কোন দিশে অগ্ৰসৰ সোণৰ অসম ?
ড্ৰাগছৰ ভয়াৱহ বেহা । ড্ৰাগছ, হিৰ'ইন,কোকেইন , ভাং, কানিৰ দৰে অতি মাৰাত্মক মাদক দ্ৰব্যৰ অবাধ বেহাই আজি সোণৰ অসমৰ চোকে কোণে ৰঘুমলাৰ সদৃশ চানি ধৰিছে। ইয়ে অসমৰ নতুন প্ৰজন্মৰ জীৱনলৈ অশণি সংকেত কঢ়িয়াই আনিছে। কাৰ তৎপৰতাত এনে বেহাৰ উত্থান ঘটিবলৈ পাইছে ? আজি এনে শত প্ৰশ্নই আমাক সচাই বাকৰুদ্ধ কৰি তোলিছে।
সাম্প্ৰতিক সময়ৰ আটাইতকৈ ভয়াবহ বাতৰি হ'ল অবাধ হাৰত বিভিন্ন মাদক দ্ৰব্যৰ প্ৰচলন। চৰকাৰী অনুমোদিত মাদক দ্ৰব্যৰ উপৰিও অবৈধ ভাৱে ড্ৰাগছ, কোকেইন, হিৰইন , কাণি,ভাং আদি অসমৰ বজাৰত অথবা শদিয়াৰ পৰা ধুবুৰীলৈ য'তে ত'তে অতি সহজলভ্য হৈ পৰিছে। বাতৰি কাকত মেলিলেই প্ৰথম পৃষ্ঠাতে পোৱা যায় এনে ধৰণৰ বাতৰি। এনে বাতৰি সমূহৰ পৰাই অনুধাৱন কৰিব পাৰি অসমৰ ভৱিষ্যত কোন দিশে গৈ আছে।
আমি এনে এখন সমাজত বাস কৰি আছোঁ য'ত আমি এতিয়া নিজৰ প্ৰাণটোৰ বাবে অহনিৰ্শে ভাবিব লগীয়া বাতাবৰণ সৃষ্টি হৈছে। কোন বণিয়াই অসমৰ চোকে কোণে এনে অবৈধ মাদক দ্ৰব্যৰ বেহা পাতিছে ? নে এয়া অসমখনক ধ্বংস কৰাৰ নিৰ্মম ষড়যন্ত্ৰ নেকি ? নে অসমত অতীতৰ সেই শত্ৰুবোৰ ঘূৰি আহিছে যি এদিন চহৰ গাওঁ অঞ্চলত কাণি ভাং আদি অবাধ হাৰত গোপনে মেলি দি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহবোৰৰ মাজত বিষবাষ্প বিয়পাই দিছিল। ঠিক বৰ্তমান সময়তো তেনেধৰণৰ পৰিস্থিতি এটাই গা কৰি উঠা যেন অনুভৱ হয়। অসমৰ আৰক্ষীয়ে অতি তৎপৰতাৰে যিমানেই এনে বেহাৰ লগত জড়িত লোকক আতক কৰিছে , সিমানেই যেন ক্ষিপ্ৰতাৰে এনে অবৈধ মাদক দ্ৰব্যৰ বেহা বাঢ়িব ধৰিছে। অন্ততঃ আজিৰ প্ৰেক্ষাপটত সুক্ষ্ম ভাৱে দৃষ্টি নিক্ষেপ কৰিলে তেনে যেনেই মনত অনুভৱ জাগে।
বৰ্তমান অসমৰ কেইটামান স্নেপশ্বট :
১/ যাত্ৰীবাহী ৰে'লৰ পৰা ৮৫ লাখ টকা মূল্যৰ হিৰ'ইন জব্দ কৰে চাপৰ মুখ ষ্টেচনত আৰক্ষীয়ে। এই অভিযানত মহিলাসহ চাৰিজনক আটক কৰা হয়। প্ৰতিদিন সংবাদৰ তিনি পৃষ্ঠাত গত ২১/১০/২১ তাৰিখে এই বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে।
