিয়া পিঠা, মদমেৰা, বেতগাজ পোৰা, নাঙলভাত, আঙুলি পিঠা, সিজোৱা কল, ঢেঁকীয়া খাজি ( খাজিত থাকে ঢেঁকীয়া, শুকান মাছ, মেছাঙী ,আহম টেঙাপাত।), নলৰ চোঙাত পানী আৰু মধুৰসৰ ৰস, মকপমা,......। উৎস: প্ৰৱন্ধ "সোণোৱাল কছাৰী সকলৰ পূজা পাৰ্বন আৰু সকাম নিকাম সমূহৰ বিৱৰণ- প্ৰমোদ সোণোৱাল।"] । তদুপৰি আমাৰ সোণোৱাল কছাৰী সমাজত এটা নিয়ম আছে যে বাইথ' পূজা ভাগ নোযোৱাকৈ ঢেঁকীয়া শাক নাখাই। চ'তৰ প্ৰথম পষেকত বাইথ'পূজা হয়। সেয়ে চ'ত মাহৰ পৰাহে সোণোৱাল কছাৰীসকলে ঢেঁকীয়া শাক খাই আৰু ভাদ মাহৰ পৰা ঢেঁকীয়া খাবলৈ এৰে । 
           আনহাতে ই এবিধ বিভিন্ন উপকাৰী উপাদান যুক্ত উদ্ভিদ হিচাপেও পৰিগণিত। বিজ্ঞানী সকলে ঠাৱৰ কৰা তথ্যমতে ঢেঁকীয়াত বিভিন্ন উপাদান সঞ্চিত হৈ থাকে। ঢেঁকীয়াত থকা উপাদানসমূহৰ পৰিমাণ হৈছে এনেধৰণৰ - ঢেঁকীয়াত প্ৰটিনৰ পৰিমাণ ৮% , চৰ্বি ২% , কলেষ্টৰেল ০, ভিটামিন এ, ভিটামিন বি কমপ্লেক্স , ভিটামিন চি, ভিটামিন ই, ছডিয়াম ১% , পটাছিয়াম ৮% , মিনাৰেল কেলচিয়াম ৩% , আইৰণ ১৬% ,মেগনেচিয়াম ৮.৫% , মেংগানিজ ২২%, জিংক ৭.৫%, চেলেনিয়াম ১% । তদুপৰি বিতা কেৰোটিন, এণ্টেঅক্সিডেণ্ট, কেলচিয়াম, অমেগা ৩, অমেগা ৬ , ফছফৰাছ আদি উপাদান সমুহ উপলব্ধ ।
        ঢেঁকীয়া শাক আমাৰ সকলোৰে অতি পৰিচিত খাদ্য। ঢেঁকীয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে Fiddlehead ferns । ই এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ । বিজ্ঞানীসকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেঁকীয়াবৰ্গৰ প্ৰজাতি আছে । কিন্তু উত্তৰ-পূৰ্বাঞ্চলত কেৱল ৫ বিধমান ঢেঁকীয়াহে উপলব্ধ হয়। অসমৰ মানুহে পাঁচবিধ মান ঢেঁকীয়া জাতীয় উদ্ভিদ খাদ্য হিচাপে গ্ৰহণ কৰে। ইয়াৰে ভিতৰত কণী ঢেঁকীয়া আৰু বৰ ঢেঁকীয়া আদিহে উজনি অসমত খাদ্য হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। 
       
        ঢেঁকীয়া ঔষধি গুণেৰে সমৃদ্ধ অপুষ্পক উদ্ভিদ। ঢেঁকীয়া শাক খাদ্য হিচাপে ব্যৱহাৰ কৰি লিভাৰৰ ৰোগ নিৰাময় কৰিব পাৰি। তদুপৰি জণ্ডিছ, টিউমাৰ, ভাইৰাছজনিত ৰোগ নিৰাময়ত ই সহায় কৰে। ঢেঁকীয়াত থকা কেলচিয়াম আৰু ফচফৰাছে হাড়ৰ গঠনত সহায় কৰে। বাতনাশক গুণ সমৃদ্ধ ঢেঁকীয়া মহিলাৰ স্তন ৰোগ উপশমৰ বাবেও অতি উপকাৰী । আনকি মাতৃ দুগ্ধ উন্নতি ঘটোৱাৰ ক্ষেত্ৰতো ঢেঁকীয়াৰ প্ৰভাৱ আছে। বক্ষৰোগ, কাঁহ -শ্বাসজনিত ৰোগ, হাওঁফাওঁৰ কৰ্কটৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো যোগাত্মক প্ৰভাৱ পেলায় । বিভিন্ন উৎসৰ পৰা জানিব পৰা যায় যে ই ডায়েবেটিচ ৰোগৰ বাবেও উপকাৰী খাদ্য। আনহাতে ঢেঁকীয়া এবিধ শক্তিবৰ্ধক খাদ্য হোৱাৰ বাবে ই মানুহৰ যৌন শক্তিৰ বৃদ্ধিৰ ক্ষেত্ৰতো অৰিহণা আগবঢ়াই। ভিটামিন এ থকাৰ বাবে ঢেঁকীয়াই দৃষ্টি শক্তি উন্নতি ঘটোৱাত সহায় কৰে। তাৰোপৰি বয়োজেষ্ঠ্য ব্যক্তি সকলৰ মুখেৰে জনা অনুসৰি ঢেঁকীয়াই কৃমি নাশকৰণত সহায় কৰে। গতিকে দেখা যায় যে ঢেঁকীয়া এবিধ অতি উত্তম বনৰীয়া শাক যি ঔষধি গুণেৰে ভৰপূৰ।
      এটা কথা অনস্বীকাৰ্য যে সকলো বস্তুৰে যিদৰে ভাল আৰু বেয়া দুটা দিশ থাকে ঠিক একেদৰে ঢেঁকীয়াৰো দুটা দিশ আছে। অৰ্থাৎ ইয়াৰ উপকাৰী দিশৰ লগতে অপকাৰী দিশো বিদ্যমান। ঢেঁকীয়া শাক খাবলৈ খুব মিষ্ট। সেয়ে সদায় খাবলৈ মন যায়। কিন্তু ঢেঁকীয়া শাক সদায় খোৱা অনুচিত। কাৰণ ঢেঁকীয়া শাকত থকা আইৰণ আৰু বিভিন্ন উপাদান যথেষ্ট বেছি পৰিমাণৰ থকা বাবে একেৰাহে খালে শৰীৰ অৱশ কৰি তোলে। ভাগৰ ভাগৰ অনুভৱ হয় যাৰ ফলত টোপনিৰ পৰিমাণ বৃদ্ধি পাব ধৰে। সেয়ে হয়তো আগৰ দিনত আমাৰ অশিক্ষিত আই-পিতাইহতে ঢেঁকীয়া শাক বেছিকৈ খাব নালাগে বুলি কৈছিল। 
      ‌ যিয়েই নহওঁক ঢেঁকীয়া শাকৰ আদৰ কিন্তু অসমত ইমূৰৰ পৰা সিমূৰলৈ দিনক দিনে বৃদ্ধি পাই আহিছে। ইয়াৰ কাৰণ হৈছে বজাৰত অন্য শাক পাচলিৰ জুই ছাইৰ দাম। ইয়াৰোপৰি বজাৰত প্ৰাপ্ত প্ৰায় বোৰ শাক পাচলিত ৰাসায়নিক ঔষধ ছটিওৱা হয় বুলি সকলোৰে বদ্ধমূল ধাৰণা এটা আছেই। অৱশ্যে এইটোও সত্য যে বজাৰত প্ৰাপ্ত প্ৰায় বোৰ শাক পাচলিতে দৰৱ দিয়া হয়। নহ'লেনো অনা পাছদিনাখনেই গেলি যায় নে ? এইবোৰৰ কাৰণতে বনৰীয়া ঢেঁকীয়া শাকৰ আদৰ বৃদ্ধি পাবলৈ ধৰিছে। আনকি বৰ্তমান সময়ত নগৰ এলেকাত প্ৰতি ঘৰে ঘৰে ঢেঁকীয়া শাক, তৰা, টিকনি বৰুৱা আদি বাৰীত লগাই লোৱাও দেখা যায়। আনহাতে ঢেঁকীয়া শাকে অৰ্থনৈতিক দিশতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। আগৰ দিনত পথৰ কাষত সহজতে উপলব্ধ ঢেঁকীয়া শাক আজিকালিৰ দিনত লাগ বুলিলেও পোৱা নাযায়। মানৱসৃষ্ট পৰিৱেশে ঢেঁকীয়াৰ অৱলুপ্তিকৰণত বাৰুকৈয়ে প্ৰভাৱ পেলাব ধৰিছে। বহিৰাগত বনিয়াই হাবিয়ে হচঙে পোৱা ঢেঁকীয়া চিঙি বজাৰত বিকিবলৈ ধৰিলে। অৰ্থনৈতিক সম্ভাৱনা কঢ়িয়াই অনা ঢেঁকীয়াই যে এদিন বজাৰ দখল কৰিব আমি অসমীয়াই কেতিয়াবা ভাবিছিলো নে ? নব্বৈৰ দশকৰ আগতে বজাৰত ঢেঁকীয়া শাক বিক্ৰী কৰা বুলি আমাৰ আই-পিতাই নালাগে আন বয়োজেষ্ঠ্য সকলৰ মুখেৰেও শুনা নাছিলো। কিন্তু আজিৰ যুগত আমি কি দেখিবলৈ পাইছোঁ ? বজাৰত আনকি ঢেঁকীয়া শাকো নাটনি ! জুই ছাই দাম। এনেবোৰ কাৰণতে ঢেঁকীয়া সংৰক্ষণৰ সময় সমাগত। 

🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵🩵

প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। -- দুদুল সোণোৱাল। 
---------------------+++++--------+++++------------------

Tuesday, January 7, 2025

পৰিৱেশ তন্ত্ৰৰ শক্তিৰ প্ৰবাহ, ইয়াৰ গঠন আৰু কাৰ্যৰ বিষয়ে চমু আলোচনা। A brief discussion of the energy flow, its structure and function of the ecosystem.

পৰিৱেশ তন্ত্ৰৰ শক্তিৰ প্ৰবাহ, ইয়াৰ গঠন আৰু কাৰ্যৰ বিষয়ে চমু আলোচনা। A brief discussion of the energy flow, its structure and function of the ecosystem.

      সাধাৰণ অৰ্থত কোনো এটা কাৰ্য কৰাৰ যি ক্ষমতা তাকেই শক্তি বোলা হয়। পদাৰ্থ বিজ্ঞানৰ মতেও কোনো ব্যক্তিৰ বা বস্তুৰ কাম কৰাৰ সামৰ্থ্যই হৈছে বস্তুটোৰ শক্তি । প্ৰধানতঃ শক্তি হৈছে পদাৰ্থৰ এনে এটা বৈশিষ্ট্য বা বিশেষত্ব যাৰ সৃষ্টি বা ধ্বংস নাই। ইয়াক এটা ৰূপৰ পৰা আন এটা ৰূপলৈ লৈ যাব পাৰি আৰু এটা বস্তুৰ পৰা আন এটা বস্তুলৈ লৈ যাব পাৰি। এনে শক্তি এটা পৰিস্থিতি তন্ত্ৰত অহৰহ প্ৰবাহ হৈ থাকে বা চলি থাকে। সেয়ে জীৱবোৰ এটা পৰিস্থিতি তন্ত্ৰত জীয়াই থাকিবলৈ সক্ষম হয়। এটা পৰিস্থিতি তন্ত্ৰত নিহিত থকা শক্তিৰ প্ৰধান উৎস হৈছে সোৰজগতৰ দিনমণি বা সূৰ্য। পৰিস্থিতি তন্ত্ৰ এটাত এই শক্তি প্ৰৱেশ কৰে খাদ্য শৃংখলৰ জৰিয়তে আৰু এই শক্তি প্ৰবাহৰ দ্বাৰাই পৰিস্থিতি তন্ত্ৰ এটা সমতুল্য অৱস্থাত চলি থাকে। পৰিস্থিতি তন্ত্ৰত চলি থকা এই শক্তিৰ মুখ্য বৈশিষ্ট্য হৈছে - 

পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ একমুখী বা এটা দিশত প্ৰবাহিত হৈ থাকে। উল্লেখ্য যে খনিজ পদাৰ্থ পৰিস্থিতি তন্ত্ৰ এটাত চক্ৰীয় ভাৱে ঘূৰি থাকে। সেয়ে ই পুনৰ পুনৰ ব্যৱহাৰ হয়। কিন্তু খাদ্য শৃংখলত শক্তি পুনৰ পুনৰ ব্যৱহাৰ নহয়। পৰিস্থিতি তন্ত্ৰ এটাৰ এই শক্তি প্ৰবাহে তাপগতিৰ প্ৰথম আৰু দ্বিতীয় সূত্ৰৰ নিয়ম মানি চলে বা অনুকৰণ কৰে।

        তাপগতি বিজ্ঞানৰ প্ৰথম সূত্ৰ মতে শক্তি সৃষ্টিও কৰিব নোৱাৰি অথবা ধ্বংসও কৰিব নোৱাৰি। কিন্তু ইয়াক এটা অৱস্থা বা ৰূপৰ পৰা আন এটা অৱস্থা বা ৰূপলৈ ৰূপান্তৰ কৰিব পাৰি । সেউজীয়া উদ্ভিদে শোষণ কৰা সৌৰশক্তিক উদ্ভিদে জৈৱ ৰসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে। সেউজীয়া উদ্ভিদ উৎপাদকবোৰে শক্তিক উপভোক্তালৈ খাদ্যৰ ৰূপত কঢ়িয়াই আনে। 
        আনহাতে তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰ অনুসৰি শক্তিৰ যেতিয়া ৰূপান্তৰ হয় তেতিয়া এই কাৰ্যত ব্যৱহৃত কিছু শক্তিৰ পৰিমাণ অপচয় হয়। ইয়াৰ পৰা বুজিব পাৰি যে শক্তিৰ ব্যৱহাৰ হলে শক্তিৰ অপচয় ঘটে। অৰ্থাৎ এটা পৰিস্থিতি তন্ত্ৰত এনেদৰে অহৰহ শক্তিৰ প্ৰবাহ আৰু অপচয় ঘটি থাকে যিটোক আমি প্ৰকৃতিৰ এটা অহৰহ চলি থকা নিত্য নৈমিত্তিক ঘটনা হিচাপে গণ্য কৰিব পাৰোঁ।

