Monday, November 1, 2021

পৰিৱেশ প্ৰদূষণ আৰু আমাৰ কৰ্তব্য। Environmental Pollution.

পৰিৱেশ প্ৰদূষণ কি ? What is Environmental Pollution 

   বহুতো কাৰণত আমাৰ চৌপাশৰ বাতাবৰণ বিনষ্ট হ'ব পাৰে। বায়ুমণ্ডলত থকা গেছৰ তাৰতম্য ঘটিব পাৰে। পৰিৱেশত ঘটা অবাঞ্চিত পৰিৱৰ্তনৰ ফলত আমাৰ চৌপাশৰ বাতাবৰণৰ যি অনিষ্ট সাধন হয় প্ৰকৃততে সেয়াই হ'ল পৰিৱেশ প্ৰদূষণ। পৰিৱেশ  পৰিৱৰ্তনত মানুহৰ হঠকাৰী চিন্তাধাৰা আৰু অবিবেচক কাৰ্যৰ হাত আছে। মানুহে নিজৰ অভাৱ প্ৰয়োজন পূৰাবৰ বাবে জৈৱ বৈচিত্ৰতাত বিভিন্ন কাৰ্যৰ দ্বাৰা পোনপতীয়াকৈ আঘাত হনাৰ ফলত পৰিৱেশত কু-প্ৰভাৱ পৰিছে। যাৰ ফলত পৰিৱেশৰ আৱহহাৱা কলুষিত হৈছে । সাধাৰণতে এই অৱস্থাই হৈছে পৰিৱেশ প্ৰদূষণ।  

পৰিৱেশৰ নৈসৰ্গিক, ৰাসায়নিক, জৈৱিক বৈশিষ্ট্যৰ যি অস্বাভাৱিক পৰিৱৰ্তন হৈ মাটি, পানী আৰু বায়ু আদি উপাদান সমূহৰ নিজস্বতাত প্ৰভাৱ পেলায় আৰু ইয়াৰ ফলত পৃথিৱীত বাস কৰা জীৱকূলৰ ক্ষতিসাধনত অৰিহনা যোগাই তাকেই পৰিৱেশ প্ৰদূষণ বোলা হয়।  

     
    

     পৰিৱেশ প্ৰদূষণৰ মূলতে হ'ল মানুহ । মানুহৰ প্ৰয়োজনীয়তাৰ খাতিৰত বিভিন্ন উৎসৱ-পাৰ্ৱন পাতোতে পৰিৱেশ প্ৰদূষণ হৈছে। দোকান পোহাৰৰ পৰা অলাগতীয়াল সামগ্ৰী য'তে ত'তে পেলোৱাৰ ফলত, বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰোতে হোৱা অপৰিষ্কাৰৰ ফলত, মুকলি ঠাইত শৌচ প্ৰস্ৰাৱ কৰাৰ ফলত, অতিপাত হাৰত গছ-গছনি কটাৰ ফলস্বৰূপে পৰিৱেশত কু-প্ৰভাৱ পৰা দেখা যায়। অপৰিষ্কাৰ ঠাই পৰা ওলোৱা বেয়া গোন্ধই বায়ু দূষিত কৰে, মলমূত্ৰৰ দূৰগন্ধই বায়ু দূষিত কৰে, দূৰভাষ যন্ত্ৰ লগোৱাৰ ফলত শব্দ প্ৰদূষণ হয়,  ৰেলগাড়ীৰ অতিমাত্ৰা শব্দই কোলাহলৰ সৃষ্টি কৰে যাৰ ফলত পৰিৱেশ বিনষ্ট হয়। এনেধৰণৰ প্ৰায়ভাগ কাৰ্যই মানুহৰ দ্বাৰা সৃষ্ট। অৰ্থাৎ আমি মানুহে নিজৰ ভৰিত নিজেই কোঠাৰ মাৰিছো।


