Monday, October 11, 2021

কেৰিয়াৰৰ মজিয়াত 'ASK' ৰ প্ৰয়োজনীয়তা কি ?

কেৰিয়াৰৰ মজিয়াত 'ASK' ৰ প্ৰয়োজনীয়তা : A-AbilitY, S- SkilL , K- KnowledgE :: সামৰ্থ্যতা, দক্ষতা আৰু জ্ঞান। 

Ability : ব্যাখ্যা -


Ability মানে কি ?

এবিলিটি মানে হৈছে সামৰ্থ্যতা বা সক্ষমতা। কোনো এটা কাম কৰিবলৈ বা আগবাঢ়ি যাবলৈ আমাক বিভিন্ন বিষয়ত ক্ষমতাৰ প্ৰয়োজন হয় , সক্ষমতাৰ প্ৰয়োজন হয় সেয়াই হ'ল সহজ অৰ্থত Ability বা সামৰ্থ্যতা। সামৰ্থ্য শব্দটোৱে আৰ্থিক দিশটোকো সাঙুৰি লয়। অৰ্থাৎ মানসিক, আৰ্থিক আৰু শাৰীৰিক সামৰ্থ্যতা এই তিনিটা ভাগত সামৰ্থ্যতাক ভাগ কৰিব পাৰি।
  বিভিন্ন বিষয়ৰ জ্ঞান অৰ্জন কৰিবলৈ মানসিক ভাৱে দৃঢ় আৰু সৱল হ'ব লাগে। বিশেষকৈ প্ৰাথমিক,উচচ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথিৰ জ্ঞান, নিৰ্দিষ্ট লক্ষ্যৰ ওপৰত জ্ঞান আয়ত্ত কৰাৰ বাবে ইচ্ছুক হ'ব লাগিব । আৰু ভৱিষ্যতৰ বাবে মগজুৰ ভঁৰালত সযতনে সাঁচি ৰাখিব পাৰিব লাগিব। প্ৰয়োজন সাপেক্ষে সঞ্চিত জ্ঞান প্ৰয়োগ কৰিব পাৰিব লাগিব । তেতিয়াহে নিজ লক্ষ্যত উপনীত হ'ব পৰা যায়। ছাত্ৰ-ছাত্ৰী সকলৰ সকলোৱে নিশ্চয় জ্ঞান আহৰণৰ দিশত সমান সামৰ্থ্যতা নাই। কিছুমান মেধা, কিছুমান অতি মেধা, আৰু কিছুমান দুৰ্বল ছাত্ৰ ছাত্ৰী থাকে। গতিকে নিজ লক্ষ্যত উপনীত হ'বৰ বাবে এই দুৰ্বলতা সকলোৱে নাইকিয়া কৰাটো অতি আৱশ্যক। 
     আৰ্থিক সামৰ্থ্যতা হৈছে আৰ্থিকভাৱে স্বচ্ছল অৱস্থা । বহুক্ষেত্ৰত দেখা যায় যে ঘৰুৱা শোচনীয় আৰ্থিক অৱস্থাৰ ফলত বহু ল'ৰা ছোৱালীয়ে সময়ত নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। ছাত্ৰ-ছাত্ৰী সকলৰ মাজতো কিছুমান ল'ৰা ছোৱালীৰ ঘৰুৱা অৱস্থা একেবাৰে বেয়া থাকে। তেওঁলোকৰ বাবে লক্ষ্যত উপনীত হোৱাটো বৰ সহজ নহয়। কিন্তু চেষ্টাৰ অসাধ্য বুলি এই পৃথিৱীত একো নাই।
আৰ্থিক সমস্যা আছে বুলি নপঢ়িলে,নাভাবিলে হ'ব জানো ? 'টমাছ আলভা এডিচন' ৰ নাম নিশ্চয় শুনিছা। সৰুতে যিজন ল'ৰা অতি গাধা আছিল , আনকি বিদ্যালয়ৰ পৰা খেদা খাইছিল , যিজনক শিক্ষকে 'ঘোলা কণী' বুলি আখ্যা দিছিল সেইজন এডিচনে কিন্তু পাছলৈ এজন উদ্ভাৱক আৰু বিজ্ঞানী হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। আকৌ তেওঁ নিজৰ ঘৰতে বিভিন্ন বিজ্ঞান কিতাপৰ জৰিয়তে জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আনহাতে আৰ্থিক সমস্যা দূৰীকৰণৰ বাবে বাৰ কি তেৰ বছৰ বয়সতে ৰেলগাড়ীৰ যাত্ৰীৰ মাজত বাতৰি কাকত আৰু শাক-পাচলি বিক্ৰী কৰিছিল এডিচনে। বহু সমস্যাৰ মাজেৰে আগবাঢ়ি গৈ স্কুলৰ শিক্ষা নোলোৱাকৈয়ে পাছলৈ এজন উদ্ভাৱক আৰু বিজ্ঞানী হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল কেৱল ঐকান্তিক প্ৰচেষ্টা আৰু অধ্যৱসায় গুণৰ বাবে টমাছ আলভা এডিচনে । গতিকে আমাৰ ছাত্ৰ ছাত্ৰী সকলেও আৰ্থিক সামৰ্থ্যতা নাথাকিলেও নিজৰ লক্ষ্যত আগবাঢ়ি যাবৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰিব লাগিব।
   শাৰীৰিক সক্ষমতা বজাই ৰখা অতি প্ৰয়োজন আছে। যোগ শিক্ষাৰ জৰিয়তে নিজৰ শৰীৰৰ অৱস্থা উন্নত কৰি ৰাখিব লাগে । দুৰ্বল দেহাৰ, মনৰ চিন্তাও দুৰ্বল হয়। মানসিক অৱস্থা যিমানেই টনকিয়াল হ'ব সিমানেই সহজতে বিষয়বস্তুৰ জ্ঞান আহৰণ কৰিব সক্ষম হ'ব। বিদ্যালয়ৰ আওতাত পোৱা পাঠ্যপুথিৰ জ্ঞান মগজুৰ ভঁৰালত সঞ্চিত কৰি ৰাখিব লাগিব, বিভিন্ন বিষয়ত বাহিৰা জ্ঞান অৰ্জন কৰি সঞ্চিত কৰি ৰাখিব লাগিব, নিজ লক্ষ্যত উপনীত হ'বৰ বাবে লক্ষ্যৰ সৈতে জড়িত থকা বিভিন্ন কিতাপ অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰিব পাৰিব লাগিব। এনেবোৰ কাৰণতে শাৰীৰিকভাৱে সবল বা শক্তিশালী হোৱাটো একান্তই প্ৰয়োজন। সুস্বাস্থ্য বৰ্তাই ৰখাৰ বাবে দেহক সুষম আহাৰৰ প্ৰয়োজন হয়। অভিভাৱক সকলে ছাত্ৰ ছাত্ৰীৰ এই সমস্যাৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব। নিজৰ সন্তানক সুষম আহাৰৰ যোগান ধৰিব লাগিব। আনহাতে ছাত্ৰ ছাত্ৰী সকলে নিজেও নিজৰ স্বাস্থ্য সুন্দৰ আৰু সবল কৰি ৰাখিবলৈ প্ৰয়াস কৰিব লাগিব। পুৱা সোনকালে উঠা, জগিং  কৰা, ব্যায়াম কৰা, দৌৰা, খেল ধেমালি খেলা, সময়মতে খোৱা-লোৱা কৰা আদি নিতৌ কৰাৰ অভ্যাস ৰাখিব লাগে। এনে অভ্যাসে দেহৰ গঠন আৰু বিকাশৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়।

Skill : ব্যাখ্যা-

Skill মানে কি ?

Skill ৰ আভিধানিক অৰ্থ হৈছে দক্ষতা বা কৌশল। কোনো ক্ষেত্ৰত দেখুওৱা বিশেষ পাৰদৰ্শিতা, নিপুণতা, পাৰ্গতালি আদি এজন ব্যক্তিৰ গুণক দক্ষতা বুলি কোৱা হয়। কেইটামান উদাহৰণৰ জৰিয়তে বিষয়টো স্পষ্ট কৰিব বিচাৰিছোঁ।

১/ এজন দৰ্জী কাপোৰ চিলাই কামৰ বাবে ওস্তাদ। যিকোনো কাপোৰ সোনকালে আৰু অতি সহজে কোনো খুট নথকাকৈ দৰ্জী এজনে চিলাই কৰিব পৰা কাৰ্যটোৱেই হৈছে দৰ্জীজনৰ কাপোৰ চিলাই কৰাৰ দক্ষতা । আৰু যি পদ্ধতিৰে তেওঁ কাপোৰ চিলাই কৰিলে সেয়া হৈছে তেওঁৰ কাপোৰ চিলাই কৰাৰ কৌশল। 
২/ গাড়ী ড্ৰাইভাৰ এজনে ভালদৰে গাড়ী চলাব জনা জ্ঞান হৈছে ড্ৰাইভাজনৰ দক্ষতা। ড্ৰাইভাৰ জনে কি পদ্ধতি খটুৱাই গাড়ী চলালে অৰ্থাৎ ডাইভাৰ জনে শুই চলালে নে, বহি চলালে নে , এবাৰো ব্ৰেক নমৰাকৈ চলালে ইত্যাদি কথাবোৰ হ'ল কৌশল। 
৩/ কাঠমিস্ত্ৰী এজনে সুন্দৰ পালেং বনাব জানে, সেয়া হৈছে তেওঁৰ দক্ষতা । আচবাব পত্ৰ বৰ নিপুণতাৰে বনাব জানে সেয়া হৈছে তেওঁৰ দক্ষতা। আৰু কাঠমিস্ত্ৰী জনে বিছনা, আচবাব বনাবৰ বাবে যি নিয়ম খটুৱাই সেয়া হৈছে মিস্ত্ৰী জনৰ কৌশল। অৰ্থাৎ বিছনা খন বনাবলৈ কাঠবোৰ জোখত টুকুৰা টুকুৰকৈ কাটি বৈদ্যুতিক ৰান্দাৰে চাঁচি সমান কৰা হৈছে আৰু সেইবোৰ খাঁচ কাটি আঠা বা গজাল মাৰি লগলগাই বিছনা আকাৰ দিয়া হৈছে। বিছনা খন বনাবলৈ ব্যৱহাৰ কৰা এই কাম খিনিকেই কৌশল বুলি কোৱা হয়। 
দক্ষতা আৰু কৌশল হৈছে এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । য'ত দক্ষতা থাকিব তাত কৌশল থাকিবই লাগিব।
 গতিকে ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰ অৰ্জনৰ ক্ষেত্ৰত এই কৌশলী জ্ঞানৰ অতিশয় প্ৰয়োজন আছে। মানসিক দক্ষতা আৰু শাৰীৰিক দক্ষতা হিচাপে ইয়াক ভাগ কৰিব পৰা যায়। মানসিক দক্ষতা হ'ল মনৰ চিন্তা-চৰ্চাৰ জৰিয়তে লাভ কৰিব পৰা দক্ষতা। ছাত্ৰ-ছাত্ৰী সকলৰ বক্তৃতা প্ৰদানৰ দক্ষতা, ৰুমাল চিলাইৰ দক্ষতা, প্ৰশ্নোত্তৰ ক্ষিপ্ৰতাৰে কৰিব পৰা দক্ষতা, কম্পিউটাৰ চলাব জনা দক্ষতা আদি বোৰ মানসিক দক্ষতাৰ ভিতৰত পৰে। শাৰীৰিক দক্ষতা বুলি ক'লে শৰীৰ সম্বন্ধ দক্ষতাক বুজায়। 
    

Knowledge: ব্যাখ্যা-


Knowledge মানে কি ?

Knowledge মানে হৈছে কোনো বিষয়ত স্পষ্টকৈ জনা বা বোধ হোৱা বা স্পষ্ট বিদ্যা আহৰণ কৰা। কোনো এটা নিৰ্দিষ্ট বিষয় স্পষ্টকৈ বুজি নাপালে তাৰ পৰা প্ৰয়োজনীয় জ্ঞান আহৰণ কৰিব পৰা নাযায়। সেয়ে যিকোনো বিষয়ত আগবাঢ়ি যাবলৈ হ'লে জ্ঞানৰ পৰিসৰ ব্যাপক হোৱা দৰকাৰ। সেয়ে ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ৰ পাঠ্যপুথিৰ জ্ঞান পুংখানুপুংখ ভাৱে আয়ত্ত কৰিব প্ৰয়াস কৰিব লাগে। তদুপৰি বিভিন্ন বিষয়ত বিভিন্ন লেখকৰ কিতাপ সংগ্ৰহ কৰি অধ্যয়ন কৰা উচিত। 
জ্ঞানে কেৰিয়াৰ অৰ্জনত প্ৰত্যক্ষভাৱে সহায় কৰে। জ্ঞান নহ'লে আমি কেতিয়াও আমাৰ নিজ লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ। এয়া একেবাৰে সত্য কথা।

গতিকে ask ৰ ব্যাখ্যাৰ পৰা নিশ্চয় কিছু হ'লেও আভাস পাইছা যে জীৱনত জীৱিকা অৰ্জনৰ ক্ষেত্ৰত ask ৰ প্ৰয়োজনীয়তা কিমান আছে । আমি নিজক জীৱনত থানথিত লগাবলৈ হ'লে প্ৰৱল ইচ্ছাৰ‌ অধিকাৰী হ'ব লাগিব। অধ্যৱসায় আৰু ধৈৰ্যশীল হ'ব লাগিব।

উপসংহাৰ :

মানুহৰ দহোটা আঙুলি সমান নহয়। সেয়ে সকলো মানুহ মেধাৱী নহয়। আস্ক'ৰ প্ৰতিটো গুণ সকলো মানুহৰে নাথাকে যদিও ঐকান্তিক প্ৰচেষ্টাৰ বলত এইবোৰ অৰ্জন কৰিব পাৰি। একাগ্ৰতাৰে আগবাঢ়া জীৱনৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হবা।


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জনালো আপোনাক। ব্লগত মন্তব্য এটা এৰি যাব। নপঢ়াকৈ মন্তব্য নিদিয়ে যেন। - দুদুল সোণোৱাল।




+++++++++++++++++++++++++++++++

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ। Conservation of Nature for Future Generation .

: ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ:  Conservation of Nature for Future Generations. পাতনি:         প্ৰকৃতি হৈছে মানৱ জাতিৰ...

Popular posts