বৈদ্যুতিক বিল বেছিকৈ কিয় আহে, জানেনে আপুনি ?
প্ৰতি মাহে হাজাৰ টকাৰ বিদ্যুতৰ বিল পৰিশোধ কৰি অৱস্থা কাহিল হৈছে নেকি? যদি আপুনি কিছুমান সহজ উপায় অনুসৰণ কৰে তেন্তে বিল আপোনাৰ সাধ্যৰ ভিতৰতে থাকিব। জানি লওক কেইটামান এনে গুৰুত্বপূৰ্ণ উপায়।
প্ৰতিটো পৰিয়ালতে বিদ্যুত (Electricity)ৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। বহুতৰে ঘৰত দৈনিক লাইট, ফেন, টিভি, ৰেফ্ৰীজেৰেটৰ, ইণ্ডাকচন, মাইক্ৰ'ৱেভ আৰু আন বহুতো বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰা হয়। ফলস্বৰূপে, বৃহৎ পৰিমাণত বিদ্যুতৰ বিল পৰিশোধ কৰিবলগীয়া হয়। আকৌ, বহুতেই সাধাৰণভৱে বিদ্যুৎ ব্যৱহাৰ কৰাৰ পাছতো অত্যধিক বিল (Electricity Bill) দেখি মূৰে-কপালে হাত দিবলগীয়া হয়।
বিসংগতিপূৰ্ণ ইলেট্ৰিক বিল অহাৰ মূখ্য কাৰণ হ'ল বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰোঁতে অসাৱধান হোৱা। কেতিয়াবা । নিম্ন মানৰ বৈদ্যুতিক সামগ্ৰীৰ ব্যৱহাৰৰ বাবেও অধিক বিদ্যুতৰ বিল ভৰিবলগীয়া হয়। কাৰণ নিম্নমানৰ সামগ্ৰীয়ে অধিক বিদ্যুৎ ব্যৱহাৰ কৰে। অৱশ্যে যদি আমি কিছুমান সহজ উপায় অনুসৰণ কৰোঁ তেন্তে আমি বিদ্যুতৰ বিলৰ নামত দেহৰ ঘাম উলিয়াই উপাৰ্জন কৰা ধন ৰাহি কৰিব পাৰোঁ।
ব্যৱহাৰ নকৰা সময়ত কম্পিউটাৰ অফ কৰি ৰাখিব লাগে: বৰ্তমান কোভিড-19ৰ বাবে বহুলোকে ঘৰৰ পৰাই কাম কৰিব লগা হৈছে। সেয়ে যেতিয়া আমি কামৰ মাজত বিৰতি লও তেতিয়া কম্পিউটাৰটো স্লীপ মোডত নাৰাখি অফ কৰি থোৱাই ভাল। লগতে কাম শেষ হোৱাৰ পিছত সকলো সময়তে পাৱাৰ ছুইইচ অফ কৰিব লাগে
ঘৰৰ পৰা ওলাই যোৱাৰ আগতে সকলো বৈদ্যুতিক সঁজুলিৰ পাৱাৰ অফ কৰি যাব লাগে: লাইট, ফেন, গিজাৰ, মিক্সাৰ, চিমনি, বৈদ্যুতিক গেছ, ইণ্ডাকচন, কুলাৰ আৰু এচিবোৰ বাহিৰলৈ যোৱাৰ আগতে বন্ধ কৰিব লাগে। এই সকলোবোৰ বৈদ্যুতিক সঁজুলি বন্ধ নকৰাকৈ ঘৰৰ পৰা ওলাই যোৱাটো নিশ্চিতভাৱে বৈদ্যুতিক বিল অধিক অহাৰ আন এটা মূল কাৰণ।
এল ই ডি (LED) ব্যৱহাৰ: LED বাল্ববোৰে সাধাৰণ বাল্বতকৈ বহু কম বিদ্যুৎ ব্যৱহাৰ কৰে আৰু লগতে অধিক পোহৰ দিয়ে। গতিকে বিদ্যুতৰ ব্যয় হ্ৰাস কৰিবলৈ ঘৰত এলইডি বাল্ব ব্যৱহাৰ কৰাটো সৰ্বশ্ৰেষ্ঠ।
ফ্ৰীজটো ডিফ্ৰষ্ট কৰা: যদি ফ্ৰীজত অত্যধিক বৰফ জমা হয় তেন্তে ফ্ৰীজৰ শীতলকৰণ ক্ষমতা কমি যায়। ইয়াৰ ফলত ফ্ৰীজত অধিক বিদ্যুৎ ব্যৱহাৰ হয়। গতিকে ফ্ৰীজটো কেইদিনমানৰ মূৰে মূৰে নিয়মিতভাৱে ডিফ্ৰষ্ট কৰিব লাগে। প্রতীকী ছবি।
টিভি চোৱা সময় নিৰ্দিষ্ট কৰি দিয়া: বহুলোকৰ নিশা টিভি চাই চাই টোপনি যোৱাৰ বদঅভ্যাস আছে। ফলস্বৰূপে, টিভিটো গোটেই ৰাতি চলি থাকে যাৰ ফলত বিদ্যুৎ ব্যৱহাৰ বাঢ়ি যায় আৰু মূৰকত বিল দীঘলীয়া হয়। গতিকে বিদ্যুৎ আৰু টকা ৰাহি কৰিবলৈ টিভি চোৱা সময় নিৰ্ধাৰিত কৰি ল'ব লাগে যাতে ই নিৰ্ধাৰিত সময়ত স্বয়ংক্ৰিয়ভাৱে বন্ধ হয়।
পঢ়ি ছোৱাৰ বাবে অশেষ ধন্যবাদ জনালো।
Copied.
Good job
ReplyDelete