প্ৰাকৃতিক প্ৰদূষণ, মানৱ সৃষ্ট প্ৰদূষণ এই দুই ধৰণৰ প্ৰদূষণ পৰিলক্ষিত হয়। প্ৰাকৃতিক প্ৰদূষণ হৈছে - বায়ু, পানী আৰু মাটি প্ৰদূষণ। 

   

   জল প্ৰদূষণ (Water Pollution): অত্যাৱশ্যকীয় সামগ্ৰী পানীৰ ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন হ'লে সেই পানী ব্যৱহাৰৰ অনুপযোগী হ'ব পাৰে। তেতিয়াই পানীখিনিক প্ৰদূষণ হোৱা বুলি কোৱা হয়। পানীত বোকা,বালি, লোণ, লো প্ৰভৃতি দ্ৰব্যবোৰ অত্যধিক পৰিমাণে মিহলি হৈ থাকিলে পানী ঘোলা দুৰ্গন্ধময় আৰু জীৱানুযুক্ত হয় তেনে পানী হৈছে প্ৰদূষিত পানী। সমগ্ৰ বিশ্ব ৭১% পানীৰে আৱৰি আছে তথাপিও কিন্তু আমি পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হয়।


    বায়ু প্ৰদূষণ : বায়ুমণ্ডল কিছুমান গেছৰ দ্বাৰা গঠিত। এই গেছৰ সংমিশ্ৰণেই হৈছে বায়ু। বায়ুত থকা উপাদান সমূহৰ যেনে ধূলি বালি, কাৰ্বন মনক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন, অক্সিজেন আৰু কিছু যৌগিক পদাৰ্থৰ পৰিমাণত  কিছু তাৰতম্য ঘটিলে সেই বায়ু সেৱনৰ বাবে অনুপযোগী হৈ পৰে অৰ্থাৎ মানুহ অথবা জীৱৰ বাবে অনিষ্টকাৰক হৈ পৰে তেনে অৱস্থালৈ পৰিবৰ্তন হোৱা বায়ুক প্ৰদূষিত বায়ু বোলা হয়। 


    মাটি প্ৰদূষণ : মাটিৰ প্ৰকৃত গুণ বিভিন্ন কাৰণত হ্ৰাস পায়। বিভিন্ন শিল্প,কলকাৰখানাৰ পৰা বৰ্জিত ৰাসায়নিক পদাৰ্থ, পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰৰ পৰা নিৰ্গত বিভিন্ন তেজস্ক্ৰিয় পেলনীয়া পদাৰ্থ, ভূ-গৰ্ভৰ পৰা বিভিন্ন সম্পদ আহৰণত ব্যৱহাৰ কৰা পেলনীয়া সামগ্ৰী আদি মাটিত পেলোৱাৰ ফলত মাটি নিজস্ব বৈশিষ্ট্য লুপ্ত পাই। তেতিয়াই মাটিখিনি ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে। সেই মাটিক প্ৰদূষণ হোৱা মাটি বোলা হয়।


সমাজত পৰিৱেশ প্ৰদূষণৰ প্ৰভাৱ


প্ৰকৃতিৰ দান মাটি, পানী, বায়ু দূষিত হোৱাৰ ক্ষেত্ৰত মানুহৰ অদূৰদৰ্শী সিদ্ধান্ত আৰু অবিবেচক কাৰ্যৰ অৱদান আছে। মাটি প্ৰদূষণৰ ক্ষেত্ৰতো দেখা গৈছে যে মানুহে বিভিন্ন কামৰ জৰিয়তে জৈৱিক বা অজৈৱিক বৰ্জিত পদাৰ্থবোৰ মাটিত পেলায় দিছে যাৰ ফলত মাটিৰ গুণাগুণৰ ওপৰত প্ৰভাৱ পৰিছে।  বৰ্তমান যান্ত্ৰিক যুগত অত্যধিক হাৰত গাড়ী মটৰ ব্যৱহাৰৰ ফলত ইয়াৰ পৰা নিৰ্গত ধোঁৱাই আমাৰ চৌপাশৰ বায়ুমণ্ডলত আঘাত হানিছে। বায়ু প্ৰদূষিত হৈছে। বিভিন্ন উৎসৱ আদিত ব্যৱহাৰ কৰি পেলাই দিয়া পেলনীয়া সামগ্ৰীয়ে চৌপাশৰ বাতাবৰণ বিনষ্ট কৰাত সহায় কৰিছে। অত্যধিক হাৰত ব্যৱহাৰ কৰা পলিথিন মানুহে য'তে ত'তে পেলাই দিয়াত মাটি প্ৰদূষণ হ'ব ধৰিছে। আমি মানুহে এনেবোৰ সৰু সৰু কথাত আজিকালি গুৰুত্ব নিদিয়া হৈছোঁ। ল'ৰা ছোৱালীয়ে বিদ্যালয়লৈ যাওঁতে বা অন্য সময়ত পেকেটৰ খাদ্য খায় আৰু বাস্তা পথত এনেধৰণৰ প্লাষ্টিকৰ পেকেটবোৰ কোনো বাচবিচাৰ নোহোৱাকৈ পেলাই দিয়াত মাটি প্ৰদূষণ হৈছে। বিশেষকৈ নগৰীয়া অঞ্চলত নিতৌ এনে কাৰ্যৰ পৰিলক্ষিত হয়। আপুনি যদি বজাৰলৈ যায় বা নগৰলৈ যায় দেখিব গৈ থকা গাড়ীৰ ভিতৰৰ পৰা পলিথিনৰ পেকেট খিৰীকিৰে বাহিৰলৈ দলিয়াই দিয়া হৈছে।  নতুবা কোকাকোলাৰ বটল,খালী পানীৰ বটল গাড়ীৰ পৰা দলিয়াই পেলোৱা প্ৰায় দেখিবলৈ পোৱা যায়। এইবোৰ মানুহৰ অবিবেচকী কাৰ্য নহয় নে ?  তদুপৰি নগৰ, চহৰ বা গাঁৱৰ জনসংখ্যা ঘন এলেকাত , ৰাস্তাৰ কাষত পেলায় থোৱা জাবৰ জোথৰৰ দমৰ কথা নকলেও নিশ্চয় সকলোৱে মন কৰে। এনেবোৰ বেয়া ছবি নিশ্চয় মানুহৰ বাবেই সৃষ্টি হয় এয়া সৰ্বজনবিদিত।এনে অপৰিষ্কাৰ পৰিৱেশে  সমাজত যে কু-প্ৰভাৱ পেলাইছে সেয়া নকলেওঁ নিশ্চয় বুজিব পাৰিছে।


আমাৰ কৰণীয় কি ?


আমি মানু্হ। শ্ৰেষ্ঠ জীৱ হিচাপে আমি আমাৰ কৰ্তব্য কৰা উচিত , নহয়নে ?  আহকচোন আমি গুৰুত্ব বা মন নিদিয়া কিছুমান সৰু সৰু অভ্যাস পৰিহাৰ কৰিবলৈ প্ৰয়াস কৰো। যি সৰু সৰু কামৰ মাজেৰে আমি আমাৰ চৌপাশৰ বাতাবৰণ সৰ্বাংগ সুন্দৰ আৰু জীৱৰ বাসোপযোগী কৰি তোলাত অৰিহনা আগবঢ়াব পাৰোঁহক। 

   ক) নিজৰ চৌপাশৰ ঠাই সমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ নিজে চেষ্টা কৰা উচিত।
   খ) যিকোনো পেকেটৰ শুকান খাদ্য খায় পেকেটো য'তে ত'তে নেপেলোৱাৰ অভ্যাস গঢ়ি তোলক আৰু সৰু সৰু ল'ৰা-ছোৱালীকো এনে সচেতনতাৰ শিক্ষা দিয়ক যাতে সমাজৰ চৌপাশৰ বাতাবৰণ সুস্থ অৱস্থাত থাকে।
   গ) আমাৰ গাড়ীৰে যোৱা ৰাইজে গাড়ীৰ ভিতৰত খাই পেকেট খিৰীকিৰে বাহিৰলৈ দলিয়াই পেলোৱাৰ পৰিৱৰ্তে গাড়ীতেই ৰাখি ঘৰলৈ লৈ যাওক আৰু ডাচবিনত পেলোৱাৰ প্ৰচেষ্টা কৰক। 
   ঘ) উৎসৱ আদিত ব্যৱহাৰ কৰি পেলোৱা সামগ্ৰীসমূহৰ প্লাষ্টিক আৰু আন সোনকালে পচি যোৱা পেলনীয়া পদাৰ্থ স্হানীয় প্ৰশাসনৰ দ্বাৰা আগবঢ়োৱা ডাচবিনত বা নিৰ্দিষ্ট ঠাইত পেলোৱাৰ ব্যৱস্থা কৰক।
   ঙ) ঘৰৰ বৰ্জিত পানী পেলোৱাৰ বাবে দ নৰ্দমা ব্যৱহাৰ কৰা প্ৰয়োজন।
   চ) ঘৰৰ জাবৰ-জোঁথৰ উপযুক্তভাৱে  পেলাবৰ বাবে প্ৰৰশাসনে নিৰ্দিষ্ট কৰা ঠাই ব্যৱহাৰ কৰা উচিত। 
   ছ) 'চেনিটেৰি লেণ্ড ফিল' পদ্ধতিৰ সহায়ত আৱৰ্জনা নিষ্কাষণ কৰিব পাৰি। এই পদ্ধতি মতে জাবৰৰ জৈৱ অংশ বাচি ৰ'দত মেলি দিব লাগে আৰু ইয়াৰ পিছত এটা মাটিৰ প্ৰলেপ দিয়া হয়। পুনৰাই ওলোৱা আৱৰ্জনা ইয়াৰ ওপৰত মেলিব লাগে আৰু একেদৰে মাটিৰ লেপন দিব লাগে। ইয়াক আবাদীকৰণ বুলিও কোৱা হয়।
   জ) ভস্মীভূত কৰা প্ৰণালী ব্যৱহাৰ কৰিও আৱৰ্জনা নিষ্কাষণ কৰিব পাৰি। বিশেষকৈ গ্ৰাম্য অঞ্চলত এনে চলা দেখা যায়। কঠিন সামগ্ৰীসমূহ বাচি দাহ্য সামগ্ৰী সমূহ জ্বলাই দিয়া হয় এই পদ্ধতিত । 

উপসংহাৰ


চাফ চিকুন আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই এটা সু-স্বাস্থ্য প্ৰদান কৰে। সমাজৰ চৌপাশৰ বাতাবৰণ পৰিষ্কাৰ পৰিচ্ছন্ন মানেই বায়ুমণ্ডল পৰিষ্কাৰ আৰু সমতুল অৱস্থাত থকা। সেয়ে আমি নিজৰ লগতে আনকো পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাৰ লগতে সমাজৰ পৰিৱেশ সুৰক্ষিত হ'বলৈ যাৱতীয় কাৰ্য কৰিব লাগে। ধৰমশালা বিলাকত ‌‌‌‌‌‌মাইক বা দূৰভাষ যন্ত্ৰ লগোৱা বন্ধ কৰা উচিত। ইয়াৰ পৰা উলোৱা শব্দই শব্দ প্ৰদূষণত প্ৰভাৱ বিস্তাৰ কৰিছে। পুৱা গধূলি সময়ত মন্দিৰ,মজদিৰ এনে মাইকৰ শব্দই নিৰৱতা ভংগ কৰে আৰু অশান্তি বাতাবৰণৰ সৃষ্টি কৰে। 




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক -- দুদুল সোণোৱাল। 


++++++++++++++++++++++++++++++++

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts