Thursday, November 4, 2021

Diwali | দীপাৱলী পোহৰৰ উৎসৱ।

Deepawali : পোহৰৰ উৎসৱ দীপাৱলী :



আজি পোহৰৰ উৎসৱ দীপাৱলী। প্ৰাচীন কালৰে পৰা অসমত বা ভাৰতৰ চুকে কোণে আন্ধাৰ বিনাশি পোহৰ বিলোৱাৰ মানসেৰে দীপাৱলী উৎসৱ মানুহে অনুষ্ঠিত কৰি আহিছে। শাৰী শাৰী বন্তি জ্বলাই সমাজৰ পৰা অসূয়া,অপ্ৰীতি তথা তমসা বিনাশি নিজৰ লগতে সমাজত শান্তি সম্প্ৰীতি আৰু সমৃদ্ধিৰ সৌধ গঢ়ি তোলিবলৈ কামনা কৰা হয়। 

     পোহৰৰ উৎসৱ দীপান্বিতা আহিলেই চেৰেং কৈ মনলৈ আহে বিজুলী বাতি, কলগছ , চক্ৰ আদিৰ দৰে তৰহে তৰহে বজাৰত ঊপলব্ধ সামগ্ৰীসমূহৰ কথা। বিজুলী বাতি বা জিলজিলি হ'ল শব্দহীন আতচবাজী। গাওঁ বা চহৰ সকলোতে এই উৎসৱ পালন কৰা হয়। অৱশ্যে গ্ৰাম্যাঞ্চলত বিশেষকৈ অসমীয়া পৌৰাণিক মূলৰ জনগোষ্ঠীসকলে এই উৎসৱ ধুমধামেৰে পালন কৰা দেখা নাযায়। কেৱল দোকানী বা তেনেধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত লোকক এই উৎসৱ পালন কৰা দেখা যায়। কিন্তু আন জাতিৰ মানুহবিলাকে ধুমধামেৰে এই উৎসৱ পালন কৰে। 

    ঘৰত শাৰী শাৰী প্ৰদীপ জ্বলাই ঘৰখনলৈ লক্ষ্মী আইৰ আগমন ঘটিবৰ বাবে আৰু ঘৰৰ সকলোটিয়ে সুখে সন্তোষে থাকিবলৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। বিশেষকৈ ব্যৱসায়িক সকলে পোহৰৰ উৎসৱ দীপান্বিতা উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হয়। 

     পোহৰৰ উৎসৱ দীপান্বিতা সম্পৰ্কে প্ৰচলিত প্ৰবাদ আছে যে ৰামচন্দ্ৰই ৰাৱনক যুদ্ধত পৰাজিত কৰি সীতা, লক্ষ্মণ সহিতে আযোধ্যালৈ উভতি আহোঁতে অযোধ্যাবাসীয়ে চাকি-বন্তি জ্বলাই ৰংৰহইচ কৰিছিল। পৰৱৰ্তী সময়ত এই উৎসৱকে দীপাৱলী হিচাপে পালন কৰা হয়। কিন্তু আন এটা প্ৰাচীন প্ৰবাদমতে অতীজৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ মৃত্যু দিনটোতহে মানুহে পোহৰৰ উৎসৱ দীপান্বিতা পালন কৰে। শ্ৰীকৃষ্ণৰ পুত্ৰ হ'ল নৰকাসুৰ। নৰকাসুৰ প্ৰৱল পৰাক্ৰমী বীৰ আছিল আৰু ত্ৰিভূবন বিজয়ী ৰজা আছিল বুলি জনা যায়। তেখেতে হেনো সমস্ত ইন্দ্ৰলোকৰ দেৱতাগণক যুদ্ধত পৰাস্ত কৰি বন্দী কৰি ৰাখিছিল। ইন্দ্ৰই শ্ৰীকৃষ্ণৰ ওচৰত তেওঁলোকক বচাবৰ বাবে প্ৰাৰ্থনা কৰিছিল। উপায়ন্তৰ হৈ শ্ৰীকৃষ্ণই ৰথত সত্যভামাক বহুৱাই নৰকাসুৰৰ লগত যুদ্ধ কৰিবলৈ ৰাওনা হৈছিল। সত্যভামা আছিল নৰকাসুৰৰ মাতৃ বসুমতীৰ আন এটা ৰূপ। মাকক দেখি নৰকাসুৰে যুদ্ধ কৰা নাছিল আৰু নাৰায়ণ অৰ্থাৎ তেওঁৰ পিতৃৰ হাতত মৃত্যুবৰণ কৰিবলৈ ইচ্ছুক আছিল। নৰকাসুৰে তেওঁৰ পিতৃ দেৱতাৰ হাতত মৰাৰ আগতে তেওঁৰ মৃত্যুৰ দিনটো যুগমীয়া কৰিবলৈ কাৰণে পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। সেই প্ৰাৰ্থনাত সন্তুষ্ট হৈ নাৰাযণে 'তথাস্তু' বুলি কৈছিল আৰু নৰকাসুৰৰ মৃত্যুৰ দিনটোত সমগ্ৰ পৃথিৱীয়ে পোহৰেৰে পোহৰাই তুলিব বুলি আৰ্শীবাদ দিছিল। সেই তেতিয়াৰ পৰাই হেনো মৰ্ত্যৰ মানুহে দীপান্বিতা পালন কৰি আহিছে। (কাহিনীটো মোৰ সম্পূৰ্ণ স্পষ্টকৈ মনত নাই, কৰবাত ৰৈ যোৱা ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থী ) এই কাহিনীটো অসম বুৰঞ্জীত সন্নিবিষ্ট আছে ।

      ই যি কি নহওঁক, পোহৰৰ উৎসৱ দীপান্বিতাৰ এতিয়া বহু পৰিবৰ্তন হ'ব ধৰিছে। পুৰণি দিনসমূহত যি ধৰণে উদযাপন কৰা হৈছিল হয়তো আজিৰ দিনত সেই সাদৃশ্যতা নিশ্চয় নাই। এতিয়া যেন পোহৰৰ উৎসৱ শব্দ প্ৰদূষণৰ উৎসৱলৈ পৰিণত হৈছে। পোহৰৰ উৎসৱ অহাৰ লগে লগে বজাৰৰ দোকান পোহাৰ ভৰি পৰে নানা তৰহৰ ফটকা আতচবাজীয়ে । অতি উচ্চ প্ৰাৱল্যৰ ফটকা ফুটোৱাৰ ফলত শব্দ প্ৰদূষণৰ সৃষ্টি হয়। ইয়াৰ পৰা নিৰ্গত ক্ষাৰকীয় গোন্ধই পৰিৱেশ দূষিত কৰি তোলে। লগতে নিৰ্গত ধোঁৱা, কাৰ্বন ডাই অক্সাইড গেছ , আন ৰাসায়নিক পদাৰ্থই বায়ুমণ্ডল প্ৰদূষণ হোৱাত সহায় কৰে। ফলস্বৰূপে পৰিৱেশত কু-প্ৰভাৱ পৰা দেখা যায়। ফটকা আতচবাজীৰ জৰিয়তে হোৱা বায়ু আৰু শব্দ প্ৰদূষণৰ ফলত কেৱল মানুহৰে ক্ষতি সাধন হোৱা নাই, ইয়াৰ সমান্তৰাল ভাৱে প্ৰাণীকূলৰো যথেষ্ট অনিষ্ট সাধন হৈছে।

     

    মানুহে সৰ্বনিম্ন ২০ ৰ পৰা সৰ্বোচ্চ ৮০ ডেচিবেলৰ ভিতৰত হোৱা শব্দহে সহজে আৰু ভালদৰে শুনাত সক্ষম। কিন্তু ৮০ ডেচিবেলতকৈ বেছি প্ৰাৱল্যৰ শব্দ আমাৰ কাণে সহ্য কৰিব নোৱাৰে। এনে উচ্চ প্ৰাৱল্যযুক্ত শব্দৰ ফলত আমাৰ কাণৰ শ্ৰৱন ক্ষমতা লোপ পোৱাৰ সম্ভাৱনা থাকে। এটা ডাঙৰ আকাৰৰ ফটকা যাক বম ফটকা বোলা হয় , ইয়াৰ শব্দৰ প্ৰাৱল্য ৮০ ডেচিবেলতকৈ বেছি বুলি বিজ্ঞানীসকলে মতপোষণ কৰিছে। সেয়ে তেনে উচ্চ প্ৰাৱল্যৰ আতচবাজী নুফুটুৱাটোৱে শ্ৰেয়। 

  

    আনহাতে বৰ্তমান মহামাৰীৰ সময়ত এনে আতচবাজী কোভিড আক্ৰান্ত লোকৰ বাবে অতি ভয়ংকৰ সদৃশ। এনে ৰোগীৰ উশাহ-নিশাহৰ সমস্যাত ই প্ৰভাৱ পেলাব পাৰে। 

    সদৌ শেষত কওঁ যে পোহৰৰ উৎসৱ দীপান্বিতা সকলোৱে সঠিকভাৱে পালন কৰক। বিজুলী বাতি, কলগছ , চক্ৰ আদিৰ দ্বাৰা চৌদিশ পোহৰাই তোলক। আমাৰ চুক বা চুবুৰী পোহৰাই তোলক, ৰাজ্যখন আলোকিত হৈ উঠক, দেশখন আলোকিত হৈ উঠক আৰু পৃথিৱীৰ প্ৰতিটো প্ৰান্ত দীপান্বিতাই পোহৰাই তোলক তাৰে কামনা কৰিলো।




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক- দুদুল সোণোৱাল।



+++++++++++++++++++++++++++++++

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts