Wednesday, March 31, 2021

Characteristics Of Personality | ব্যক্তিত্বৰ গুণসমূহ :

ব্যক্তিত্বৰ গুণ কি ? What is the characteristics of personality ?

ব্যক্তিত্বৰ গুণ হ'ল কোনো ব্যক্তিৰ পৰিবৰ্তনীয় কিছুমান আচৰণৰ  ক্ৰিয়া কৰ্মৰ এক সমাহাৰ। ব্যক্তিত্ব হ'ল মানুহৰ আচৰণ আৰু মনোভাৱৰ এক সংগঠিত ৰূপ। এই ব্যক্তিত্বৰ গুণ ব্যক্তি জনৰ নিজস্ব হয় আৰু ইয়াৰ বৰ্তমানৰ বাবে মানুহ এজন আন এজনৰ পৰা পৃথক হিচাপে বিবেচিত হয়। ব্যক্তি এজনৰ এনে নৈতিক গুণ কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত মাকৰ গৰ্ভৰ পৰাই কঢ়িয়াই আনে, আৰু আন কিছুমানৰ ক্ষেত্ৰত ই পৰিৱেশৰ পৰা আহৰণ কৰা গুণ হিচাপে বিবেচিত। অৰ্থাৎ জন্মৰপৰা গুণ লৈ অহাৰ উপৰিও পৰিৱেশৰ পৰা ইয়াক আয়ত্ব কৰিব পাৰি। সেয়েহে কোৱা হয় যে ভাল পৰিৱেশত জন্মিলে বা বাস কৰিলে সৎগুণৰ বা নৈতিক গুণৰ অধিকাৰী হ'ব পাৰি, কিন্তু বেয়া পৰিৱেশত জন্মিলে বা বাস কৰিলে অসৎ গুণৰ বা অনৈতিক গুণৰ অধিকাৰী হয়। এই কথাটো সেই 'ৰজা আৰু ভাতৌ চৰাই' নামৰ সাধুটোৰ জৰিয়তে স্পষ্টকৈ বুজিব পৰা যায়।  সাধুটো মতে, "এবাৰ ৰজাই প্ৰজাৰ সুখ দুখৰ খবৰ লবলৈ বুলি গাঁৱলৈ ওলাইছিল। এঘৰত ৰজাই সোমাওঁতে দেখিবলৈ পালে , গৃহস্থৰ পোহনীয়া ভাটৌ চৰাইজনীয়ে তেওঁক কৈছিল-- "মহাৰাজ,আহক বহক।" কিন্তু আন এঘৰত সোমাওতে পোহনীয়া ভাটৌ চৰাইজনীয়ে তেওঁক দেখি চিঁঞৰিছিল  যে" ৰবি ৰবি,ধৰ ধৰ,মাৰ মাৰ।"  তেতিয়া ৰজাই ভূ লৈ বুজিব পাৰিলে যে প্ৰথম ঘৰৰ মানুহবিলাক ভাল আছিল, কিন্তু দ্বিতীয় ঘৰৰ মানুহবিলাক অসৎ আছিল। সেয়েহে সৎসংগত থকা ভাটৌ চৰাইজনীয়ে সৎ মাতেৰে আৰু অসৎ মানুহৰ লগত বাস কৰা ভাটৌৰ মুখেৰে অসৎ কথা শুনিবলৈ পাইছিল। ইয়াৰ পৰা ৰজাই বুজিব পাৰিলে যে সৎ সংগত থাকিলে সৎ হয় কিন্তু অসৎ সংগত থাকিলে অসৎ হয়। "

ব্যক্তিত্বৰ গুণৰ প্ৰকাৰ (Types of characteristics) :

ব্যক্তিত্বৰ গুণসমূহ কেইবাটাও ভাগত ভাগ কৰিব পৰা যায়। সেইবোৰ সংক্ষিপ্তভাৱে আলোচনা আগবঢ়োৱা হ'ল । ব্যক্তিত্বৰ গুণসমূহৰ ভিতৰত-- দৈহিক গুণ, বৌদ্ধিক গুণ, আবেগিক গুণ, চাৰিত্ৰিক গুণ, সামাজিক গুণ, ধৈৰ্য্শীল গুণ আদিয়ে প্ৰধান।

দৈহিক ব্যক্তিত্বৰ গুণ ( Characteristics of body personality):

 দৈহিক গুণ প্ৰকৃততে সৰহসংখ্যক ঈশ্বৰ প্ৰদত্ত হয়। দৈহিক গুণ যেনে উচ্চতা, মুখৰ সুন্দৰ চেহেৰা, দেহৰ গঠন, শৰীৰৰ বৰণ , মাত-কথা, সাজ-পোছাক আদি গুণসমূহে ব্যক্তিত্ব গঠনত সহায় কৰে। ওখ ডাঙৰ মানুহ এজনে চুটি চাপৰ মানুহ এজনতকৈ সহজে আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। একেদৰে সুন্দৰ সুঠাম চেহেৰাৰ মানুহ এজনে কুৰূপা মানুহতকৈ সহজে আনৰ মন মোহিব পাৰে। মিঠামুখীয়া বা মৰমলগা মাতৰ অধিকাৰী লোকে আনক সহজে আকৰ্ষিত কৰিব পাৰে। সেইদৰে মাৰ্জিত সাজ-পোছাক পৰিহিত এজন লোকে আনৰ ওপৰত সহজে প্ৰভাৱ পেলায়।  লেতেৰা কাপোৰ পৰিহিত জধলা ব্যক্তি এজনৰ প্ৰতি কোনো আকৰ্ষিত নহয়।

বৌদ্ধিক ব্যক্তিত্বৰ গুণ( Characteristics of intellectual personality.): 


যি মানুহৰ বুদ্ধি বৃত্তি বেছি, সেই মানুহৰ ব্যক্তিত্বও বেছি হয়। যুক্তিৰে চালিজাৰি চাই কথা কোৱা মানুহক সকলোৱে সমীহ কৰে। আনহাতে এজন চুটি চাপৰ মানুহ যদি এজন দাৰ্শনিক হয় বা এজন নামজ্বলা বিজ্ঞানী হয় তেন্তে তেনে জন লোকক সকলোৱে সন্মান কৰে। এটা কথা সত্য যে মানুহে এজন ৰজাক সন্মান প্ৰদৰ্শন কৰে কেৱল আইনৰ  ভয়ত , কিন্তু এজন বৌদ্ধিক ব্যক্তিত্বৰ লোকক মানুহে সন্মান প্ৰদৰ্শন কৰে তেওঁৰ জ্ঞান আৰু বৌদ্ধিক গুণৰ ওপৰত। বুদ্ধিৰ জৰিয়তে বহু অসাধ্যও সাধন কৰিব পাৰি। তৰোৱাল এখনতকৈ বুদ্ধিক বেছি শ্ৰেষ্ঠ বুলি সেয়ে কোৱা হয়। গতিকে ই হ'ল ব্যক্তিত্ব গঠনৰ এক গুৰুত্বপূৰ্ণ উপাদান।

আবেগিক ব্যক্তিত্বৰ গুণ ( Characteristics of emotional personality):


আবেগিক ব্যক্তিত্বৰ গুণ থকা মানুহক সহজে কোন ধৰণৰ মানুহ বুজা যায়।  মানুহৰ আবেগিক গুণে মানুহজন দুখত আছে নে সুখত আছে তাক প্ৰমাণ দিব পাৰে। আকৌ মানুহজন শান্ত স্বভাৱৰ,নে উত্তেজিত স্বভাৱৰ আৰু সাহিয়াল নে ভয়াতুৰ স্বভাৱৰ এই সম্পৰ্কে আৱেগিক গুণসমূহে বুজায় দিব পাৰে। আমি সকলোৱে জানো বেজাৰ মনেৰে থকা ব্যক্তিতকৈ হাঁহি আনন্দ স্ফুৰ্তিৰে থকা মানুহ সকলোৰে প্ৰিয় হয়।

চৰিত্ৰগত গুণ (Character traits) :

যি মানুহৰ নৈতিক গুণ থাকে সেই মানুহক সকলোৱে ভাল পায়। মানুহৰ ইচ্ছা শক্তি ভাল হ'লে চৰিত্ৰ ভাল হয়। আকৌ ইচ্ছা শক্তি যদি সবল হয় তেন্তে তেনে মানুহে তাৎক্ষণিক ভাৱে শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। যি মানুহে বেয়া চিন্তা কৰে , আনৰ অহিত চিন্তা কৰে সেই মানুহেই প্ৰকৃততে চৰিত্ৰগতভাৱে অসৎ মানুহ । তেনে মানুহৰ পৰা সকলোৱে পলাই ফুৰে। নৈতিক গুণৰ অধিকাৰী লোকক সকলোৱে সন্মান কৰে।

সামাজিক গুণ ( Social characteristics):

এনে কিছুমান মানুহ আছে,যিয়ে সমাজৰ কাম কৰি অন্ত্যন্ত ভাল পায়। সমাজৰ প্ৰতিজন ব্যক্তিৰ সৈতে সহজে মিলা মিছা কৰিব পাৰে তেনে ব্যক্তিয়ে সামাজিক গুণৰ অধিকাৰী ব্যক্তি। এনে মানুহ সকলোৰে প্ৰিয় হয়।

প্ৰচেষ্টামূলক বা ধৈৰ্যশীল গুণ (Traits of persistence):

ধৈৰ্যশীল গুণ মানুহৰ ব্যক্তিত্ব বিকাশৰ অন্যতম গুণ। কোনো কোনো মানুহে নিজৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলত প্ৰতিভাধৰ ব্যক্তিতকৈও আগুৱাই যাবলৈ সক্ষম হয়। কোনো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে ইচ্ছাৰ প্ৰয়োজন হয়। কেতিয়াবা ইচ্ছা থাকিলেও ধৈৰ্য নোহোৱাৰ বাবে কাম আধাতে এৰিব লগাও হয়। যি মানুহৰ প্ৰৱল ইচ্ছা শক্তিৰ উপৰিও অন্ত্যন্ত ধৈৰ্যৰ গুণ থাকে সেই মানুহে জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হয়।

সামৰণি (Conclusion)::

 

এজন মানুহে ওপৰত আলোচনা কৰা মতে যেতিয়া বৰ্ণিত গুণবিলাকৰ অধিকাৰী হয় তেতিয়া মানুহজনক ব্যক্তিত্বৰ গুণেৰে সমৃদ্ধ বুলি কোৱা হয়। বিশেষকৈ এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত এনে মহৎ গুণৰ অতিশয় আৱশ্যক বুলিব পাৰি। 
   




                    স্বচ্ছতাৰ নিদৰ্শন



***********************************************                  
  
 



Monday, March 29, 2021

চৌকাৰ চাই আৰু অসমীয়া সমাজ

চৌকাৰ চাই

চৌকাৰ চাই হ'ল কাঠখৰিৰ দাহ্য সামগ্ৰী। অসমৰ বিভিন্ন জাতি, জনগোষ্টীৰ লগত ইয়াৰ নিবিড় সম্পৰ্ক আছে।


 আজিৰ পৰা ১০-১৫ বছৰৰ আগতে অসমৰ মানুহ খৰিৰ ওপৰত নিৰ্ভৰশীল আছিল। ভাত ৰন্ধা, বিভিন্ন বস্তু সিজোৱা ক্ষেত্ৰত, দহা,বিয়া, সবাহ আদি বিভিন্ন উৎসৱ পাৰ্বনত খৰিৰে জুই ধৰি বস্তু ৰন্ধা কাৰ্য সম্পন্ন কৰা হৈছিল। 


আজিৰ সময়ত খৰি ব্যৱহাৰৰ পৰিমাণ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ হৈছে হাবি জংগলৰ গছ গছনি জধেমধে কটাৰ ফলত খৰিৰ বাবে গছ গছনি নাটনি। ইয়াৰ উপৰি ঘৰে ঘৰে বিনামূলীয়া গেছ চৰকাৰে যোগান ধৰাৰ বাবে কাঠখৰিৰ ওপৰত থকা নিৰ্ভৰশীলতা কিছু কমিছে।

 গতিকে আজিৰ প্ৰজন্মৰ কিছুমানে চৌকাৰ চাই বুলিলে আচৰিত নহ'ব যে তাক নুই কৰিব নোৱাৰি। আখলত জুই জ্বলোৱা ফলত সৃষ্টি হোৱা দাহ্য পদাৰ্থই হ'ল চৌকাৰ চাই। অসমৰ মানুহৰ ই বৰ লাগতিয়াল দ্ৰব্য। ভিমবাৰ সৃষ্টি হোৱা আগতে অসমৰ সমাজ ব্যৱস্থাত চাই বিভিন্ন বাচন বৰ্তন ধুবলৈ নিতৌ ব্যৱহাৰ কৰিছিল। চাই হ'ল ক্ষাৰকীয় পদাৰ্থ গতিকে ইয়াৰ সহায়ত বাচন সহজে চাফা হয়।

   

  বৰ্তমান এই চাই অনলাইন বজাৰত বিক্ৰীৰ বাবে উলিয়াই অনা হৈছে বুলি জানিব পৰা গৈছে। এয়া নিশ্চয় আশাৰ বতৰা বুলি ক'ব লাগিব। যদি এয়া সত্য হয় তেন্তে অসমীয়া সমাজৰ লোক ইয়াৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে। 


এই বিষয়ে আমাৰ চৰকাৰে দৰিদ্ৰ নিবনুৱা সকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি আৰ্থিক সাহায্য আগবঢ়ালে নিশ্চয় উদ্যোগ স্থাপন কৰিব পৰাৰ থল আছে আৰু নিবনুৱা সমস্যা সমাধানৰ দিশেৰে অগ্ৰসৰ হোৱা সম্ভাৱনা আছে।















চৌকাৰ চাই চৌকাৰ চাই চৌকাৰ চাই চৌকাৰ চাই



++++++++++++++++++++++++++++++++


Thursday, March 25, 2021

Pollution of air, water, soil and sounds and it's prevention measures. বায়ু, পানী, মাটি আৰু শব্দ প্ৰদূষণ আৰু প্ৰতিৰোধৰ উপায় ।

প্ৰদূষণ আৰু ইয়াৰ প্ৰকাৰ:

"মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই। কেতিয়াবা কোনো অনিষ্টকাৰী পদাৰ্থ আমাৰ চৌপাশে থকা মাটি, পানী আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা খনিজ পদাৰ্থ, বেক্টেৰিয়া, কেঁচু আদি অনেক সৰু সৰু জীৱ, পানীত থকা অক্সিজেন, হাইড্ৰ'জেন আৰু বায়ুত থকা অক্সিজেন কাৰ্বন-ডাই-অক্সাইড আদি) নষ্ট কৰে। তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়। পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল প্ৰদূষণ বা পৰিৱেশ দূষিতকৰণ।"
   প্ৰদূষণৰ প্ৰকাৰবোৰ বিষয়বস্তু অনুসৰি ভাগ কৰা হয়। অৰ্থাৎ পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ নিজস্ব গুণৰ হাণি বিঘিনি হ'লেই প্ৰদূষণ হয়। বায়ু, মাটি, পানী , আৰু শব্দৰ প্ৰদূষণ হিচাপে ভাগ কৰিব পাৰি। প্ৰতিবিধ প্ৰদূষণৰ সম্পৰ্কে সংক্ষিপ্ত ব্যাখ্যা আগবঢ়োৱা হ'ল।

বায়ু প্ৰদূষণ (Air pollution) :

   বায়ুৰ নিজস্ব গুণ বিভিন্ন হানিকাৰক কাৰকৰ ফলত তাৰতম্য ঘটিলে বায়ুৰ প্ৰদূষণ হোৱা বুলি কোৱা হয়। বায়ুমণ্ডলত থকা উপাদান অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, ধূলিকণা ... আদি এটা নিৰ্দিষ্ট পৰিমাণত বায়ুমণ্ডলত থাকে, কিন্তু বিভিন্ন কাৰণত ইয়াৰ সমপৰিমাণত তাৰতম্য ঘটি বায়ুমণ্ডল দূষিত কৰি তোলে। বৰ্তমান পৃথিৱীত অনবৰতে কল কাৰখানা , উদ্যোগ,যান বাহন আদি বাঢ়িব ধৰিছে। এই উদ্যোগ ,কল-কাৰখানাৰ পৰা নিতৌ অত্যধিক পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছৰ নিৰ্গত হোৱাত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বাঢ়ি গৈছে। আনহাতে গছ গছনি কমি যোৱাৰ ফলত এই অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছখিনি বায়ুত মিহলি হৈ পৃথিৱীৰ উপৰিভাগত এখন আৱৰণৰ সৃষ্টি কৰিছে। যাৰ ফলত পৃথিৱীৰ পৰা তাপ ওলাই যাব পৰা নাই আৰু সেয়েহে পৃথিৱীৰ তাপমাত্ৰা ক্ৰমে বৃদ্ধি পাব ধৰিছে। ইয়াকেই গ্ৰীন হাউচ এফেক্ট বা সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হৈছে। এয়া বায়ুমণ্ডল প্ৰদূষণ হোৱাৰ এটা উদাহৰণ। একেদৰে আন উপাদানৰ ক্ষেত্ৰতো যদি ইয়াৰ পৰিমাণ বৃদ্ধি পায় তেন্তে এই বায়ু গ্ৰহণৰ ক্ষেত্ৰত মানুহৰ আৰু বিভিন্ন প্ৰাণীকূলৰ অসুবিধা হ'ব। ইয়ে মানুহৰ পৰিপন্থী অৱস্থাৰ সৃষ্টি কৰিব। সেয়েহে বায়ুমণ্ডল সঠিক ভাবে পৰিচালিত হ'বলৈ আমি বৃক্ষৰোপণ কাৰ্যসূচী বা আন ভাল কামবিলাক সম্পাদন কৰিব লাগে। বিভিন্ন কাৰণবোৰ হ'ল--
১/গাড়ী মটৰৰ পৰা নিৰ্গত ধোঁৱা আৰু ধূলিৰ ফলত বায়ু প্ৰদূষণ হয়।
২/লেতেৰা পৰিৱেশত বিভিন্ন প্ৰাণী গৰু, ছাগলী, হাঁহ, কুকুৰা, গাহৰি আদি পোহাৰ ফলত দূৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয় যাৰ ফলত বায়ু প্ৰদূষণ হয়।
৩/ মানুহৰ সমাগম ঘটিলে মানুহৰ শ্বাস-প্ৰশ্বাসৰ ফলত বায়ু দূষিত হ'ব পাৰে। 
৪/ কল কাৰখানাৰ পৰা নিৰ্গত ধোঁৱাই পৰিৱেশৰ বায়ু প্ৰদূষিত কৰে।

প্ৰভাৱ:

   বায়ু প্ৰদূষণ হোৱাৰ ফলত আমাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। বায়ু প্ৰদূষণৰ বাবে মানুহৰ হাঁওফাঁওৰ ৰোগ, ছালৰ ৰোগ , মূৰৰ বিষ, চকুৰ ৰোগ, এলাৰ্জি আদিৰ দৰে ৰোগ হয়।

প্ৰতিৰোধৰ উপায় (prevention measures):

১/মানুহে বাস কৰা স্হানৰ পৰা কিছু নিলগত উদ্যোগ স্থাপন কৰা।
২/ বিভিন্ন কল কাৰখানাৰ ধোঁৱা ওলোৱা চিমনী ওখ হ'ব লাগে আৰু প্ৰদূষণ ৰোধক হ'ব লাগে।
৩/ গাড়ী মটৰৰ ক্ষেত্ৰত ধোঁৱা কমকৈ ওলাবলৈ প্ৰদূষণৰোধী সঁজুলিৰ প্ৰয়োগ কৰিব লাগে।
৪/যিকোনো ইন্ধন সঠিক মাত্ৰাত ব্যৱহাৰ কৰা উচিত।
৫/ বৃক্ষৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়। 

মাটি প্ৰদূষণ ( soil pollution):

   মাটিৰ নিজস্ব গুণাগুণ নষ্ট হ'লে মাটিখিনি প্ৰদূষণ হোৱা বুলি কোৱা হয়। মাটিৰ নিজস্ব উৰ্বৰতা শক্তি থাকে। এই উৰ্বৰতা শক্তি নিহিত থকা মাটিক আমি সাৰুৱা মাটি বুলি কঁও। বিভিন্ন কাৰণত এই শক্তি হ্ৰাস পায় আৰু মাটিৰ গুণাগুণৰ ক্ষতি হয়। তেতিয়াই মাটিখিনি প্ৰদূষণ হোৱা বুলি কোৱা হয়। মাটিৰ প্ৰদূষণ হোৱা কাৰণবোৰ হ'ল ---
১/খেতি কৰোঁতে অত্যধিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত মাটি প্ৰদূষণ হয়।
২/ অত্যধিক পৰিমাণে খেতিৰ মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাত মাটিৰ গুণাগুণৰ নষ্ট হোৱাৰ বাবে মাটি প্ৰদূষণ হয়।
৩/ , সোনকালে নপচা বিভিন্ন সামগ্ৰী যেনে পলিথিন, প্লাষ্টিকৰ বস্তু আদি মাটিত পেলোৱা ফলত মাটিৰ উৰ্বৰতা শক্তি নষ্ট হয় আৰু মাটিৰ প্ৰদূষণ হয়।
৪/ মানুহৰ বিভিন্ন কামৰ বাবে অলাগতীয়াল ঘাঁহ বন নাশ কৰিবৰ বাবে প্ৰয়োগ কৰা দ্ৰব্যই মাটিৰ গুণাগুণৰ ক্ষতি কৰে আৰু যাৰফলত মাটি প্ৰদূষণ হয়।

প্ৰভাৱ:

    মাটি প্ৰদূষণ হোৱাৰ ফলত পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰত বাৰুকৈয়ে প্ৰভাৱ পৰে। 
   * মাটিৰ তলত বাস কৰা জীৱবোৰ মৃত্যু হ'ব পাৰে।যাৰফলত পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা নষ্ট হয়।
   * মাটি প্ৰদূষণ হোৱাৰ পিছত মাটিৰ সাৰুৱা গুণৰ নাশ হয়। ইয়াৰ ফলত সেই মাটি ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে।
   * গছ-গছনিত ৰোগ হৈ উৎপাদন শক্তিৰ কমে ।

প্ৰতিৰোধৰ উপায় (prevention measures):

১/খেতি মাটিত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰৰ প্ৰয়োগ বৃদ্ধি কৰা।
২/ বিভিন্ন শস্য বা মাটিত থকা কীট পতংগ মাৰাৰ বাবে কীটনাশক দ্ৰব্য ব্যৱহাৰৰ পৰিৱৰ্তে জৈৱিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা।
৩/ প্লাষ্টিকৰ সামগ্ৰী, পলিথিন আদি ব্যৱহাৰ ৰোধ কৰিব লাগে।
৪/ বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণত গুৰুত্ব আৰোপ কৰা।


পানীৰ প্ৰদূষণ (water pollution):

  বায়ু, মাটিৰ দৰে পানীৰ ক্ষেত্ৰতো বিভিন্ন কাৰণত পানীৰ নিজস্ব গুণাগুণ নষ্ট হ'ব পাৰে। তেতিয়া এই পানী ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে আৰু পানী দূষিত হৈ পৰে, তেতিয়াই পানীখিনি প্ৰদূষণ হোৱা বুলি কোৱা হয়।  পানী দূষিত হোৱাৰ কাৰণ সমূহ হ'ল --
১/ পানীত বিভিন্ন উদ্যোগ কল-কাৰখানাৰ বৰ্জিত পদাৰ্থবোৰ পেলোৱাৰ ফলত পানী দূষিত হয়।
২/ তেল জাতীয় পদাৰ্থ নদ নদী বিলাকত পৰাৰ ফলত পানীৰ প্ৰদূষণ হয়।
৩/ সহজে নপচা প্লাষ্টিক জাতীয় সামগ্ৰী পানীত মানুহে জধেমধে পেলোৱাৰ ফলত পানী দূষিত হয়।
৪/ মানুহৰ মলমূত্ৰ , বিভিন্ন প্ৰাণীৰ মলমূত্ৰ পানীত পৰাৰ ফলত বা পেলালে পানীৰ প্ৰদূষণ হয়।
৫/ বিভিন্ন জৈৱিক আৱৰ্জনা পানীত পেলোৱাৰ ফলত পানী দূষিত হয়।

প্ৰভাৱ : 

পানী দূষিত হোৱাৰ ফলত এই পানী খাবলৈ অনুপযোগী হৈ পৰিব। পানীখিনি বিভিন্ন ৰোগৰ বিজানুৱে ভৰি পৰিব। এই পানী গৰু,মহ, হাঁহ কুকুৰা, বিভিন্ন বনৰীয়া প্ৰাণীয়ে খালে ৰোগত আক্ৰান্ত হ'ব আৰু মৃত্যু পৰ্যন্ত হ'ব পাৰে। লগতে মানুহে এনে পানীত মাছ মাৰিবলৈ নামিলে বা আন কাৰণত গ'লে পানীত থকা বিজানুৱে আক্ৰমণ কৰিব । ইয়াৰ ফলত খৰ খজুৱতি, চালৰ ৰোগ আদি হ'ব পাৰে। 

প্ৰতিৰোধৰ উপায় (prevention measures):

১/ নৈ,খাল, বিল আদি আৱৰ্জনা মুক্ত কৰিবলৈ প্ৰয়াস কৰা।
২/ বিভিন্ন উদ্যোগৰ পৰা দূষিত সামগ্ৰীসমূহ পৰিশোধন কৰিহে পানীত পেলোৱাৰ ব্যৱস্থা কৰা।
৩/ জৈৱিক আৱৰ্জনা পানীত নেপেলাই পচন সাৰ প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োগ কৰা।

শব্দৰ প্ৰদূষণ (sounds pollution):


প্ৰয়োজনতকৈ ডাঙৰকৈ সৃষ্টি হোৱা শব্দৰ ফলত শব্দ প্ৰদূষণ হয় । অতিমাত্ৰা হাৰত সৃষ্টি হোৱা শব্দ আমাৰ কাণে গ্ৰহণ কৰিব অসুবিধা পায় । ৰেডিঅ', মাইক আদিৰ পৰা ডাঙৰকৈ হোৱা শব্দই পৰিৱেশ দূষিত কৰে। এনে ডাঙৰকৈ হোৱা শব্দ একেৰাহে শুনি থাকিব পৰা নাযায়। প্ৰকৃততে সেয়াই হ'ল শব্দ প্ৰদূষণ। মানুহে ২০ ৰ পৰা ৮০ ডেচিবেলৰ ভিতৰৰ শব্দহে শুনিবলৈ সক্ষম আৰু এই শব্দ পৰিৱেশৰ অনুকুলে থাকে। শব্দৰ প্ৰাৱল্য ইয়াতকৈ বেছি হ'লে প্ৰদূষণ হোৱা বুলি কোৱা হয়। বিভিন্ন কাৰণত শব্দ প্ৰদূষণ হয়। সেইবোৰ হ'ল--
১/ কল কাৰখানাৰ মেচিনে সৃষ্টি কৰা অতিমাত্ৰা শব্দই শব্দ প্ৰদূষণৰ সৃষ্টি কৰে।
২/ অত্যধিক গাড়ী মটৰৰ ব্যৱহাৰ আৰু ইয়াৰ হৰ্ণৰ ফলত শব্দ প্ৰদূষণ হয়।
৩/ উৰাজাহাজ, ৰেলগাড়ীৰ আদি শব্দ অতিমাত্ৰাত উলাই ,ইয়ে নিজম পৰিৱেশত আঘাত কৰে। 
৪/ সৰহকৈ মানুহ সমাগম ঘটিলে কোলাহলৰ সৃষ্টি হয়। ইয়ে শব্দ প্ৰদূষণৰ সৃষ্টি কৰাত অৰিহণা যোগায়।

প্ৰভাৱ : 

শব্দ প্ৰদূষণে মানুহৰ মগজুৰ সক্ৰিয়তাত প্ৰভাৱ পেলায়। মানুহৰ মন মগজুৰ খেলিমেলিৰ সৃষ্টি কৰিব পাৰে। ভাৱত ব্যাঘাত জন্মে। অত্যধিক শব্দ প্ৰদূষণৰ ফলত মানুহ বধিৰ হয়। মানুহৰ নাৰ্ভাছ চিষ্টেম সম্পূৰ্ণ বিকল হৈ যোৱাৰ সম্ভাৱনা থাকে।

প্ৰতিৰোধৰ উপায় (prevention measures):

১/ বিভিন্ন উৎসৰ পৰা হোৱা কোলাহল ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব।
২/ বিভিন্ন শব্দক বাধা দিবৰ বাবে বৃক্ষৰোপণত গুৰুত্ব দিব লাগে।
৩/ বিভিন্ন উদ্যোগসমূহ বসতি অঞ্চলৰ পৰা দূৰত স্থাপন কৰি শব্দ প্ৰদূষণ ৰোধ কৰিব পাৰে।
৪/ শিক্ষানুষ্ঠান, চিকিৎসালয়, মহাবিদ্যালয় আদিৰ ওচৰত গাড়ীৰ হৰ্ণ বজাব নালাগে। পৰাপক্ষত গাড়ী মটৰৰ হৰ্ণ একেবাৰে কমকৈ বজাব লাগে।
৫/ ইঞ্জিন চালিত গাড়ী মটৰৰ ব্যৱহাৰ নকৰি চাইকেলৰ ব্যৱহাৰ কৰিব লাগে।
৬/ কম শব্দযুক্ত গাড়ী মটৰ ব্যৱহাৰ কৰিব লাগে।
৭/ বেটাৰী চালিত গাড়ীৰ ব্যবহাৰ কৰিব লাগে এই গাড়ীৰ শব্দ কম হোৱা হেতুকে শব্দ প্ৰদূষণৰ ৰোধত অৰিহণা যোগায়।


সামৰণি (conclusion):

     বিভিন্ন ধৰণৰ প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ওপৰত কু-প্ৰভাৱ পেলায় । এনে প্ৰভাৱৰ পৰা বাচি থাকিবলৈ হ'লে মানুহ সজাগ হ'ব লাগিব। যি কাৰ্যৰ দ্বাৰা পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰত বেয়া প্ৰভাৱ পেলায়, তেনে কাৰ্যৰ পৰা মানুহে বিৰত থকা উচিত। সুন্দৰ পৃথিৱীখনত সুন্দৰ ভাৱে জীয়াই থাকিবলৈ হ'লে আমাৰ মনবিলাক সুন্দৰ ভাৱৰ চিন্তাৰ অধিকাৰী হ'ব লাগিব। সমাজৰ প্ৰতিজন ব্যক্তিয়ে পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ ক্ষেত্ৰত প্ৰদূষণ নহ'বৰ বাবে বিভিন্ন কাৰ্য হাতত লোৱা দৰকাৰ। নিজে সজাগ সচেতন হৈ আনকো সজাগ কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰা উচিত। বিভিন্ন কৰ্মশালা, সজাগতা সভা আদি অনুষ্ঠিত কৰিও সমাজৰ নুবুজাসকলক বুজাই সচেতন আৰু সজাগ কৰিব পৰা যায়। 





********************************************

Monday, March 22, 2021

A Brief Description About Rock, Land And Mineral Substances. । শিল, মাটি আৰু খণিজ পদাৰ্থৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত ।

শিল কি ?

শিল হৈছে পৃথিৱীৰ উপৰিভাগত প্ৰাপ্ত বিভিন্ন খনিজ পদাৰ্থৰ দ্বাৰা গঠিত হোৱা ভূত্বক গঠিত কৰা কঠিন পদাৰ্থ। শিলৰ উৎপত্তি আৰু গঠন অনুযায়ী শিলক তিনিটা মৌলিক ভাগত বিভক্ত কৰা হৈছে। সেইবোৰ হৈছে-- আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। 
 

আগ্নেয় শিল :

পৃথিৱীৰ উপৰিভাগত আদিতে সৃষ্টি হোৱা শিলবোৰকে আগ্নেয় শিল বোলা হয়। এই শ্ৰেণীৰ শিল বৰ টান । এই শিল ভূগৰ্ভত উত্তপ্ত গলিত অৱস্থাত থকা পদাৰ্থবোৰে লাহে লাহে তাপ বিকীৰণ কৰাৰ ফলত গোট মাৰি সৃষ্টি হৈছে। উত্তপ্ত গলিত অৱস্থাত থকা এই পদাৰ্দবোৰক মেগমা বোলা হয়।মেগমা ভূপৃষ্ঠৰ ওপৰলৈ ওলাই আহিব নোৱাৰি মাটিৰ তলতে ক্ৰমান্বয়ে তাপ ত্যাগ কৰি গোট মাৰে আৰু ইয়ে পৰৱৰ্তী সময়ত আগ্নেয় শিলৰ সৃষ্টি কৰে। কেতিয়াবা আগ্নেয়গিৰী উদ্গীৰণৰ ফলত এই উত্তপ্ত গলিত মেগমা ভূপৃষ্ঠৰ ওপৰলৈ ওলাই আহে যাক লাভা বুলি কোৱা হয়। এই লাভাবোৰ গোট মৰাৰ ফলত আগ্নেয় শিলৰ সৃষ্টি হয়। আগ্নেয় শিলৰ উদাহৰণ হ'ল-- গ্ৰেণাইট, বেছল্ট, পিউমিচ, আগ্নেয় শিল আদি।

গেদীয় শিল : 

পৃথিৱীৰ উপৰিভাগত হোৱা বতৰৰ তাৰতম্যৰ ফলত এই শিলৰ সৃষ্টি হয়। সূৰ্যৰ তাপ, বৰষুণ, তুষাৰপাত, বতাহ, ধুমুহা আদি বিভিন্ন কাৰণত আগ্নেয় শিলবোৰ ভাঙি-চিঙি টুকুৰা টুকুৰ হৈ গুড়ি হয়। বৰষুণৰ বোৱতী পানীৰ সোঁতে বা প্ৰৱল ধুমুহা বতাহৰ প্ৰকোপত এই গুড়িবোৰ উটি গৈ দ ঠাইত বা নদ নদী, সাগৰ আদিৰ তলিত জমা হৈ ৰৈ যায়। ইয়াৰ লগতে বিভিন্ন জীৱ জন্তুৰ বা উদ্ভিদৰ দেহৰ অংশও পানীয়ে উটুৱাই লৈ যায়। পৰৱৰ্তী সহস্ৰ বছৰৰ মূৰত তৰপে তৰপে জমা হোৱা এই গেদবোৰৰ ওপৰত পুনৰ তৰপে তৰপে জমা হোৱা গেদবোৰৰ চাপ আৰু ভূগৰ্ভৰ তাপৰ ফলত এবিধ নতুন শিলৰ সৃষ্টি হয় আৰু গেদ জমা হৈ সৃষ্টি হোৱা এই শিলবোৰকে গেদীয় শিল বুলি কোৱা হয়। গেদীয় শিল বৰ কোমল হয়। এই শিল  চূণ হিচাপে  বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যায়। চূণশিলৰ পৰা মাৰ্বল পাথৰ তৈয়াৰ কৰা হয়। উদাহৰণ স্বৰূপে চূণশিল, বালিশিল, বোকাশিল আদি হ'ল গেদীয় শিল। 

ৰূপান্তৰিত শিল : 

সূৰ্যৰ অত্যধিক তাপ, বতাহৰ চাপ আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত ভূগৰ্ভত প্ৰাপ্ত আগ্নেয় শিল আৰু গেদীয় শিলৰ পৰিবৰ্তন হৈ এবিধ নতুন শিলৰ সৃষ্টি হয় তাকেই ৰূপান্তৰিত শিল বোলা হয়। এই শিল কোমল হয়। যেনে চূণশিলৰ পৰা সৃষ্টি হোৱা মাৰ্বল শিল হ'ল ৰূপান্তৰিত শিল।শ্লেট, কোৱাৰ্টজাইট আদি হ'ল এই শ্ৰেণীৰ শিল। এনে শিলৰ জৰিয়তে মানুহে ঘৰৰ বিভিন্ন কাম কৰায়। পৃথিৱীৰ বিখ্যাত তাজমহল মাৰ্বল শিলেৰ নিৰ্মিত। নগৰৰ, চহৰৰ ঘৰবোৰৰ মজিয়া আদি এনে শিলৰ জৰিয়তে বনোৱা হয় যাক টাইলচ লগোৱা বুলি কোৱা হয়।


মাটি আৰু খনিজ লৱন :

পৃথিৱীৰ উপৰিভাগৰ কোমল অংশটোৱেই হৈছে মাটি। মাটিৰ ওপৰতে মানুহৰ লগতে বিভিন্ন জীৱ জন্তুৰ নিৰ্ভৰশীল। মাটি থকা বাবে প্ৰাণী আছে। মাটিৰ উপৰৰ তৰপটো বিভিন্ন খেতিৰ বাবে উপযোগী। গছ গছনিৰ বাবে উপযোগী। এই তৰপটোত সকলোবোৰ খনিজ লৱণ আৰু অনুজীৱ থাকে। সেয়ে এই তৰপটো সাৰুৱা হয়।
খনিজ লৱণ মাটিৰ লগত মিহলি হৈ থাকে। মাটিত হিউমাছ আৰু খনিজ লৱণ পোৱা যায়। মাটিৰ লগত মিহলি হৈ থকা মৃত প্ৰাণী বা উদ্ভিদৰ গেলি পচি যোৱা অংশই হৈছে হিউমাছ। হিউমাছে মাটি সাৰুৱা কৰে। বোকা আৰু বালিৰে সৃষ্টি হোৱা মাটিত আন এবিধ টান ৰঙচুৱা পদাৰ্থ থাকে তাকেই খনিজ লৱণ বোলা হয়।
    খনিজ লৱণ বিভিন্ন প্ৰকাৰৰ আছে। সেইবোৰ হ'ল -- মণিক , ছিলিকা, হিমাটাইট আদি



মাটিত থকা উপাদান


   উপাদানৰ পৰিমাণ --মণিক ৪৫ শতাংশ, জৈৱিক পদাৰ্থ ৫ শতাংশ ,পানী ২৫ শতাংশ আৰু বায়ু ২৫ শতাংশ মাটিত পোৱা যায়।











Vvvvvvvbbbbbvvvvvv

Thursday, March 18, 2021

কুকুৰা পালন এক লাভজনক ব্যৱসায় ।

 কুকুৰা পালন :

    সাম্প্ৰতিক সময়ত কুকুৰা পালন এক লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে। মানুহৰ দৈনন্দিন খাদ্য তালিকাত কুকুৰা মাংসৰ স্থান আগত। হোটেল বিলাকতো গ্ৰাহকৰ প্ৰথম পচন্দৰ কুকুৰা মাংস অনবৰতে পোৱা যায়।  বজাৰত কুকুৰা মাংসৰ চাহিদা প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে। এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কুকুৰা পালন কৰি অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ'ব পৰা যায়। 

    অসমৰ জলবায়ু কুকুৰা পালনৰ বাবে উপযুক্ত। কুকুৰাৰ বাবে কিছু শুকান আৰু অলপ সেমেকা ঠাই হ'লে ভাল। অসমৰ লগতে সমগ্ৰ ভাৰততে বহু শিক্ষিত নিৱনুৱাই কুকুৰা পালনৰ কাৰ্যত নিজকে জড়িত কৰি আয় কৰি আছে। অৱশ্যে ইয়াৰ বাবে মুলধনৰ কথাটো সাঙুৰ খাই আছে। চৰকাৰে এই ক্ষেত্ৰত আৰ্থিক সাহায্য নিৱনুৱাক প্ৰদান কৰিব লাগিব।


কিদৰে লাভৱান হব পাৰি ?

কুকুৰা পাম খুলি কুকুৰা পোহি লাভৱান হব পাৰি। কুকুৰাৰ কণী আৰু মাংসৰ বৰ্তমান বজাৰত অতি চাহিদাপূৰ্ণ দ্ৰব্য হিচাপে পৰিগণিত হৈছে। নিতৌ মানুহৰ বাবে কণী আৰু কুকুৰা মাংসৰ প্ৰয়োজন হয়। দিনক দিনে ইয়াৰ চাহিদা বৃদ্ধি পাব ধৰিছে। বৰ্তমান বজাৰত প্ৰতি কিলোগ্ৰাম কুকুৰা (স্হানীয়)ৰ মূল্য ৩০০-- ৩৫০ টকা আৰু বইলাৰ কুকুৰাৰ প্ৰতি কিলোগ্ৰামৰ মূল্য ২০০-- ২৭০ টকা দৰত বিক্ৰী হৈ আছে। ইয়াৰ কণীৰ পৰাও সমানে লাভৱান হব পৰা যায়। স্হানীয় ভাৱে প্ৰাপ্ত কুকুৰাই এটা কণী পাৰা কালত ২০ ৰ পৰা ৪০ টালৈ কণী পাৰে। আনহাতে কামৰূপা প্ৰজাতিৰ মাইকী কুকুৰা বিলাকে এটা কণী দিয়া কালত প্ৰায় ১২০ ৰ পৰা ১৪০ টা পৰ্যন্ত কণী দিয়ে। গতিকে ইয়াৰ কণী বিক্ৰী কৰিও আয় কৰিব পৰা যায়। বৰ্তমান বজাৰত এটা স্হানীয় কুকুৰাৰ কণী দাম ৫--১০ টকা পৰ্যন্ত হয়। আনহাতে ব্ৰইলাৰ কণীৰ দাম প্ৰতি এটাত ৫ -৭ টকা । 


কুকুৰা মাংসত থকা উপাদান


কুকুৰা মাংস পুষ্টিকৰ খাদ্য হিচাপে বিবেচিত। ইয়াত কেইবাটাও প্ৰয়োজনীয় উপাদান থাকে। কুকুৰা মাংস শক্তিদায়ক হোৱাৰ বাবে ইয়াৰ চাহিদাও বেছি। মানুহৰ শৰীৰৰ বাবে যিবোৰ উপাদানৰ অতিকৈ প্ৰয়োজন হয় তাৰ সৰহ ভাগেই মাংসত নিহিত থাকে। শতকৰা হিচাপত কুকুৰা মাংসত নিহিত থকা উপাদান সমুহ এনেধৰণৰ--

প্ৰ'টিন --প্ৰায় ৭ গ্ৰাম বা ১২ ভাগ ।

স্নেহ জাতীয় পদাৰ্থ -- ৬ গ্ৰাম (প্ৰায়) বা ১১ ভাগ ।

শৰ্কৰা থাকে -- ০•৮ গ্ৰাম বা ২ ভাগ ।

ভিটামিন -- A, D, K, E  

শক্তিৰ পৰিমাণ -- ৮৫ কেলৰি  থাকে। তদুপৰি থায়োমিন, বিবোফ্লেভিন , পেণ্টথোমক এচিড, নায়োচিন, ফলিক এচিড, পাইৰিদক্সিন , বায়োটিন , চাইনোকোবালমিন আদি সুষম অৱস্থাত পোৱা যায়। 

    মাংসত থকা এমাইন এচিডৰ বাবে দেহে হজমী শক্তি লাভ কৰে। ইয়াৰোপৰি ফেটিএচিড পৰ্যাপ্ত পৰিমাণে থাকে । খনিজ পদাৰ্থৰ ভিতৰত -- কেলচিয়াম , ফছফৰাছ, আইৰণ, জিংক আদি যথেষ্ট পৰিমাণে মাংসত নিহিত থাকে। উল্লেখ্য যে এজন পূৰ্ণবয়স্ক লোকক শক্তিৰ প্ৰয়োজন হয় শতকৰা হিচাপত কেৱল ৩-৪ ভাগহে মাথোন। কিন্তু কুকুৰাৰ মাংসত শক্তি নিহিত থাকে ৮৫ কেলৰি। গতিকে মানুহৰ শৰীৰৰ শক্তি বিকাশ আৰু বৃদ্ধিৰ বাবে কুকুৰা মাংস শক্তিদায়ক আৰু পুষ্টিকাৰক আহাৰ হিছাপে চিহ্নিত।






কুকুৰা জাত বা সঁচ -- দেশী বা বিদেশী ::

গ্ৰাম্য সমাজত পোহা কুকুৰা বিধক স্হানীয় কুকুৰা বা Local cock হিচাপে জনা যায়। ভাৰতৰ বিভিন্ন প্ৰান্তত ভিন্ ভিন্ জাতৰ দেশী বিদেশী কুকুৰা পোৱা যায়। কুকুৰা জাত বোৰ হ'ল-- হোৱাইট লেগ হৰ্ণ (white leghorn) , ৰোড্ আইলেণ্ড ৰেড্ (Rhode Island Red ) , অষ্টালৰ্প (Australarp) আদি। বৰ্তমান 'কামৰূপা' নামৰ কুকুৰা জাতৰ বৰ জনপ্ৰিয় হৈছে বুলি জনা যায়। জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ কাৰণ হৈছে ইয়াৰ কণীৰ উৎপাদন ক্ষমতা। এই কুকুৰা প্ৰজাতিয়ে মুঠ কণী পাৰে ১২২ টালৈকে। কণীৰ উৎপাদনৰ জৰিয়তে যথেষ্ট আয় কৰিব পাৰি। 


লবলগীয়া ব্যৱস্থা বা যতন

      প্ৰথমতে,   কুকুৰা ৰাখিবৰ বাবে গৃহ নিৰ্মাণ কৰিবলগীয়া ঠাই ডোখৰ ওখ হ'ব লাগে।যাতে বৰষুণৰ পানী, দানাৰ লগত দিয়া পানী সহজে বাগৰি যায় আৰু বোকাময় পৰিস্থিতি সৃষ্টি নহয়। দ্বিতীয়তে, কুকুৰা ৰখা মজিয়া সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। তৃতীয়তে, কুকুৰাক যথেষ্ট পৰিমাণে সুষম আহাৰ দিয়া দৰকাৰ। চতুৰ্থতে, কুকুৰাক দানা পাত্ৰ বা আন ঠাইবোৰ চাফা কৰি ৰাখিব লাগে। পঞ্চমতে, পানীৰ যোগানৰ ব্যৱস্থা, বিজুলী চাকি আদিৰ ব্যৱস্থা থাকিলে ভাল হয়। ইয়াৰোপৰি দানা হিচাপে ধান, চাউল, গোমধান, চানা, পাকঘৰৰ পেলনীয়া সামগ্ৰী ভাত, দাইল, মাছ, মাছৰ পেটু আদি খাব দিব লাগে। বিশেষকৈ আৱদ্ধ প্ৰক্ৰিয়াৰে পোহা কুকুৰাক দানা দিয়াৰ ক্ষেত্ৰত সু-ব্যৱস্থা লবলগীয়া হয়। মুকলি পদ্ধতিৰে পোহা কুকুৰাই হাবিৰ ঘাঁহ, বন, পোক, পতঙ্গ আদি খাবলৈ পায় । গতিকে ইহঁতৰ বেছি দানা প্ৰয়োজন নহয়।

কুকুৰা পালনৰ পদ্ধতি

     কুকুৰা পালনৰ পদ্ধতি দুটা আছে। প্ৰথমটো হল মুকলি পদ্ধতি ( Open System) , দ্বিতীয়টো পদ্ধতি হ'ল ডিপলিটাৰ পদ্ধতি ( Deeplitter System) । 

    মুকলি পদ্ধতি বা Open System হ'ল মুকলিমুৰীয়াকৈ কুকুৰা পালন কৰা। অৰ্থাৎ গোটেই দিনটো বাহিত চৰিবলৈ মুকলি কৰি দি ৰাতিটো গড়ালত ৰখাৰ ব্যৱস্থা কৰা। এই পদ্ধতিত কুকুৰা বিলাকে বিভিন্ন পোক পতঙ্গ, বন , পেলনীয়া সামগ্ৰী আদি খাদ্য হিচাপে ভক্ষণ কৰাৰ সুযোগ পায়। দৌৰি ফুৰা বা লৰচৰ কৰি ফুৰা বাবে কুকুৰা বিলাকৰ মাংস আঁতিয়াল হয় আৰু চৰ্বি কম থাকে। ফলত খাবলৈ মাংস অতি সুস্বাদু হয়। এনে মাংস অধিক শক্তি সমৃদ্ধ হয়।

   ডিপলিটাৰ পদ্ধতি বা Deeplitter System হ'ল অনবৰতে অৰ্থাৎ ৰাতি আৰু দিনৰ সকলো সময়তে গড়ালত আৱদ্ধ কৰি ৰাখি পালন কৰা পদ্ধতি । এনে ধৰণৰ পদ্ধতিৰে পোহা কুকুৰা সদায় অধিক চৰ্বি যুক্ত হোৱা দেখা যায়। সেয়েহে ইয়াৰ মাংসও আঁতিয়াল নহয়। চৰ্বি থকা বাবে মাংসখিনি অতিপাত তেলীয়া হয় । 


কুকুৰা হ'ব পৰা ৰোগ

     কুকুৰাৰ সাধাৰণতে বাৰিষা কালছোৱাত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হয়। এনে সময়ত কুকুৰা বোৰ পানী খোৱাৰ পাছত চূণৰ দৰে শৌচ কৰে আৰু কেইদিনমানৰ পিছত মৰি থাকে। বিশেষকৈ গ্ৰাম্য সমাজত এই ৰোগ বেচিকৈ দেখা যায়। মুকলি পদ্ধতিৰে পোহা কুকুৰা এনে বেমাৰত সহজে আক্ৰান্ত হয়। ইয়াৰ উপৰি কুকুৰাৰ দেহত হোৱা ৰোগ সমূহ হ'ল-- ৰাণী খেত (Ranikhet) , ককছি ডিয়ছিছ (Coccidiosis) , কৃমিজনিত ৰোগ (Worm Diseases)  আদিয়েই প্ৰধান ।


কুকুৰাৰ ঔষধ

আজিকালি কুকুৰাৰ ঔষধ প্ৰতিটো ফাৰ্মাছিত উপলব্ধ। কুকুৰাক খুব কম বয়সতে ছিটা বেজী দিয়া প্ৰয়োজন। ইয়াৰোপৰি বিভিন্ন ৰোগ হ'লে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ব্যৱহাৰ কৰিব লাগে।


সামৰণি

 ফাৰ্মৰে হঁওক বা লোকেল কুকুৰাই হঁওক কুকুৰাৰ মাংস অতি পুষ্টিদায়ক দ্ৰব্য আৰু ইয়াৰ কণী গুণসম্পন্ন আৰু ভিটামিন যুক্ত। সেয়ে আমি কুকুৰা মাংস খাব লাগে। আৰ্থিক ভাৱে উপকৃত হ'বৰ বাবে কুকুৰা বৈজ্ঞানিক পদ্ধতিৰে পালন কৰিবলৈ আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। তেহে নিজৰ লগতে দহৰ আৰু দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা আগবঢ়োৱা হ'ব।


Sunday, March 14, 2021

বিদ্যালয়ত খেল-ধেমালি আৰু ইয়াৰ প্ৰয়োজনীয়তা

খেল-ধেমালি :

      

         খেল-ধেমালি বুলি কওঁতে ইয়াত মাইনৰ গেমছ আৰু আন সৰু সৰু খেল সমূহৰ কথা কোৱা হৈছে যিবোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ সক্ষম। বিদ্যালয়ৰ পৰ্যায়ত খেল-ধেমালিক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো আন্ত: ক্ৰীড়া আৰু দ্বিতীয়টো বহি: ক্ৰীড়া। আন্ত: ক্ৰীড়া হ'ল গৃহৰ ভিতৰত বা মুকলি মঞ্চত অনুষ্ঠিত কৰা ক্ৰীড়া আৰু বহি: ক্ৰীড়া হ'ল খেল পথাৰত অনুষ্ঠিত কৰা ক্ৰীড়া। 
   


        আন্তক্ৰীড়া সমূহ হ'ল - সংগীত পৰিৱেশন, আকস্মিক বক্তৃতা, তৰ্ক, কুইজ, একক অভিনয়, মুকা অভিনয়, নাটক, জাতীয় নৃত্য  , আধুনিক নৃত্য আদি।
    


         বহি: ক্ৰীড়াৰ ভিতৰত - দৌৰ, ওখ জাম্প, পল জাম্প , দীঘল জাম্প, কাবাডী, খো-খো , ৰিলেৰেচ, ডিচকাচ দলিওৱা, চ'টপুট দলিওৱা, জেভেলিন দলিওৱা, হ'প স্হেপ এণ্ড জাম্প, মিউজিক চেয়াৰ, কুকুৰা যুঁজ, চামুচত মাৰ্বল লৈ দৌৰ, মৰ্টন খেল, ৰছীটনা খেল, বেজিত সূতা ভৰাই দৌৰ, তিনিঠেঙীয়া দৌৰ আদি খেলসমূহ অন্তৰ্ভুক্ত কৰিব পাৰি। তদূপৰি কেৰম, ফুটবল, ক্ৰিকেট (নৱম আৰু দশম শ্ৰেণীৰ হ'লে ভাল) আৰু দবা খেলো অন্তৰ্ভুক্ত কৰিব পাৰি। সুবিধা অনুসৰি মাৰাথান দৌৰ আৰু ভেশচন সন্নিবিষ্ট কৰিব পৰা যায়। 

 

খেলৰ উপকাৰিতা ::

         

        মানুহৰ দৈহিক আৰু মানসিক স্বাস্থ্য সুস্থ হৈ থাকিবৰ বাবে আৰু দ্ৰুত বিকাশ সাধন হ'বৰ বাবে খেল ধেমালিয়ে সহায় কৰে। বিশেষকৈ ল'ৰালি, শৈশৱ আৰু কৈশোৰ কালছোৱাত মানুহৰ শৰীৰৰ প্ৰতিটো অঙ্গই বৃদ্ধি হ'ব ধৰে। ইয়াৰ বাবে আমাৰ দেহৰ বিভিন্ন পেশীবোৰ সক্ৰিয় হ'ব লাগিব। খেল-ধেমালি খেলাৰ ফলত দেহৰ সিৰা উপসিৰাবোৰ সক্ৰিয় হয় আৰু তেতিয়া ইয়াৰ মাজেৰে তেজ চলাচল প্ৰক্ৰিয়া সঠিকভাৱে কাৰ্যকৰী হয় । খেলৰ জৰিয়তে মানসিক অৱসাদ দূৰ কৰি মন প্ৰফুল্ল কৰি ৰাখিব পাৰি। নিতৌ খেল খেলাৰ ফলত শৰীৰৰ ওজন অত্যধিক নাবাঢ়ে আৰু দেহত চৰ্বিয়ে বাহ নলয়।খেলৰ অনুশীলনে শিশুৰ মানসিক বিকাশত সহায় কৰে। বন্ধু বান্ধৱীসকলৰ লগত খেলা খেলৰ জৰিয়তে শিশুৰ বিভিন্ন অভিজ্ঞতাৰ সঞ্চয় হয় আৰু ইয়াৰ ফলত বোধগম্যতা, চিন্তা শক্তি আৰু জ্ঞানৰ গভীৰতা বৃদ্ধি পাব ধৰে। শৰীৰ মজবুত হ'ব ধৰে। মন হাঁহি আনন্দ, স্ফুৰ্তিৰে পূৰ্ণ হয়। যাৰ ফলত এলাহভাৱ আঁতৰে আৰু শিশু জনৰ অধ্যয়ন কৰা মানসিকতা বাঢ়ে। আমাৰ দেশত মেদবহুলতা এটা ডাঙৰ সমস্যা হিচাপে চিহ্নিত হৈছে। বিশেষকৈ নগৰীয়া অঞ্চলত এই সমস্যা অতিপাত বেছি হোৱা পৰিলক্ষিত হয়। দিনৰ দিনটো ঘৰৰ চাৰিবেৰৰ মাজত সোমাই থকাৰ ফলত শৰীৰৰ কোনো অনুশীলন নহয় আৰু খোৱা বোৱাৰ ক্ষেত্ৰত সজাগ নোহোৱাৰ ফলত দেহত মেদ বা চৰ্বি জমা হ'ব ধৰে। বৰ দূৰলৈ নগৈ অসমতে নিজ ঘৰৰ কাষৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৰীৰ পৰ্যবেক্ষণ কৰিলে আপুনি সমস্যা সম্পৰ্কে অৱগত হ'ব পাৰিব। সেয়েহে আজিকালি নগৰৰ প্ৰতিখন ঠাইতে শিশু উদ্যানৰ গঢ় লৈ উঠা দেখা গৈছে। 

      

     
       সাম্প্ৰতিক সময়ত শিশুৱে খেলৰ প্ৰতি বৰ ৰাপ দিয়া দেখা নাযায়। কিছুমান শিশুৰ লাজকুৰীয়া স্বভাৱ আৰু আন কিছুমানৰ খেলৰ প্ৰতি অনীহা থকাৰ বাবে এনে হৈছে বুলি ধাৰণা কৰা হয়। স্মাৰ্ট ফোনৰ অধিক ব্যৱহাৰৰ কাৰণেও খেলৰ প্ৰতি আকৰ্ষিত নোহোৱা যেন অনুভৱ হয়। আজিকালি ডাঙৰৰ লগে লগে সৰু বিলাকো মোবাইলৰ লগত সময় অতিবাহিত কৰে। মোবাইলত উপলব্ধ বিভিন্ন খেল খেলাত এনেদৰে মগ্ন হয় যে শিশুৱে আন কথা চিন্তা কৰিবলৈ আহৰিয়েই নাপায়। যাৰফলত শিশুসকলৰ খুব কম বয়সতে চকুৰ ৰোগ, মেদবহুলতা আদি বিভিন্ন ৰোগে দেহত বাহ লয়।
    

      উল্লেখ্য সমস্যা সমাধান কৰিবলৈ একমাত্ৰ উপায় হৈছে খেল ধেমালি । পিতৃ মাতৃয়ে শিশুক খেল-ধেমালি খেলিবলৈ দিনটোত ১-২ ঘন্টা সময় আজৰি কৰি উলিয়ায় দিব লাগে নতুবা নিজে সংগ দি খেলপথাৰত খেলিবলৈ সুবিধা কৰি দিয়া দৰকাৰ। 
 

বিদ্যালয়ত খেল-ধেমালিৰ প্ৰয়োজনীয়তা ::

       
      

      সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাত খেল-ধেমালিক শিক্ষাৰ এক অবিচ্ছেদ্য অংগ হিচাপে বিবেচিত কৰা হৈছে। বিদ্যালয়ত বাৰ্ষিক ভাৱে খেল-ধেমালি অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ শ্ৰেষ্ঠতাৰ ওপৰত মূল্যায়ন কৰা হয়। লগতে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ সুপ্ত প্ৰতিভা সমূহ বিকাশ সাধন কৰিবৰ বাবে সুযোগ দিয়াই হ'ল খেল ধেমালিৰ মূখ্য উদ্দেশ্য। শ্ৰেণীৰ ব্যস্ততাৰ পৰা কিছু সকাহ দি মুকলি ভাৱে বিভিন্ন খেলৰ মাধ্যমেৰে নিজক বুজিবলৈ , নতুনত্ব লাভ কৰিবলৈ খেল-ধেমালি হ'ল এটা উত্তম ভেটি। কিন্তু বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালিত মুষ্টিমেয় সংখ্যক ছাত্ৰ-ছাত্ৰীকহে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়। সৰহ ভাগেই খেল ধেমালি খেলিবলৈ ইচ্ছা নকৰে। সকলো স্কুলতে এই পৰিস্থিতি সৃষ্টি হয়। এয়া শুভ লক্ষণ নহয়। 
      

       খেল-ধেমালিৰ প্ৰতি আকৰ্ষিত হ'বৰ বাবে ,ৰাপ বঢ়াবৰ বাবে শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ ছাত্ৰীক খেলৰ উপকাৰিতা সম্বন্ধে জ্ঞান দিব লাগিব। খেলৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাব লাগিব। খেলৰ জৰিয়তে কিদৰে নিজক গঢ় দি বিশ্বদৰবাৰত নিজৰ নাম প্ৰতিষ্ঠা কৰিব পাৰি তাক উদাহৰণসহ প্ৰতিপন্ন কৰিব পাৰিলেহে ছাত্ৰ ছাত্ৰীয়ে খেলৰ প্ৰতি আকৰ্ষিত হ'ব । 
     

সামৰণি ::

     


       অতীজৰে পৰা খেল-ধেমালিক শিক্ষা আহৰণৰ এটা পথ হিচাপে বিবেচিত কৰি আহিছে। পৌৰাণিক শিক্ষা ব্যৱস্থাত গুৰুৰ টোলত খেলৰ মাজেৰে বিভিন্ন বিষয়ত শিক্ষা প্ৰদান কৰা হৈছিল। সাঁতোৰা, নাওবোৱা খেলৰ জৰিয়তে শিষ্যৰ এই বিষয়ত পাৰদৰ্শিতা মূল্যায়ন কৰা হৈছিল। বৰ্তমান সময়ত শিক্ষাৰ লগত খেলক ওতঃপ্ৰোত সম্বন্ধলৈ টানি অনা হৈছে। কম বয়সৰ পৰাই খেলৰ প্ৰতি ৰাপ বঢ়াব পাৰিলে খেলৰ জৰিয়তে নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰি জীৱন গঢ় দিব পাৰে। বহু উদাহৰণ আছে যিয়ে খেলৰ জৰিয়তে নিজক গঢ় দি বিশ্বদৰবাৰত নাম উজ্বলাই তোলিছে। অসমৰ সাঁতোবিদ মিঠু বৰুৱা, এল ভিছ আলি হাজৰিকা সাঁতোৰৰ ক্ষেত্ৰত পাৰদৰ্শিতা ৰে নিজক গঢ় দিব সক্ষম হৈছে। আমাৰ সকলোৰে চিনাকি নাম হিমা দাস আজি খেলৰ জৰিয়তে নিজক সমগ্ৰ বিশ্বতে পৰিচয় দিব সক্ষম হৈছে। খেলেৰে জগত জিনা হিমা দাস এতিয়া উপ আৰক্ষী অধীক্ষক (DSP) । এয়া কেৱল খেলৰ বাবে সম্ভৱ হ'ল ।  অসমৰ শিৱ থাপা বক্সিং খেলৰ জৰিয়তে বিখ্যাত,, মণিপুৰৰ মেৰীকম বক্সিং খেলৰ জৰিয়তে বিখ্যাত। কোনে চিনি নাপাই এই সকল শ্ৰেষ্ঠ খেলুৱৈক। 
       


       গতিকে খেলৰ জৰিয়তেও নিজক গঢ় দিব পাৰি। লাগে কেৱল ইচ্ছা আৰু অধ্যৱসায়ৰ গুণ।
মোৰ অনুৰোধ ছাত্ৰ ছাত্ৰী সকলে তথা আজিৰ শিশুৱে  উল্লেখিত কথাবোৰ ভালদৰে পঢ়ক আৰু হৃদয়ঙ্গম কৰক । লাজ আৰু ভয়ৰ মনোভাৱ ত্যাগ কৰি খেলত অংশগ্ৰহণ কৰিলেহে ভৱিষ্যতে সুফল লাভ কৰিব পৰা যাব।



       সমাপ্ত।
  
   




Saturday, March 13, 2021

পদিনা আৰু ইয়াৰ ঔষধি গুণ

পদিনাৰ বিৱৰণ:

     পদিনা এবিধ ঘাঁহ জাতীয় সুগন্ধিযুক্ত উদ্ভিদ। পদিনা অসমীয়া সমাজত চাটনি আৰু শাক হিচাপে ব্যৱহাৰ কৰা হয়। ই এবিধ ঔষধি গুণ সম্পন্ন উদ্ভিদ। অসমৰ সকলো ঠাইতে পদিনা পোৱা যায়। বিশেষকৈ কিছু ছাঁ পৰা আৰু ওখ সাৰুৱা মাটিত পদিনা উৎপাদন হয়। পদিনাৰ পাত ২-২•৫ ছেণ্টিমিটাৰ দীঘল আৰু ১-২ ছেণ্টিমিটাৰ পৰ্যন্ত বহল হয়। পদিনাৰ গা গছৰ ৰং ঈষৎ বেঙুনীয়া । পাতৰ বৰণ পাতল সেউজীয়া আৰু ফুলৰ বৰণো বেঙুনীয়া ৰঙৰ হয়। পদিনাক বিভিন্ন নামেৰে জনা যায়।
    

পদিনাৰ উপলব্ধতা :


      অসমৰ প্ৰতিটো চুকে কোণে পদিনাৰ অৱস্থিতি পৰিলক্ষিত হয়। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ মেঘালয় আদি ঠাইত পদিনা উপলব্ধ। অৱশ্যে বিশ্বৰ বহু স্থানত পদিনা পোৱা যায়। এছিয়া মহাদেশৰ পশ্চিম আৰু মধ্য অঞ্চলত, পূব ছাইবেৰিয়া আৰু আমেৰিকাত, ইউৰোপ মহাদেশৰ নাতিশীতোষ্ণ অঞ্চলত পদিনা উপলব্ধ হয়। 

পদিনাৰ গুণাগুণ :

     পদিনা এবিধ ঔষধি গুণসম্পন্ন উদ্ভিদ। ইয়াক অসমৰ অসমীয়া সমাজত শাক হিচাপে আৰু চাটনি পিহি খাবৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে সমগ্ৰ ভাৰততে ইয়াৰ গুৰুত্বতা আছে। পদিনাৰ ঔষধি গুণ -- ** কলেৰা ৰোগৰ বাবে পদিনা উত্তম পথ্য। পদিনাৰ ৰস মৌ আৰু নেমুৰ ৰসৰ লগত খালে এই বেমাৰৰ পৰা মুক্ত হ'ব পাৰি। ** মানুহৰ দেহত হোৱা কৃমি পদিনাৰ ৰস খালে আঁতৰে। ** টাইফয়ইড, নিউম'নিয়া আদি হ'লে পদিনা পিহি খাব লাগে। ** পদিনা খালে জণ্ডিছ ৰোগৰ পৰা উপশম পাব পাৰি। ** খৰ খজুৱতি হ'লে পদিনাৰ ৰস লগালে আক্ৰান্ত স্হান উপশম ঘটে। ** অখাদ্য ভোজনৰ ফলত বা কিবা কাৰণত পেট ফুলিলে, আভোক অনুভৱ হ'লে পদিনা ৰসৰ সৈতে তুলসী ৰস, জালুক, আদা দি পানীত মিহলাই উতলাই খালে এই ৰোগ নিৰাময় হয়। ** দাঁতৰ আলু মচবুত হোৱাত পদিনাৰ পাতৰ ৰসে সহায় কৰে। ** পেটৰ বিষ ইয়াৰ ৰসে নাইকীয়া কৰে।

      

       পদিনাত থকা উপাদান : এক টেবুল চামুচ বা প্ৰতি ২-৩ গ্ৰাম পৰিমাণত --


*  পদিনাত শক্তি থাকে ২ কেলৰি ।
* পদিনাত প্ৰ’টিন  ১০০ মিলিগ্ৰাম ।
* কাৰ্ব'হাইড্ৰেট ৫০০ মিলিগ্ৰাম । 
*  ডায়েটেৰী ফাইবাৰ ৩০০ মিলিগ্ৰাম । 
*  প’টেচিয়াম ১৮ মিলিগ্ৰাম ।
*   ছ’ডিয়াম ১ মিলিগ্ৰাম ।
*   যথেষ্ট পৰিমাণে আইৰণ  ,কেলচিয়াম থাকে।
*  ভিটামিন-A, ভিটামিন- B, ভিটামিন-C, ভিটামিন- E আদি পদিনাত থাকে ৷ 

বৈজ্ঞানিক নাম ::
পদিনাৰ বৈজ্ঞানিক নাম হ'ল মেণ্ঠাআৰভেনচিছ (Mentha arvensis ) । ইয়াৰ বৰ্গ বা গোত্ৰ হ'ল      লেমিয়েলচ  (Lamiales) । ইংৰাজীত পদিনাক Field Mint বুলি কোৱা হয়। তদুপৰি Wild Mint বা Corn Mint বুলিও জনা যায়। 
       

    পদিনাৰ পৰা উৎপাদিত সামগ্ৰী ::  

     পদিনাৰ পৰা মানুহৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী উৎপাদন কৰা হয়। তাৰ ভিতৰত বিশেষকৈ সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা হয়। ইয়াৰোপৰি সুগন্ধি তেল, পিপাৰমেণ্ট, টুথপেষ্ট, মৰ্টন, চকলেট,চুয়িংগাম,বিষনাশক দ্ৰব্য, বাম,জেলি, চৰবত আদি প্ৰস্তুত কৰা হয়। মাংস আঞ্জাত পদিনা দিলে আঞ্জা বৰ সুস্বাদু হয়। 

     সামৰণি ::

    অধ্যয়নৰ পৰা বুজিব পৰা যায় যে পদিনা এবিধ অতি লাগতিয়াল উদ্ভিদ। পদিনাৰ ব্যৱসায়িক দিশ উজ্বল । বিভিন্ন উদ্যোগত ইয়াক বিক্ৰী কৰিব পাৰি। পদিনা সহজে উৎপাদন কৰিব পাৰি। সেয়েহে পদিনাৰ খেতি এক লাভজনক খেতি হিচাপে পৰিগণিত হৈছে। সকলো লোকে এনেয়ে পেলায় থোৱা মাটি চাহ কৰি ইয়াৰ খেতি কৰা উচিত।
      পদিনাত থকা গোন্ধৰ বাবে পৰুৱা,মাখি , আন পোক পতঙ্গ আদি আঁতৰি পলাই। গতিকে পদিনাই সুপৰিৱেশৰ ক্ষেত্ৰতো সহায় কৰে। আহক আমি সকলোৱে পদিনা লগাও আৰু চাটনি হিচাপে খাই নিজক নিৰোগী কৰি ৰাখোঁ।












********--------------*******"----------**********
    

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts