গণমাধ্যম আৰু ছাত্ৰ-ছাত্ৰী : গণমাধ্যম কি ? Media And Students. What is Media ?
সাম্প্ৰতিক সময়ত গণমাধ্যমৰ কাৰ্য আৰু দায়িত্ব অতি ব্যাপক পৰিসৰত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ মুখ্য কাৰণ হৈছে বিশ্বৰ সবাতে জ্ঞানৰ বিস্ফোৰণ ঘটা আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিবৰ্তনৰ জোৱাৰ, মানুহৰ অদমনীয় আশা আকাংক্ষাক পূৰ্ণতাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত গণমাধ্যম সমূহে সক্ৰিয় ভূমিকা পালন কৰিছে। সেয়ে প্ৰতিটো ক্ষণতেই গণমাধ্যম সমূহৰ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰিছে।
সি যি কি নহওঁক, গণমাধ্যমৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে ইয়াৰ সম্পৰ্কে বিশদভাৱে জনাৰ প্ৰয়োজনীয়তা বিশেষকৈ বিদ্যালয়ৰ পৰ্যায়ত আহি পৰিছে। বিখ্যাত দাৰ্শনিক এৰিষ্ট'টলে কৈছিল যে , গণমাধ্যমবোৰ হ'ল কোনো অভিস্ত সিদ্ধিৰ বাবে এক পক্ষই অন্য পক্ষৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ মাধ্যম। ( Communication is a means of persuation to influence the other so that the desired effect is achieved.) অৰ্থাৎ নিজৰ কামৰ বাবে অভিলাস পূৰণৰ নিমিত্তে এটা পক্ষই আন এটা পক্ষৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি নিজৰ সম্পৰ্কে প্ৰচাৰ কৰাত এনে মাধ্যমে সহায় কৰে। তাৰোপৰি বিভিন্ন ক্ষেত্ৰৰ সম্পৰ্কে সহজে গণমাধ্যমবোৰৰ জৰিয়তে জানিব পাৰি। মানুহৰ মাজত এনে মাধ্যমসমূহে যোগাযোগ আৰু বাৰ্তা প্ৰেৰণৰ আহিলা হিচাপে কাম কৰে। এনে মাধ্যম আজিৰ পৰা বহু বছৰ আগতেও মানুহৰ মাজত আছিল কিন্তু জনপ্ৰিয়তা বঢ়া নাছিল। এতিয়া সময় পৰিবৰ্তন হোৱাৰ লগে লগে গণমাধ্যমবোৰৰ প্ৰয়োজনীয়তা আমাৰ প্ৰাত্যহিক জীৱনৰ সৈতে সাঙোৰ খাই পৰিছে। সেয়েহে ইয়াৰ গুৰুত্বও অপৰিসীম ভাৱে বৃদ্ধি ঘটিছে। সমাজৰ প্ৰগতি আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰাত এনে মাধ্যমৰ অতুলনীয় অৱদান আছে বুলি ক'ব পাৰি। এনে মাধ্যম সমূহ হৈছে-- টেলিগ্ৰাফ, কেমেৰা টেলিফোন, কথাছবি, বেতাৰ যন্ত্ৰ, টেলিভিছন, ৰঙীন টিভি, ইলেক্ট্ৰনিক টেলিফোন, কম্পিউটাৰ, ভিডিঅ ডিস্ক ভিডিঅ'কেছেট আদি । পৰৱৰ্তী কালত বিজ্ঞানৰ উত্থানৰ লগে লগে ভালেমান নতুন মাধ্যমে স্হান লাভ কৰে। সেইবোৰৰ ভিতৰত - ৰেডিঅ', বাতৰি কাকত, আলোচনী, মোবাইল ফোন, লেপটপ আদি। এই মাধ্যমবোৰেই হ'ল চমুকৈ গণমাধ্যম।
গণমাধ্যমৰ প্ৰকাৰৰ সম্পৰ্কে সংক্ষিপ্ত ব্যাখ্যা :
বৰ্তমান সময়ত আটাইতকৈ বেছি জনপ্ৰিয় আৰু প্ৰয়োজনীয় গণমাধ্যমবোৰৰ ভিতৰত অনাতাঁৰ, দূৰদৰ্শন, মোবাইল ফোন আৰু কম্পিউটাৰক বাছনি কৰিব পৰা যায়।
১/ অনাতাঁৰ বা ৰেডিঅ' :
শৈক্ষিক দৃষ্টিকোণেৰে চালিজাৰি চালে দেখা যায় যে অনাতাঁৰ বা ৰেডিঅ' বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ তথা শক্তিশালী আৰু প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। যিহেতু ৰেডিঅ'হৈছে আন মাধ্যমতকৈ অতি সহজলভ্য আৰু মিতব্যয়ী আহিলা। বয়ৰ কোনো তাৰতম্যৰ কথা ৰেডিঅ'শুনাৰ ক্ষেত্ৰত আহি নপৰে। বিভিন্ন গীত-মাত , ছাত্ৰ ছাত্ৰীসকলক পাঠদান, বিদ্যাৰ্থী সকলৰ বাবে বিশেষ অনুষ্ঠান, ইংৰাজী শিক্ষাৰ পাঠদান অনুষ্ঠান, গল্প ,কবিতা, উপন্যাস পঠনৰ অনুষ্ঠান, কেৰিয়াৰ সজাগতা অনুষ্ঠান .. আদি ৰেডিঅ'ৰ মাধ্যমেৰে প্ৰচাৰ কৰা হয় । গতিকে ছাত্ৰ ছাত্ৰীয়ে ৰেডিঅ'ৰ জৰিয়তে অনায়াসে তথা বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰি লাভৱান হ'ব পাৰে। দুই হেজাৰ বৰ্ষৰ আগৰ দশকত ৰেডিঅ' আৰু টেপৰেকৰ্ডাৰৰ জনপ্ৰিয়তা ভাবিব নোৱাৰা বিধৰ আছিল। মোবাইল ফোন আৱিষ্কাৰৰ পিছৰ পৰাই এনে মাধ্যমৰ কিছু জনপ্ৰিয়তা হ্ৰাস পাবলৈ ধৰিছে।
দূৰদৰ্শন (Television ) :
দূৰদৰ্শন হৈছে বিজ্ঞানৰ এক চমৎকাৰ আৱিষ্কাৰ। দৃশ্য শ্ৰাব্য এক আহিলা হোৱাৰ বাবে মানুহৰ মাজত ইয়াৰ জনপ্ৰিয়তা অত্যধিক বেছি। চহৰ গাও , দুৰ্গম এলেকাতো দূৰদৰ্শনে জনগণৰ মাজত সামাজিক সমতা বজায় ৰাখিবলৈ সক্ষম। দৃশ্য শ্ৰাব্যৰ জৰিয়তে বিভিন্ন অনুষ্ঠানবোৰ প্ৰচাৰিত হোৱাৰ বাবে সহজে ডাঙৰ সৰু সকলোৱে যিকোনো বিষয়বস্তুৰ জ্ঞান তড়িত গতিত আহৰণ কৰিব পাৰে। দূৰদৰ্শনৰ জৰিয়তে প্ৰচাৰিত শৈক্ষিক দিশৰ অনুষ্ঠানবোৰে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰে। কেৰিয়াৰ নিৰ্দেশনা , কেৰিয়াৰ গঢ়াৰ সম্পৰ্কেও দূৰদৰ্শনৰ জৰিয়তে প্ৰচাৰিত হয়। এনে মাধ্যমৰ জৰিয়তে দিয়া শৈক্ষিক শিক্ষাৰ প্ৰভাৱ চিৰস্থায়ী আৰু আৰু দৃঢ় হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে দূৰদৰ্শনৰ দ্বাৰা প্ৰচাৰিত শৈক্ষিক অনুষ্ঠান সমূহ গুৰুত্ব সহকাৰে চাই জ্ঞান আহৰণ কৰিব পাৰে।
মোবাইল ফোন (Mobile Phone) :
সাম্প্ৰতিক সময়ত মোবাইল ফোনৰ জনপ্ৰিয়তা সম্পৰ্কে বহলাই কোৱাৰ প্ৰয়োজন নাই। আধুনিক যুগৰ এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হিচাপে চিহ্নিত হোৱা মোবাইল ফোনৰ অবিহনে যেন আজিৰ সমগ্ৰ পৃথিৱীখনেই অচল। খাৱতে-শোৱতে, উঠোতে-বহোতে কেৱল প্ৰয়োজন মোবাইল ফোন। যোগাযোগৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন অনা মোবাইল ফোনে পৃথিৱীখনকে একেবাৰে সংকুচিত কৰি পেলালে। শ শ মাইল দূৰত থাকিও হাতৰ মুঠিতে খবৰবোৰ পাব পৰা হ'ল। মুঠতে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে আমাক দূৰৰ আৰু ওচৰৰ বুলি কোনো পাৰ্থক্য নৰখাকৈ চলাফিৰা তথা সম্পৰ্ক বৰ্তাই ৰখাত সুচল কৰি তুলি তোলাৰ ব্যাপক সুবিধা প্ৰদান কৰিলে। ফেচবুক, ইউটিউব, ব্লগ , বিভিন্ন বাতৰি চেনেল, ই -বাতৰি কাকত, ই-আলোচনী, বিভিন্ন বিষয়ত শিক্ষা প্ৰদান , বিভিন্ন প্ৰতিযোগিতা মূলক অনুষ্ঠান আদি সহজলভ্য। যেতিয়াই প্ৰয়োজন তেতিয়াই ,যি প্ৰয়োজন তাৰ তথ্য সহজেই লাভ কৰিব পৰা নিৰ্ভৰযোগ্য তথা গুৰুত্বপূৰ্ণ আধাৰ হৈছে মোবাইল ফোনৰ ব্যৱস্থা। সেয়েহে আজি মানুহ মোবাইল ফোনৰ অবিহনে যেন অচল। এই মাধ্যমৰ জনপ্ৰিয়তা বৃদ্ধিৰ এয়াই হৈছে মূল কাৰণ।
কম্পিউটাৰ ( Computer):
কম্পিউটাৰ যন্ত্ৰ হ'ল আধুনিক যুগৰ চমকপ্ৰদ আৱিষ্কাৰ। ই হৈছে এক ইলেক্ট্ৰনিক যন্ত্ৰ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা মানৱ সমাজক আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ আহিলা হৈছে কম্পিউটাৰ। আন যন্ত্ৰ বিলাকৰ তুলনাত কম্পিউটাৰ হ'ল একাধিক কাম সম্পাদন কৰিব পৰা সজুঁলি যি আধুনিক পৃথিৱীক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে।
শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ এক সুদূৰপ্ৰসাৰী আহিলা হিচাপে পৰিগণিত হৈছে। শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উভয়ৰে বাবে শিক্ষাদান আৰু গ্ৰহণৰ কাৰ্যত শক্তিশালী আৰু ফলৱৰ্তী আহিলা হিচাপে কম্পিউটাৰে ভূমিকা পালন কৰে। কম্পিউটাৰৰ জৰিয়তে যিকোনো বিষয়ত শিকাবোৰ সহজ হয় আৰু স্হায়ী ভাৱে মনত ৰৈ যায়। কম্পিউটাৰৰ জৰিয়তে শিকনীয় বিষয় সমূহ বাণীবদ্ধ কৰি ৰাখিব পাৰি, প্ৰয়োজন অনুসৰি বিশ্লেষণ কৰিব পাৰি, নিয়ন্ত্ৰণ কৰিব পাৰি আৰু প্ৰয়োজন অনুসাৰে সংৰক্ষণ কৰি ৰাখিব পাৰি । বিশেষকৈ শ্ৰৱণ শক্তিৰ অসুবিধা থকা ছাত্ৰ ছাত্ৰীক কম্পিউটাৰৰ জৰিয়তে দিয়া শিক্ষা অতি ফলপ্ৰসূ হয়।
গণমাধ্যমৰ সীমাবদ্ধতা :
অতিমাত্ৰা সকোলোৱেই বেয়া। To much of everything is bad. গতিকে গণমাধ্যমবোৰৰ ক্ষেত্ৰতো এই কথাটো প্ৰযোজ্য। মোবাইল যিদৰে আধুনিক যুগৰ আৰ্শীবাদস্বৰূপ , ঠিক সেইদৰে ই অভিশাপ স্বৰূপো। অৰ্থাৎ যিকোনো বস্তুৰে দুটা দিশ থাকে - এটা ভাল হ'লে আনটো বেয়া হয়। শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ, মোবাইল ফোন বা ৰেডিঅ' যিমানেই ভাল নহওঁক কিয়, ইয়াৰ ব্যৱহাৰ অত্যধিক কৰা উচিত নহয়। এই আহিলা সমুহৰ অত্যধিক ব্যৱহাৰে আমাৰ শৰীৰত বিভিন্ন প্ৰক্ৰিয়াৰে কু-প্ৰভাৱ পেলাব পাৰে।
সামৰণি :
লুল্লা (Lulla) নামৰ এগৰাকী চিন্তাবিদৰ মতে
"শিক্ষাত বৈজ্ঞানিক পদ্ধতি আৰু কৌশলৰ প্ৰয়োগেই হ'ল শৈক্ষিক প্ৰযুক্তি " । শিক্ষাৰ পদ্ধতি আৰু কৌশলৰ বিকাশ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত আধুনিক যুগৰ চমকপ্ৰদ আৱিষ্কাৰ কম্পিউটাৰ, মোবাইল ফোন, দূৰদৰ্শন আদি আহিলাবোৰে প্ৰত্যক্ষভাৱে সহায় কৰিব। গতিকে এনে সজুঁলি সমূহৰ পৰা আজিৰ সমাজ বা ছাত্ৰ-ছাত্ৰী সমাজ কোনো কালে কোনো কাৰণতে দূৰলৈ আঁতৰি আহিব অপাৰগ। সেয়ে আমি এনে মাধ্যম সমূহ বিভিন্ন জ্ঞান অৰ্জনৰ নিমিত্তে ব্যৱহাৰ কৰা উচিত। ইয়াৰ বেয়া দিশটোলৈ কেতিয়াও যোৱা উচিত নহয়।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক -- দুদুল সোণোৱাল।
++++++++++++++++++++++++++++++++
No comments:
Post a Comment
dudulsonowal32@gmail.com