২/ তিনি কোটি টকা মূল্যৰ হেৰ'ইন কাছাৰ আৰক্ষীয়ে তৎপৰতাৰে এহাল দম্পতিৰ পৰা জব্দ কৰে। অসম-মণিপুৰ সীমান্তৰ জিৰিঘাটৰ লক্ষীমপুৰত আৰক্ষীয়ে অভিযান চলাই ৫০৮ গ্ৰাম হেৰ'ইন সহ এহাল দম্পতিক আটক। প্ৰতিদিন সংবাদৰ তিনি পৃষ্ঠাত ২১/১০/২১ তাৰিখৰ বাতৰিত এই খবৰ প্ৰকাশ কৰা হৈছে।
৩/ তিনি লক্ষাধিক টকা মূল্যৰ ব্ৰাউন ছুগাৰ শোণিতপুৰৰ খনামুখত আৰক্ষীয়ে নজৰুল নামৰ ব্যৱসায়ীজনৰ পৰা জব্দ কৰে। নজৰুল পলাই সাৰিল কিন্তু পত্নী লিমা দাসক এই ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে। প্ৰতিদিনৰ তিনি পৃষ্ঠাত এই বাতৰি প্ৰকাশিত।
৪/ কৰিমগঞ্জত ৬ কোটি টকাৰ হেৰ'ইন জব্দ। অসম-মিজোৰাম সিমান্তত ৯০ নং বেটেলিয়নে আবকাৰী আৰু মাদক দ্ৰব্য বিভাগৰ লোকক লৈ চলোৱা যৌথ অভিযানত এজন সৰবৰাহকাৰী আটক কৰা হয়। দৈনিক জনমভূমিৰ দ্বিতীয় পৃষ্ঠাত এই বাতৰি প্ৰকাশিত।
৫/ তিনিচুকীয়াৰ হিজুগুৰি ৰে'ল ষ্টেচনত তিনিচুকীয়াৰ আৰক্ষীয়ে ১৬ লাখ টকাৰ হেৰ'ইন জব্দ কৰে। এগৰাকী মহিলাই ডিমাপুৰৰ পৰা ৰে'ল যোগে আনিছিল বুলি বাতৰিত উল্লেখ। মহিলা গৰাকীক আৰক্ষীয়ে আটক কৰে।
৬/ নাহৰকটীয়াত নিষিদ্ধ হেৰ'ইনসহ এগৰাকী যুৱকক আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ। দৈনিক জনমভূমিৰ ২৪/১০/২১ তাৰিখে এই বাতৰিটো প্ৰকাশিত।
সমগ্ৰ অসমত নিচাযুক্ত দ্ৰব্য তথা ড্ৰাগছ বিৰোধী তীব্ৰ অভিযান চলি থকাৰ মাজতো এই নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহ অবিৰাম গতিত চলিয়েই আছে। ইয়ে সমাজলৈ এক অতি ভয়াৱহ বাৰ্তা কঢ়িয়াই আনিছে। সমাজৰ একাংশই সহজলভ্য টকাৰ লালসাত এই নিষিদ্ধ তথা মাৰাত্মক মাদক দ্ৰব্যৰ সৰবৰাহ কৰি সমাজক ধ্বংসৰ পথলৈ ঠেলি দিছে।
উপৰোক্ত স্নেপশ্বট সমূহ হৈছে সাম্প্ৰতিক সময়ৰ অসমৰ ডুখুৰীয়া ছবি। এনে কাৰ্যৰ সৈতে সাঙোৰ খাই পৰিছে অসমৰ যুৱক-যুৱতী, মহিলা আৰু কিছু সম্ভ্ৰান্ত পৰিয়ালৰ লোক। বিশেষকৈ নামনি অসমত ইয়াৰ প্ৰয়োভৰ বেছি বুলি ঠাৱৰ কৰিব পাৰি। শোণিতপুৰ, কৰিমগঞ্জ, নগাঁও, গুৱাহাটী আদি ঠাই হটস্পট হিচাপে পৰিগণিত হৈছে। যদি এনেবোৰ কাৰ্য অসমৰ গ্ৰামাঞ্চলত ব্যাপক হাৰত প্ৰৱেশ ঘটে তেন্তে সেই বদনে অনা 'মানে' মাদক দ্ৰব্যৰ বিষবাষ্প বিয়পোৱা নিচিনা হ'ব । গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতী সকল এনে মাদক দ্ৰব্যৰ আসক্তিত সহজে পৰাৰ আশংকা নুই কৰিব নোৱাৰি । কাৰণ গ্ৰাম্য অঞ্চলৰ লোকসকল সাধাৰণতে এনে নিচাযুক্ত দ্ৰব্যৰ মাৰাত্মক দিশৰ প্ৰতি জ্ঞাত নহয়। আনহাতে শ্ৰমজীৱী সকল শ্ৰমৰ সৈতে অনবৰতে জড়িত থকাৰ বাবে হওঁক বা আন কাৰণত হওঁক এনেও নিচাজাতীয় দ্ৰব্য অলপীয়াকৈ সেৱন কৰে। যদি এনে ক্ষণতে ড্ৰাগছ জাতীয় দ্ৰব্য পাই তেন্তে গাখীৰতে মহৰ খুটিৰ দৰে হোৱাৰ সম্ভাৱনাই অধিক।
সময় থাকোঁতেই আমাৰ সমাজৰ সকলো শ্ৰেণীৰ লোকে বিষয়টোৰ ওপৰত সচেতন হোৱা উচিত। অভিভাৱক আৰু অভিভাৱিকা সকলৰ মাজত সজাগতা সৃষ্টি নকৰিলে উঠি অহা চামৰ বাবে বিপদ অনিবাৰ্য। বিভিন্ন সংস্হা সমূহে এই সম্পৰ্কে সজাগতা সৃষ্টিৰ অবিৰত পদক্ষেপ সময় থাকোঁতেই গ্ৰহণ কৰা উচিত।
অসমৰ ছাত্ৰ সমাজৰ মাজত ঠায়ে ঠায়ে এনে মাদক দ্ৰব্যৰ বিষবাষ্প বিয়পি পৰা পৰিলক্ষিত হৈছে। ড্ৰাগছৰ দৰে ভয়ংকৰ নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰী সকলে ছাত্ৰ ছাত্ৰীসকলক বাচি লোৱাৰ আশংকা নুই কৰিব নোৱাৰি। সেয়ে বিশেষকৈ গ্ৰাম্য সমাজৰ ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত অতি সাৱধান হোৱা উচিত। আনকি কোনো অচিনাকি লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক কৰাৰ পৰা সদায় বিৰত থকা উচিত। কোনো কাৰণতে এনে মাদক দ্ৰব্য মুখত দিয়া উচিত নহয়, যি এবাৰ এনে দ্ৰব্যৰ প্ৰতি আসক্তি জন্মে সি তিল তিলকৈ শেষ হৈ যায় জীৱনৰ বাবে। মায়ামোহ ত্যাগ কৰি এৰি যাবলগীয়া হয় এই পৃথিৱী ।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। - দুদুল সোণোৱাল।
++++++++++++++++++++++++++++++++
কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিলে আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে এই ভয়াবহতাৰ পৰা নৱপ্ৰজন্মক ৰক্ষা কৰিব পৰা যাব ্
ReplyDeleteআপোনাৰ বহুমূলীয়া মন্তব্যটিৰে উৎসাহিত কৰাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
DeleteBor hundor lekha.
ReplyDeleteধন্যবাদ জনালো
DeleteThank you so much
Deleteবহুত ভাল লাগিল চাৰ
ReplyDeleteমতামতৰ বাবে আন্তৰিক ধন্যবাদ জনালো
DeleteThis comment has been removed by the author.
Delete