হাঁহখাটী
লুইতৰ পাৰৰ তই এটি পথৰুৱা ঘাত
বানে ধোৱা তোৰ বুকুত সহস্ৰজনৰ
সেউজময় সপোন দুৰ্বাৰ আশা-নিৰাশা
ভাঙে গঢ়ে,গঢ় লয় কুতুবমিনাৰ সদৃশ মনত
লহপহকৈ বাঢ়ে সোণোৱালী শাশ্বত সপোন
অহনিৰ্শে অবিৰাম
হাঁহখাটী ! লুইতৰ পাৰৰ এটি নাম
ঠিকনা বিহীনৰ এটা বাখৰুৱা ঠিকনা ।
শাওন আহে দুপাখি মেলি
ওন্দোলাই কাজল কাজল মেঘ
সপোন ৰচে সুৰ সুৰ বৰষুণৰ মাদলত
পিতাইৰ কপালৰ কেঁচা ঘাম মাটিত পেলায়
বিবৰ্ণ দুহাতেৰে কৰ্ষণ কৰি নাঙলৰ সীৰলুৰে
বুটলি আনে কাংক্ষিত সোণৰ সীতা
সময় উৰি যায় পমুৱা তোলা হৈ
বাৰেৰহনীয়া মনৰ সীমনাত
আহিনৰ স্পৰ্শত গেৰ ধৰে পিতাইৰ সপোন
আঘোণ !
আঘোণ আহে নিৰৱে শৰতৰ বুকুত খামোচি
দাৱনীৰ দুহাতত ৰূপান্তৰিত হয়
মামৰে ধৰা খহটা কাঁচি
এভঁৰাল হয় পিতাইৰ সোণোৱালী সপোন ;
মায়াভৰা সময়ৰ সপোন ভঙা গঢ়াৰ খেল
তোৰ বুকুৱে বুকুৱে অহনিৰ্শে, নিৰন্তৰে
প্ৰতিনিয়ত তোৰ বুকুত এডোখৰ কেঁচা ঘা
প্ৰাপ্তিৰ পিছতো অপ্ৰাপ্তিৰ বিৰহ বেদনা
কোনেনো বুজিব মহঙা দিনৰ মহঙা খবৰ
উৱলিব ধৰা সপোনৰ এটা নিখুঁত গল্প
ৰজাঘৰীয়াই ! এতিয়া ৰজাঘৰীয়া নিমগ্ন
নিয়ন লাইটৰ পোহৰত উদ্দাম নৃত্য
প্ৰজা আৰু ৰজাৰ দৰদাম ক্ষমতালিপ্সু
তেজপিয়া লুভীয়া নীলবৰণীয়া শিয়াল
হে সপোন সম্ভৱা হাঁহখাটী !
প্ৰসাৰিত কৰি দে অকুণ্ঠচিত্তে তোৰ দুহাত
বিশ্বাস আৰু বৈষম্যহীন সময়ৰ স'তে
লুকাভাকু খেলিব পৰাকৈ
আকোঁৱালি ল'ব পৰাকৈ
ইজনে সিজনক আকুলতাৰে
বিৰামহীনভাৱে বাজি থাকক সুদূৰত
কানাই সুৰীয়া মুৰুলী
হে ঋতুমতী গাভৰু হাঁহখাটী ! তুমি অনন্যা
বিবৰ্ণ মোৰ দুহাতেৰে
তোমাক শতবাৰ নমস্কাৰ।
তোমাক শতবাৰ নমস্কাৰ।।
আবৃত্তি : zonal meet
Hahkhat Girls M, E. School.
Date: 27/09/2015
আঁউসী সময়
এদল ক্ষুধাতুৰ মানুহৰ আৰ্তনাদত
উচুপি উঠে প্ৰতিটো প্ৰহৰ ইয়াত
ডিঙিৰ দুগদুগী সৰে নিজান দুপৰীয়া
ম্লান পৰে চৰাই চুবুৰী হাইতাল বুলীয়া সময়
ইয়াত তেজৰ দাম নাই,নাই মৃত্যুৰ
প্ৰতিনিয়ত মানৱৰ মঙহেৰে ভোজভাতৰ আখৰা
কিম্বা'দুৰ্যোধন'ৰ নিৰ্মম আঘাতত
শেষ হয় ৰ'দঘাই ওঁঠৰ এমোকোৰা হাঁহি
শেষ হয় দ্বীপ্তিময় উজ্বল নীলাকাশ
নিৰ্দয়তাত
ভোকাতুৰ মানুহৰ আৰ্তনাদত নগ'লে
শিলহেন কপৌৰ মমৰ কলিজা
অভিনীত চেনেহ কিম্বা
এ,,চি কক্ষৰ সোণগুঁইৰ স্বপ্নৰ বিলাসী সজ্জা
সম্প্ৰতি সময় হাতে হাত ধৰাৰ
লোৱা কাঁচি আৰু হাতুৰী দূপৰ বেলা
নাশিবলে'
ফোপোলা মানুহৰ ট ট কাউৰীৰ চকু
এতিয়া সময় লুইতত মেলি দিয়া দুহাত
প্ৰসাৰিত কৰি শুকুলা ৰহন পালতৰা এখনি নাওঁ
প্ৰতীক্ষাৰ অন্তত দগ্ধ হিয়াৰ সীমনাত
উপনীত হ'বলে' এটা হিৰণ্ময় পুৱাত ।।
প্ৰকাশিত : ন-দিহিং
মে-ডাম-মে-ফি উপলক্ষে বাৰ্ষিকভাৱে প্ৰকাশিত 'স্মৃতি গ্ৰন্থ' । তৃতীয় প্ৰকাশ : ২০০৯ চন।
No comments:
Post a Comment
dudulsonowal32@gmail.com