যুৱ সংঘ কি ?
যুৱ সংঘ বা যুৱক সংঘ হ'ল সমাজৰ যুৱ চামৰ জৰিয়তে একত্ৰিত হোৱা এটা অনুষ্ঠান। প্ৰতিখন গাওঁ, প্ৰতিটো অঞ্চলত, প্ৰতিখন জিলাত, প্ৰতিখন ৰাজ্যত এনে যুৱ সংঘৰ স্থাপন কৰা দেখা যায়। কিছুমান সমাজৰ হকে চিন্তা কৰা, সমাজহিতৈষী যুৱকৰ তৎপৰতাত এনে সংঘৰ জন্ম লয়। সাম্প্ৰতিক সময়ত যুৱ সংঘ সমাজৰ দাপোন স্বৰূপ হৈ পৰিছে। সমাজ এখনত বাস কৰা মানুহবিলাকৰ মাজত ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ মনোভাৱ জগাই তোলাৰ মানসেৰে সাধাৰণতে এনে সংঘৰ প্ৰতিষ্ঠাপন কৰা হয়। এক মহৎ উদ্দেশ্য আগত ৰাখি একত্ৰিত হোৱা যুৱ সমাজৰ এনে সংঘ গঠণ কৰাৰ পিছত ইয়াৰ এখন সংবিধান ৰচনা কৰি লোৱা হয়। সু সংগঠিত ৰূপত সমাজখনক আগুৱাই নিয়াত এনে সংঘৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম। কোনো এটা বিশেষ আদৰ্শ বা নীতিৰ ভেটিত যুৱ সংঘ স্হাপন কৰা হয়। পুথিভঁৰাল নিৰ্মাণ, সংগীত চৰ্চা, সংগীত প্ৰচাৰ , বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা, নাটক মঞ্চস্থ কৰা, বিভিন্ন বিষয়ত সজাগতা সভা আহ্বান কৰা, , সাহিত্য চৰ্চাৰ ব্যৱস্থা কৰা, শৰীৰ চৰ্চাৰ ব্যৱস্থা কৰা আদি নীতি মূলক কামবোৰ কৰিবলৈ ডেকাচামক সুবিধা প্ৰদান কৰি নতুন প্ৰজন্মক এটা পথ দেখুৱাবলৈ প্ৰয়াস কৰা হয়।
কেৱল অসমতেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত এই যুৱ সংঘৰ আদৰ বৃদ্ধি পাবলৈ ধৰিছে। যুৱ আন্দোলন, যুৱ সন্মিলন, যুৱা বাস ,যুৱ অধিৱেশন আদিৰ জৰিয়তে যুৱকসকলে যুৱ সমাজক একত্ৰিত কৰি বিভিন্ন ক্ষেত্ৰত আগুৱাই নিয়াৰ প্ৰচেষ্টা এতিয়াও অব্যাহত আছে।
যুৱ আন্দোলনৰ প্ৰয়োজনীয়তা কিমান ?
যুৱ আন্দোলনৰ জৰিয়তে কোনো অঞ্চলৰ যুৱক সকলক , ৰাজ্যৰ বা দেশত বাস কৰা যুৱক সকলক বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে একত্ৰিত কৰিব পৰা যায়। বৰ্তমান সময়ত যুৱক সকলৰ মাজত সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত সজাগতা আনিবৰ বাবে যুৱ সংঘৰ প্ৰয়োজনীয়তা এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত হৈছে। সমাজত উদ্ভৱ হোৱা বিভিন্ন সমস্যা সমূহ যেনে সামাজিক সমস্যা, আধ্যাত্মিক সমস্যা, ৰাজনৈতিক সমস্যা, ভাষিক সমস্যা, খাদ্যৰ সমস্যা, শিক্ষাগত সমস্যা, জাতিগত সমস্যা আদি নিৰীক্ষণ কৰি যুৱক সকলে ইয়াৰ পথ নিৰ্দেশনা দিব পাৰে। সমস্যা দূৰীকৰণৰ উপায় উদ্ভাৱন কৰি সমাজৰ হিত সাধন কৰিব পাৰে । বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ কণিষ্ঠ সকলক উৎসাহিত কৰিব পাৰে। ইয়াৰ বাবে পুথিভঁৰাল নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰি পুথিভঁৰাল নিৰ্মাণৰ অনুদান আদি অনাত প্ৰত্যক্ষভাৱে সহায় সহযোগ কৰিব পৰা যায়। শৈক্ষিক পৰিৱেশ সুস্থ ৰখাৰ নিমিত্তে পদক্ষেপ গ্ৰহণ কৰিব পাৰে। সমাজত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ ৰোধকৰণত যুৱ সমাজৰ ভূমিকা অনস্বীকাৰ্য । যুৱক সংঘৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ যুৱকক একত্ৰিত কৰি সৃজনীমূলক কামত অগ্ৰসৰ হ'বৰ বাবে অনুপ্ৰেৰণা দিয়াৰ প্ৰয়োজন আছে। যিকোনো কামত ব্ৰতী হবলৈ পথ দেখুওৱাব পাৰিলেহে যুৱক যুৱতী সকল বেয়া পথ ত্যাগ কৰি ভাল পথলৈ আহিব বুলি আশা কৰিব পাৰি। এনেবোৰ কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত আমাৰ যুৱ সমাজৰ দ্বাৰা গঠিত যুৱ সংঘৰ প্ৰয়োজন আছে।
বৰ্তমান সময়ত যুৱ সমাজৰ ভূমিকা
বৰ্তমান পৰিস্থিতিত লক্ষ্য কৰিলে পৰিলক্ষিত হয় যে যুৱ সমাজৰ দ্বাৰা গঠিত সংঘ বা সংস্হা সমূহে সমাজৰ বহু প্ৰয়োজনীয় কাম কৰি আছে। প্ৰতিখন গাওঁত এনে যুৱক সংঘ আছে । সংঘৰ সভাপতি আৰু সাধাৰণ সম্পাদকে সভাৰ সমূহ সভ্যৰ সৰ্বসন্মতিক্ৰমে সমাজখনৰ হিতাৰ্থে বহু কাম কৰা দেখা যায়। নিজ গাওঁত ফুটবল ক্লাব গঠন কৰি যুৱক যুৱতী সকলক খেলৰ জৰিয়তে আগবঢ়াই নিয়াৰ প্ৰচেষ্টা কৰিছে। শদিয়া মহকুমাৰ ভিতৰত তেনেধৰণৰ ফুটবল ক্লাব সমূহৰ অন্যতম হৈছে - আঢ়ৈমূৰীয়া ফুটবল ক্লাব, আহোম গাওঁ ফুটবল ক্লাব, ডুমডুমা মৰ্ণিং ক্লাব, মেগেলা ফুটবল ক্লাব, মুলুক গাওঁ ফুটবল ক্লাব , ঢলা টাউন ক্লাব আদি। এই ক্লাব সমূহ প্ৰকৃততে যুৱ সংঘৰ যোগেদিয়েই গঠিত হোৱা বুলি কোৱা হয়। এনে ফুটবল ক্লাব গঠনৰ জৰিয়তে সমাজৰ যুৱক সকলক একত্ৰিত কৰা কাৰ্য নিশ্চয় প্ৰশংসনীয় আৰু আদৰণীয়। এনেধৰণৰ চিন্তাধাৰাই সমাজত ভ্ৰাতৃত্ববোধ জগাই তোলাত সহায় কৰে আৰু ভ্ৰাতৃত্বৰ মনোভাৱে সম্পৰ্কৰ এনাজৰী সুদৃঢ় কৰে।
সমাজ গঠণত যুৱ সমাজৰ কৰণীয়
বৰ্তমান মহামাৰীৰ সময়ত যুৱ সংঘৰ সক্ৰিয়তা অতিকৈ প্ৰয়োজন হৈ পৰিছে। সংঘৰ আওতাত বাস কৰা লোকসকলে ক'ৰোণা বেজি ল'লে নে নাই বা ক'ৰণা বেজি কিয় লোৱাটো প্ৰয়োজন আদি কথাবোৰ সমাজৰ অশিক্ষিত তথা অমনোযোগী লোকসকলক দক্ষতাৰে কৈ বুজাব পাৰে। এলেকাটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ সমাজৰ মাজত সজাগতা সৃষ্টি কৰিব প্ৰয়াস কৰিব পৰাৰ লগতে নিজেও এনে কাৰ্যৰ দ্বাৰা সমাজক আগুৱাই নিয়াত সহায় কৰিব পাৰে। বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰীৰ দ্বাৰা নিক্ষেপিত "স্বচ্ছ ভাৰত অভিযান" ৰ লগত সংগতি ৰাখি বা সহাঁৰি জনাই নিজৰ গাওঁ খন চাফাকৈ ৰখাত আমাৰ যুৱ সমাজে আগভাগ ল'লে নিশ্চয় এক ভাল পদক্ষেপ লোৱা হ'ব।
পুথিভঁৰাল নিৰ্মাণৰ জৰিয়তে আমি সমাজত পঢ়ুৱৈৰ সৃষ্টি কৰিব পাৰোঁ। পঢ়ুৱৈৰ সংখ্যা সমাজত যিমানেই বাঢ়িব সমাজ সিমানেই সঠিকভাৱে আগুৱাব। কাৰণ কিতাপ অধ্যয়ন কৰিলেহে যে জ্ঞান বাঢ়ে সেয়া আমি সকলোৱে জানো। বিভিন্ন দিশৰ জ্ঞান বাঢ়িলেহে সমাজ পৰিবৰ্তন হোৱাৰ সম্ভাৱনা থাকে। গাওঁ এখনত শিক্ষিতৰ হাৰ বৃদ্ধি মানে গাওঁখন ক্ৰমান্বয়ে প্ৰগতিৰ পথত আগবঢ়া। অধ্যয়নে দূৰদৰ্শী মনোভাৱৰ জন্ম দিয়ে। সেয়ে যুৱ সংঘৰ দ্বাৰা গাঁৱত পুথিভঁৰাল পতাটো অতি দৰকাৰী কৰ্তব্য।
উপসংহাৰ
ৰাজনৈতিক দল বিলাকৰ তলত গঠিত এনে যুৱ সংঘ বিলাকেও ইচ্ছা কৰিলে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে বহু কাম সম্পন্ন কৰিব পাৰে। গণ পৰিষদ দ'লৰ তলত গঠিত হোৱা "যুৱ পৰিষদ " , কংগ্ৰেছৰ ঔৰসত জন্ম "যুৱ কংগ্ৰেছ", বিজেপি ঔৰসত জন্ম "যুৱ পৰিষদ" আদি সংঘ বিলাকে নিৰপেক্ষ ভূমিকাৰে কাম কৰা হেঁতেন সমাজৰ চৌদিশে জয়জয় ময়ময় অৱস্থা হ'ল হেঁতেন।
যি কি নহওঁক যুৱ বৃন্দ হ'ল এখন দেশৰ চালিকা শক্তি। সেয়ে যুৱক সকলে কোনো বেয়া কামত মন নিদি সমাজৰ উন্নতিৰ হকে কাম কৰিলে আমাৰ দেশ ভৱিষ্যতে এখন সৰ্বাংগ সুন্দৰ দেশ হিচাপে পৰিগণিত হোৱাৰ অৱকাশ আছে। আহক সকলো যুৱ শক্তি একত্ৰিত হওঁ আৰু আমাৰ দেশক আগুৱাই নিওঁ উন্নতিৰ শিখৰলৈ।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।।
-- দুদুল সোণোৱাল।
++++++++++++++++++++++++++++++++