    উদাহৰণস্বৰূপে এটা ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যৰ পৰিস্থিতি তন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰি বুজিবলৈ চেষ্টা কৰা যাওঁক। ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যৰ পৰিস্থিতি তন্ত্ৰত বিভিন্ন সৰু বৰ উদ্ভিদ, জীৱ-জন্তু,চৰাই-চিৰিকতি, পোক পতংগ আদি থাকিব পাৰে। অহৰহ প্ৰবাহ হৈ থকা শক্তিৰ প্ৰভাৱৰ ফলস্বৰূপে এইবোৰে এনে পৰিস্থিতি তন্ত্ৰত সুকলমে জীয়াই থাকিবলৈ সক্ষম হয়।
     উল্লেখ্য যে অতি মাত্ৰা বেছি বৰষুণ হোৱা ঠাইতবোৰত এনে চিৰসেউজীয়া অৰণ্য দেখা যায়। য'ত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত 300 চে.মি. বা ততোধিক হ'ব পাৰে। প্ৰকৃততে এনে অৰণ্যৰ অঞ্চল সমূহক বৰ্ষাৰণ্য অঞ্চল বুলিও অভিহিত কৰা হয়। বিশেষকৈ অৰুণাচল প্ৰদেশৰ নামনিৰ পাহাৰৰ পাদদদেশীয় এলেকা, অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ, আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এনে চিৰসেউজীয়া অৰণ্য দেখা যায়।  
         সাধাৰণতে চিৰসেউজীয়া অৰণ্যৰ গঠন তিনি তৰপীয়া হোৱা দেখা যায়। ইয়াৰে প্ৰথম তৰপটো অতি বৃক্ষই আৱৰি আছে। অসমৰ চিৰসেউজীয়া অৰণ্যৰ প্ৰথম স্তৰত শলক,শাল, চেগুন, উৰিয়াম, শিমলু, তিতাচপা, চোম, চহৰ, হেঙালু, খকন, হোলোং, মেকাই আদি অতি ওখ গছেৰে আবৃত হৈ থকা দেখা যায়। 
     কিন্তু দ্বিতীয়টো স্তৰ প্ৰথম স্তৰত উল্লেখিত গছবোৰতকৈ কিছু কম উচ্চতাৰ গছে গঠন কৰিছে। এই তৰপত বিশেষকৈ অমৰা, বগৰী, কুউল, গোমাৰী, বেল্কল, আমাৰি, জলফাই, কঁঠাল আদিৰ দৰে মজলীয়া আকাৰৰ গছবোৰ থাকে। 
     একেবাৰে তলৰ তৰপটো সৰু গুল্মজাতীয়, লতা জাতীয় আৰু সৰু সৰু গছ-গছনিৰ দ্বাৰা গঠিত হৈছে। বিশেষকৈ বাঘবন, দিংলতি, টংলতি,তৰা, বনকল গছ, চোৱাতপাতৰ গছ, কচু, ঢেঁকীয়া , বাঁহ, বেত, বিভিন্ন লতা জাতীয় উদ্ভিদ, বিভিন্ন অৰ্কিড-- কপৌফুল, শালিকা ফুল আদি থকাৰ উপৰিও বিভিন্ন চৰাই-চিৰিকতি, পোক-পতংগ, জীৱ-জন্তু আদিও থাকে। 
    এনেকৈয়ে এটা পৰিস্থিতি তন্ত্ৰ গঠিত হৈছে আৰু প্ৰাকৃতিক নিয়ম অনুসৰি পৰিস্থিতি তন্ত্ৰত অহৰহ শক্তিৰ প্ৰবাহ হৈ আছে, এই শক্তিৰ প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদ আৰু জীৱ-জন্তু সমূহে অভিযোজন কৰি জীৱন নিৰ্বাহ কৰি আছে। এয়াই হৈছে পৰিস্থিতি তন্ত্ৰ এটাত চলি থকা ঘটনা প্ৰবাহ আৰু ইয়াৰ কাৰ্য।



লেখাটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 
               লেখক: দুদুল সোণোৱাল।


🌷🌷🪷🪷🪷🪷🪷🌷🌷🪷🪷🪷🪷🪷🌷🌷




Thursday, December 26, 2024

শিকনৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু ইয়াৰ শৈক্ষিক গুৰুত্ব - সংক্ষিপ্ত আলোচনা।The Trial And Error Method Of Learning and its educational significance.

শিকনৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু ইয়াৰ শৈক্ষিক গুৰুত্ব - সংক্ষিপ্ত আলোচনা।

The Trial And Error Method Of Learning and its educational significance.


     🖊️ থৰ্ণডাইক নামৰ এগৰাকী মনোবিজ্ঞানীয়ে 'প্ৰচেষ্টা আৰু ভুল পদ্ধতি'ৰ আৱিষ্কাৰ কৰিছিল। তেওঁৰ সংযোগবাদ তত্ত্বৰ ওপৰত ভিত্তি কৰি এই পদ্ধতি প্ৰতিষ্ঠিত বুলি জনা যায়। 'প্ৰচেষ্টা আৰু ভুল পদ্ধতি'ৰ মতে কোনো শিকনীয় বিষয় সম্পূৰ্ণ আয়ত্তাধীন হোৱাৰ আগতে বহু বিৰামহীন প্ৰচেষ্টাৰ আৱশ্যক হয়। কামটো কৰিবলৈ কৰা প্ৰচেষ্টা সমূহৰ ক্ষেত্ৰত যথেষ্ট ভুল হ'ব পাৰে বা ভুল হোৱাৰ সম্ভাৱনা থাকে। এনে ভুল সমূহ আঁতৰাবলৈ নেৰানেপেৰা প্ৰচেষ্টাৰ আৱশ্যক হয়। যদি অবিৰতভাৱে প্ৰচেষ্টা কৰি থকা হয় তেন্তে কামটো কৰোঁতে প্ৰথম অৱস্থাত হোৱা ভুলৰ পৰিমাণ লগতে প্ৰয়োজন হোৱা সময়ৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে আৰু এটা সময়ত কামটো নিৰ্ভুলভাৱে অতি কম সময়ৰ ভিতৰতে সম্পাদন কৰিব পৰা যায়। মনোবিজ্ঞানী থৰ্ণডাইকৰ মতে এয়াই হৈছে শিকন বা শিক্ষণৰ'প্ৰচেষ্টা আৰু ভুল পদ্ধতি । অৰ্থাৎ বাৰে বাৰে কৰা ভুল আৰু প্ৰচেষ্টাৰ অভিজ্ঞতাই শেষত শুদ্ধ পথৰ সন্ধান দিয়ে। 
       মনোবিজ্ঞানী থৰ্ণডাইকে তেওঁৰ শিক্ষণৰ'প্ৰচেষ্টা আৰু ভুল পদ্ধতি' এটা বিশেষ পৰীক্ষাৰ দ্বাৰা নিৰ্ভুল ভাৱে প্ৰমাণ কৰি দেখুৱাইছিল। উল্লেখ্য যে তেওঁ এটা ভোকাতুৰ মেকুৰীৰ ওপৰত পৰীক্ষা কৰি প্ৰদত্ত পদ্ধতিটো প্ৰমাণ কৰি দেখুৱাইছিল। "তেওঁ ভোকাতুৰ মেকুৰীটো এটা বিশেষ কৌশল প্ৰয়োগ কৰি সজা এটা কৌতুক বাকচৰ ভিতৰত আবদ্ধ কৰিছিল। মেকুৰীটোৱে দেখাকৈ কৌতুক বাকচটোৰ বাহিৰত এখন থালত ভজা মাছ ৰাখিছিল। বাকচটোৰ প্ৰৱেশ পথৰ দুৱাৰখনো এনেদৰে ৰখা হৈছিল যে ইয়াক ভিতৰৰ ফালৰ পৰা এডাল ৰছী টানিলেই সহজে খুলিব পাৰি। বাকচটোৰ ভিতৰৰ পৰা মেকুৰীটোৱে বাহিৰত ভজা মাছ দেখি খোৱাৰ বাবে অস্থিৰ হৈ পৰিল আৰু বাকচটোৰ পৰা ওলাবলৈ আপ্ৰাণ চেষ্টা কৰিবলৈ ধৰিলে। বাকচটোৰ ভিতৰতে মেকুৰীটোৱে জপিয়াব আৰম্ভ কৰিলে আৰু দুৱাৰ মোকলাবৰ বাবে চৌদিশে হাতোৰাৰে আচুৰিব ধৰিলে। এনে অন্ধ প্ৰচেষ্টাৰ ব্যৰ্থ পৰিণতিৰে সি কিছু সময় কটোৱাৰ পিছত সি এবাৰ কেনেবাকৈ নিৰ্দিষ্ট ৰছীডাল টানি দিয়ে আৰু লগে লগে দুৱাৰ খন খোল খাই যায়। মেকুৰীটোৱে তৎক্ষণাৎ বাহিৰলৈ ওলাই আহি ভজা মাছখিনি খায়। এনেদৰে মেকুৰীটোৱে ভুল আৰু প্ৰচেষ্টাৰ জৰিয়তে লক্ষ্য বিন্দুত উপনীত হ'ব পাৰিলে। থৰ্ণডাইকে দ্বিতীয় বাৰৰ বাবে একেই পদ্ধতি ব্যৱহাৰ কৰি মেকুৰীটোক কৌতুক বাকচৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে আৰু বাহিৰত ভজা মাছ ৰাখি থ'লে।এইবাৰো মেকুৰীটোৱে একে ধৰণৰ আচৰণ কৰিলে কিন্তু কিছু সময়ৰ পিছত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰে দুৱাৰ খুলিব সক্ষম হ'ল আৰু লক্ষবিন্দুত উপনীত হ'ল। এনেদৰে থৰ্ণডাইকে প্ৰচেষ্টা আৰু ভুল পদ্ধতিটো পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত কৰিছিল।
         পদ্ধতিটোৰ শৈক্ষিক গুৰুত্ব: 

    প্ৰচেষ্টা আৰু ভুল পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলৰ চৰিত্ৰ গঠন, সজগুণ আৰু আচৰণ শিকনত সহায় কৰে।

       মনোবিজ্ঞানী থৰ্ণডাইকৰ মতে শিক্ষাৰ ক্ষেত্ৰত প্ৰচেষ্টা আৰু ভুল পদ্ধতিটোৰ যথেষ্ট প্ৰভাৱ আছে। প্ৰচেষ্টা আৰু ভুল পদ্ধতিটোয়ে ছাত্ৰ ছাত্ৰীসকলৰ সংক্ৰিয় অংশ গ্ৰহণত গুৰুত্ব দিয়ে । বাৰে বাৰে কৰা প্ৰচেষ্টাই এহাতে ভুলৰ পৰিমাণ কমাই আনে আৰু আনহাতে অভ্যাস গঠনত ই সহায় কৰে। দৈহিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰে শিক্ষাৰ্থী আৰু শিক্ষা বিষয়ৰ মাজত এক দেহ আৰু এক মন হিচাপে সংযোগ স্থাপন কৰা প্ৰয়োজন । ইয়াৰ দ্বাৰা চৰিত্ৰ আৰু ব্যক্তিত্বৰ সজ গুণ আৰু আচৰণসমুহ শিকন কালত ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰিব পাৰে। সেয়ে থৰ্ণডাইকৰ মতে শিক্ষণৰ মূল উদ্দেশ্য হৈছে অনুশীলনৰ জৰিয়তে অভ্যাস গঠন কৰা। বিশেষকৈ বিদ্যালয়ত গণিত শিক্ষণত এই পদ্ধতি প্ৰয়োগ কৰিব পাৰি। গণিতৰ সূত্ৰ, বুৰঞ্জীৰ চন,তাৰিখ,মাহ, কবিতা মুখস্থ, বিজ্ঞানৰ সূত্ৰ আয়ত্বকৰণত এই পদ্ধতি অতি উপযোগী। বীজগণিতৰ ক্ষেত্ৰত ৰাশিৰ সমাধান আৰু সমীকৰণ সমাধানৰ ক্ষেত্ৰত এই পদ্ধতি অতি উত্তম হিচাপে বিবেচিত। তদুপৰি জ্যামিতি শিকনতো ইয়াক প্ৰয়োগ কৰিব পাৰি। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাৰে বাৰে কৰা চেষ্টাৰ ফলত এটা নিৰ্ভুল জ্যামিতিক আকৃতি অংকন কৰিবলৈ সক্ষম হয়। শিক্ষণত আমাৰ শিক্ষক সমাজে এই পদ্ধতি অৱলম্বন কৰিলে সুফল পাব বুলি আশা কৰিব পাৰি।



🚀 পদ্ধতিটো পঢ়া শেষত তলত দিয়া প্ৰশ্ন কেইটা সমাধান কৰিবলৈ চেষ্টা কৰিবা । --

ক) 'বাৰে বাৰে চেষ্টা কৰাৰ ফলত এজন ছাত্ৰই নিজে অংকটো কৰিব পৰা হ'ল।'--> এই শিকন পদ্ধতি _________ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত।

খ) সন্তুষ্টি আৰু অনুশীলন __________ শিকন পদ্ধতিৰ মুখ্য উপাদান। 

গ) শিকনৰ "প্ৰচেষ্টা আৰু ভুল পদ্ধতি"ৰ ___________ পৃষ্ঠপোষকতা কৰিছিল।


🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
     



Monday, November 4, 2024

আখৰ জোঁটনি আৰু ইয়াৰ সমস্যাৰ সম্পৰ্কে সংক্ষিপ্ত অৱলোকন। A brief overview of the letter structure and its problems.

আখৰ জোঁটনি আৰু ইয়াৰ সমস্যাৰ সম্পৰ্কে সংক্ষিপ্ত অৱলোকন। A brief overview of the letter structure and its problems.


    🖊️আখৰ জোঁটনি হ'ল ভাষা এটাৰ লিখিত ৰূপৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বিষয়। ভাষা এটাৰ লিখন আৰু পঠনৰ বাবে বৰ্ণ বা প্ৰতীকৰ আধাৰত যি শব্দগুচ্ছ লিখা হয়, প্ৰকৃততে সেয়াই হ'ল ভাষা এটাৰ আখৰ জোঁটনি। 

     ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে পদ্ধতিগত ভাৱে যি লিখন ৰীতি ভাষা শিকণত প্ৰয়োগ কৰা হয় সেয়াই ভাষাটোৰ আখৰ জোঁটনি। আনহাতে অসমীয়া হেমকোষ অভিধানৰ মতে আখৰ জোঁটনিৰ অৰ্থ- বৰ্ণ বিন্যাস, বানান, আখৰ জোঁটোৱা আৰু উচ্চাৰণ কৰা কাৰ্য (the art of spelling) ক বুজায়। পাশ্চাত্য সাহিত্যৰ লেখক মাৰিঅ' এ পাই ( Mario A. Pai) আৰু ফ্ৰাংক গায়েনৰ (Frank Gayenor) নামৰ দুগৰাকী লেখকৰ দ্বাৰা ৰচিত ভাষাৰ অভিধান "Dictionary Of Linguistic" ৰ মতে "কথিত শব্দ এটাৰ ৰূপদানৰ পৰম্পৰাগত উপায় আৰু ইয়াৰ পৰম্পৰাগত লিখিত ৰূপদানেই হৈছে জোঁটনি।" ( The conventional way of representing also the conventional represention in writing of a spoken word.) 
     উল্লেখযোগ্য যে ভাষা এটাত ব্যৱহৃত শব্দৰ আখৰ জোঁটনি যদি সঠিক আৰু শুদ্ধ নহয় তেন্তে অৰ্থ প্ৰকাশত বিভ্ৰান্তিৰ সৃষ্টি হয়। আন ভাষাৰ দৰে অসমীয়া ভাষাটো আখৰ জোঁটনিৰ প্ৰতিশব্দ ৰূপে বৰ্ণবিন্যাস, বানান , উচ্চাৰণ আদি শব্দ সৃষ্টিত প্ৰয়োগ কৰা হয়। অসমীয়া ভাষাৰ আখৰ জোঁটনিৰ ক্ষেত্ৰত ভাষাবিদৰ দ্বাৰা কিছুমান গুৰুত্বপূৰ্ণ নিৰ্দিষ্ট নিয়ম বান্ধি দিয়া পৰিলক্ষিত হয়। আখৰ জোঁটনিৰ ক্ষেত্ৰত এনে নিয়মবোৰ মানি নচলিলে ভাষাৰ শুদ্ধ প্ৰয়োগত আউল লাগে। 
     সাম্প্ৰতিক সময়ত আখৰ জোঁটনি সমস্যাই এক গুৰুতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। অসমীয়া ভাষাৰ আখৰ জোঁটনিৰ খেলিমেলিৰ অন্তৰালত কিছুমান গুৰুত্বপূৰ্ণ সমস্যা লুকাই আছে বুলি আমি আখৰ জোঁটনিৰ সম্পৰ্কে সঠিক ভাৱে অধ্যয়ন কৰিলে ঠাৱৰ কৰিব পাৰোঁ। তলত সমস্যা সমূহৰ সম্পৰ্কে আলোচনা আগবঢ়োৱা হ'ল।
   প্ৰথম সমস্যা হ'ল আখৰ জোঁটনিৰ সুসমন্বয়ৰ অভাৱ। অসমীয়া ভাষাৰ আখৰ জোঁটনিৰ বেমেজালিৰ প্ৰধান সমস্যা বুলি ইয়াক গণ্য কৰিব পাৰি। কাৰণ অসমীয়া ভাষাত উচ্চাৰিত ধ্বনিমালা আৰু আখৰমালাৰ মাজত বৃহৎ প্ৰভেদ বা অসামঞ্জস্য দেখা যায় যাৰ ফলত অসমীয়া আখৰ জোঁটনিত সমস্যাৰ সৃষ্টি হৈ আহিছে। ভালদৰে গণনা কৰি চালে আপুনি দেখিব যে অসমীয়া ভাষাত ধ্বনিগত বৰ্ণতকৈ লিখিত আখৰ বহু পৰিমাণে বেছি। উদাহৰণস্বৰূপে, উচ্চাৰিত স্বৰবৰ্ণ মাথোন আঠোটা, কিন্তু আখৰ এঘাৰটা আছে। সেইদৰে উচ্চাৰিত ব্যঞ্জনবৰ্ণ তেইচটা আছে, কিন্তু লিখিত আখৰ আছে চল্লিশটা। অৰ্থাৎ স্বৰবৰ্ণ আঠটা আৰু ব্যঞ্জনবৰ্ণৰ তেইচটা মুঠ একত্ৰিশ(৮+২৩=৩১) টা বৰ্ণ লিখিবলৈ সৰ্বমুঠ একাৱন্ন (৪০+১১=৫১)টা আখৰ ব্যৱহাৰ কৰা হয়। উল্লেখ্য যে অসমীয়া ভাষাত একোটা বৰ্ণৰ বিপৰীতে একাধিক আখৰ প্ৰয়োগ কৰা হয় বাবে আখৰ জোঁটনিত খেলিমেলিৰ সৃষ্টি হয়। বিশেষকৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এনে অসুবিধাই বিশেষভাৱে প্ৰভাৱ পেলায়ছে। অৰ্থাৎ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ত এই সমস্যা উদ্ভৱ হোৱা পৰিলক্ষিত হয়। 
   দ্বিতীয়তে, হ্ৰস্ব আৰু দীৰ্ঘ ৰূপৰ প্ৰয়োগৰ সমস্যা। অসমীয়া ভাষাত 'ই' আ 'ঈ' এই বৰ্ণ দুটাৰ ভিতৰত হ্ৰস্ব/ই/ -- হে উচ্চাৰণ হয় বুলি জনা যায়। একেদৰে 'উ' আৰু 'ঊ' ৰ ক্ষেত্ৰত হ্ৰস্ব/উ/-- ৰ উচ্চাৰণ পোৱা যায়। গতিকে দুটা উচ্চাৰিত ধ্বনিৰ বাবে চাৰিটা আখৰ প্ৰয়োগ কৰাৰ কাৰণে সততে বানান ভুল হয়।
   তৃতীয়তে, চ আৰু ছ প্ৰয়োগত উদ্ভৱ হোৱা সমস্যা । অসমীয়া ভাষাত চ আৰু ছ ৰ উচ্চাৰণ সদায় চ হয়। সেয়ে এই ধ্বনিৰ বিপৰীতে আখৰ প্ৰয়োগত সমস্যাই দেখা দিয়ে। শব্দ গঠন কৰিবলৈ অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয়। যেনে - ছাতি শব্দত 'চাতি' হ'ব নে 'ছাতি' হ'ব তাক সহজতে ঠিৰাং কৰিবলৈ অসুবিধা হয়। দিছপুৰ / দিচপুৰ, ছাল / চাল, --- আদি।
    চতুৰ্থতে, ত/ট/ৎ , থ/ঠ , দ/ড , ধ/ঢ ,ন/ণ ৰ প্ৰয়োগত দেখা দিয়া সমস্যা। অসমীয়া ভাষাত সংস্কৃতৰ দন্ত্য আৰু মৰ্ধূন্য ধ্বনিৰ বিপৰীতে দন্তমূলীয় ত,থ,দ,ধ,ন ধ্বনিৰ উচ্চাৰণহে আছে । কিন্তু এই পাঁচোটা ধ্বনিৰ বিপৰীতে মুঠ এঘাৰটা ( ত/ট/ৎ , থ/ঠ , দ/ড , ধ/ঢ ,ন/ণ) আখৰ ব্যৱহাৰ কৰাৰ ফলত আখৰ জোঁটনিত খেলিমেলি সমস্যাৰ উদ্ভৱ হয়।
     পঞ্চমতে শ,ষ,স -ৰ প্ৰয়োগত দেখা দিয়া সমস্যা। অসমীয়া ভাষাত শ,ষ,স - এই তিনিটা আখৰৰ ক্ষেত্ৰত কেৱল 'স' ৰূপতহে উচ্চাৰণ হয়। বাকী আখৰ কেইটা শ,ষ ৰূপত শব্দত উচ্চাৰণৰ প্ৰয়োগ কৰা নহয় । অথচ শ,ষ আখৰৰ জৰিয়তেও শব্দ গঠন কৰা হয়। গতিকে উচ্চাৰণগত কাৰণত শব্দ গঠনত খেলিমেলিৰ সৃষ্টি হয়। তদুপৰি অসমীয়া ভাষাত ষত্ববিধিৰ নিয়মো মানি চলিব লগীয়া হয়। 
     ষষ্ঠতে, ব আৰু ৱ ব্যৱহাৰত দেখা দিয়া সমস্যা। ৱ আৰু ব'ৰ উচ্চাৰণ অসমীয়া ভাষাত সুকীয়া সুকীয়া। ৱ ধ্বনিৰ উচ্চাৰণ শব্দৰ আদি অৱস্থানত অসমীয়া ভাষাত পাবলৈ নাই বা ৱ ধ্বনি শব্দৰ আদি অৱস্থানত নবহে বুলিলেও হয়। সেয়েহে সংস্কৃতৰ পৰা অহা বহু শব্দৰ আদি স্থানত থকা ৱ'ৰ উচ্চাৰণ ব হৈছে। যেনে - সংস্কৃতৰ 'ৱাণি'(কাপোৰ বোৱা কাৰ্য) শব্দৰ অসমীয়া ৰূপ 'বাণি' , 'ৱাণ' শব্দৰ অসমীয়া ৰূপ 'বাণ'(কাঁড়), 'ৱৰ্ণবিন্যাস' শব্দৰ অসমীয়া ৰূপ 'বৰ্ণবিন্যাস', -- আদি। এনে বহু উদাহৰণ উল্লেখ কৰিব পাৰি।
    সপ্তমমতে, চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যা। অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ অবিহনে কিছুমান শব্দই অন্য অৰ্থ বহন কৰে নতুবা শব্দটো অৰ্থহীন হৈ পৰে। সেয়ে এনে শব্দত চন্দ্ৰবিন্দু প্ৰয়োগ কৰাটো অপৰিহাৰ্য হৈ পৰে। কিন্তু কোনবোৰ শব্দত চন্দ্ৰবিন্দু বহুৱাব লাগিব বা কোনবোৰত নালাগে আদি কথাবোৰ স্পষ্টকৈ নাজানিলে চন্দ্ৰবিন্দুৰ প্ৰয়োগত খেলেমেলিৰ সৃষ্টি হয়।
   চন্দ্ৰবিন্দু হৈছে অসমীয়া ভাষাৰ এটা বিশিষ্ট ধ্বনি। চন্দ্ৰবিন্দু য'ত দিব লাগে ত'ত নিদিলে শব্দৰ অৰ্থ সলনি হৈ যায়। যেনে -- 
    আঁহ --- আহি
    বাঁহ ---- বাহ
    পাঁচ -----পাচ
    আঁহত --- আহত 
    কাঁহ -----কাহ , আদি।
অসমীয়া ভাষাত চন্দ্ৰবিন্দু সদায় স্বৰবৰ্ণৰ সৈতেহে বহে বা উচ্চাৰিত হয়। যেনে - অঁকা, অঁকৰা, আঁচনি, আঁক, আঁতৰি, আঁহ, ওঁঠ, ----আদি। চন্দ্ৰবিন্দু বহোৱাৰ আৰু বহু নিয়ম আছে। পৰৱৰ্তী সময়ত ইয়াৰ সম্পৰ্কে লিখিবলৈ প্ৰয়াস কৰা হ'ব।
    অষ্টমতে, ৰ/ড় ৰ প্ৰয়োগত সমস্যা। অসমীয়া ভাষাত ৰ আৰু ড় আখৰ দুটাৰ উচ্চাৰণ 'ৰ' হয়। গতিকে কোনটো শব্দত ৰ আৰু কোনটো শব্দত ড় বহিব তাৰ কোনো ধৰাবন্ধা নিয়ম নাই যাৰ বাবে শব্দ গঠনত খেলিমেলিৰ সৃষ্টি হয়।
   নৱমতে, উ আৰু ঊ বা অনুস্বাৰৰ উচ্চাৰণ একে যদিও আখৰ দুটা হোৱাৰ বাবে আখৰ জোঁটনিত খেলিমেলিৰ সৃষ্টি হয়। ক'ত উ-কাৰ আৰু ক'ত ঊ-কাৰ বহিব বাচনি কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয়।
    দশমতে, জ, ঝ আৰু য (অন্ত:স্থ য) ৰ প্ৰয়োগত পৰিলক্ষিত হোৱা সমস্যা । এই তিনিওটা আখৰৰ উচ্চাৰণ 'জ' হয়। যাৰ বাবে শব্দ গঠনত খেলিমেলিৰ সৃষ্টি হয়। 

    উপৰোক্ত আলোচনাৰ পৰা বুজা গ'ল যে অসমীয়া ভাষাৰ আখৰ জোঁটনিত যথেষ্ট খেলিমেলি উদ্ভৱ হোৱা সমস্যা পৰিলক্ষিত হয় যিবোৰ আজিকোপতি আমাৰ ভাষাবিদ সকলে, বৌদ্ধিক সমাজে সমাধানৰ পথ প্ৰশস্ত কৰিব সক্ষম হোৱা নাই। অৰুণোদয় যুগতে মিছনেৰী লেখক তথা চিন্তাবিদ সকলে আখৰ জোঁটনিৰ সমস্যা নাইকিয়া কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সমৰ্থ নহ'ল। হেমচন্দ্ৰ, গুণাভিৰাম বৰুৱাৰ দিনত তেওঁলোকে সৃষ্টি কৰি থৈ যোৱা আখৰ জোঁটনিয়েই আজিও চলি আছে। যাৰ সহায়ত অসমীয়া ভাষা বৰ্ণবিন্যাসৰ দিশটো চলাই থকা হৈছে। আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে আমাৰ বয়োজেষ্ঠ্য অগ্ৰদূত সকলে এই ক্ষেত্ৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে আখৰ জোঁটনিৰ সমস্যা নাইকিয়া কৰি অৰ্থাৎ চমু কৰি নতুন প্ৰজন্মৰ ভাষা শিকনৰ পথ প্ৰশস্ত কৰিব।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
সংক্ষিপ্ত প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। - লেখক: দুদুল সোণোৱাল।
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺

Friday, October 4, 2024

শিক্ষক দিৱসত আগবঢ়োৱা এটা সংক্ষিপ্ত ভাষণ.. A short speech on Teachers' Day...

    শিক্ষক দিৱসত আগবঢ়োৱা এটা সংক্ষিপ্ত ভাষণ..  A short speech on Teachers' Day...

🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈🎈

     পৰম শ্ৰদ্ধাৰ সভাপতি মহোদয় তথা হাহঁখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মোৰ অগ্ৰজ আৰু অনুজ সহকৰ্মী বন্ধুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল । বক্তব্যৰ আৰম্ভণিতে আপোনাসৱলৈ মোৰ তৰফৰ পৰা 'শিক্ষক দিৱস'ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 
     আমাৰ আদৰ্শৰণীয় ব্যক্তি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ এগৰাকী প্ৰখ্যাত শিক্ষক, লেখক, চিন্তাবিদ আৰু ৰাজনীতিবিদ আছিল। তেওঁক স্মৰণৰ চলেৰে আজি সকলো শিক্ষাৰ্থীয়ে গুৰুৰ চৰণত ভক্তিভাৱেৰে সেৱা জনোৱাই হ'ল আজি দিনটোৰ তাৎপৰ্য। আজি তোমালোকে যিদৰে শিক্ষক দিৱস উদযাপন কৰিছা ঠিক একেদৰে পূৰ্বৰ দিনবিলাকতো উদযাপন কৰি অহা হৈছে। অৰ্থাৎ প্ৰতিটো বছৰতে পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণক আমি স্মৰণ কৰো, কিন্তু এই স্মৰণ সাৰ্থক হৈছে নে? আমি কেৱল তেওঁৰ নামত পুষ্পাঞ্জলি দি ক্ষান্ত থাকিলেই নহ'ব আমি সকলোৱে তেওঁৰ গুণ, তেওঁৰ পৰামৰ্শ সমূহো আয়ত্ব কৰিব লাগিব। তেতিয়াহে শিক্ষক দিৱস উদযাপনৰ সাৰ্থকতা থাকিব।
    মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাওঁ , শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি যি সম্বৰ্ধনা সভাৰ আয়োজন কৰা হৈছে তাৰবাবে তোমালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মনত ৰাখিবা আজি দিনটোৱে হ'ল গুৰু বন্দনাৰ দিন। এই শুভ দিনটোতে আমি আমাৰ প্ৰত্যেকৰে শিক্ষাগুৰুজনক শুদ্ধাৰে মনত পেলাও আৰু এখনি ফুলাম গামোচা,এটা কলম দি শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰো। কিন্তু এয়াই যথেষ্ঠ নহয়। এজন শিক্ষাগুৰুক তেতিয়াহে ভালদৰে শ্ৰদ্ধা জনোৱা হ'ব, যেতিয়া তেওঁ শিকোৱা প্ৰতিটো নীতি কথা, প্ৰতিটো পাঠৰ সাৰুৱা কথাৰ বৰ্ণনা সঠিক মতে মনত ৰাখি জীৱন গঢ় দিয়াৰ পৰিকল্পনা কৰা হ'ব।  

      তোমালোকে নিশ্চয় উপলব্ধি কৰিছা যে পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰে একোজন গুৰু থাকে। আমি প্ৰত্যেক জনে সেইজন গুৰুক শ্ৰদ্ধাৰে সুঁৱৰো। মনতে মূৰ দোৱাও। কিন্তু এনেকুৱা মানুহৰো অভাৱ নাই যিয়ে আগ দুৱাৰেদি গৈ শিক্ষাগুৰুক শ্ৰদ্ধা জনায়, কিন্তু পিছ দুৱাৰেদি গৈ সেই একে শিক্ষাগুৰুকেই অপমান কৰে। সেই একে শিক্ষা গুৰুকেই সমালোচনা কৰে আৰু নিকৃষ্ট মন্তব্য কৰিবলৈও কুণ্ঠাবোধ নকৰে। এনে কৰা উচিত নে ? আমি নিজকে সুধা উচিত ? তেতিয়া নিশ্চয় সুদোত্তৰ পাম। 
   মই এই আপাহতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক আৰ্শীবাদ জ্ঞাপন কৰিছোঁ। তোমালোকক আগবাঢ়ি যাবলৈ ঈশ্বৰেও সহায় কৰক। শিক্ষা গুৰু সকলৰ প্ৰতিটো নীতি কথা, প্ৰতিটো পৰামৰ্শ, অকুণ্ঠচিত্তে আকোঁৱালি ল'বলৈ প্ৰয়াস কৰিবা, তেতিয়া নিশ্চয় আগবাঢ়ি যাবলৈ বল পাবা। 
   পুনৰাই শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিলো। 


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹


      
    


Thursday, August 22, 2024

মহাকাশ অভিযানত ভাৰতবৰ্ষৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত। India's past, present and future in space missions.

    মহাকাশ অভিযানত ভাৰতবৰ্ষৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত।India's past, present and futur in space missions.

🖊️পাতনি : মহাকাশ কি ? মহাকাশত কি আছে? .. আদি প্ৰশ্নবিলাকে মানুহৰ মনত অতীজৰে পৰা আমনি কৰি আহিছে। ইয়াৰ সম্পৰ্কে জানিবলৈ অথবা নেদেখা বস্তু চাবলৈ মানুহৰ এক আদিম তাড়না আছে। এই তাড়নাই বা হেঁপাহৰ জৰীডালে মানুহক বিভিন্ন সময়ত মহাকাশৰ সম্পৰ্কে জানিবলৈ উৎসাহিত কৰিছে। ফলশ্ৰুতিত সৃষ্টি হৈছে মহাকাশযান আৰু কৃত্ৰিম উপগ্ৰহ আদিৰ। মানুহৰ অনুসন্ধিৎসু মনে মহাকাশৰ আঁতিগুৰি জানিবলৈ প্ৰৱল প্ৰচেষ্টা অব্যাহত ৰাখিছে। মহাকাশ মানে আমি চকুৰে মনি নোপোৱা উৰ্দ্ধলোকত অৱস্থিত মহাশূণ্যৰ কথাকেই বুজায়। য'ত সূৰ্যক প্ৰদক্ষিণ কৰি আছে- বিভিন্ন গ্ৰহ-উপগ্ৰহ, নক্ষত্ৰ, তাৰকাপুঞ্জ আৰু জ্যোতিষ্কই । এই সমস্তখনেই হ'ল সৌৰজগত। সৌৰজগতৰ অন্তৰ্গত বিভিন্ন গ্ৰহৰ সম্পৰ্কে জানিবলৈ মানুহে চেষ্টাৰ ত্ৰুটি কৰা নাই। শূণ্যৰ পৰা মহাশূণ্যলৈ, আকাশৰ পৰা মহাকাশলৈ যোৱাৰ বাবে প্ৰধান অন্তৰায় হ'ল পৃথিৱীৰ প্ৰৱল মধ্যাকৰ্ষণ শক্তি। উল্লেখ্য যে এই মধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ প্ৰায় ত্ৰিশ কিলোমিটাৰ উৰ্ধ্বলৈ বিয়পি আছে। তদুপৰি মহাকাশত আছে গ্ৰহ উপগ্ৰহৰ মধ্যাকৰ্ষণ শক্তি। এই শক্তিক ভেদ কৰি মহাকাশত অৱস্থান কৰিবলৈ লাগিব মধ্যাকৰ্ষণ শক্তিতকৈ প্ৰৱল শক্তি। মানুহৰ স্বভাৱজাত আকাঙ্খাই সেই প্ৰাচীৰকো ভেদ কৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। প্ৰৱল মধ্যাকৰ্ষণ শক্তিক প্ৰত্যাহ্বান জনাই বিজ্ঞানী সকলে সৃষ্টি কৰিলে 'ৰকেট' দ্ৰুতগামী ক্ষেপনাস্ত্ৰ। এই ক্ষেপনাস্ত্ৰ যিকোনো শক্তিক প্ৰত্যাহ্বান জনাই আগবাঢ়ি যাবলৈ সক্ষম আৰু যিকোনো ঠাইতে ইয়াক অৱতৰণ কৰাব পাৰে। পৰৱৰ্তী সময়ত বিজ্ঞানী সকলে ৰকেট উৎক্ষেপণৰ জৰিয়তে গ্ৰহ উপগ্ৰহৰ সম্পৰ্কে অধ্যয়ন কৰিবলৈ সক্ষম হ'ল। ভাৰতবৰ্ষইয়ো এইক্ষেত্ৰত পিছ পৰি থকা নাই। যোৱা      

১৯৬৯ চনৰ ১৫ আগষ্টত ভাৰতত মহাকাশ অভিযানৰ সম্পৰ্কে অধ্যয়ন আৰু গৱেষণাৰ নিমিত্তে জন্ম হৈছিল 'ইছৰো'ৰ অৰ্থাৎ ISRO (Indian Space Research Organisation) নামৰ মহাকাশ সংস্থাটো।


 যাৰ তত্বাৱধানত ভাৰতীয় বিজ্ঞানী সকলে মহাকাশত ১৯৭৫ চনৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত বিভিন্ন কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰি মহাকাশৰ সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে। 

মহাকাশ অভিযানৰ ইতিহাস: 
    যি সময়ত মহাকাশ অভিযানত উন্নত ৰাষ্ট্ৰ বিলাকে আগভাগ লৈছিল, সেই সময়ত ভাৰত তেনেই চালুকীয়া অৱস্থাত আছিল। ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পোনপ্ৰথমে মহাকাশ অভিযানৰ আৰম্ভণি ঘটাইছিল।১৯৫৭ চনত ৰাছিয়াই প্ৰথম 'স্পুটনিক' নামৰ কৃত্ৰিম উপগ্ৰহ এটা মহাকাশত নিক্ষেপ কৰিছিল। প্ৰথম 'স্পুটনিক' নিক্ষেপ কৰা প্ৰায় এমাহমানৰ পিছত দ্বিতীয় 'স্পুটনিক' ৰাছিয়াই নিক্ষেপ কৰিছিল - য'ত 'লাইকা' নামৰ এটা জীৱন্ত কুকুৰ প্ৰেৰণ কৰা হৈছিল আৰু এই ৰকেট সুকলমে সময়ত উভতি আহিবলৈ সক্ষম হৈছিল। 
   পৰৱৰ্তী বৰ্ষ ১৯৫৮ চনত আমেৰিকাই বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা ৰকেট উৎক্ষেপণ কৰিছিল। আমেৰিকাই প্ৰেৰণ কৰা প্ৰথম ৰকেটৰ নাম আছিল - "এক্সপ্ল'ৰাৰ-১" । উল্লেখ্য যে ইয়াক কৃত্ৰিম উপগ্ৰহ বুলিও কোৱা হয়। এনেধৰণৰ কৃত্ৰিম উপগ্ৰহ পৰৱৰ্তী সময়ত বিজ্ঞানী সকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। ৰাছিয়া আৰু আমেৰিকাই শুভাৰম্ভ ঘটোৱাৰ পৰৱৰ্তী ক্ষণত মহাকাশত মানুহৰ মহাকাশ অভিযানৰ আৰম্ভণি ঘটিল। 
       ভাৰতবৰ্ষইয়ো আমেৰিকা আৰু ৰাছিয়াৰ সাফল্যত অনুপ্ৰাণিত হৈ ভাৰতৰ বাংগালোৰত ১৯৭২ চনত মহাকাশ অভিযান বিভাগ আৰু কমিচন গঠন কৰে। তাৰপিছত ভাৰতৰ বিজ্ঞানীসকলৰ অক্লান্ত প্ৰচেষ্টাত ভাৰতবৰ্ষই প্ৰথম ১৯৭৫ চনৰ ১৯ জানুৱাৰীত 'আৰ্যভট্ট' নামেৰে উপগ্ৰহটো ৰাছিয়াৰ ৰকেটৰ সহায়ত মহাকাশলৈ সফলতাৰে প্ৰেৰণ কৰে। ৩৬০ কিলোগ্ৰাম ওজনৰ এই কৃত্ৰিম উপগ্ৰহটো প্ৰায় আঢ়ৈ বছৰ কাল মহাশূণ্যত পৃথিৱীক প্ৰদক্ষিণ কৰিছিল।
     ভাৰতৰ দ্বিতীয় কৃত্ৰিম উপগ্ৰহ হৈছে - ভাস্কৰ। ৪২৫ কিলোগ্ৰাম ওজনৰ এই কৃত্ৰিম উপগ্ৰহটো ১৯৭৮ চনৰ ৭ জুন তাৰিখে ৰাছিয়াৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল। এই কৃত্ৰিম উপগ্ৰহটোৱে দুটা টেলিভিছন কেমেৰা আৰু তিনিটা অতি উচ্চ ক্ষমতাসম্পন্ন ৰেডিঅ' ট্ৰেন্সমিটাৰ কঢ়িয়াই নিছিল। এই উপগ্ৰহৰ মাধ্যমেৰে জলবায়ু, বতৰ আৰু প্ৰয়োজনীয় আনুসংগিক বিষয়ৰ সম্পৰ্কে জানিব পৰা যায়। 
     ইয়াৰ পিছত তৃতীয় কৃত্ৰিম উপগ্ৰহ হিচাপে ভাৰতে মহাকাশত ১৮৮০চনৰ ১৮ জানুৱাৰীত প্ৰেৰণ কৰে 'ৰোহিনী' নামৰ উপগ্ৰহটো। উল্লেখ্য যে এই উপগ্ৰহটো সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তিবিদ্যাৰে তৈয়াৰ কৰা হৈছিল। উপগ্ৰহটো অন্ধ্ৰ প্ৰদেশৰ হৰিকোটাৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল। 
    দক্ষিণ আমেৰিকাৰ গায়েনাৰৰ পৰা ইয়াৰ পৰৱৰ্তী বৰ্ষ ১৯৮১ চনৰ ১৯ জুন তাৰিখে উৎক্ষেপণ কৰা হৈছিল - এপল্ নামৰ কৃত্ৰিম উপগ্ৰহটো। ৬৭০ কিলোগ্ৰাম ওজনৰ এই কৃত্ৰিম উপগ্ৰহটো ভাৰতীয় বিজ্ঞানী সকলৰ অভিনৱ সৃষ্টি। একেদৰে ১৯৮২ চনৰ ৯ এপ্ৰিলত 'ইনছাট-১' আৰু ১৯৮৩ চনৰ ৩১ আগষ্টত ইনছাট- ১বি ক্ৰমে আমেৰিকাৰ ৰকেটৰ সহায়ত বহুমুখী কৃত্ৰিম উপগ্ৰহ কেইটা উৎক্ষেপণ কৰা হৈছিল।

ইয়াৰ পিছত ১৯৮৪ চনত মহাকাশ গৱেষণা সংস্থাৰ গৱেষক ৰাকেশ শৰ্মাই ৰাছিয়াৰ দুজন মহাকাশচাৰীৰ সৈতে 'ছয়ুজটি-১১' নামৰ মহাকাশ যানেৰে মহাশূণ্যলৈ অভিযান আৰম্ভ কৰিছিল আৰু ১১ এপ্ৰিলত সফলতাৰে মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহি নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল। গতিকে ৰাকেশ শৰ্মাই হৈছে ভাৰতৰ প্ৰথম মহাকাশচাৰী বা নভশ্চৰ। 
 
বৰ্তমান: বৰ্তমান ভাৰতবৰ্ষ মহাকাশ অভিযানৰ ক্ষেত্ৰখনত বহু আগবাঢ়ি যাবলৈ সক্ষম হৈছে। ভাৰতৰ "সতীশ ধাৱান স্পেচ চেণ্টাৰ'ৰ পৰা প্ৰথম ঘৰুৱা কাৰিকৰী প্ৰযুক্তিৰ সহায়েৰে 'চন্দ্ৰযান-১' যোৱা ২০০৮ চনত উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ পিছত 'চন্দ্ৰযান-২' চন্দ্ৰৰ সম্পৰ্কে পৰীক্ষা-নিৰীক্ষাৰ নিমিত্তে ২০১৯ চনৰ ২২ জুলাইত চন্দ্ৰৰ অভিমুখে নিক্ষেপ কৰিছিল। আকৌ ২০২৩ চনৰ ১৪ জুলাইৰ দুপৰীয়া ২ বাজি ৩৫ মিনিটত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ 'সতীশ ধাৱান স্পেচ চেণ্টাৰ'ৰ পৰা 'চন্দ্ৰযান-৩' নিক্ষেপ কৰি মহাকাশত ভাৰতৰ অৱস্থান নিকপকপীয়া কৰি তোলিব সক্ষম হৈছে ভাৰতৰ বিজ্ঞানীসকল। উল্লেখ্য যে 'চন্দ্ৰযান-৩' ৰ মুঠ ওজন আছিল ২১৪৮ কিলোগ্ৰাম আৰু লেণ্ডাৰ আৰু ৰ'ভাৰ মিলি ওজন আছিল ১৭৫২ কিলোগ্ৰাম।

ভৱিষ্যত : আগন্তুক দিনবোৰত ভাৰতৰ দ্বাৰা মহাকাশত নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে - মহাকাশ কেন্দ্ৰ বা ভাৰতীয় অন্তৰীক্ষ স্টেচন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO ৰ দ্বাৰা পৰিচালিত পৰিকল্পিত মহাকাশ কেন্দ্ৰৰ 'মডিউলাৰ মহাকাশ কেন্দ্ৰ'। উল্লেখ্য যে মহাকাশ কেন্দ্ৰটোৰ ওজন হ'ব ২০ টন আৰু পৃথিৱীৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত পৰিক্ৰম হৈ থাকিব। মহাকাশচাৰী সকলে এই কেন্দ্ৰটোত ১৫-২০ দিন পৰ্যন্ত থাকিব পাৰিব বুলি ঠাৱৰ কৰা হৈছে। এই প্ৰকল্প ২০৩০ চনত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও 'গগনযান' ক্ৰুযুক্ত মহাকাশ বিমান অভিযানৰ সৈতে জড়িত কাৰিকৰী সমস্যাৰ বাবে ২০৩৫ চনলৈ পিছুৱাই দিয়া হয়।
   অদূৰ ভৱিষ্যতে ভাৰতবৰ্ষই অইন উন্নত ৰাষ্ট্ৰৰ দৰে মহাকাশত নিজৰ গৌৰৱ ধ্বজ্জা উৰুৱাবলৈ সক্ষম হ'ব সেয়া ধ্ৰৱসত্য।

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒




Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts